ফটাঢোল

মুখা – সোনটো ৰঞ্জন বৰুৱা

প্ৰাণটাকি দৌৰিছোঁ, অচিন বাট এটাৰে দৌৰি আছোঁ মাত্ৰ। উফ্! কি চেপা আছিল সেইটো….

“দাদা, মনলৈ একো টপিক নাহিলে লিখা কেনেকৈ দিওঁ বাৰু?”

“লাগিলে টপিক চুৰ কৰা, ডকাইত কৰা তোমাৰ কথা। মোক লাগিবৈ।” কৈয়ে সম্পাদকে ডিঙিত বজ্ৰ চেপা মাৰি ধৰিছিল।

উফ্! কেনেকৈ যে এৰুৱাই পলাই আহিছোঁ। আৰে! ই কি!… আগলৈ যাবলৈ বিৰাট ফাটক এখনেৰে বাট বন্ধ যে! কি কৰোঁ কি নকৰোঁ ভাবোঁতেই অজ্ঞাত স্থানৰ পৰা আদেশৰ সুৰত কন্ঠস্বৰ এটা ভাহি আহিল –

“সৌ বাওঁফালে ওলমি থকা মুখা এখন পিন্ধি নগৰত প্ৰৱেশ কৰক। মনত ৰাখিব, নগৰত সৰ্বক্ষণ মুখা পৰিধান কৰি থাকে।”

মন্ত্ৰমুগ্ধৰ দৰে মুখা এখন পিন্ধি নগৰত প্ৰৱেশ কৰিলোঁ। কি আচৰিত নগৰ , সকলো মানুহ মুখাৰ আঁৰত।চহৰৰ অধিকাংশ দৰিদ্ৰতাৰ অন্ধকাৰত ডুবি আছে যদিও কিছু কিছু অঞ্চলত সম্পদৰ চিকমিকনিয়ে চকু চাট্ মাৰি ধৰিছে। সকলো মানুহেই পিন্ধি থকা মুখাৰ দৰেই আচৰণ কৰিছে, কোনেও মুখাৰ ভিতৰত কোন জুমি চাবলৈ বিচৰা নাই।

দোকানে দোকানে সকলো চৰিত্ৰৰ মুখা বিক্রিৰ বাবে সাজু হৈ আছে।সকলোদিশে মুখাময় ৰঙীন চকামকা মায়াময় পৰিৱেশ। এনে পৰিৱেশ, যিজন সন্যাসীয়ে আসনত বহি আপোনাক আধ্যাত্মিক জ্ঞান দি আছে , আপুনি দেখি ক’ব নোৱাৰে যে বাস্তৱত তেখেত সন্যাসী নে মহা ঠগবাজ। মঞ্চৰ পৰা যিজনে আপোনাক সাহিত্যৰ বিষয়ে জ্ঞান দি আছে, সেইজনে জীৱনত কলম চলাই পাইছে বা নাই। যি আপোনাক দেশৰ আইন কানুনৰ বিষয়ে বুজাই আছে বাস্তৱত সেইজন দেশৰ চকিদাৰ নে মহা চুৰ । যি ব্ৰহ্মাচৰ্যৰ সাৰগৰ্ভ প্ৰচাৰ কৰিছে, তেওঁকেই আপুনি নিষিদ্ধডিমাণ্ড্ৱিষ্কাৰ কৰিছিল নে আন কোনোবা আছিল । আচৰিত সংযোগ সকলো, শ্ৰুতাসকলেও মুখা পিন্ধি হাত তালি দি আছে । সকলোৱে এই সংযোগৰ আনন্দ উপভোগ কৰিছে৷। এই সংযোগত মুখাৰ অৱদান অপৰিসীম।মুখাৰে সকলোৰে অন্তৰৰ ভাৱনা টুপ্ টুপকৈ বাহিৰলৈ বৈ আহিছে ।

চুচুক্ চামাককৈ মই চহৰৰ আলেখলেখ চাবলৈ ধৰিলোঁ। কি মুখা নাই দোকানবোৰত? আপুনি যি বিচাৰে চব এবেইলেব’ল। নেতা,অভিনেতা,বচ, সাংবাদিক পত্নী,প্ৰেমিক ,প্ৰেমিকা …. কৃষক বনুৱা….নাই কাৰ মুখা, সকলো বিক্রিৰ বাবে সাজু হৈ আছে । বেছিভাগ দোকানত লেখকৰ মুখা আউট্ অৱ্ ষ্টক্ ফলক ওলোমাই থোৱা দেখি এজন দোকানীক কাৰণটো সুধিলোঁ।উত্তৰ দিলে

“দাদা এইবিধৰ ইমানেই ডিমাণ্ড্ যে আজিকালি আমি চাপ্লাই দিব নোৱাৰা হৈ গৈছোঁ।”

এবিধ মুখা দেশভক্তৰ ,ওপৰত লিখা আছে ‘নকলৰ পৰা সাৱধান’। আচৰিত হৈ দোকানীক সুধিলোঁ।উত্তৰ দিলে – “আজিকালি এইবিধ ঘৰে ঘৰে তৈয়াৰ হয়,গতিকে আচল নকলৰ প্ৰভেদ ধৰা অতি কঠিন। ” বুদ্ধিজীৱীৰ মুখাখনে হয়তো ৰং দেখুৱাবলৈ আৰম্ভ কৰিলে। মই প্ৰতিখন মুখাৰ বিষয়ে জানিবলৈ উৎসুক হৈ পৰিলোঁ । উৎসুকতা, শংকা বুদ্ধিজীৱীৰ অলংকাৰ।মই সুধিলোঁ – “দাদা, বাকীবোৰ বুজিছোঁ, কিন্তু এই কৃষক আৰু বনুৱাৰ মুখাবোৰ কিয় ৰাখিছে? চাহিদা আছে জানো? “

দোকানীজনে ভদ্ৰ দোকানীৰ মুখা পিন্ধি আছিল। তেখেতে সৰুকৈ হাঁহি এটা মাৰি উত্তৰ দিলে(মুখা পিন্ধি হাঁহিলে আচলতে জুখিমাখি হাঁহিব লাগে, নহলে মুখা খহি পৰাৰ ভয় থাকে) ” ‘সৰ্বজন মংগলাৰ্থে সৰ্বজন হিতাৰ্থে’ৰ দৰ্শন লৈ মুখাৰ জন্ম হৈছিল। মুখাই সকলোৰে হিত চিন্তা কৰে, সকলোৰে কল্যাণৰ বাবেই মুখা তৈয়াৰ কৰা হয়। কিছুমান চেহেৰা সমাজৰ আগলৈ আহিলে সমাজৰ অশান্তি সৃষ্টি হয়। গতিকে উচিত সময়ত উচিত মুখা পৰিধান কৰাটো সমাজৰ বাবে মংগলজনক।

“মানে?”

“মানে, কথা বহুত, চহৰত ধৰ্ণা,ৰেলি আদিবোৰ হৈ থাকে,তাত জিন্দাবাদ,মূৰ্দাবাদ আদি ধ্বনি দিবলৈ কৃষক মজদুৰ আদিৰ প্ৰয়োজন হয়। সমাজবাদী আৰু সাম্যবাদী সকলে আগধন দি এইবোৰ মুখা বনাই লয়। একেসময়তে হলচেল হিচাপত আৱশ্যক হয়।যেতিয়াই আৱশ্যক হয়, দুই এশ মানুহক ধৰি আনি সেই মুখা পিন্ধাই ফটো শ্বুট কৰি দিলে। নিউজ চেনেলৰ মানুহ আহি কেমেৰা ঘূৰাই দিলে,বচ্ কাম হৈ গ’ল। আমাৰ নো কি দোকানীহে, লাভ হ’ব লাগে মুঠতে ।”

মই লাহে লাহে আগুৱাই আহোঁতে লক্ষ্য কৰিলোঁ ভদ্র মানুহৰ মুখা কোনো দোকানতে নাই।যদি কাৰোবাক তৎকালীন ভাৱে লাগে তেতিয়া তেখেতে কি কৰিব? ৰাজনীতিৰ পৰা সাহিত্যৰ পথাৰলৈকে ভদ্ৰতা অতি প্ৰয়োজনীয় বস্তু। যদি সময়মতে নাপায় তেতিয়া কি হ’ব? মই এজন দোকানীক এইবিষয়ে প্ৰশ্ন কৰিলোঁ। স্মিত হাঁহিৰে মুখাৰ তলৰ পৰা উত্তৰ দিলে –

-’’ দাদা, কেইমাহমানৰ পৰা ভদ্ৰ লোকৰ মুখাৰ বিৰাট নাটনি চলিছে। যিমান ডিমাণ্ড্ সিমান ফেক্টৰীয়ে চাপ্লাই দিব পৰা নাই।”
-’’চহৰত এনে কি হ’লনো যে সকলোকে ভদ্ৰ মানুহৰ মুখাৰ আৱশ্যক হ’ল?”
-’’ নহয় নহয়, সকলোকে নহয় দাদা।আপুনি জানেইচোন চহৰত নিৰ্বাচন চলি আছে। সকলো ৰাজনৈতিক দলকে ভদ্ৰতাৰ মুখা একেলগে আৱশ্যক হোৱাৰ বাবেই এই নাটনি সৃষ্টি হৈছে।”
-’’ কিন্তু ৰাইজে সকলো জানেইচোন,তাৰ পাছত মুখা পিন্ধি কিবা লাভ হ’ব জানো?”

মোৰ কথা শুনি দোকানীজনে প্ৰথমবাৰলৈ খোলা হাঁহি মাৰিলে ” দাদা, হাঃ হাঃ হাঃ … ৰাইজেও মুখা বৰ পচন্দ কৰে ।আপুনি দেখা নাই, নিৰ্বাচনৰ সময়ত কোনোবা এজনে দৰিদ্ৰতাৰ মুখা পিন্ধি আহিলে সকলোৱে সেইজন কোটিপতি বুলি জানিও ৰাইজে কিদৰে হাতচাপৰি বজায়। মঞ্চত ভাষণ দি থাকোঁতে কেতিয়া জাতি জনজাতি, কেতিয়াবা ধাৰ্মিক মুখা পিন্ধি খেল জিকি যায়।হাজাৰ অপৰাধীয়ে যাৰ নিৰ্দেশত কাম কৰে তেৱেঁই ভদ্ৰতাৰ মুখা পিন্ধি নিৰ্বাচিত হৈ যায়।মুখাৰ মহিমা অপাৰ দাদা ,অপাৰ । আপুনি বুদ্ধিজীৱীৰ মুখা পিন্ধি আছে বাবে সকলোতে প্ৰশ্ন বোধক দৃষ্টিৰে দেখিছে। মুখা সলাই লওক। তেতিয়া সকলো বুজি পাব।”

দোকানীজনৰ কথা মতে মন্ত্ৰীৰ মুখা এখন পিন্ধি দোকানৰ পিছদুৱাৰেৰে ওলাই আহিলোঁ। চাহ একাপৰ প্ৰয়োজন অনুভৱ কৰি টি-ষ্টল্ এখনত সোমাই বহিবলৈ লৈছোঁহে , এজন লোক চুচুক্ চামাককৈ কাষ চাপি আহিল। মানুহজনে অফিচাৰৰ মুখা পিন্ধি আছিল। তেখেতৰ মুখাত চৰম উদাসীনতা জিলিকি উঠিছিল। কিয় জানো মোৰ অন্তৰত দয়াৰ সাগৰ উথলি উঠিল। তেওঁলৈ চাহকাপ আগবঢ়াই প্ৰশ্ন কৰিলোঁ- ” বৰ দুখী যেন পালোঁ? অফিচাৰৰ জানো দুখ থাকে? তোমালোকতো নিজেই জনগণৰ ক্ৰাণকৰ্তা। ”
’’চাৰ, মোৰ বদলিৰ অৰ্ডাৰ আহিছে, এই গাখীৰতে ম’হৰ খুটিহেন ঠাইকন এৰি যাবলৈ বৰ কষ্ট পাইছোঁ।কিবা চেটিং কৰি দিয়ে যদি বৰ কৃপা কৰা হ’ব চাৰ।”

তেখেতক অভয়দান কৰি সেইখিনিৰ পৰা আঁতৰি আহিলোঁ। মুখাৰ কাহিনী লাহে লাহে মোৰ আগত পৰিষ্কাৰ হৈ আহিল। তথাপিও সম্পূর্ণ পৰিষ্কাৰ হওঁ বুলি এইবাৰ কৃষকৰ মুখা এখন পিন্ধি ল’লোঁ। তৎক্ষণাত চাৰিদিশৰ পৰা দহজনমান লিখকৰ মুখা পিন্ধা মানুহ জমা হ’ল।

“আহাঁ, আমি তোমাৰ অধিকাৰৰ বাবে মাত মাতিম। আমি তোমাৰ ওপৰত গদ্য, কবিতা লিখিছোঁ।”

লেখকসকলে মোক তেওঁলোকৰ জুমলৈ টনাটনি কৰোঁতেই আন এজনৰ আবিৰ্ভাৱ হ’ল।

“সাৱধান, কোনোৱেই আমাৰ কৃষকক হাত নলগাবি। আমি কৃষকৰ উন্নয়ন কৰিবলৈ গৈ আছোঁ। কৃষকৰ স্থান আমাৰ দলৰ প্ৰতিশ্ৰুতি পত্ৰত একেবাৰে ওপৰত। ব’লা কৃষক।” কৈয়ে মোক টানি নিবলৈ ধৰিলে। তেনেতে আন এজন নেতা আবিৰ্ভাৱ হৈ মোৰ আনখন হাতত থাপ মাৰি ধৰিলে।

“আৰে ক’লৈ নিছ, তহতে অত বছৰে যি উন্নয়ন কৰিলি কৰিলি আৰু, এতিয়া উন্নয়ন কৰাৰ পাল আমাৰ। এনেকুৱা উন্নয়ন কৰিম নহয়, আমাক সাতপুৰুষলৈ মনত ৰাখিব লাগিব।”

“আৰে, তহঁতে…… ” কোনে কৃষকৰ উন্নয়ন কৰিব তাকে লৈ সৃষ্টি হোৱা থৈয়া-নথৈয়াৰ সুযোগতে মই তাৰ পৰা পুলুকা মাৰিলোঁ। উফ্! ভাল বাচিলোঁ। নিজৰ ওপৰতে ভীষণ খং উঠিল। পিন্ধিবলৈ মুখা বিচাৰি নাপালোঁ আৰু। টনা আজুৰাত ভাগৰুৱা হৈ গছ এজোপাৰ তলত অলপ জিৰাই ল’বলৈ বহিলোঁ । টোপনিয়ে জোলোকা মাৰি ধৰিছিলহে কোনোবাই গাত ধৰি যি জোকাৰণ দিলে, গাৱৰ সুদখোৰ মহাজন বুলি জাঁপ মাৰি উঠিলোঁ।

“ঐ জহনীতযোৱা, গাভিনী গাহৰিৰ দৰে শুই আছ যে, উঠ। দোকানলৈ যা। এগাল এগাল খাবি আৰু মবাইল টিপি টিপি শুবি … বকি বকি মা বিচনাৰ কাষৰ পৰা আঁতৰি গৈছে। চেহ্! কি যে সপোন দেখিছিলো নহয়……

☆★☆★☆

6 Comments

  • ৰিণ্টু

    দিনক দিনে তোমাৰ হাত পৈণত হৈ গৈ আছে সোনটো। খুব ভাল লাগিল

    Reply
  • বিৰাট ধুনীয়া হৈছে সোণটো কা

    Reply
  • লখিমী

    সদায়েই কওঁ জবাব নাই। (বানান কিন্তু ইয়াতো আছে)😊

    Reply
  • ৰাজশ্ৰী শৰ্মা

    পঢ়ি পঢ়ি ভেবা চেকা খাই যাওঁ আপোনাৰ ব্যংগ দাদা।

    Reply
  • জয়ন্ত দাস

    সুন্দৰ

    Reply

Leave a Reply

Your email address will not be published.