ফটাঢোল

মহাপলায়ন পৰ্ব – অভিজিত কলিতা

(চতুৰ্থ খণ্ড)

হিমালয় যাত্ৰা –

বাকী যাত্ৰা গতানুগতিক, একেবোৰেই কথাবতৰা, গতিকে অলপ চমুৱাই থ’লো। চাৰিদিন তিনিৰাতি একেৰাহে যাত্ৰা কৰি বাছখন কাঠমাণ্ডু চহৰ সোমালগৈ।

তাত ইৰাণীয়ে অপেক্ষা কৰি আছিল, লগত কেইবাজনো নেপালী মানুহ, হয়তো শ্বেৰ্পা। তেওঁলোকে বয়-বস্তুবোৰ সামৰি এখন ধৰমশালাত সোমালগৈ। চাৰিদিনীয়া যাত্ৰাই তেওঁলোকক ভাগৰাই তুলিছে, আজিহে ভালকৈ শুব পৰা যাব। ইয়াত তিনিদিন আৰাম কৰিব লাগিব।

চেঙেলীয়াকেইটাৰ কিন্তু দুখ ভাগৰ নাই। সিহঁত লগে লগে কাঠমাণ্ডু চাবলৈ ওলাল, পশুপতি মন্দিৰৰ সমূখত ধুনীয়া সাজপাৰ কৰা ছোৱালীবোৰ চাই চাই হেঁপাহেই নপলায়।

: আস্ গোটই জীৱন যদি এনেকৈ বহি থাকিবপৰা গ’লহেতেন! — চাধা মোহাৰি মোহাৰি ধ্ৰুৱই ভাৱিলে।

কেইজনমান বয়সীয়া লোকে আকৌ ‘বৰ গা বিষাইছে’ বুলি কৈ চিধাই ‘থামেল’ নামৰ ঠাইডোখৰলৈ আগবাঢ়িল। মালিচ নল’লে যেন তেওঁলোক বাচি নেথাকিবই!!

মহিলাসকলে গা পাই ধুই শোৱাৰ যোগাৰ কৰিলে, ৰীতুপৰ্ণাৰহে চকুত টোপনি নাই! ইফালে-সিফালে চাই উৎসুক হৈ থকা দেখা গ’ল।

মুচাংজই ধ্ৰুবলৈ ফোন লগালে,

: নোৱাৰিছোঁ আৰু, তামাম ভাগৰ লাগিছে, গাও বিষাইছে। চা চোন কিবা এটা লৈ আহ। তঁহত গোটইগালে খাই আহিছ, মোৰ কি মন নেযায় নেকি? গাহৰি ফ্ৰাই পাৱ যদিও চাবিচোন।

মৌচুমী দাসে ঘুৰি গৈয়ে ‘নেপালী মহিলাসকলৰ সামাজিক সমস্যা আৰু শিক্ষা সচেতনতা’ৰ ওপৰত এটা প্ৰৱন্ধ লিখিব বুলি আগতেই ভাৱি আছিল। তাই দুই এজনী স্থানীয় মহিলাৰ লগত কথা পতাৰ চেষ্টা কৰিলে।

*****

তিনিদিন পাৰ হ’ল, সকলো সতেজ হৈ পৰিল। আজি পূৱা তেওঁলোক কাঠমাণ্ডু বিমান বন্দৰৰপৰা ‘লুকলা’লৈ যাত্ৰা কৰিব। এভাৰেষ্ট অভিযানৰ এয়ে প্ৰথম ঢাপ।

লুকলা এখন পাহাৰীয়া গাওঁ, কিন্তু দৰকাৰী কথা হ’ল, তাত এটা এয়াৰপৰ্ট আছে। কাঠমাণ্ডুৰপৰা লুকলালৈ প্লেনেৰে আহিবলৈ মাত্ৰ ছল্লিশ মিনিট লাগে। আকৌ আন উপায়েৰে আহিব খুজিলে কাঠমাণ্ডুৰপৰা ‘জিৰি’ নামৰ ঠাইলৈ বাছেৰে আহি তাৰ পাছত সাত আঠদিন খোজ কাঢ়িব লাগে।

লুকলালৈ সৰু সৰু বিমানহে যাব পাৰে, মাত্ৰ ২৫ জনকৈহে যাত্ৰী ধৰে। গতিকে কেইবাটাও ট্ৰিপ মৰা হ’ব। পৃথিৱীৰ উচ্চতম বিমান বন্দৰ লুকলালৈ কাঠমাণ্ডুৰপৰা বিমানেৰে বেছি সময় নেলাগে, কিন্তু বতৰ বেয়া হ’লে ফ্লাইট কেনচেল কৰা হয়। আৰু বতৰ প্ৰায়ে বেয়া হৈ থাকে।

পিছে তেওঁলোকৰ ভাগ্য সুপ্ৰসন্ন আছিল, সেইদিনা বাহিৰত উজ্জ্বল ৰ’দ। সকলো সোনকালেই ওলাই ত্ৰিভুৱন ইণ্টাৰনেচনেল এয়াৰপৰ্ট পালেগৈ। অত্যাধুনিক এয়াৰ পৰ্টটোত আজিকালি ব্যস্ততা বৰ বাঢ়িছে। সোনকালেই ছেক্ ইন কৰি তেওঁলোকে বিমানলৈ অপেক্ষা কৰি থাকিল।

Buddha Air ৰ দুখন Twin Otter তেওঁলোকৰ বাবে বুক কৰা হৈছিল, এখনে চাৰিটাকৈ ট্ৰিপ মাৰিব।

টুইন অটাৰ প্লেনখন একেবাৰে সৰু, দেখিলেই মৰম লগা। চাপৰিহে সোমাব লাগে। এয়াৰহোষ্টেছজনীও কুঁজা হৈহে অহাযোৱা কৰে। ককপিটতো দুৱাৰ চুৱাৰ নাই, গোটেইখন ধোবাং বাং।

সি যি কি নহওক, পুৱা চাৰে ন বজাত ফটাঢুলীয়াসকলৰ প্ৰথম বেটচটো লৈ এখন এৰোপ্লেন উৰা মাৰিলে। কেইজনমানৰ আকৌ এইটো প্ৰথম বিমান যাত্ৰা। তাতে মানুহ বেছি হোৱাৰ বাবে দুই এজন Aisle টোতে মুঢ়া পাতি বহিব লগা হ’ল, চীট বেল্টৰ সলনি নাৰিকলৰ ৰচীৰে তেওঁলোকক কাষৰ ছিটকেইটাত আঁটি আঁটি বান্ধি দিয়া হ’ল, লৰচৰ কৰিব নোৱাৰাকৈ।

যাজ্ঞ্যক মণীষাৰ ছিটটোত বান্ধি দিয়া বাবে ধ্ৰুৱৰ অলপ খং উঠিল। কিন্তু পিছ মুহুৰ্ততে ভাৱিলে, যাজ্ঞ্যক চোৰ বন্ধাদি যি বান্ধোন দিয়া হৈছে, সি আঙুলি এটাও লৰচৰ কৰিব নোৱাৰে। গতিকে বিশেষ বিপদ নাই।

টুইন অ’টাৰখন শুকুলা মেঘৰ ওপৰলৈ উঠিল। তেতিয়াহে ৰাইজে অলপ বাহিৰলৈ চালে। প্লেনখন বৰফে আবৰা পৰ্বতবোৰৰ মাজে মাজে উৰিছে। পৰ্বতবোৰ ওখ হৈ হৈ এসময়ত অদৃশ্য হৈ গৈছে। ভয়ংকৰ দৃশ্য, গা শিয়ৰি উঠে।

: আমি সেই আকাশলংঘী পৰ্বতবোৰৰ সকলোতকৈ ওখটোতে উঠিম।

ইৰাণীয়ে সকলোকে জনালে। কথাটো শুনিও কিন্তু কাৰো বিশ্বাস কৰিবলৈ মন নগ’ল। এনেই প্লেনখন ভূমিকম্পত কঁপা দি কঁপি আছে, তাতে আকৌ এই ভয়ংকৰ কথাবোৰ কেনেকৈ ভাবিব পাৰি? ইষ্টদেৱতাৰ নাম লৈ সকলোৱে ছিটবোৰত খামুচি ধৰি থাকিল।

যাজ্ঞ্যৰ নিজকে গব্বৰ সিঙে বান্ধি থোৱা ‘বীৰু’ যেন লাগিল। মণীষাই ভয় খাইছে আৰু সি একো কৰিব নোৱাৰে। চকুৰ ইংগিতেৰে সি বুজাব চেষ্টা কৰি আছে – মই আছো, একো নহয়। হ’লেও দুইটাৰে একলগে হ’ব, আমাৰ প্ৰেম অমৰ হ’ব।

মণীষাৰ সেইবোৰলৈ মনকাণ নাই, তাই ভাবি আছে এনে সময়ত কি কৰিব লাগে, মগজেও কাম নকৰা হৈছে। হঠাত কিবা এটা মনত পৰাৰ দৰে তাই গাবলৈ ধৰিলে,

“জয় হনুমান জ্ঞান গুণ সাগৰ,
জয় কপিস তিনো লোক উজাগৰ,
ৰাম দূত অতুলিত বল ধামা,
অঞ্জনি পুত্ৰ পৱন সুত নামা,
মহাবীৰ বিক্ৰম জয় বজৰংগী,
কুমতি নিবাৰ সুমতি কে সংগী। …………..”

মনী‍ষাই হনুমান চালিছা গোৱা শুনি সকলোৱে তাইৰ ফালে ঘুৰি চালে, আৰু লাহে লাহে সকলোৱে তাত যোগ দিলে। সৰু বিমানখন হনুমান বন্দনাৰে মুখৰিত হৈ উঠিল।

বিমানখন হালি জালি গৈ আছে, মাজে মাজে ঘপকৈ বহুত তললৈ নামি যায়। মানুহবোৰে চিঞৰি উঠে। ইমান বিপদজনক যাত্ৰাতো কিন্তু পাইলটজনৰ ভাৱান্তৰ নাই, এবাৰ কফি খায়, নিউজ পেপাৰ পঢ়ে, এবাৰ এয়াৰহোষ্টেছগৰাকীক কিবা এটা কয়, তাই হাঁহি হাঁহি কৃত্ৰিম অভিমান কৰি আঁতৰি আহে। মাজে মাজে তাই পাইলটৰ কান্ধ পিটিকি দিয়ে, পিঠিতে বাগৰি পৰে।

: এই জহনীতযোৱাকেইটাই কেলি কৰিবলৈ সময় নেপালে আৰু! এইফালে মানুহখিনিৰ ভয়ত অৱস্থা নাই। সিহঁতৰ খিকিন্দালি চোৱা। উজান বজাৰত হ’ব লাগিছিল, প্লেন ৰখাই দুইটাকে দুচৰ দিলোহেঁতেন।

— এগৰাকীয়ে চোবাই চোবাই কোৱাদি ক’লে।

হঠাত তেওঁলোকে পাহাৰৰ শীৰ্ষত পকা ৰাষ্টাৰ দৰে কিবা এটা দেখা পালে। পাইলটেও খিকিন্দালি সামৰি জয়ষ্টিকডাল খামুছি ধৰিলে। সকলোৱে বুজি পালে সেয়া – টেনজিং হিলাৰী এয়াৰপৰ্ট, লুকলা। বিশ্বৰ সকলোতকৈ উচ্চস্থানত থকা বিমানবন্দৰবোৰৰ এটা। এই অঞ্চলত এয়াৰপৰ্ট সাজিব পাৰি বুলি কোনেও কল্পনাই কৰিব পৰা নাছিল। প্ৰথম এভাৰেষ্ট বিজয়ী এডমাণ্ড হিলাৰীয়ে কিবা এটা অদ্ভুত পৰিকল্পনা কৰিলে, তেওঁৰে ব্যক্তিগত উদ্যোগত পৃথিৱীৰ এই সকলোতকৈ বিপদজনক এয়াৰপৰ্টটো গঢ়ি উঠিল। লুকলাই আজিকালি সকলো এভাৰেষ্ট আৰোহীৰ বাবে গেটৱে’।

লুকলা এয়াৰপৰ্টটো একেবাৰে সৰু, পাহাৰ শিখৰত থকা এয়াৰপৰ্টটোৰ এফালে থিয় গড়া, আনফালে দেৱালৰ দৰে এখন পাহাৰ। গতিকে ইয়াত উঠা নমা কৰিবৰ বাবে এৰোপ্লেন বিলাকত STOL (ছৰ্ট টেক অফ এণ্ড লেণ্ডিং) ব্যৱস্থা থকা প্ৰয়োজনীয়। ইয়াৰ ৰানৱেটোৰ দৈৰ্ঘ্য মাত্ৰ ৪৫০ মিটাৰ, গতিকে ইয়াত বয়িং, এয়াৰ বাছ আদি ডাঙৰ প্লেন নামিব নোৱাৰে। আৰু লেণ্ডিঙৰ পাছত প্লেনৰ গতিবেগ কমাবলৈ ৰানৱেটো ১২° কোণত ক্ৰমান্বয়ে ওখ কৰি নিয়া হৈছে।

প্লেনখনে টাচ্চডাউন কৰাৰ লগে লগে পাইলটে একেলগে সকলো ইমাৰজেন্সি ষ্ট’প মেকানিজম এপ্লাই কৰি দিলে, সেয়াই নিয়ম। নহ’লে প্লেনখনে সিপাৰৰ দেৱালৰ দৰে পাহাৰটোত খুন্দা মাৰিবগৈ। টাচ্চডাউনৰপৰা টেক্সি কৰালৈকে কোনেও উশাহ নল’লেই বুলি ক’ব পাৰি। শেষত যেনিবা প্লেনখন কেনেবাকৈ ৰ’লগৈ। সকলোৱে মনে মনে ভগৱানক ধন্যবাদ জনালে।

বয় বস্তুৰে সৈতে সকলো নামি আহিল। লুকলা এখন সৰু গাওঁ, ইয়াত হোটেল আদি নাই, কিছুমান সৰু সৰু পাণদোকানৰ দৰে ঘৰ আছে – সেইবোৰক ‘কফি হাউচ’ বুলি কোৱা হয়। এনেকুৱা কেইবাটাও ‘কফি হাউচ’তে ৰাইজৰ থকাৰ ব্যৱস্থা কৰা হৈছে।

সন্ধিয়ালৈকে সকলো ফটাঢুলীয়া আহি লুকলা পালেহি। এতিয়া অলপ এক্লেমেটাইজ কৰিব লাগিব। সকলো খোজ কাঢ়ি ফুৰিবলৈ ওলাই গ’ল।
সন্ধিয়া আকৌ মুখিয়ালৰ লগত মেল বহিল। হেমন্তদাই নিজৰ স্বভাৱ সিদ্ধ গাম্ভীৰ্যৰে আৰম্ভ কৰিলে।

: ইয়াৰপৰাই আমাৰ আচল অভিযান আৰম্ভ হ’ব। গতিকে আপোনালোক মানসিক ভাৱে সাজু হওক। কাৰোবাৰ যাবলৈ ইচ্ছা নাই যদি এতিয়াও কওক, তেওঁক ঘুৰাই পঠোৱাৰ ব্যৱস্থা কৰা হ’ব। সকলোৱে কেপ্টেইন ইৰাণী আৰু শ্বেৰ্পাসকলৰ কথামতে চলিব লাগিব। ইয়াৰ পাছত পদে পদে বিপদ, সাৱধান হৈ থাকিব। কোনেও বেছি এডভেন্সাৰ নকৰিব। কথা বতৰা পাতি নিজৰ শক্তি ক্ষয় নকৰিব। ভগৱান আৰু গুৰুৰ ওপৰত ভৰষা ৰাখিব।

: কিন্তু আমি যাম কিহত? ইয়াত দেখোন একো গাড়ী চাৰি দেখা নাই, ৰিক্সাও নাই – সেয়া অনামিকাৰ উৎকণ্ঠিত মাত।

: ইয়াৰপৰা আমি খোজকাঢ়ি যাব লাগিব, নেজানা নেকি? – ইৰাণীৰ অলপ খঙেই উঠিল।

: খোজকাঢ়ি? মই নোৱাৰোঁ দেই। হে ৰাম, ইমান দূৰ আহি এতিয়া খোজকাঢ়িবহে লাগিব?

: হয় হয়! নোৱাৰোঁ আমি খোজকাঢ়িব। আমাক কিবা বেলেগ ব্যৱস্থা কৰি দিয়ক। আমি জানো নহয়, ইয়াত ঘোঁৰা পোৱা যায়। যোৱাবাৰ আমি বৈষ্ণোদেৱীলৈ যাওতেও ঘোঁৰাত গৈছিলোঁ। আৰু সেইকেইটাক কৈ দিব, ঘোঁৰা একেবাৰ এভাৰেষ্ট শৃংগলৈকে যাব লাগিব। যি পইচা লাগে আমি দিম। — কেইবাগৰাকীও মহিলাই অনামিকাক সমৰ্থন কৰিলে।

মুখিয়াল আৰু বাকীসকলে গম পালে, এওঁলোকক বুজাই লাভ নাই। তেওঁলোকে আঁতৰি গৈ শ্বেৰ্পাকেইজনৰ লগত কিবা আলোচনা কৰিলে। কমচে কম ‘নামচে বজাৰ’লৈকে ঘোঁৰা বা খচ্ছৰৰ ব্যৱস্থা কৰিব লাগিব। তাৰ পাছত যি হয় হ’ব।

বহু বিচাৰ খোছাৰ কৰাৰ পাছত কেইটামান ‘য়াক’ পোৱা গ’ল। হেলিকপ্টাৰৰ কথাও ভৱা হৈছিল, কিন্তু লাহে লাহে এনেকৈ গ’লে এক্লেমেটাইজ হ’ব, হেলিকপ্টাৰত গ’লে নামচে বজাৰত গৈ হাই অলটিটিউড চিকনেছ হ’ব পাৰে। লগতে খৰছাও বহুত বাঢ়িব।

পিছদিনা ৰাতিপূৱা যিমান পাৰি সোনকালে যাত্ৰা আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হ’ল।

(আগলৈ)

বি. দ্ৰ.: ব্যংগৰ খাতিৰত তথ্যৰ কিছু এৰাধৰা কৰিব লগা হৈছে, আগলৈয়ো হৈ থাকিব। তাৰ বাবে আগতীয়াকৈ ক্ষমা খুজিলোঁ।

☆★☆★☆

4 Comments

Leave a Reply

Your email address will not be published.