ফটাঢোল

বহুৰূপী – দণ্ডিনাথ কলিতা

(১)
মই ভট্টাচাৰ্যৰ ল’ৰা
ইংৰাজী বঙ্গলা পঢ়া
এশ একুৰি ডাঙৰ ডাঙৰ
কিতাপ মুখস্থ কৰা৷
(২)
মোৰ কপালত মস্ত ফোঁট,
মূৰত টিকনি গোট,
ডাঙৰ মানুহ দেখিলে আগত
মাটিত লোট-সোট৷
(৩)
মোক নাভাবিবা কম,
ঘৈণীৰ ওপৰত যম,
স্ত্ৰী-স্বাধীনতাৰ বক্তৃতাত কিন্তু
কোনো নাই মোৰ সম৷
(৪)
কিন্তু কটাৰী চিকুণ শিলে,
তিৰোতা চিকুণ কিলে,
ঘৰৰ ভিতৰত এই বচন হে
মোৰ মতেৰে মিলে৷
(৫)
মই বাল্য বিবাহ দেখি,
কৰোঁ প্ৰতিবাদ লেখি,
নিজে হ’লে বিচাৰোঁ গৌৰী,
আঙুলিত বছৰ লেখি৷
(৬)
মই সমাজৰ আগত হ’লে,
জলপান খাবলৈ ক’লে,
আটাইকে কওঁ ফুৰা গাৰে
গাখীৰ টুপিহে চলে৷
(৭)
কিন্তু আনে নজনাকৈ,
ডাক বঙলালৈ গৈ,
পাৰো আহিব “ফাউল-কাৰি“,
ফটিকা টুপিও লৈ৷
(৮)
মই পৰৰ যেতিয়া পাওঁ,
জ্বৰৰ গাৰেও খাওঁ,
(কিন্তু) আলহী দেখিলে পিছ দুৱাৰেদি
বাজলৈ ওলালৈ যাওঁ৷
(৯)
মই গাঁৱৰ মানুহক ডৰোঁ,
দেখিলে সন্ধ্যা কৰোঁ,
দক্ষিণা ফেৰাৰ মূৰ মৰিলে
কেনেকৈনো বাৰু তৰোঁ!
(১০)
মই যদিও শাস্ত্ৰ জানোঁ,
ধনৰ ফাললৈ টানোঁ,
শাস্ত্ৰতকৈও ধনৰ মোনাটো
গধুৰ বুলি মানোঁ৷
(১১)
মই দেখিলে লোকৰ দায়
স্মৃতিৰ বচন গাই,
পৰাচিত কৰি আনোঁ ধন
তাৰেই কেইদিনমান যায়৷
(১২)
যদি নিজেই দোষী হওঁ
স্মৃতি সামৰি থওঁ,
ডাঙৰক দোষে নোছোৱে বুলি
বচন উলিয়াই লওঁ৷
(১৩)
মই বেদান্ত বোলো সত্য,
মানো চাৰ্বাকৰো তথ্য,
জাহাজত কিন্তু আল্লাক মানোঁ
যদিও নহয় কথ্য৷
(১৪)
মই ঘোৰ কালীৰ ভক্ত,
দেখিলে পাঠাৰ ৰক্ত,
“ভগ্নী“হঁতৰ শুনিলে গান
ব্ৰাহ্ম ধৰ্মাসক্ত৷
(১৫)
আকৌ বৈষ্ণৱ যেতিয়া পাওঁ,
নামৰ মহিমা গাওঁ,
ভোৰ তালৰ কোবত কাণৰ
কণামাকৰি সৰাওঁ।
(১৬)
মই মাৰোঁ–ডোমৰ লগত চিতল,
খুন্দোঁ–মৰীয়াৰ লগত পিতল,
তাপ দেখিলে তপত হওঁ,
পানী দেখিলে শীতল৷
(১৭)
এনে হেন পুৰুষ মই,
নকৰো কাকো ভয়,
সময়ৰ সোঁতত ওপঙি ফুৰো
য’তে-ত’তেই জয়৷

[কুৰি শতিকাৰ আদিভাগৰ এগৰাকী উল্লেখনীয় সাহিত্যিক ৰূপে প্ৰতিষ্ঠিত দণ্ডিনাথ কলিতা দেৱৰ এটি ব্যংগ কবিতা “দণ্ডিনাথ কলিতা ৰচনাৱলীৰ” পৰা “ফটাঢোল” আলোচনীৰ বাবে তুলি দিয়া হ’ল]

☆★☆★☆

6 Comments

  • হেমেন

    আজিও প্ৰাসংগিক৷

    Reply
  • অনুৰূপ মহন্ত

    অতি সুন্দৰ লিখিছিল।

    Reply
  • ৰাজু কুমাৰ নাথ

    সুন্দৰ,পঢ়িবলৈ সুযোগকণ দিয়াৰ বাবে ধন্যবাদ যাঁচিলো।

    Reply
  • Mitali saharia

    ধুনীয়া।

    Reply
  • prasanta Gogoi

    Bhal lagil

    Reply
  • Ritumoni Saikia

    অতি সুন্দৰ ৷

    Reply

Leave a Reply

Your email address will not be published.