ফটাঢোল

বন্ধৰ দিনৰ য়াম্মী টে’ষ্টি ব্ৰেকফাষ্ট – ৰুবী বৰা বৰদলৈ

সপ্তাহৰ মূৰত দেওবাৰটো পাওঁ বন্ধৰ দিন বুলি। যোৱা দেওবাৰে বন্ধৰ দিন বুলি মই বোলো ব্ৰেক-ফাষ্টটো সকলোৱে ভাল পোৱাকৈ যোগাৰ কৰোঁ। আনদিনা পুৱাৰ চাহকাপেই খোৱা নহয় ভালকৈ। সকলোৰে স্কুল, অফিচ থাকে। ৰাতিপুৱা কাৰো মুখলৈ চাবলৈ সময় নাই। সকলোৰে লগতে ময়ো সময় মতে কৰ্মস্থলী পাবগৈ লাগে। ল’ৰা-ছোৱালীয়েতো চাহ নাখায়েই, ডাঙৰ দুজনৰ এজনে বাৰু আৰামত বহি পে’পাৰ চাই চাই চাহকাপ খায়, পিচে মই নিজৰ চাহকাপ চেঁচা পানী হোৱাৰ পিছত একেসোহাই গলাধঃকৰণ কৰি চাহ খোৱাৰ নামটো কৰোঁ।

খোলা দিনত যি খিনি কাম কৰোঁতে দুঘণ্টা লাগে, বন্ধৰ দিনত সেইখিনি কামে ৰবৰৰ বল খোৱাদি খায় গোটেই দিনটোলৈ। নিজৰো কাম থাকে দিয়কচোন! নখ-চুলি বোৰৰ গত লগোৱা, অকমান এলাহ কৰি কৰি চাহ কাপ খোৱা, Fb অন কৰি লোৱা, পেপাৰখন চোৱাৰ বিলাসিতা কৰা, ফুলৰ টাবকেইটা, বাৰীৰ গছ-গছনিকেইজোপা আৰু অনেক। তেনেতে আহে ফৰমাইছ—

“মা, আজি ব্ৰেকফাষ্টত কি বনাবা?”

“আজি দুপৰীয়া কচুৰ লগত কঁঠাল গুটি বনাবা দেই! ঢেকীয়া সৰহকৈ পিয়াজ দি ভাজিবা, পদিনাৰ ছাটনি, মাছ সৰিয়হৰ লগত, মাংসখিনি অলপ বেলেগ ধৰণে ৰান্ধিবাচোন! সদায় একেধৰণে খাই আমনি লাগে।”

“সদায় চাহৰ লগত বিস্কুট বোৰ দেখিবলে মন নোযোৱা হৈছে আৰু। বনোৱাচোন কিবা এটা, আজি বন্ধ বুলি ঘৰতে আছা!”

“আজি আবেলি চাহৰ লগত পকৰি খাম দেই,জলকীয়া ছাটনিৰ লগত।”

“হে’ৰা, কাপোৰকেইটা তুমি ধুবাচোন! কাম কৰা মানুহজনীয়ে ধুই ধুই ৰঙেই সলনি কৰি দিছে আৰু কলাৰলে হাতেই নাযায় ইহঁতৰ।

পিছে, মই যদি কওঁ—

“হে’ৰা, আজি বন্ধ পাইছা, ঘৰৰ কাম কেইটাত মোক অলপ সহায় কৰি দিয়াচোন। বাৰীখনত অলপ সোমোৱা। ফাৰ্ণিচাৰবোৰ অলপ মোহাৰি দিয়া৷ মকৰাৰ জালো হৈছে, মোৰ স্পণ্ডেলাইটিছে বৰ দিগদাৰ কৰে জানা! অলপ চাফা কৰি দিয়া। আজি পাকঘৰত তুমিয়ে ময়ে একেলগে কাম কৰিম দেই! খানা স্পেশ্যেল, OK! আৰু তহঁতেও মোক অলপ হেল্প কৰচোন!

আই ঔ, তিনি ফালৰ পৰা জাঙুৰ খাই উঠিব।

“কেতিয়াবা বন্ধৰ দিন এটা পাওঁ, তাকো নষ্ট কৰিবলৈ নাই দেই! আজিৰ দিনটো অন্ততঃ নিজৰ মতে কটাবলৈ দিয়া। কামৰ কথা নক’বা। আজি ট’টেলি ৰে’ষ্ট আৰু য়াম্মী ব্ৰেকফাষ্ট, লাঞ্চ এণ্ড ডিনাৰ। ৱাও…….! “

ইহঁতৰ বন্ধ ৰে’ষ্ট ল’বলৈ আৰু মোৰ বন্ধ যত চব কাম কৰিবলৈ। সেয়ে ভাবিলোঁ, আজি ইহঁতে কোৱাৰ আগতেই ফৰমাইছ পূৰা কৰাৰ আয়োজন কৰাই ভাল।
ইহঁতে লুচিখাই ভাল পায়। এওঁ ৰুটি। এজনীয়ে চয়াবিনৰ লগত আলু ভাজি, এজনীয়ে কণী অমলেট কৰি অলপ গ্ৰেভী বনাই দিলে ভাল পায়। এওঁ অমিতা জাতীয় পাচলিৰ তৰকাৰিখন খুব ভাল পায়। লগতে যদি কাবুলী বুটৰ, ৰঙা, ডাঠ গ্ৰেভীৰে সৈতে বনোৱা ছ’লে বোলা কণ থাকে, ওঁওওহ, কোনে পায় আৰু! ভাবিলোঁ, মানুহজনে কণী বৰকৈ নাখায়েই। আজি যদি ৰুটিৰ লগত বয়ল কণী এটা দি দিওঁ, বৰ ভাল পাব। বাকী থাকিল মোৰ পচন্দ। মোৰ নো কি! সকলোৰে লগতে চলি যাব, আৰ ভাগৰ অকণ, তাৰ ভাগৰ অকণ, বচ৷

আগদিনা ৰাতিয়েই কাবুলী বুট তিয়াই থৈছিলোঁ। সেই মতে সকলো যোগাৰ কৰি লৈ সকলোৰে পচন্দ মতে ৰেডি কৰি শেষত ৰুটি আৰু লুচি কেইখন ভাজিলোঁ আৰু ডাইনিং টেবুললৈ মাতিলো সকলোকে।

“আহি যোৱা আহি যোৱা৷ ব্ৰেকফাষ্ট ৰেডি। আজ ব্ৰেকফাষ্ট মে চব কে’ লিয়ে’ আপনি আপনি পচন্দ কি চিজ বনী হে’। জল্দি চে’ আ জাও। লুচিওঁ কা হাৱা ফুচ্ হ’নে চে’ পেহলে…….. আ যাও।

“ৱাও মা, কি কি বনাইছা?”

“ল চোন প্লেটত লুচি। হে’ৰা তোমাৰ ৰুটিও লগতে আছে দেই। লৈ লোৱাচোন। মই বাকী বোৰ আনো।

হটকে’চটো হেতাখনেৰে সৈতে টেবুলত থৈ মই মোৰ নিৰ্দিষ্ট চকী খনত বহি ল’লোঁ। ইহঁতে মোৰ মুখলে চাই আছে।

“কি হ’ল মা, আজি দেখোন চবৰে পচন্দৰ ব্ৰেকফাষ্ট বনাইছা বুলি কৈছিলা। তুমি দেখোন অকল হটকে’চ এটা লৈ বহি আছা। বাকীবোৰ ক’ত?

“ৰ চোন, অধৈৰ্য্য নহ’বি। লুচি ল’লি। হোঁ ল। ইয়াতে নিজৰ নিজৰ পচন্দৰ সকলো আছে। মই দি দিওঁ ৰ। তই চয়াবিন আলুৰ তৰকাৰি ভাল পাৱ নহয়! ৰ, তোক আলু আৰু চয়াবিন খিনি বাচি দিওঁ। ল, এয়া। আৰু লৈ ল’বি দেই পিছত। এতিয়া তোৰ প্লে’টখন দে চোন! এয়া তোৰ অমলেট আৰু আলুৰ তৰকাৰি। ৰ বাচি দি আছোঁ। হ’বনে? আৰু আছে। ল’বি পিছত। হে’ৰা, তোমাৰ অমিতাৰ তৰকাৰি এয়া দেই। চাওঁ, দি দিওঁ। আৰু অকণ দিওঁ! লৈ ল’বা পিছত। এইটো বয়ল কণী। আজি খোৱা এটা, একো নহয়।”

“মা, চবকি পচন্দ কি ব্ৰেকফাষ্ট বুলি তাৰ মানে আমি ভাল পোৱা চব বস্তু একেলগে কুকাৰত দি সিজাই দিলা? আৰু এতিয়া বাচি বাচি দি আছা?”

“ৰ চোন! অকল সিজাই দিয়া নাই নহয়, তেল-মচলাৰে তাড়কা লগাই দিছো পাই! আৰু আছে ৰহ। কাবুলী বুটৰ ডালি। ছ’লে। ৰ, কাবুলী বুটকেইটা তলত পৰি আছে। বাচি দিওঁ। এয়া, আলু আৰু মচালে’দাৰ গ্ৰেভীৰে সৈতে ছ’লে। চবৰে হ’ল নহয়! এতিয়া খানা চুৰু কৰ’। বন্ধৰ দিনৰ য়াম্মী টে’ষ্টি ব্ৰেকফাষ্ট। লুচি শেষ কৰিবি দেই৷ এতিয়া ইমানখিনি খোৱাৰ পাছত দুপৰীয়া নো আৰু কি ভাত খাবি! অকণ দেৰিকে খিচিৰিকে বনাই দিম৷”

তিনিওজনে সমস্বৰে চিঞৰি উঠিল

“ক্কিইইইইইইইইইই!!!!!!!!??????”

☆★☆★☆

5 Comments

Leave a Reply

Your email address will not be published.