ফটাঢোল

মাৰ্ঘেৰিটা পিজ্জা – হেমন্ত কাকতি

বিদেশ ভ্ৰমণ বুলি ক’লে শুনিবলৈ ভালেই লাগে৷ আপুনি তাত গৈ কি কি এনজয় কৰিব, কি পিন্ধিব, ক’ত ক’ত ফুৰিব, কোন হোটেলত থাকিব, চলাফুৰা কেনেকৈ কৰিব ইত্যাদি সকলো প্লেনিং স্বদেশত থাকোতেই সকলোৱে সাধাৰণতে কৰি পেলায়৷ তাতে আকৌ আমাৰ দৰে ‘অভাৰ স্মাৰ্ট’ জীয়েক-পুতেক-ঘৈণীয়েক থাকিলেতো আপোনাৰ পইচাকেইটা মানে ডলাৰখিনি খৰচ কৰিবলৈ উলিয়াই দিয়াৰ বাহিৰে বিশেষ কোনো কামেই নাইকিয়া হয়৷ আমাৰ ক্ষেত্ৰতো প্ৰায় তেনেকুৱাই হৈছিল৷

ইণ্ডোনেচিয়াৰ বালি নামৰ দ্বীপটোত ফুৰিবলৈ সমূহ পৰিয়াল লৈ গৈছিলোঁ যোৱা মে মাহত৷ আমি যোৱাৰ আগতে সকলো প্লেনিং কৰিয়েই গৈছিলোঁ যদিও ক’ত কি খাবলৈ পাম সেইটোহে প্লেনিঙৰ ভিতৰত নাছিল৷ ট্ৰেভেল এজেণ্টে খোৱাৰ কথা সুধিলেই কৈ থৈ দিছিল যে বহুত ইণ্ডিয়ান ৰেষ্টুৰেণ্ট পাব৷ চিন্তাই নাই। থকা হোটেলখনৰ আশে পাশে ঢেৰ ভাৰতীয় খানা পোৱা ৰেষ্টুৰেণ্ট আছে, চিন্তাই নকৰিব৷ ল’ৰা-ছোৱালী দুটাইও ‘খানা-পিনা’ৰ কথা পাহৰি, ফুৰাটো ‘মেইন’ হিচাবে লৈ যাত্ৰাত জোৰ দিছিল৷ মই খোৱাৰ কথা আলোচনা কৰিলেও ওলোটাই ‘দম’ খাওঁ বোলে মোৰ হেনো খালি খোৱাৰহে চিন্তা৷

মই অলপ ‘জ্ঞানী’ মানুহ যে, যোৱাৰ দিনা ঘৰত ডাইনিং টেবুলত ভাত সাজ লৈ বহোঁতে বুজি উঠিছিলোঁ যে এই মাছৰ টেঙাৰ জোল আৰু ভেন্দী ভাজীৰ লগত ‘লাখটকীয়া’ ভাতসাজ কিমান দিনলৈ যে ‘মিছ’ কৰিম তাৰ ঠিকনা নাই৷ সেয়ে ভ্ৰমণ আৰম্ভ হোৱাৰ আগে আগে যিমান পাৰো ‘ডবাই’ ভাতখিনি পেটত ঠেলি ঠেলি সুমুৱাবলৈ যত্ন কৰিছিলোঁ৷ বাকী আমাৰ ‘অজ্ঞানী’ ল’ৰা ছোৱালী আৰু মাকে মোৰ কথাত বিশেষ গুৰুত্ব নিদি ব্ৰেদ ভজা নে ৰুটি অলপ খায়েই ঠেং ডাঙি ডাঙি প্লেনত উঠিলগৈ৷

কলিকতা আন্তৰ্জাতিক বিমান বন্দৰৰ ভিতৰত কুৱালালামপুৰৰ বিমানৰ বাবে প্ৰায় দুঘণ্টা পৰ ৰ’বলগীয়া আছিল৷ তাতে আকৌ ডমেষ্টিক টাৰ্মিনেলৰপৰা ইণ্টাৰনেচনেললৈ গৈ চিকিউৰিটি আৰু ইমিগ্ৰেচন চেক পইণ্ট পাৰ কৰোতে এক দেৰ ঘণ্টা লাগেই৷ গতিকে ৰাতিৰ ইণ্টাৰনেচনেল ফ্লাইটৰ বাবে লাউঞ্জত ৰ’বলৈ আধাঘণ্টামানহে পাইছিলোঁ৷ সেইখিনি সময়তে কিবা সামান্য অলপ জুই ছাই দামত কিনি হ’লেও এয়াৰপৰ্টৰ ভিতৰতে খোৱা হ’ল৷

ৰাতিপুৱা মালয়েচিয়ান সময়মতে সাত বজাত কুৱালালামপুৰ বিমান বন্দৰ পালোগৈ৷ প্ৰায় দেৰ কিলোমিটাৰমান দৈৰ্ঘ্যৰ বিমান বন্দৰটোত নামিয়েই আকৌ দৌৰাদৌৰিৰ অন্ত নাই৷ অলপ ধতুৱা মানুহে এই বিশাল এয়াৰপোৰ্টটোৰ ভিতৰত ৰাস্তা হেৰুৱাই বেহুচেই হ’ব পাৰে৷ মালয়েচিয়ান ভিছা নহ’লে কোনেও এয়াৰপৰ্টৰ বাহিৰলৈও যাব নোৱাৰে৷ আমাৰ গন্তব্যস্থল আছিল ইণ্ডোনেচিয়া৷ গতিকে পুনৰ ইমিগ্ৰেচন আৰু চিকিউৰিটি চেকৰ লাইনত গৈ বোন্দাপৰ দিব লগা হ’ল৷ সুকলমে সকলো পাৰ কৰি অৱশেষত বালিলৈ যোৱা বিমান আড্ডাৰ লাউঞ্জ পালোহি৷ লাউঞ্জত অলপ বহাৰ পিছতে পুনৰ ভোকটোৱে উকমুকনি দি উঠিল৷ ফ্লাইটলৈ যথেষ্ট সময়ো নাছিল, সেয়ে ইহঁতক বহোৱাই থৈ মই পুনৰ খাদ্যৰ সন্ধানত ইফালে সিফালে দৌৰাদৌৰি কৰা আৰম্ভ কৰিলোঁ৷

লাউঞ্জৰ ওচৰে পাজৰে কেইবাখনো ৰেষ্টুৰেণ্ট আৰু কেফে দেখা পালো যদিও মেন্যুত থকা খাদ্যৰ তালিকাখনহে আচহুৱা লাগিল৷ প্ৰায়বোৰ আইটেমতে “বীফ” দেখি অলপ অস্বস্তিতো পৰিছিলোঁ৷ গুৱাহাটীৰ মেকডোনাল্ড, কে এফ চি, ডমিন’জ আদিত কেতিয়াবা কিবাকিবি খাই পাইছোঁ যদিও নামবোৰ কেতিয়াও মনত ৰাখিব পৰা নাই৷ সেয়ে চিধাই গৈ আমাৰ ‘অভাৰ স্মাৰ্ট’ ল’ৰা-ছোৱালীহালক মাতি লৈ আনিলোঁ৷ সিহঁত দুয়োটাইও মেন্যু চাই মুখ মেলি দিলে৷ একো এটা চিনাকী নামেই নাই৷ হঠাৎ “মাৰ্ঘেৰিটা পিজ্জা” বুলি নাম এটা পাই তাতে ৰৈ গ’লো৷ অলপ জমনি কৰিবলৈ ইহঁতক ক’লো বোলো এইটো আমাৰ মাৰ্ঘেৰিটাৰ লগত কিবা লিংক থাকিব পাৰে, এইটোকে লোৱা৷ প্ৰায় দহ মিনিটমান অপেক্ষাৰ পিচত অৰ্ডাৰটো আহিল৷ বস্তুটো পিজ্জাই আছিল৷ খালি ওপৰত বন্ধাকবি, তুলসী আৰু পালেঙৰ পাত এসোপা ছটিয়াই থৈছে৷ দেখি বৰ এটা বেয়া নেলাগিল পিচে৷ এসোপা মালয়েচিয়ান ৰিংগিট দি চাৰিজনে দুটা মাৰ্ঘেৰিটা পিজ্জা ভগাই খালোঁ৷ কোৱা বাহুল্য যে বহু চিন্তা ভাৱনা কৰিও এইভাগ পিজ্জাৰ লগত আমাৰ মাৰ্ঘেৰিটাৰ কোনো ‘লিংক’ বিচাৰি নেপালোঁ৷ খোৱা পৰ্ব সেইভাগেই সমাপ্ত কৰি গন্তব্যস্থল বালি অভিমুখে পুনৰ যাত্ৰা আৰম্ভ হ’ল৷

বালিত নামিয়েই পুনৰ ইমিগ্ৰেচন চেক পইণ্ট পাৰ হ’ব লাগে৷ তাত পুনৰ চিকিউৰিটি চেকত কঁকালৰ বেল্টডাল খুলিবলগীয়া হ’ল৷ সম্পুৰ্ণ ষোল ঘণ্টা পেটত ভাত পৰা নাই, গতিকে পেটৰ চাইজ সৰু হৈ গৈছে৷ বেল্টডাল খুলি বাস্কেট এটাত এক্স ৰে মেচিনৰ ফালে দি ঢিলা পেণ্টটো এখন হাতেৰে টানি অন্যখন হাতত পাচপ’ৰ্ট আৰু বৰ্ডিং পাচখন লৈ চিকিউৰিটি চেক পালোগৈ৷ চিকিউৰিটিৰ সন্মুখত দুয়োখন হাত দাঙিব লাগে৷ মই বুজি উঠিছিলোৱে যে হাত দাঙিলে পেণ্ট তললৈ সৰি পৰিব৷ চিকিউৰিটিজনক বুজাবলৈ চেষ্টা কৰিলোঁ, “মাই পেণ্ট ইজ লুজ উইডাউট ডা বেল্ট নাও, ইট মে ফল ডাউন!” কিন্তু চিকিউৰিটি নাচোৰবান্দা৷ হাত দাঙিবই লাগে৷

মই আৰু অলপ ইতঃস্তত কৰাত তাৰ সন্দেহ বেছিহে হ’ল৷ ইংৰাজীও ভালকৈ বুজি নেপায়৷ তেওঁৰ আওভাও দেখি চকুদুটা মুদি ভগৱানৰ নামলৈ দুয়ো হাত ওপৰলৈ দাঙি দিলোঁ৷ সেইজনে মেটেল ডিটেক্টৰটো লগাই দুই চেকেণ্ডমান খোচাখুচি কৰিবলৈ লৈছিলহে – পেণ্ট গৈ ধৰাশায়ী হৈ পৰিলেই৷ মোৰ পিছফালে থকা ফৰেইনাৰ দুজনমান ইফালে হাঁহিত ফাটি পৰিছে৷ মই অলপ কৃত্ৰিম খং দেখুৱাই তাক কলোঁ- আই টল্ড ইউ চ’, ফৰ লাষ্ট টু ডেইজ, আই হেভ নট হেড ৰাইচ ইউ ন’! চিকিউৰিটি অফিচাৰজনে মিচিকিয়া হাঁহি এটা মাৰি পাচপ’ৰ্টখনত ষ্টাম্প এটা মাৰি মোক ক’লে- “ৱেলকাম টু বালি ছাৰ!” মই মনতেহে বোলো কি পেণ্ট খুলি ৱেলকাম কৰিলি? ভাগ্যক্ৰমে এই সমস্ত প্ৰক্ৰিয়াটো মোৰ ল’ৰা ছোৱালী আৰু মানুহজনীয়ে নেদেখিলে৷

যি কি নহওক, বালিত নামি হোটেল পাওঁ মানে আমাৰ কমপ্লিমেনটাৰী ব্ৰেকফাষ্টৰ সময় পাৰ হৈ গৈছিল৷ ৰুমত সোমাই অলপ ফ্ৰেচ হৈয়েই এওঁক ক’লোঁ বোলো বাকী সব বাদ, কিবা খাবলৈ নেপালে মই ‘চেটেপ’ হ’ম এতিয়া৷ সোনকালে ৰেডী হোৱা। ক’ৰবাত ইণ্ডিয়ান ৰেষ্টুৰেণ্ট পাওঁ নেকি বিচাৰি যাওঁ৷ আগতে পেট পূজা, তাৰপিছত ফুৰাচকা৷

প্ৰায় আধাঘণ্টা বিচাৰি বিচাৰি এখন ইণ্ডিয়ান ৰেষ্টুৰেণ্ট পালোগৈ৷ পিচে “চাৱল”, “ৰোতি” “ডাল মাখনি”বোৰৰ বিধে বিধে দাম শুনি পেটতে হাতভৰি লুকুৱা অৱস্থা৷ আমাৰ ইয়াৰ দহটকীয়া পানী বটলটোৰ দাম আকৌ ৩৫,০০০ ইণ্ডোনেচীয় টকা৷ এসাজ ভাত, দাইল, মিক্স ভেজিটেব’ল আৰু পানী এবটলৰ মুঠ দাম হ’লগৈ প্ৰায় চাৰে তিনিলাখ ইণ্ডোনেচীয় টকা (ভাৰতীয় টকা হ’ল ১৭৫০টকা) মই লগে লগে কেলকুলেটৰ মাৰিলো, চাৰিজনৰ মুঠ হয়গৈ ১৪ লাখ টকা৷ এইখিনিক ভাৰতীয় টকালৈ ৰূপান্তৰ কৰিলে হয়গৈ প্ৰায় ৭,০০০ টকা৷ প্ৰত্যেক দিনে ডিনাৰ আৰু ব্ৰেকফাষ্ট খাবলৈ আছেই৷ এইটো হিচাবত সামান্য খোৱালোৱাতে দেখোন দৈনিক বিশ হাজাৰ টকা যাবগৈ৷ এসপ্তাহ ভাৰতীয় খানা খালে (লগত কেতিয়াবা চিকেন মাটন ধৰি ল’লে) মানে খানা পিনাতে ডেৰলাখ যাবগৈ৷

যি নহওক, ভাত দাইল আৰু চবজিৰে অৰ্ডাৰ দিলোঁ৷ ভাত দাইল আহিল৷ যথেষ্ট ভালেই আছিল খাদ্যখিনি, পিছে পইচাকেইটা উলিয়াই দিওঁতেহে গাটো বেজবেজাই গ’ল৷ মুঠতে ভাৰতীয় খানাৰ ‘নিচা’ সিদিনাই ফাটি উৰি গ’ল৷

মোক আমাৰ টেক্সী ড্ৰাইভাৰজনে কৈছিল- “ছাৰ, ইণ্ডিয়ান ফুড ইজ ভেৰি কষ্টলি, ইউ চ্যুড ট্ৰাই আৱাৰ ফুড অৰ চি ফুড! ইটচ ভেৰি চ্চিপ!”

গতিকে ৰাতিলৈ ভাবিলো চ্চি ফুড বা সিহঁতৰ খানাই খাম৷ ৰাতি যিখন ৰেষ্টুৰেণ্টলৈ গ’লো, তাত স্থানীয় গায়ক এজনে পুৰণি (মোৰ ল’ৰা ছোৱালীৰ মতে ‘আমাৰ জমানাৰ’) ইংৰাজী পপ সংগীত গাই সকলো গ্ৰাহককে আপ্যায়িত কৰি ৰাখিছিল৷ বহুদিনৰ মূৰত “ডায়াৰ ষ্ট্ৰেইট”ৰ দুটামান গান (মোৰ ভাল লগা Sultan of Swing) শুনিলোঁ৷ সুন্দৰ কণ্ঠ আৰু হুবহু গাইছিল গীতবোৰ৷ তাত প্ৰায় সকলো ৰেষ্টুৰেণ্টতে গধূলিৰপৰা সংগীত থাকেই৷ বীয়েৰ খোৱা মানুহৰ বাবে ভাল কথাটো হ’ল, এটা কিনিলে এটা ফ্ৰী৷ পোনপ্ৰথমে দুটা বীয়েৰ লৈ মেন্যুখন চোৱাত লাগিলোঁ৷ পৰিস্থিতি একেই৷ একো চিনি নাপাওঁ৷ তাত অৱশ্যে মেন্যুখন একোখন ফটো এলবাম হেন৷ খাদ্যৰ নাম আৰু দামৰ লগতে একোখন ফটোও দিয়া থাকে৷ গতিকে নাম নিচিনিলে ফটো চাইও অৰ্ডাৰ কৰিব পাৰি৷ বহুত চাই চাই “চ্চি ফিচ”ৰ আইটেম এটাৰ লগত নডিউলচ্ অৰ্ডাৰ কৰিলোঁ৷

খাই বেয়া নেলাগিল যদিও, মাছৰ গোন্ধটো কিবা ভাল নেপালোঁ৷ গতিকে কিবাকিবি কৰি গান আৰু বীয়েৰৰ মজা লৈ নাক মুখ চেপি কিবাকিবি পেটত সুমুৱালো যদিও “তৃপ্তি” বোলা বস্তুটো যেন পৰ্বতত কাছৰ কণী বিচৰাৰ লেখীয়া হৈয়ে ৰ’ল৷

পিছদিনা হোটেলত কমপ্লিমেনটাৰী ব্ৰেকফাষ্ট দেখি অবাক৷ প্ৰায় পঞ্চাচ বিধমান বস্তু ব্যুফে চিষ্টেমত সজাই থোৱা আছে৷ ফল মূলৰপৰা বিভিন্ন চিকেন, মাটন, বীফ আদি৷ ষ্টিম ৰাইচ অলপ ল’লো যদিও দাইল বোলা বস্তুটো নাই৷ ভেজিটেবল বোলা বস্তুটো হ’ল পালেং, গাজৰ আৰু বন্ধা কবিৰ পাত সিজোৱা৷ বগা পৰি আছে৷ আমাৰ ইয়াত বেমাৰীকো অলপ জ্বলা মছলা দি খুৱাওঁ৷ বহুত বিচাৰি বিচাৰি ব্ৰেড, বাটাৰ আৰু কণী পালোঁ৷ লাইনৰ শেষৰ ফালে চাই দেখোঁ, মাৰ্ঘেৰিটা পিজ্জাও কাটি কাটি টুকুৰা কৰি সজাই থৈছে৷ চিনাকী বস্তুবোৰ লৈ অলপ পেট পুৰাই ব্ৰেকফাষ্ট খালোঁ৷

পুৰা সপ্তাহটো এইবোৰ চোবাই চোবাই ফুৰি চাকি যিদিনা অসম পালোহি, মোৰ ঘৰত থকা ৰান্ধনী ল’ৰাটোক এয়াৰপ’ৰ্টৰপৰাই ফোন লগালো বোলো ভাত পানী ৰান্ধি ৰেডী কৰি থ! মই গৈয়েই ভাত খাম৷

বিশ্বাস কৰক, ঘৰলৈ আহি ডাইল ভাত আৰু আলুপিটিকা এনে তৃপ্তিৰে খালোঁ, যেন পৃথিৱীৰ সমস্ত সুখ এই ভাতসাজতে লুকাই আছিল৷ ভাত খাই উঠি তামোলৰ বটাটো সি আগত উলিয়াই দিওঁতে ভাবিলো, এইমাহত তাৰ দৰ্মহা দুহেজাৰমান বঢ়ায়েই দিম নেকি!

আমাৰ ভাতসাজৰ লগত কোনো বিদেশী আইটেমে পাট্টা নেপায়৷ লাগিলে ডাইল পনীয়াই হওক৷ নহৰু, পাচফোৰাণ দি তেলমৰা ডাইলৰ সোৱাদ কোনো মাৰ্ঘেৰিটা পিজ্জাই দিব নোৱাৰে৷

☆★☆★☆

6 Comments

  • Nilakshi Devi Deka

    ভাল লাগিল দাদা। মুঠতে আমাৰ ভাত দাইল জিন্দাবাদ। 😄

    Reply
  • ফটিক বৰা

    ভাল লাগিল ।

    Reply
  • কমল তালুকদাৰ

    হয় দাদা , আমাৰ গৰৈ মাছ পুৰা আৰু আলু পিটিকাৰ লগত কোনে ফেৰ মাৰিব পাৰে ••• ভাল লাগিল আপোনাৰ ভ্ৰমণত হোৱা লটি-ঘটিৰ কাহিনী পঢ়ি ।

    Reply
  • Rintumoni Dutta

    পনীয়া দাইল টেঙামৰা পাত দুখিলা বা ঔটেঙা এচকল দি, বেঙনা-আলু পিটিকা, ভোট জলকীয়াৰ আচাৰ এচেলেক – এইবোৰৰ জোৰ পাব পাৰে নেকি হে!!!

    বঢ়িয়া লাগিল দাদা, আপোনাৰ দুৰৱস্থাখিনি নহয়, লেখাটোহে

    Reply
  • লিপি খাউণ্ড

    সচাকৈয়ে বাহিৰত ফুৰিব গলে মানে খোৱা-বোৱা লৈ বহুত কষ্ট পোৱা যায় তাতে যদি আপোনাৰ লৰা-ছোৱালী সৰু হয় আৰু দিগদাৰ |

    Reply
  • অভিজিত কলিতা

    অসমীয়াৰ এই ভতুৱা স্বভাৱটো কেতিয়াও এৰ নেখায় আৰু। মই পিছে নিজকে প্ৰশিক্ষণ দি আছো, ভাতৰ প্ৰতি মোহটো এৰিবৰ বাবে। পিছে ঘৰৰ মানুহবোৰে নেমানে, যতেও নেযাও ভাত-ডাইল- লাগিবই। সেইয়া বিছাৰি ফুৰোতেই সময়বোৰ যায়। বঢ়িয়া লাগিল পঢ়ি।

    Reply

Leave a Reply

Your email address will not be published.