ফটাঢোল

মণিকুন্তল– গীতাশ্ৰী কলিতা

তৃতীয় খণ্ডত।

এটাৰ পাছত এটা ধুমুহাই চুৰমাৰ কৰি যোৱা মণিৰ হতাশাগ্ৰস্ত মনৰ খবৰ পাই ঢপলিয়াই আহিল কুন্তল। জীৱন্ত মূৰ্তিলৈ ৰূপান্তৰিত হোৱা মণিৰ হৃদয় পুনৰ জীপাল কৰি তুলিবলৈ কুন্তলক সময় লাগিল। অহৰহ প্ৰচেষ্টা আৰু বুজনিত মণিৰ মনত পুনৰ কুন্তলৰ প্ৰতি মৰম- ভালপোৱ জাগি উঠিল। চিৰজীৱন সুখে দুখে সংগ দিয়াৰ প্ৰতিশ্ৰুতিৰে সমাজক সাক্ষী কৰি কুন্তলে মণিক নিজৰ কৰি ল’বলৈ সিদ্ধান্ত ল’লে।

(জোৰোণ)

চাওঁতে চাওঁতে বিয়াৰ দিন চমু চাপি আহিল৷ আগতেই ঠিক কৰা মতে বিয়া দুদিনীয়া হ’ব৷ আগদিনা জোৰোণ আৰু পাছদিনা বিয়া৷ সৱৰে হাঁহি-ফূৰ্তিত তত্ নাই৷ ঘৰৰ প্ৰথম বিয়া, সকলোবোৰ জা-যোগাৰ পূৰ্ণোদ্যমে চলিছে৷ বৰা পোষ্টমাষ্টৰে একোতে হীন-ডেঢ়ি ৰাখিব খোজা নাই৷ বাকী মিতিৰ-কুটুম সকলোৱে হাত উজান দিছেহি৷ মণিহঁতৰ ঘৰ উদুলি-মুদুলি৷ গাঁৱৰ ল’ৰাহঁতে ৰভা-খোলা দিয়া আৰম্ভ কৰিছে৷ হাবিচুকৰ মাহীয়েকৰ জীয়েক বন্তি আৰু পূৰৱী আহিছে আগতীয়াকৈ৷ ৰভা দিয়া ৰাইজক বাৰে বাৰে চাহ-তামোলৰ যোগাৰ দি আছে৷ ছোৱালীহঁতক আগফাল-পিছফাল কৰি থকা দেখি ডেকাহঁতৰ গাত যেন জোৰ আৰু বাঢ়িছে!

গাঁৱৰ দুমূৰে দুখন বিয়া৷ ৰাইজৰ গাতো তৰণি নাই৷ জোনৰ মুখেৰে ডাঁৰৰ খবৰ ডাঁৰেৰে‍ লৈ আছে মণিয়ে, কুন্তলৰ ঘৰত কি হৈছে৷

জোৰোণৰ আগদিনা ল’ৰাহঁতে ৰভাখুঁটাত নতুন নতুন ৰঙীন কাপোৰ বান্ধিছে৷ নোজোৰা জেগাবোৰত অলপ ভাল ভাল বিছনা চাদৰ আঁৰি দিছে৷ খোৱা-বোৱাৰ ব্যৱস্থা দুভাগে কৰা হৈছে৷ বয়সস্থখিনিক বৰঘৰতে খোৱাৰ দিহা কৰা হৈছে আৰু বাকী ৰাইজক ৰভাৰ তলতে অলপ আছুতীয়াকৈ বেঞ্চ-টেবুল পাৰি৷ ল’ৰাহঁতে বেঞ্চবোৰত ধুনীয়াকৈ নানাৰঙী ফুল আৰু পাতাবাহাৰৰ পাত দি সজাই তাৰ ওপৰত পানীকাপোৰ লগাই দিছে৷ মুঠতে ঘৰৰ বৰ জীয়াৰীৰ বিয়াখনত খোৱা-বোৱাকে ধৰি সকলোতে খৰচৰ নামত অলপো হাত ধৰা নাই দেউতাকে৷ যিমান পাৰি উলহ-মালহেৰে সকলোবোৰ জা-যোগাৰ কৰিছে৷

কালিলৈ জোৰোণ৷ ৰভাৰ কাম প্ৰায় শেষ হৈছেগৈ৷ ল’ৰা দুটামানে পদূলিৰ মূৰত কলপুলি দুটা পুতিছে৷ ভিতৰত মিতিৰ-কুটুম গিজ্‌গিজাই আছে৷ প্ৰথম বিয়া বুলি অঙহী-বঙহী সকলো আহি আগতীয়াকৈ আছেহি৷ মণিয়ে কাপোৰ সলাইছে৷ লগত পূৰৱী আৰু পাখিলীক লৈ গাঁৱৰ মানুহকেইঘৰমান মাত লগাই আহিবলৈ ওলাল৷ বাহিৰত ৰভাতলত গাঁৱৰ ছোৱালীহঁত মিলি দুৱাৰমুখ আৰু পদূলিমুখত কলপুলিত আঁৰিবলৈ আমডালি গাঁথি‍ছে৷ এজাউৰি‍ উৰুলি দি দুজনীমানে মূল দুৱাৰত আমডালি আঁৰিছে৷ উৰুলিৰ মাত শুনি মণিৰ যেন সম্বি‍ৎ ঘূৰি আহিছে৷ এইকেইদিন বিয়া বুলি দৌৰা-ঢাপৰা কৰি থাকোঁতেই গৈছে৷ উশাহ সলাবলৈও যেন সময় নাই! সময় কেনি গ’ল গমেই নাপালে৷ আৰু আজি মৰমৰ ঘৰখন এৰি যাবৰে হ’লগৈচোন৷ আকৌ ঘৰৰ মানুহকেইটাক অকলশৰে এদিন পাবলৈ মন গৈছে৷ আগৰ দিনবোৰ এবাৰ পুনৰ জীবলৈ মন গৈছে৷ অন্তৰখনে যন্ত্ৰণাত যেন কান্দি উঠিছে৷ এইয়া অসম্ভৱ…., মণিয়ে বুজে৷ তথাপিও বকুল-বৃন্দাৰ দৰে এবাৰ অবুজন হ’বলৈ মন গৈছে৷

“মণি…. মণি!’’

বাহিৰত কোনোবাই মাতিছে৷

বৰদেউতাক আহিছে৷ মণিয়ে থাউকতে তামোলৰ বঁটাটো লৈ ওলাই গ’ল৷ বিয়াৰ দিনা আহিব নোৱাৰে বৰদেউতাক৷ ঘৰৰ আটাইমখা বিয়ালৈ আহিলে ঘৰ ৰখিব কোনে! গতিকে আজিয়ে আহিল মাত এষাৰ দিবলৈ৷ মণিয়ে বহা জেগাতে বৰদেউতাকক সেৱা কৰিলে, তেওঁ মণিৰ মূৰত হাত ফুৰাই আশীৰ্বাদ দিলে৷ বৰদেউতাকৰ চকুৰ কোণত দুটোপাল চকুলো জিলিকি উঠিল৷ দেখি আৰু মণি ৰ’ব নোৱাৰিলে৷ অতদেৰি চেপি ৰখা কান্দোনটো ওলাই আহিল৷ তাতে হাও হাওকৈ কান্দিবলৈ ধৰিলে৷ দুজনীমান আহি তাইক নিজৰ কোঠালৈ লৈ গ’ল৷ অলপ পৰ পাছত তিনিওজনী গাঁৱলৈ বুলি ওলাই গ’ল৷

আজি জোৰোণ৷ কাউৰীয়ে কা নকৰোঁতেই সাৰ পালে মণিয়ে৷ ৰাতিটো টোপনি নহ’ল বুলিবই পাৰি৷ বাহিৰত ঠেঁটুৱৈ লগা জাৰ৷ ৰাতিও কোনোবা কোনোবাই কাম-বন কৰি আছিল৷ মাক ৰাতি শুলেনে নাই গমকে নাপালে মণিয়ে৷ তাই শুবলৈ আহোঁতে মাহীয়েকৰ লগত অতদিনে সামৰি থোৱা কাঁহৰ বাচন-বৰ্তনবোৰ মাজি থকা দেখিছিল, জোৰোণীয়া লোকক জলপান দিবলৈ বুলি৷ এতিয়া শুই উঠি দেখিছে বৰঘৰটো টিপি টিপি মচি আছে৷ বেচেৰী মাকজনী! বৰ কষ্ট হৈছে!

মণিয়ে সোনকালে গা-পা ধুই আহিল৷ বাহিৰত মাহীয়েকৰ জীয়েক দুজনীয়ে চোতাল মচিছে৷ তেনেতে মাজু মোমায়েক লগত দুজন লৈ পালেহি৷ আহোঁতে মহলদাৰীৰ পৰা দৈ লৈ আহিছে চাইকেলত৷ চাইকেলৰ আগফালে দুটা টেকেলি আৰু পাছফালে কেৰিয়াৰত পথালিকৈ বাঁহ এডাল বান্ধি দুফালে দুটাকৈ দৈৰ কলহ৷ মণিৰ মোমায়েকৰ কথা বেছি; কাম কম৷ দুদিন আগতেই অহা মানুহ, আজি ওলাইছেহি কোনোমতে৷ দেউতাকৰ ভয়ত তত্ নাই, সময়ত দৈৰ টেকেলিকেইটা নাপালেহি কি হ’ব বুলি৷ কিন্তু ওলালহি কোনোমতে৷ এইগৰাকী শালপতিলৈ যে কামৰ আশা কৰিব নোৱাৰি বাৰুকৈয়ে বুজিছে৷ বস্তু-পাতিবোৰ দিহা লগাই আছে দেউতাকে৷

“ঐ ৰমলা, যাচোন পানী এটুপি যোগাৰ কৰগৈ৷ ঠাণ্ডাতে হাত-ভৰিবোৰৰ কঁপনি উঠিছে৷” – দেউতাকে কামৰ মাজৰ পৰাই মাত লগালে৷

সৱে‍ই দৰকাৰী কাম-কাজ কৰি আজৰি হৈছে৷ মণিৰ দেউতাকে ভাগে ভাগে মানুহবোৰক কাম-কাজবোৰ বতাই গৈছে যদিও ক্ষান্ত হ’ব পৰা নাই৷ ক’ৰবাত যাতে অলপো গণ্ডগোল নহয়, তাৰ প্ৰতি সতৰ্ক হৈ আছে তেওঁ৷ ইফালে মাকে মাহীয়েক আৰু খুৰীয়েকক মাতি জোৰোণত মান ধৰিব লগা চেলেং-গামোচাবোৰ দেখুৱাই গৈছে, কাক কি দি মান ধৰিব লাগিব৷ এফালে কণতিলৌ আৰু ওচৰৰে পবিত্ৰ লগ হৈ মড়ল সাজিছে ধুনীয়াকৈ৷ দুয়োটা এইবোৰ কামত সিদ্ধহস্ত৷ ভাওনাত ভাৱৰীয়া অঁকাৰ পৰা আদি কৰি উৎসৱ-পাৰ্বণত সজোৱা-পৰোৱা কামতো কণতিলৌ ওস্তাদ৷ বালিৰ সমানকৈ ঢি‍প এটা সাজি তাৰ ওপৰত মৈদা, নীল আৰু সেন্দূৰ দি সুন্দৰকৈ ফুল সজাইছে৷ ঢি‍পটোৰ চাৰিওফালে সৰু সৰু কলপুলি চাৰিটা৷ তাৰ পাছফালে মুখ চাব পৰাকৈ দাপোণ এখন আৰু তাৰ ঠিক ওপৰতে ভগৱানৰ ফটো এখন৷

ঘৰত উথপ্‌থপ্ লাগিছে৷ জোৰোণ পাবৰ সময় হৈছে৷ অলংকাৰ পৰিধানৰ সময় দুপৰীয়া এঘাৰ বজা৷ দহ বাজি গ’লেই৷ দৰাঘৰীয়া আহি পাবৰ সময় হ’ল৷ এনেতে বাহিৰত হুলস্থূল লাগিলেই৷ জোৰোণ আহি পালেহি৷ মণিৰ বুকুখন দুৰু দুৰুকৈ কঁপিছে, ছোৱালীৰ পৰা বোৱাৰী হোৱাৰ ক্ষণ পালেহিয়েই৷ মণিৰ মাকে আগৰে পৰা সজাই থোৱা শৰাইখন লৈ ওলাই গ’ল৷ লগতে কাঁহৰ কাঁহি এখনত চাকি-ধূপ৷ মণি ভিতৰৰ কোঠাতে বহি থাকিল৷ পদূলিমুখত উৰুলি এজোলোকা শুনা গ’ল৷

পদূলিৰ কলপুলিৰ তলত এফালে মণিৰ মাক আৰু আনফালে কুন্তলৰ মাক৷ দুয়োগৰাকীৰ হাতত শৰাইঢকাৰে ঢকা শৰাই দুখন৷ শৰাইত মাননি এটা, আগ-গুৰি কটা তামোল-পাণ, মচলা সজাই থোৱা আছে৷ দুয়োগৰাকীয়ে পদূলিৰ মূৰত শৰাই দুখন তিনিবাৰকৈ সলনা-সলনি কৰিলে সাৱধানে, যাতে ইখন সিখনত নালাগে৷ তাৰ পাছতে মণিৰ মাকে নিয়মমতে ফুলাম গামোচা আৰু এখন বিচনী লৈ ল’ৰাৰ মাকক তিনিবাৰ আলফুলে বিচি, সাৱটি চুমা খাই ভিতৰলৈ লৈ গ’ল৷ মতা মানুহকেইজনক ৰভাতলত এফালে বহুৱাই মাইকী মানুহখিনিক অন্যফালে নি আথে-বেথে ৰভাতলি‍ৰ মড়লৰ আগত বহিবলৈ দিলে৷ মণিৰ সম্বন্ধীয় মামীয়েকহঁতে বহাতে জোৰোণীয়া মানুহক হাতে হাতে চাহ এবাটি‍কৈ দি গ’লহি৷ গাঁৱৰে সৱ মানুহ, বহি বহি বেছ হাঁহি-ফূৰ্তি কৰিছে সকলোৱে৷

কুন্তলৰ মাকে ক’লে বোলে – “ছোৱালী উলিয়াই দিবৰ হ’ল৷ অলংকাৰ পৰিধানৰ সময় পাইছেহি৷ অলপ সোনকালে উলিয়াই দিলে ভাল৷”

দৰাৰ মাকে ঘটৰ ভিতৰৰ দুটামান চাউল পাটীখনৰ ওপৰত উৰুলি দি ছটিয়াই দিয়ে৷ তাকে দেখি ৰমলা পেহীয়ে নাম ধৰিলেই-

“ওলাই আহা আইদেৱে

ঐ শশী, দুৱাৰ-ডলি‍ৰ বাজে,

ঘৰতে পিন্ধাব লাগে

ঐ শশী, নকৰিবা লাজে৷….”

শোৱনি-কোঠাত থকা মণিৰ কাণতো পৰিছেহি বিয়ানামৰ কলি৷ বুকুখন খুব বিষাইছে৷ দুখে ভয়ে মিলি কি কৰোঁ কি নকৰোঁ যেন লাগিছে! বাহিৰৰ পৰা অহা বিয়ানামবোৰেও যেন বুকুত শেলে বিন্ধাদি বিন্ধিছে৷ তেনেতে কোনোবা দুজনীমান আহিল মণিক মড়লৰ ওচৰলৈ উলিয়াই নিবলৈ৷ এগৰাকীয়ে পিন্ধি থকা চাদৰখন টানি পিঠিটো আৰু ঢাকি দিছে, এগৰাকী আহি চেলেং-চাদৰখনেৰে‍ গায়ে-মূৰে ঢাকি দিলে মণিৰ৷

“ব’ল আই, ব’ল” বুলি মামীয়েকে লাহেকৈ উঠাই লৈ গৈছে৷ যাব খুজিও যেন খোজ নচলা হৈছে মণিৰ৷ লাহে লাহে গৈ ৰভাতলি পালেগৈ৷ কান্দোন ৰখাব নোৱাৰিলে মণিয়ে৷ কাষে-পাজৰে চিনাকি-অচিনাকি অসংখ্য মুখ৷ ঘৰৰ মানুহকেইটাৰ মুখকেইখন চাবলৈ মণিৰ চকু উদ্বাউল হৈ উঠিল৷ ক’ত আছেগৈ সাদৰী মাকজনী আৰু মৰমৰ দেউতাকটো! দুখ কৰিবলৈ জানো সময় পাইছে! মণিক নি ৰভাতলৰ মড়লৰ আগৰ চাউল ছটিয়াই থোৱা পাটীত বহাই দিয়া হ’ল৷ লগে লগে উৰুলি এজাউৰি‍ দি গোপিনী সকলে পুনৰ বিয়া নাম জোৰে—

“আগৰখন ভাৰতে কি কি আনিছা

ঐ ৰাম চোতালৰ মূৰতে থোৱা হে,

পিছৰখন ভাৰতে কি কি আনিছা

ঐ ৰাম সমাজৰ মাজতে থোৱা হে৷”

ভিতৰত আৰৈ‍ চাউল, এঁৱা সূতা, আমপাত, তামোল-পাণেৰে সজোৱা দুটি সৰু মাটিৰ ঘট৷ এটা আলফুলকৈ উলিয়াই কুন্তলৰ মাকে মড়লৰ ভিতৰত ৰাখিলে৷

মাকে লগত অনা মোনাটোৰ পৰা ৰূপৰ তামোল-কটাৰী দুযোৰ আৰু গাঁঠিয়ন মাহ-হালধিৰ টোপোলা দুটা উলিয়াই শৰাইৰ ওচৰতে ৰাখিলে৷ আইসকলৰ এগৰাকীয়ে ঘটৰ ভিতৰৰ চাউলেৰে কইনাৰ বাবে দুণৰি‍ সজালে৷ দৰা ঘৰৰ পৰা অনা মাটিৰ চাকিগছো দৰাঘৰৰ তেলেৰেই জ্বলাই দুণৰি‍ৰ ভিতৰত তামোল-পাণ-পইচাৰে সজাই দিলে৷ কুন্তলৰ বৰদেউতাকৰ জীয়েকে বাকছৰ পৰা মণিলৈ বুলি অনা কাপোৰ আৰু অলংকাৰ উলিয়াই থ’লে৷ কাষতে আন এটা টোপোলাত সেন্দূৰ, আৰ্চি-ফণি‍, গোন্ধ-তেল, পাউদাৰ – সকলো উলিয়াই দিয়াৰ পাছত এইবাৰ কইনা সজোৱাৰ পাল৷

দৰাৰ মাকে তামোল কটাৰীৰ তামোলটো কইনাৰ শিৰত দি মূৰত তেল দিলে৷ তাৰ পাছতে জোৰোণৰ আঙঠিটোৰে শিৰত সেন্দূৰ দিলে৷ মণিৰ বুকুখন আকৌ কঁপি উঠে৷ কুন্তলৰ নামৰ সেন্দূৰে যেন মণিৰ মুখখন আৰু পোহৰাই তোলে৷ মণি এতিয়া বৰাৰ ঘৰৰ জীয়াৰীৰ পৰা কুন্তলৰ ধুনীয়া কইনালৈ ৰূপান্তৰিত হ’ল৷ এইবাৰ কুন্তলৰ মাকে অনামিকা আঙুলিটোৰে মণিৰ কপালত সেন্দূৰৰ ফোঁট দিয়ে৷ চাৰিওফালে উৰুলিৰ জোৱাৰ উঠে৷ মনতে ভগৱানক সোঁৱৰে তাই৷ উৰুলিৰ লগে লগে বিয়াৰ নামে মুখৰিত হৈ পৰে সমাজ৷ কুন্তলৰ বায়েক মণিৰ পাছফালে গৈ আলফুলে মণিৰ চুলিকোছা ফণি‍য়াই খোপাটো বান্ধি দিয়ে৷ কামৰ মাজে মাজে বায়েকে টিপতে কুন্তলৰ কথা কৈ মণিক জোকাই থাকিল৷ মণি নিৰুত্তৰ৷ এইমুহূৰ্তত হাঁহিবই নে কান্দিব, বুজি পোৱা নাই যেন! বায়েকে ধেমালিতে সুধিলে এবাৰ, “আমালৈ খং উঠিছেনেকি মণি?”

তাই মূৰটো লাহেকৈ জোকাৰি উত্তৰ দিলে নাই উঠা বুলি৷

আয়তীয়ে পুনৰ বিয়ানাম জোৰে-

“মাৰাৰ অলংকাৰ থোৱা কাটি কৰি

ঐ ৰাম দেউতাৰাৰ অলংকাৰ থোৱা হে,

ৰামে দি পঠাইছে সুৱৰ্ণৰ অলংকাৰ

ঐ ৰাম হাতে যোৰে কৰি লোৱা হে৷”

আগৰ কাণফুলি আৰু মাকৰ পুৰণা নেক্‌লেচ্‌ডাল খুলি নতুন জোৰোণৰ অলংকাৰ পিন্ধাই দিয়ে মণিক৷ গাঁৱৰে দুগৰাকীমানে চেলেংখনেৰে‍ আঁৰ কৰি দিয়ে মণিক৷ আগৰ সাজ খুলি বায়েকে নতুন গুণাফুল দিয়া বগা পাটৰ কাপোৰযোৰ পিন্ধাই দিয়ে মণিক৷ জোৰোণত অনা বাকী কাপোৰখিনি এগৰাকীয়ে সমাজত সকলোকে দেখুৱাই পুনৰ বাকছত ভৰাই থ’লে৷ দুই-এজনীয়ে মনৰ খু-দুৱনি মাৰিব নোৱাৰি অকণমান চুই চাই নিজৰ নিজৰ মন্তব্য দিলে৷

নতুন সাজ আৰু অলংকাৰেৰে‍ সু-শোভিতা মণিক দেখি মাকৰ চকুৰ কোণ সেমেকি উঠিল৷ আচলেৰে সাউৎকৰে‍ মোহাৰি আকৌ কামত লাগিল তেওঁ৷

“ৰাম কৃষ্ণ—কেলৈনো তুলিলা

ৰাম কৃষ্ণ-ৰূপহী জীয়েৰাক,

হৰি মোৰ ঐ

লোকে বনে কৰাই খাব৷’’

বিয়ানামফাকি শুনি মণি আৰু ৰ’ব নোৱৰা হ’ল৷

“মা … ঐ” বুলি চিঞৰি চিঞৰি কান্দিবলৈ লাগিল৷ কান্দি কান্দি লেবেজান হৈ পৰা মণিক কোনোবাই ধৰি পাটীটোতে শুৱাই দিলে৷ আয়তীয়ে নাম গাই থাকিল এটাৰ পাছত এটা৷ এবাৰ যদি কইনাঘৰীয়াক উদ্দেশ্যি; আনবাৰ তেন্তে দৰাঘৰীয়া উদ্দেশ্যি৷

এইখিনি হোৱাৰ পাছত মণিয়ে মড়লৰ ওচৰতে সকলোকে সেৱা ধৰিলে৷ সময় আহিল জোৰোণীয়াসকলক মান ধৰাৰ৷ আগতেই ঠিক কৰি থোৱামতে খুৰীয়েকে আৰু মাহীয়েকে মণিক ধৰি ধৰি জোৰোণীয়া সকলোকে তামোল-পাণ আৰু গামোচা-চেলেং দি মান ধৰালেগৈ৷

সকলোখিনি হৈ যোৱাৰ পাছত মণিক পুনৰ নিজৰ শোৱনি-কোঠালৈ লৈ যোৱা হ’ল আৰু দৰাঘৰীয়া সকলোকে খোৱা-বোৱাৰ বাবে ঘৰৰ দুজনমানে লৈ গ’ল৷ ভিতৰত মাহীয়েকহঁত লগলাগি দৰা বৰণৰ কাপোৰ, ধূতি, জোৰোণীয়া গামোচা, চেলেং-চাদৰ, নোৱনি‍ কাপোৰ আদি ঠিক্‌ঠাক্‌ কৰি থ’লে৷ লগতে কুন্তলৰ ঘৰৰ পৰা অনা ঘট, মাহ-হালধিৰ টোপোলা, নাৰিকল দুটাৰ প্ৰতিটোৰে এটাকৈ ৰাখি আনটো মণিয়ে চুই দিয়াৰ পাছত দৰাঘৰলৈ বুলি সামৰিলে৷ সকলো ঠিকেঠাকে হোৱাৰ পাছত কাপোৰ-কানি, ঘট, মাহ-হালধিৰ টোপোলা আদি লৈ দৰাঘৰীয়া মানুহ সকলো হাঁহি-মাতি যাবলৈ ওলাল৷ যাবৰ সময়তো দৰাৰ ঘৰৰ দুগৰাকীমানে মণিক জোকাই গ’ল, “আমি কুন্তলক ক’মগৈ, মণিয়ে খুব কান্দিছে৷ আহিবলৈ মন নাই নেকি!”

মণিৰ ওঁঠৰ কোণত হাঁহি বিৰিঙি উঠিল৷ সকলো মানুহৰ লগতে মণি আৰু মাকো গৈ দৰাঘৰৰ মানুহক পদূলিলৈকে আগবঢ়াই থৈ আহিল৷

দৰাঘৰীয়া মানুহ যোৱালৈ দুটা বাজিবৰ হ’ল৷ সকলোবোৰ যোৱাৰ পাছত মণিক মাকে গাখীৰ অলপ ফল-মূলৰ সৈতে খাবলৈ দিলে৷ খাই-বৈ অকণমান বিছনাত পৰোঁ বুলি ভাবিছিল যদিও ইজোৰা-সিজোৰা আহিয়ে আছে বাবে এখন্তেকো আজৰি নাপালে৷ চুটি দিন, ইপিনে বেলি পৰিলেই৷ দিনটো কিদৰে গ’ল ততকে নাপালে মণিয়ে৷ মাজতে ভাবিলে কুন্তলেবা কি কৰি আছে! আকৌ চিন্তা হয় – দৰাঘৰৰ মানুহে কেনে পাই গ’ল বা! বিশেষকৈ মাকে৷ এতিয়াও ধৰিব পৰা নাই মণিয়ে৷

“মণি.. অ’ মণি, ক’ত আছ?”

বাহিৰত কাৰোবাৰ মাতত চিন্তাৰ যতি পৰিল৷ খৰধৰকৈ ওলাই গ’ল তাই৷

সন্ধিয়া লাগিল৷ এজনী-দুজনীকৈ গাঁৱৰ মাইকী মানুহবোৰ গোট খাইছেহি৷ পানী তুলিবলৈ যাবৰে হ’ল৷

দৰাৰ ঘৰৰ পৰা মাকলৈ বুলি অনা সাৰ কাপোৰযোৰ পিন্ধি লৈ মণিৰ মাক পানী তুলিবলৈ বুলি ওলাল৷ আগত দুণৰি‍টো লৈ বৃন্দা৷ আনক চুবলৈকো নিদিয়ে৷ ঢোল-তাল লৈ আগে আগে গাঁৱৰ ডেকাহঁত৷ পাছে পাছে নাম গাই গাই আয়তী-

“ৰাম কৃষ্ণ ওলাল জাকি মাৰি

ৰাম কৃষ্ণ আকাশৰ চন্দ্ৰমা

হৰি মোৰ ঐ ওলাল জাকি মাৰি তৰা,

ৰাম কৃষ্ণ ওলাল জাকি মাৰি

ৰাম কৃষ্ণ আমাৰে দৈৱকী

হৰি মোৰ ঐ দেউতাৰ চ’ৰাৰে পৰা৷

ৰাম কৃষ্ণ পানী তুলিবলৈ

ৰাম কৃষ্ণ ওলাইছে দৈৱকী

হৰি মোৰ ঐ কাঁহৰে কলচী লৈ৷”

সকলো গৈ অতিকৈ চিনাকি ঔডুবিৰ পাৰ পালেগৈ৷ তাতে পানী তোলাৰ কথা৷ মণিৰ মাকে লগত আৰু দুগৰাকী লৈ অলপ নামি গ’ল৷ লগত নিয়া থুৰি‍য়া তামোল চাৰিখন চাৰিফালে দলি মাৰি দিলে৷ গোটা তামোল-পাণ এযোৰ পইচা এটাৰে সৈতে পানীলৈ দলিয়াই পানীত সেৱা কৰি লগত নিয়া কটাৰীৰে পানীত তিনিগৰাকীয়ে পানী কাটি‍বলৈ ল’লে৷

পানী কাটোঁতে এগৰাকীয়ে কইনাৰ মাকক সোধাৰ নিয়ম,“কি দেখি আহিলা?”

মাকে উত্তৰ দিলে,“ধূঁৱলী-কুঁৱলী, সীতাৰ নিৰ্মালি, আইদেউৰ পানী কাটোঁ কটাৰী ধৰি৷”

এইদৰে তিনিবাৰ সোধাৰ পাছত উৰুলি দি দি অলপ অলপকৈ তিনিবাৰত ঘটটো ভৰাই পাছলৈ উভতি নোচোৱাকৈ মাক ঘৰমুৱা হ’ল৷ পাছে পাছে আয়তীসকল বিয়া নাম গাই গাই আহে –

“ফুল চন্দন তুলসী,

ভৰিল নে নভৰিল

ৰাধা তোমাৰ কলচী৷..”

ঘৰ পাই চাললৈ পানী এছাটি মাৰি মাকে মণিক ভিতৰৰ পৰা চোতালত সাজি থোৱা বেইলৈ উলিয়াই আনে৷ পাছে পাছে বৃন্দাই মণিক দৈৰ পানী ছটিয়াই আহি আছে৷ আজি তাই এইবোৰ দায়িত্ব পাই বেছ ফূৰ্তি পাইছে৷ আনকি সকলোকে আগতীয়াকৈ কৈ থৈছে ভিনীহিয়েকক ভৰি তায়েই ধুৱাব৷ মণিক আনি মাকে বেইৰ চাৰিওফালে সাতবাৰ ঘূৰাই চামৰ বৰপীৰাত বহালে৷ দৰাৰ ঘৰৰ পৰা অনা মাহ-হালধিৰে মাকৰ লগতে ওচৰ সম্বন্ধীয় সকলোৱে মণিক নোৱালে-ধুৱালে৷ উৰুলিৰ লগে লগে বিয়া নাম জুৰিলে সকলোৱে-

“ৰাম ৰাম বেইতে ঘূৰিয়ে

ৰাম ৰাম কিমান দুখে পালা

ৰাম ৰাম সোমাই চামৰ পীৰাত বহা হে৷

ৰাম ৰাম চামৰ বৰেপীৰা

ৰাম ৰাম তলে চাৰি খুৰা

ৰাম ৰাম বহিছে সোণৰ চেঁকুৰা হে৷”

আঘোণমহীয়া ঠাণ্ডাত মণিক বেছিপৰ বাহিৰত নৰখাই আমশা চাকিশা দি সোনকালে আজৰি কৰিলে৷ খুৰাকে দাংকোলাকৈ নি মণিক মড়লৰ আগত বহালে৷ বহি থাকোঁতে মণিক জোকাই বহুত বিয়া নাম গালে সকলোৱে৷ কোনো কোনোফাঁকিয়ে ইমানকৈ অন্তৰ চুই যায়, মণি ৰ’ব নোৱাৰি কান্দি উঠে৷ আকৌ পাছ মুহূৰ্ততে বিয়ানামেৰে হাঁহি-ধেমালি আৰম্ভ হয়৷ মোমায়েক-মামীয়েকো সাৰি নগ’ল জোৰা নামৰ পৰা৷ তামোল-পাণ, মাননিৰ লগতে মৰ্টন দি সেৱা লৈহে তত্ পালে৷

এইবোৰৰ মাজতে মড়লৰ কাষত ৰখা পতাত মণিৰ সৈতে সাতগৰাকী মিলি গাঁঠিয়ন খুন্দিলে৷ খুন্দা গাঁঠিয়ন তেলত দি দূবৰি‍ৰ আগেৰে মণিৰ মূৰত তেল দিলে৷ ধুনীয়াকৈ চুলিতাৰি বান্ধি জোৰোণৰ কাপোৰসাজ পিন্ধাই দিলে মণিক৷ আৰ্চিখন চাই সেন্দূৰকণ লৈ ল’লে৷ মাজতে কইনাঘৰীয়াই চাহ-তামোল আৰু মছলাৰ যোগাৰ দি থাকিল৷ পাছদিনা দৈয়ন দিবৰ বাবে জা-যোগাৰ কৰি আয়তীসকল ঘৰাঘৰি যাবলৈ ওলাল৷

(বিয়া)

কাউৰীয়ে কা নকৰোঁতেই সাৰ পালে মণিয়ে৷ টোপনিনো ক’ত যাব! আপোন ঘৰখনত শেষ ৰাতি যে আজি! কোন ক’ত শুলে একো হিচাপ নাই৷ মণি শুবলৈ গৈ দেখে তাইৰ বিছনাত মোমায়েকৰ ল’ৰা-ছোৱালীকেইটা শুই আছে৷ মাকৰ বিছনাত এগালমান বয়-বস্তু৷ গৈ দেউতাকৰ কোঠাত বাঢ়ি থকা বিছনাখনতে পৰি থাকিল তাই৷ শোৱাৰ নামত চকু জাপ নাখালেই, উঠিবৰ হ’লেই৷ মাকে দোক্‌মোকালিতে মণিক জগাই দিলেহি, বোলে দৈয়ন দিবলৈ আছে৷ মুখ-হাত ধুই মণিয়ে ৰঙা চাহ এবাটি খাই ল’লে৷ ইতিমধ্যে মোমায়েকে পাছফালে ৰভাতলি‍ৰ চৌকাটোত চাহ উঠাইছিলেই৷ আজি মাক জানো শুলেনে নাই! জোৰোণৰ আগদিনাৰ পৰা মানুহজনীৰ গাত তত্ নাই৷ ভৰি নচলা হৈছেগৈ চাগে! সকলোৱে মিলি যিমান পাৰি মণিক অলপ আৰাম কৰিবলৈ দিছে৷ চাহৰ চৌকাৰ কাষতে ডাঙৰকৈ জুই একুৰা ধৰি গৰম পানী এবটুৱা উঠাই দিছে মোমায়েকে৷ সোনকালে গা ধুবলৈ যোৱা মানুহবোৰে তাৰে পৰা পানী লৈ গৈ গা-পা ধুই আজৰি হৈছে৷ কোনো কোনোৱে গা ধুই অকণমান তাতে জুইৰ সেক লৈছে৷ চাহ খাই খাই মণিও বহি আছে জুইৰ কাষতে৷ আগবেলাতে ন-পুৰুষৰ শ্ৰাদ্ধকণ আছে৷ এইমুহূৰ্তত তাইৰ কৰিবলগা বিশেষ কাম নাই৷ আজি এইখন ঘৰত শেষ পুৱা৷ হেঁপাহ পলুৱাই যেন জীইয়া ল’ব এই ক্ষণ৷

“মণি ঔ, ক’তনো এৰি থৈ আহ! কোৱা নাই জানো লগতে ৰাখিবি বুলি? কাণসাৰ নিদিয় তই৷”

ফট্‌কৰে‍ মাকে চুৰিকটাৰীযোৰ আনি মণিৰ কোচত দি গ’লহি৷ মণিয়ে কঁকালতে খোঁচ মাৰি থ’লে কটাৰীখন৷ কথা পাতি পাতি চাহৰ জুতি লৈছে সৱে‍ই৷ এটা এটাকৈ জুহালৰ ওচৰত মানুহ বাঢ়িছে৷ তাকে দেখি দেউতাকে মাত লগালেহি, “হেৰৌ, তহঁতমখা এনেকৈ বহি থাকিলে হ’বনে? অলপতে ভকত পাবহি৷ ঐ পুতলী, যাচোন নামলোৱা জেগাকণ অকণমান মোহাৰি আন৷ আৰু ফণি, তই আগলি কলপাত অকণ কাটি আন৷ খোল-পটুৱাকেইটা ধুবলৈও আছে৷ কেতিয়া কৰিবিহঁক ঔ! দিনটোৰ কথা ভাবি মোৰ পেটতে হাত-ভৰি লুকাইছে৷”

“এ’ ভিনদেউ, কেলৈ‍ চিন্তা কৰিছেনো? আমি আছোঁৱেই নহয়! চাবচোন তৎক্ষণাৎ কৰি দিম৷”

“হ’ব হ’ব, সময়তহে দেখা যাব৷ এতিয়া মই কোৱাটোকে কৰ৷ যা, পাত এখন কাটি আন বেগেতে৷”

দেউতাকে কামৰ দিহা লগাই খৰ্‌খেদাকৈ গ’ল বেলেগ যোগাৰ কৰিবলৈ৷

“বাইদেউ, তুমিয়ে গাটো তিয়াই আহি মাহ-প্ৰসাদকেইটা টুকি থোৱাচোন৷ গাত লগা মানুহ এটা নাই ঘৰখনত৷” – মণিৰ জেঠায়েকক উদ্দেশ্যি কৈ গ’ল দেউতাকে৷

ন-পুৰুষৰ নাম হৈ যোৱাৰ পাছৰে পৰা মানুহ দুই-এজন অহা আৰম্ভ হ’লেই৷ আৰু ভিৰ বঢ়াৰ আগতেই পূৰৱী আৰু বন্তি মিলি মণিক সজাই-পৰাই দিলে৷ পিন্ধনত খম্‌খমীয়া মুগাৰ কাপোৰ, ডিঙিত গলপতা, দুগ্‌দুগী এডাল আৰু এধাৰ সোণৰ মণি, হাতত খাৰু৷ পুতলীয়ে খোপাটো বান্ধি দি মণিক ফোঁটটো ল’বলৈ ক’লে৷ সাৱধানে নল’লে নাকতে সেন্দূৰ পৰে৷ কপালত ডাঙৰকৈ ফোঁটটো আঁকি ল’লে তাই৷ মণিৰ শিৰত কুন্তলৰ সেন্দূৰ জক্‌মকাই উঠিল৷ পখিলী আহি পাই চাদৰখন অকণমান ঠিক কৰি দিলে৷ কাপোৰ পিন্ধি হয় মানে দেউতাকে দুবাৰকৈ মাতিলেহি মণিক, বাহিৰলৈ আহিব লাগে৷ আলহী আহিছে৷ ঠিকে আছেনে বুলি আইনাখন চাই লাজ লাগি গ’ল তাইৰ৷ দেউতাকৰ আগত বাৰু তাই কেনেকৈ ওলাব আজি৷ মনত পৰি ফট্‌কৰে‍ আকৌ কঁকালত চুৰিকটাৰীখন খোঁচ মাৰি পাখিলীক লগত লৈ ওলাই গ’ল৷

যাওঁতে টিপতে পাখিলীক সুধিবলৈ নাপাহৰিলে,“গৈছিলি নেকি সিহঁতৰ ঘৰলৈ?”

“ওঁ, কালি সন্ধিয়া ইয়ালৈ অহাৰ আগতে গৈছিলোঁ এপাক৷ এগালমান আলহী আছে৷”

“কেনেকুৱা পালে কালি, কিবা কৈছে নেকি‍?”

“ভালেই পাইছে হ’বলা! ঐ, সৱে‍ই কৈ আছে দেই কইনা ধুনীয়া বুলি৷ শুনি সিজনে মিচিক্-মাচাক্ হাঁহি আছে৷”- এইবুলি মণিক কিলাকুটিৰে হেঁচুকি‍ দিলে পাখিলীয়ে৷

“ধেই পাগলীজনী! যাহ……৷”

সময় গৈছে মানে মানুহৰ ভিৰ বাঢ়িছে৷ ৰভাৰ তলতে নতুন বিছনাচাদৰ আৰু পাটী পাৰি লগৰ দুজনীমানৰ লগত বহি আছে মণি৷ মাজে মাজে উঠি গৈ চকীত বহি থকা দুই-এজনক তামোল দি আহেগৈ৷ মিতিৰ-কুটুমৰ ল’ৰাবোৰ খোৱা-বোৱা বিলোৱাত ব্যস্ত৷ খুৰাকে হিচাপ ৰাখি অলপ অলপকৈ মানুহবোৰ জলপান খুৱাবলৈ লৈ গৈছে৷ বয়সীয়াসকলক ভিতৰতে একোঠালি অজৰাই খোৱাৰ দিহা কৰি দিছে ঢাৰি-কঠ পাৰি৷ বাকীবোৰ ৰভাৰ তলৰ ডেস্ক-বেঞ্চত৷ ভিতৰৰ বৰঘৰৰ গাতে লাগি থকা কোঠাটোত চিৰা, মুড়ি, কোমল চাউল, গুৰ আৰু দৈৰ কলহবোৰ ৰাখিছে৷ তাতে দিনটো বহি আছে বৰদেউতাকৰ পুতেক বলেন৷ গাত লাগি বস্তুবোৰ উলিয়াই দি আছে৷ বাৰে বাৰে খোৱা-বোৱাত লগা ল’ৰাকেইটাক উনুকিয়াই দিছে পেলনি‍ নাযায় যাতে৷ লাগিলে দুবাৰ-তিনিবাৰ দিয়ক, কিন্তু নষ্ট হ’ব নালাগে৷ কলহৰ পাছত কলহকৈ দৈ ভাঙিছে টোত৷ বাহিৰত মানুহৰ সোঁত বৈছে৷

বাহিৰৰ ৰভাতলত বহা মণিৰ মনত পৰি আছে তালৈ৷ কি বা কৰিছে আজি! চাবলৈ মন গৈছে৷ কেনে লাগিছে বাৰু তাক দৰাৰ সাজত!

বেলি পৰিবৰ হ’ল৷ এতিয়া মানুহৰ ভিৰটো কমিলেগৈ লাহে লাহে৷ মণিৰ ভাগৰত তত্ নাইকিয়া হৈছে৷ তাই গৈ অলপ নিজৰ বিছনাতে জিৰণি লৈছেগৈ৷ সন্ধিয়াৰ লগে লগে অকৌ মানুহ আহিবই পানী তুলিবলৈ৷ উস্, অলপ শুবলৈ পোৱাহ’লে! কিন্তু শোৱাটো দূৰৰে কথা; অলপ জিৰণি‍কে ল’বলৈ পোৱাহলেও!

সন্ধিয়া লাগিল৷ পানী তুলিবলৈ হৈ-চৈ লাগিছে৷ ঢোলে-দগৰে আয়তীৰ সৈতে মাক পানী তুলিবলৈ ওলাল৷ আগে আগে বৃন্দা দুণৰি‍ লৈ৷ আজি গাঁৱৰ আগফালে বৈ যোৱা সুঁতিটোত পানী তুলিছে৷ তিনিবাৰ পানী কাটি কলচীত পানী লৈ মণিৰ মাক উভতিছে৷ মাক আহি কোঠাৰ পৰা নিয়মেৰে মণিক উলিয়াই নি বেইৰ তল পোৱালেগৈ৷ যাওঁতে বৃন্দাই পিছে পিছে দৈ-পানী ছটিয়াই গৈছে৷ ঘৰৰ এগৰাকী এগৰাকীকৈ আহি বেইত মণিক নোৱালেহি৷ নোৱনি‍ হিচাপে কোনো কোনোৱে চাদৰ নাইবা কাঁহী-বাটি‍বোৰ দিছে৷ গাঁৱৰে এজনে সকলোবোৰ বস্তু ৰাখিবলৈ পাচি এটা উলিয়াই দিছে বেইৰ কাষতে৷

নোৱাবলৈ লৈও আকৌ কন্দা-কটা আৰম্ভ হ’ল৷ মাকে নোৱাওঁতে মণিক গবা মাৰি ধৰি চিঞৰি চিঞৰি কান্দিলে৷ লগতে মণিয়েও৷ তাকে দেখি বেইৰ ওচৰত থকা সকলোৱেই চকুপানী টুকিছে৷ কইনা নোওৱাৰ পিছত আয়তীয়ে মূৰত চাউল দিয়া নাম গাই গাই মূৰত চাউল দিলে-

“আগে দিয়া পাছে দিয়া

আগে দিয়া পাছে দিয়া

পঞ্চো আয়তীয়ে কি ৰাম ৰাম

পঞ্চো আয়তীয়ে,

দুৰ্বাঘাটৰ পানী আনি

দুৰ্বাঘাটৰ পানী আনি

আইদেউৰ মূৰত দিয়ে কি ৰাম ৰাম

আইদেউৰ মূৰত দিয়ে৷….”

চাউল দিয়াৰ পাছত মাকে পুনৰ আমশা চাকিশা দিলে৷ চাৰিখন থুৰি‍য়া তামোল আধাচোবোৱাকৈ খাই কলপুলি চাৰিটাৰ গুৰিয়ে গুৰিয়ে পেলাবলৈ মণিক বৰমাকে বুজাই দিলে৷ লগতে আয়তীয়ে জাউৰি‍য়ে‍ জাউৰি‍য়ে বিয়ানাম জুৰিছে-

“গা ধুই আইদেৱে মাকক সুধিলে

ঐ ৰাম কি সাজ সলাব পাৰি হে৷

ছাঁতে শুকুৱা মুঠিতে লুকুৱা

ঐ ৰাম

সেই সাজ সলাব পাৰি হে৷”

সকলো হৈ যোৱাৰ পিছত সম্বন্ধীয় মোমায়েকৰ পুতেক এজনে মণিক দাংকোলাকৈ আনি মড়লৰ কাষত বহালে৷ আয়তীৰ বিয়ানাম পুনৰ আৰম্ভ হল-

“আমডালি পাৰিছে

দুৱাৰতে আঁৰিছে,

কেতিয়া আহিব দৰা

উগুল-থুগুল লাগিছে৷”

হাঁহি-ধেমালিৰে মুখৰিত ৰভাতল৷ এপল-দুপলকৈ মণিয়ে সময় গণি‍ছে৷ আজি মনৰ মানুহটো অহাৰ কথা, চিৰদিনৰ বাবে মণিক লৈ যাবলৈ৷ তেনেতে বাহিৰত হুলস্থূল আৰম্ভ হ’ল৷ দৰা আহি পালেহিয়েই৷ শুনি মণিৰ বুকুখন দুৰু দুৰু কঁপিছে৷ ভাল লগাৰ লগতে দুখ লগা এই অনুভৱ৷

ইফালে দৰা আদৰিবলৈ জো-যা চলিল৷ মণিৰ দেউতাক আগবাঢ়ি আহিল৷ আহি দৰাৰূপী কুন্তলক ফোঁট দিলে, ধূপেৰে আদৰিলে৷ ডিঙিত নতুন গামোচা দি শিৰত মালা পিন্ধাই দিলে৷ লগতে সখিকো৷ মণিৰ ঘৰৰ মিতিৰ-কুটুম আহি দৰা আদৰিলেহি নতুন গামোচা বা চেলেং দি৷ আদৰি হ’লত দৰাক পদূলিৰ আমপাত অঁৰা কলপুলিৰ তলৰ চামৰ পীৰাত উঠালে৷ তাতে বৃন্দাই সৰু ঘটি এটা আনি ভৰি ধুৱাই দিলে ভিনীহিয়েকক৷ আকৌ বিয়ানাম গাই দৰাক জোকালে আয়তীয়ে-

“লোকৰে পদূলিত থিয় হৈ আছাহি,

ভিক্ষা বা মাগিছা কিয়হে…”

ইতিমধ্যে মণিৰ মাকে সুৱাগুৰি তুলি আজৰি হৈ দৰা আদৰি আনিবলৈ গ’ল৷ লগত এখন থালত তিনিটা লাড়ু, তিল, পাণ, দৈৰে দৈয়নৰ বাটি, চন্দন, মালা, চাকি, দুণৰি‍ আৰু বিচনী লৈ যায়৷ প্ৰথমে দৰাক বিচনীৰে বিচি ঘটৰ আমপাতেৰে আমশা দি দুণৰি‍ৰ চাউল মূৰত ছটিয়াই দিলে৷ চাকিশা দিয়া হ’লত চন্দন ফোঁট আৰু মালা পিন্ধাই দিয়ে৷ দৈয়নৰ দৈৰে আদৰি, লাড়ু তিনিটা নাকত শুঙাই তিনিফালে তিনিটা দলিয়াই দিলে৷ তাৰ পাছত মণিৰ মাকে দৰাৰ মূৰত চুমা খাই চাদৰত ধৰি পীৰাৰ পৰা তিনিখোজ মাটিলৈ নমাই আনে৷ দৰা আহি ৰভাৰ তলত হোমৰ গুৰিত বহিলহি৷ লগতে দৰাঘৰীয়া মানুহ আহি ৰভাৰ তলত বহেহি৷

আনফালে মণিক এগৰাকীয়ে জোৰোণত দিয়া গুণাৰে‍ ফুল বছা বগা পাটৰ কাপোৰজোৰ পিন্ধাই সজাই-পৰাই দিয়ে৷ আয়তীয়ে বিধে বিধে জোৰা নাম দিয়ে৷ সময় আহিল কইনাক উলিয়াই দিয়াৰ৷ দৰাৰ খুৰাকৰ পুতেক আহে তামোল-পাণৰ শৰাই লৈ কইনা খুজিবলৈ৷ দৰাৰ ভায়েককো বিয়া নামেৰে থকাসৰকা কৰে গাভৰুহঁতে৷

এছি‍ৰা ধান, টকা এটা, গোটা তামোল-পাণ বান্ধি কনাই সাজি গামোচা এখনত নুৰিয়াই কইনাৰ হাতত দি মাকে হোমৰ গুৰিলৈ উলিয়াই দিবলৈ লয়৷ মণিৰ খুৰাকে দাংকোলাকৈ আনি মণিক কুন্তলৰ কাষতে পাৰি থোৱা পাটীত বহাই দিয়ে৷ মণিৰ কাষে-পাজৰে খুৰীয়েক-মামীয়েককে ধৰি লগৰ দুজনীমান৷ ভিতৰৰ পৰা অহাৰ সময়ত মণিৰ মাহীয়েকে টিপতে চাদৰত বেজী এটা খুঁচি দিবলৈ নাপাহৰিলে৷ আঁৰ-চাদৰ এখনৰ ওপৰেদি তিনিবাৰ কনাই দি মুখ-চন্দ্ৰিকা ভঙাৰ পাছত বিয়াৰ বাকী বিধি-বিধানবোৰ আৰম্ভ হয়৷ পুৰোহিতে মন্ত্ৰ উচ্চাৰণ কৰাৰ লগতে এটা এটাকৈ হোমৰ গুৰিৰ কামবোৰ সমাধা কৰা হয়৷ মাজতে বকুলে আখৈ দিলে৷ তাৰ পাছত গাঁঠি‍ৰ বন্ধন, কন্যাদান কৰা হয়৷

কন্যাদানৰ সময়ত মণিৰ দেউতাকে মণিৰ হাতখন কুন্তলৰ হাতত তুলি দিলে, মৰমৰ জীয়েকক গতালে বুলি৷ মণিৰ যেন গাটো সি‍ৰ্‌সি‍ৰাই গ’ল! অকণমান সাহস কৰি মণিয়ে ওপৰ মূৰ কৰি কুন্তলক চালে৷ কুন্তলে যে আগৰে পৰা তাইক চায়েই আছিল গমকে পোৱা নাছিল তাই৷ লাজতে গাল-মুখ ৰঙা পৰি গ’ল মণিৰ৷ দুজনীমানৰ চকুৰ পৰা হ’লে সাৰি নগ’ল এই দৃশ্য! দৰা-কইনাক খোঁচ মাৰি মাৰি কিবাকিবি কৈ থাকিল পাছফালৰ পৰা৷ হাঁহি-ধেমালিৰ মাজতে সকলো শুভকাৰ্য শেষ হোৱাৰ পাছত কইনাই দৰাক সেৱা কৰিলে৷

বিয়া ভগাৰ পাছত মণিৰ মাকে লগুণগাঁঠি বন্ধা অৱস্থাতে জী-জোঁৱাইক মড়লৰ ওচৰলৈ‍ নি বহুৱাই আমশা চাকিশা দিলে৷ তাৰপাছত দুয়োকে একেলগে জলপান খাবলৈ দিলে৷ খাবলৈ দিয়া বাটি দুটা ইটোৱে-সিটোৰ গাত খুন্দা নোখোৱাকৈ সলনা-সলনি কৰি ল’ব লাগে৷ লগতে এখৰাহি‍ চাউলত আঙুঠি লুকুওৱা খেল আৰম্ভ হ’ল৷ তিনিওবাৰ মণিয়ে বিচাৰি উলিয়ালে৷ আঙুঠি বিচাৰোঁতে চাউলৰ তলতে কুন্তলে মণিৰ আঙুলিত চিকুট মাৰি দিলে৷ তায়ো একো নোহোৱাৰ ভাও ধৰি সাউৎকৰে‍ হাতটো উলিয়াই আনিলে৷ ৰং-ৰহইচ্‌ শেষ হ’লত দৰা-কইনা মিলি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ সেৱা ল’লে৷

অৱশেষত মণিৰ বিদায়ৰ মুহূৰ্ত পালেহি৷ বৰঘৰত বহি থকা মাক-দেউতাকক দুয়ো সেৱা কৰি যাবলৈ ওলাল৷ মণিৰ মাক-বাপেকে কান্দি কান্দি মণিক আশীৰ্বাদ দিলে৷ মণিয়েও বুকু ভাঙি ৰাউচি জুৰি কান্দিলে৷ ওচৰত ৰৈ থকা কোনো ৰৈ থাকিব নোৱাৰিলে৷ কুন্তলে কি কৰোঁ কি নকৰোঁকৈ ৰৈ থাকিল৷ পৰ্দাৰ সিপাৰে থিয় দি থকা মাকৰ সোঁ-হাতৰ তলেদি মণি কুন্তলৰ লগত ওলাই গল নতুন ঘৰলৈ বুলি৷

দোক্‌মোকালিতে মণি-কুন্তল বৰযাত্ৰীৰ সৈতে কুন্তলৰ ঘৰৰ পদূলি পালেগৈ৷ আমডালি অঁৰা কলপুলিৰ তলত কইনা আদৰিবলৈ যো-জা চলিছে৷ ওৰণিৰ তলেৰে মণিয়ে অনুমান কৰিছে এতিয়াও বিয়াঘৰত যথেষ্ট মানুহ আছে৷ পদূলিৰ মূৰতে ৰৈ আছে সকলো, কুন্তলৰ মাকৰ অপেক্ষাত৷ ইতিমধ্যে পুৱাৰ ৰ’দালিয়ে কুঁৱলী ফালি পদুমনি গাঁৱত ভুমুকি মাৰিছে৷ কুন্তলৰ পদূলিটো যেন কোমল ৰ’দালিৰ লগতে মণিৰ আগমনে আৰু পোহৰ কৰি তুলিছে৷ আয়তীৰ মুখে মুখে জোৰা নাম, দৰা-কইনা দুয়োকে থকাসৰকা কৰিছে৷

অলপ পৰ পাছত দৰাৰ মাক আহিল৷ তেওঁৰ হাতত এখন থালত চাকি-ধূপ, দৈয়নৰ দৈ, থুৰি‍য়া তামোল আৰু হাতত বিচনী৷ আহি মাকে দুয়োকে চাকি-ধুপেৰে আদৰিলে৷ বিচনীৰে বিচিলে৷ তাৰ পাছত চামৰ বৰপীৰাৰ ওপৰত উঠাই কপালত চুমা খালে৷ কুন্তলৰ ভনীয়েক ৰূপালী আহি দুয়োকে ভৰি ধুৱাই ভিতৰলৈ লৈ গ’ল৷ পাছে পাছে আয়তীৰ জাক৷ দুয়োকে মাকে নি বৰঘৰ পোৱালেগৈ৷ তাতে অন্নত মণিৰ হাত লগাই দুয়োকে ন-ছোৱালীৰ কোঠালৈ লৈ গ’ল৷ কোঠালৈ নি দুয়োকে বহিবলৈ দিলে৷ তাতে পুনৰ খৰাহিত চাউল দি আঙুঠি লুকুওৱা খেল খেলা হ’ল৷ আকৌ দুবাৰ মণিয়ে পালে বিচাৰি, এবাৰ কুন্তলে বিচাৰি পালে৷ সৱে‍ কুন্তলক জোকাবলৈ ল’লে বোলে, “ কইনা তোতকৈ বহুত টেঙৰ দেই৷”

হাঁহি-ধেমালি শেষ হোৱাৰ পাছত লগুণগাঁঠি খুলি কুন্তল কোঠাৰ পৰা ওলাই গ’ল৷ কোঠাত মণিৰ লগত অহা মাহীয়েক, খুৰীয়েক, পূৰৱী আৰু বন্তি থাকিল৷ পূৰৱী দুদিনমান মণিৰ লগতে থাকিব৷ নতুন ঘৰখনত মণিক অলপ কামে-বনে লাগি দিবলৈ তাই থকাৰ কথা৷ তাইক মাকহঁতে বুজাই-বৰাই পঠাইছে, কাক কি দি মান ধৰিব লাগিব৷

ঘৰৰ বয়োজ্যেষ্ঠসকলক মান ধৰাৰ সময় আহিল৷ প্ৰথমেই কুন্তলৰ আইতাক আহিল৷ ককাক কাহানিবাই ঢুকাল৷ আইতাকক মণিয়ে আঁঠু কাঢ়ি সেৱা কৰিলে৷ আইতাকে মৰমেৰে মণিৰ মূৰত হাত ফুৰাই আশীৰ্বাদ দিলে৷ বয়সীয়া মানুহগৰাকীয়ে কিজানি নব্বৈৰ দেওনা অতিক্ৰম কৰিলে৷ আইতাকৰ তুল্‌তুলীয়া বগা গাল দুখন, সোলা মুখখন, তাতে কঁকালৰ কুঁজটোও ওলাইছে৷ তেখেতে মণিৰ ওচৰতে বহি লৈ কথা পাতিলে দুই-এষাৰ৷ মণিৰ বৰ ভাল লাগিল মানুহগৰাকী৷ শেষত তেওঁ জোৰকৈ অলপ কঁকালটো পোনাই যাবলৈ ওলাল৷ তাৰ পাছত এজন এজনকৈ বিয়াঘৰত উপস্থিত মানুহবোৰ চা-চিনাকি হ’ল ন-কইনাৰ লগত৷ মণিয়েও ডাঙৰবোৰক চেলেং-গামোচা দি মান ধৰিলে আৰু মানত সৰুবোৰক গাৰুগি‍লিপ নাইবা ৰুমাল আদি উপহাৰ স্বৰূপে দিলে৷

কুন্তলৰ বৰদেউতাক প্ৰথমে আহিব খোজা নাছিল৷ জোৰোণত যাওঁতে বোলে কিবা এটা বেয়া পাই আহিল৷ কোনোমতে বুজাই-বৰাই মণিৰ হতুৱাই সেৱা ধৰালেগৈ৷ বাকীবোৰক মান ধৰি হোৱাৰ পাছত এইবাৰ কুন্তলৰ মাক আহিল৷ মাককো যথাযোগ্য সন্মানেৰে সেৱা কৰিলে মণিয়ে৷ তেৱোঁ আশীৰ্বাদ দিলে সদায় সুখেৰে থাকিবলৈ৷ মনে মনে ভয় এটা এতিয়ালৈকে আছিল মণিৰ, মাকৰ বা মনটো কেনে আছে! কিন্তু এইবাৰ লগ পোৱাৰ পাছত মণিৰ মনটো আৰু অলপ মুকলি লাগিল৷ অনুভৱ হৈছে মানুহগৰাকীৰ মনৰ সেই কলীয়া ডাৱৰখিনি আঁতৰ হৈছে৷ তেনেতে মণিৰ মাহীয়েক, খুৰীয়েকহঁতক আৰু কইনাৰ বয়-বস্তু থ’বলৈ অহা মানুহখিনিক বৰঘৰত চাহ-জলপান খুৱাবলৈ লৈ গ’ল দৰাৰ বায়েকে৷ খোৱা-বোৱা হ’লত সকলোবোৰ যাবলৈ ওলাল৷ যাবৰ সময়ত মণিৰ লগতে মাহীয়েকহঁতৰ চকু সেমেকি উঠিল৷ মণিৰ লগত পূৰৱী থাকিল কুন্তলৰ ঘৰত৷

সকলোবোৰ যোৱাৰ পাছত মণি গা-পা ধুই আহিল৷ তাই কুন্তলক ভালেমান সময় দেখা নাই৷ বোধহয় শুলেগৈ! ইতিমধ্যে বৰঘৰত চাহৰ কেট্‌লি‍ উঠাইছে কুন্তলৰ পেহীয়েকে৷ পেহীয়েকৰ বিয়া নহ’ল৷ সেইবাবে এতিয়া ঘৰতে৷ মণি সোমাই গ’লত তাইক বুজাই-বৰাই দিলে৷ আজি দৰাঘৰৰ সকলোকে কইনাই চাহ কৰি খুওৱাৰ নিয়ম৷ পূৰৱীয়ে মণিক ঘৰৰ পৰা অনা চাহ, চেনি, গাখীৰ, পিঠা-পনা আৰু নাৰিকলৰ লাড়ু উলিয়াই দিলে৷ নতুন কাঁহৰ বাটি‍কেইটা ধুই চিক্‌চিকিয়াকৈ মচি দিলে তাই৷ মণিয়ে ভাগে ভাগে চাহ বাকি সকলোকে দিবলৈ গ’ল৷

বাৰাণ্ডাতে বহি থকা কুন্তলৰ দেউতাকৰ ওচৰতে আঁঠু কাঢ়ি মাটিকণ হাতেৰে মোহাৰ মাৰি চাহৰ বাটি‍টো আগবঢ়াই দিলে৷

“হ’ব হ’ব আই, দে৷ এইবোৰ পিঠা-চিঠা নাখাওঁ এতিয়া অ’! পাছে-পৰে খাম৷” -এইবুলি বাটি‍টো তুলি ল’লে দেউতাকে৷

তেনেদৰে ঘৰৰ সকলোকে মণিয়ে চাহ-পিঠা দিলেগৈ৷ জুহালৰ কাষতে বহি থকা আইতাককো মণিয়ে আঁঠু কাঢ়ি সেৱা কৰি চাহ দিলে৷ আইতাকেও মৰমেৰে তাইক বাউসি‍ত ধৰি উঠাই দিলে৷ কঁপা কঁপা মাতেৰে ক’লে,“আই ঔ তহঁত ভালে থাক; সেয়াই মোৰ সুখ৷ মোক আৰু বেলেগে আল্‌-পৈচান ধৰিব নালাগে৷ এই বুঢ়ীক জীয়াই থকালৈকে মাজে মাজে চাহ অকণ দি থাকিলেই হ’ব৷ জানো! কিমান দিন আৰু এনেকৈ কেলঢোপ্‌ কেলঢোপ্‌কৈ জীয়াই থাকোঁ!”

“কেলেইনো কৈছে তেনেকৈ আইতা!”

“বৌটি ঐ, আকৌ আৰম্ভ কৰিলিনে ন-ছোৱালীজনীৰ আগত সেইবোৰ! মণি, এইবোৰলৈ বৰকৈ মন-কাণ নিদিবা৷ বুঢ়ীয়ে এনেই গাই থাকে এইবোৰ৷” – কুন্তলৰ পেহীয়েকে হাঁহি হাঁহি সিমূৰৰ পৰা ক’লে৷

মণিয়ে মিচিকিয়া হাঁহিৰে‍ ক’লে,“হ’ব আইতা৷ আৰু বহুত দিন থাকিব লাগিব৷ মই আহিছোঁহে৷”

পেহীয়েকে ক’লে,“মণি হ’ব যা, আজি তই আৰু এইবোৰ কামত লাগিব নালাগে৷ অকণ জিৰণি লগৈ৷ অজি আলহী-দুলহী আহিয়ে থাকিব৷ আজৰি নাপাবি দিনটো৷ অলপ জিৰণি লৈ ল৷”

“পিছে আমাৰ দৰাটো ক’ত গ’ল ঔ? দেখাদেখিয়ে নাই এই পৰলৈকে৷” – পেহীয়েকে সুধিলে৷

“কুম্ভকৰ্ণ শুই আছে আকৌ৷”- ৰূপালীয়ে মাত লগালে৷

“অ’ নবৌ, চাহ আছে যদি অকণ দিয়া৷ তোমালোকৰ বিয়াৰ কাম কৰোঁতে কৰোঁতে মোৰ কঁকাল পৰিলে আৰু!”

আজি ৰূপালীৰ মুখত নতুন সম্বোধনটো শুনি মণিৰ আচহুৱা লাগিছে৷

“মোক নাম কাঢ়িয়ে মাতিবি৷” – মণিয়ে সহজ হ’বলৈ বুলি ক’লে৷

“কেলৈ‍ নাম কাঢ়িব? এতিয়া তই মানত ডাঙৰ হ’লি বুজিছ? নবৌ বুলিয়ে মাতিব লাগিব তাই৷” – আইতাকে মাত লগালে৷

“হ’ব গোসাঁনী৷ তোমাৰ কথাই হ’ব৷”

“ৰূপালী চাহকণ খাই লচোন৷”

“নবৌ চাহ আৰু এভাগ আনা৷ আমাৰ দৰা আহিছে৷”

কুন্তল বহিলহি বৰঘৰতে৷ মণিয়ে ৰূপালী আৰু কুন্তললৈ বুলি চাহ আনিলে পিঠা-পনাৰে সৈতে৷ কুন্তললৈ চাহকণ আগবঢ়াই দি ক’লে,“খাওক৷”

কুন্তলে এপলক মণিলৈ চালে৷ কপালত ডাঙৰকৈ সেন্দূৰৰ ফোঁটটো, পিন্ধনত মুগাৰ মেখেলাৰ লগত ৰঙা ফুলৰ নুনি-পাটৰ চাদৰখনে মণিক অপূৰ্ব দেখাইছে৷ কপালত পৰি থকা দুই-এডাল চুলিয়ে সোণত সুৱগা চৰাইছে৷ ইমান ধুনীয়ানে মণি! আস! চকু যেন আঁতৰাই নিনিবই কুন্তলে৷

“দাদা হ’ব দে৷ নবৌ আজিৰ পৰা আছেই আৰু আমাৰ ঘৰতে৷”- ৰূপালীয়ে কুন্তলৰ দৃষ্টি অনুকৰণ কৰি কাট মাৰি ক’লে৷

“তোৰ আৰু কথা নাই, নহয়?”

“কি মিছা ক’লোঁনো?” বুলি ৰূপালীয়ে খিক্‌খিক্‌কৈ হাঁহিলে৷

“ঐ ৰূপালী, কথাৰ মহলা মাৰি থাকিবিনে, আলহী ছোৱালীজনীকো মাতি আনি কিবা এটা খুৱাবি? ভোকে-লঘোণে আছে অতদেৰি৷ যাচোন যা, মাতি আন তাইক৷”

ৰূপালী চাহ খাই উঠি গ’ল পূৰৱীক মাতিবলৈ৷

“মণি, তয়ো পূৰৱীৰ লগতে জলপান খাই ল৷” – কুন্তলৰ মাক আহি ক’লে৷

মণি আগবাঢ়ি গৈ শাহুৱেকক ক’লে,“আজি মাই এইখন ঘৰৰ একো খাব নোৱাৰোঁ বুলি কৈছিল৷”

“হ’ব হ’ব, কিবা সামান্য পইচা এটা দি খাব পাৰি৷ খাই ল তয়ো৷”

“হ’ব মা৷”

চাওঁতে চাওঁতে বেলি মূৰৰ ওপৰ পালেগৈ৷ মণি জিৰাবলৈ এখন্তেকো সময় পোৱা নাই৷ ন-ছোৱালী চাবলৈ মানুহ আহি আছে৷ গাঁৱৰ মানুহ তেনেকৈ নাই, কিনো চাব! কিন্তু কুন্তলৰ মিতিৰ-কুটুমবোৰ আহি আছে৷ আৰু ওচৰৰ সৰু সৰু ল’ৰা-ছোৱালীবোৰ আহিছে৷ আন নহয়, অকল মছলা খোৱাৰ লোভত৷

খোৱা-বোৱা আজি সকলোৰে বাবে বাহিৰতে বনাইছে৷ গাঁৱৰে ৰান্ধনী৷ শাহুৱে‍কে কুন্তলৰ দেউতাক আৰু আইতাকৰ বাবে এমুঠি ভিতৰতে বঢ়াই দিছে৷ ঘৰৰ ল’ৰা-ছোৱালীমখাই ভাত ৰন্ধা জেগাৰ ওচৰতে বহি কথাৰ মহলা মাৰিছে৷ কোনোবা এটাই তাৰে পৰা মাত লগালে,“ঔ নবৌ, আমাৰ লগত ভণ্টিক চিনাকি কৰি নিদিয়ে নেকি?”

“নিজৰ চেহেৰাটো চাইছনে আইনাত কাহানিবা? তাক আকৌ ছোৱালী চিনাকি কৰি দিব লাগে!” – কোনোবা এজনীয়ে টপৰাই উত্তৰ দিলে৷

আটাইবোৰে গিৰ্জনি মাৰি হাঁহিলে৷

“কিনো বেয়া মই! দেখা নাই মোৰ বিজু ফুকনৰ দৰে চেহেৰা? সৱে‍ই সোধে – ভায়েক নেকি৷”

“আয়ৈ দেহি!”

মণিয়ে হাঁহি মাৰি ক’লে, “হ’ব চিনাকি কৰি দিম বাৰু৷”

কুন্তলে মণিক চাই যেন মন্ত্ৰমুগ্ধ হৈ পৰিছে৷ ডালিমগুটীয়া দাঁত দুপাৰি, হাঁহিলে ইমান ধুনীয়া দেখি৷ আজিলৈকে তাই হঁহা দেখাই নাছিল নেকি সি! নে আজি বেছি ধুনীয়া লাগিছে তাইক? ক’ব নোৱাৰে সি৷ আকৌ প্ৰেমত পৰিছে তাইৰ৷

মণি! মণি! কি সুন্দৰ এই অনুভৱ৷

“অ’ মণি, আহচোন৷” – শাহুয়েকে মাতিলে মণিক৷

“ফুলবাৰীৰ পেহাক আহিছে৷ তেখেতক ভাল চাই চেলেং আৰু গামোচা এখন দিবি৷ আমাক বহুত সহায় কৰি থৈছে দেই৷” – যাওঁতে মণিক বুজাই থৈ গ’ল৷

“হ’ব মা৷”

“শুনচোন, লগত অহা ল’ৰাটোকো গামোচা এখন দিবি আকৌ৷”

“হ’ব মা” বুলি কৈ মণি ভিতৰলৈ গ’ল৷

ইজোৰা-সিজোৰাকৈ সোধোঁতেই সন্ধিয়া লাগিল৷ টোপনি খটি‍ বুলি খোৱা-লোৱা সোনকালে হ’ল আজি৷

ৰাতিও পইচা এটা দি মণিয়ে ভাত খালে তাতে৷ আজি বাহী বিয়া বুলি কুন্তল বাহিৰতে থাকিল৷ নিজৰ কোঠাত মণি আৰু পূৰৱী থাকিল৷ খাই-বৈ উঠি দুইজনী মিলি কাপোৰ-কানি আৰু লগত অনা বয়-বস্তুবোৰ অলপ দিহা লগালে৷ শুবলৈ যোৱালৈ ৰাতি দুপৰেই হ’ল৷ মণিৰ মনতে চিন্তাও লাগিল, পাছদিনা পুৱা সোনকালে উঠিব লাগিব৷

চাওঁতে চাওঁতে বিয়াৰ এমাহ পাৰ হৈ গ’ল৷ মাঘ মাহ সোমাবৰে হ’ল৷ অতিমাত্ৰা ঠাণ্ডা পৰিছে এইকেইদিন৷ দিনত ঘৰত কাম ওলায়৷ দুই-এটা মৰণা মাৰিয়েই আছে৷ বিয়া বুলি বহুত কাম-বন পিছ পৰি গ’ল৷

আজিৰ দিনটোও ব্যতিক্ৰম নহয়৷ পুৱা সোনকালে উঠিল মণি৷ কুঁৱলীৰে গোটেইখন বেৰি আছে৷ গাত কাপোৰখন মেৰিয়াই বাঢ়নিডাল লৈ আগফালে গ’ল মণি৷ দুই-এদিনৰ পৰা এই কামটো তাইয়ে কৰিবলৈ লৈছে৷ প্ৰথমতে সকলোৱে নালাগে বুলি কৈছিল যদিও মণিয়ে জোৰ কৰিয়ে কৰে কামবোৰ৷ পাকঘৰৰ কাম নায়েই৷ শাহুৱেকে ভাত-পানী ৰান্ধে‍৷ বাকী আৰু ঘৰখন চাফ-চিকুণ কৰাহে! সেইখিনি মণিয়ে নিজে গাত পাতি লৈছে৷ কুন্তলৰ ঘৰ-বাৰী বৰ ডাঙৰ৷ চাপৰি চাপৰি বাহী চোতাল সাৰি হোৱালৈ সদায় কঁকাল টন্‌টনায়৷ কাপোৰখনেৰে‍ মূৰে-গায়ে ঢাকি তাই লৰালৰিকৈ কামবোৰ কৰি আহিল৷ উঠি আহোঁতেই তাই কাপোৰযোৰ গা ধোৱা ঘৰত থৈ আহিছে৷ চিধা গাটো ধুইহে ভিতৰ সোমাল৷ তেতিয়ালৈ মানুহবোৰ এটা-দুটাকৈ উঠিছে৷ পেহীয়েকে চাহ তুলি দিলেই৷ তাই মূৰটো ফণি‍য়াবলৈ নিজৰ কোঠালৈ গ’ল৷ গৈ পাই দেখিলে সিজন উঠাই নাই৷ তাই লাহেকৈ ঠাণ্ডা হাতখন কাপোৰৰ তলেদি কুন্তলৰ ডিঙিতে লগাই দিলে৷ ঠাণ্ডাত লেপৰ উম লৈ শুই থকা কুন্তল উচপ্ খাই উঠিল৷ তাই খিক্‌খিক্‌কৈ হাঁহি কোঠাৰ খিৰিকী দুখন খুলি দিলে৷ কুঁৱলীৰ লগতে কোমল ৰ’দ এছাটি কোঠালৈ সোমাই আহিল৷

“ইমান দেৰি শোৱেনে, উঠক আৰু৷”

“ৰচোন৷ এই ঠাণ্ডাখনত উঠিনো কি কৰিবি!”

“হয়নে? ঘৰৰ সকলোবোৰ উঠিল, ঠাণ্ডাটো অকল আপোনালৈহে আহিল৷”- কৈ কৈ মণিয়ে চুলি ফণি‍য়াই থাকিল৷

খোপাটো বান্ধি মুখত স্ন’ অকণমান ঘঁহি ল’লে তাই৷ তাৰ পাছত ফোঁটটো আৰু একেবাৰে শেষত শিৰত সেন্দূৰখিনি৷ সৱ ঠিক কৰি খিৰিকীৰ মুখতে ওলোমাই ৰখা আইনাখনত চাই খোপাটো অলপ পোনাই-মেলি‍ ল’লে তাই৷ কুন্তলে আপোনবিভোৰ হৈ চাই থাকিল একেথৰে মণিলৈ‍৷ এইজনীক এৰি বাৰু কিদৰে জীয়াই থাকিলহেঁতেন সি! এতিয়া সেই কথা ভাবিবও নোৱাৰে সি৷ তাৰ সমগ্ৰ সত্তা জুৰি মণি, কেৱল মণি৷

খিৰিকীৰ সিফালে ফুলি থকা ফুলবোৰত কিচিৰ্-কিচিৰ্ চৰাইৰ মাত, মাততকৈ চিঞৰ বুলিবহে পাৰি৷ কিনো জানো ইমান কথা থাকে সিহঁতৰ! ইটোতকৈ সিটো চৰা৷ মণিক কাহানিবা সিহঁতৰ মাজৰে এটা যেন লাগে তাৰ৷ কুন্তলে কি কৈছে শুনিবলৈ সময় নাই, নিজৰখিনিকে আপোনমনে কৈ যাব৷ তেতিয়া আৰু মৰম লাগে৷ ইতিমধ্যে মণিয়ে গা ধুই অহা সাজটো সলাই বেলেগ এযোৰ পিন্ধি লৈছে৷ চিয়াঁহী ৰঙৰ কাপোৰযোৰত বগা বগা ফুল কৰা…অপূৰ্ব!

বাহিৰত কুঁৱলীৰ চাদৰ ফালি ওলোৱা ৰ’দ, পখীৰ কল্‌কলনি, খিৰি‍কীয়েদি সোমাই অহা চিনাকি-অচিনাকি ফুলৰ সুবাস,
(আগলৈ…..।)

Leave a Reply

Your email address will not be published.