ফটাঢোল

মই কন্দা দুখনমান চিনেমা – অসীমা শইকীয়া দত্ত

জোন জ্বলে কপালত, তেৰে নাম, শেইতীয়াকৈ বাহুবলীখনতেই শেষ কন্দা। ‘তেৰে নাম’ চাই ইমানেই কান্দিছিলো যে, পিছত দেতাই তেলে পানীয়ে সানি স্কুললৈ যোৱা ‘তেৰে নাম’ ডিজাইনৰ সেওঁতাটো চায়ো হিকটিয়াইছিলো। ‘বাজীগৰ’ চাই চকীৰপৰা সৰি পৰিছিলো কাজলে সব গম পাই এৰে বুলি। চিনেমা চাই কন্দাটো আমাৰ বংশগত। মামাৰ জীয়েকে ‘হালধীয়া চৰাইয়ে বাও ধান খাই’ চাই ইমানেই কান্দিছিল যে মাৰ মতে ইন্দ্ৰ বনিয়াই কুঠাৰখন তাইৰ খঙতে গছজোপাৰ গাত ঘপিয়াইছিল। কান্দিছিল কি বুলি আকৌ, “অ’ মাকন পেহী, ইমান বৰষুণ দিছে ঘৰলৈ কেনেকে যাম এতিয়া! পকাধানৰ ডাঙৰিবোৰ চোতালতে থাকিল।” চিনেমাত খেৰিঘৰৰ চালেদি পৰা দোপালপিটা বৰষুণজাক চাই হলৰ ভিতৰত তাইৰ কান্দোন। ইপিনে হলৰ বাহিৰত চৌফলীয়া ৰ’দ। তাইৰ দৰেই ‘জীৱন সুৰভী’ চাই বাইদেউ আৰু মই দুদিনমানলৈ পঢ়া টেবুলত খুব কান্দিলো বিদ্যা ৰাওৰ কথা পাতি পাতি। দাদাৰ এনকোৱায়াৰিত ‘জীৱন সুৰভী’ গুচি ‘জীৱন নৰকী’ হ’ল আমাৰ। তাৰ গৰু পিতনত টেবুলৰ তলৰ মেকুৰীটোৱেও চিনেমা নাচাওঁ বুলি কাণত ধৰিলে। দুদিনমানৰ পিছত টিভিত দিলে ‘ধড়কন’। আয়ৌ তোমাক কৈছোঁ, ‘ধড়কন’খনত সুনিল চেট্টীক চাবই নোৱাৰো। শোকে খুন্দা মাৰি ধৰি আঁঠুৱা টেটুত লাগি মৰিলোহেঁতেনেই, কথমপিহে! কান্দোন আনে শুনে বুলি আঁঠুৱাটোৰ এটুকুৰা মুখত ভৰাই কান্দো। দাদা থাকিলে চিনেমা চাবলৈ নিদিয়ে। সেয়ে বেৰত ফুটা কৰি মইও ব্যৱস্থা কৰি লৈছিলো। শুক্ৰবাৰে ৰাতি চাৰে ন বজাত ‘ধড়কন’ চাই দাদাৰ ভয়ত কান্দোন চেপোতে গলাৰে যিটো শব্দ বাহিৰ হৈছিল! প্ৰথমে ওচৰতে শুই থকা দেতা ভয় খাই উঠিল বোলে কি অ’ এইটো! ফুচ ফুচাই ক’লো বোলো মইহে! কাঁহে ধৰিছে। ‘ধড়কন’ত ছোৱালীজনীয়ে এৰি যাওঁতে ৱাছাৰপৰা টিউৱেলৰ মাতেৰে সুনীল চেট্টিয়ে যেতিয়া চিঞৰে, “অ…ঞ্জ….লী”, আয়ৌ মোৰ ডিঙিৰে যিটো চেপা কান্দোন ওলাল গেঙনি হৈ, দাদাই চোফাৰ তলত কুকুৰ বিচাৰি চেই চেই বুলি চিঞৰি ফুৰিলে। (এইখিনিতে কৈ থওঁ, দেতাৰ টোপনিত চিঞৰি বিছনাত ভৰিৰে দপদপোৱা অভ্যাস এটা আছে) যি নহওক, ‘ধড়কন’ত সুনীল চেট্টিৰ ক’লা কাপোৰযোৰ, ফটা চেণ্ডেলযোৰ, মানে শহুৰেকে যি কাৰণত ৰিজেক্ট কৰিলে, মই সেই দুটা দেখিলেই ইয়ু … ইয়ু… ইয়ু… বুলি চেপি চেপি কান্দো। “য়ে মেৰি দিল হে, ৱৌ মে দে চুকা হুঁ, অভি মেৰে পাচ কয়ি দিল নেহি” – এনেকুৱাধৰণৰ ডাইলগ এটা আছিল। মহৎলোকৰ বাণীৰ দৰে মগজুত ভৰাই লৈছিলো কান্দােনৰ মাজতে। যেতিয়া বেঁকাকে সেওঁতা ফালি তেলিয়া সাৰেংটো হৈ অক্ষয়কুমাৰ ওলাল, কান্দোন কমিল মোৰ। তথাপি চিনেমাৰ মাজে মাজে সুনীলে যে ধোঁৱাৰ মাজত ভাবে “হেএএএ…” মিউজিকটোত আৰু টেটুফালি যে চিঞৰে “অঞ্জলী” বুলি, আয়ৌ মইয়ে মাতি দিম যেন! “দেহাকন অ’, তোক ফুটাৰে চাই আছোঁ, সেইপাতৰ বাবে নমৰিবি” বুলি! সুনীলৰ শেষ চিঞৰ, “অ…ঞ্জ…লী”টো শুনি কান্দিবলৈ যো জা কৰি আকৌ আঁঠুৱা মুখত ভৰাওঁতেই শুনিলো, ই কি! সুনীলৰ মুখেৰে দেখোন হ………ৰে………ন বুলি ওলাইছে। অঃ, কন্দা বাদ দি চকু মোহাৰি কাণ খৰকিয়ালো। আকৌ ধোঁৱাৰ মাজত সুনীলৰ চিঞৰ, “হ…ৰে…ন”। অঃ অঞ্জলী হৰেন হ’ল কেতিয়াৰপৰা! আয়ৌ দেহি তাইৰ বিৰহত সি পগলা হৈ নামেই পাহৰিলে। আকৌ শোকতে আঁঠুৱাটোৰ এটুকুৰা মুখেৰে চোবাই কান্দোন চেপোতে ওচৰতে ধৌমকৈ কিবা এটা পৰাত জাপ মাৰি উঠিলো। মাহঁতো উঠিল। দাদাও দৌৰি আহিল ৰুমলৈ। দেতাই সপোনত ভায়েকক “হ…ৰে…ন, হ…ৰে…ন” বুলি চিঞৰি আঁঠুৱাত তিনিপাক খাই সৰি পৰিল তললৈ। সাৰ পাই ক’লে, ‘হৰেনক চাইকেল শিকাই আছিলো। পুখুৰীত সোমালো দুয়োটা।’

দুপৰ নিশাও ভায়েকক বিছনাত চাইকেল শিকাই! কি জীৱ মিলালা ভাইগত অ’ প্রভু! মই সাউৎকৈ গাৰুত মূৰ থৈ নাকেৰে ঘৰঘৰাবলৈ ধৰিলো। মোক চাই দাদা গুছি গ’ল, ‘বোলে এইজনীৰ ইমান মৰ টোপনি অ’! ওচৰতে মানুহ মৰিবলৈ ওলাইছে! তথাপি গম নাপায় চা!’

মৰেল : টাবু আৰু অনিল কাপুৰৰ ভায়েকৰ চুপাৰ ফ্লপ চিনেমা ‘প্ৰেম’ চাই কন্দা মানুহৰ কিডাল উন্নতি হ’ব!
* * * * * * * *
‘ধড়কন’ চাই যে কান্দিছিলো, তাৰপিছত তেনেকে কন্দা নাই। দাদাই চিনেমা চোৱা বন্ধ কৰিলে। হ’লেও সি এবাৰ ক’ৰবাত থকাকৈ যোৱাৰ কথা কৈছিল মাক। আয়ৌ কি ফূৰ্তি মোৰ। আগৰটো সপ্তাহৰপৰা দেখি আছোঁ ‘সাজন’খন দিব। এঃ, যিকণ বিজ্ঞাপন দিয়ে তাকে চাই ফালি থাকো। গাঁৱৰ ৰাস্তাত দেতাৰ চাইকেলখন লৈ চিঞৰি চিঞৰি গাওঁ, “মেৰা দিল ভি কিতনা পাগেল হে….” দেতাই ঘৰৰপৰা চিঞৰে, “তই এনেয়েও পাগল, ৰাইজক নজনালেও হ’ব। মোৰ চাইকেলখন লৈ আহ। এফালে যাওঁ।” মই লগৰজনীক চিনেমাৰ কথা কৈ বুকিং কৰি থৈছোঁ। তাই থকাকে আহিব। সুধি লৈছে, “বাবাদা চিউৰ নাথাকেতো?”

শনিবাৰে ৰাতি দহ বজাত দিব। বৃহস্পতিবাৰে দাদা গ’লগৈ। তাক আগবঢ়াবলে গৈ সি উঠা বাছখনৰ চকাকেইটা ঘূৰিছেনে নাই দুবাৰ চকু মোহাৰি তললে জুপি চাই টেষ্ট কৰিছোঁ। বাছখন যে চলিছে অলপ দূৰ পিছে পিছে দৌৰি পৰীক্ষা কৰিহে ঘৰলে আহিছোঁ। লগৰজনীয়ে খুৰাকক পাপুৰ লগত পঢ়াৰ আলোচনা আছে বুলি কৈ শনিবাৰে আহিল ‘সাজন’ চাবলৈ। চাৰে ন বজাৰপৰা আমি ৰেদি চিট দখল কৰি। মাহঁতেও চাব গতিকে বাধা নাই। ভয় কেৱল আমাৰ দাদা আৰু তাইৰ খুৰাকটোলেহে। হঠাৎ আমাৰ দুৱাৰত কোনোবাই নক কৰা শুনিলো। কোনোবা চিনেমা চোৱাই হ’ব বুলি খুলি দিলোগৈ। খা বাপ্পেকে! লগৰজনীৰ খুৰাক। তেৱোঁ মোৰ জোৰদাৰ প্ৰচাৰত প্ৰলোভিত হৈ চাজন চাবলৈকে আহিছে। লগৰজনী দেতাৰ মূৰৰ ওপৰেৰে জপিয়াই ৰুম পালেগৈ। তাই হাই জাম্পত ভাল বুলি সেইদিনাহে জানিলো। স্কুলত আকৌ তাই হাইজাম্পত দূৰৰপৰা ৰেদি হৈ ফিটটো ধৰি আহি ৰছীডালৰ ওপৰেৰে নগৈ তলেৰে নিগনিৰ দৰে দৌৰি সিফাল পায়গৈ। চিনেমাৰ লগত খুৰাকৰ ভয়ত আজি দেতাৰ মূৰৰ দুফুট ওপৰৰে জপিয়াই পাৰ হৈছে।

মইও মাতি আনিলো যেতিয়া তাইক চৌঠেঙীয়া নকৰো বুলি তাইৰ ওচৰ পালোগৈ। ভিতৰত মাধুৰীৰ বেজাৰত দুয়োজনীৰে চকুপানী ওলাওঁ ওলাওঁ। হঠাৎ মোৰ ৰুমৰ খিৰীকিখনলৈ চকু গ’ল। মাজৰ ৰড দুডাল নাই। “আইদিয়া” বুলি দুয়োজনীয়ে এটা গান হ’লেও চাই ওচৰৰ ঘৰৰপৰা ঘূৰি আহিম বুলি ওলালো ৰড নোহোৱা খিৰীকিৰে। সিফালে তলত কোনোবাই মুতি থৈছিল যদিও নেজানো, পানী এডোঙাতে থলৰ থলৰকে পৰিলো দুইজনী। ৰ’বলে নাই। মাধুৰীক চাবলৈ দে দৌৰ। দুইজনী আন্ধাৰে মুধাৰে গৈ ওচৰৰ ঘৰত হাজিৰ। তাতো লগৰ এজনী আছে মোৰ। বহুৱালে আথে বেথে তাই। দহ বাজো বাজো। আমুল গাখীৰৰ বিজ্ঞাপনৰ পিছতে চিনেমা হাজিৰ। চেৰেংকৈ নাম দিলে। অঃ! লগৰজনীলৈ চালো। তাইৰ চকু দুটাত এফালে সঞ্জয় দত্ত আনফালে চালমান খান, কপালত মাধুৰীৰ পোষ্টাৰ লৈ টিভিত জঠৰ। নাম পঢ়ি গম পালো দিছে সাজনৰ শহুৰেকৰ দিনৰ চিনেমা। ৰাজেশ খান্নাৰ ‘ৰুটি’। তাই বহু দেৰিলৈকে গমেই নাপায়। সাজন বুলিয়েই বহি আছে। মই কওঁ, যাওঁ ব’ল হ’ব। ঘৰত দিব পিতন গম পালে। তাই কয়, ৰহ মাধুৰী ওলাওক। ৰাজেশ খান্না বাপেক চাগে তাইৰ, সি হে ওলাইছে।

তেনেতে ওলাল মূৰটোত দুটামান ঔটেঙা সুমুৱাই ওপৰলে চুলি বান্ধি ওলমা বেণীৰে নায়িকাজনী। যিটো আগতে আমি বেয়া পাওঁ। লগৰজনীৰ তেতিয়াহে হুঁচ আহিল। বোলে এইখন ‘সাজন’ নহয় নেকি! চাই থকা সবেই হাঁহি দিলে। তাৰে এজনে ক’লে, ‘সাজন’ অহা শনিবাৰে দিব, এইখন ‘ৰুটি’। লগৰজনীয়ে বহি থকা পিৰাখনেৰে মোৰ মূৰটো ফালেই! বোলে “মৰতি! কি চাবলৈ ৰাখিলি মোক আজি!”

‘ৰুটি’ নেচাই আমি ঘৰলে উভতিলো। তাই ওৰে বাটটো মোক গালি পাৰি আহিল। সিফালে ঘৰত যিডাল নঙলাত হাত দিছোঁ, তাতে আকৌ তাইৰ খুৰাকেও ‘ৰুটি’ নেচাই যাবলৈ আহি হাত দিছেহি। আমাক দেখি বোলে, ‘অঃ তহঁত দুজনী ক’ৰপৰা আহিছ?”

উত্তৰ দিবলৈ নাই। খুৰাকক ঠেলি পেলাই মই দিলো দৌৰ। লগৰজনীয়ে কোনঘৰলে যাব ধৰিব নোৱাৰি কঠাল গুটি নিগনিৰ দৰে এবাৰ নঙলা সৰকি আমাৰ চোতাললৈ, আকৌ এবাৰ পদুলিলৈ দৌৰা ঢপৰা কৰিলে। খুৰাকে ভূ ভটং নাপাই থৰ লাগিল। এতিয়া তোক বচাবলৈ নাই, যি কৰ কৰ বুলি মই পাৰ হোৱা খিৰীকিখন মাৰি দিলো। তাই খুৰাকৰ মাৰ খাই ভেঁ ভেঁকৈ মুখ মেলি গ’লগৈ নিজৰ ঘৰলে।

☆★☆★☆

6 Comments

  • হাঃ হাঃ, লুকাই চিনেমা চোৱাৰ মজাই বেলেগ। তাতে তেতিয়া টিভিত দিয়া সৱ চিনেমাই বৰ আগ্ৰহেৰে চাবলৈ ৰৈ আছিলোঁ।
    বৰ ৰস লগাকৈ লিখিলা, আগৰ অভিজ্ঞতাবোৰ। বৰ ভাল লাগিল।

    Reply
    • অৰুন

      হা হা হা ৷নাপাই দে মাতি আনি মাৰ খোৱাব

      Reply
  • হাঁ হাঁ৷বিৰাট ৰসাল দেই৷

    Reply
  • ডলী

    ভাল লাগিল

    Reply
  • ৰাজশ্ৰী শৰ্মা

    হা হা, দৰ্জাৰ তলেৰে আইনা আধা সুমুৱাই বিজ্ঞানী মনেৰে ‘খুন ভৰি মাংগ’ চাইছিলো অ বা। মনত পৰিল।

    Reply
  • Anonymous

    অসীমা বা আপোনাৰ লিখনি পঢ়ি পাগলৰ দৰে হাঁহিলো । তেজপুৰত থৈ আহিব ঘৰৰ মানুহে । বেছি দিন নাই ।

    Reply

Leave a Reply

Your email address will not be published.