ফটাঢোল

মানুহ মৰে কৈ – ৰঞ্জু হালৈ মুনি

কথাতে কয় বোলে, “মানুহ মৰে কৈ, সেই পখী মৰে ৰৈ।” আপোনালোকে হয়তো ভাবিছে কি বলকি আছোঁ।আজি মই ক’ত কেনেদৰে কৈ মৰিলোঁ তাকেই আপোনালোকৰ আগত কম বুলি ভাবিছোঁ।
নতুনকৈ ফেচবুক খুলিছোঁ। নেট পেক নহ’লে ৱাই -ফাই লৈ হ’লেও ফেচবুক চলাওঁ। দিনটো এটা চকু ফেচবুকতেই থাকে। এফালৰ পৰা যাকেই দেখিছোঁ তাকেই ফ্ৰেন্দ ৰিকুৱেষ্ট পঠাই গৈছোঁ। ইফালে লাইক কমেণ্টৰ কথা নকলোৱেই যেনিবা। ইমান হেঁ‌পাহেৰে ফেচবুকত ফটো কপি দিছে। লাইক কমেণ্ট নকৰিলে বেয়া পাব। নিজৰো সন্মানৰ কথা এটা আছে দিয়কচোন। দেখাত শকত-আবত গৰাকীক মৰমতে বা বুলি মাতষাৰ দিওঁ। মই ভাবি আছোঁ মোকো কিজানি ভণ্টি ধন্যবাদ বুলি ক’ব। কিন্তু ই কি মোক দেখোন উৰাই ঘূৰাই গালি পাৰিছে!
: আপোনাতকৈ মই বয়সত সৰু হ’ম৷ মই আকৌ চেঙেলীয়াকেইটাৰ পৰা বাচিবলৈ নিজৰ বয়সটো বঢ়াই থৈছোঁ। সেয়েহে তেওঁলোকে মোৰ বয়স বেছি বুলি ভাবিছিল। আমাৰ বয়স ইমানহে। আমাক বা বুলি নামাতিব।
গোটেই একেবাৰে বয়সৰ চাৰ্টিফিকেটখন দি গ’ল। আই চিকোহো। সেইভাগে তাপ মাৰি থাকিলোঁ। আক -তাক সুধি পিছতহে গম পালোঁ ফেচবুকৰ বোলে কমন শব্দ হ’ল ডিয়েৰ। ডিয়েৰ বুলি ক’লে সাত খুন মাফ৷ এইখন আই কিবা আজৱ পৃথিৱী। আও ভাও নাপাং আই।
কেইদিন মান আগতে মোক কোনোবাই লিপষ্টিক -কাজল গ্ৰুপ এটাত এদ কৰি দিলে। মোৰো বৰ ফুৰ্তি। লিপষ্টিক কাজলবোৰ চাই গৈছোঁ। উই মা কি ধুনীয়া!ভাবিলোঁ গ্ৰুপটোত আছোঁ যিহেতু অৰ্ডাৰ এটাকে দি দিওঁ। অৰ্ডাৰ নিদিলে আকৌ বেয়া পাবও পাৰে। মই বোলো,
: কাজল এডাল লাগিছিল পামনে?
তেওঁলোকে বোলে,
: এডাল কাজল নাপায়। ল’লে একডজন ল’ব লাগিব।
মই ক’লোঁ,
: মোৰ নিজৰ দেহৰ বৰণেই এঙাৰ কলীয়া। এক ডজন কাজল লৈ কি কৰোঁ।
আই আপোনালোকক কৈছোঁঁ নহয় কাজলেৰে টঙনিয়াইছে মোক। খেদি খেদি উলিয়াই দিলে৷ সেইদিনা চাব দেই মই কৈ কেনেকৈ মৰিলোঁ। আমাৰ স্কুলখনৰ ওচৰতে এডৰা ধান খেতি আছে। লহপহকৈ বাঢ়ি আহিছে ধানখিনি। সদায় সদায় তিনিটা মান গৰু ওচৰতে এৰাল দি থৈ দিয়ে। পোৱালিবোৰে ধান খায় থাকে। মায়ে কৈছে এনেকৈ ধান খায় থকা দেখিলে  বোলে খেদিব লাগে। সেয়েহে সদায় খেদোঁ। সেইদিনা গৰুকেইটাৰ গৰাকীয়ে এৰাল দিব ধৰিছে। ময়ো সেইখিনি সময়তে গৈ পাইছোঁ। চিধাই পথাৰলৈ নামি গৈছোঁ।
: আপুনি সদায় সদায় এনেকৈ গৰুকেইটাক কিয় ধান খাবলৈ দিয়ে। এইটো কিন্তু আপুনি বৰ বেয়া কাম কৰিছে।
লগে লগে মোলৈ যিটোহে চোচা ল’লে ঔ আই। বোলে,
: খেতিও আমাৰ গৰুও আমাৰ।
পিছলৈ নোচোৱাকৈ দৌৰিহে ৰক্ষা। নহ’লে গৰুৰে সৈতে মোকে এৰাল দিলে হয়। নাযাং আই গৰু খেদবা৷
আমাৰ গাঁঁৱৰ ল’ৰাকেইটা কেনেকৈ মৰিল চাব। আমাৰ গাঁঁৱৰ এজন মানুহৰ নাম কুশল। প্ৰত্যেকবাৰ মহোহো খেদিবলৈ অহা ল’ৰাকেইটাৰ মানুহঘৰৰ পদূলিমুখ পালে চাউণ্ড আপোনা আপুনি বাঢ়ে। বোলে ভাল হওক কুশল হওক, কুশলৰ কুশল হওক। ভঁ‌ৰালৰ ধান বাঢ়িব বুলি ক’ব লাগে, তাতো ভঁ‌ৰালৰ ধান কুশল হওক। একেবাৰে গৰু -ছাগলীৰ পৰা আদি কৰি কুকুৰ -মেকুৰীকেইটালৈ কুশল হ’বলৈ আশীৰ্বাদ দিয়ে। ইফালে কুশলে কুশলৰ উৎপাতত কোনোবা পিৰালিৰ চুকত তাপ মাৰি থাকে। সেইবাৰ কুশলে কৰিলে কি এবাঁহ আমৰলি দিনতেই আনি থৈ দিলে। আজি কুশল হ’ব ক’লে ইহঁতক বিহু দেখুৱাম। কথামতেই কাম। গোটেইবোৰ ল’ৰাই কুশল হওক গাই থাকোঁতে আমৰলিখিনি আনি লাহে লাহে ভৰিৰ কাষত এৰি দিলে। অলপ পিছতে ল’ৰাবোৰে কুশল গাবলৈ এৰি ভৰিবোৰ খজুৱাব ধৰিছে। কু..খ..ল হক। আইয়া! কুশল হক। আইয়ু! একেবাৰে দেদাউৰি পাৰি দৌৰিছে সিহঁ‌তে। আগে আগে সিহঁ‌তে দৌৰে পিছে পিছে কুশলে দৌৰে। ঐ আহ মোৰ কুশল অলপ কম হ’ব এইবাৰ।আৰু অলপ কুশল দি যাহি। ল’ৰাকেইটাই সেই ৰাতি ৰাজহুৱা পুখুৰীত জাঁপ দিহে ৰক্ষা।
শেহতীয়াকৈ মই ক’ত মৰিলোঁ চাব দেই। ৰঙালী বিহুৰ ফটো প্ৰতিযোগিতা পাতিছে। ধুনীয়া ধুনীয়া ল’ৰা-ছোৱালীবোৰে প্ৰতিযোগিতাত ভাগ লৈছে। “আদাক দেখি উঠিল গা, কেটুৰীয়ে বোলে মোকো খা।” ভাগ ল’লোঁ ফটো প্ৰতিযোগিতাত। সকলোকে কৈছোঁ বোলো মোৰ ফটোতও লাইক শ্বেয়াৰ কৰি দিব।আপোনালোকক কৈছোঁঁ নহয় জীৱনত প্ৰথমবাৰৰ বাবে ল’ৰাৰ পৰা ব্লক খাইছোঁ। কিমানৰ যে গালি খালোঁ হিচাব নাই। ইতাৰ পৰা আৰ কাকো আকো নকং।
ৰাজনৈতিক ভাৱে মই ক’ত কি কৈ মৰিলোঁ চাব দেই।এবাৰ এখন মিটিংলৈ গৈছোঁ। মোক এটা নাম প্ৰস্তাৱ কৰিবলৈ দিছে। আয়ো আপ্নালোকোক কৈছু হন্ত দন্ত হৈ ঠিয় দি নামটো কৈ দিলোঁ। নিজকে কিবা ডাঙৰ মানুহ যেন ফিল হৈছে। মই নামটো কৈ ঘৰ পালোঁ কি নাই কাষৰ ঘৰৰ সকলো আহি মোক ধৰি বান্ধি নিবকৈ সাজু হৈ আছে। কাৰণ তেওঁলোকৰ হ’বলগীয়া চাকৰিটো বোলে মই নামটো কৈ দিয়াৰ বাবে নহ’ল।দিলোঁ দৌৰ মিটিঙৰ মেইন মানুহজনৰ ঘৰলৈ৷ এফালৰ পৰা পৃথিৱীৰ যিমানবোৰ উপাধি আছে সেই উপাধিবোৰ গাই গৈছোঁঁ৷ ইয়াৰে যিকোনো এটা মোৰ নামটোৰ পিছফালে লগাই দিয়ক। কেৱল মোৰ উপাধিটো সলনি হ’ব লাগে। কৈ আছোঁ ভাবি আছোঁ, মোৰ কথাৰ ইমান পাৱাৰ নে? হ’বলগীয়া চাকৰি এটা নোহোৱা হৈ গ’ল। সেই তেতিয়াৰ পৰাই কাকো আকো নকং।
এবাৰ চাব দেই আমাৰ এডৰা সৰিয়হ খেতি কৰিছে। আমি মানে বৰদেউতাহঁ‌তৰ বাইদেউ আৰু মোক দায়িত্ব দিলে খেতিডৰা চোৱাৰ। দুয়োজনীয়ে গৈ গছৰ ছাঁ‌ত বহি বগৰী খায় খায় ৰখি আছোঁ। আহিল নহয় কাষৰ ঘৰৰ ছাগলী দুটা। ইমান খেদিছোঁ নাযায়হে নাযায়।শেষত ছাগলী দুটা ধৰি নি গৰু -ছাগলীৰ হাজোতত থৈ আহিলোঁ। দুটা ছাগলীত দুটকাকৈ চাৰিটকা পালোঁ।দুয়োজনীয়ে চানা ভাজা খালোঁ। তেতিয়াহে মোৰ মনলৈ আহিল কথাটো। আমি যে ছাগলী দুটা হাজোতত থলো গৃহস্থই কেনেকৈ গম পাব। সেয়েহে গৈ গৃহস্থক সকলো কথা কৈ শেষ কৰিবলৈকে নাপালোঁ মানুহঘৰৰ মাইকী মানুহজনীয়ে বাঢ়নীটাৰ লৈ খেদি আহিছে। কোনোমতে জীৱটো লৈ দৌৰি আহি ঘৰ সোমাই আঁঠুৱাৰ তলত লুকাইহে ৰক্ষা। ভাগ্যে আঁ‌ঠুৱাখন দাঙি নাচালে বুলিহে।সেই তিত্তেৰ পৰা কাকো আকো নকং।
☆★☆★☆

Leave a Reply

Your email address will not be published.