ফটাঢোল

বৃটিছৰ দুৰৱস্থাৰ হেতু – অভিজিত কলিতা

১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী, আমাৰ ইংলেণ্ডৰ বৃটিছসকলৰ ইতিহাসৰ এক ক’লা দিন! সেইদিনাই আমি নিজৰ সাৰ্বভৌমত্ত্ব হেৰুৱাই অসমীয়া নামৰ এটা বণীয়া জাতিৰ তলতীয়া হ’ব লগা হ’ল। এক সুচতুৰ সন্ধিৰ যোগেৰে, যিখন সন্ধিৰ আমি অংশীদাৰো নাছিলোঁ, আমি নিজৰ ইচ্ছাৰ বিৰূদ্ধে গৈয়ো, অসমীয়া নামৰ এই বিদেশী, ধনলোভী জাতিটোৰ ইচ্ছাৰ দাস হৈ গ’লোঁ। ইয়াৰ বাবে মূলতঃ আমাৰ শাসকসকলৰ ক্ষমতাৰ লোভ আৰু ৰাইজৰ প্ৰতি অৱজ্ঞাই দায়ী, আমি সৰ্বসাধাৰণ বৃটিছসকলে আমাৰ হাজাৰ বছৰীয়া গৌৰৱোজ্জল ইতিহাসক ৰক্ষা কৰিবলৈ সকলো ত্যাগ কৰিছিলোঁ। কিন্তু নিয়তি আৰু আমাৰ শাসকসকলৰ নিৰ্বুদ্ধিতাই আমাক দাস হৈ থাকিবলৈ বাধ্য কৰিলে।

অৱশ্যে অসমীয়াসকল যদিও কেৱল ইংলেণ্ডৰ আমাৰ সম্পদ লুণ্ঠনৰ বাবেই আহিছিল, তথাপিও তেওঁলোকে আমাৰ দেশখনৰ আৰু ৰাইজৰ উন্নতিৰ বাবে কিছু কাম নকৰা নহয়। আমাৰ সমাজত চলি থকা কিছুমান অসুস্থ পৰম্পৰা আঁতৰোৱাৰ লগতে আমাৰ পিছপৰা বৃটিছসকলক আধুনিক অসমীয়া শিক্ষাৰে শিক্ষিত কৰি তুলিবলৈ প্ৰচেষ্টা চলাইছিল। আমাৰ মাজৰে বহুতো বৃটিছে অসমলৈ গৈ শিক্ষা আৰু অভিজ্ঞতা লাভ কৰি, আমাৰ সমাজখনলৈ আধুনিক ভাৱধাৰা আনিবলৈ চেষ্টা কৰিছিল। আমাৰ মাজৰে ৰবাৰ্ট ক্লাইভকে আদি কৰি বহু লোকে সেই সময়ৰ বিশ্বৰ শ্ৰেষ্ঠতম শিক্ষানুষ্ঠান, গুৱাহাটী বিশ্ববিদ্যালয়তো পঢ়াৰ সুবিধা লাভ কৰিছিল। তেওঁলোকে চহা ইংৰাজী ভাষা শিকি আমাৰ মৃতপ্ৰায় ইংৰাজী ভাষাৰ মাজত লুকাই থকা অমূল্য সম্পদ সমূহ বিশ্বদৰবাৰলৈ উলিয়াই দিবলৈয়ো প্ৰয়াস কৰিছিল।

সি যি কি নহওক, এদিন আমি এই দাসত্বৰ বান্ধোনৰ পৰা মুক্ত হ’লোঁ, আমাৰো ভাগ্য ভাল আছিল, লগতে অসমীয়া সকলেও আমাৰ সকলো সম্পদ প্ৰায় শেষ কৰি নিজৰ ভঁড়াল ইতিমধ্যে চহকী কৰিছিলগৈ, গতিকে আমাৰ স্বাধীনতাৰ প্ৰচেষ্টা আৰু অসমীয়াৰো আমনি, দুয়োটা কাৰণতেই এদিন অসমীয়া সকলে আমাৰ দেশ এৰি গ’লগৈ, আৰু আমিও এক শতিকা জুৰি বিছাৰি থকা স্বাধীনতা লাভ কৰিলোঁ। অৱশ্যে ইয়াৰ বাবে আমি বহু বলিদান দিব লগা হ’ল। হাজাৰ হাজাৰ বৃটিছে নিষ্ঠুৰ অসমীয়াৰ হাতত প্ৰাণ দিলে, বহুলোক জীৱনৰ কাৰণে ঘূণীয়া হ’ল, বহুতে সৰ্বস্ব হেৰুৱালে। দূৰ্বলীৰ ওপৰত বলীৰ অত্যাচাৰৰ চিৰকাল থাকি যাব পৰা অলেখ উদাহৰণ আমাৰ বুৰঞ্জীত লিখা হ’ল।

কিন্তু আজি সেয়া ইতিহাস, আমি আজি স্বাধীন, আমাৰ আত্মনিয়ন্ত্ৰণৰ সম্পূৰ্ণ অধিকাৰ আছে। আজি আমাৰ নিজৰেই ৰজা, নিজৰেই প্ৰজা, আমাৰ সকলো মানবীয় অধিকাৰ আজি সুৰক্ষিত। ইচ্ছা কৰিলেই আমি আমাৰ ৰজা সলনি কৰিব পাৰোঁ । আমি আজি বিশ্ব দৰবাৰৰ এক একক সত্বা।

এই কথাখিনি আধিকাৰিক ভাৱে সঁচা হ’লেও প্ৰকৃত পৰিস্থিতিটো একেবাৰে ওলোটা। আজি আমি বৃটিছসকল বৃটিছৰ হাততে ধৰাসায়ী, আৰু সামাজিক, সাংস্কৃতিক সকলো দিশৰে পৰা মৃত্যুমুখী এটা জাতিলৈ পৰ্যৱসিত হৈছোঁ। প্ৰায় দেৰ শতিকা জোৰা অসমীয়া শাসনে আমাৰ বৃটিছ জাতিটোৰ মেৰু-মজ্জাকে একেবাৰে ধ্বংস কৰি দিলে, তাৰ ফল আমি হয়তো নিশ্চিহ্ন নোহোৱালৈকে ভুগি থাকিব লাগিব।

অসমীয়াৰ শাসনে কৰা সকলোতকৈ ডাঙৰ অপকাৰটো হ’ল, গোলামীক তেওঁলোকে আমাৰ বৃটিছবিলাকৰ এক অভ্যাসত পৰিণত কৰিলে। অসমীয়াই আমাৰ দেশ এৰি যোৱাত ইমান বছৰৰ পিছতো আমাৰ এই অভ্যাস সলনি নহ’ল, গোলামী নকৰিলে আমি থাকি নোৱাৰা হ’লোঁ। এতিয়া এনে অৱস্থা হ’ল যে যিকোনো বদমাছে আহি আমাক নিৰ্বিবাদে অলপ লোভ দেখুৱাই, গোলামী কৰোৱাই নিজৰ মুনাফা ঘটি আঁতৰি যায়। গোলামী আমাৰ ইমান মজ্জাগত হৈ পৰিছে যে, কাৰোবাৰ গোলামী কৰিবলৈ নেপালে আমাৰ গাত খজুৱতি উঠে, ইচাট বিচাট লাগে, উপায় নাপালে আমি ওচৰত যাকে পাওঁ তাৰে গোলামী কৰি নিজৰ আত্মাক শান্তি দিওঁ। আমি বৃটিছ বোৰে নিজৰ জাতিটোক নেতৃত্ত্ব দিয়াৰ ক্ষমতা একেবাৰে হেৰুৱাই পেলালোঁ। ভুলতে আমাৰ কোনোবাজনে নেতৃত্ত্বৰ ক্ষমতা পালেও, ব্যৱহাৰ কৰিব নেজানি, আন কাৰোবাৰ গোলামী কৰাহে আৰম্ভ কৰি দিয়ে। সেইবাবেই আমি আজি লক্ষ্যবিহীন, উদ্দেশ্যবিহীন আৰু দিশহীন পথৰ পঠিক হৈ পৰিছোঁ। আৰু সিয়েই আমাক ধ্বংসৰ মুখলৈ তিলতিলকৈ আগুৱাই লৈ গৈছে।

আমি আজিকালি নিজৰ ইংৰাজী ভাষা, সংস্কৃতি সকলোকে অৱজ্ঞা কৰা আৰম্ভ কৰিছোঁ। আজিকালিৰ বৃটিছে ইংৰাজী নজনাটোকহে নিজৰ উন্নতি তথা শিক্ষাৰ পৰিচায়ক বুলি ভাৱে।

“মোৰ ল’ৰাটোৱে ইংৰাজী ক’বই নোৱাৰে, সৰুৰে পৰা অসমীয়া মাধ্যমত পঢ়াযে”

বুলি কৈ আজিৰ বৃটিছ পিতৃ মাতৃয়ে গৌৰৱ কৰে, আমাৰ নতুন প্ৰজন্মই আমাৰ স্বকীয় ৰক সংগীত, ডিস্ক’ সকলো এৰি পেলাইছে, আজিকালি তেওঁলোকে বিহু নাচে, বৰগীত গায়! বাৰ-বি-কিউ পাৰ্টি নকৰি মাঘবিহুৰ ভোজভাত খায়! আমাৰ থলুৱা বৃটিছ ছোৱালীবোৰে মিনিস্কাৰ্ট, জীনচ পিন্ধিবলৈ লাজ কৰে, মেখেলা চাদৰ পিন্ধে! আৰু আমি, থলুৱা বৃটিছ সংস্কৃতিৰ লগত সংস্পৰ্শ থকা বয়োজ্যেষ্ঠসকলে কেৱল মুখ মেলি চাই থাকোঁ, একো কৰিব নোৱাৰোঁ। অসমীয়া অপসংস্কৃতিয়ে আমাৰ নতুন প্ৰজন্মক এনেদৰে গ্ৰাস কৰি পেলাইছে যে আমি আজি না বৃটি‍ছ, না অসমীয়া, এক ত্ৰিশংকু ৰূপত জীৱন কটাব লগাত পৰিছোঁ। লগতে আছে দৃশ্য শ্ৰাব্য মাধ্যমবোৰ, যাৰ যোগেদি অসমীয়া অপসংস্কৃতি এনেধৰণে আমাৰ বৃটিছ নৱ প্ৰজন্মৰ মগজুত সুমুৱাই দিয়া হৈছে যে, এতিয়া তেওঁলোকে এইবিলাকৰ বাদে বেলেগ আমাৰ নিজৰ পৰিচয় আছে বুলিয়েই পাহৰি গৈছে।

অসমীয়াই আমাৰ মাজত এৰি যোৱা আন এটা অভিশাপ হ’ল আমোলাতন্ত্ৰ! এই আমোলাতন্ত্ৰৰ ৰঙা ফিটাৰ মেৰপাকত সূৰ্য্য পূৱ ফালে ওলাই বুলিও প্ৰতিপন্ন কৰা প্ৰায় অসম্ভৱ কাম। গতিকে আজকালি ইংলেণ্ডত কেৱল কাগজত লিখা লিখি হয়, কাম নহয়। কোটি কোটি ডলাৰ আহে, ৰাইজৰ প্ৰয়োজনো আছে, কিন্তু এই ৰঙাফিটাৰ মেৰ খোলোঁতে খোলোঁতে, ব্যাখ্যা কৰোঁতে কৰোঁতে সময়য়েই পাৰ হৈ যায়, পইচা ঘূৰি যায়, ৰাইজৰ সমস্যা সমস্যা হৈয়েই থাকে, কেৱল আমোলাসকলৰ মেজত কাকতৰ দম সৃষ্টি হয়। এই ব্যৱস্থাৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ’ল, আনলৈ দ্বায়িত্ব ঠেলি দিয়া, আৰু সিদ্ধান্ত নিদিয়া। কেতিয়াবা দিব লগা হ’লেও, অসমীয়া ভাষাত এনে পাক লগাই লিখা হয়, যাতে পঢ়োঁতাই বুজিব নোৱাৰে হয়েই বুলিলে নে নহয় বুলিলে। পিছত কোনোবাই সুধিলেও কথা নাই, কাকতৰ দমটোলৈ আঙুলিয়াই দিলেই হ’ল- মই মোৰ ফালৰ পৰা কৰিব লগা সকলো কৰিলোঁ, কিন্তু কামটো কিয় নহ’ল সেইটো মই কেনেকৈ জানিম? বচ, সকলো চাফা! এনেকৈয়ে চলি আছে বছৰ বছৰ ধৰি, আৰু আমোলাতন্ত্ৰই কেৱল অধিকাৰীসকলক কাম নকৰাকৈ চলি থাকিবলৈ সুবিধা কৰি দিছে, আৰু দেশ ৰসাতলে গৈছে।

আমাৰ বৃটিছসকলৰে দুৰ্ভাগ্য বুলিব লাগিব, সেই অসমীয়াই আৰম্ভ কৰি যোৱা শোষণ নিষ্পেষণৰ শাসন ব্যৱস্থাটোকে আমাৰ আজিৰ শাসকসকলেও একো হীনদেৰি নোহোৱাকৈ ব্যৱহাৰ কৰি আহিছে। আগতে যেনিবা ৰাইজৰ পৰা শুহি খোৱা ধনবোৰ অসমলৈ গৈছিলগৈ, সেই ধনেৰে গুৱাহাটীত ডাঙৰ ডাঙৰ অট্টালিকা নিৰ্মাণ হৈছিল; আজিকালি যেনিবা আমাৰ লণ্ডনৰে কেইজনমান নিৰ্দিষ্ট লোকৰ হিচাপৰ তহবিলত যোগ হয়, বাকী ব্যৱস্থা একেই।

আধুনিক অসমীয়া শিক্ষাৰে শিক্ষিত বৃটিছসকলো আচলতে প্ৰকৃত অৰ্থত শিক্ষিত বুলি ক’লে ভুল হ’ব, তেওঁলোক আন অশিক্ষিতসকলতকৈ আচলতে বেছি স্বাৰ্থপৰ, ভীৰু আৰু আত্মবিশ্বাসহীন! প্ৰকৃতাৰ্থত সমাজখনৰ প্ৰতি তেওঁলোকৰ অৱদান প্ৰায় শূন্যৰ ঘৰত বুলি ক’লেও ভুল নহ’ব। আচলতে অসমীয়াসকলে আমাক দিয়া আধুনিক অসমীয়া শিক্ষাৰ উদ্দেশ্যই আছিল সেইটো, যাতে আমাৰ জাতীয় গৌৰৱ, আত্মবিশ্বাস আৰু কৰ্মদক্ষতা নিঃশেষ হৈ যায়। আজিকালি এই অসমীয়া শিক্ষাৰে শিক্ষিত প্ৰায় সকলোৱ বৃটিছেই, ভাল চাকৰি, দৰমহা, লণ্ডনত এটা ফ্লেট আৰু গাড়ী এখনৰ বাদে একো বেছি চিন্তা কৰি নোপোৱা, আৰু দেশখনৰ এই অৱস্থা দেখিও নেদেখা ভাও ধৰি ভাল পোৱা ধৰণৰ। যিসকলৰ অলপ মগজু আৰু লগতে সুবিধা আছে, তেওঁলোকে প্ৰথম সুবিধাতে সুদূৰ অসমৰ কোনো ব্যক্তিগত প্ৰতিষ্ঠানত চাকৰি কৰিছে, ইংলেণ্ডত পৰি থকা নিজ বৃদ্ধ পিতৃ মাতৃৰ বাবে তেওঁলোকৰ সময়ো নাই, সমবেদনাও নাই। আজিও ইংলেণ্ডৰ সৰহসংখ্যক লোকেই অসমলৈ গৈ চাকৰি এটা কৰিব পৰাটোকে জীৱনৰ পৰম প্ৰাপ্তি বুলি ভাৱে আৰু তাৰ বাবে যিকোনো ত্যাগ কৰিবলৈ সাজু থাকে। বাকী যাব নোৱাৰা সকলে তেওঁলোককে জীৱনৰ লক্ষ্য হিচাপে ধৰি লয়। বিয়াৰ বজাৰতো অসমত চাকৰি কৰা ল’ৰাৰ মূল্য সকলোতকৈ বেছি, লাগিলে সি কণা, কুঁজা, লম্পট যিয়েই নহওক লাগে। বৃটিছ ৰাইজৰ কষ্টোপাৰ্জিত ধন খৰছ কৰি চৰকাৰে যিসকলক উচ্চ শিক্ষা দিয়ে, সেইসকলে আকৌ অসম দেশৰ উন্নতিৰ বাবেহে নিজৰ জ্ঞান, বুদ্ধি, অভিজ্ঞতাৰে অৱদান যোগায়।

এই তালিকাখনৰ শেষ নাই, মুঠতে আমি বৃটিছসকলৰ ঐতিহ্য, সংস্কৃতি, আৰু আত্মবিশ্বাস ধনলোভী অসমীয়াৰ কুশাসনে এনেধৰণে ধ্বংস কৰি গ’ল যে, ইয়াৰ পৰা পৰিত্ৰাণ পোৱা প্ৰায় অসম্ভৱ বুলিয়েই ধাৰণা কৰিব পাৰি।

ইতি
এজন হতাশাগ্ৰস্ত বৃটিছ

বি. দ্ৰ. :- লেটিন লিপিৰে লিখিব নোৱাৰা বাবে দুঃখিত, মোৰ কম্পিউটাৰটোৱে ইংৰাজী আখৰ চাপৰ্ট নকৰে।

☆★☆★☆

6 Comments

  • ৰামানুজ

    সাংঘাতিক লিখনি…ওলোটা খৰৰ লিখনি পঢ়াৰ মজাই সুক ী য়া….

    Reply
  • জ্যোতিৰূপম দত্ত

    নিজকে খাৰখোৱা বৃটিছ বৃটিছ লাগি গৈছে!

    Reply
  • ৰিণ্টু

    “অভিজিত কলিতা” ষ্টাইল satire

    কি কমেণ্ট দিম আৰু, সিমানৰ মানুহেই নহয় আমি

    Reply
  • Manashi Borah

    অতি উচ্চ খাপৰ ব্যংগ লেখা ।আপোনাৰ চিন্তাক শত নমস্কাৰ ।

    Reply
  • কাবেৰী মহন্ত

    আপোনাৰ লিখনি বৰ কষ্টৰে বুজোঁ ..কিন্ত এৰিব নোৱাৰি

    Reply
  • জয়ন্ত দাস

    বাপৰে তামাম দিলে৷

    Reply

Leave a Reply

Your email address will not be published.