ফটাঢোল

বিড়িয়েই প্ৰেমৰ ধ্বংসৰ মূল – চবিনা ইয়াচমিন

দেউতা আছিল প্ৰতিৰক্ষা বাহিনীৰ কৰ্মকৰ্তা৷ সাংঘাতিক অনুশাসন আৰু পৰিপাটিকৈ আমি থাকিব লগা হৈছিল৷ কোনো কথাৰ অনুমতি বিচাৰিবলৈ আমি পোনে-পোনেই দেউতাৰ কাষ চাপি কোনো দিনেই নাপালোঁ৷ মায়েহে পাৰ্‌মিচন লয় আমাৰ হৈ৷ ঠিক একেই স্বভাৱৰে আছিল দেউতাৰ সহকৰ্মী গোস্বামী খুৰা৷ খুৰাৰ ছোৱালী নিৰ্মালী আছিল মোৰ সমনীয়া৷ দেউতাহঁতৰ প্ৰশিক্ষণ শিবিৰত প্ৰতি বছৰেই আকৌ উৎসৱ উদযাপনৰ দিশটোত বিশেষ গুৰুত্ব দিয়া হয়৷ তাৰ ভিতৰত দুৰ্গোৎসৱ মোৰ অতি প্ৰিয়৷ কাৰণ বছৰটোৰ এটা সময়তে নিৰ্মালীক মই আটাইতকৈ বেছি সময় লগ পাওঁ৷ সেই সময়কণেই আছিল দুৰ্গোৎসৱৰ সময়ছোৱা৷ এই উৎসৱৰ কথা ভাবিলে আজিও মন উৰা মাৰে অতীতলৈ৷ তেনে এটা দুৰ্গোৎসৱৰে কথা৷
কৈশোৰ শেষ কৰি যৌৱনত ভৰি দিছোহে তেতিয়া আমি৷ সেইবাৰ আমি দুৰ্গোৎসৱ বুলি টাউনৰ ঘৰৰ পৰা অলপ দিন আগতীয়াকৈয়েই প্ৰশিক্ষণ শিবিৰত থকাকৈ যাবলৈ ওলালোঁ৷ নিৰ্মালীহঁতো আগতীয়াকৈ আহিছে৷ কাৰণ সেইবাৰ ভাওনা এখনো পতাৰ সিদ্ধান্ত লৈছিল৷ ভাওনাৰ নাম ‘পাৰিজাত হৰণ’৷ প্ৰতি সন্ধিয়া এমাহ ধৰি আখৰা চলি আছে ফায়াৰিং ৰেঞ্জৰ কাষৰ পথাৰখনত৷ আমিও মাজে মাজে আখৰা চাবলৈ যাওঁ৷ শৰৎ কাল, মিহি মিহি এজাক শীতল বতাহ, ভাওনাৰ আখৰাৰ শংখ, ডবা, খোল, তালৰ শব্দৰ লগতে ভাৱৰীয়াসকলৰ বচন মতাৰ শব্দবোৰে এক আপোন পাহৰা পৰিবেশ সৃষ্টি কৰিছিল৷ মোৰ মনত এক বুজাব নোৱাৰা ফূৰ্তি৷ কাৰণ ভাওনা বুলিলেই মই বলিয়া৷ অৰ্ণৱদাই কৃষ্ণৰ ভাও ল’ব বুলি শুনিছোঁ৷ দেহী ইমানেই ধুনীয়া ল’ৰা৷ চৰিত্ৰই মানুহে একেবাৰে খাপ খাই পৰিছে৷ অৰ্ণৱদাৰ লগত মোৰ বৰ ভাল সম্পৰ্ক৷ জ্যামিতিৰ কিছুমান উপপাদ্য বৰ সুন্দৰকৈ বুজাব পাৰিছিল৷ মোৰ লগৰ নিৰ্মালীয়ে আকৌ মনে মনে অৰ্ণৱদাৰ প্ৰেমত পৰিছিল৷ কথাটো অহুকাণে-পহুকাণে আহি মোৰ কাণত পৰিল৷ শুনিয়েই বুকু কঁপি গ’ল৷ কেনেবাকৈ দেউতা আৰু গোস্বামী খুৰাৰ কাণত পৰিলে আমাৰ ভাওনা চোৱা দূৰৰ কথা পিঠি গুৰুলা-গুৰুল হ’ব৷ মই প্ৰতক্ষ্যভাবেই তাইক কথাটো সঁচা নেকি সুধিলোঁ৷ তায়ো মূৰ দুপিয়ালে৷ মোৰ ভয়ত তত নাই৷ ইমাননো বাঘৰ আগ তেল খোৱা ছোৱালী হ’ব লাগেনে? প্ৰেমো কৰিবলৈ পাইছে কাৰ লগত৷ অৰ্ণৱদা দেউতাহঁতৰ বাহিনীৰে এজন চিপাহী৷ গোস্বামী খুৰাৰ কাণত পৰিলে তাইক কি কৰিব ঠিক নাই৷ মই তাইক বহুত বুজালোঁ৷ পিচে তাই নাছোড়বান্দা৷ প্ৰেম কৰিহে এৰিব৷ মই বোলো-
“অৰ্ণৱদাই জানেনে? ”
তাই বোলে –
“নাই নাজানে৷ ভাল দিন এটা চাই ক’ম কথাটো৷ প্ৰথম দেখাতেই প্ৰেমত পৰিছিলোঁ৷ দেউতাৰ ভয়তহে আৱেগবোৰ কথমপি ধৰি বান্ধি ৰাখিছিলোঁ৷”
অৰ্ণৱদা সুদূৰ শিলচৰৰ পৰা আহিছে বদলি হৈ৷ বি.এ. পাছ কৰি চিপাহী চাকৰিত সোমাইছে৷ অলপ দিনৰ পৰা আমাৰ কোৱাৰ্টাৰত তাৰ ডিউটি পৰিছে৷ দিনটো ডিউটি কৰি সন্ধিয়া সি পোনে পোনেই আখৰালৈ যায়৷ আমাৰ কাষৰ কোৱাৰ্টাৰটোৱেই খুৰাহঁতৰ৷ গতিকে নিৰ্মালীয়ে ভালেই পাইছে৷ যি হওক, দিনটো সি চকুৰ আগতে থাকে৷ কোনো ধৰণৰ কথা নাপাতিলেও প্ৰায়ে নিৰ্মালীৰ চকুৱে চকুৱে পৰিলে মিচিকিয়াই হাঁহে সি৷ তায়ো উত্তৰ নিদিয়াকৈ নাথাকে৷ পিচে কথাহে বৰকৈ পাতিব নোৱাৰে৷ দেউতা আৰু খুৰাহঁতে এটা ডেক’ৰাম মেণ্টেইন কৰি চলিব লগা হয়৷ মানে আমি সিহঁতৰ লগত বেছিকৈ কথা পতা নিষেধ আছিল৷ এইদৰেই সিহঁ‌তৰ চাইলেণ্ট লাভ চলি আছে৷ নিৰ্মালীৰ মনটোৱে সিনো তাই বিষয়ে কি ভাবে জানিবলৈ তোলপাৰ লগাই থাকিবলৈ ল’লে৷ কত যে আশা ভৰষা তাইৰ! মই বোলো –
“সপোন ভাঙিলেহে তই পৰ্বতৰ টিঙৰ পৰা একেচাঁতে তলত পৰিবিহি৷ ”
এদিন ঠিক কৰিলে তাই৷ এই কথাই কথা নহয়৷ মনৰ কথা কোনোবাইতো ক’বই লাগিব৷ সি তাতে আগতে এবাৰ আমাক বজাৰলৈ লৈ যাওঁতে কথা এষাৰ কোৱা মনত আছে৷ আমি বজাৰলৈ গ’লে এচক’ৰ্ট হিচাপে আমাৰ গাড়ীৰ লগত  এখন জিপ যায়৷ আমি বজাৰ কৰোঁ৷ অৰ্ণৱদা লগত যায়৷ আনকেইজন ল’ৰা গাড়ীৰ কাষত ৰৈ থাকে৷ এদিন হোটেলত চাহ খাবলৈ সোমালোঁ৷ মই অৰ্ণৱদাকো আহিবলৈ ক’লোঁ৷ সি নাহিলে, ক’লে –
“আমি চিপাহী মানুহ আছোঁ৷ ভণ্টী চাহাব আপোনালোকে খাওক৷ আমি বাহিৰতে ৰৈ থাকিম৷”
অৰ্ণৱদা বাংলা ভাষী মানুহ৷ গতিকে অসমীয়া ভাষাটো সি অলপ ভঙা ভঙাকৈ কয়৷ মোৰ সেইদিনাৰ পৰা তালৈ কিবা এটা মৰম উপজিল৷  নিৰ্মালী যে একেবাৰে ফিডাই হৈ গ’ল৷ সি তেনেকৈ ভবাৰ বাবে মোৰ বেয়াও লাগিল৷ মোৰ চকুত কোনো কামৰে সৰু বৰ নাই৷ গতিকে নিৰ্মালীয়ে ভাবিলে সি তাইক কেতিয়াবা যে প্ৰেম নিবেদন কৰিব সেয়া দূৰৰ কথা৷ তায়েই কিবা এটা কৰিব লাগিব৷ দুদিন পিছত ভাওনা প্ৰশিক্ষণ শিবিৰ মূখ্য নামঘৰত হ’ব৷ মোৰ তামাম টেনচন৷ ভাওনাৰ দিনাই ৰাতি কোৱাৰ্টাৰলৈ ঘূৰি আহোঁতে অৰ্ণৱদাক নিৰ্মালীয়ে প্ৰপ’জ কৰিব মানে প্ৰথম প্ৰেমপত্ৰখন দিব বুলি ঠিক কৰিলে৷ পিছত যি হয় দেখা যাব৷ দুদিন যিহেতু ভাওনালৈ আছেই, লুকাই চুৰকৈ চিঠি এখন লিখি একেবাৰে ৰেদি কৰি ল’লে নিৰ্মালীয়ে৷
অৱশেষত সেই বিশেষ দিনটো আহিল৷ ৰাতি সোনকালেই ভাত পানী খাই আজৰি হ’লোঁ আমি৷ দেউতা অত্যন্ত ব্যস্ত সেইদিনা৷ পুৱাৰ পৰাই পোছাক অনা, মেকআপ আৰ্টিষ্ট বিচৰা সেইবোৰ কামত লাগি আছে৷ অৰ্ণৱদাও দিনতেই গ’ল নামঘৰলৈ৷ ৰাতিলৈ মই অন্য দুজনমান দাদা আৰু নিৰ্মালীৰ স’তে ভাওনা চাবলৈ যাবলৈ ওলালোঁ৷ অলপ দূৰ গৈয়ে আধা বাটত দেউতা আৰু খুৰাক লগ পালোঁ৷ নামঘৰৰ ফালে আগবাঢ়িছোহে মাত্ৰ, দেখিলোঁ নিৰ্মালীৰ হাই-নেক্‌ ফ্ৰকটোৰ নেক্‌টোত লুকুৱাই অনা চিঠিখন সামান্য দেখি থকাকৈ ওলাই আছে আৰু তাই খুৰাহঁতৰ লগতেই গৈ আছে৷ মোৰ ভয়ত তত নাই চিঠিখন কোনোবাই কি বস্তু বুলি চাবলৈ বিচাৰিলে কি হ’ব? ক’বও নোৱাৰা হ’লোঁ তাইক৷ মহা বিপদ৷ কিবাকে আকাৰে ইঙ্গিতে দেখুৱাই যেনিবা চিঠিৰ সমস্যাটো সমাধান হ’ল৷ অলপ পিছত ভাওনা আৰম্ভ হ’ল৷ কৃষ্ণৰ প্ৰৱেশ৷ বচন সমূহ গাবলৈ আৰম্ভ কৰিলে ভাৱৰীয়াসকলে৷ অলপ পিছতে নিৰ্মালীৰ কিবা খাবলৈ মন গ’ল৷ তাই বোলে-
“ছোঁ ঘৰৰ দাঁতিত মঙলু কায়ে সৰুকৈ অস্থায়ী দোকান এখন পাতিছে ৰাতিটোৰ বাবে দেউতাহঁতৰ অনুমতি লৈ৷ কেঁচা বুট কিনি আনো ব’ল৷”
 মই ভাওনা এৰি যাবলৈ মান্তি নোহোৱাত তাই অকলেই কিনিবলৈ গ’ল৷ অলপ পৰৰ পিছত কান্দি চকু ৰঙা কৰি উলটি আহিছে নিৰ্মালী৷ মোৰ ভয়ত জীৱ উৰি যোৱা যেন লাগিল৷ কি বা হ’ল আকৌ! আহিয়েই অৰ্ণৱদালৈ লিখা চিঠিখন টুকুৰা টুকুৰকৈ ফালিছে৷ মই কি হ’ল সোধাত বাৰুকৈয়ে কান্দিবলৈ ল’লে তাই৷ মই বোলো-
“নেকান্দিবি৷ খুৰাহঁতে দেখিলে কি বুলি ক’বি? আগতে কথাটো কি হ’ল কৈ ল’চোন মোক৷”
যেতে তেনে বুজাই কন্দা বন্ধ কৰালোঁ তাইৰ৷ তাৰ পিছত নাক উজাই উজাই তাই আচল কাহিনীটো কৈ গ’ল,
 “ছোঁ ঘৰৰ ফালে আগবাঢ়োঁতেই দেখিলোঁ অৰ্ণৱদাও সেইফালেই গৈছে৷ হয়তো ভাওনাত তাৰ সেই সময়ত ভাও নাছিল৷ মই বোলো ভালেই হ’ল এইচেগতে চিঠিখন দিম তাক৷ সি গৈ মঙলুকাইৰ দোকান পালেগৈ৷ ময়ো গৈ কিছু আঁতৰত ৰৈ আছোঁ৷ লগত আৰু দুটামান ল’ৰা থকাৰ বাবে অলপ অপেক্ষা কৰি আছোঁ সিহঁত আঁতৰি যোৱালৈ৷ দেখিলোঁ সিহঁত আঁতৰি নোযোৱাই হ’ল৷ হাঁহি মাতি কথাহে পাতি আছে৷ খং উঠিছেগৈ৷ দেউতাই নেদেখোঁতে চিঠিখন দিব পাৰিলে ভাল আছিল বুলি ভাবিছোঁ৷ পিচে কি দেখিছোঁ মই! সি বিড়ি এটা জ্বলাই লৈছে৷ ছিঃ বিড়ি খাই সি! নাই নাই মোৰ দ্বাৰা নহ’ব৷ বিড়িৰ গোন্ধই সহিব নোৱাৰোঁ৷ সেই বিড়ি খোৱাটোৰ স’তে প্ৰেম কেনেকৈ কৰিম! সি এনে কাম কৰিব লাগে নে বাৰু? মোৰ প্ৰথম প্ৰেম কলিতে মৰি থাকিল৷”
এই বুলি তাই পুনৰ ৰাউচি জোৰিলে৷ মোৰ ভয় লাগিছে খুৰা আৰু দেউতাহঁতে কোনোবাই দেখিব বুলি৷ সেইদিনা আৰু ভাওনা চোৱা নহ’ল৷ আমি দুইজনী কোৱাৰ্টাৰলৈ গুছি আহিলোঁ৷ অৰ্ণৱদা আৰু নিৰ্মালীৰ প্ৰেমৰ অন্ত পৰিল৷ এই বিড়িয়েই যত কূটৰ ঘাই৷ আমি শেষলৈ তাৰ নামটোকে ‘বিড়ি’ কৰি পেলালোঁ‌।
☆★☆★☆

3 Comments

  • হা হা হা বিড়ি এটাই সকলো চুৰমাৰ কৰি দিলে, ভাল লাগিল।

    Reply
  • Parishmita

    মজ্জা দেই চবিনাবা। বেচেৰী নিৰ্মালী।

    Reply
  • Ranjit Hazarika

    বিড়িৰ ঠাইত চিগাৰেট হোৱা হ’লে এতিয়ালৈ হৰ-গৌৰী বসতি কৰি থাকিলহেঁঁতেন!

    Reply

Leave a Reply

Your email address will not be published.