ফটাঢোল

মহাপলায়ন পৰ্ব (সপ্তম খণ্ড) –অভিজিত কলিতা

(ষষ্ঠ খণ্ডৰ লিংক)

== কেম্প নং ১ ৰ পৰা ২ লৈ ==

পিছদিনা পূৱা ২ নং কেম্প অভিমূখে যাত্ৰা আৰম্ভ হ’ল। সকলো প্ৰায় মহাকাশচাৰীৰ বেশত। সকলোকে শ্বেৰ্পাসকলে অক্সিজেন চিলিণ্ডাৰ বান্ধি দিলে, প্ৰেছাৰ এডজাষ্ট কৰি দিলে। আৰু লাহে লাহে সৰু সৰু গোটত বিভক্ত হৈ দলটো আগবাঢ়িল।

বিপ্লৱে আকৌ অক্সিজেন নলয়। সি হেনো জনমত অক্সিজেন লৈয়েই পোৱা নাই- তাক গল্ড ফ্লেক কিং চাইজটো পালেই হ’ল- বাকী হাৱা বতাহ তাক নেলাগে। চুৰুক চুৰুক মাৰি বিপ্লৱ বাকী বিলাকতকৈ আগবাঢ়িল।

এই দুইটা কেম্পৰ মাজৰ ঠাইখিনিক ৱেষ্টাৰ্ণ কুম (Western Cwm) বোলা হয়। Cwm এটা আইৰিছ ভাষাৰ শব্দ, ইয়াৰ অৰ্থ উপত্যকা। এই উপত্যকা দেখিবলৈ ইংৰাজী U আখৰটোৰ দৰে। ইয়াৰ পৰা বৰফ টানি টানি নি কুম্ভু গ্লেচিয়াৰেই এই উপত্যকাৰ সৃষ্টো কৰিছে। ইয়াৰ পৰা পোনে পোনে চালে লটচে শৃংগ, সোঁহাতে নুপচে আৰু বাওফালে চালে এই অভিযানৰ লক্ষ্য মাউণ্ট এভাৰে‍ষ্ট দেখা পোৱা যায়।

দেখাত এই যাত্ৰা সহজ কিন্তু ইয়াত বিপদ ভৱাতকৈ বহু বেছি। উচ্চতাৰ কথা আছেই, লগতে এই ঠাইখিনি অলেখ ক্ৰেভাছেৰে ভৰা। কিছুমান ক্ৰেভাছৰ ওপৰত বৰফৰ পাতল চামনি এটা থাকে, আৰু মানুহে ভৰি দিলে সেইটো ভাঙি গৈ আৰোহণকাৰী কেইবাশ ফুট তললৈ পৰি যাব পাৰে। গতিকে সকলোকে Fixed Rope ত নিজকে সংযোগ কৰিব লাগে। তেতিয়া এজন পৰি গলেও বাকী সকলে তেওক টানি উলিয়াব পাৰিব। আন এটা অসুবিধা হ’ল- উষ্ণতা। বৰফেৰে ভৰা এই সমতল খনত কাষৰ বৰফাবৃত শৃংগবোৰে সুৰ্যৰ ৰশ্মি গোট খুৱাই পেলায়, গতিকে দিনত এই ঠাইখনৰ উষ্ণতা ৪০ ডিগ্ৰী মান হয়গৈ। তাতে পিন্ধিব লাগে মহাকাশচাৰীৰ দৰে পোচাক এটা। চকু কাণ একো উলিয়াই থব নোৱাৰি। কাৰণ বেলিৰ পোহৰ নাইকীয়া হ’লেই বা ডাৱৰ আহিলেই উষ্ণতা পুণৰ কমি মাইনাচ ২০ ডিগ্ৰী হয়গৈ।

***

বহুত লিখিলো, কিন্তু যাত্ৰীসকলৰ মনৰ খবৰ লোৱাই নহ’ল। গতিকে তলত লিখা কথাখিনি মই মাধুৰীমা ঘৰফলীয়াৰ ডায়েৰীৰ পৰা তুলি দিছো-

“ কুম্ভু নে কি সেইডাল পাৰ হওতে বিৰাট ভয় খাইছিলো মই, কি যে কাম বোৰ কৰি থাকিব লগা হৈছে নহয়। আৰামত বহি চিৰিয়েল চাই থাকিব পাৰিলোহেতেন, এই ফটাঢুলীয়াবোৰৰ লগ লাগিয়েই মোৰ ইমান বিপদ হৈছে। হে হৰি, চাৰিওফালে ইমান বৰফ! ইমাৰগাল বৰফ বনাবলে কিমান ফ্ৰিজ লাগিছিল বাৰু? ঘৰত গৈ এবাৰ গুগল কৰি চাব লাগিব।

ইফালে চেঁচাত হাড় মুৰ কঁপি গৈছে- মগজে কাম নকৰা হৈছে। এনেও বৰকে নকৰে, কিন্তু এতিয়া একেবাৰে নাইকৰা যেন লাগিছে। তথাপি আহিলো যেতিয়া গৈ থাকো চোন।

আজি আমি এক নং কেম্পৰ পৰা দুই নং কেম্পলৈ যাম। পূৱাই আমি সকলো ওলাই আহিলো। ২ নং কেম্পত আমি এদিন থাকিম। তাত কোমোৰা আৰু হাঁহ পালে এসাজ ভালকে খাই লব লাগিব। ১ নং কেম্পৰ পৰা ওলোৱাৰ লগে লগে মই ঠাণ্ডাত কঁপিবলৈ ধৰিলো। জোৰকৈ বতাহো মাৰি আছিল। ইফালে আঠুলৈকে পোত যোৱা কোমল বৰফ। এবাৰ ভৰি দিলে ভৰভৰকৈ সোমাই যায়, আকৌ টানি উলিয়াব লাগে। পিছে গাভৰু কালত বকতাৰ ভেৰভেৰীয়া পথাৰত ভুঁই ৰোৱাৰ অভ্যাস থকাৰ বাবে মোৰ ইমান অসুবিধা নহ’ল।নিজকে বৰ টাউনীয়া দেখুৱাই থকা কেইজনীৰ নাকে কাণে ধোঁৱা ওলাই গৈছে। কেঁৰাকৈ তেওলোকৰ ফালে চাই ইষত হাঁহি মাৰি মই সকলোতকৈ আগবাঢ়িলো।

হঠাত আমাৰ গৰম উঠা আৰম্ভ হ’ল। ওপৰত প্ৰচণ্ড ৰ’দ! সকলোফালে বৰফৰ চিকমিকনি, কলা চচমাজোৰো খুলিব নিদিয়ে- চকু বেয়া হৈ যাব বোলে। মুঠতে সকলো ফালে বিপদেই বিপদ।

১ নং কেম্পৰ পৰা ওলালেই ৭ খন প্ৰকাণ্ড শিলৰ দেৱাল পাৰ হব লাগে, দেৱাল নহয় আচলতে খাল হে বুলিব লাগে। প্ৰথমতে খালটোত ৰেপলিং কৰি নামি যাব লাগে, তলিত এডাল জখলাৰে পাৰ হব লাগে, আকৌ সিপাৰে জুমাৰিং কৰি ওপৰলৈ উঠিব লাগে। বিৰাট ভাগৰ লাগে। মোৰ কিন্তু মজা লাগিল কামটো কৰি। কেইজন মানক শ্বেৰ্পাই টানি টানি নিব লগা হৈছে। মানুহবোৰৰ দম কিন্তু মানিছো, দেহাই নেটানিলেও মনৰ জোৰতে গৈ আছে।

৭ টা খাল পাৰ হওতেই আমাৰ দিনটো গ’ল, মাজে মাজে আমি কিবা কিবি খাই ল’লো। শ্বেৰ্পাবোৰে গৰম পানী খাবলৈ বাৰে বাৰে সোঁৱৰাই থাকিল। মানুহবোৰ ভাগৰত লালকাল হৈ পৰিল, কিন্তু কেম্প ২ এতিয়াও বহু দূৰ। গতিকে গৈ থাকিব লগাত পৰিলো।

ইয়াৰ পাছত বাটচোৱাত খাল চাল নাই, আৰু বৰ বেছি থিয়ও নহয়। লাহে লাহে গৈ থাকিব পাৰিম যেন লাগিল। কিন্তু সমস্যা হ’ল বৰফৰ পৰা, আঠুলৈকে পোত যোৱা বৰফৰ পৰা ভৰি টানি টানি টানি উলিয়াব লগা হোৱা বাবে মানুহবোৰ বিৰক্ত হৈ পৰিল। সদায় কৃষ্ণ কৃষ্ণ কৰি থকা মানুহকেইটাৰ মূখেৰেও অবাইচ মাত ওলাবলৈ ধৰিলে।

অলপ পাছতে আমি ২ নং কেম্প দেখা পালো, বৰফৰ ওপৰত নীলা ৰঙা তম্বু কেইটামান। কিন্তু যেন গৈ নেপাম হে নেপাম। সঁচাকৈ ২নং কেম্প বুলি কিবা আছে নে ই এটা মৰিচীকা? মোৰ মনত সন্দেহ জাগিল। এই মেনেজাৰ কেইটাই যি গতিত পইচা হৰলুকি কৰিছে , আমাক বৰফৰ ওপৰত ৰাতি শুৱাবলৈয়ো যোগাৰ কৰিব পাৰে।

মোৰ শক্তি শেষ হৈ আহিছিল। এবাৰত বৰ বেছি ২০-৩০খোজ দিব পাৰো, তাৰ পাছত আকৌ বহি পৰিব লগা হয়। কেতিয়াবা বৰফতে বাগৰি দিও, দহমিনিট মান পৰি থকাৰ পাছত অলপ শক্তি ঘুৰি আহে, আকৌ ২০ – ৩০ খোজ দিও। আচলতে মই ওস্তাদি মাৰিবলৈ প্ৰথমতে খৰকৈ আহিবই নেলাগিছিল। দেহাই হাৰ মানিছে।

ওপৰত বেলিটো দগমগাই আছে পিছে মোৰ দেখোন ঠাণ্ডা লাগিবলৈ ধৰিলে। জুই একুৰা পালে ভাল আছিল। এইখন বৰফত না খৰি আছে, না জুই। কি আপদীয়া ঠাই নহয়। সঁচাকে কৈছে, ইয়াতকৈ নেমুগুৰিৰ ঘৰতে বহুত আৰাম, গাঁও হ’লে কি হব?

এইদৰে চুচৰি বাগৰি মই ২ নং কেম্পৰ বে’ছ পালোহি। কিন্তু আমি থাকিব লগা তম্বু কেইটা পাবলৈ আৰু ২০০ মিটাৰ মান যাব লাগিব। মোৰ এনেকুৱা লাগিল যেন মই এই দুশ মিটাৰ কেতিয়াও যাব নোৱাৰো। দেহাত তিলমানো শক্তি বাকী নাই আৰু। মনৰ জোৰো শেষ। মই বৰফতে ধুপুচ কৈ পৰি দিলো।

হঠাত মোৰ মনলৈ এটা ভাৱ আহিল- গুৰুদেৱে কৈছিল। সকলোৰে বাবে এভাৰেষ্ট বিজয় সফল নহব। মোৰ যাত্ৰাৰ কি এয়াই শেষ নেকি? বাকীবোৰচোন যেনে তেনে গৈ আছে। তাৰমানে ময়েই সকলোতকৈ বেছি পাপী ? কি পাপ কৰিলোনো মই জীৱনত?

একেবাৰে নাই কৰা বুলি কব নোৱাৰো- কলেজত ৮ টা বয়ফ্ৰেণ্ডক ধোখা দিছিলো! ক্লাছ চেভেনতে চুৰকৈ ৰহি খাইছিলো। কিন্তু ইমানখিনি পাপ তো সকলোৱেই কৰে! কিন্তু মই কিয় যাব নোৱাৰা হ’লো। হে ভগৱান! এতিয়া ঘুৰি যাব লগা হ’লে ময়েই সকলোতকৈ বেছি পাপী বুলি প্ৰমাণ হৈ যাব। মানুহটোৱেও বা আকৌ কি ভাৱে!! এনেই বৰ বেছি কথা বতৰা নেপাতে সি, মনতে কি ভাৱি থাকে কি ঠিক? সি আকৌ কিবা সন্দেহ কৰে যদি! নাই নাই- কেনেবাকৈ যাবই লাগিব মই!! হে ভগ!

-“ভগ????????????”

ইয়েচ- গম পাই গ’লো মই। হয়তো আকৌ। এইটোৱেই মহাপাপ কৰিছিলো মই। মই বহু বছৰৰ পৰা ভগৱানক ‘নিক’ নেমেৰে মাতি আহিছো- ভগৱান নহয়……..জাষ্ট ভগ’ !! সেইটোৱেই মোৰ পাপ হ’ল – ভগৱানে বেয়া পালে। সেইকাৰণে মোক এই শাস্তি দিছে। মাফ কৰি দিয়া ভগ’- আই মিন ভগৱান। আজিৰ পৰা কেতিয়াও তোমাক ‘নিক নেমে’ৰে নেমাতো। এইবাৰলে মোক উদ্ধাৰ কৰা প্ৰভূ।

এইবোৰ ভাৱি থাকোতেই মই কোমল বৰফৰ ওপৰতে কেতিয়া টোপনি গ’লো কব নোৱাৰো। কিমান সময় পাৰ হ’ল মই নেজানো। হঠাত কোনোবাই মোক জোকাৰি দিয়াত সাৰ পাই গ’লো। জিলমিলিয়াকৈ দেখিলো- আমাৰ শ্বেৰ্পা এজন ৰৈ আছে।

– দিদি দিদি! গেট আপ! ড্ৰিংক দিছ। য়ু অকে?

সি মোক কিবা জুচ অলপ দিলে, মই কোটকোটকৈ পী খালো। মোৰ ইমান পিয়াহ লাগি আছিল বুলি জনা নাছিলো। জুচ খিনি খোৱাৰ লগে লগে মোৰ দেহ মনলৈ শক্তি ঘুৰি আহিল।

ইচ মই কি যে কথাবোৰ ভাৱি আছিলো? মোৰ আচলতে ভোক পিয়াহতহে এনে অৱস্থা হৈছিল। পাপৰ ফলত নহয়।

– য়ু আৰ অলমষ্ট ডেয়াৰ। ন ৰাছ!!! ইজি ইজি!! ৱাকী ৱাকী!! টেক টাইম।

শ্বেৰ্পা জনে মোক উৎসাহ দিলে। ময়ো যেনে তেনে থিয় দিলো। এইবাৰ লাহে ধীৰে কেম্পৰ ফালে আগবাঢ়িলো।

এই দুশ মিটাৰ যাবলৈ মোক প্ৰায় দুঘণ্টা লাগিল। কিন্তু যেনেকৈয়ে নহওক, সন্ধিয়া হোৱাৰ আগে আগে মই নিজৰ তম্বুটোত সোমাই পৰি দিলো। মোৰ লগত আৰু তিনিজনী আছিল কেম্পত। তেওলোকৰ মুখ কেইখন চাবলৈয়ো মোৰ শক্তি নহ’ল। হাঁহ-কোমোৰাৰ চিন্তা বাদ দি মই নিদ্ৰাদেৱীৰ কোলাত ঢলি পৰিলো।

সেই নিশা মই এটা সপোন দেখিলো

মোৰ মানুহটো আহিছে। শুকুলা ঘোঁৰাৰে টনা সোণৰ ৰথ এখনত, তেওৰ কোলাত মেঘ বহি মিচিকিয়াই আছে। তেও মোক লাহেকৈ ডাঙি ৰথখনত বহুৱাই ল’লে। মেঘে মা মা কৰি মোৰ বুকুত সোমাই পৰিল। আৰু লগে লগে ৰথখন তীব্ৰ গতিৰে শুকুলা ডাৱৰৰ মাজেৰে বৰফৰ ওপৰেদি এভাৰেষ্টৰ দিশলৈ যাবলৈ ধৰিলে। বহু পাহাৰ পৰ্বত অতিক্ৰমী, গ্লেচিয়াৰ পাৰ হৈ শুকুলা ডাৱৰৰ মাজে মাজে উৰি উৰি আমি তিনিটা এভাৰেষ্ট পালোগৈ, পৃথিৱীৰ সৰ্বোচ্চ শিখৰত উপস্থিত হ’ল আমাৰ সৰু পৰিয়ালটি। মেঘে অবুজ মাতেৰে তললৈ আঙুলিয়াই কিবা এটা ক’লে- তাৰ হাঁহিৰ শেষেই নাই।

– “ এইখনকে চাবলে ইমান কষ্ট কৰি আছিলি হবপায়। মোক আগতেই কব লাগিছিল- মই কিবা এটা ব্যৱস্থা কৰিলোহেতেন নহয়।“

মানুহটোৱে অভিমানৰ সুৰত মোক ক’লে। মই লাজকুৰীয়া হাঁহি এটা মাৰি তেওৰ বুকুত সোমাই পৰিলো। “

××××××

সকলো ফটাঢুলীয়া নাচনী আপোন আপোন দেহাকেইটা চোচৰাই বাগৰাই কেম্প নং ২ পালেগৈ। সকলো শেষ সীমালৈকে ভাগৰি পৰিছিল। কাৰো মাতবোল নোহোৱা হ’ল। ৰাতি মেগী আৰু চুপেৰে ডিনাৰ কৰা হ’ল। তম্বুৰ বাহিৰত প্ৰচণ্ড গতিত ধুমুহা বলি আছিল। তুষাৰ কণাই তম্বুবোৰ ঢাকি ধৰিছিল। পিছে ভিতৰত উম আছিল। চাব জিৰো শ্লীপিং বেগবোৰে এই ঠাণ্ডাটো সকলোকে উমাল কৰি ৰাখিছিল।

শংকৰকে ধৰি কেইটামানে এই বৰফৰ মাজতো বাহিৰলৈ ওলাই আহিল। ৰূপহী ছোৱালী কেইজনী ভালে আছে নে নাই সেই খবৰ নোলোৱাকৈ সিহঁতৰ মন শান্ত নহয়। কাকতি দাৰ ৰূমৰ পৰা বহু ৰাতিলৈকে খুটুং খাটাং শব্দ আহি থাকিল। বৰফৰ ধুমুহাত ফ্ৰী বৰফ পাই সকলোৱে আজি “অন দা ৰক্স খাইছে।“ ভাগৰ লাগিছে যেতিয়া ভাগৰ মাৰিবও লাগিব।

অনামিকাই আকৌ এবাৰ অলা এপটো খুলি চালে। অলপ পাছত নিৰাশ হৈ শুই পৰিল।

শেষ নিশা কোনোবা এটা তম্বুৰ পৰা চিঞৰ বাখৰ ভাহি অহা শুনা গ’ল

– কি খাইছিলে ৰে, চাল্লা ইমান বেয়া গোন্ধ। পেট গেলা মানুহ তই- সেইকাৰণে পাদিলে ইমান বেয়া গোন্ধায়। চিহ – ওৱাক। মোৰ বমি হব এতিয়া

– বাদ দে! তই পাদিলে কি আজমল পাৰফিউমৰ গোন্ধ ওলাই নেকি? আৰে কিমান দেৰি চেপি আছিলো- শেষত নোৱাৰিহে উলিয়াই দিছো।

– তহত দুটা শুবি নে? নে মই গতিয়াই তম্বুৰ বাহিৰ উলিয়াই দিম? ছোৱালী এজনীৰ কাৰণে এই অৱস্থাটো কাজিয়া কৰি আছ? পৃথিৱীত আৰু বেলেগ ছোৱালী নাই নেকি?

– আব্বে শুই যা না! কি হাল্লা কৰি আছ? (চুৰুক চুৰুক চুৰুক)

×××

এক্লেমেটাইজেচনৰ বাবে ইয়াত দলটো এদিন থাকিব। বাকী বিদেশী দলবোৰে পূৱাই যাবগৈ। কালিলৈ ২ নং কেম্প পুৰা ফটাঢোলৰ দখলত থাকিব। সকলোৱে শক্তি ঘুৰাই পালে বিহু এচাট মাৰিব পৰা যাব।

== লটছে ফেচ আৰু কেম্প নং ৩ ==

কেম্প নং ২ত দুদিন কটোৱা হ’ল। এইখিনিৰ পৰা দুটা কথা মন কৰিব লাগে

একঃ- ট্ৰেফিক জাম। এভাৰেষ্ট অভিযানৰ অনুমতি বছৰত দুবাৰেই দিয়া হয়, প্ৰথম এ্ৰপ্ৰিলৰ মাজ ভাগৰ পৰা মে’ লৈ, আনবাৰ চেম্টেম্বৰত। (আন সময়খিনিত বাকী অসুবিধা বিলাকৰ লগতে এভাৰেষ্টত প্ৰায় ২০০ কিমি বেগত অনবৰত বতাহ বলি থাকে। বায়ুমণ্ডলৰ ঘণত্বৰ পাৰ্থক্যৰ বাবে এই বতাহ বলে- গতিকে কোনোবা কেনেবাকৈ সেই সময়ত এভাৰেষ্টৰ ওপৰত উঠিলেও বতাহে উৰুৱাই নিব।) এইকেইটাক ‘এভাৰেষ্ট ৱিণ্ড(Window)’ বুলি কোৱা হয়।‘ৱিণ্ড’ ৰ সময়ত বহতাৰ বেগ ঘণ্টাত ৩০ কিমি লৈ নামে।

সকলো অভিযাত্ৰীয়ে একেলগে ভীড় কৰে, আকৌ তিব্বতৰ ফালৰ পৰাও বহু অভিযাত্ৰী আহে। গতিকে কোনো কোনো ঠাইত লগাই থোৱা ৰচীবোৰত ট্ৰেফিক জাম হব পাৰে।

দুইঃ- বতৰ, সথিক বতৰৰ বতৰা এই অভিযানৰ বাবে সকলোতকৈ প্ৰয়োজনীয় বস্তু। বতৰ বিভাগৰ পৰা অনুমতি নোলোৱাকৈ কোনেও এই অভিযান নকৰে।

ফটাঢুলীয়া সকল এইক্ষেত্ৰত সৌভাগ্যৱান। তেওলোকে কোনোফালৰ পৰাই অসুবিধা নেপালে, বতৰো ভাল, আৰু আচৰিত কথা বেছি ভীৰো নাই। গতিকে সুস্থ সৱল হৈ উঠাৰ লগে লগে তেওলোক কেম্প নং ৩ লৈ যাবলৈ সাজু হ’ল।

ইয়াৰ পৰৱৰ্তী প্ৰত্যাহবান আছিল লটছে ফে’চ। মাউণ্ট এভাৰেষ্টলৈ যোৱা দক্ষিন-পূৱ পথটোৰ এক গুৰুত্বপূৰ্ণ অংগ এই লটছে ফেচ। লটছে শৃংগৰ গাৰে বগাই এভাৰেষ্টত উঠিব লাগে। এই অংশটো এখন বৰফ আৰু শিলৰ প্ৰায় থিয় দেৱাল, সেইখন বগাই আধামান উঠিলে কেম্প নং ৩ পোৱা যাব।

এইখিনি অঞ্চল অতি ভয়ংকৰ, কুম্ভু আইচফলচৰ পিছত ইয়েই সকলোতকৈ দূৰ্ঘটনাপ্ৰৱণ ঠাই। চিধাকৈ উঠি যোৱা এখন দেৱাল, আৰু বৰফ আৰু শিলবোৰ ইমানেই কঠিন যে তাত ক্ৰেম্পনেৰে খোপনি ৰাখিব নোৱাৰি। আৰোহী সকলে সকলো সময়তে নিজকে ৰচীৰে বান্ধি থব লাগে, আনকি কেম্প নং ৩ত থকা সময়খিনিতো।

ৰচীবোৰ এডাল দু‌শ ফুটমানকৈ দীঘল, আইচ স্ক্ৰু আৰু এংকৰেৰে ৰচীবিলাক লগাই থোৱা থাকে, সাধাৰণেতে দুডাল ৰচী লগোৱা থাকে- এডাল উঠিবৰ বাবে আৰু আনডাল নামিবৰ বাবে। ৰচীৰে বগাই এংকৰ পইণ্ট পোৱাৰ লগে লগে তেওলোকে জুমাৰ আৰু কাৰাবিনিয়াৰ দুটা খুলি এংকৰটোৰ সিপাৰে লগাই লব লাগে। বৰফত প্ৰত্যেকখোজ দিয়াৰ সময়তে তেওলোকে বৰফত গুৰিয়াই খাঁজ একোটা তৈয়াৰ কৰি লব লাগে, যাতে পিছৰজনৰ বা নামি অহাৰ সময়ত সুবিধা হয়। এই খাঁজ কটা কামটোতে সকলোতকৈ বেছি ভাগৰ লাগে। আকৌ এটা বৰফৰ ধুমুহা আহিলে সকলো শেষ, আকৌ নতুনকৈ খাঁজ কাটিব লাগে।

সেইদিনা বতৰ আশা কৰাতকৈয়ো ভাল। আকাশখনে গাঢ় নীলা বৰণ ধৰিছে। আগদিনা ফটাঢুলীয়া আৰোহী সকলে এবাৰ লটছে ফে’চ বগোৱাৰ আভ্যাস কৰি ল’লে। প্ৰায় সকলো আৰোহীয়েই সেইটো কাম কৰে, লটছে ফে’চ দুবাৰ বগাই- এবাৰ এক্লেমেটাইজেচনৰ বাবে, আনবাৰ কেম্প নং ৩ আৰু ৪ অভিমূখে।

আচৰিত ভাৱে ফটাঢুলীয়া সকল এইবাৰ নিজ নিজ মতে মনে মনে পাহাৰ বগাই থাকিল, একেবোৰ কামেই- এবাৰত মাত্ৰ এটাকৈ খোজ, তাৰ পাছত বৰফত গুৰিওৱা আছেই। অলপ বগোৱাৰ পাছতে সকলো ভাগৰি পৰিল, এতিয়া যেনে তেনে দেহটো টানি নিয়া হে কথা। সকলো ৰচীৰে বান্ধি আগুৱাইছে। এংকৰ পালে এজন ৰৈ যায়, লগতে সকলো ৰৈ দিয়ে। কেৱল শ্বেৰ্পাসকলে খৰকৈ আগবাঢ়ি যায়। নিজৰ দেহাটোকে টানি নিবলৈ টান, কিন্তু মুৰত ৩০-৪০ কেজি বোজা লৈ দপদপাই গৈ থকা শ্বেৰ্পাসকলক দেখি ফটাঢুলীয়াসকল বিচুৰ্তি খালে। ধ্ৰুৱৰ চাধা মলিবলৈ বৰ অসুবিধা হ’ল। দুই হাততে গেদগেদীয়া হেণ্ডগ্লভছ। মলে তো মলে কেইচে? ইফালে সোণটোৱে দিয়া, দিয়া, মাৰা হে এপালি! বুলি কৈ থাকেই। অহাবাৰৰ পৰা এভাৰেষ্ট আহিলে ‘চেইনী খৈনী’ লৈ আহিব লাগিব, চাধা মাৰি থকাৰ ঝামেলা নাই।

ধ্ৰুৱই যাজ্ঞ্যৰ ফালে চালে! দেখিছানে তাৰ কাম? এও এইফালে চাধা পালিৰ চিন্তা কৰোতেই সেইজনা গৈ মণীষাৰ ওচৰ পালেগৈ। আগবাঢ়ি তাইক ওপৰলৈ উঠিবলৈ সহায় কৰি দিছে। তাইৰ বেগটোৱো তাৰ পিঠিত।

ধ্ৰুৱৰ খঙে মুৰৰ চুলিৰ আগ পালেগৈ, আৰু সহ্য কৰিব নোৱাৰি। এই বাৰ সি নিজকে ৰচীডালৰ পৰা খুলি ল’লে। কৰ পৰানো শক্তি আহিল নেজানো সি গুমগুমাই ওপৰলৈ উঠিবলৈ লাগিল। সকলোকে অভাৰটেক কৰি সি একেবাৰে ৰচীডালৰ ওপৰমুৰ পালেগৈ। আৰু তাতে বহি লৈ হাতৰ পৰা চাকু এখন উলিয়ালে।

– ‘হেমন্ত দা!’

– ‘কি হ’ল ঔ বোপাই’- ফোপাই জোপাই কাকতি দাই সুধিলে

– ‘মোৰ জীৱন শেষ। বৰ্বাদ হৈ গ’লো মই। মোৰ লগত ধোখা হ’ল। কিন্তু ময়ো হাতত খাৰু পিন্ধি অহা নাই, চব চেচ কৰি দিম মই।’

– ‘কি? কি হ’ল আকৌ? ৰবাচোন, মোক ওপৰলৈ আহিবলৈ দিয়া।’

– ‘না না না! আপোনাৰ কথা বিশ্বাস কৰি মই বহুত ঠগ খালো। এতিয়া মই কাকো ক্ষমা নকৰো। সকলো মৰিব লাগিব আপোনালোক।’

এইবুলি কৈ ধ্ৰুৱই চাকুখনেৰে ৰচীডাল কাটিবলৈ ধৰিলে। চিঙি গ’লেই সকলো কেইবাশ ফুট তলৰ লটছে ফে’চৰ তলি পাবগৈ, বাচি থকা অসম্ভৱ। হেমন্তদাৰ বুকু কঁপি গ’ল

– ‘হে হে হে কি কৰা কি কৰা? কোনে তোমাক জগৰ লগালে। ৰবা মই আছো নহয়। এজনী ছোৱালীৰ বাবে তুমি আমাক কিয় মাৰিব খুজিছা। অকণ ধৈৰ্য ধৰা মোৰ সোণাই। তোমাক যি জনী ছোৱালীকে লাগে তাইৰ লগতে বিয়া পাতি দিম। তুমি কেৱল এই চাকুখন এৰা।’

বাকী সকলোৱেও একেবৰে চিঞৰি উঠিল, নকৰিবা ধ্ৰুৱ, ইমানবোৰ মানুহৰ বধৰ ভাগী নহবা!!

মানুহবোৰৰ বুজনি শুনি ধ্ৰুৱ অলপ ৰল। অলপ পাছত নিজৰ ডিঙিটো অলপ বেঁকা কৰিলে- চকু কেইটা অলপ মুদি ডিঙিডো বেঁকা কৰি সি চিঞৰি উঠিল,

– আআআআঈঈঈ………ল ল ল লা…ল…ভ ..ইউ……………চানী.. আই মিন… ৰূপশিখা..কবিতা…..ন ..আই মিন নীলাঞ্জনা….ধেত চালা… নামটোৱেই মনত নপৰা হ’ল নহয়… য়েচ..আই লাভ ই্উ… মুক্তিয়াৰৰ জীয়েক ..ন’ ন’ ন’..তাইকতো কেতিয়াবাই এৰিলো… তেনে কাৰ নাম লও?.. চাল্লা..এনে ঠাণ্ডা এইখন… যাৰ কাৰণে সকলোকে মাৰিবলৈ ওলাইছিলো..তাইৰ নামেই পাহৰি গ’লো..ধিক্কাৰ চাল্লা !! সেইকাৰণে মোৰ আজিলৈকে একো গতি লগা নাই…ধুত চাল্লা………..

***

ধ্ৰূৱৰ কে’ছটো যেনেতেনে চেটল কৰি দলটো আগুৱাবলৈ লাগিল। আগৰ দিনাৰ এক্লেমেটাইজেচন ক্লাইম্বে তেওলোকক বহুত সহায় কৰিলে। সৌভাগ্যক্ৰমে তেওলোকৰ আগতে যোৱা দলবোৰে বৰফত গুৰিয়াই কৰি থোৱা খাঁজবোৰ তেতিয়াও ভাল হৈ আছিল, গতিকে দলটো আশাকৰাতকৈ দ্ৰুতগতিৰে আগুৱাবলৈ সক্ষম হ’ল।

সকলো ঠিকেই আছিল। কিন্তু কোনো চাউথ ক’লৰ ফালৰ পৰা আগজাননী নিদিয়াকৈ অহা বৰফকণা ভৰা সেৰসেৰীয়া বতাহজাকে সকলো গন্দগোল কৰি দিলে। মানুহবোৰ জুৰুলী জুপুৰী হ’ল- হাত ভৰি গোট মাৰিবলৈ ধৰিলে। এনে ক্ষেত্ৰত এটাই উপায় আছে, খোজকাঢ়ি আগবাঢ়ি গৈ থকা, যাতে তেজ চলাচল চলি থাকে। ৰৈ দিলেই হাইপ’থাৰ্মিয়া হব পাৰে, গতিকে সকলোকে চিঞৰি চিঞৰি গৈ থাকিবলে দিয়া হ’ল। মানুহবোৰেও জানো ক’ৰ পৰা শক্তি পালে, দপদপাই আগুৱাবলৈ ধৰিলে, ইফালে কোন দিশে গৈ আছে জনাৰ কোনো উপায় নাই, চাৰিওফালে বৰফৰ কণাই ধুঁৱলী কুঁৱলী কৰি তুলিছে। ৰচী কেইডালো পাতল বৰফত পোত গৈছে যদিও সেইকেইডালেই একমাত্ৰ ভৰষা, ৰচীৰ পোনে পোনে গৈ থাকিলেই কেম্প নং ৩ পাবগৈ। আচলতে এই ধুমুহাই ভালেই কৰিলে, মানুহবোৰ লৰালৰিকৈ যাবলে বাধ্য হ’ল।

কিছু সময়ৰ পাছত এই বতাহ শাম কাটিল।

কেম্প নং তিনিৰ শেষৰ অংশ অতি কঠিন, একেবাৰে থিয় পাহাৰ উঠিব লাগে। ভাগৰে শেষ সীমা চুলেগৈ সকলোৰে। কিন্তু ইমান দিনৰ অভ্যাস আৰু এক্লেমেইটাজেচনৰ বলত তেওলোক যেনে তেনে কেম্প নং তিনি পালেগৈ। আৰু আশা কৰাতকৈ আগতেই পালেগৈ। প্ৰথম অভিযানতে মাত্ৰ ৫ ঘণ্টাত কেম্প নং ২ ৰ পৰা ৩ লৈ যোৱা সাধাৰণ কথা নহয়।

কেম্প নং তিনি আচলতে এটা কেম্প নহয়, কেইবা ঠাইতো থকা বহুতো কেম্পৰ সমষ্টি। কেম্পবোৰ বেলেগ বেলেগ উচ্চতাত অৱস্থিত। ইয়াক কেম্প বুলি নকৈ বহুত ঈগলৰ বাঁহ বুলিহে কয়, প্ৰকাণ্ড শিলাময় দেৱালখনৰ তলতে তম্বুবোৰ আছে। ওপৰৰ পৰা শিলগুটি দুই এটা পৰি থাকে।

কেম্প নং তিনি পাওতে প্ৰায় আবেলি হ’লগৈ। সকলো লৰালৰিকৈ তম্বুত সোমাল, গালৈ উত্তাপ ঘুৰি আহিল। সকলোকে অলপ অলপ চুপ দিয়া হ’ল- আৰু লগত চাহ। মাজে মাজে সকলোৱে অক্সিজেন লৈ থাকিল, নিজৰ শক্তি ঘুৰাই আনিবৰ বাবে। ইয়াত আচলতে ভালকৈ ঠিয় হবলেকে ঠাই নাই, আৰু অলপ ভৰি পিছলিলেই ২০০০ ফুট তললৈ সৰি পৰাৰ সম্ভাৱনা। গতিকে মানুহবোৰ নিজৰ নিজৰ তম্বুতে সোমাই থাকিল, তম্বু সংগী সকলৰ লগত কথা পাতি পাতি। বাহিৰলৈ যাবলৈ হ’লে ৰচী বান্ধি যাব লাগে। নতুন পুৰণা ৰচী মিলি মকৰাজালৰ ৰূপ লৈছে।

আজি এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লব লাগিব। আৰু লব লাগিব বতৰৰ আগলি বতৰাৰ ওপৰত নিৰ্ভৰ কৰি। ‘ছামিট পুছ’ৰ সিদ্ধান্ত ৩ নং কেম্পতে লব লাগে। চাৰি নং কেম্পটো আচলতে জিৰণিৰ বাবেহে। সকলো মিলি শ্বেৰ্পা সকলক লগত লৈ আলোচনাত বহিল।

আলোচনাৰ বিষয় হ’ল – কেতিয়া এই অভিযানৰ অন্তিম পৰ্যায় আৰম্ভ কৰা হব। শ্বেৰ্পাসকলে খবৰ দিলে যে অহা দুদিন বতৰ ভাল হব, গতিকে যিমান পাৰি সোনকালে ফাইনেল ‘ছামিট পুছ’ (Summit Push) আৰম্ভ কৰি দিব লাগে। সকলোৰে স্বাস্থ্যৰ খবৰ লোৱা হ’ল। আশাকৰাতকৈয়ো সকলো সুস্থ। কোনো হাই অলটিটিউড চিকনেছৰ লক্ষণ নাই। ই আচৰিত কথা, সকলো অভিযানতে কমেই ৫০% মানুহ HAPE, HACE বা হাইপ’ থাৰ্মিয়াৰ চিকাৰ হয়। এই ফটাঢুলীয়া ৰাইজৰ সেইবোৰ একো নাই, একদম টিপটপ হৈ আছে। কংকনা আৰু প্ৰণীতা বাই এই বিপদৰ মাজতো গধূলি হৰিনাম লবলৈ এৰা নাই। মানুহদুজনীৰ ষ্টেমিনা দেখি বাকীবোৰে লাজ পাই গৈছেগৈ।

দুগৰাকী মানৰ অলপ কাঁহ হৈছে হয়, কিন্তু তেওলোকৰ কুহুৰ কুহুৰ মাতে আকৌ দুজনমানৰ বুকুত প্ৰেমৰ দাবানল হে জ্বলাইছে।

– “গতিকে কাইলে কামফেৰা কৰি পেলোৱা যাওক নহয় জানো। এনেয়ো বহুত দিন হ’ল। ঘৰলৈয়ো সকলোৰে মনত পৰিছে ছাগে? নে কি কয় ৰাইজে?” – হেমন্তদাই ৰাইজলৈ চাই সুধিলে!

– “সজ সজ! শুভ কামত বিলম্ব কৰিব নেপায়।“ – বন্দিতা

– “মোৰতো যাং যাং লাগিয়ে আছে, আপনালোকে ক’লে মই এতিয়াই ওলাং ক’” – মনালী

– “হয়হে সোনকালে শেষ কৰিব লাগে এইখন, আজি কেইসপ্তাহ হ’ল, ফেচবুক কৰিব পৰা নাই”- নৱজিত

– “আপোনালোক যাওতে মোক মাত এষাৰ দি যাব, বতৰ বতৰ ভাল হ’লে ময়ো যাম, মন নগ’লে শুই থাকিম।“ – কৌশিক

– “পূৱা কি খাই যাম আমি? আজি ৰাতি কি খাম?” – বিজয়

– “দ্ৰব্যবস্তু বাকী আছেগৈ নে ভাই? গধুলি হ’লে অলপ মনটো কিবা কিবি লাগে নহয়! অলপ ভালকৈ ‘বহি’ আলোচনা কৰিব পাৰিলে ভাল আছিল” – পাটিৰি ভিনি

– “হেৰি আৰ ঔ, কিবা বোলেনে, সোনকাল কৰক। মই সকলোৰে কুশলৰ বাবে মনে মনে ভাওনা এখন আগবঢ়াইছো- ঢেকীয়াখোৱা নামঘৰলৈ”- অৰ্চনা

– “আমি কিহত যাম?” –(সমস্বৰে) অনামিকা আৰু ময়ুৰী

– “গৰৰৰৰৰৰৰৰৰ!!” – ইৰাণী

(আগলৈ)

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published.