ফটাঢোল

বগৰী বৰুৱা – মণিকুন্তলা ভট্টাচাৰ্য

কি যে এক কাব্যিক মুহূৰ্তত বুবুল বৰুৱাৰ নামটো বগৰী বৰুৱা হৈছিলগৈ, সেয়া স্বয়ং নামদাতাসকলেও নাজানে৷ ধাঁচকৈ নীলা মাৰুতিখন ‘পণ্ডিত পাণবাহাৰ’ত ৰখাই, গাড়ীৰপৰা ননমাকৈয়েই চলঙৰ তলৰপৰা ডিঙি মেলা কাছটোৰ দৰে পণ্ডিতমুৱাকৈ ডিঙি মেলে৷ যিমান তড়িৎগতিত পণ্ডিতৰ থূপ খাই থকা ভোটোহা কৃষ্ণ ওঁঠযুৰিয়ে কঁচিজোনৰ আকৃতি লয়, তাৰ দুগুণ তীব্ৰগতিত তাৰ হাতৰ কচৰৎ চলে৷ পণ্ডিতৰ জীৱনৰ চৰম লক্ষ্য যেন বৰুৱাৰ সুগম্ভীৰ ব্যক্তিত্বৰ লগত মিলি যোৱাকৈ পাণ তৈয়াৰ কৰাটোৱেই! যেন একো-একোখন শ্ৰেষ্ঠ পাণেৰে বৰুৱাক সন্তুষ্ট কৰিবলৈকে সি এই পৃথিৱীলৈ আহিছে! দুৰন্ত গতিত পণ্ডিতৰ হাত চলে৷ সেউজীয়া পাণৰ বুকুত অলঙ্কৰণেৰে খচমচাই ৰেডি হৈ উঠে পণ্ডিতৰ বিলাসী মুখৰোচক পাণ৷

পকিবলৈ ধৰা নিটোল বগৰীটোৰ দৰে চিকচিকীয়া গোলাকৃতিৰ দেখিলেই মৰমলগা মূৰটো পুনৰ চলঙৰ ভিতৰলৈ কোঁচাই মুখখন মেলি বগৰী বৰুৱাই পাণখনৰ মহাস্বাদ গ্ৰহণৰ আয়োজন চলায়৷ ইতিমধ্যে গুৰগুৰাই গুমৰি থকা গাড়ীখন চোঁ মাৰি পাণবাহাৰৰ কাষৰ বজৰুৱা সীমাৰ পকী দেৱালত ভৰি ওলমাই বহি থকা নিৰীক্ষক আড্ডাবাজ দলটোৰ সন্মুখেৰে গুচি যায়৷

: কোন গ’ল ঔ এইটো? — আড্ডালৈ কিছু পলমকৈ আহি, নগৰৰপৰা গাঁৱলৈ ওভতা লাষ্ট বাছখনো ধৰিব নোৱাৰাৰ আক্ষেপেৰে নীলমণিয়ে সোধে৷

: কোনো নহয় অ’৷ বগৰীহে!

: অ৷

কোনোবাদিনা আড্ডাৰ স্থান সলনি হয়৷ সদায়তো আড্ডা মৰা নাযায়! সাংস্কৃতিক, সামাজিক কাম কিছুমানো কৰিবলগীয়া হয়৷ তেতিয়া বৰুৱাৰ ঘৰৰ সন্মুখেৰে ঘৰমুৱা হোৱা মৃদুলৰ ডিঙিত কৈশোৰে ভাকুটকুটায়৷

: বগৰী ঐ কেতিয়াকৈ পকিবি?

বৰুৱাই নুশুনাৰ ভাও জোৰে৷ পাষণ্ড! — এনেজাতীয় শব্দ এটা উচ্চাৰণ নকৰাকৈ তাৰ অনুভৱখিনি তেওঁৰ জিভাত টগবগাই উঠে৷ খচ্‌কৈ সলাই পেলায় পঢ়ি থকা বাতৰিকাকতৰ পৃষ্ঠা অথবা চাই থকা টিভিৰ চেনেল৷ কিন্তু কোনো সঁহাৰি জনাব নোখোজে তেওঁ৷ এদিন কলেজত পঢ়ি থকা জীয়েক ৰাধাই ধামকৈ দুৱাৰ খুলি অন্ধকাৰ বাৰাণ্ডালৈ ওলাব খুজি খঙেৰে সুধিছিল,

: হেই কোন? কোন তই?

: মইহে ৰাধা, তোমাৰ কৃষ্ণ আৰু বগৰীৰ ফৰ্মুটি৷

দীঘলীয়া সুৰেৰে লেনিয়াই কোৱাজনক তাই দেখা নাছিল যদিও ফুলনিৰ ৰংগনজোপাৰ ফাললৈকে কটমটকৈ বহুপৰ চাই ৰৈছিল৷

চুবুৰিৰে নহয়, সেই অঞ্চলটোৰ প্ৰায়বোৰ সামাজিক অনুষ্ঠানৰ লগতে বৰুৱা ওতঃপ্ৰোত ভাৱে জড়িত৷ মাত বা শব্দ উচ্চাৰণ খৰচ কৰাৰ ক্ষেত্ৰত হিচাপী, কাৰো কেতিয়াও অহিত চিন্তা নকৰা উপযাচি পাৰ্যমানে সহায়ৰ হাত আগবঢ়োৱা, দয়াৰ সাগৰ নাম পাবলগীয়া বৰুৱাই নাম পালেগৈ বগৰী৷ ৰূপতকৈ যে গুণ শ্ৰেষ্ঠ নহয়, সেয়াই তাৰ প্ৰমাণ৷

পুৱা বেছিনৰ আইনাত মুখ চাই ৰুক্ষ গালত হাত দি তথাপি কিন্তু বৰুৱাই সন্তোষৰ হাঁহি মাৰে৷ এৰা, দাড়িখিনি খুৰোৱা আৰু নখকেইটা কটাৰ বাহিৰে তেওঁ পাৰম্পৰিক পুৰুষীয়া কৰ্তন কৰ্মৰ পৰা অলপ হ’লেও ৰেহাই পাইছে৷ বগৰীৰ দৰে মসৃণ মূৰটোত হাত ফুৰাই তেওঁ নিজকে ৰাকেশ ৰৌশন অথবা জগ্গু বুলি ভাবে নে নাভাবে জনা নাযায় যদিও বগৰী বুলি নভবাটো যে ষোল্ল অনাই খাটাং৷

বিয়াৰ সময়ত বৰুৱাৰ তালুত ক’লা চুলিৰ পাতল আৱৰণ এটা আছিল৷ যিসকলে সেইসময়ৰ ফটো দেখে, তেওঁলোকে এলবামটো সামান্য বেঁকা-টেৰাকৈ ধৰি, চকুৰ ওচৰ চপাই ভালদৰে চাইহে সন্তুষ্ট হয়৷ এৰা, এই ফটোৰ মানুহজন বৰুৱাই হয়৷ মুখখন একেই আছে যদিও ফটোতকৈ সামান্য আহল বহল আৰু ভোমোৰাবৰণীয়া মূৰটোৰ যেনিবা উদং চেহেৰা৷ ক’লাও নহয় বগাও নহয় একেবাৰে এডালো চুলি নথকা এটা পক ধৰিব খোজা বগৰী বৰণীয়া মসৃণ মূৰ৷

পত্নী মাধৱী ন-ছোৱালী হৈ কোঠাত সোমাই থকা অৱস্থাত ইটো-সিটোৰ অজুহাতত বৰুৱাই ছেগ বুজি কোঠাত সোমাইছিলগৈ৷ কিন্তু এটা কথাত হ’লে তেওঁ বৰ নীতি আৰু সম্ভ্ৰম মানি চলিছিল৷ কোঠাত সোমাবলৈ পৰ্দা আঁতৰাব খোজা চঞ্চল হাতখন প্ৰথমেই নিজৰ মূৰৰ ফালেহে গৈছিল৷ সোঁ-কাণৰ ওচৰত ফলা ফিৰফিৰিয়া সেওঁতাটোৰ পৰা লেছেৰি পাক দিবলৈ বাওঁফালৰ ফালে টানি নিয়া চুলিকেইডাল অতি যতনেৰে, সাৱধানেৰে থাপি-থুপি যথাস্থানত থৈ লৈহে কলানিপুণ হাতে পৰ্দা চুইছিল৷ চুলিৰ পৰা হাত তললৈ বা পৰ্দাৰ ফালে নামিল কি নানামিল সেই মুহূৰ্ততে, হঠাৎ চেঙালুটি পৰা কাঠমাছৰ দৰে বুকুৰ ভিতৰখনত পাৰাপাৰহীন প্ৰেমে জঁপিয়াই উঠিছিল৷ প্ৰিয়া মিলনৰ একান্ত নিবিড়তম সময়খিনিতো মাধৱীৰ চকুত চকু থৈ মনে-প্ৰাণে কামনা কৰিছিল যে তেওঁলোকৰ দূৰত্ব কমি যোৱাৰ আগতেই নতুবা মাধৱীৰ লিহিৰি আঙুলিয়ে তেওঁৰ চুলি স্পৰ্শ কৰাৰ আগতেই যেন তাই দুচকু মুদি দিয়ে৷ লাগিলে সেয়া তৃপ্তি, সন্তুষ্টি বা লাজেই হওক৷

পাছলৈ, এনেকুৱা এটা সময় আহিল যে তেওঁ গাড়ীৰ পৰা নামি, মূৰত হাত নিদিয়াকৈ বিনাদ্বিধাই হজং-গজং খোজেৰে ভিতৰ সোমাই আহি বেছিনত মুখ-হাত ধুইছিল, চাহপানী খাইছিল, আৰু তাৰ পাছতহে নিগনিদঁতীয়া কাঠীৰ ফণীখন, আইনা নোচোৱাকৈয়ে মূৰটোত এৰি চলাই জিৰণি ল’বলৈ বহিছিল৷ অৱশ্যে তেতিয়ালৈ বুকুৰ ভিতৰত কাঠমাছৰ আকস্মিক চেঙালুটিবোৰো নোহোৱা হৈছিল৷ সেই বুকুৰ ভিতৰত কেৱল আছিল দূৰণিত লীন যোৱা থৌকি-বাথৌ সামুদ্ৰিক তৰংগৰ ক্লান্ত সমান্তৰলতা৷

তেতিয়ালৈ ৰাধাই চুঁচৰিছিল৷

মাধৱীৰ তেওঁক লৈ চিন্তা আৰু যতনৰ অন্ত নাছিল৷ তেওঁৰ মূৰটোক লৈ কত কি যে নকৰিছিল৷ পুৰা ভাত ৰান্ধি থকাৰ মাজতে হুৰমুৰকৈ আহি বৰুৱাৰ টাক পৰা ঠাইখিনিতে লেপথেপাই দাইল বটা এসোপামান সানি দিছিল৷ দুচকু মহা আমেজত বন্ধ কৰি বৰুৱাই কোনেও নেদেখাকৈ মোছৰ তলতে মিচিককৈ আপোনমনে হাঁহি এটা মাৰে; ভৱিষ্যৎদ্ৰষ্টাৰ দৰে৷ তাৰ কিছুদিনৰ পাছত আৰম্ভ হৈছিল বটা পিঁয়াজৰ সুগন্ধিত লেপন৷ তাৰ পাছৰ দিনবোৰত আৰু আন কিবা এবিধৰ… তাৰ পাছত আৰু এবিধৰ….৷ মুঠতে যিমানে নেদেখাজনৰ কৃপাত বৰুৱাৰ মূৰৰ অৰণ্য খহি নিঃশেষ হোৱাৰ প্ৰক্ৰিয়া পূৰ্ণোদ্যমতে চলি আছিল, সিমানে মাধৱীৰ বৃথা চেষ্টাৰ অন্তহীন কৰ্মকাণ্ডও চলি আছিল৷ এটা সময়ত গৈ থৈ গোটেই মূৰটো পক ধৰিব খোজা নিটোল বগৰীটোৰ লেখীয়া হৈ পৰিছিল৷ মাধৱীৰ পৰাজিত চেঁচা হুমুনিয়াহত তেওঁৰ কোনো সহানুভূতি নাছিল৷ জীৱনৰ পৰম সত্যই আমৰণ তেওঁৰ টকলা মূৰটোকে সাৱটি ধৰি ৰখাৰ অনুমানত তেওঁ নিজৰ নামটোৰ আগত বিশেষণ এটা কল্পনা কৰিবলৈও অকণো সংকুচিত নহৈছিল৷ ধৰক, তেওঁৰ সৈতে একে নামৰ আৰু এজন বৰুৱা আছে৷ তেনেস্থলত ৰাইজে নিজৰ সুবিধাৰ্থে তেওঁক বুজাবলৈ ‘তপা বা টকলা’ জাতীয় বিশেষণ ব্যৱহাৰ কৰিলে, তেওঁক কোনো অপমানবোধে স্পৰ্শ নকৰিব৷ বহু বছৰ ধৰি সেই বিশেষণকে ভয় কৰি তেওঁ ‘হিপ্পী’ হ’ব নুখুজিলেও অন্ততঃ এজন ‘চুলিৱালা’ হৈ থাকিব খুজিছিল৷ কিন্তু বংশ পৰম্পৰাই নিদিলে যেতিয়া সেই সত্যক শিৰ পাতি লোৱাৰ বাহিৰে আন কোনো উপায় নাছিল৷ ধীৰে ধীৰে বৰুৱাই নিজকে ‘গৰ্বাছেভ’ জাতীয় গাম্ভীৰ্য এবিধেৰে সম্পৃক্ত কৰি তুলিছিল৷

জহকালিৰ ল’ড শ্বেডিঙৰ সময়খিনিত পদূলিৰ কাঞ্চনজোপাৰ সুবাস উজাই থকা নাকটোৰ, চছমাই বহুওৱা মৃদু দাগ দুটাত আঙুলিৰে টিপ এটা মাৰি, দুচকু আলফুলে মুদি তেওঁ গান্ধী, নেহেৰুৰপৰা আৰম্ভ কৰি ভূপেন হাজৰিকাৰ টুপীবিহীন মূৰটোলৈকে বহুখিনি মনত পেলাই মোছৰ তলতে মিচিককৈ আপোনমনে মৰা হাঁহিটো মাৰে৷ এনেয়ে বৰুৱাই কম হাঁহে৷ নাহাঁহে বুলিলেও চলে৷ ৰাধাই তেওঁৰ হাঁহি বিয়পা সন্তোষিত মুখশ্ৰী চাবলৈকে কত কি বলকি থাকে! কথাষাৰ গভীৰভাৱে তেওঁ অনুভৱ কৰে৷ আৰু নাক টিপি ধৰি থকা আঙুলিৰ মৃদু টিপা বিনম্ৰতাৰে তললৈ নমাই আনি ততাতৈয়াকে হাঁহিটো সামৰি থয়৷

টকলা মূৰটোৰ বাহিৰেও তেওঁৰ আন বহু চিন্তা বা কৰণীয় কাম থাকে৷ আগতীয়াকৈ চাকৰিৰ পৰা অৱসৰ লৈ পিতৃ প্ৰদত্ত বাছৰ ব্যৱসায় চলাই থকাৰ সুৰুঙা বুজি তেওঁ নানানটা সমজুৱা কামত জড়িত হৈ থাকিবলৈ ভাল পায়৷ বিনাদ্বিধাই যিকোনো অনুষ্ঠানলৈকে মৌখিক আৰু আৰ্থিক সহায়ৰ হাত আগবঢ়ায়৷ মাজে মাজে ৰাধাই দপদপাই উঠে,

: কি দৰকাৰ পাপা, ইমানকৈ য’তে-ত’তে পইচাবোৰ দিবলৈ?

তাই তেওঁৰ মুখামুখিকৈ ৰৈয়েই ফেপেৰি পাতি ধৰে৷ তেওঁ একো নামাতে৷ একমাত্ৰ সন্তানৰ আদৰুৱা অনুশাসনখিনিক বিনাবাক্যব্যয়ে মানি লয়৷ বৰুৱাৰ মৌনতাখিনিকে তাই দুৰ্বলতা বুলি ধৰি লৈ আনৰ পাপাসকলৰ উদাহৰণ দি তেওঁলোকৰ দান-বৰঙণিৰ তুলনা কৰাত লাগি যায়৷ ৷ এদিন বৰুৱাই টলকা মাৰি শুনি আছিল৷ তাইৰ টপটপনিৰ সুৰ গৈ সপ্তমত উঠোঁতে আৰু মাধৱীয়েও তাইৰ সৈতে দ্বৈত সুৰত আলাপ জোৰোঁতে তেওঁ মাথোন লাহেকৈ কৈছিল,

: আনৰ পাপাকবোৰৰ লগত মোক কিয় তুলনা কৰিছ? তেওঁলোকতকৈ মই এনেয়েও বেলেগ৷ দেখা নাইনে মোৰ মূৰটো!

আৰু কিবা ক’ব বুলি বহুদিনৰ মূৰত খোল খোৱা বৰুৱাৰ মেলা মুখ মেলাতে থাকিল৷ মুখখন দুয়োহাতেৰে ঢাকি ৰাধাই হঠাৎ হাওহাওকৈ কান্দি পেলাইছিল৷ মাধৱীয়ে জীয়েকক নিচুকাবলৈ ব্যতিব্যস্ত হৈ উঠিছিল৷ বৰুৱাৰ ফালে চাই মৃদু ধমকো দিছিল,

: কিনো একেডাল কথাকে লৈ চুপতি কৰি থাকে সদায়? জানেই আপোনাৰ মূৰটোৰ কাৰণে তাইৰ কিমান দুখ!

মাত্ৰ দুহোঁপামান মৰা চিগাৰেটটো জোৰকৈ এছট্ৰেত গুজি, বৰুৱা জীয়েকৰ ওচৰ পাইছিলগৈ৷

: উঠ উঠ৷ কান্দিবলৈ কিটো হ’ল? মূৰত চুলি নাথাকিল বুলিলেই মূৰটো কিবা গৰু-গাধৰ মূৰ হ’বগৈনে? চাবিচোন দহজন চুলি নথকা মানুহতকৈ মোৰ টকলা মূৰটো বেছি ধুনীয়া। আধাপকা-আধাকেঁচা চুলিসোপাৰেনো তই সেই পাপাকবোৰক কিটো ধুনীয়া দেখ ক’ব নোৱাৰো!

তেওঁ জীয়েকক আৰু কিবা কলেহেঁতেন৷ খুব বেছি দুজনমান বিখ্যাত বা গুণী টকলা মানুহৰ উদাহৰণ দিলেহেঁতেন! পিছে সেইবোৰ একোকে কোৱা নহ’লগৈ৷ দেউতাকে জোৰকৈ দাঙি দিয়া মূৰটো উঠাই তেওঁৰ মুখলৈ ফেলফেলকৈ চাই তাই৷ চেলবেলকৈ কৈ পেলাইছিল,

: মইহে জানো, কলেজত এডমিছন লোৱাৰ দিনাৰে পৰা কিমান কষ্টত অহাযোৱা কৰিছোঁ‌! মোৰ দুখ নালাগে নেকি কিবা?

বৰুৱা-বৰুৱানীৰ চকু-মুখ হুৰাৎকৈ মেল খাই গৈছিল৷ মাটিত থ’লে পৰুৱাই পাব, মুৰত ল’লে ওকণিয়ে খাব, এইহেন সোণামুৱা ৰাধাই কলেজলৈ পৰম অব্যক্ত কষ্টত আহ-যাহ কৰে৷ কি কথা? দুয়ো ব্যগ্ৰ হৈ পৰিছিল৷ তাই তেতিয়াও উচুপিয়েই আছিল৷

: সবেই মোক জোকায়…….

: কিয়? কোনে? কোন সবেই?

: সবেই৷ কলেজৰ ওচৰৰ দলঙৰ ৰেলিঙত বহি থকা সোপাই৷ আনকি কলেজ লাইব্ৰেৰিৰ ভিতৰতো ফুচফুচাই জোকায়৷

: কোনে জোকায়?

: ল’ৰাবোৰে৷

: আঃ কি বুলি?

বৰুৱা অধৈৰ্য হৈ পৰিছিল৷ দেউতাকৰ অধৈৰ্য মুখৰ অধৈৰ্যকৰ স্বৰ শুনি পুনৰ মাকৰ গাত মুখখন গুজি তাই হাওহাওকৈ কান্দিছিল৷

: নকৱ কিয়, কি বুলি জোকায়?

: বগৰীৰ জীয়েক বুলি! বগৰী পকিলনে নাই সবেই সোধে৷

উচুপি থকা লেউসেউ লতাৰ দৰে ছোৱালীজনীয়ে স্তম্ভিত বৰুৱাৰ মুখলৈ চাই গছৰ দৃঢ়তাৰে পুনৰ মাত মাতিছিল,

: তুমি জানানে পাপা, দাদা দাদাকৈ তোমাৰ পিছে পিছে ঘূৰি ফুৰা আটাইসোপাই তোমাক বগৰী বুলি কয়৷ বগৰী বৰুৱা৷ আৰু আজিৰ পৰা সেই পণ্ডিত পাণবাহাৰখন এৰা৷ তাৰ দোকানৰ ওচৰৰ ৱালত বহি থকাসোপাইতো তোমাৰ কথা সদায় তেনেকৈয়ে কয়৷ বিশ্বাস নকৰা যদি দুদুলক সোধা৷
বৰুৱাৰ অসহায় দুচকুৰ ক্লান্ত চাৱনি জীয়েকৰ মুখৰ পৰা তাইৰ ছেণ্ডেলৰ ফালে নামি গৈছিল৷ দুদুলক নোসোধে তেওঁ৷ কিয় সুধিব? সি তেওঁৰ ঘৰৰ চাকৰ৷ চাকৰৰ মুখত তেওঁৰ উপনাম শুনিব নোখোজে৷ তথাপি জীয়েকৰ প্ৰতি সমৰ্মিতাতেই হওক বা নিজৰ পৰিচয় আৱিষ্কাৰ কৰিয়েই হওক, বৰুৱা কিছু গম্ভীৰ হৈ পৰিছিল৷

: কওক দে৷ মইতো টকলা হয়েই৷ আৰু আনলৈ ভয় বা লাজ কৰি পণ্ডিতৰ দোকান এৰা মানুহ মই নহওঁ৷ কওক দে বজ্জাতসোপাই৷ তাহাঁতৰ কামনো কি৷ পণ্ডিতক চাবিচোন কিমান সন্মান কৰে মোক! সেই আড্ডাবাজৰ মাজত থাকিও তাৰ আচৰণ চাবিচোন৷ তাৰ মানততো মই টকলা, বগৰী একো নহওঁ৷ মাত্ৰ এজন সম্মানীয় গ্ৰাহক৷

বহুপৰৰ উচুপনি, ফেকুৰণি সামৰি ৰাধাই নিজকে সম্বৰণ কৰি লৈছিল৷ গোমা, ডাৱৰীয়া মুখেৰে মাধৱীও আঁতৰি গৈছিল৷ অৱশ্যে আঁতৰি যোৱাৰ আগতে তেওঁলৈ অভিমানী চাৱনি এটা মাৰিবলৈ পাহৰা নাছিল৷ যেন বৰুৱাৰ উপনাম এটা এদিন আৱিষ্কৃত হ’বই বুলি মাধৱীয়ে বিয়াৰ পাছতেই আগজাননী পাইছিল৷ যেন বৰুৱাই ইচ্ছা কৰিয়েই সময় থাকোঁতেই যথোপযুক্ত ব্যৱস্থা নল’লে! হাঁহৰ পাখিত লাগি থকা পানীৰ টোপাল জোকাৰি পেলোৱাদি বগৰীজাতীয় দুশ্চিন্তাবোৰ জোকাৰি পেলাই তেওঁ পুনৰ দৈনিক ৰুটিনত আত্মমগন হয়৷

তাৰ মাজতো কোনোবাদিনা মাধৱীৰ ডাৱৰীয়া মুখ আৰু ৰাধাৰ অসন্তোষ দেখিলে নিপুণ ৰান্ধনিৰ দৰে খৰি চায়েই বুজি ল’ব পাৰে চাউল সিজোতে ক’ত বেলি লাগিব৷

এৰা, বহু বেলি লাগে ৰাধা আৰু মাধবীৰ সৈতে সহজ হ’বলৈ! তেওঁ তেওঁৰ নিজৰ মূৰটোতকৈও পত্নী আৰু জীয়ৰীৰ মূৰ দুটালৈহে পুতৌ নে কৰুণা কিবা এটা অনুভৱ কৰে৷ কিন্তু কি কৰিব পাৰে তেওঁ? কিমানৰ মুখত সোপা দিব? কোনোবাদিনা মাক-জীয়েকৰ প্ৰতি তেওঁৰ অসন্তোষ দেখাকৈ দেখুৱায়ে, চোতালৰ ঘৰচিৰিকা ভুৰুংকৈ উৰাৰ দৰে গাড়ীখন লৈ থিতাতে নোহোৱা হয়৷ প্ৰথম পদক্ষেপ পণ্ডিত পাণবাহাৰ৷

সেইদিনাও তেওঁ তেওঁৰ গঢ়ি লোৱা অসন্তোষ দেখাকৈ মাক-জীয়েকক দেখুৱাই নীলা মাৰুতিত উঠি চোতালৰ ঘৰচিৰিকা হৈছিল৷ ৷ তাৰ পাছত পণ্ডিত পাণবাহাৰৰ সন্মুখত গাড়ী ৰখাই হৈছিলগৈ চলঙৰ তলৰ পৰা ডিঙি মেলা কাছ৷ পণ্ডিতে আথে-বেথে আগবঢ়াই দিয়া পাণখন মহা আৰামেৰে মুখত সুমুৱাই তেওঁৰ কি জানো মন গ’ল, দোকানলৈ নামি গ’ল৷

: এই মাহৰ বাকী কিমান হ’লগৈ?

: এশ বিছ টকা দাদা৷ পণ্ডিতৰ বিনম্ৰ স্বৰ৷

: চাওঁ বহীখন৷

বৰুৱাই মেলি দিয়া হাতখনলৈ চাই পণ্ডিতে অকণমান থেৰোগেঁৰো কৰিছিল,

: হিচাপ ঠিকে আছে দাদা৷ এই মাহত আপুনি দুদিন চাৰিখন পাণ বান্ধি লৈ গৈছিল৷ সেইকাৰণে অলপ বেছি হ’ল৷ হ’ব দাদা, আজি দিব নালাগে, পাছত দিব৷ ৷

: চাওঁ বহীখন দিয়া৷ —বৰুৱাৰ দৃঢ় স্বৰ৷ ভাৱটো ওমৰ খায়ামৰ৷ কাইলৈ কিয়, আজিয়েই দিম৷ কোনে জানে কাইলৈ কি হ’ব!

এৰা, কোনেও নাজানে কাইলৈ কি হ’ব৷ কাইলৈ কিয়, হাত মেলি থকাৰ সময়লৈকে, বহীখন হাতত আহি নপৰালৈকে বৰুৱায়ো জনা নাছিল এক ছেকেণ্ডৰ পাছতে তেওঁৰ কি হ’ব!

কিটোনো হ’ব৷ গুজৰাটৰ ভূমিকম্পত খহাদি কৈ হুৰুসকৈ খহি পৰিছিল বৰুৱাৰ বুকুৰ মাজৰ ঘৰ৷

পণ্ডিত পাণবাহাৰৰ বাকীৰ বহীত বৰুৱাই দিবলগীয়া বাকীৰ হিচাপৰ ওপৰত লিখা আছিল তেওঁৰ নাম৷

নহয় নহয়, নাম নহয়, উপনাম—বগৰী বৰুৱা৷

☆★☆★☆

10 Comments

  • ৰিণ্টু

    খুব ভাল লাগিল পঢ়ি বাইদেউ।

    ইমান ব্যস্ততাৰ মাজতো লেখাটো দিয়াৰ বাবে আন্তৰিক ধন্যবাদ

    Reply
    • হীৰকজ্যোতি ভাজনী

      ভাল লাগিল ।

      Reply
  • Gitarthi Goswami

    সঁচাকৈ অতুলনীয়

    Reply
  • গীতালি

    ইমান সুন্দৰ শব্দৰ প্ৰয়োগ, আপোনাৰ লেখাৰ আগৰে পৰাই অনুৰাগী। খুব ভাল লাগিল পঢ়ি

    Reply
  • Suntu r

    ভাল লাগিল বাইদেউ

    Reply
  • হীৰকজ্যোতি ভাজনী

    ভাল লাগিল ।

    Reply
  • ডলী তালুকদাৰ

    ভাল লাগিল

    Reply
  • জ্ঞানদীপ খনিকৰ

    ভাল লাগিল .. অলপ দুখও লাগিল..

    Reply
  • গীতিকা শইকীয়া

    পঢ়ি সঁচাকৈয়ে ভাল লাগিল। সচৰাচৰ হোৱা কথাবোৰেই আপোনাৰ কলমত নিপুণ ৰূপ লৈ এক সুন্দৰ হাস্য-মধুৰ গল্পৰ জন্ম হৈছে।

    Reply
  • মানসী বৰা

    অনুপম…বৰ ভাল লাগিল বাইদেউ…

    Reply

Leave a Reply

Your email address will not be published.