ফটাঢোল

বিবাহ দুৰ্গতি – ধূৰ্জুতি কাকতী

মই বিয়া খাই ভাল পোৱা মানুহ৷ বিয়াৰ চিজনত ভালে কেইখন নিমন্ত্ৰণো থাকে৷

যোৱা বছৰৰ কথা, এনে সময়তে বিয়া এখনলৈ নিমন্ত্ৰণ আহিল, দেউতাহঁতৰ চিনাকী৷ বিয়াৰ চিঠিখনেই ৰাধা কৃষ্ণৰ 3D ফটো থকা, একেবাৰে ঘৰত কেলেণ্ডাৰ কৰি ৰখাব পৰা চিঠি৷ এখন চিঠিৰেই দাম চাগৈ পঞ্চাশ টকা মান হ’ব৷ বিবাহ বাহৰো দামী, জাকিয়াচ পেলেচ৷ দামী চিঠি, দামী বিবাহ বাহৰ, গম পালোঁ খানা যথেষ্ঠ ভাল হ’ব, এইখন বিয়া কোনোমতেই এৰিব নোৱাৰি, কেলেণ্ডাৰত তাৰিখটো চিন দি থ’লোঁ একেবাৰে৷ বিয়াৰ দিনাখন নিজৰ আটাইতকৈ ভাল ড্ৰেচ যোৰ পিন্ধি বিয়া খাবলৈ ৰাতি আঠটা মানত ওলালোঁ৷ গুৱাহাটীত এইটোৱে ভীৰ হোৱা সময়, যাতে ঘূৰি আহি ঘৰত আকৌ একো বনাই খাব নেলাগে৷ সকলোৱে চৰু বন্ধ কৰি আঠটা মানৰ পাচতেই যায়৷

বিয়াঘৰ পাই দেখিলোঁ ধুনীয়া ডেকোৰেচন, দামী ফুল, বাপ্পি লাহিড়িৰ নিচিনা এক কেজি মান সোণ পিন্ধি কইনা দূৰৈৰ পৰা জিলিকি আছে৷ বন্দুকৰ নিচিনা দীঘল দীঘল নলী লগা কেমেৰাৰে, বগা বগা চাটি, হেলোজেন টাইপ লাইট লগাই কেমেৰামেনে ফটো তুলি আছে৷ ঠেলা ঠেলি কৰি নলী থকা কেমেৰাৰে কইনাৰ লগত ফটোও উঠিলোঁ দুখনমান। ফটো কেতিয়াও দেখা নেপাওঁ যদিও, তেনে কেমেৰাত ফটো উঠাৰ আনন্দ কণৰ কাৰনেই উঠিলোঁ আৰু৷

মুঠতে গোটেইবোৰ দামীয়ে, একদম ইলাহী কাৰবাৰ। মানুহবোৰো দামী দামী মেখেলা চাদৰ, চুট টাই পিন্ধি আহিছে, ভব্য গব্য মানুহ৷ কিছুমান ছোৱালী/ মহিলাক দেখিলে আকৌ দূৰ্গা পূজাৰ মূৰ্ত্তিবোৰৰ দৰে লাগে৷ আগফালৰ পৰা পূৰা ঠিকে আছে, পাচফালে ঢোবাং বাং৷ মানে ব্লাউজ চিলাওঁতে হয়তো দৰ্জ্জীয়ে ঠগিলে, পাচফালৰ কাপোৰতো নিদিলেই৷ হয়তো নিচিলাই মাৰি দিলে৷ বেচেৰী কেইজনীয়ে ঠগ খোৱা বুলি গমো নেপালে৷

যি নহওক ধনী ঘৰৰ মানুহ, কথাই বেলেগ, আমাৰ দৰে এই অলপ কাপোৰৰ কাৰণে চাগৈ মাঠাই নেমাৰে৷ কইনাক গিফ্ট দি উঠি চিটত বহিলোঁ৷ থালি লৈ ৱেটাৰ ঘূৰি আছে, পকোৰা, চুপ, ফিচ ফিংগাৰ থালিত৷ বহোঁঁতেই খানা হাজিৰ, মেইন কোৰ্চ তাৰমানে কেনেকুৱা হ’ব, ভাবিয়েই আনন্দ লাগিল৷ ঘৰৰ মানুহ এবাৰ কোনো মাতে মাত দিব পাৰিলো, তাৰপাচত দেখাই নাপালোঁ। যি ব্যস্ততা উপায়ো নাই, ইমান ব্যস্ত মানুহক মাত দিয়াৰ সময় নাথাকেই৷ যি নহওক আধা ঘন্টামান পাচত খাবলৈ মাতিলে, গ’লো৷

কিন্তু খাবলৈ গৈহে মূৰৰ চুলি থিয় হ’ল৷ বুফে চিষ্টেমতেই খানা, কিন্তু খোৱাৰ কাৰণে এটা মস্ত দীঘল লাইন৷ বিমুদ্ৰাকৰণৰ সময়ত বেংকৰ সন্মুখত হোৱা লাইনৰ দৰেই দীঘল লাইন৷ কিন্তু উপায়তো নাই গুৱাহাটীৰ বিয়াত খাবলৈ লাইন কৰিবই লাগিব, গতিকে লাইনত থিয় হ’লোঁ৷ বিয়াৰ খানাত সাম্যবাদ চলে, লাগিলে যিয়েই নহওক লাইন কৰিলেহে খাব পাব৷ খালি লাইনতো আগতে শৰাইঘাট দলঙৰ ওপৰত হোৱা ট্ৰেফিক জামৰ দৰে লাহে লাহে আগবাঢ়ি গৈ আছে ৷ অলপ সময়ৰ পাচত প্ৰথম ষ্টপেজ পালোঁ, তাত প্লেট খন পালোঁ যেনিবা৷ ইয়াৰ পাচত জেলত প্লেট লৈ কয়দীবোৰ খাদ্যৰ কাৰণে যেনেকৈ আগবাঢ়ে, প্লেট লৈ লাহে লাহে আমিও আগবাঢ়ি গ’লো, কেৱল কয়দীৰ সাজৰ সলনি পিন্ধনত সকলোৰে দামী দামী কাপোৰ আৰু আ-অলংকাৰ৷ বাকী দৃশ্য প্ৰায় একেই৷

তাৰপাচৰ ষ্টপেজত আচাৰ, চালাদ ,নেমু এইবোৰ পালোঁ৷ কিন্তু মেইন কোৰ্চৰ লাইন একেবাৰে লাহে লাহে আগবাঢ়িল, গণেশগুৰিৰ ট্ৰেফিক জামৰ দৰে৷ মানে আগ নবঢ়াৰ নিচিনাই, মানুহবোৰেও উষ্মা প্ৰকাশ কৰিলে ইমান লাহে লাহে কিয় যায়নো, খৰ কৰিব লাগে, যেন হীমা দাসৰ দৰে দৌৰি গৈ খোৱা বস্তুবোৰ ল’ব লাগে আৰু পিচৰবোৰক সুবিধা কৰি দিব লাগে৷ বহুত দেৰি লাইনত ঠিয় হৈ থকাৰ মাজতে আ অলংকাৰেৰে সুশোভিত, দুগৰাকীমান মহিলাই লাইন ভাঙি সোমাব খুজোঁতে কাজিয়াই লাগিল, কোনোবাই কলেই,
:হেই লাইন কিয় ভাঙে, আমি ইমান দেৰীৰ পৰা লাইনত আছো৷

মানুহ কেইগৰাকীয়ে নিজৰ মাজতে বেলেগে শুনাকে ক’লে,
:ঘৰৰ মানুহ পাচত খাম বুলি ভাবি এইয়া হ’ল।

মানে তেওঁলোক যে ঘৰৰে মানুহ জনালে। কিন্তু ঘৰৰ লেবেলো কামত নাহিল, লাইন ভাঙিবলৈ বাহিৰৰ মানুহে নিদিলে৷ পৰিস্থিতি যি আছিল কইনাৰ বাপেক আহিলেও মানুহে তেনেকৈ ক’লে হয় চাগৈ৷ ভাবিলো ইমান আয়োজন কৰিছে যেতিয়া খোৱাৰ লাইন কন্ট্ৰোল কৰিবলৈ ট্ৰেফিক পুলিচ দুজনমানৰো যোগাৰ কৰি দিব লাগিছিল৷ আৰামত লাইন গৈ থাকিল হয়৷

যিহেতু ঘৰত চৰু বন্ধ কৰি আহিছোঁ লাইনত থিয় হোৱাৰ বাহিৰে আমাৰো উপায়ো নাই। গতিকে হেঁচি ঠেলি খাদ্য লৈ লৈ আগবাঢ়ি গৈ থাকিলোঁ’ তাতে আকৌ প্লেটৰ পৰা কিবা বস্তু কাৰোবাৰ কাপোৰত পৰে বুলি সাৱধানো হ’ব লাগে। কিন্তু যি ঠেলা হেঁচা পৰিলেও উপায় নাই৷

যি নহওক নটা বজাৰ পৰা লাইন কৰি কৰি নটা পঞ্চলিশ মানত খোৱা লব পাৰিলোঁগৈ৷ খানা বহুত আছিল যদিও যি ল’লোঁ এবাৰেই আৰু দুবাৰ লোৱাৰ সাহস নহ’লগৈ, লাইনৰ পৰা ওলাইহে ভালকৈ উশাহ ললোঁ৷ ভালকৈ খোৱাৰ আশা দীঘল লাইনত ঠেলা হেঁচা কৰোঁতেই শেষ হ’ল৷

সেইদিনা দুটা কথা বুজিলো,
প্ৰথম: মানুহে লাগিলে যিমান দামী কাপোৰ বা অলংকাৰেই নিপিন্ধক, ভোকত থাকিলে ” man is a social animal” প্ৰমাণ হৈ যায়। ভোকত মানুহ জন্তুলৈ পৰ্যবসিত হয়, চিন্তা অকল খাদ্যটোৱেই হয়গৈ৷

  1. দ্বিতীয়: কিছুমান বিয়াত ভালকৈ খাব পৰাতো একেবাৰে যুদ্ধ জয় কৰাৰ নিচিনাই কথা৷ খাদ্যৰ প্লেটখন সম্পূৰ্ণ কৰি ল’ব পাৰিল অলিম্পিকৰ মেডেল জিকা যেন লাগে।

☆★☆★☆

9 Comments

Leave a Reply

Your email address will not be published.