ফটাঢোল

ভাগৱতৰ সপোন – প্ৰশান্ত বৰগোহাঁই

ৰসেশ্বৰ হাজৰিকাই দুপৰীয়া ভাত খাই আগফালৰ চকীখনতে বহি মূৰটো বেৰত‍ে ভেঁজা দি অকণমান জিৰণি লৈছে ৷ তেওঁ আটোমটোকাৰিকৈ গঢ়ি তোলা আগফালৰ বাৰীখন এবাৰ ফেদুৱাহঁতৰ  বাঘৰ আগতেল খোৱা গৰু দুটাই মোহাৰি পেলোৱাৰ দিনাৰ পৰাই দুপৰীয়াৰ ভাত সাঁজ খাই এনেকৈয়ে এঘূমতি মৰাৰ অভ্যাস ৷ দূৰৈৰ পৰা ভাঁহি আহিছে মাইক লগাই ভাগৱত পাঠ কৰাৰ শব্দ ৷ হাজৰিকাহঁতৰ ঘৰৰ আগফাল আৰু পাছৰ গাঁওদুখনত ভাগৱত পাঠ চলিছে ৷ প্ৰতিখন গাঁৱতে আক দুটা নামঘৰ– মানে এতিয়ালৈকে চাৰিবাৰ অখণ্ড পাঠ হ’লেই ৷ টোপনিৰ জালতে ৰসেশ্বৰৰ মূৰটো মাজে-সময়ে এবাৰ সোঁ দিশে এবাৰ বাওঁ  দিশে গতি কৰিব খোজে– শেষৰ ফালে দিশ বাকী থকাগৈ নাই ৷
: অই দিনতে ইমান মৰ টোপনি নে তোৰ?
হাজৰিকাই সাধাৰণতে জপনাখন খিৰিক কৰিলেই সাৰ পায়৷ আজিহে কোন পলকতনো ফেচকুৰি আহি সোমালহি !
: তোৰ চোৰ স্বভাৱটো যোৱাই নাই ন’ ৷
: শুন, মই এতিয়া চোৰ নহয় ৷ দুই-এবাৰ দেখোন তয়ো মোৰ লগত গৈছিলি ৷ কেলে’, সেই যে পাচলিৰ বাৰীত সোমাওঁতে খেদি আহিছিল৷
: চুপ, বোৱাৰীয়ে শুনিব ৷
: ৰ’, মই তোক বেলেগ এটা কবলৈহে আহিছিলোঁ ৷ আমাৰ চাৰিওফালে ভাগৱত পাঠৰ উজান উঠি‍ছে ৷ আমিহে এতিয়াও পাছ পৰি আছোঁ ৷ নামঘৰত দেওবাৰে কথাটো উলিয়াম বুলি ভাবিছোঁ ৷
: বহুত খৰচ হ’ব নহয়, কৰ পৰা আহিব ইমান টকা?
:অলপ কালেকচন কৰিব লাগিব, গাঁৱৰ মানুহেও সহায় কৰিব নহয় ৷
: আৰু বয়-বস্তুও বহুত উঠে বোলে ! সেইবোৰ বিক্ৰি কৰিলেও হেনো ঘাটি বাজেট মিলি যায় ৷ অই, সেইটো ফপৰা আহিছে দেখোন ! ভৰ দুপৰীয়াখন তাৰ আকৌ কি হ’ল ৷
: অ দাইটি, কিহৰ মেল বহুৱাইছ’? ফপৰাই সোমাই আহি ক’লে ৷
: এনেয়ে লেকচাৰ এজাউৰি দিছোঁ ৷ –ফেচকুৰিয়ে কলে ৷
: আমি থিয়েটাৰ এখন আনিম বুলি ভাবিছোঁ, অহা দেওবাৰে মিটিং দিছোঁ ৷ তাকে নিমন্ত্ৰণ জনাই ঘূৰি আছোঁ ৷ তহঁতিও যাবি আক’ ৷
: ই, আমি বেলেগ এটা কথাহে ভাব‍িছিলোঁ ৷ — ৰসেশ্বৰ-ফেচকুৰিয়ে প্ৰায় একেলগে ক’লে ৷
: কি কথা ?
: তেন্তে কেনচেল ৷
: কি কেনচেল ? থিয়েটাৰ নে ভাগৱত পাঠ ?
: থিয়েটাৰ ৷
: কিন্তু তহঁতৰ কেলাবৰ মাক-বাপেকৰ খোৱাকেইটাই মানিব জানো ?
: মই ক’লে চব কিলিয়াৰ ৷ একো টেনচেন নলবি ৷
: সঁচা ৷
: কিন্তু আমাৰ এটা চর্ত থাকিব ৷
: ভাগৱত পাঠতো চর্ত ?
: দিমটো ৷ অলপ নতুন কিবা এটা হ’ব লাগিব ৷ কমন ভাগৱত পাঠটো চব গাঁৱতে কৰে ৷ গতিকে আমি জিলা ভিত্তিত ভাগৱত পাঠৰ প্ৰতিযোগিতা পাতিম ৷ যদি চাকচেচ হওঁ, নেক্সট অল আচাম ৷
: দুটা শাখা ৷ ফেচকুৰিৰ চকু কপালত ৷
: চা, আজি‍কালি কিছুমান ডেকা ল’ৰাইয়ো ভাগৱত পাঠ কৰে ৷ বয়সস্থ মানুহৰ লগত দিলে বেয়া হ’ব নহয় ৷ কিন্তু এটা কথা আমাৰ গাঁওখন ফকাচত আহি যাব ৷ মানুহৰ তামাম ভিৰ হ’ব ৷ সকলো মানুহকে কমিটিয়ে খোৱা-বোৱাৰ যোগান ধৰিব নোৱাৰিব, সেয়ে দুই-এখন হোটেলো থাকিব ৷ গাঁৱৰ লৰাবোৰৰ ইনকাম এটা হ’ব ৷ আৰু কোনোবাই ধৰ গামোচাখনকে এৰি থৈ আহিল, ক’ত পাব ৷ তাৰ বাবে থাকিব কাপোৰৰ দোকান ৷
: আৰু মাইক লাগিব নহয় ৷
: মাইক লাগিব মানে… উইথ মিক্সাৰ ছেট
: মানে? ৰসেশ্বৰে সুধিলে।
: চা, সকলোৰে মাত ভাল নহয়। মিক্সাৰ ছেট লগালে কাৰ মাত কেনেকুৱা ধৰিবই নোৱাৰিবি। তেতিয়া এইটো চিষ্টেম নাছিল বুলিহে, নহ’লে গুৰুজনাই তেতিয়াই…
: পিছে ল’ৰা-ছোৱালীৰ পৰীক্ষাবোৰৰ প্ৰতিও ধ্যান দিব লাগিব। ফেচকুৰিয়ে ক’লে।
: থ’। ভাগৱত শুনিলে মনটো শান্ত হয়। গতিকে মেট্ৰিক-হাই ছেকেণ্ডেৰী যি চলে চলি থাকক, আমি সেইবোৰত মাথা নামাৰো।
: হয় নেকি? দুয়োটাই একেলগে।
:হয়তো। তহঁতে প্ৰথমে নামঘৰত কথাটো ক, তাৰ পাছত খেল চা।
ৰসেশ্বৰে কথাবোৰ ভাবি থাকিল, ভাল হ’ব নে বেয়া হ’ব বাৰু! নতুন ল’ৰা নতুন চিন্তা!
:অ’ ৰসেশ্বৰ,উঠ আৰু হেৰ’৷
ফেচকুৰিৰ মাতটো শুনা যেন লাগিল৷ চকু মেলি চালে — সি দেখোন জপনা খুলি সোমাই আহিছে৷সপোনত নহয় সঁচাকৈ৷ গোটেই কথাবোৰ জুকিয়ালে৷ কি যে সপোন দেখিছিল দিন দুপৰতে৷ফেচকুৰিক কথাবোৰ ক’বনে নকয় অৱশেষত কথাবোৰ তাকো কোৱাত সি মুখ মেলিলে–
:যিয়েই নহওক,তই ভাগৱত পাঠৰ সপোন দেখিছ৷কথাটো নামঘৰত উলিয়াব লাগিব৷
:দিনত দেখা সপোনহে,ক’ব জানো নামঘৰত৷
:হেৰৌ, সপোন সপোনেই৷দিনত দেখ,ৰাতি দেখ,থিয়ৈ থিয়ৈ দেখ, বহি দেখ –সেইটো কথা ইয়াত নাখাটে৷
:হয় নেকি, ইমান পবিত্ৰ সপোন এটা দেখি লুকুৱাই থ’ব নাপায় নহয়৷
:নাপায় নেকি? তেন্তে আজি গধূলি নামঘৰলৈ ওলা,কথাষাৰ কওঁগৈ৷
ৰসেশ্বৰে স্কুল এৰা বছৰতে পলুৱাই অনা মাখনীয়ে চাহ দুকাপ আৰু বৰাচাউলৰ পিঠাকেইটামান লৈ ওলালহি৷ বৰা চাউলৰ পিঠা দেখি পেটৰ গণ্ডগোল হৈ থকা ফেচকুৰিৰ চুলিৰ আগে জীৱ গ’ল৷তিনিওটাই চাহ খাই খাই সপোনটোৰ কথাকে বিতংকৈ আলোচনা কৰিবলৈ ধৰিলে৷

☆★☆★☆

Leave a Reply

Your email address will not be published.