ফটাঢোল

বীৰেণ সংবাদ – মানস শইকীয়া

“পঢ়াশালীত বীৰেণ”

নাম লগাই দিয়াৰ পিছৰ দিনা পুৱাতে উঠি বলীধৰে গোৱৰৰ দমটোৰ কাষত গৰুগাড়ীখন ৰাখি গোৱৰ বোজাই কৰিছে৷ আগমুহূৰ্ত্তত বীৰেণক জগাই দিলে বোলে “ইচকুলীয়া লৱা ইমান দেৰী শুৱ নাপায়৷” মাঘমহীয়া জাৰত বীৰেণে আৰু এক ঘুমতি মাৰিব বিচাৰিছিল৷ দেউতাকৰ ভয়ত উঠি আহি পিৰালিতে বহি টোপনিয়াই আছে৷ মাক পুতলীৰ মনতে বেয়াও লাগিছে৷
“হেৱৈ, ৰাতিপুৱা টোপনিতো ভঙাই নাইনে?” দেউতাকৰ মাতত বীৰেন খপজপকৈ উঠি এঙাৰ এটুকুৰা লৈ চিধাই পুখুৰী পালেগৈ৷

মাক পুতলীয়ে এহাতত কাঁহি এখনত চাহ জলপান আৰু আনটো হাতত পানী এঘটি লৈ বলীধৰৰ ওচৰ পালেহি৷
“বোলো, কামবন পিছতো কয়িব৷ আগতে হাতটো ধুই চাহকণ খাই লোৱক৷”
বলীধৰে বোলে, “ভালেহে কলি তহঁত মা পুতে দয়ে বেলি উঠালৈকে শুলেহে হব? দে, হাতখনত পানী অকণ দে৷”
হাত ধুই বলীধৰে কঁকালৰ গামোছাখনেৰে হাত মচি থাকোতেই পুতলীয়ে মৰমেৰে মাত লগালে,
“অ’ হেয়ি নহয়, আমা বীয়েন আজিপা ইচকুল নগলে নহয়নি? তামানে কালি পা সি কৈয়ে আছে, কেদিনমান পিছত যাব হেনো”
“নহব, মোক মাষ্ট দাইটিয়ে কৈ পঠাইছে৷ ইচকুল খতি নকৱাবলৈ৷ আউ তো সেই পুতেৱলৈ ময়মটো কমাবি৷ মুঠতে, তাক ইচকুল পঠাবি৷”
পুখুৰীৰ পৰা আহি বলীধৰৰ কথাষাৰ শুনি বীৰেণে উচুপিবলৈ ধৰিলে৷ মাকৰ খাটনিয়েও তাৰমানে কামত নিদিলে৷

বীৰেণৰ যাবলৈ বেয়া পোৱাৰ বাবে স্কুল যাবলৈ মন কৰা নাই, এনে নহয়৷ সৰস্বতী পূজাতে তাৰ লগৰ বিজয়, শিৱ, ৰূপেশ্বৰহঁতেও নাম লগাইছিল৷ লগৰ গোটেই খিনিৰ লগত হাঁহি ধেমালিৰেই আছিল৷ মাজে মাজে ফণী মাষ্টৰৰ আলমাৰিৰ ওপৰত থোৱা বেত কোচালৈ ভয় নলগা নহয়৷

কিন্তু, তাতকৈ ডাঙৰ কথাটো হ’ল,আজি গোঁসাইৰ চহৰত পঢ়া জীয়েক কংকনা বায়েক আহিব৷ কংকনা বায়েকে আহোঁতে সদায় তাৰ বাবে মিঠাই, দামী মৰ্টন লৈ আহে৷ তাক সৰুৰে পৰা বৰ মৰম কৰে৷ বায়েক ঘৰত থকা দিনকেইটা বীৰেণে লগ নেৰেই৷ বায়েকক আনৰ বাৰীৰ পৰা চুৰি কৰি অনা বগৰী, পনিয়ল আনি দিয়ে৷ এইবাৰ বগৰীৰ দিনত তাই আহিব নোৱাৰিলে৷ বায়েকৰ কাৰণে ৰজত মণ্ডলৰ বাৰীৰ পৰা অনা বগৰীকেইটা সি শুকোৱাই থৈছিল৷ ৰজন মহৰীৰ বাৰীৰ মিৰিকা জোপাৰ পৰা পৰহি পকা মিৰিকা দুটামানো বায়েক পমিলা আৰু হিৰুমায়ে নেদেখাকৈ খেৰৰ মেজীত লুকুৱাই ৰাখিছিল৷ দেউতাকে স্কুলত নাম লগাই দিহে গোটেইখন খেলিমেলি লগালে৷

দেউতাকৰ কথা নেমানিলে তাৰ নিস্তাৰ নাই৷ সৰু বায়েক ৰুনুমাইৰ পুৰণি ‘ক’ মানৰ কিতাপখনত পমিলাই বজাৰৰ পৰা কাপোৰ বান্ধি অনা খৱৰ কাগজৰে চামৰা লগাই দিছে৷ কিতাপখন চুই চালে৷ চিলেটখনত আঁকবাঁক দুটামান দি থাকোঁতেই মাকে চাহৰ বাতিটো আগবঢ়াই বোলে গা পা ধুই স্কুল ওলাবি৷

বীৰেণৰ বায়েক পমিলা আৰু হিৰুমায়ে প্ৰাইমাৰীতেই স্কুল এৰিলে৷ ৰুনুমাই দ্বিতীয় শ্ৰেণীত পঢ়ে৷ ৰুনুমাইৰ লগত স্কুললৈ যাবলৈ ওলাওঁতে, পুতলীয়ে গিৰিয়েকে ভঁৰালৰ পৰা উলিয়াই দি থৈ যোৱা গচিধানৰ মুঠি খুলি সঁচ বাছি আছিল৷ মাকে তাৰ ওচৰলৈ আহি সাৱটি ধৰি চুমা এটি খাই বিদায় দিলে৷

সিহঁতক নঙলা মুখলৈকে আগবঢ়াই দি এপৰলৈ চাই থাকিল৷ আঁচলেৰে সেমেকি যোৱা চকুযোৰ মচি মচি৷

ৰুনুমাইৰ হাতত ধৰি বীৰেন স্কুল পালেগৈ৷ স্কুল মানে এটা দীঘল ঘৰ৷ তাতে ক, খ, প্ৰথম, দ্বিতীয় মানৰ খিনিয়ে বস্তা পাৰি বহে আৰু তৃতীয় মানৰ খিনিৰ বাবে দেক্স-বেন্স৷ বীৰেণ ৰুনুমায়ে পাৰি দিয়া বস্তাটোত বহি পৰিল, ভয়ে ভয়ে৷

মাষ্টৰ অহা নাই যদিও প্ৰধানমন্ত্ৰী আৰু চফাইমন্ত্ৰীৰ নিৰ্দেশনাত ঠাই সৰা, চাফাই আদি চলি আছে৷ তাৰ মাজতে কিছুমান ল’ৰা-ছোৱালীয়ে খেলি আছে৷ অলপ পাছতে বাহিৰৰ পৰা লুকা ভাকু খেলি থকা বিজয়ে আহি উঠাই নিয়াতহে বীৰেণৰ ভয় ভাগিল৷ খৰালি কাল যদিও ৰাতিৰ বৰষুণজাকৰ বাবে পোক পৰুৱাবোৰ ওলাই আহিছে৷ তালৈ কাৰো ভ্ৰূক্ষেপ নাই৷ দুই এঠাইত পানী জমি বোকা হৈছে৷

এনেতে এটা শব্দত সকলো সন্ত্ৰস্ত হৈ পৰিল৷ ফণী মাষ্টৰৰ চাইকেলৰ মাত৷ এই অঞ্চলত এক চিনাকি মাত৷ চিটটোত চিট কভাৰ এটা আগতে আছিল যদিও এতিয়া কাপোৰেৰে চিটটো মেৰিয়াই আৰামদায়ক কৰি লৈছে৷ পেদেল দুপাতৰ নামত ধূৰা দুডালহে৷ ৰঙটো ক’লায়েই আছিল যদিও বৰ্তমান ধৰাতো সহজ নহয়, চাইকেল খনৰ ৰং কি? চাইকেল খনৰ বেলটোৰ বাদে সকলো অংশই বিভিন্ন মাত উলিয়াই-কব বিচাৰে যেন আমাক মুক্তি দিয়া৷ এইখন লৈয়েই গোটেই অঞ্চলটো ঘূৰি ফুৰে৷

পুৱাতে ঘৰৰ পৰা ওলোৱা মাষ্টৰে হেনো কোনো দিনে নিজৰ ঘৰত পুৱাৰ চাহ জলপান খোৱাৰ ৰেকৰ্ড নাই৷ তেওঁৰ আন এটা ভাল গুণ সদায় ৰাতিপুৱা আগদিনাৰ বাতৰি কাকতখন পঢ়ে৷ ইয়াত আকৌ বাতৰি কাকত ৰাতিহে নগৰৰ পৰা পায়হি৷ প্ৰথমে মণ্ডলৰ ঘৰলৈ গৈ বাতৰি পঢ়ি তাতে মণ্ডলৰ বোৱাৰীয়েকে দিয়া চাহ জলপান খাইহে আন ঠাইলৈ যায়৷

স্কুলখনৰ একমাত্ৰ মাষ্টৰ হিচাপে তেওঁৰ দায়িত্ব অনেক৷ নগাঁৱৰ ফালৰপৰা অহা মাষ্টৰৰ কেউ কিছু নাই৷ নগাঁৱত কোনোবা লগা-ভগা আছেনে নাই, কোনেও নাজানে৷ অকলশৰীয়া মানুহটোক দুই একে মৰমতে শাক পাত কিবা কিবি দিয়ে৷ সেইবোৰ গোটাই নিয়াটোও জানো কম কাম? “বাৰীৰ লাও এটা খুৱাবি”, “মূলাকেইটাৰ চেহেৰাটো ভাল হৈছে৷ দুটামান দিবি”, “হেৰৌ, গুৰুদক্ষিণা বুলিও কথা এটা আছে, গুড় অকণমান দি আহিবি”-এনেবোৰ গুৰুমন্ত্ৰ তেওঁৰ মুখতে থাকে৷ সকলোৱে মান কৰি দিয়েও৷

“হেই হেই সেইকেইটা কোন? জেউৰাখন ভাঙিবি নেকি?”
মাষ্টৰে চাইকেলখন গছজোপাত আওজাই জেওৰাখনত উঠি খেলি থকা বীৰেণ আৰু বিজয়ক মাত দিওতেই দুইটাই আহি স্কুলঘৰৰ ভিতৰত সোমালহি৷ মাষ্টৰে কামিজৰ পকেটত গুজি থোৱা ধুতিৰ পোন্ধটো উলিয়াই জোকাৰি জোকাৰি ঠিক কৰি প্ৰধানমন্ত্ৰী ৰণ্টুক বেল মাৰিবলৈ দিলে৷

বেল পৰাৰ লগতে বীৰেণো ল’ৰা-ছোৱালী বোৰৰ লগতে গৈ শাৰী পাতি প্ৰাৰ্থনা আৰম্ভ কৰিলে৷ বীৰেণে তুমি চিত্ত বৃত্তি মোৰ প্ৰাৰ্থনাটো গোঁসাইৰ পৰা শিকিছিল৷ সি প্ৰাৰ্থনাটো খুৱ সুন্দৰকৈ গোৱা দেখি প্ৰাৰ্থনা শেষ হোৱাৰ পিছত বীৰেণৰ ওচৰলৈ আহি সুধিলে,
“হেৰৌ, তই বলীধৰৰ লৰা নহয় জানো? বৰ সুন্দৰকৈ গালি দেখোন৷ ক’ত শিকিলি?”
“ছাৰ, মই প্ৰভু ঈশ্বৱৰ সত্ৰত পুৱা সদায় গাওঁ৷ “
“ৰণ্টু, আজিৰ পৰা ই প্ৰাৰ্থনা দিব৷”

বীৰেণহঁতক মাষ্টৰে ৰোলকল কৰাৰ পিছতেই অ ফলা লিখিবলৈ দি তৃতীয় শ্ৰেণীলৈ গ’ল৷ বীৰেণে একান্তমনে লিখি থাকোঁতে বিজয়ে কিবা এটা দেখুৱাবলৈ বীৰেণক খোচ মাৰিলে৷ বিজয়ৰ হাতত এটা চীনাজোক৷ বিজয়ে জোকটোক পাক এটা দি গাঠি মাৰি দিছে৷ জোকটোৱে যাব নোৱাৰি কিলবিলাই আছে৷ বীৰেনে নিজৰ হাতত লৈ খেলিবলৈ ধৰিলে৷ এপাকত কাষতে বহি থকা মিনতিয়ে জোক দেখি জোক জোককৈ চিঞৰি উঠিল৷

সিহঁতৰ চিঞৰ শুনি মাষ্টৰ ওচৰলৈ আহি বিজয়ৰ হাতত মৃতপ্ৰায় জোকটো দেখি ভাৱিলে-এই দুটাতো কম তীখৰ নহয়৷ দুইটাকে আলমাৰিৰ ওপৰৰ দুডাল বেত চিঙিলে৷ মুঠৰ ওপৰত স্কুলৰ প্ৰথম দিনটোতে বহনি হৈ গ’ল৷ তাৰ পিছৰ পৰা নিয়মিত ভাৱে পৰিবলৈ ললে৷ তাৰ মাজে মাজে পঢ়াশুনা ঠিকেই চলি থাকিল৷

এদিন ৰাতিপুৱাই স্কুললৈ গৈ বীৰেণৰ মাষ্টৰ হবলৈ মন গ’ল৷ ছাৰৰ চকীখনত বহি ফণীধৰ মাষ্টৰৰ নকল কৰি লগৰবোৰক হঁহুৱাই আছে৷ ছাৰে পঢ়িবলৈ দি মৰা ভাত ঘুমটিৰ ভাও দি থাকোতেই কোন পাকত আহি মাষ্টৰ আহি পালে গমেই নেপালে৷ তাৰ পিছত কি হ’ব? একোচা লেজাৰি চিঙিলে৷

পিছদিনা গা ধুৱাওঁতে পুতলীয়ে ল’ৰাৰ দেহাটো দেখি সোধাত কথাটো গম পালে৷ মাষ্টৰৰ সাত গোষ্ঠী উধাৰি থাকোতেই যাওক সেইফালে মাষ্টৰ৷
“মাষ্ট দাইটি, ৰবা৷ কথা এটা আছে৷”
“কি হ’ল অ’ পুতলী?”
“এইহেন বাকলি লৱাকণক এনেকে বখলাবখল কয়িবলৈ সত গ’লনে? অ’ বোলো নিজঅ লছোৱালী নাই যে আনঅ কথা কি জানিবা?”
“নহয় মানে পুতলী সি কালি যিটো কাণ্ড কৰিলে নহয়, মই খঙতে দিলো কেকোব মান৷”
“অ’ বালক এতিয়া আকৌ মো লৱাহে দোষী৷ সি কিবাকৈ ধেমালি কয়িলেই হেনো, সেইবুলি৷ নাপায় অ’ দাইটি৷ বোলো হ’ল আউ৷ মো লৱাক পঢ়াব নেলাগে আজি পৱা৷”

মাষ্টৰৰ বুজনিয়ে কাম নিদিলে৷ পুতলীয়ে কোনো কাৰণতে স্কুল নপঠায়৷ শেষত যেনিবা গোঁসায়ে বুজাই বঢ়াই সৈমান কৰিলে৷ মাষ্টৰে আৰু নিপিতো বুলি কথা দিয়াতহে এসপ্তাহমানৰ পিছৰ পৰা বীৰেণক স্কুললৈ পঠালে৷
(আগলৈ)

☆★☆★☆

2 Comments

  • অনুৰূপ মহন্ত

    আগৰ খণ্ডৰ দৰেই এইটো খণ্ডও সুন্দৰ হৈছে।

    Reply
  • ৰাস্না বৰা

    সহজ সৰল মাক এজনীৰ পুত্ৰ মোহ ।লগতে আগৰ প্ৰাইমেৰী স্কুলৰ শিক্ষক এজন চাইকেল সহ চকুৰ আগত ভাহি উঠিল। বৰ ভাল লাগিছে।

    Reply

Leave a Reply

Your email address will not be published.