ফটাঢোল

বিদূষক (মূল বাংলা: কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ) – ভাৱানুবাদ: দেৱাশ্ৰী বৰগোহাঁই

(১)
কাশীৰ ৰজা কৰ্ণাট জয়ৰ বাবে ওলাল । যুঁজত তেঁৱেই জয়ী হ’ল । বিজয় চিন স্বৰূপে চন্দন, হাতীৰ দাঁত আৰু সোন মাণিক মুকুতা আদি হাতীত বোজাই দিয়া হ’ল ।
দেশলৈ উলটি অহাৰ পথত ৰজাই বলেশ্বৰী মন্দিৰত বলিৰ ৰক্তৰে পূজা দিলে ।
পূজা দি উভতি আহিছে- গাত ৰক্তবস্ত্ৰ, ডিঙিত জপ মালা, কপালত ৰক্তচন্দনৰ তিলক, লগত কেৱল মন্ত্ৰী আৰু বিদূষক ।
এঠাইত পথৰ কাষৰ আমবাগান এখনত কেইটামান ল’ৰাই খেলি আছে ।
ৰজাই তেওঁৰ দুই সংগীক ক’লে, “ব’লাচোন চাওঁ ল’ৰাহঁতে কি খেলিছে ।
(২)
ল’ৰাকেইটাই দুটামান পুতলা সাজি যুদ্ধ-যুদ্ধ খেলি আছিল ।
ৰজাই সুধিলে, “কাৰ লগত কাৰ যুদ্ধ” ।
তাঁহাতি ক’লে, “কৰ্ণাটৰ লগত কাশীৰ যুদ্ধ”।
ৰজাই পুনৰ সুধিলে, “কাৰ জয়, কাৰ পৰাজয়” ।
ল’ৰাহঁতে বুকু ফিন্দাই উত্তৰ দিলে, “কৰ্ণাটৰ জয়, কাশীৰ পৰাজয়” ।
মন্ত্ৰীৰ মুখ গম্ভীৰ হৈ পৰিল, ৰজাৰ চকু ৰঙা পৰিল, বিদূষকে হা হা কৈ হাঁহি উঠিল ।
(৩)
ৰজাই যেতিয়া তেওঁৰ সৈন্য লৈ উভতি আহিছিল, তেতিয়াও ল’ৰাকেইটাই খেলি আছিল । ৰজাই হুকুম দিলে, “প্ৰতিটো ল’ৰাকে গছত বান্ধা আৰু চমতাৰে কোবোৱা” । গাওঁৰ পৰা তাঁহাতৰ মাক-দেউতাক য’ৰে কাম ত’তে এৰি দৌৰি আহিল । মিনতি কৰি ক’লে, “তাঁহাতি অবোধ ল’ৰা, ধেমালী কৰিছে, এইবাৰলৈ ক্ষমা কৰি দিয়ক” । ৰজাই সেনাপতিক মাতি আনি ক’লে, “এই গাওঁ খনক ভালকৈ এক শিক্ষা দিয়া, যাতে কাশীৰ ৰজাক কেতিয়াও পাহৰিব নোৱাৰে” । এই বুলি তেওঁ শিবিৰলৈ ৰাওনা হ’ল ।
(৪)
সন্ধ্যাপৰত সেনাপতি আহি ৰজাৰ সন্মুখত উপস্থিত হ’ল । সেৱা জনাই ক’লে, “মহাৰাজ, শিয়াল কুকুৰক বাদ দি এই গাওঁৰ কাৰোৰে মুখত আৰু শব্দ শুনা পোৱা নাযাব” ।
মন্ত্ৰীয়ে ক’লে, “মহাৰাজৰ মান ৰক্ষা হ’ল” ।
পুৰোহিতে ক’লে, “বিশেশ্বৰী মহাৰাজৰ আৰ্শীবাদ” ।
বিদূষকে ক’লে, “মহাৰাজ, মোক বিদায় দিয়ক” ।
ৰজাই সুধিলে, “কিয়”?
বিদূষকে উত্তৰ দিলে, “মই মাৰিবও নাজানো, কাটিবও নাজানো, বিধাতাৰ কৃপাত কেৱল হাঁহিবলৈহে জানো । মহাৰাজৰ সভাত থাকিলে মই হাঁহিবলৈও পাহৰি যাম” ।

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published.