ফটাঢোল

মিছেছ শইকীয়ানী — নয়নমণি দত্ত নেওগ

আজি মিছেছ শইকীয়ানী আৰু শইকীয়াৰ বিবাহ বাৰ্ষিকীৰ উপলক্ষ্যে দুই এঘৰ লোকক নিমন্ত্ৰণ জনাই এটি সৰু পাৰ্টি আয়োজন কৰিলে৷
: হেৰা এইপিনে আহাচোন, মোৰ এই ব্লাউজৰ পিছফালৰ ৰছীকেইডাল ভালদৰে বান্ধি দিয়া আৰু এই নেকলেচডালৰ হুকটো ভালকৈ লগাই দিবা দেই আৰু তুমি ৰেডী হ’লাগৈ নে? সকলোবোৰ যোগাৰ ঠিকঠাকে কৰিলা নে?
: মমমম……সকলোবোৰ কৰিলোঁ আৰু যদি কিবা কৰিবলৈ আছে ইয়াতেই কৈ লোৱা। নহ’লে পাৰ্টিত এনেই মিছাতে তুমি নিজৰ নামেই ল’বা।
: কি ক’লা! আকৌ এবাৰ কোৱাচোন৷
: একো নাই অ’, এনেই তোমাক মৰমতে ধেমালিহে কৰিছোঁ।
: হ’ব হ’ব এতিয়া ধেমালি নকৰিবা৷ মোক সেই আলমাৰিটোত থকা বক্সটোৰ ভিতৰৰ পৰা খাৰুখিনি উলিয়াই দিয়াচোন।
: এইবোৰনো ইমানকৈ নিপিন্ধিলেও হয়চোন। তুমি এনেও ধুনীয়া হৈয়েই আছা।
: মমমম….শৰ্মানীহঁতৰ আগত কি মই এই খালী হাত দুখন লৈ ওলাম নেকি? দিয়া দিয়া। দেৰি কৰি নাথাকিবা। তুমি এতিয়া সকলোবোৰ কাম কৰি আজৰি হৈ মই উলিয়াই থোৱা এইযোৰ কাপোৰ পিন্ধি ল’বা৷
মিছেছ শইকীয়ানীয়ে আইনাখনৰ আগত ৰৈ কথাকেইটা কৈ পুনৰ তেওঁ নিজৰ সাজসজ্জাত ব্যস্ত হৈ পৰে আৰু ইফালে শইকীয়াই বৰ্তমান পিন্ধি থকা হাফপেণ্ট গেঞ্জি আৰু কান্ধতে থকা গামোচাৰখনৰ ফালে এবাৰ চকু ফুৰাই বিচনাখনতে পৰি থকা কাপোৰযোৰলৈ থৰ লাগি চাই ৰয়।
: অ’ মিছেছ শৰ্মানী আহক আহক৷ অ’ বৰুৱানী আহক আহক ভিতৰলৈ। মই আপোনালোকৰ বাবেই ৰৈ আছিলোঁ। বহক বহক।
: মমমম….আজি আপোনাক বৰ ধুনীয়া দেখাইছে।
: অহ ঠেংকিউ!
মিচিকীয়া হাঁহি এটি মাৰি মিছেছ শইকীয়ানী পাৰ্টিলৈ অহা অতিথিসকলৰ সৈতে কথা পতাত ব্যস্ত হৈ পৰিল আৰু ইফালে শইকীয়াই ভিতৰত সকলোৰে বাবে খোৱাৰ যোগাৰ কৰোঁতে তেওঁলৈ বুলি উলিয়াই থোৱা কাপোৰযোৰ পিন্ধিবলৈ শইকীয়াৰ সময় অলপ উলিয়াবলৈকে টান হৈ পৰিল। তেনেতে মিছেছ শইকীয়ানী ভিতৰলৈ আহি শইকীয়াক কাপোৰযোৰ পিন্ধিবলৈ পৰামৰ্শ দিলেহি৷
: হেৰা তুমি কাপোৰযোৰ পিন্ধি নোলোৱাগৈনো কিয়? সকলোৱে মোক তোমাৰ কথা সুধি আছে। যোৱা সোনকাল কৰাগৈ৷
শইকীয়াই লৰালৰিকৈ কামবোৰ শেষ কৰি ভিতৰলৈ যায়। শইকীয়াই বনাই থোৱা কফিৰ ট্ৰেখন মিছেছ শইকীয়ানীয়ে হাততে লৈ হাঁহি হাঁহি বাহিৰলৈ ওলাই আহে৷
: এইয়া লওক৷ অলপ কফিকে খাই লওক।
: মমম….বৰ সুন্দৰকৈ বনাইছে দেই শইকীয়ানী।
: এহ কি যে কয় আৰু দেই। আপোনালোকে খাওকচোন। মই বাকীবোৰৰ যোগাৰ কৰি লৈ আনোগৈ।
সকলোৰে বাবে খোৱাৰ প্লেটসমূহ যোগাৰ কৰি সকলোকে শইকীয়ানীয়ে বিলাই দি সকলোৰে পৰা সুন্দৰ সুন্দৰ খোৱাৰ প্ৰশংসা বুটলিলে৷
: ৰাতিপুৱাৰ পৰা এইবোৰ অকলে অকলে যোগাৰ কৰিছোঁ বুজিছে। আপোনালোকৰ বাবেই আৰু এওঁ এইবোৰ কৰিলে মোক বৰ ভাল পাই জানে। পিচে ময়ো খুব ৰান্ধি ভাল পাওঁ। এওঁ মোক অলপ সহায় কৰি দিম বুলিও কৈছিল। পিছে মইহে ক’লোঁঁ আজি নালাগে দিয়া। আমাৰ এই সুন্দৰ দিনটিত তুমি অলপ আৰাম কৰা৷
মিছেছ শইকীয়ানীয়ে সকলোৰে আগত নিজৰ প্ৰশংসা কৰি থাকোঁতে মাজতে শৰ্মানীয়ে ঠাট্টাৰ সুৰত মাত দিয়ে,
: সচাঁই মিছেছ শইকীয়ানী৷ আপুনি যে বৰ ভাগ্যৱান দেই৷ এনে এজন শইকীয়াৰ দৰে মানুহ পাইছে। যিজনে হয়তু আপুনি চিলেক্ট কৰি দিয়া কাপোৰযোৰ পিন্ধিবলৈ পাহৰি পাকঘৰত কাম কৰি থকা কাপোৰযোৰেই পিন্ধি আহিলে। আপোনাৰ চইচ্ মানিছোঁ দেই মিছেছ শইকীয়ানী৷ হাঃ হাঃ হাঃ!

Leave a Reply

Your email address will not be published.