ফটাঢোল

ফেচবুকৰ গান্ধাৰী – তৃষ্ণা সোনোৱাল

“মিছাকৈনো কিয় ক’ম, এইখিনিত মোৰ মোল বুজা কোনো নাই, তোৰ লগতে যি অলপ চৰ্চা কৰো সেইখিনিয়ে। তাকো তই কেৱল শ্ৰোতাহে, তোৰপৰা শিকিব লগাও একো এটাই নাই।”

মোৰ শলাগি থকাৰ বাহিৰে অন্য উপায় নাছিলেই। বাইকৰ চকা পাংচাৰ। মেকানিক, টায়াৰ দুয়োটা বিচাৰি ওলাই আহিছিলো। দেউতাৰ যি কৌটিকলীয়া স্কুটাৰখন লৈ আহিছোঁ সেইখনৰো অৱস্থা তথৈবচ। চৰ্দি লগা গাহৰিৰ মাতৰ দৰে যিটো শব্দ ওলাইছে ঔ, এনে বুলি জনা হ’লে বোৰ্খা এটাকে পিন্ধি ল’লোহেঁতেন।
ৰাস্তাৰ ছোৱালীমখাৰো যি হাঁহি। আৰে স্কুটাৰ বাদ দেনা, চুৰত চোৱা চুৰত। তোমালোকৰ কাৰণেই মোৰ এই স্পাৰ্কি কুৱাইফ হেয়াৰ ষ্টাইল, এই ছিক্স পেক এব্ছ, আৰে তোমালোকৰ বাবেইতো এই ডাক টেইল দাঢ়ি। এই ফাটিছাৰ স্কুটাৰখনত সময় অপব্যয় নকৰি স্কুটাৰৰ ওপৰলৈয়ো এবাৰ চকু দিয়া অ’ আইসকল।

গান এটা গুণগুণাই গুণগুণাই আহি থাকোঁতেই পালো অজয়দাক।
“ব’ল, মোকো লৈ যা বজাৰলৈ।”
জাঁপ মাৰিয়েই উঠিছিল তেওঁ, গেমেহ শব্দ কৰি স্কুটাৰখনে আৰ্তনাদ কৰি উঠিল।
“এণ্ড্রেউ- মেণ্ড্রেউ, মাগৌ”

পিছে পিছে বলিয়া কুকুৰে খেদিলে যেনেকৈ অকাই পকাই দৌৰা যায়, ঠিক তেনেকৈয়ে চোঁচৰাই মেলি নি বজাৰৰ তিনিআলি পালোগৈ।

“ব’ল চাহ একাপ খাওঁগৈ।” অজয়দাই জান্তু হোটেললৈ আঙুলিয়ালে। মোৰ বুকুখন ঢিপিং কৈ মাৰিল। টকাৰ চিন্তা নহয়, কিন্তু চাহ কাপ খাবলৈ গৈ আধা ঘণ্টা এটা অজয়দাৰ নামত খৰচ কৰিবলৈ মোৰ মুড আৰু সময় একেবাৰেই নাই। অজয়দাৰ কামোৰ শুনাতকৈ মোৰ ঘৰলৈ উভতাই ভাল।
“ব’ল ব’ল, ময়েই খুৱাম বাৰু।” – দাদাৰ কথাত অগত্যা আগবাঢ়িলো।
অজয়দা আমাৰ কাষৰ বাগানখনৰ কৰ্মচাৰী। বয়সে দুকুৰিৰ সীমা চুলে যদিও আজিলৈ অবিবাহিত। বিয়া হেনো তেওঁ নাপাতেই, প্ৰথম প্ৰেম জোনালীৰ প্ৰতাৰণাৰ পাছত গোটেই নাৰী জাতিৰ ওপৰতে হেনো তেওঁৰ বিশ্বাস হেৰাল।

এনেই মানুহটো বৰ ভাল, কাৰোবাৰ বিপদৰ সময়ত তেওঁ ৰৈ নাথাকি জঁপিয়াই পৰা বিধৰ মানুহ। কামোৰ হোৱাৰ কাৰণটো হ’ল অজদাৰ অকল্পনীয় সাহিত্য চৰ্চা। সাধাৰণ নদাই ভদাইৰ ওচৰত ঠিকেই থাকে, কিন্তু অজয়দাৰ মতে পঢ়া শুনা, কবিতাৰ মোল বুজা চাৰিজন গোট খালেই তেওঁ অটমেটিক কালিদাসলৈ ৰূপান্তৰিত হয়।

বাৰিষা বৰষুণ আহে
পানী পৰে
ভেকুলীবোৰে গুণগুণাই টোৰ টোৰ মাতে
মোৰ মন তোমাৰ কাষলৈ উৰে।

কবিবৰৰ টাটাষ্টিল হেন শব্দ গাথনিত শুনোতাৰ কাণত ঠেলা মাৰিব লগা হয়। ভাববোৰৰ কথা নক’লোৱেই যেনিবা। কোন প্ৰেমিকৰ বাৰু ভেকুলীৰ মাত শুনি প্ৰেমিকালৈ মনত পৰে! আকৌ কেতিয়াবা

গোলাকাৰ পৃথিৱী
উত্তৰে উত্তৰ মেৰু
দক্ষিণ মেৰু দক্ষিণত
দিন ৰাতি প্ৰদক্ষিণ কৰে
মোৰ হিয়াখনেও
তোমাৰ কলিজাত প্ৰদক্ষিণ কৰে।

“বাঃ কি অপূৰ্ব চয়ন অজয়দা, আলোচনীলৈ পঠিয়াই দিয়ক। বাতৰি কাকতলৈ দিছিলেনে?”
প্ৰায়েই তেওঁৰ শ্ৰোতাই কাব্য অত্যাচাৰ সহিব নোৱাৰি আবোল তাবোল বকে।

অজয়দাৰ সুখ সেইখিনিতে, আৰে তেওঁৰ কবিতাই কাৰোবাৰতো হৃদয় চুইছে। শ্ৰোতাবন্ধুসকলৰ পৰামৰ্শ মতে কবিতা কাকত আলোচনীলৈ পঠিয়াইছিলো। কিন্তু প্ৰকাশ পাইছে নাইপোৱা মই ইমানবোৰ খবৰ ৰখা নাই।

“এইটো ল’লো, শিকাই বুজাই দেচোন।” কবিতাৰ সন্ত্ৰাসত ভীতিগ্ৰস্ত হৈ থাকোতে তেওঁ নতুন ম’বাইল এটা উলিয়াই দেখুৱালে।
“বাঃ অজয়দা, এইবাৰহে এইবাৰ। ফেচবুক একাউণ্ট এটাও খুলি ল’ব এইটোতে।” – ছেমছাঙ ম’বাইলটোৰ ছেটিংছবোৰ মিলাই দি ফটো দুখনমান তুলি চালো। সঁচাকৈয়ে বঢ়িয়া ম’বাইল।

“সেইকাৰণে আহিছোঁ, পিটিক পাটাকবোৰ মাইনাই শিকাই দিব পাৰিব। তই ফেচবুকটো খুলি বুজাই দে মোক।”

“দুদিনমান চলালে নিজেই শিকি যাব দাদা।” বেচিক জ্ঞানকণ দিয়াৰ পাছত ফুৰ্তি মনেৰে চাহ মিঠাই খুৱাই অজয় দা উভতিল।

মই ফেচবুক ইমান খুচৰি নাথাকো। আৰে খুচৰি থাকি লাভনো কি? এজনীও যদি বিচাৰিবই নোৱাৰিলো।
বহুদিনৰ মূৰত আজি গধূলি সময় পাই বোলো চাওঁ ফেচবুকটো। আৰে! এয়া দেখোন অজয়দাৰ ৰিকুৱেষ্ট! চাওঁচোন বোলো কিনো কৰিছে। প্ৰফাইলত অজয়দাৰ আজৱ চেল্ফি এখন। কেমেৰাই চাগৈ নাকৰ বিন্ধা দুটা আৰু ওপৰ ওঁঠটোহে কভাৰ কৰিব পাৰিলেগৈ। উৱা ফটোখনত দুশাৰী বাক্যও!
কবিতাই মোৰ হৃদয়
কবিতাই মোৰ বিজয়।

বাঃ কথা বেলেগেই মানে, দুদিনতে অজয়দাৰ টাইমলাইন ফটোৰে ভৰ্তি। অসমীয়া লিপিৰ কি পেড নাই চাগে। কবিতা কেইবাটাও ফটো তুলি পোষ্ট কৰিছে। আনকি গুড মৰ্ণিং বুলি ষ্টেটাচটোও ফটো তুলি হে আপলোড কৰিছে।
লাইক দুটামান মাৰি দিলো।

“ঐ ঐ জিতু, ৰচোন ৰ।”
অফিচৰপৰা আজি সোনকালে ঘূৰিছিলো, চিনেমা এখনকে চাম বুলি ভাবি। ওলালহি আগুচি এইজন।

“অ’ অজয়দা, কি খবৰ? বহুদিনৰ মূৰত যে?”

“আছোঁ দে, তই যে স্তম্ভত কাম কৰ মোক কিয় কোৱা নাছিলি।”
অজয়দাৰ মাতত কৃত্ৰিম খং।

“হে কি কয়? আপুনি নাজানেই নেকি, ছমাহ হ’বৰে হ’লগৈ দেখোন।”
স্তম্ভ নামৰ দৈনিক কাকত এখনত কাম কৰো মই, কম্পিউটাৰ অপাৰেটৰ হিচাবে।

“ভাল ভাল, মোৰ কাৰণে লাভৰে হৈছে দে। আহ চাহ একাপকে খাওঁ।”
মোৰ কামৰপৰানো তেওঁৰ কি লাভ হয় কথাটো পিছে নুবুজিলো।

তেনেকৈ অজয়দাক লগ পোৱাই নহয়, ডে চিফ্টত কাম আজিকালি মোৰ। অসুবিধা বহুত, আগতে পুৱা ৬ বজাত আহি ১০ বজালৈ শুই দিনটোলে সময় পাওঁ। চৰকাৰী ইণ্টাৰভিউবোৰ দি থাকো,দেউতাৰ ওচৰত হাত নপতাকৈ এইটো চাকৰীৰে নিজৰ খৰচকেইটাও ধুনীয়াকৈ মিলাব পাৰো।

সন্ধিয়া বহুদিনৰ মূৰত ফেচবুকটো লগ ইন কৰিলো, পাঁচ মিনিটমান নটিফিকেশ্যনৰ শব্দই আহি থাকিল। হাৰে ইয়াৰে আধাতকৈ বেছি দেখোন অজয় দাৰে পোষ্ট। আগৰ অদ্ভুত ছেলফিখন নাই, তাৰ ঠাইত ডি এছ এল আৰত উঠা অজয়দাৰ বত্ৰিশ দন্ত বিকশিত হাঁহি। বেকগ্ৰাউণ্ডত কিবা কবি সন্মিলনৰ বেনাৰ এখন। বহুত সলনি হ’ল দেখোন এইকেইদিনতে। তেওঁৰ নামটো পৰ্যন্ত সলনি হ’ল। অজয় গন্ধিয়াৰপৰা অজেয় নীল। বাঃ, কি কাব্যিক নাম।

টাইমলাইনত শ শ কবিতা, অনু কবিতা, অনুভৱৰ বান।

মনটোক ৰখাব নোৱাৰি এটা পঢ়ি চালো।

ধেইত! মছলা যিমানে নাঢালক, কেৰেলাৰ জোল কেতিয়াও মাংস হ’ব নোৱাৰে। কিন্তু আচৰিত কথাটো হ’ল, কেৰেলা জোলৰো বিৰাট অনুৰাগী থাকিব পাৰে। এটা এটা কবিতাত চাৰি পাঁচশ লাইক, তাৰ তলত লাইক থকা পোষ্ট নায়েই।

বাপৰে অজয় দা তোমাৰ কবিতাৰ মহিমা অপাৰ! পঢ়ুৱৈৰ মন্তব্যবোৰো কম নহয়।
হৃদয়স্পৰ্শী।
চুই গ’ল।
আপোনাৰ শব্দমালাত মুগ্ধ হ’লো।
বাঃ কি জীৱন্ত।

দুখনমান ফটোত অজয়দাক সম্বৰ্ধনা জনোৱাৰ দৃশ্য, কোনোবাখনত যদি বিশিষ্ট অতিথিৰ আসনত, আন কোনোবাখনত কবিতা প্ৰতিযোগিতাৰ বিচাৰক পদত।

মই অবাক। কোনো এটা কবিতাৰ মানদণ্ড উন্নত বুলি ক’ব নোৱাৰি। কবিতাৰ নামত জোৰা টাপলি মৰা বাক্যশেলত কবিতাৰ সংজ্ঞাই ধৰাশায়ী হৈ পৰিছে। এনেকৈ লিখিয়েই যদি অজয় বিজয় চবেই কবি হ’ব পাৰে, তেনে সাহিত্য ধ্বংস হ’বলৈ বেছি দিন নাই।
ইমান দিনে কবিতা কি জানো বুজো বুলি ভবা মই শুদ্ধ নে অজয় দাৰ কবিতাৰ নামত কৰা প্ৰহসনক সমৰ্থন কৰাসকল শুদ্ধ!

অজয়দাৰ পোষ্ট বেছি সময় চালে পাগল হোৱাৰ আশংকাত মই লগ আউট কৰি ল’লো।
পিছে অজেয় নীলৰ কবিতাই সিৰাতি মোক সপোনতো পিছ নেৰিলে।

দুদিনমানৰ পাছৰ কথা, অফিচত থাকোতে অজয়দাৰ ফোন আহিল। মেইল এটা পঠিয়াইছে, চাই মেলি দিব লাগে বোলে।

চালো, আকৌ কবিতা

শৰৎ
আকাশখনৰ ৰং নীলা
ৰিব ৰিব মলয়া বলিছে
নৈ পাৰ কহুৱা ফুলিছে
শাৰদী ৰাণী আকৌ পালেহি

আমাৰ ঘৰত আছে
এজোপা শেৱালি ফুল
ৰাতি হ’লে ফুলে
আকৌ ৰাতিপুৱা সৰে

শৰতত হয় দুৰ্গা পূজা
দেৱী মৰতলৈ আহে নামি
দহখন হাতেৰে দুৰ্গা দেৱীয়ে
জনতা আশিস যোগায়

হে মা দুৰ্গা
এটা প্ৰাথৰ্না
অসূয়া সম্প্ৰীতি দূৰ কৰা
শান্তি অপ্ৰীতি বিলোৱা।

আঃ, কবিতা পঢ়ি মই নিজৰে চুলিখিনি টানি ধৰিলো। অজয়দা অ’ ক্ষান্ত হোৱা, যিমান পাৰো কবিতাটো মেৰামতি কৰি মেলি অজয়দালৈ ফোন কৰিলো,
“কেনে পালি কবিতাটো? তহঁতৰ মেগাজিনখনৰ কাৰণে দিছো, পাব্লিচ কৰিব পাৰিবি দে।”
মই কিবা কোৱাৰ আগতেই তেওঁ মাত দিলে।

“কি! আপুনি ধেমালি কৰা নাইতো?”
মই ভয়ানক ভাবে উচপ খালো।

স্তম্ভ কাকতখন ৰাজ্যৰ ভিতৰতে আগশাৰীৰ কাকত। বিশিষ্ট সাহিত্যিক তথা সাংবাদিক পূণ্যব্ৰত চক্ৰৱৰ্তী ছাৰ ইয়াৰ সাপ্তাহিক কবিতাৰ শিতানটোৰ দায়িত্বত আছে। অসমীয়া ব্যাকৰণত অলপ অচৰণ দখল দেখি মোক মাজে মধ্যে তেওঁৰ সহযোগী কৰি লয়। ছাৰৰ বিচাৰত বাঘা বাঘা কবিৰ কবিতায়ো স্থান পাবলৈ সক্ষম নহয়, তেনেস্থলত অজয় দাৰ কবিতা! এই অজয় দাই মোকে চাগে সম্পাদক বুলি ভাবি লৈছে। কৃষ্ণ কৃষ্ণ, যি দেখিছো এই অজয়দাই মোৰ চাকৰিয়ে খাই দিব।

“হাঃ হাঃ জিতু, এইটো কবিতাই মোৰ ফেচবুক হিলাই থৈছে। এতিয়ালৈকে আঠশ লাইক, এশ সোতৰটা শ্বেয়াৰ।”

“হ’লেও মানে দাদা, আপুনি আমাৰ কাকতখনকে বিচাৰি পালেনে।” মই হেহো নেহো কৰিলো, অলপ বুজক তেওঁ।

“নহয় অ’, ফেচবুক কত কঁপালো, ছপা আখৰত নিজৰ নামটো চোৱাৰ হেপাঁহ আছে দেচোন। প্ৰথম প্ৰথম দিছো, আল্টু ফাল্টু পেপাৰ মেগাজিনলৈ কিয় দিওঁ হয়? মোৰ নিজৰ ষ্টেটাচ বুলিও কথা আছে। বুজিছ নহয়?”

“দাদা কথাটো আপুনি বুজা নাই…….”

“হেঃ হেঃ হ’ব দে বুজিছোঁ, মাননি নালাগে মোক। তোৰো মান বাঢ়িব সেয়াই মোৰ মাননি দে।
মাত্ৰ কবিতাটো উলিয়াই দে তাৰপাছত চা মোৰ কামাল।”
ফোনটো কাটি মূৰে কপালে হাত দি বহিলো।

কাষৰ ডেক্সত কাম কৰা চাণক্যই চাই আছিল,
“কোন মক্কেল বে এইটো, কবিতাৰ নামত ব্যাকৰণৰ এইচি কি তেইচি কৰি পেলালে যে।”

“অজেয় নীল।”
অজয় দাৰ নাম শুনি চাণক্যৰ হাঁহি থমকিল।
“এইটোৰ নাম নল’বি মোৰ আগত।”

“কেছটো কি?”

“ধুৰ কি ফাল্টু। ক’ৰপৰা কেনেকৈ মোৰ ফ্ৰেণ্ডলিষ্টত সোমাল নাজানো। তাৰ ফকটীয়া কবিতা দেখি এদিন কমেণ্টতে বুজালো। বোলো এইখিনি এনেকৈ নহয়, এইখিনিত ঠিক কৰক। সি বেটাই মোক পাত্তাই নিদিলে। কিন্তু বাকী চবকেই ৰিপ্লাই দিলে। যা গ’ল এইবাৰ, আকৌ এদিন বাৰে ভচহু এটা লিখি এশজনমানৰ লগতে মোকো টেগ কৰিছে। এইবাৰ কিন্তু মোৰ উঠিল খং, কবিতাৰ নামত ইমান অত্যাচাৰ সহিব নোৱাৰি। আকৌ ভুল আঙুলিয়াই দিলো, এইবাৰ কিন্তু নিস্তাৰ নাপালো বুইছ। ক’ৰপৰা জানো অজেয় নীলৰ চৌ কল ফেনবিলাক ওলালহি। ক’বলৈ বাকী নাই, ঢাহি মুহি ধুই নিলে মোক।” – চাণক্যৰ খং মাৰ যোৱাই নাই।

“অজয় দা আৰু ফেন!”
মোৰ চকুত অজয় দাৰ প্ৰথম প্ৰফাইল ফটোখন ভাহি আহিল। নিমাখিত চেহেৰাটোৰ ফেন মোৰ বাবে একপ্ৰকাৰ আশ্বৰ্য্যই।

“পাগলসোপাৰ মতে, মোৰ দৰে মানুহে কবিতা কি নুবুজাকে, দাদাক শিকাবলৈ আহে। আগতে নিজে লিখি দেখাওক তাৰ পাছত আনৰ ভুল ধৰিবলৈ আহিব বোলে। কেইটামানৰতো অশ্লীল শব্দ ক’বলৈ বাকী নোহোৱা হ’ল।”
সাহিত্য অকাডেমীৰ উদীয়মান কবিৰ বঁটাপ্ৰাপ্ত চাণক্যৰ মুখ ৰঙা পৰি আহিল।

“তই ওলোটাই নক’লি?”
ল’ৰাটোলৈ বেয়া লাগিল, কবিতা তাৰ বাবে কিমান কি আমি জানো।

“হাঃ হাঃ এশটা শিয়ালৰ মাজত এটা বাঘে কিমান চিঞৰিবি। প্ৰখ্যাত কবিয়েটো মোক ব্লক কৰিলেই, ফেনসোপাই এতিয়াও ইনবক্সত আহি ইনষ্টলমেণ্টত গালি দি থৈ যায়হি।”

অজয় দা আৰু তেওঁৰ ফেন ফলৱিঙৰ মাহাত্ম্য শুনি মই অবাক, হতবাক।

মই সেইটো কবিতা জমা নিদিলো, ইমান সাহস মোৰ নহ’ল। অজয়দাক কিবা কৈ দায় সাৰিম বুলি ভাবিছিলো কিন্তু প্ৰতি সপ্তাহতে, প্ৰতি মাহতে পঠিওৱা কিম্ভুত কিমাকাৰ কবিতাৰ বানপানী দেখি এদিন অজয় দাক ক’বলৈ বাধ্য হ’লো।
“দাদা, আপুনি চৰ্চা অব্যাহত ৰাখকচোন অলপ দিনলৈ। বেয়া নাপাব কিন্তু আপোনাৰ কবিতা এতিয়াও প্ৰকাশৰ যোগ্য হোৱাগৈ নাই।”

“কি কৈছা জিতু, গোটেই অসমে ভাল পাইছে মোৰ লিখা আৰু তুমি কৈছা অযোগ্য। তুমি জানা মোৰ কবিতাৰ অনুৰাগীৰ সংখ্যা কিমান?”

“মাফ কৰিব অজয়দা, কিন্তু অনুৰাগীৰ মিছা প্ৰশংসাই আপোনাক অত্যুৎসাহী কৰি তুলিছে।”

“ভুল মোৰেই, তোমাক বিশ্বাস কৰি দিছিলো। তুমি আচলতে মোৰ জনপ্ৰিয়তাত জ্বলিছা।”

অজয়দাৰ আবোল তাবোলে প্ৰলাপৰ ৰূপ লোৱাৰ আগেয়েই সিদিনালৈ মই আঁতৰিলো।

তাৰপাছত অজয়দাই মোৰ লগত যোগাযোগ নৰখাই হ’ল। ফোন, ফেচবুক সকলোতেই মোক ব্লক কৰিলে। যা নহওক অকবিতাৰ উৎপাতৰপৰা ৰক্ষা পালো। দিনবোৰ পাৰ হ’বলৈ ধৰিলে, ময়ো ৰেলৱেত পষ্টিং হৈ মৰিয়নীলৈ আহিলো। অজয়দাৰ কথা পাহৰো পাহৰো হওঁতেই এদিন ফোনটো বাজিল।

চৌচতা হু কে ৱৌ
কিতনে মাচুম থে
ক্যা চে ক্যা হৌ গয়ে
দেখতে দেখতে
এইটো অজয়দাৰ নাম্বাৰৰ কলাৰ টিউন দিছিলো। কি সৌভাগ্য, খোদ অজয়দাই ফোন কৰিছে মোক। ভাল বেয়াৰ খবৰ লৈয়ে তেওঁ ক’লে,
“তই আৰু তোৰ পেপাৰে নুবুজিলি কি হ’ল, তহঁতৰ ৰিলায়েবল পেপাৰখনে মোৰ মোল বুজিলে। আৰু শুন আজি দিচাংপৰীয়া কাব্য সমাজে মোক কাব্যমুক্তা সন্মান দিবলৈ আগবাঢ়ি আহিছে, তই কি কৈছিলি, মোৰ কবিতা প্ৰকাশৰ অযোগ্য!”

“কি কৈছে অজয়দা বুজা নাই মই।”

“তই বুজিছ মই জানো। তোৰ দৰে ময়ো জানো মোৰ কবিতাৰ মানদণ্ড কিমান। কিন্তু কি কৰিবি, চবেই যেতিয়া সুন্দৰ বুলি কয়েই অহংকাৰ আহি যায় দেচোন। ময়ো জানো মই ইয়াতকৈ ভাল কেতিয়াও কৰিব নোৱাৰো, কাৰো আপত্তি নাই যেতিয়া তোৰ দৰে নগণ্য কেইজনৰ আপত্তিক কিয় গুৰুত্ব দিওঁ।”

“অনুৰাগীয়ে অহংকাৰ বঢ়াই কিন্তু সমালোচকেহে আপোনাক দিশ দিব অজয়দা।”

“তোৰ মতে মই অনুৰাগীতকৈ সমালোচককহে সন্তুষ্ট কৰিব লাগে মানে।”
অজয়দাই সদায় ওলোটাটো বুজে, সেয়ে বাদ দিলো বুজোৱা।
“বেলেগ কিবা কওক দাদা। “

“দেশ বাৰ্তাখন পঢ়ি চা।”
কৈয়ে তেওঁ ফোনো কাটি দিলে।

দেশ বাৰ্তা আন এখন আগশাৰীৰ বাতৰি কাকত, মই কাম কৰা স্তম্ভ কাকতৰ দুৰ্ঘোৰ প্ৰতিদ্বন্দ্বী আছিল। লগে লগে অনলাইনতে পেপাৰখন লুটিয়াই বাগৰাই কবিতা শিতানটোত পালোগৈ , প্ৰথম শাৰীৰ তিনি নম্বৰৰ কবিতাটো শৰৎ।

হয় হয় এয়া অজয় দাই হয়, কবি অজেয় নীল কাশ্যপ।

সেই একেটাই কবিতা যিটো অজয় দাই প্ৰথমে মোলৈ মেইল কৰিছিল। সেই এণ্টি ব্যাকৰণিক কবিতাটো, যিটোৰ বাবে অজয়দাৰ লগত মোৰ মতানৈক্যৰ সূত্ৰপাত ঘটিছিল।

মোৰ বিৰাট জোৰেৰে হাঁহি উঠিল, কাৰ ওপৰত ক’ব নোৱাৰো।
হয়তো নিজৰ ওপৰত,
হয়তো অজয়দাৰ কবিতাৰ ওপৰত,
কিম্বা অজয়দাৰ অনুৰাগীৰ ওপৰত,
নে
প্ৰকাশযোগ্য বুলি ভবা কাকতখনৰ ওপৰত?

মই হাঁহিবলৈ ধৰিলো, আটাইৰে ওপৰত।
আটাইবোৰেইতো একো একোগৰাকী গান্ধাৰী। লাইক, কমেণ্ট, সস্তীয়া জনপ্ৰিয়তাৰ আশাত হাজাৰজন অজয়ৰ সাহিত্যৰ অপচৰ্চা দেখিও যি চকু মুদি সমৰ্থন কৰি আহি আছে।
হাঃ হাঃ হাঃ
মই হাঁহিয়েই থাকিলো।

☆★☆★☆

5 Comments

  • বিৰাট ভাল লাগিল দেই তৃষ্ণা। আজিকালি এইবোৰেই ঘটি আছে।

    Reply
  • হেমন্ত কাকতি

    মাৰ্ভেলাছ তৃষ্ণা! অন্য বাৰৰ দৰেই ইবাৰো ফালিছা৷ অজেয় নীল কাশ্যপ বোৰ চাৰিওফালে৷ লগত ফেন ফলৌৱিং ৰ উৎপাত৷
    আকৌ কলো তামাম৷

    Reply
  • Rintumoni Dutta

    ফটাঢোলতে তৃষ্ণাৰ লিখাৰ লগত চিনাকি। আজিলৈ এবাৰো নিৰাশ হোৱা নাই

    সুন্দৰ, তামাম, ঝাকাচ

    Reply
  • সচাকৈ দেই কিছুমানৰ কবিতাৰ উৎপাতত পাগল হৈ গৈছোঁ।কিবা অদ্ভুত টাইপ মানে।বহুত আছে আজিকালি এনেকুৱা অজয় নীল।ভাল লাগিল।দেই।

    Reply
  • ৰাজশ্ৰী শৰ্মা

    বহুত বহুত ভাল লাগিছে পঢ়ি তৃষ্ণা।

    Reply

Leave a Reply

Your email address will not be published.