ফটাঢোল

মানুহ হোৱাৰ গৌৰৱ – অগ্নিভ দত্ত

আজিৰ পৰা ৩ বছৰমান আগতে এখন হিন্দী চিনেমা চাইছিলোঁ, “মাঝি – ডা মাউন্টেইন মেন”৷ দশৰথ মাঝি নামৰ বিহাৰৰ এজন বনুৱাৰ জীৱনৰ ওপৰত আধাৰিত আছিল চিনেমাখন ৷ মাঝিৰ পত্নীৰ এটা দুৰ্ঘটনা হয়, দুৰ্ঘটনাৰ পাছত পত্নীক উপযুক্ত চিকিৎসা সঠিক সময়ত দিব নোৱাৰাৰ কাৰণে পত্নী গৰাকীৰ মৃত্যু হয় ৷ মাঝিহঁতৰ গাঁৱৰ পৰা আনফালে থকা চিকিৎসালয়লৈ যাবলৈ এখন পাহাৰ অতিক্ৰম কৰিব লাগে, য’ত কোনো সঠিক ৰাস্তা পদূলি নাই৷ সেই ৰাস্তা নোহোৱাৰ কাৰণেই পত্নীক চিকিৎসা দিয়াবলৈ অক্ষম হৈ পৰিছিল মাঝি৷

পত্নীক অকালতে হেৰুৱাই মানুহজন ভাগি পৰিল৷ কিন্তু মানুহজনে লগতে এটা সিদ্ধান্ত ল’লে, যিটো পাহাৰৰ কাৰণে মানুহজনৰ পত্নীৰ জীৱন গ’ল, সেই পাহাৰটোৰ অভিমান ভাঙি চুৰমাৰ কৰাৰ শপত ল’লে৷ নিতৌ ৰাতিপুৱাই ওলাই যায় পাহাৰটোলৈ হাতত এটা হাতুৰী আৰু এডাল চিজ’ল লৈ৷ তাৰেই পাহাৰৰ দৰ্পচূৰ্ণ কৰিবলৈ পাহাৰৰ বুকুত আঘাট সানে৷ দিন যায় ৰাতি যায়, এনেকৈয়ে মানুহজনে পাহাৰ ভঙাত লাগি থাকে ৰাতিপুৱাৰ পৰা গধূলিলৈ৷ গাঁৱৰ মানুহৰ কাৰণে দশৰথ মাঝি এজন পাগল৷ কিন্তু মাঝিৰ সেইবোৰ শুনিবলৈ বা চাবলৈ গৰজ নপৰে কাৰণ সেই পাহাৰৰ অভিমান ভাঙিবলৈ যে অঙ্গীকাৰবদ্ধ হৈছে তেঁও৷ এনেকৈ দিন ৰাতি বাগৰি যায়৷ বছৰ পাৰ হৈ যায়৷ নাই মাঝি কোনো দিন থমকি নৰয়৷

এটা নহয় দুটা নহয় ২১ টা বছৰ বাগৰি গ’ল, নাই ক্ষান্ত নহয় দশৰথ মাঝি! পাহাৰৰ বুকু খান্দি প্ৰায় ৩৬০ ফুট দীঘল, ২৫ ফুট দ আৰু ৩০ ফুট বহল এটা ৰাস্তা তৈয়াৰ কৰি উলিয়ালে ২২ বছৰৰ পাছত৷ কি এক অদ্ভুত বিশ্বাস নিজৰ ওপৰত৷ কি এক উদ্মাদনা! ২২ বছৰ ধৰি পাহাৰৰ বুকু ভেদি সাজি উলিয়ালে সেই ৰাস্তা, পাহাৰৰ অভিমান,দৰ্প কৰবালৈ দলিয়াই দি৷ অদম্য সাহস আৰু নিজৰ ওপৰত থকা বিশ্বাসে এটা সময়ত কি ৰূপ ল’ব পাৰে তাৰেই যেন উদাহৰণ এই দশৰথ মাঝি৷

ঠিক সেইদৰেই আমাৰ অতি মৰমৰ আৰু শ্ৰদ্ধাৰ যাদৱ পায়েংৰ কথাও তেনেকুৱাই৷ যাদৱ পায়েঙে অকলেই একক প্ৰচেষ্টাৰে গঢ়ি তুলিছে ৫০০ হেক্টৰৰ এক বিশাল অভয়াৰণ্য৷ নাম মলয় অভয়াৰণ্য ৷ এইয়া এদিন দুদিনত হোৱা নাছিল৷ আনকি এবছৰ দুবছৰটো হোৱা নাছিল৷ এইটো কৰিবলৈ পায়েঙক লাগিছিল ৩০ টা বছৰৰো অধিককাল সময়৷ ১৯৭৯ চনৰ পৰা এই প্ৰক্ৰিয়াটোত জড়িত হৈ পৰিছিল৷ ভাৰত চৰকাৰে পদ্মশ্ৰীৰে সন্মানিত কৰিছে পায়েং ডাঙৰীয়াক৷ আনকি বিশ্বৰ বিভিন্ন সংস্থা আদিয়েও পায়েঙলৈ সন্মান যাচিছে৷ পায়েঙৰ ওপৰত ডকুমেণ্টৰিও বনোৱা হৈছে৷

আজি কিছুদিনৰ আগতে নয়ন মানে নয়ন দেৱ চৌধুৰীয়ে লিখিছিল দাৰিপল্লি ৰামায়াঃ বুলি এজন মানুহৰ বিষয়ে৷ মানুহজন টেলেংগানাৰ৷ এইজন মানুহো তেখেতৰ নিজা কৰ্মৰাজীৰে জিলিকি উঠিছে৷ মানুহজনক বহুতে ভাবে পাগল বুলি৷ মানুহজনে কি কৰে জানে নে? মানুহজনে চাইকেল এখনত গছৰ পুলি লৈ ঘূৰি ফুৰে, গছৰ পুলি কেইডাল ৰুবলৈ ঠাই বিচাৰে৷ য’তেই দৰকাৰ যেন ভাবে তাতেই গছৰ পুলি কেইটা ৰুই দিয়ে৷ এনেকৈ তেখেতে কিমান গছপুলি ৰুলে জানে নে? কিবা সাধু যেন লাগিলেও তেখেতে আজি পৰ্য্যন্ত ১ কোটিতকৈও বেছি গছ ৰূপন কৰিছে৷ এক ভাবিব নোৱাৰা কথা আমাৰ দৰে সাধাৰণ মানুহবোৰৰ কাৰণে৷

ওপৰত উল্লেখ কৰা মানুহকেইজনৰ কথা যেতিয়া শুনিছিলোঁ আৰু শুনি হতবাক হৈ পৰিছিলোঁ, একো একোজন মানুহৰ নিজৰ ওপৰত থকা বিশ্বাস দেখি৷ নিজৰ ওপৰত কিমান বিশ্বাস থাকিলেহে এনেকৈ অকলেই যুঁজি যাব পাৰে সকলো পৰিস্থিতিত বাৰু! এইসকলৰ দৰে আশাবাদী মানুহেহে আমি বাস কৰা পৃথিৱীখন সুন্দৰ কৰিব পাৰে৷ এইসকলৰ প্ৰতি সদায় শ্ৰদ্ধাত মূৰ দোঁ খাই যায়৷

এই ব্যক্তিসকল যিদৰে আমাৰ দৰে মানুহৰ কাৰণে এক অনুপ্ৰেৰণাৰ উৎস ঠিক তেনেদৰে আন এখিনি মানুহ আছে সেইখিনিৰ কথা অকণমান পাতিবলৈ ওলাইছোঁ৷ এইবাৰ কৌন বনেগা কৌড়ৰপতি প্ৰগেমটোৰ এটা এপিচদ হয়তো বহুতেই চাইছিল৷ সেইটো এপিচদৰ এটা ভাগত আহিছিল “ৰবীন হুদ আৰ্মি” বুলি সংস্থা এটাৰ সহ-প্ৰতিস্থাপক নীল ঘোষ৷ কি এই ৰবীন হুদ আৰ্মি? ৰবীন হুদ আৰ্মি হ’ল একেবাৰ সাধাৰণ কথা ন’ ফাণ্ডিং NGO এটা৷ তেঁওলোকৰ উদেশ্য হ’ল ভোকাতুৰ সকলক মুখৰ আগত এসাজ ভাত তুলি দিয়া৷

নীল ঘোষ আৰু আনন্দ সিনহা বুলি দুজনে মিলি আৰম্ভ কৰিছিল এই ভোকাতুৰ সকলৰ কাৰণে কিবা এটা কৰাৰ প্ৰচেষ্টা ২০১৪ চনত৷ নিজৰ ঘৰৰ পৰা আৰম্ভ কৰিছিল এই কাম৷ লাহে লাহে প্ৰসাৰ আৰম্ভ হ’ল৷ ৰেষ্টুৰাঁ বিলাকত ৰৈ যোৱা অতিৰিক্ত খাদ্যবোৰ সংগ্ৰহ কৰি দিল্লীৰ বিভিন্ন অঞ্চলত ভোকত থকা মানুহৰ হাতত খাদ্য তুলি দিবলৈ সক্ষম হৈছিল৷ লাহে লাহে প্ৰসাৰ হোৱা ৰবীন হুদ আৰ্মিয়ে আজি প্ৰত্যেক মাহতেই প্ৰায় ৩ লাখ ভোকাতুৰ মানুহক খাদ্য তুলি দিয়ে৷ প্ৰায় ২০ হাজাৰমান স্বেচ্ছাসেৱক এই গোটেই প্ৰক্ৰিয়াটোত জড়িত৷ ৰবীন হুদ আৰ্মিয়ে অৱশ্যে পইচাৰ লেনদেন অকণো নকৰে গতিকে জিৰ’ ফাণ্ডিং অনুষ্ঠান৷ গতিকে বিত্তীয় খেলিমেলি আদিৰো সম্ভাৱনা একেবাৰে নথকাৰ দৰেই৷ এজন মানুহৰ চিন্তাই কি দৰে হাজাৰ হাজাৰজনক সেই কামত লগ লাগিবলৈ অনুপ্ৰাণিত কৰিব পাৰে তাৰ উদাহৰণ এই নীল ঘোষহঁতৰ দৰে মানুহবোৰ৷

যোৱা বছৰো কৌন বনেগা কৌড়ৰপতি প্ৰগেমটোলৈ আহিছিল আফৰ’জ শ্বাহ নামৰ এজন মুম্বাইকাৰ৷ মুম্বাই নিবাসী পেচাত অধিবক্তা আফৰ’জ শ্বাহে ২০১৫ চনৰ জুলাই মাহৰ কোনোবা এদিন ওচৰ চুবুৰীয়া হৰ্ষবংশ মাথুৰ নামৰ ৮৫ বছৰীয়া ব্যক্তিৰ লগ লাগি মুম্বাইৰ অতি লেতেৰা হৈ পৰা ভাৰচভা বীচ্চখনৰ পৰিষ্কাৰৰ কাম হাতত লৈছিল৷ দুজন মানুহে আৰম্ভ কৰা এটা সাধাৰণ আৰম্ভণিয়ে এক বিপ্লৱৰ ৰূপ ল’বলৈ সক্ষম হয় য’ত শ, শ ভলণ্টিয়াৰ আৰু অনেকে যোগদান কৰে৷ আৰু তাৰ ফলস্বৰূপে দুটা বছৰত ৭০০০ টন আবৰ্জনা আৰু প্লাষ্টিক ভাৰচভা বীচ্চৰ পৰা চফা কৰিবলৈ সক্ষম হৈছে৷

এই নীল ঘোষ, আনন্দ সিনহা, আফৰ’জ শ্বাহ আদিৰ দৰে মানুহবোৰ স্ব-প্ৰতিভাৰে আলোকিত হোৱাৰ উপৰিও সকলোৰে কাৰণে হয়তো প্ৰেৰণাৰ উৎস হৈ উঠিবগৈ পাৰে যাৰ ফলত তেখেতসকলে আৰম্ভ কৰা এটা প্ৰচেষ্টাক গণ ৰূপ দিবলৈ সক্ষম হয়গৈ৷ হয়তো ইয়াকেই কোৱা হয় লীডাৰশ্বীপ, যিটো হয়তো সকলোৰেই নাথাকে৷ দশৰথ মাঝি আদিয়ে হয়তো কেৱল নিজৰ ওপৰত বিশ্বাস ৰাখিছিল কিন্তু নিজৰ বিশ্বাসক গণ আন্দোলনৰ ৰূপ দিয়াবগৈ নোৱাৰিলে যাৰ ফলত এটা কামতেই নিজৰ সমস্ত দি দিব লগা হ’লগৈ৷ দুয়ো প্ৰকাৰৰ মানুহৰ ওপৰতেই আমাৰ অগাধ বিশ্বাস তথা তেখেতবিলাকলৈ অসীম শ্ৰদ্ধা আছে, কিন্তু পিছৰবিধে যেন সমাজ একোখনক সমানে আগুৱাই লৈ যাবলৈ উদ্বুদ্ধ কৰে৷ পিছৰ ভাগক সেই কাৰণে হয়তো অকণমান বেছি প্ৰেৰণাৰ উৎস বুলি ভাবোঁ৷

যি কি নহঁওক ওপৰত উল্লেখ কৰা মানুহসকল কেৱল একো একোটা উদাহৰণ নহয়, তেখেতবিলাক আচলতে বিৰাট প্ৰেৰণাৰ উৎস৷ কেৱল চৰকাৰে নকৰিলে, চৰকাৰে নকৰে, অমুকে নকৰে তামুকে নকৰে আদিৰ বাহানাৰে সময় কটোৱা আমিবোৰৰ বিপৰীতে এই ধৰণৰ মানুহবোৰ আচলতে হৈ পৰে জলন্ত প্ৰমাণ৷ মানুহ হিচাবে আমাৰ মাজত আচলতে কিমান শক্তি পুঞ্জীভূত হৈ থাকে যাক কেৱল একো একোটা ধনাত্মক কথাৰে কি লেভেললৈ লৈ যাব পৰা যায়! আশাবাদী মানুহেহে আমি বাস কৰা পৃথিৱীখন সুন্দৰ কৰিব পাৰে৷

☆★☆★☆

6 Comments

  • dhurjjati

    বঢ়িয়া আৰু লিখা আশা কৰিলো

    Reply
  • parishmita

    ভাল লাগিল।

    Reply
  • মিতু

    বহুত ধুনীয়া লাগিল।

    Reply
  • সদানন্দ ভূঞা

    সুন্দৰ লিখনি, পঢ়ি আপ্লুত হলো ।

    Reply
  • বৰ ভাল লগা বিষয় এটা পঢ়িবলৈ পালোঁ, ধন্যবাদ।

    Reply
  • জয়ন্ত দাস

    বৰ সুু্ন্দৰ লিখিছে৷

    Reply

Leave a Reply

Your email address will not be published.