ফটাঢোল

বলিয়া বতাহ – মানসী বৰা

: নাম তাইৰ ডায়েনা শইকীয়া৷ ফাৰ্ষ্ট ইয়েৰ৷ কেমিষ্টি মেজৰ৷ ঘৰ শিৱসাগৰত৷

চন্দনে সমীৰণৰ কাণত লাহেকৈ ক’লে।

: আৰু কি জান তাইৰ কথা? বয়ফ্রেইণ্ড আছে নেকি?

সমীৰণৰ উৎকণ্ঠাসূচক প্ৰশ্নবানত ওচৰতে চিগাৰেট হুপি থকা সুজিতে অলপ খঙেৰে ক’লে,

: বয়ফ্রেইণ্ড আছে নাই মানে? ইমান ধুনীয়া ছোৱালী!
গ’লকীপাৰ থাকিবই৷ সেইবুলি তই গ’ল নিদিবি নেকি?

কথাষাৰ শুনি অলপ উৎসাহ পোৱা যেন লাগিল সমীৰণৰ৷ আজি ছমাহ ধৰি সমীৰণৰ মুখত অকল ডায়েনাৰ কথা। প্রেমত একেবাৰে হাবুদুবু খাই আছে।লেপটপ, মোবাইলৰ ওৱাল পেপাৰত কেৱল ডায়েনাৰ ফেচবুক প্রফাইলৰ পৰা চুৰ কৰা ফটোবোৰ। হোষ্টেলৰ পৰা আৰম্ভ কৰি কলেজৰ টয়লেট-দেৱালতো নিজে ‘এচ’ + ‘ডি’ বুলি লিখি প্ৰেম নিবেদন কৰিবলৈ দুর্বাৰ প্ৰচেষ্টা চলাই আছে৷ লগৰবোৰকো কৈ থৈছে, সকলোৱে যাতে ডায়েনাক সমীৰণৰ সাম্ভাব্য গার্লফ্রেইণ্ড হিচাপেহে দৃষ্টি দিয়ে। কলেজৰ নৱাগত আদৰণী সভাৰ দিনা ডায়েনাৰ সেই নৃত্য দেখি মোহত পৰিছিল সি।

“নেন’ৱালেনে ছেৰা মন কা প্যালা,
ছলকায়ী মধুচালা…”

আস! কি লাহী দেহৰ ভাঁজ, লাস্যময়ী ভংগিমা, আকর্ষণীয় দুচকুৰ আবেদন; একেবাৰে দিপিকা পাডুকণজনীয়েই। নৃত্যৰ তালে তালে ওঁঠৰ মিচিকিয়া হাঁহিত তোল পৰা গালৰ ভাঁজে সমীৰণৰ সেইদিনাৰ পৰা টোপনি হৰিছে। কিমানবাৰ যে সি মোবাইলত ৰেকর্ডিং কৰা তাইৰ নাচৰ ভিডিঅ’টো চাইছে তাৰ হিচাব নাই। ডায়েনা তাৰ সপোনৰ ৰাণী। সপোনতো সেই নৃত্য দেখে সি। বেলেগে দিয়াৰ আগতে সি তাইক প্রেমৰ প্ৰস্তাব দিবলৈকে ছেগ চাই আছে। ডায়েনা কেৱল তাৰ। লগৰবিলাকেও তাৰ প্রেমৰ জুইকুৰাত ঘিউ ঢালি বেচ সাহস দি বোলে,

: সৰস্বতী পূজাই ভাল হ’ব। অসমীয়াৰ ভেলেণ্টাইন ডে’ হৈছে সৰস্বতী পূজা। এনেয়ো সাজি-কাছি সৰস্বতী হৈ থকাবোৰৰ কাৰণে চাৰিওফালে ৰোমাণ্টিক বাতাবৰণ এটা থাকিবই। সেইদিনাই প্রস্তাবটো দি দিবি। বাকী কি হয় দেখা যাব।

বন্ধুৰ কথা শুনি সমীৰণেও সৰস্বতী পূজাৰ দিনটোলৈ বাট চালে। নতুন চার্ট-পেণ্ট কিনিলে। চেলুনত গৈ চুলিখিনিতো এটা নতুন লুক দিলে৷ মুঠতে প্রপ’জেল দিবলৈ সমীৰণ প্রায় সাজু৷ সৰস্বতী পূ্জালৈ মাজত মাথো এটা দিন। গগল্‌চ এযোৰৰ সৈতে সমীৰণ কলেজৰ গেটৰ মুখত বিষণ্ণ মনেৰে ৰৈ আছে। সৰস্বতী পূজাত বোলে কোনোপধ্যেই সি ডায়েনাৰ আগত ওলাব নোৱাৰে। সকলোৱে একেলগে প্রশ্ন কৰিলে,

: কিয়?

চকুৰ গগল্‌চ আঁতৰাই লাহেকৈ বোলে,

: চাচোন এইডাল। কেনেকৈ ওলাম তাইৰ আগত।

চকুৱে বুজে হেনো প্রেমৰ ভাষা। সমীৰণৰ আজিনাই ওলমা চকুৰ ভাষা ডায়েনাই বুজিব বা কি দৰে!
ভিম্বাকাৰ হৈ ফুলি থকা চকুটো চাই সকলোৱে একেলগে বোলে,

: ক’বলৈ কিটো আছে। তোৰেই বেড লাক। একো নাই দে। ভেলেণ্টাইন ডে’ এনেও আহি আছে। তাৰ আগতে চকুটো ভাল কৰ। তাৰ পিছত প্রস্তাবটো দে।

সেমেকা মনেৰে সৰস্বতী পূজাৰ দিনটো পাৰ কৰিলে সমীৰণে। গগল্‌চৰ মাজেৰে চালে তাৰ সপোনৰ ৰাণী ডায়েনাক। হিয়াৰ বেদনাবোৰ নিৰবে সহি থাকিল।
দুদিনৰ পিছতে যেনিবা ভেলেণ্টাইন ডে’ আহিল। ভাগ্যে তাৰ আগতেই সমীৰণৰ চকুৰ আজিনাটোও ভাল হ’ল। প্রেমৰ দিৱসৰ দিনা কলেজৰ চৌপাশটোতে এক ৰঙীণ পৰিবেশে বিৰাজ কৰিছিল। সেই পৰিবর্তন যেন কেৱল সমীৰণ আৰু ডায়েনাৰ বাবেই সৃষ্টি হৈছিল। বন্ধুৰ কথা মতেই আৰ্চিজ গেলেৰীৰ পৰা কিনা এখন ভেলেণ্টাইন ডে’ৰ গ্রীর্টিং কার্ডত বুকুৰ সমস্ত আবেগেৰে “আই লাভ ইউ” লিখি দুটা ডেইৰী মিল্কৰ চিল্ক চকলেটৰ পেকেট হাতত লৈ সমীৰণ আগবাঢ়িছে।

কলেজৰ বিজ্ঞানাগাৰৰ সমুখেৰে ডায়েনা দুজনীমান ছোৱালীৰ সৈতে আহি আছে। দূৰৰ পৰা সমীৰণে দেখিছে তাইক। হঠাতে যেন বতাহৰ গতি ধীৰ হৈ পৰিছে। বতাহত সমীৰণৰ ডেনিম ডিঅ’ৰ সুবাস বিয়পিছে। তাৰ লগে লগে যেন বেকগ্রাউণ্ডত ৰোমাণ্টিক সংগীতৰ সুৰ ভাঁহি উঠিছে। ঠিক চিনেমাৰ দৰে। নায়কৰ খোজেৰে আগবাঢ়িছে সমীৰণ। পিছ মুহূর্ততে ডায়েনাহঁতৰো তালৈ চকু পৰিছে। মুখৰ সেই একেই মিচিকিয়া হাঁহিটোৰে ডায়েনাৰ তোল পৰা গালখন দূৰৰ পৰাই জিলিকি উঠিছে। সিহঁতৰ ইজনীয়ে সিজনীক কিবা এটা ফুচফুচাই কৈ আকৌ হাঁহিছে। দুই প্রেমাস্পদৰ মিলন হওঁ হওঁ। সমীৰণে নিজৰ বুকুৰ স্পন্দন নিজেই শুনিবলৈ পাইছে। গুদুবুট …গুদুবুট…. জীৱনৰ এক ৰোমাঞ্চকৰ মুহূর্তত সি আৰু ডায়েনা৷ কেৱল মাথো কেইখোজমান বাটৰহে ব্যৱধান।
হঠাৎ যেন এটি উদাত্ত কণ্ঠই চিঞৰি উঠিছে৷

: ঐ সমীৰণ৷

মাতটো অনুসৰণ কৰি সমীৰণে দৃষ্টি নিক্ষেপ কৰিছে৷ তীব্র বেগেৰে সমুখৰ পৰা আগুৱাই আহিছে তাৰ প্রিয়তম বন্ধু চন্দন।

: আৰে ইয়াৰ আকৌ হ’ল কি?

সমীৰণৰ মনত খুদুৱনি। ডায়েনাই ইয়েচ ক’লে সি দেখোন তাক পাৰ্টি দিম বুলি কৈয়ে থৈছে। এতিয়া আকৌ কিয় বা আহিল আপদীয়াটো? কপাল কোঁচাই সমীৰণৰ ইংগিত,

: কি হ’ল ?

সেইবাৰ সমীৰণৰ নিচেই কাষত চন্দন। নাকটো বাওঁহাতখনেৰে মোহাৰি লাহেকৈ ক’লে সি,

: শ্রীমন্ত শংকৰ,
তল ফালে মন কৰ…”

পিছ মুহূর্ততে বতাহ এচাটিয়ে যেন সমীৰণৰ দেহত নিজৰ উপস্থিতিৰ উমান দি গ’ল। দেহ সিৰসিৰাই যোৱা এক অদ্ভূত শীতল বা।

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published.