ফটাঢোল

বিৱৰ্তন — মৃদুল নাথ

যোৱা তিনি চাৰিদিন মানৰ পৰা মানুহজনী খুবেই ব্যস্ত, লগৰ বান্ধবী এজনীৰ বিয়া। বান্ধবীগৰাকী যোৰহাটৰ, কলেজৰ দিনৰে বান্ধবী, একেবাৰে নলেগলে লগা। নলেগলে লগা বুলি অবশ্যে মানুহজনীয়ে হে কৈছে, মোৰ সেই বিষয়ে বিশেষ জ্ঞান নাই। আজিকালি এনেও জুকাৰবাৰ্গ ককাইদেউৰ দান আৰু আম্বানী ডাঙৰীয়াৰ বদান্যতাত মোবাইলটোৱে পাহৰণিৰ গৰ্ভত ইমান দিনে ডুব গৈ থকা বহু পুৰণি চিনাকিক পুনৰ কাষ চপাই আনিছে। পিছে ইয়াৰ বাবে বহুতোৰে নগুৰ নাকতিও নহোৱা নহয়। কাৰণ, প্ৰেম আজি একেবাৰে সহজলভ্য, লাগিলে প্ৰেমিকা দুটা সন্তানৰ মাকে নহওঁক কিয়, কোনো কথা নাই। এইখিনিতে আকৌ ‘বিউটিপ্লাচ’ৰ অবদানৰ কথা উল্লেখ নকৰিলে ভুল কৰা হ’ব। সচাঁকৈ অকল্পনীয় অবদান এই বিউটিপ্লাচ’ৰ, যাৰ বাবে ক’লী বুলি কবলৈ কোনোবা এজনীক বিছাৰি পাবলৈকে নহোৱা হ’ল। অবশ্যে ‘ৰেচিজম’ মই ভাল নাপাওঁ কাৰণ মই নিজেও ক’লা। পোনে পোনে ক’লা বুলি কলে অলপ গাত লাগে দিয়কচোন, সেয়ে ‘মিঠা বৰণীয়া’, ‘মাগুৰ বৰণীয়া’ আদি শব্দ বোৰৰ উদ্ভাৱন পণ্ডিত সকলে কৰিছে, যি বোৰে আমাৰ নিচিনা বোৰৰ মনত বেদনাৰ মাজতো কিঞ্চিত আনন্দ প্ৰদান কৰে।

বিয়াৰ দিনটো দেওবাৰ হোৱা হেতুকে শ্ৰীমতীয়ে মোক বিশেষ জোৰ কৰিব লগা নহল, কাৰণ মোৰ ছুটী নললেও হ’ব। তাতে যোৰহাট মাত্ৰ এঘন্টাৰ বাট, বহুদিন যোৱাওঁ নাই। বৰ এটা বিশেষ চিন্তা নকৰাকৈ সন্মতি দি দিলো। পিছে মইনো কি জানো এনে বিপৰ্য্যয়ৰ সন্মুখীন হম বুলি!

আজি শনিবাৰ বুলি ৰাতিপুৱাৰে পৰা মনটো ভাল লাগি আছে, দেওবাৰ টো পালেহি। অপেক্ষাৰ ফল মিঠা হয় বুলি মনতে ভাবি আছোঁ, দেওবাৰটো মিঠা হওঁক বুলি। এনেও ভোজন বিলাসী বুলি নাম এটা আছে, বিয়াত কালি ভালকৈ এসাঁজ দবাব পাৰিম বুলিয়ে মনটোৱে কৈছে। বিয়াখনত মোৰ চিনাকি মানুহ লগ পোৱাৰ আশা তেনেই ক্ষীণ, যিটো মোৰ বাবে সুবিধাজনক। চিনাকী মানুহৰ আগত বেছিকৈ খাবলৈ দিগদাৰী, কোনে কেতিয়া কাটমাৰি কি কথা কয় ঠিকনা নাই। সেই কাৰণে বিয়াই সবাহে খোৱাৰ সময়ত পাৰিলে মই মুৰ তুলি নাচাওঁ। ভাল লগা গানৰ কলি এটা গুন গুনাই অফিছলৈ বুলি সাজু হৈছোঁ তেনেতে মানুহজনীৰ মাতষাৰে অলপ চিন্তাত পেলালে,
“হেৰি, শুনিছেনে? আজি ছেকেণ্ড হাফ ছুটী লব। বোকাখাট যাব লাগিব, কাম আছে”

মানুহজনীৰ মাতষাৰত অনুৰোধ কম, হুকুম হে বেছি থাকে। ‘হাকিম লৰিলেও হুকুম নলৰে’ কথাষাৰ আমাৰ ঘৰখনত খুবেই প্ৰযোজ্য। আৰু ঘৰখনত হাকিম কোন সেয়া বুজাই নকলেও হ’ব., বিশেষকৈ প্ৰত্যেক জন বিবাহিত ব্যক্তিয়ে খুব ভালকৈয়ে বুজি পাইছে।

অফিছত আহি আজি একেবাৰে কামত মন বহাব পৰা নাই, বাৰে বাৰে মনত একেটা প্ৰশ্নই ফেপেৰি পাতি ধৰি আছে… হঠাৎ বোকাখাত কিয় যাব লগা হ’ল? বিয়াখনৰ বাবে নতুন পাটৰ মেখেলা চাদৰ যোৰ যোৱা সপ্তাহতে গোলাঘাটৰ চিল্কালয়ৰ পৰা লোৱা হ’ল। লগতে কাপোৰ যোৰাৰ লগত মিলি যোৱাকৈ ‘মেটচিং’ ব্লাউজ, ‘মেটচিং ইয়াৰিং’ কে আদি কৰি খুচুৰ খাচাৰ আনুসাংগিক বয় বস্তু বোৰো একেলগে সিদিনাই লোৱা হৈছিল। যৌতুকৰ বাবে লোৱা প্ৰেচাৰ কুকাৰ টো ধৰিলে সিদিনা মাহটোৰ দৰমহাৰ এক পঞ্চমাংশ বিয়াখনৰ নামত নিমিষতে উৰি গৈছিল। খৰছৰ পৰিমাণটোৱে সেই মুহূৰ্তত যি তীব্ৰতাৰে মোক জোকাৰি গৈছিল, অলপ দেৰি নিজৰ ‘মাইল্ড প্ৰেচাৰ স্ট্ৰোক’ হোৱা যেনেই পাইছিলোঁ। তেতিয়াই পৰমপিতাক কুতুৰিছিলোঁ….পৰিয়ালৰ চিনাকি কাৰোবাৰ বিয়া যাতে নাই কমেওঁ তিনি মাহ মানৰ মূৰতহে এবাৰ মান আহে, নাহিলেও একো কথা নাই । এনেও বৰ্ধিত জনসংখ্যাৰ ভৰ সহি সহি পৃথিবী খন কোঙা হৈ গৈছে।

সমীকৰণটো কোনোপধ্যে মিলাব পৰা নাই, এবাৰ ভাবিলোঁ ‘ফেচিয়েল’ কৰাব, পিছে অহাকালি ৰাতিপুৱাই বিউটিচিয়ান গৰাকী ঘৰতে অহা কথা, আগতে কৰালে ম্যাদ উকলি যোৱাৰ ভয়। আতি গুৰি একো মিলাব নোৱাৰি যি হয় দেখা যাব বুলি নেদেখা জনৰ ওপৰতে সকলো এৰি দি বছ’ৰ কোঠাৰ দুৱাৰত টুকুৰিয়ালো., উদ্দেশ্য দ্বিতীয়াৰ্ধৰ বাবে ছুটী বিছৰা।

ফাইলৰ পৰা মুৰ নুতুলাকৈ বছে সুধিলে, ” কি বৰুৱা, ছুটী লাগে ছেকেণ্ড হাফ?”
-“আপুনি সৰবজান নেকি বাৰু ছাৰ? ” মোৰ কণ্ঠস্বৰ ইয়াতকৈ বেছি মিঠা আৰু তেল সনা হ’ব নোৱাৰে বুলি মোৰ দৃঢ় বিশ্বাস!
-” আপুনি ইমান চুচুক চামাককৈ ভিজা মেকুৰীৰ দৰে শনিবাৰটোত দুপৰীয়া মোৰ ইয়াত অহাৰ বেলেগ কিবা উদ্দেশ্য থাকিব পাৰে বুলি মই নাভাবো। ”
বছ’ৰ স্পষ্ট কথাত অলপ দেৰিৰ বাবে মোৰ আত্মবিশ্বাস লোপ পায়। সেই সময়তে মানুহজনীৰ চেহেৰা মনলৈ অহাত মোৰ অবস্থা হয় সাঁতুৰিব নজনা মানুহজনৰ লেখীয়া যাৰ সন্মুখত এফালে গভীৰ সাগৰ আৰু আনফালে এক দয়া মমতাহীন ঘঁৰিয়াল বিৰাজমান!

অলপ সময় নিশ্চুপ হৈ থাকি জোতাৰ আগটোৰে মজিয়াত কিবা এটা অংকণ কৰাৰ বৃথা চেষ্টা কৰি থকাৰ পিছত বছ’ৰ কণ্ঠস্বৰ কোমল হয়, ” যাওঁক, শাওপাত লবলৈ মন নাই মোৰ। আছে যদি তামোল এখন খুৱাই যাওঁক।” মোৰ লগত তামোলৰ টোপোলা এটা সকলো সময়তে থাকে বুলি সকলোৱে জানে। কৃতজ্ঞতাত গদ গদ হৈ তামোল খন আগবঢ়াই দিওঁতে মনলৈ ভাৱ এটা আহে, পাৰিলে যেন তামোলৰ গছ এডালে আনি দি দিম তেওঁক।

মোৰ মানুহজনী বেছ সৰবৰাহী, বন্ধু বান্ধৱীওঁ ঢেৰ। সপ্তাহটোৰ সাতটা দিনত আঠটা অনুষ্ঠানতে ব্যস্ত থাকে। লেডিজ ক্লাবৰ মিটিংৰ পৰা আৰম্ভ কৰি বাৰ্থ দে পাৰ্টি বোৰত মানুহজনীৰ নিমন্ত্ৰণ থাকেই। অমুকা পিছে এই ক্ষেত্ৰত অলপ ‘অন্যান্য পিছপৰা শ্ৰেণী’ৰ অন্তৰ্ভুক্ত।সামগ্ৰীক সময়ৰ লগত খাপ খুৱাবলৈ অপাৰগ হোৱা মোৰ একেবাৰে ‘আউটডেটেড অবতাৰ’ দেখি লেডিজ ক্লাবৰ ‘আল্ট্ৰা মডাৰ্ণ’ নাৰী শক্তিয়ে মানুহ জনীৰ সৈতে অনুষ্ঠান বোৰত মোক দেখিলে কেতিয়াবা ফুচফুচায়, “এয়া বান্দৰৰ ডিঙিত মুকুতাৰ মালা”। এই ফুচফুচনিৰ দুই এটা চিটিকনি মোৰ গঁড়ৰ লেখীয়া ছালযুক্ত গাত পৰিলে বিশেষ একো অনুভৱ নহয়। পিছে মানুহজনীৰ গাত পৰিলেহে বেচেৰীৰ মনটো মৰি যায়। তেতিয়াৰে পৰা মানুহজনীৰ নিৰ্দেশনাত মাজে মাজে মোৰ উত্তৰণ প্ৰকৃয়া চলি থাকে। আজি কিছু দিন আগলৈকে ‘ছাৰ্ট আৰু পেণ্টৰ পিচ’ কিনি দৰ্জীৰ দ্বাৰা চিলাইকৰি কাপোৰ পিন্ধা মানুহজনে বৰ্তমান ‘ৰেডিমেড ব্ৰেণ্ডড’ কাপোৰ পিন্ধোঁ।ইতিহাস সাক্ষী আছে, সময়ৰ লগত খাপ খুৱাই যিকেইটা বান্দৰে নিজকে সলনি কৰিলে, সেই কেইটা পিছত বিবৰ্তনৰ ফলত মানুহ হ’ল., বাকী বোৰ বান্দৰ হৈয়ে ৰ’ল।
মস্তিষ্কৰ ওপৰত আৰু অধিক চাপ পৰিব নিদি দুপৰীয়া বাৰ’ বজাত ঘৰলৈ উভতিলোঁ। মানুহ জনী সাজু হৈয়ে আছিল, মই গা টো ধুই লওঁ বুলি কওঁতে কলে, “নালাগে দিয়ক, ৰাতিপুৱা ধুইচেই দেখোঁন। ভাত কেইটা খাই সোনকালে ওলাওঁক। ঘূৰি আহি এনেও ধুবই লাগিব।”
লৰালৰিকৈ ভাত কেইটা গিলি থাকোতে মানুহ জনীয়ে কোৱা কথাষাৰ বাৰে বাৰে কানত বাজি থাকিল, “ঘূৰি আহি এনেওঁ ধুবই লাগিব।”
গাড়ী খন আমাৰ লাহে লাহে আগবাঢ়িছে, বেছি বেগাই মই গাড়ী এনেওঁ নচলাওঁ। বোকাখাত পাই শ্ৰীমতীৰ ইংগিত মতে ষ্টেট বেংকৰ ‘এটিএম ‘ টোৰ কাষত গাড়ীখন ৰখালোঁ। মনতে প্ৰমাদ গণিলো,নতুনকৈ আকৌ ডাঙৰ খৰছ ওলাল নেকি!
-“পইছা আছে অলপ চলপ মোৰ লগত উলিয়াই থোৱা। ” কথাটো সুধি মানুহজনীৰ ফালে প্ৰশ্নবোধক দৃষ্টিৰে চালোঁ।
-” ভাল কথা, এতিয়া সৌ বিল্ডিংটোৰ দ্বিতীয় মহলালৈ বলক। তাত পাৰ্কিংৰ সুবিধা নাই বাবে ইয়াত গাড়ী খন ৰখাব কলোঁ। ”
ৰাস্তাৰ সিটোপাৰে থকা বিল্ডিংটোলৈ দৃষ্টি নিক্ষেপ কৰাত চাইনবৰ্ড খনলৈ নিজে নিজে চকু গল। ডাঙৰ ডাঙৰ আখৰেৰে তাত লিখা আছে ‘হাৰ্বেল বিউটি চেলুন ফ’ৰ লেডিজ এণ্ড জেন্টছ’ ।
হা কৈ মেলি থকা মোৰ মুখ খন দেখি মানুহজনীয়ে কলে,” আপোনাৰ এটা মেক অভাৰৰ দৰকাৰ আছে।”
প্ৰথমবাৰৰ বাবে বিবৰ্তনৰ বিৰুদ্ধাচৰণ কৰি মোৰ প্ৰতিবাদ কৰিব মন গল। কিন্তু, গণতান্ত্ৰিক ভাবে কৰা মোৰ এই প্ৰতিবাদ ৰজাঘৰীয়াই কৰ্ণপাত নকৰিলে। ফলত বিহ্বল হৈ ‘হাকিমৰ হুকুম শিৰোধাৰ্য্য’ বুলি দ্বিতীয় মহলালৈ দুৰ্বল খোজেৰে আগবাঢ়িলোঁ।

চেলুনখন যথেষ্ট চাফ চিকুণ দেখি মনটো ভাল লাগি গল। ওখ গাদীৰে সৈতে ধুনীয়া চকীখন বহিবলৈ যে বেছ আৰামদায়ক হব সেয়া দেখিলেই বুজা যায়। পৰিপাটি পোছাক পিন্ধা লৰা এজনে মোক বহিবলৈ কোৱাত বুজিলোঁ মানুহজনীয়ে ইতিমধ্যে সকলোখিনি আগতিয়াকৈ ঠিক ঠাক কৰি থৈছে। চকী খনত গা টো এৰি দিয়েই মোৰ চকুদুটা মুদ খাওঁ খাওঁ কৰিব ধৰিলে., দুপৰীয়া ভাত কেইটা খাই উঠি এনেওঁ গাটো অলপ গধুৰ লাগেই দিয়কচোন!
কোনোবাই গাত হেচুকি দিয়াত সাৰ পাই দেখোঁ যে মানুহজনীয়ে ৰঙা চকুৰে মোলৈ চাই আছে। ল’ৰাজনৰ হাঁহি আৰু মানুহজনীৰ ৰঙা চকুৰ পৰাই বুজিলোঁ মোৰ নাসিকা গৰ্জনে ইতিমধ্যে সৰু সুৰা ভুমিকম্পৰ সৃষ্টি কৰিব লৈছিলেই। নাকে মুখে পানী ছটিয়াই মোক কিছু প্ৰকৃতস্থ কৰাৰ পিছত বিভিন্ন আকাৰ আৰু আকৃতিৰ টেমাৰ পৰা কিছুমান ক্ৰীম জাতীয় পদাৰ্থ উলিয়াই লৰাজনে নিজৰ হাতত ললে।
-“গোটেইখিনি কাম কৰোতে কিছু সময় লাগিব। মই আহি আছোঁ, অলপ মান বজাৰ আছে। ”
মানুহজনীয়ে যদিওবা বজাৰ অলপমানহে আছে বুলি কলে, মই পিছে ভালকৈয়ে জানোঁ যে সময় যিমানে বাঢ়িব, বজাৰৰ মোনা খনোৰো আয়তন সিমানেই বাঢ়িব, সমানুপাতিক ভাবে। এয়া নিত্যান্তই সাধাৰণ আৰু চিৰন্তন সত্য বাবে মই অকনো চিন্তিত হোৱা নাই! চিন্তাৰ কথা বিবৰ্তনৰ পিছত মই নিজকে নিজে চিনি পাওঁ নে নাই সেইটোহে।
মুখমণ্ডলৰ ওপৰত ক্ৰমে লেপন, ঘৰ্ষণ, নিষ্কাষণ আদি বিভিন্ন ধৰণৰ ক্ৰিয়া চলি গৈছে নিৰন্তৰ ভাবে। তেতিয়ালৈকে সকলো ঠিকেই চলি আছিল। মাজতে হঠাৎ এবাৰ গৰম জ্বলীয় বাস্পৰে ভৰপূৰ যন্ত্ৰ এটাৰ ভিতৰত মুৰটোৰে সৈতে মুখখন সোমাব লগা হোৱাতহে ত্ৰাহি মধুসুদন সুঁৱৰিব লগা হ’ল, তেতিয়া উপলব্ধি কৰিব পাৰিছিলোঁ আইকমেনৰ গেছ চেম্বাৰত চটফটাই থকা দুৰ্ভগীয়া ইহুদীসকলোৰ যন্ত্ৰণা বোৰ!

প্ৰায় তিনি চাৰি ঘণ্টা মানৰ মূৰত গোটেই প্ৰক্ৰিয়াটো শেষ হ’ল। মানুহজনীয়ে মোৰ ফালে চাই সন্তুষ্টিৰ হাঁহি মৰা দেখি মনটো ভাল লাগি গল। আইনাৰ সন্মুখত নিজকে আকৌ এবাৰ ভালকৈ চাই ললোঁ। আধা পকা চুলি বোৰ কিচকিচিয়া ক’লা হৈ গল। মানুহজনীৰ হাঁহি আৰু কিছু সতেজ হৈ পৰা মুখ মণ্ডললৈ চাই নিজকে কাউৰীৰ পৰা ময়ুৰ হোৱা যেনে লাগিল! অলপ পিছতে বিলখন আহিল। চাৰিটা সংখ্যাৰে গঠন হোৱা বেছ শকত অংকৰ বিলখন দেখি এইবাৰহে চকু কপালত উঠিল।
মিছা ক’লে কি হ’ব, বিলখন পৰিশোধ কৰোতে বুকুখন সচাঁকৈ বিষাইছিল। এতিয়া উভতিছোঁ ক্ষন্তেকীয়া ময়ুৰ হৈ, মনলৈ বাৰে বাৰে এটা কথাই আহি আছে,” বিৱৰ্তনৰ পথ ইমানো উজু নহয়। সদায় ময়ুৰ হৈ থাকিবলৈ হ’লে বিপদ অৱধাৰিত., এনেও কাউৰী কেতিয়াও ময়ুৰ হ’ব নোৱাৰে!”

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published.