ফটাঢোল

বৰফৰ ঠাৰি – বিজয় শংকৰ বৰ্মন

আমি পাঠশালা স্কুলত পঢ়া দিনৰ কথা। তেতিয়া স্কুললৈ যোৱাৰ পৰত মাহঁতে আমাৰ হাতত লেজাৰত কিবাকিবি খাবলৈ বুলি পইছা দি পঠিয়াইছিল। প্ৰায়েই পাঁচ পইছা, কাচিৎহে দহ পইছা দিছিল। পাঁচ পইছাত তেতিয়া আমি পাঁচটা খেজুৰ পাইছিলোঁ। কেতিয়াবা এখন জোন বিস্কুট কিনি খাইছিলোঁ। ছাত্তাৰ বুলি এজন বেপাৰী আছিল। তেওঁ এতিয়াও আছে। আমাৰ স্কুলত পঢ়া দিনকেইটাৰ স্মৃতি ছাত্তাৰ অবিহনে সম্পূৰ্ণ নহয়। ছাত্তাৰ আছিল ওখই প্ৰায় তিনি ফুট। লাঠি এডালত ভৰ দি বেঁকাকৈ জঁপিয়াই জঁপিয়াই খোজ কাঢ়ে। কান্ধত জোলোঙা। জোলোঙাত বগৰীৰ বতৰত বগৰী, জলফাইৰ দিনত জলফাই। ছাত্তাৰৰ বগৰীৰ লগত দিয়া নিমখৰ সোৱাদ আছিল অপূৰ্ব। কেতিয়াবা কিনা বগৰী খাবলৈ পাহৰি বগৰীৰ লগত দিয়া জলা নিমখ জিভাৰ আগত লগাই খাবলৈ লওঁ। গৰমৰ দিনকেইটাত ছাত্তাৰৰ ব্যৱসায় সিমান এটা ভাল নহয়। সেইকেইদিন স্কুলৰ সন্মুখত আহি ৰয় বাপাৰ বৰফৰ চাইকেল। বাপা অন্ধ মানুহ। তথাপি চাইকেলখন ঠেলি ঠেলি উমান লৈ আমাৰ স্কুললৈ আহে বাপা। বাপাই ৰঙা, হালধীয়া আৰু বগা – এই তিনি ৰঙৰ বৰফ আনে। বগা বৰফবোৰক আমি গাখীৰ দিয়া বৰফ বুলি কওঁ। এটাত পঁচিশ পইছা। বগা বৰফটোৰ আগটোৰ ফালে অলপ নাৰিকল থাকে। বগা বৰফ খোৱাৰ ইচ্ছা আমাৰ কেতিয়াবাহে পূৰণ হয়। কিয়নো ঘৰৰপৰা খাবলৈ দিয়া হয় পাঁচ পইছা। মায়ে স্কুললৈ অহাৰ সময়ত দঢ়াই দঢ়াই কয় – “বৰফ নাখাবি কিন্তু”। গতিকে, “মা আজি বৰফ খাম, পইছা অলপ সৰহকৈ দেচোন” বুলিনো কেনেকৈ কওঁ? ‘গাখীৰ বৰফ’ৰ দাম পঁচিশ পইছা হ’লেও ৰঙীন বৰফবোৰৰ দাম আছিল পোন্ধৰ পইছা। খাবলৈ সিমান সোৱাদ লগা নাছিল যদিও সেইবোৰ আমাৰ সাধ্যৰ কিছু ভিতৰতেই আছিল। কিয়নো মাজে মাজে আমি খাবলৈ বুলি দহ পইছাও পাইছিলো। এটা ৰঙীন বৰফৰ দাম পোন্ধৰ পইছা। মোৰ হাতত দহ পইছা। মই দীপকক বিচাৰোঁ। দীপকৰ হাতত পাঁচ পইছা। বাবাৰ হাততো পাঁচ পইছা। সোণালীৰ হাতত দহ পইছা। চুমিৰ হাততো দহ পইছা। আমাৰ বহু দিনৰ বুজা বুজি। দীপক আৰু মই বৰফ এটা কিনো। বৰফটো পথালিকৈ সমানকৈ ভাঙো। এবাৰত সমান নহ’লে যিটো ভাগত বেছিকৈ বৰফ থাকে, তাৰপৰা আকৌ এৰুৱাই লওঁ। মই যিহেতু দহ পইছা দিছোঁ, বৰফৰ বাঁহৰ ঠাৰিডাল সিদিনাৰ বাবে মোৰ। দীপকে তলুৱাত লৈ বৰফ খায়। মই ধুনীয়াকৈ বাঁহৰ ঠাৰিডালত ধৰি ‘গাখীৰ বৰফ’ খোৱা ল’ৰা ছোৱালীবোৰৰ ফালে কেৰাহিকৈ চাই চাই ৰঙীন বৰফ খাওঁ। এনেকুৱা দেখুৱাওঁ – “তহঁতৰ বগা বৰফহে! মোৰ চা, ৰঙা। টিকটিকীয়া ৰঙা।” দীপক আৰু মোৰ নিচিনাকৈ সোণালী, চুমি, বাবা, চম্পকেও সিদিনা বৰফ খাইছিল।
☆★☆★☆

5 Comments

  • ৰূপম সাউদ

    লিখাটো পঢ়ি গুচি গলো স্কুলৰ দিনবোৰলৈ । বৰফ খোৱা কাহিনীবোৰত নিজকে বিচাৰি পালো । ভাল লাগিল ।

    Reply
    • বিজয় শংকৰ বৰ্মন

      ধন্যবাদ, ৰূপম।

      Reply
  • S S Dutta

    মই বৰফ খাই ভালনেপাওঁ৷
    এতিয়া কিন্তু খাবলৈ মন গৈছে হাফপেণ্ট পিন্ধা শিশু এটা হৈ স্কুলৰ সন্মুখত বাপাৰ বৰফৰ গাড়ীৰ পৰা৷এয়েই চাগৈ ’অশোকাষ্টমীৰ’ সেই দুৰ্দান্ত বাপা যি আমাৰ বাবে হাতত পোহৰ লৈ খোজ কাঢ়ে ’চপা ৰাতি কাৰেণ্ট নোহোৱাৰ বাবে যিজন দৃষ্টিহীন বাপা ৰ টোপনি অহা নাছিল’৷

    Reply
    • বিজয় শংকৰ বৰ্মন

      ধন্যবাদ, ভাল লাগিল।

      Reply
  • Deiji Mazumdar

    ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published.