ফটাঢোল

ভাৰাঘৰ – বৈদুৰ্য্য বৰুৱা

কোনোবাই যদি মোক সোধে, “আপুনি বাৰু কেতিয়াবা কিবা আজৱ ঘটনাৰ সন্মুখীন হৈছেনে?” মই কম……

মই মোৰ হিচাপত তিনিবছৰ মানৰ আগতে আজৱ পৰিস্থিতি এটাৰ সন্মুখীন হৈছিলো। মাৰ্ঘেৰিটাত এটা কাম আৰম্ভ কৰিবলৈ ওলাইছিলো। কামটো আৰম্ভ কৰাৰ দিনাই মই পোন্ধৰজন মান বনুৱা বস্তু-বাহানি লাম-লাকটুৰে ৰাতিপুৱাই মাৰ্ঘেৰিটালৈ লৈ গ’লো। বনুৱা কেইজন পুৱাই ৰেলেৰে আহি পাইছিলহি। মাজুলীৰ পৰা অহা বিশেষ বনুৱা। ইহঁতক বহাই থোৱা মানেই মোৰ বিল উঠি থকা। গতিকে মোৰ উদেশ্য বনুৱা কেইজনক কামত লগাই কেইদিনমানৰ কাৰণে এটা সস্তীয়া ভাৰাঘৰ বিচাৰি লম, বনুৱাকেইজনক ৰাখিবলৈ। যিহেতু এসপ্তাহ দহদিন কামটোত লাগিবই। ভবামতেই কাম। মাৰ্ঘেৰিটা পায়েই বনুৱাবোৰক কামত লগাই মই নিজেই সস্তীয়া ভাৰাঘৰ বিচাৰি ওলাই গ’লো। কিন্তু ভাৰাঘৰ বিচাৰি পোৱাটো বিশেষকৈ সস্তীয়া ভাৰাঘৰ পোৱাটো ভবামতে সহজ নাছিল। আধাবেলা ঘূৰ্মুটিয়াই ফুৰিলো কিন্তু ভাৰাঘৰ নাপালো। দুই-এটা পাইছো যদিও কাম চলা ঠাইৰ পৰা বহুদূৰ হয়। অহা যোৱা কৰোতেই এঘন্টা লাগিব। বনুৱাবোৰো ইমান দূৰত থাকিবলৈ সন্মত নহয়। কি কৰো ভাবি আছো। সদায় অহা-যোৱা কৰাটোও সম্ভৱ নহয়। ওচৰৰ পাণদোকান এখনত এনেয়েই সুধিলো কেনেবাকৈ লেবাৰ ৰাখিবলৈ সপ্তাহ দহদিনৰ কাৰণে ঘৰ এটা পাম নেকি…খেৰ-বাঁহৰ হ’লেও হ’ব…পানী নপৰিলেই হয়…!

দোকানীজনে অলপ দেৰি চিন্তা কৰিলে।

__ …আপোনাকটো এসপ্তাহমানৰ কাৰণেহে লাগে….। এটা ঘৰ আছে অৱশ্যে…..সেইযে ৰাস্তাটো দেখিছে সেইফালে গৈ থাকক। অলপ আগত ৰাস্তাৰ বাওঁফালে এটা বেংক দেখিব। বেংকটো পাৰ হৈয়েই বাওঁফালে এটা আচাম টাইপৰ পুৰণি ঘৰ আছে। ঘৰটো প্ৰায় খালিয়েই থাকে… এতিয়াও খালী আছে বুলি শুনিছো… সেইটো চাব পাৰে…ৰব মই খবৰটো লৈয়েই দিছো…

__ ঐ বাবুলৰ ঘৰটো খালী আছে নেকি বাৰু..? জান নেকি…?

দোকানীজনে কাষতে থিয় হৈ থকা মানুহ এটাক সুধিলে।

__ সেই ঘৰটোত ভাৰাতীয়া সপ্তাহে সপ্তাহে বদলি হয়। খালী হৈয়েই থাকে….কাক লাগে?

মানুহটোৱে দোকানীজনলৈ চাই সুধিলে।

__ এই দাদাক লাগে। দাদাৰ কাম চলি আছে।দহ বাৰটা লেবাৰ থাকিব।

দোকানীজনৰ কথাত মানুহটোৱে মোক ভৰিৰ পৰা মুৰলৈকে চালে এবাৰ।

__ আপোনাৰ লেবাৰ থাকিব?

মানুহজনৰ প্ৰশ্নত মই মুৰ দুপিয়ালো।
__ চা ..আ..ব..অ.. পাৰে….!

মানুহজনৰ উত্তৰটোত “নাচালেও নাই” ধৰণৰ সুৰ এটাও আছিল।

__ পানী-চানী পৰে নেকি ঘৰটোত..?

মই সুধিলো।

__ নাই পানী-চানী নপৰে..। ঠিকেই আছে…আপোনাৰ লেবাৰহে থাকিব। ৰাতিপুৱাই কামলৈ যাব আৰু গধূলি আহি ভাত পানী খাই শুই থাকিব আৰু কি…..!

মানুহটোৱে আৰু দোকানীজনে যেন মোৰ পৰা কিবা এটা লুকুৱাবলৈ চেষ্টা কৰিছে তেনে লাগিল। তথাপিও মোৰ সেইসময়ত সেইবোৰ কথা চিন্তা কৰাৰ অৱকাশ নাছিল। মোক যেনেতেনে মুঠতে এটা ঘৰ লাগে। কামৰ ইমান ওচৰতে মই ইয়াতকৈ বেলেগ এটা ঘৰ নাপাম। বেলিও লহিয়াই আহিছে।

__ ঘৰটোত কোন থাকে? মানে মালিকক ক’ত লগ পাম?

মই সুধিলো।

__ মালিক নাই। মালিক কেতিয়াবাই কলিকতালৈ গুছি গৈছে। অৱশ্যে মালিকৰ পুতেক এটা থাকে। সিয়েই ঘৰটো চোৱাচিতা কৰে। ৰুম এটাতে থাকে। বিয়া-বাৰু কৰোৱা নাই। তিনি-চাৰিটা পাৰ্ট কৰি ঘৰটো ভাৰা দিয়ে।ঘৰ ভাৰা দিয়েই খাই আছে। তাক লগ ধৰিলেই হ’ল।

দোকানীজনক আৰু মানুহজনক ধন্যবাদ জনাই সেই ঘৰটো বিচাৰি ৰাস্তাটোৱেদি আগবাঢ়িলো। অৱশেষত বেংকটোৰ কাষত এটা বেচ ডাঙৰ প্ৰাচীন অসম আৰ্হিৰ ঘৰ চকুত পৰিল। দেখিলেই ধৰিব পাৰি এসময়ত এই পৰিয়ালটো বৰ আঢ‍্যৱন্ত আছিল। বছৰ বছৰ ধৰি ঘৰটোৰ যত্ন লোৱা হোৱা নাই। ঘৰৰ ভেটিতো বহি গৈছে। চালৰ টিনবোৰ মামৰে ধৰি ক’লা ৰঙচুৱা হৈ পৰিছে। ৱালবোৰত কোন যুগতে গাঢ় ক্ৰীম কালাৰ মাৰিছিল ভগৱানে জানে। ক’লা ৰঙৰ দুৱাৰ খিৰিকীবোৰৰ দুই এখন পচি মদৰুৱা বৰণ ধৰি ওলমি পৰিছে। চৌহদৰ তাঁৰৰ ফেঞ্চিং মামৰে খাই উৱলি গৈছে। বাঁহৰ জপনা এখন নামতহে আছে। সেইখনো সোলোক-ঢোলোক। আচলতে ঠায়ে ঠায়ে ফেঞ্চিং এৰাই যোৱা চৌহদটোত জপনাখনৰ কোনো কামেই নাছিল। চৌহদৰ ভিতৰত দীঘল দীঘল ঘাঁহ বন লতা গজি উঠি এখন সৰু সুৰা ‘ৰিজাৰ্ভ’ৰেই সৃষ্টি হৈছিল। তাৰ মাজে মাজে বয়সীয়াল আম কঠাল জামু জাতীয় কিছুমান গছ থিয় হৈ আছিল। পদূলিৰ সন্মুখত এজোপা শেৱালীৰ গছ আছিল। শেৱালী ফুলৰ ইমান ডাঙৰ গছ মই আগতে সম্ভৱ দেখা নাছিলো। ঘৰটোৰ লগতে চৌহদৰ পৰিবেশটোও সেমেকা। খমখমীয়া পাঁচশ টকাৰ নোট এখন এইটো ঘৰত পেলাই থ’লে খন্তেক পাছতে লেউ-সেউ হৈ পৰিব মই নিশ্চিত।
যি কি নহওক মই জপনাখন ঠেলি ঘৰটোৰ ফালে আগুৱাই গ’লো। বাৰাণ্ডাত উঠি ইফালে-সিফালে কাৰোবাক দেখো নেকি চালো। কলিংবেল এটা আছে যদিও চুইছটো বেয়া হৈ ওলমি আছে। ভিতৰলৈ ভূমুকিয়াই চালো। কোনো নাই। কোঠাবোৰ খালী। দুৱাৰবোৰ লং থংকৈ খোলা, পৰ্দাৰ অস্তিত্ব নাই। উপায় নাপাই দুৱাৰখনতে খত্-খত্কৈ টুকুৰিয়াই চিঞৰিলো… দাদা…অ’ দাদা..! ভিতৰৰ পৰা কোনো উত্তৰ নাহিল। আকৌ দুৱাৰখনত খত্-খত্কৈ মাৰি চিঞঁৰিলো। এইবাৰ কিছু জোৰকৈ। আপুনি কেতিয়াও বিশ্বাস নকৰে বুলি মই জানো, কিন্তু মই ক’বই লাগিব। এনেকৈ কেইবাৰমান চিঞৰাৰ পাছত মোক আচৰিত কৰি ভিতৰৰ পৰা ঘাঁহ পাগুলি পাগুলি গৰু এজনী ওলাই আহিল আৰু মোৰ কাষেদিয়েই গম্ভীৰ আৰু নিৰ্বিকাৰভাৱে পাৰ হৈ বাৰাণ্ডাইদি নামি গ’ল ! মই আচৰিত হ’লো। ঘৰৰ ভিতৰত গৰু সোমাই আছে…অথচ গৃহস্থৰ খবৰ নাই…!

__ কাক বিচাৰিছে?

এনেতে মোৰ পাছফালে মাত এটা শুনা পালো। মই ঘূৰি চালো।ক্ষীণ যুৱক এজনে গৰুজনী বাহিৰলৈ খেদাই মোৰ ফালে আগবাঢ়ি আহিছে। ওঠেৰে এটা গান গুণগুণাই আছে। যুৱকজন ক্ষীণ, শেঁতা বৰণৰ, মুৰত চুলি কম। পিন্ধনত এটা ঢিলা স্প’ৰ্টিং। বাহু দুটা তললৈ নামি আহিছে। জীনছ্ ৰ পেন্ট। হাৱাই চেন্দেল।

__ ভাড়া ঘৰ বিচাৰি আহিছিলো…। ইয়াত পাই বুলি শুনিলো…আপুনিয়েই নেকি মালিক…..?

__ ওঁ…। মোৰেই ঘৰ।কোন থাকিব? আপুনি?

তেওঁ সুধিলে।

__ মই নাথাকো। মোৰ ওচৰতে কাম এটা চলি আছে…লেবাৰ দহটামান থাকিব….এসপ্তাহ দহদিনমানৰ কাৰণে… ডাঙৰ ৰূম দুটা হলেই হৈ যায়… সিহঁতে মজিয়াতে টিৰ্পাল পাৰি শুব….

__ অ’ আচ্ছা বুজিলো। মোৰ লগত আহকচোন। পিছফালে ৰুম দুটা আছে। অলপ চাই লওক।

তেওঁ মোক ক’লে। মই তেওঁৰ পাছে পাছে গলো। পাছফালে তেওঁ মোক দুটা ৰূম দেখুৱালে। বেচ আহল-বহল ৰুম। বাহিৰত ওচৰতে টিউবৱেল আৰু বাথৰুম আছে। জুই ধৰি ভাত ৰান্ধিবলৈ বাহিৰত চালি এখনেৰে সৈতে জুইশাল এটাও আছে।

__ হ’বনে?

__ হ’ব…হ’ব…। কাম চলি যাব।

মোৰ মনটোত আনন্দ লাগি আহিল। ভবাতকৈ ভাল ৰুম এটাই পালো। তাকো কামৰ ওচৰতে। ভাড়াৰ বন্দোৱস্তি কৰি পেলালো। পাঁচশ টকা এডভাঞ্চো দি দিলো।

__ আপুনি কোনো চিন্তা নকৰিব। যিমানদিন থাকে থাকক। ময়ো কাষৰ ৰুম এটাতে থাকো। ইহঁতে একো দিগদাৰী নাপায়…

তেওঁ ক’লে। লগতে ইজনে সিজনৰ মোবাইল নম্বৰো ললো। গধূলিলৈ বস্তু-বাহানি, হাণ্ডি-বৰ্তনেৰে বনুৱাকেইজনক ৰুম দুটাত আনি সুমুৱালোহি। তাহাঁতেও পকা ৰুম দুটা পাই সুখী হ’ল। তাহাঁতে বাহিৰত জুই ধৰি ৰন্ধা-বঢ়া আৰম্ভ কৰি দিলে। ময়ো সিহঁতৰ পৰা আৰু মালিকৰ পৰা বিদায় লৈ ঘৰমুৱা হ’লো।

। । নিশা এঘাৰমান বাজিছে। এনেতে মোবাইলটো বাজি উঠিল। বনুৱাৰ চৰ্দাৰ কৃষ্ণৰ ফোন। ইমান নিশা কিয়বা ফোন কৰিলে সি….! কাৰণ ইহঁত সন্ধিয়া ছটা বজাৰ ভিতৰত শুই পুৱা চাৰিটামান বজাৰ পৰা কামতেই লাগি যায়..।

__ কৃষ্ণ, ক চোন..কি হ’ল…?

__ দাদা, ইয়াত থাকিব নোৱাৰি….

__ কিয়? কি হ’ল…!

__ ৰাতি ৰাতি টিনৰ ওপৰত কোনোবাই খোজকাঢ়ি ফুৰে! …

__ হাঁ! …কি কৱ..? ..মেকুৰী চেকুৰীও হ’ব পাৰে… বা বান্দৰো হ’ব পাৰে…..!

__ নহয় দাদা… মেকুৰী বা বান্দৰ হবই নোৱাৰে…! কিবা গধুৰ বস্তু…! এইটো ঘৰত থাকিব নোৱাৰিম দাদা….

__ ঘৰৰ মালিক কত..?

__ ক’ব নোৱাৰো দাদা…

__ …. এটা কাম কৰ..আজি যেনে তেনে থাক…এই ৰাতিখননো কি উপায় আছে ক…?!! কাইলৈ ৰাতিপুৱাই গৈ আছো…

__ হ’ব দাদা…। …কিন্তু এইটো ঘৰত আমি নাথাকো….!

__ হ’ব দে। কাইলৈ বেলেগ এটা ঘৰ বিচাৰিম। তহঁতে ভয় নাখাবি…

__ হ’ব দাদা…..

কৃষ্ণক অভয় দি ফোনটো থৈ দিলো। দুঃচিন্তাত পৰিলো। এই বনুৱাবোৰে যদি ভয় খাই ৰাতিপুৱাই পলাই যায়..মোৰ মহা মস্কিল হব… সচাকৈয়ে ভুত-চুত কিবা আছে নেকি বাৰু ঘৰটোত…! সেই দোকানীজন আৰু মানুহটোৰ কথা-বতৰাবোৰ মনত পৰিল..। তেওঁলোকৰ মতে ঘৰটোত ভাড়াতীয়া এসপ্তাহৰ বেছিদিন নাথাকে…। নানা ধৰণৰ চিন্তা লৈ আকৌ বিচনাত পৰিলো। চিলমিলকৈ টোপনি আহিছিল মাত্ৰ; আকৌ ফোনটো বাজি উঠিল। এইবাৰ মালিকৰ ফোন।

__ হেল্ল’, কওকচোন….দাদা…

__ আপুনি এইবোৰ কি মানুহ আনি ৰাখিলে!

মালিক জনে প্ৰায় জকজকাই উঠিল।

__ কি হ’ল কওকচোন…!

__ সিহঁতে কি কৰিছে জানে..?

__ কি কৰিছে?

__ ঘৰত মনে মনে ছোৱালী সুমুৱাইছে…!

__ কি!

__ আমি ইজ্জত থকা মানুহ..আপুনি কাইলৈয়ে ঘৰ খালী কৰি দিয়ক!

__ হ’ব বাৰু…। কাইলৈয়ে মই ঘৰ এৰি দিম। ৰাতিপুৱা মই গৈ আছো… আপুনি চিন্তা নকৰিব…

__ আৰু কি কৰিছে জানে..?

__ কি?

__ ৰাতি ঘৰৰ টিনৰ ওপৰত উঠি কেঁচা আম চিঙিছে.. মনে মনে। এইবোৰ কাম কৰিব লাগে নেকি কওক..!

__ নাই নাই সিহঁতে সেয়া ভুল কৰিছে.. মই পুৱাই গৈ আছো। আপুনি টেনচন্ নলব….

সিফালে ফোনটো কাটি দিলে। মোৰ কৃষ্ণৰ ওপৰতে খং উঠিল। দুনীয়াৰ বদমাচি কামবোৰ কৰি ধৰা পৰিবি; এতিয়া মাৰ খাও বুলি ভূতৰ ওপৰত দোষ জাপি ইয়াৰ পৰা পলোৱাৰ মতলব..। মোৰ অলপ ভয়ো লাগিল সিহঁতে যদি কিবা ছোৱালী সংক্ৰান্তীয় অপৰাধ কৰি পাব্লিকৰ পিটন পায়…মোৰো নাক-কাণ কটা যাব…! পুলিচৰ ঝামেলাবোৰটো আছেই…! এশ এবুৰি দুঃচিন্তাৰে আকৌ বিচনাত পৰিলো।

। । পিছদিনা দহটামান বজাত মাৰ্ঘেৰিটা পালোগৈ।সেই ঘৰটোলৈ সোমাই গৈয়েই দেখিলো পদূলিমুখতে আটাইকেইটা বনুৱা বস্তু-বাহানি বান্ধি মোলৈ অপেক্ষা কৰি বহি আছে। মালিকে সিহঁতক কিবা-কিবি গালি দি আছে। মোক দেখি মালিকজনে উত্তেজিতভাৱে আগবাঢ়ি আহিল।

__ সোধক, আপুনিয়েই সোধক সিহঁতৰ ৰূমত কালি ৰাতি ছোৱালী সোমাইছিল নে নাই..!

তেওঁ চিঞৰি উঠিল। মই কৃষ্ণলৈ চালো।

__ কৃষ্ণ, কথাটো হয় নেকি…?

__ কি কয় দাদা..! আমি কাম কৰি খোৱা মানুহ….গাৱঁত লৰা ছোৱালীৰে পৰিয়াল এৰি আহিছো…! দুপইছা বেছিকৈ ঘটো বুলিয়েই ইমান দুৰলৈ আহিছো… সেইবোৰ কাম কৰিবলৈ আমি ইয়ালৈ অহা নাই….

__ মিছা..মিছা..সকলো মিছা কথা..! মই নিজ চকুৰে দেখিছো ইহঁতৰ ৰুমত মাইকী মানুহ সোমোৱা….আচ্ছা..আচ্ছা..ঠিক আছে..তহঁতে যে ৰাতি ঘৰৰ চালৰ ওপৰত উঠি আম চিঙিছিলি সেইটোও কি মিছা..?!! সোধক.. সোধক আপুনিয়েই সোধক….!

মালিকে মোলৈ চাই কৈ উঠিল।

__ কৃষ্ণ..হয়নে কথাটো..?

__ দাদা দিনৰ দিনটো কোৰ মাৰি ৰাতি এঘাৰটা বাৰটা বজাত ঘৰৰ ওপৰত উঠি আম পাৰিবলৈ কোন যাব..! কওক..!

কৃষ্ণৰ কথাও মিছা নহয়। মই আকৌ মালিকলৈ চালো। মই আচলতে কিবা এটা বেবেৰিবাঙৰ মাজত সোমাই পৰিলো…কোন সচাঁ কোন মিছা..! এই বনুৱাকেইটাও মোৰ এদিনীয়া চিনাকি… ঘৰৰ মালিকো এদিনীয়া চিনাকী…..

তেনেতে কৃষ্ণ মোৰ ওচৰলৈ আহিল। সি মোৰ কাণে-কাণে ক’লে, “আপোনাক ফোন কৰাৰ পাছত আমি আটাইকেইটা ঘৰৰ টিনৰ ওপৰতনো কি উঠি আছে সাহস কৰি চাবলৈ ওলাই আহিছিলো। দেখিলো মালিকে নিজেই টিঙৰ ওপৰত উঠি আম পাৰি আছে…!”

__ হাঁ…!

__ আচ্ছা…আচ্ছা…এটা কথা ইহঁতক সোধক…ইহঁতে সাৱিত্ৰীক কেলেই জোকাইছিলে…?

মালিকে মোলৈ চাই কঁকালত দুয়ো হাত দি ক’লে। মই প্ৰশ্নবোধক দৃষ্টিৰে কৃষ্ণলৈ চালো। কৃষ্ণইও মোলৈ বুৰ্বকৰ দৰে চালে।

__ কোন সাৱিত্ৰী….!!??

মই সুধিলো গিৰীহঁতক।

__ মোৰ পত্নী..!

…পত্নী….! মোকটো দোকানীজনে কোৱামতে এওঁ বিয়া কৰোৱা নাই….! তেন্তে হঠাতে আকৌ কেনেকৈ পত্নীৰ অৱিৰ্ভাৱ হ’ল….!

__ তেনেহ’লে আপোনাৰ মিছেছ.. মানে সাৱিত্ৰী বৌদিক মাতি দিয়কচোন…

মই এনেয়েই কৈ উঠিলো।

__ আচ্ছা.. মাতি দিছো ৰ’ব..। সেইয়া সাৱিত্ৰী তাতে ৰৈ আছে। এই…এই .. সাৱিত্ৰী…! এইফালে আহচোন.. দাদাই মাতিছে। …কালিৰ ঘটনাটো কৈ দে…
মালিকে সেই ডাঙৰ শেৱালী ফুলৰ গছজোপালৈ চাই চিঞৰি উঠিল। আমি কিন্তু শেৱালি জোপাৰ তলত কাকো নেদেখিলো! তেতিয়াহে লাহে লাহে আচল ৰহস্যটোৰ কথা মোৰ মনৰ মাজত উন্মোচিত হ’ল। ময়ো লগে লগে শেৱালী জোপালৈ চালো।

__ নমস্কাৰ সাৱিত্ৰী বৌদি…! কালি ৰাতি মোৰ এই বনুৱা কেইটাই আপোনাক যি ব্যৱহাৰ কৰিলে, তাৰ বাবে মই লাজ পাইছো….আৰু তাৰ বাবে ক্ষমা বিচাৰিছো….

ময়ো শেৱালী জোপাৰ ফালে চাই এনেয়েই কৈ উঠিলো। কথাষাৰ কৈ মই ঘৰৰ গৃহস্থলৈ চালো। তেওঁৰ মুখখন আনন্দত উৎফল্লিত হৈ পৰিছে।

__ আহক ..আহক ৰুমটো চাই লওক.. কোনো টেনচন নলব..মইটো লগতে থাকো….কোনো চিন্তা নাই…

মালিকে আমাক উদ্দেশ্যি কথা কৈ কৈ ঘৰটোৰ পিছফালে আগবাঢ়িল। মই মন কৰিলো কৃষ্ণ আৰু তাৰ পাৰ্টীয়ে লৰালৰিকৈ বস্তু-বাহানিবোৰ কান্ধত লৈ জপনা খুলি আগলৈ ঢাপলি মেলিছে। ময়ো সিহঁতৰ পিছে পিছে আগবাঢ়িলো।

…আজিয়েই এটা ভাৰাঘৰ যেনে-তেনে বন্দোৱস্ত কৰিবই লাগিব……!!

■■

18 Comments

  • উৎপল বৰা

    ভিন্নস্বাদৰ ! 🙂

    Reply
  • গীতালি

    প্ৰিয় লিখকৰ সুন্দৰ লেখনী, পঢ়ি আপ্লুত হ’লো

    Reply
  • ৰিণ্টু

    বৈদুৰ্য্যদাৰ লেখনী মানেই হৃদয়ত এক উৎকণ্ঠা, এক আবেগ।

    খুব ভাল লাগিল দাদা

    Reply
  • অঞ্জলি

    ব্যতিক্ৰমী

    Reply
  • Manash saikia

    ভাল লাগিল ।সঁচাই আজৱ।

    Reply
  • Manisha Kakati

    সঁচাই ভিন্নস্বাদ। পঢ়ি আপ্লুত হ’লো..

    Reply
  • এক মিনিটৰ বাবে কাহিনীটো যদি সচা বুলি ভাবি লও, ৰাতিটো ভাল তিষ্ঠিলে দেই বনুৱা কেইজন!

    বৰ ধুনীয়া লাগিল দেই ৷ আগলৈও ফটাঢোলত আপোনাৰ লেখাৰে আমাক ভিন্নস্বাদৰ সোৱাদ দিব বুলি আশা কৰিলো ৷

    Reply
  • ভাস্কৰ জ্যোতি বৰুৱা

    আজৱ অভিজ্ঞতা! কি সুন্দৰ বৰ্ণনা ! সেইবাবেই হয়তো আপুনি বৈদুৰ্য্য বৰুৱা।

    Reply
  • Sankar jyoti Bora

    মজ্জা …

    Reply
  • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য

    প্ৰিয় লিখকজনৰ ভাল লগা লিখনি।বহুত ভাল লাগিল।

    Reply
  • অভিজিত মেধি

    এই লেখাটো পঢ়ি থাকোতে চকুৰে ঘটনাবোৰ দেখি থকা যেন লাগিছিল।

    Reply
  • মৃদুল শৰ্মা

    আপোনাৰ লেখা বিস্ময়ত আগতে মিচ নকৰো। বঢ়িয়া লাগে পঢ়ি। এইটোও বৰ ভাল লাগিল।

    Reply
  • সঁচাকৈ ভিন্নস্বাদ পালোঁ। বৰ ভাল লাগিল।

    Reply
  • Bhabani devi

    ভাল লাগিল

    Reply
  • ৰামানুজ

    চেণ্টুদাই গম পালে বিজিনিছ একটা পাই গল হয়,বৈদুৰ্য্যদা

    Reply
  • Nibhakakati

    খুব ভাল লাগিল।

    Reply
  • Noopur Baruah

    Haha. Val lagil.

    Reply
  • Ratul Baruah

    বহুত ভাল লাগিল
    অপু আৰু চেণ্টু দাক আকৌ আনকচোন

    Reply

Leave a Reply

Your email address will not be published.