ফটাঢোল

ভাটৌ বিদ্যা – অত্ৰেয়ী গোস্বামী

ভাটৌ চৰাই। এইবিধ চৰাইৰ প্ৰতি যে মোৰ আচৰিত দুৰ্বলতা। অকণমানি সেউজীয়া শৰীৰটোত ৰঙা টিকটিকীয়া ঠোঁট। যেন শাৰী শাৰী নাহৰৰ মাজত পলাশৰ আলফুলীয়া আঁচোৰ! যেন কুমলীয়া ওঁঠত বৰহমথুৰি বোলোৱা এজনী সদ্যস্নাতা কিশোৰী! আইৰ ঘৰৰ পদূলিৰ কাষতে থকা বাঁহনি ডৰাত বছৰৰ এটা সময়ত এজাক ভাটৌৱে জিৰাইহি৷ সিহঁতৰ কিচিৰ-মিছিৰ মাতত চৌদিশ মুখৰিত হৈ পৰে৷ বাঁহপাতৰ সেউজীয়াৰ সৈতে সিহঁতৰ কোমল সেউজীয়াবোৰ মিলি যায়৷ সৰুৰে পৰাই ভাটৌ বুলিলে মই ক’ব নোৱাৰা হওঁ৷ ধৰিবলৈ বাউলি হৈ পৰোঁ৷ এই আকৰ্ষণৰ একমাত্ৰ কাৰণ আছিল সিহঁতৰ মুখৰ শব্দবোৰ৷ যিটোকে শুনে সেইটোকে কয়৷ ভাল-বেয়া বিচাৰ কৰিব নাজানে৷ ইমান আকুলতাৰ পিছতো সঁজাত বন্দী কৰি নিজাকৈ ভাটৌ চৰাই এজনী পোহা ন’হল। ভকত ভকত বুলি মতা ন’হল৷ শিকোৱা ন’হল দুটামান শব্দ। ভালেই হ’ল। বুজন হোৱাৰ পাছত এতিয়া আৰু অলপো আক্ষেপ নাই৷ পিছে সেই তাহানিতে পঢ়া সাধুটোহে পাহৰিব নোৱাৰিলোঁ। সেই যে ৰজা আৰু ভাটৌৰ সাধুটো। এটাই কৈছিল,”আহক, বহক” আৰু আনটোৱে কৈছিল,”ধৰ ধৰ মাৰ মাৰ।”

প্ৰাসংগিকতা:

কেইবছৰমানৰ আগতে সম্পৰ্কীয় মানুহ এঘৰলৈ গৈছিলোঁ‌। দূৰ সম্পৰ্কীয় যদিও আঠাটো বেছি। গতিকে কেতিয়াবা গ’লে বৰ আতৌ-পুতৌ কৰে। তেওঁলোকৰ ঘৰৰ কণমানিজনী তেতিয়ালৈ শব্দ এৰি বাক্য ক’ব পৰা হৈছিল। থুনুক-থানাক সুৰটো অলপ আছিল যদিও তাইৰ কথা-বতৰাত মায়াভৰা স্পষ্টতা আছিল। তেতিয়া মই কলেজীয়া ছাত্ৰী। গতিকে মাকে বাৰ লগত খেলা বুলি এৰি দিছিল। ছোৱালীজনীৰ আচৰণে মোক বৰকৈ মুহিছিল। এবাৰ মাকে কৈ গ’ল,”মাজনী বাক পয়েম কেইটা শুনোৱা।” সেই সৰু ছোৱালীজনীয়ে কেইবাটাও কবিতা অলপো খোকোজা নলগাকৈ মাতি গৈছিল।মাজতে যদি মাকে কয়, “এতিয়া অমুকটোহে।” তাই কয়, “সেইটো ৰাইটত আছে, লেফটৰটো আগত।” মানে কিতাপখনৰ কোনটো ফালে কোনটো কবিতা আছে সেয়াও তাই মনত ৰাখিছে। তাতকৈয়ো আচৰিত হৈছিলোঁ‌ যেতিয়া তাই বেলেগ এখন কিতাপ উলিয়াই তাইৰ ভাল লগা নিৰ্দিষ্ট কবিতাটো মোক দেখুৱাইছিল আৰু সুন্দৰকৈ পঢ়িছিল। যেন তাই চাই চাইহে পঢ়িছে! মই সঁচায়ে তবধ মানিছিলোঁ‌। কেনেকৈ যে মনত ৰাখিছিল তাই ইংৰাজী শব্দবোৰ! হয়তো তাইক তেনেকৈয়ে শিকোৱা হৈছিল! আৰু তাই ভাটৌৰ দৰে আওৰাইছিল।

ইমান বছৰৰ পাছত এতিয়া নিজৰ দুবছৰীয়া ছোৱালীজনীৰ ক্ষেত্ৰত লক্ষ্য কৰিছোঁ‌ তাই যি শুনে তাকেই কয়৷ তাইক শুৱাওতে গোৱা নিচুকণি গীতবোৰ, ঘোষা একোটাৰ সুৰটো তাই গুণগুণাই থাকে৷ টি.ভিত হঠাৎ শুনা শব্দ একোটা তাই বহুদিনৰ মুৰত কৈ দিয়ে৷ অথচ সেই সময়ত আমি ভাবোঁ‌ তাই সেইবোৰ মনেই দিয়া নাই৷ ভাল-বেয়া, শুদ্ধ-অশুদ্ধ একো নাজানে৷ এই বয়সত সিহঁতে যি শুনে তাকে ভাটৌৰ দৰে আওৰাই৷ তাকে কৰি আমোদ পায়৷ নকৰিবলৈ ক’লে বেছিকৈ কৰে৷ গুৰুত্ব নাপালে নকৰা হয়৷ এই সময়চোৱা সকলো শিশুৰ বাবে এনেকুৱাই হয়৷

আমাৰ সময়ত:

বাৰ-মাহৰ গীত, ওলট-পালট, জিভা-কেঁকুৰি, বগলী আৰু কেকোঁৰাৰ সাধুৰে ভৰপুৰ আছিল আমাৰ শৈশৱ।জীৱনৰ প্ৰথমটো ইংৰাজী কবিতা পঢ়িছিলোঁ‌ পঞ্চম শ্ৰেণীত। তিনি-চাৰি শাৰী মানৰ কবিতা। “Who am I” আছিল নেকি কবিতাটোৰ নাম! পাহৰিছোঁ‌।

এটা আমোদজনক ঘটনা ঘটিছিল। “বগাকৈ বগলী বহলাই বহিছে” আলম লৈ প,ৰ,গ আদি আখৰেৰে তেনেকৈ লিখিবলৈ চেষ্টা কৰিছিলোঁ‌, পৰা নাছিলো।কোনে জানো উলিয়াইছিল, “গোলাঘাটৰ গণেশ গোস্বামীৰ (মানে মোৰ দেউতা) গেঞ্জিটো গৰমত গেলা গেলা গোন্ধায়।” মই চুঙা চাই সোপা দিব পৰা নাছিলো।খং উঠিছিল। মোক জোকাই ৰং চোৱাসকলে বৰ ফূৰ্ত্তি পাইছিল। অৱশেষত চতুৰ্থ শ্ৰেণীত থাকোঁ‌তে লিখিছিলোঁ‌ “মোৰ প্ৰিয় বৰ্ণ গ।”

এইবোৰ ধেমালি আজিকালি নোহোৱা হ’ল। এই নিৰ্দোষ ধেমালিবোৰৰ ইতিবাচক দিশ আছিল অনেক৷ আমি সৰু থাকোঁ‌তে বাতৰি কাকতবোৰৰ মইনা মেল শিতানত প্ৰায়েই “মোৰ প্ৰিয় বৰ্ণ” নামৰ কবিতা ওলাইছিল৷ শিশু মনত এই কথাবোৰৰ প্ৰভাৱ বাৰুকৈয়ে পৰিছিল৷

সৌ সিদিনা সম্পৰ্কীয় ভনী এজনীয়ে ক’লে, “সৰুতে মোৰ বাতৰি কাকতত ওলোৱা কবিতাবোৰ মায়েহে লিখি দিছিল।” মোৰ মুখেৰে এটাও শব্দ ওলোৱা নাছিল তেতিয়া৷ কথাবোৰআচহুৱা, অপকাৰীও৷ অপকাৰবোৰ দীৰ্ঘস্থায়ী৷ আৰু এজনী ছোৱালী পাইছিলোঁ‌ যাৰ মুখস্থ বিদ্যাৰ প্ৰৱণতা বৰ বেছি আছিল৷ তাই কমা, চেমিকলন আনকি উচ্চাৰণ নজনা ইংৰাজী শব্দৰ বানানটোকে মুখস্থ কৰি ৰাখিছিল৷ পৰৱৰ্তী সময়ত ইহঁতবোৰৰ কাগজ-কলমৰ লগত কোনো সম্পৰ্ক নাই বুলিবই পাৰি৷ আচলতে ভাটৌ বিদ্যাৰে কাৰ কি উপকাৰ হয় আজিও নুবুজিলো। আৰু এটা কথা মই ভাবি ভাবি ওৰ নাপাওঁ।আজিকালি কণমানিহঁতক কিয় শিকোৱা নহয় মাতৃভাষাৰ আপুৰুগীয়া পদ্যবোৰ, কুম্পুৰ সপোন অথবা

“অ’ কুলি অ’ কুলি

কু-উ কু-উ কু -উ বুলি

আকৌ এবাৰ মাত কুলি

আকৌ এবাৰ মাত।”

ইংৰাজী মাধ্যমৰ প্ৰতি থকা অত্যাধিক দুৰ্বলতাই আমাক কোন দিশে নি আছে? ভাবি চাইছোনে এবাৰ?

এইখিনিতে হীৰেণ ভট্টাচাৰ্য দেৱৰ এষাৰি কথা মনত পৰিছে৷ তেখেতে কৈছিল, “তুমি ইংৰাজী ভালেই লিখা বা বেয়াই লিখা তাত ইংৰাজী ভাষাটোৰ একো নাহে-নাযায়৷ তুমি বা আন ইংৰাজী ভাষাত লিখাসকলে জাবৰ লিখিলেও ইংৰাজী ভাষাৰ মৰ্য্যদাৰ একো হীনডেঢ়ি নঘটে৷ কিন্তু আমি এটা কথা উপলব্ধি কৰা উচিত যে যিসকলে অসমীয়া ভাষাত অৰ্থাৎ আমাৰ মাতৃভাষাত লিখা-পঢ়া কৰে, তেওঁলোকে যদি ভুল অসমীয়া লিখে তেতিয়া কিন্তু অসমীয়া ভাষাটোৰ প্ৰচুৰ ক্ষতি হ’ব।”

এই কথাখিনি অনুভৱ কৰিব পাৰিলেও আমি উপকৃত হ’ব পাৰিম৷

এই সময়ঃ

নিজৰ ওজনতকৈ বেছি ওজনৰ বেগ এটা পিঠিত ওলোমাই হেকেঁৰ- পেকেৰকৈ স্কুললৈ যোৱা কণমানিকেইটাক দেখিলে মনটো বেয়াহে লাগে৷ সিহঁতে নাজানে পঢ়া-শুনা উপভোগ কৰিব৷ সিহঁতক শিকোৱা নহয় শিক্ষাৰ হৰ্ষদায়ক কৌশল৷ সিহঁতে জানে মাথো নম্বৰ পাব লাগে৷ ক্লাছত “হায়েষ্ট মাৰ্ক” পাব লাগে৷ বহীত লিখোৱা প্ৰশ্নৰ উত্তৰবোৰ মুখস্থ কৰিব লগে৷ সিহঁতৰ সময়ৰ অভাৱ৷ এই গান, এই নাচ, এই আৰ্ট, এই সাঁতোৰ মুঠতে এশ এটা বোজা৷ এই বোজাৰ নেতিবাচক দিশবোৰ সকলোৱে জানে৷ তথাপি সকলো নিমাত৷ সকলোৱে পাৰিছে যেতিয়া মোৰটোৱেও পাৰিব লাগিব৷ মুঠতে একান্ত ব্যক্তিগত অভিজ্ঞতাৰ পৰা বুজিলোঁ‌ আজিকালি ছাত্ৰ-ছাত্ৰীয়ে সকলো সহজতে বিচাৰে৷ প্ৰশ্ন, উত্তৰ সকলো৷ পাঠটো পঢ়ি সময় নষ্ট কৰাতকৈ সম্ভাৱনীয় প্ৰশ্নকেইটা পাই গ’লে অধিক সংখ্যক ল’ৰাছোৱালীয়ে ভাল পায়৷ এই ক্ষেত্ৰত শিক্ষকসকলৰো অৰিহণা থাকে৷ A to Z বহীত লিখাই দি সম্ভাৱনীয় প্ৰশ্ন কেইটাও জনাই দিয়া বিষয় শিক্ষক গৰাকীৰ জনপ্ৰিয়তা স্বাভাৱিকতে বৃদ্ধি পায়৷ স্কুলৰ ছমহীয়া বছেৰেকীয়া পৰীক্ষাত ল’ৰা-ছোৱালীয়ে তেনে শিক্ষকৰ বিষয়ত অনায়াসে অধিক নম্বৰ পাই যায়৷ নম্বৰহে লাগে৷ পাই গ’ল৷ সকলো সন্তুষ্ট হ’ল৷ অৱশ্যে এটা কথা এইখিনিতে উল্লেখ কৰিব লাগিব যে সকলো শিক্ষক একে নহয়৷ বিষয়ৰ পুংখানুপুংখ পাঠদানেৰেও বহুজন শিক্ষক ছাত্ৰ-ছাত্ৰীৰ প্ৰিয়ভাজন হৈ উঠা দেখিছোঁ‌। শিক্ষা এক মনস্তাত্বিক বিষয়৷ শিক্ষাৰ বেপাৰ কৰিব নোৱাৰি৷ (আজিকালি সহজলভ্য।) শিক্ষা আৰু জ্ঞানৰ মাজত আছে এক আকাশ-পাতাল পাৰ্থক্য৷ শিক্ষা জ্ঞান আৰ্জনৰ এবিধ আহিলাহে৷ এই যুগ প্ৰতিযোগিতাৰ যুগ৷ শিক্ষা আৰু প্ৰতিযোগিতা এতিয়া একাকাৰ হৈ পৰিছে৷

কবিয়ে কৈছে,

“সোণৰ শৈশৱ কাল গ’লে আৰু নাহে

পখিলাই কাণে কাণে কয়

ধেমালিত মজি ল’ৰা সোণাময় দিন

অবাবত নকৰিবা ব্যয়।”

হয়, শৈশৱ কাল বৰ মূল্যবান৷ এইচোৱা সময় জীৱনৰ ভেটি গঢ়াৰ সময়৷ এই সময় সোণৰ দৰে৷ কেৱল ধেমালিৰে পাৰ কৰা নাযায়। শৈশৱতে সকলো শিকিব পাৰি৷ শৈশৱ আয়ত্ত কৰাৰ সুন্দৰ সময়৷ এই সময়ত সকলো কথাই সহজতে মনত ৰৈ যায়৷ বুঢ়া কালত স্মৃতিৰ বৰপেৰাটোত শৈশৱৰ স্মৃতিৰ টুকুৰাবোৰহে বেছিকৈ ওলায়৷ সৰুতেই শিকা কথাবোৰ জীৱনৰ শেষ সময়লৈকে মনত থাকি যায়৷ আচলতে শৈশৱৰ কথাবোৰ মগজুত ইমান দ-লৈকে শিপাই যে পাহৰি গ’লেও ছায়া-মায়া ছবি এখন মনত থাকেই৷ মানুহৰ মগজুটোক কম্পিউটাৰ বুলি ভাবিলে কথাটো আচলতে এনেকুৱা হয়, ডিলিট হোৱা কথাবোৰো ৰিচাইকল বিনত ৰৈ যায়৷ মুঠতে কথাবোৰ নোহোৱা নহয়৷ সৰুকালচোৱাও তেনেকুৱা একেবাৰে ডিলিট হৈ নাযায়৷

সময় সলনি হৈছে৷ দহবছৰ আগৰ কথাবোৰ এতিয়া দোহাই দি থাকিলে সকলো সময়তে নচলে৷ বিশবছৰ আগৰ কথাবোৰ সাধুকথা যেন হ’ল৷ আগতে সৰু ল’ৰা-ছোৱালীৰ মাকবোৰে বাটি এটাত মুড়ি এবাটি দি পীৰা এখন পাৰি তাতে বহুৱাই পাকঘৰৰ কাম-কাজ কৰিছিল৷ সিহঁতে পেলাই, বোটলে, দুই এটা মুখলৈয়ো নিয়ে৷ মুঠতে মাকে অনায়াসে কাজ সামৰে৷ আজিকালি আকৌ মাকবোৰে মোবাইলত ভিডিঅ’ এটা লগাই দিয়ে ন’হলে টি.ভিত কাৰ্টুন চিৰিয়েল৷ ল’ৰা-ছোৱালীবোৰ যান্ত্ৰিক নহৈ হ’ব কি? সহজলভ্য বস্তুৰ প্ৰতি আকৰ্ষণো এই যন্ত্ৰবোৰেই অধিক কৰিছে৷

সমাজ এখন সুচাৰুৰূপে পৰিচালিত হ’বলৈ হ’লে যিবোৰ কাৰকে প্ৰভাৱিত কৰে সেইবোৰৰ ভিতৰত মগজুৰ স্থিৰতা আৰু পৰিপক্বতা ( stable mind and maturity)অন্যতম৷ সুস্থিৰ চিন্তা-চৰ্চাইহে সমাজক সুন্দৰকৈ প্ৰতিনিধিত্ব কৰিব পাৰে৷ ছাত্ৰসকল সমাজৰ অবিচ্ছেদ্য অংগ৷ তেওঁলোকক বাদ দি আধুনিক সমাজৰ অগ্ৰসৰতা কল্পনাও কৰিব নোৱাৰি৷ স্বচ্ছতাৰ বাবে অধিক মেধাৰ প্ৰয়োজন নহয়৷ সেইবুলি শৈশৱতে থৰকবৰক হোৱা ভেটিত এজন প্ৰকৃত সামাজিক চেতনাবোধ থকা মানুহৰ জন্ম হ’ব পাৰে বুলি আশা কৰিব নোৱাৰি|

☆★☆★☆

One comment

  • Anonymous

    বহুত তত্ত্বগধুৰ কথাখিনি সাৱলীলভাৱে বৰ্ণালি তই ৷ ভাল পালো

    Reply

Leave a Reply

Your email address will not be published.