ফটাঢোল

ভগৱান কোন ? — নয়ন জ্যোতি দাস

সাধৰণতে সন্ন্যাসী বা ভগৱান বিশ্বাস কৰা লোকসকলে কোৱা শুনিবলৈ পোৱা যাই যে পূজা কৰিব লাগে। সঁচাকৈয়ে পূজা কৰিব লাগে। পূজা কৰিলে মানসিক শান্তি পোৱাৰ লগতে মনত বিশ্বাস বাঢ়ে, লগতে সেই বিশ্বাসে জীৱনটোক আাগুৱাই নিয়াত সহায় কৰে। কিন্তু পূজা কৰাৰ অৰ্থ বা মনোভাৱ এনে হ’ব নেলাগে যে ম’হ, হাঁহ, আদি নিৰ্বোধ জীৱবোৰক ভগবানৰ নামত বধ কৰিলে ভগৱান সন্তুষ্ট হ’ব। “ কৰ্মই ধৰ্ম” বুলি এষাৰ কথা আছে। প্ৰতিবছৰে দেখি আহিছো যে পূজা বুলি হাজাৰ হাজাৰ নিৰ্বোধ জীৱবোৰক আমি ভগৱানৰ নামত নিধন কৰি আহিছোঁ। কিন্তু ভগৱানে জানো আমাৰ পৰা বিছাৰিছে নেকি নে কাৰোবাক কৈছে যে মোৰ আগত তোমালোকে নিৰ্বোধ জীৱবোৰক টানি আজুৰি আনি হত্যা কৰা। যিমানখিনিলৈকে জানো সেয়া চাগে কেতিয়াও বিছৰাও নাই অথবা কাকো কোৱাও নাই। ভগৱানে আমাক পঠিয়াইছে এই সুন্দৰ পৃথিৱীখনলৈ৷ নিজৰ কৰ্মবোৰক সুকলমে কৰিবলৈ পঞ্চইন্দ্ৰিয় দিছে। কিন্তু আমিবোৰে সেই পঞ্চইন্দ্ৰিয়ৰে নিজৰ কামবোৰ নকৰি ভাগ্যক ধিয়াই আছোঁ। নতুবা কোনোৱা এজন জ্যোতিষীৰ ওচৰলৈ গৈ নিজৰ কুষ্টি খন দেখুৱাই জ্যোতিষীজনে কোৱা মতে হোৱাই নোহোৱাই ব্ৰত ৰাখিছোঁ, মন্দিৰলৈ গৈছোঁ, ব্যয়বহুল পাথৰ লৈছোঁ, নতুবা জ্যোতিষীজনে কোৱা অনুসৰি নেদেখাজনৰ ওচৰত নিৰ্বোধ জীৱক নিজৰ ভাগ্যখন ভাল হ’ব বুলি নিধন কৰিছোঁ। কিন্তু ভাগ্যখন জানো সলনি হ’ব? বহু জ্ঞানী হ’লেও কাৰ ভাগ্যত কি আছে কোনেও নাজানে অথবা ক’বও নোৱাৰে। ভাগ্য সলনি কৰাৰ মাথো এটাই উপাই, সেয়া হৈছে কৰ্ম৷ কোনো বেদ বা কোনো ধৰ্মৰ ধৰ্মশাস্ত্ৰত লিখা নাই যে জীৱ বধ মহা পুণ্য। সকলোতে লিখা আছে জীৱ হত্যা মহা পাপ। অৰ্থাৎ আমি এইবোৰ কাম কৰি পাপবোৰহে চপাই আছোঁ। কেতিয়াবা মনত প্ৰশ্ন উদয় হয় “ ভগৱান বাৰু আছেনে?” হয় ভগৱান আছে আমাৰ সকলোৰে মাজত কিন্তু আমি চিনি পোৱাত অসুবিধা হৈছে যে ভগৱান কোনজন? আমি যিমানেই ভগৱানক পূজা নকৰোঁ কিয় পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ মন্দিৰে মন্দিৰে ভগৱান বিছাৰি ফুৰিলেও ভগৱানক মাত্ৰ পাম আমি আমাৰ হৃদয়ৰ মাজত। আনহাতে ভগৱান দুজন৷ সেয়া হৈছে আমাৰ সকলোৰে জন্মদাতা মা আৰু দেউতা৷ কাৰণ মা বা দেউতাৰ অবিহনে হয়তো এই পৃথিৱীখন দেখা নেপালোহেঁতেন। উদাহৰণ স্বৰূপে আমি প্ৰতিদিনে বিশ্বাস কৰি অহা ভগৱান গণেশ আৰু কাৰ্তিকৰ বিশ্ব পৰিভ্ৰমণৰ কথাটোক ধৰিব পাৰোঁ৷ যেতিয়া তেখেতসকলৰ পিতৃয়ে তেখেতসকলৰ পৰীক্ষা ল’বৰ বাবে কৈছিল যিজনে এই সমগ্ৰ ধৰণীখনত তিনি বাৰ তীৰ্থভ্ৰমণ কৰি আহিব পাৰিব সেয়ে এই পৰীক্ষাত জয়ী হ’ব। কাৰ্তিক গুচি গৈছিল পৃথিৱী ভ্ৰমণৰ বাবে। কিন্তু গণেশে জানিছিল যে প্ৰকৃত ভগৱান মা আৰু দেউতা বাহিৰে আন কোনো হ’ব নোৱাৰে। সেয়ে তেঁও ক’লৈকো নগৈ তাতেই মাক আৰু দেউতাকৰ ওচৰত তিনিপাক ঘূৰিছিল আৰু শেষত এই পৰীক্ষাত তেঁওৱেই জয়ী হৈছিল। সেয়ে কেতিয়াবা অনুভৱ কৰোঁ যে মানৱ ধৰ্মই প্ৰকৃত ধৰ্ম। আমি যদি আমাৰ মা দেউতাক বেয়া ব্যৱহাৰ কৰি শান্তিত থাকিবলৈ নিদি কেইটামান মন্দিৰত গৈ দীঘল দি পৰিলোৱেই যেনিবা আমাৰ জানো কিবা লাভ হ’ব? সদ্যহতে আজিৰ সমাজখনত প্ৰায়েই দেখি অহা কথাটোকে কওঁ যে বৃদ্ধ মাক বাপেক সকলক আজিকালি সামান্য চলিব নোৱাৰা অৱস্থা হোৱাৰ লগে লগে কোনোবাই নি ৰাস্তাত নতুবা কোনোবাই নি বৃদ্ধা আশ্ৰমত পেলাই থৈ আহে। কিয় বাৰু এনেকুৱা হয় যে দোকানৰ ম্যাদ শেষ হোৱা বস্তু বোৰৰ দৰে নিজৰ মাক বাপেকবোৰ অৰ্থহীন হৈ পৰে। কিছুমানে ৰাখিছে অনিশ্চাকৃত ভাবে অথবা বাধ্যত পৰিহে টকা, মাটি সম্পত্তি অথবা সমাজৰ ভয়ত। কিন্তু সকলোৰে সদায় ভাল দিন নাথাকে। আপুনি যদি নিজৰ মাক দেউতাকক নকৰিবগীয়া কাম কৰিছে তেতিয়াহলে আপোনালোকৰো ল’ৰা ছোৱালীয়ে আপোনালোকৰ লগত তেনেকুৱাই কৰিব। আজি কিছুদিনৰ আগৰ কথা, বহু ব্যস্ততাৰ মাজত সিদিনাখন অকণমান সময় উলিয়াই সত্ৰনগৰী মাজুলীলৈ গৈছিলোঁ দ্বিতীয় বাৰৰ বাবে সত্ৰ দৰ্শনৰ উদ্দেশ্যৰে। বহুতৰে মুখত শুনিছিলোঁ তাত হেনো সত্ৰাধিকাৰ থাকে আৰু সেই সত্ৰাধিকাৰক সেৱা কৰিবলৈ বাট ল’লো। দুজন সত্ৰাধিকাৰৰ এজন সত্ৰাধিকাৰক সেৱা কৰিলোঁ। সন্মুখত থকা বটা এখনত সেৱা কৰি থকা মানুহবোৰে কোনোবাই পঞ্চাশ, কোনোৱে এশ, কোনোবাই পাঁচশ টকা অৰিহনা দিছে। আন মানুহবোৰৰ দৰে মই ডাঙৰকৈ কিবা নোৱাৰিলেও মোৰ সাধ্য অনুসাৰে কিবা এটি দিলোঁ। অলপ আঁতৰত বহি থকা আন এজন সত্ৰাধিকাৰক সেৱা কৰিবলৈ গৈ দেখিলোঁ বহুত মানুহে সেৱা কৰি আছে। তেখেতৰ তাতো সেই একেই সন্মুখত থকা বটাখনত সেৱা কৰি থকা মানুহবোৰে কোনোৱাই পঞ্চাশ, কোনোৱে এশ, কোনোবাই পাচশ টকা অৰিহনা দিছে। এক কথাত ক’বলৈ গ’লে পঞ্চাশ টকাৰ কমত কোনেও দিয়া নাই। মনতে ভাবিলোঁ অলপ সত্ৰখন ফুৰি আহি সেৱাটো জনাম। ফুৰিবলৈ গৈ দেখিলোঁ সত্ৰখনৰ গেটখনৰ কাষত এজন অন্ধলোকে দোতাৰা এখন বজাই এতিয়াও গান গাই আছে। মাতটো অলপ ভাঙিছে তেঁওৰ। আগত এখন ৰুমাল পাৰি দিছে, তাত আছে কেইটিমান এটকীয়া আৰু কেইটিমান দুটকীয়া পইছা। ময়ো কিবা এটি দিলোঁ মানুহজনক মোৰ সাধ্য অনুসাৰে। সত্ৰখনৰ চাৰিওপিনে চাই শেষ হোৱাত আকৌ আহিলোঁ, অথনি বহুত মানুহ থকা বাবে আশীৰ্বাদ নোলোৱা সেই সত্ৰাধিকাৰ জনৰ আশীৰ্বাদ ল’বলৈ। সেই সময়ত অৱেশ্য তেঁওক সেৱা কৰা ঠাইখিনিত কোনো মানুহ নাছিল। দূৰৰ পৰা দেখিলোঁ যে তেঁও এখন ভৰি আন এখনৰ ওপৰত উঠাই পথালিকৈ ওপৰলৈ মুখ কৰি কিবা কিতাপ পঢ়ি আছে। সেইখিনি দেখি মোৰ তাতেই ভৰিখন থমকি ৰ’ল। কাৰণ যাৰ ভৰিত সেৱা কৰি ভগৱানক চৰণ পোৱা বুলি ভাবি, পুন্য হ’ব বুলি ভাবি আছিলোঁ। তেওঁক সেইটো ৰূপত দেখি বিৰক্তি লাগিল মোৰ। কাৰণ কোনো ভগৱানে তেনেকৈ চাগে কিতাপ পঢ়া নাছিল আৰু বুজা হোৱাৰে পৰা যিমানবোৰ ফটোত ভগৱানক দেখিলোঁ তেখেত সকলে ধুনীয়াকৈ থাপনাত লৈহে পোন হৈ সুন্দৰ ভাবে বহিহে কিতাপ পঢ়িছিল। দীঘলকৈ ফোট এটি ল’লেই, কেইটিমান ধৰ্মমূলক কথা ক’লেই, কোনো এজন মানুহ ভগৱান দৰে হৈ নাযায়। আমি তেখত সকলক সহজতে চকুত কাপোৰ বান্ধি বিশ্বাস কৰিব নালাগে। আজিকালি প্ৰায়েই ভণ্ড বাবাৰ আবিৰ্ভাৱ হৈ থকা সংবাদ মাধ্যমবোৰত দেখিবলৈ তথা পঢ়িবলৈ পোৱা যায়। কেতিয়াবা কেতিয়াবা তেখেতসকলক ৰাইজৰ উত্তম মাধ্যম খোৱাও দেখিবলৈ পোৱা যায়। মনলৈ কিছুমান বেয়া ভাৱ অহাৰ বাবে মই আৰু তেখেতক সেৱা নকৰি গুচি আহিলোঁ। লগতে বটাখনত দিব লগা পইছা কেইটা নিদি, সেই গীত গাই থকা অন্ধ মানুহজনকে দিলোঁ। শেষত এটাই কথা ক’ব বিছাৰোঁ যে মানৱ ধৰ্মই প্ৰকৃত ধৰ্ম হয়। মানিছো ভগৱানক সেৱা কৰিব লাগে, কিন্তু সেইবুলি ভগৱানৰ নামত অন্ধবিশ্বাসত ভোল যাব নেলাগে। মানুহবোৰে যদি সেই বটাখনত পইছাবোৰ নিদি বা দিলেও অলপ কমকৈ দি সেই অন্ধ মানুহজনে বহুত আশাৰে পাৰি থোৱা ৰুমালখনত দিলেহেঁতেন তেতিয়া হয়তো তেঁও বহুত সকাহ পালেহেঁতেন।

☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published.