ফটাঢোল

মূল: দ্য ফেইচ অন দ্যা ৱাল (এডৱাৰ্ড ভেৰেল লুকাছ) : অনুবাদ – অলকেশ ভাগৱতী

এয়া কালিৰ ঘটনা৷ আবেলি পৰত আমি ভালেকইজন লোক বন্ধু ডেবনিৰ পানশালাত গোট খাই আড্ডা মাৰি আছিলোঁ৷ তাত দৈনিক গোট খোৱা প্ৰায়সকল লোকেই মোৰ চিনাকি যদিও কালি দুই এজন ব্যক্তিক প্ৰথমবাৰৰ বাবে দেখিছিলোঁ৷ তেওঁলোক হয়তো ডেবনিৰ নাইবা তেওঁৰেই কোনো বন্ধুৰ বন্ধু৷

সন্ধিয়া নামি অহাৰ লগে লগে আমাৰ আড্ডাও লাহে লাহে জমি উঠিছিল৷ এটা সময়ত আমাৰ আড্ডাৰ বিষয়বস্তু হৈ পৰিছিল পৃথিৱীত ঘটি থকা ভৌতিক তথা অলৌকিক ঘটনাবোৰ৷ এই পৃথিৱীত এনে বহু ঘটনাই ঘটে যিবোৰৰ কোনো সঠিক ব্যাখ্যা বিজ্ঞানে দিব নোৱাৰে৷ প্ৰকৃতিৰ চিৰাচৰিত নিয়মৰ আৱৰণ ফালি ঘটি যোৱা এই ঘটনাবোৰকেই অলৌকিক বুলি কোৱা হয়৷ জীৱনৰ কোনো নহয় কোনো এক ক্ষণত আমি সকলোৱেই কম বেছি পৰিমানে হ’লেও এনে ধৰণৰ অভিজ্ঞতাৰ সন্মুখীন হৈছোঁ যিবোৰ ঘটনাৰ কথা আনক ক’বলৈ দিগদাৰ৷ কাৰণ, বেলেগে এনে নাভূত-নাশ্ৰুত কথা শুনিলে হাঁহি মাৰি উৰুৱাই দিব৷ বেলেগৰ কথা বাদেই, ঘটনাটো হৈ যোৱাৰ কিছুসময়ৰ পিছত আমাৰ নিজৰেই চকুক বিশ্বাস কৰিবলৈ অসুবিধা হয়৷ আমি নিজেই নিজকে প্ৰশ্ন কৰোঁ “এইমাত্ৰ মই যি দেখিলোঁ সেয়া সঠিকেই দেখিলোনে? এয়া বাৰু কেনেকৈ সম্ভৱ? মোৰ কোনো ভুল হোৱা নাইতো?” বেলেগৰ কথা বাদেই দিয়ক, আনকি নিজে বিশ্বাস কৰিব নোৱাৰা হ’লেও এনে ঘটনা আমাৰ সকলোৰে চকুৰ সন্মুখত ঘটে৷ কোনোধৰণৰ আগজাননী নোহোৱাকৈ, হঠাতে…..

আৰু কালি সন্ধিয়াৰ আড্ডাৰো মূখ্য আকৰ্ষণ আছিল সকলোৰে জীৱনত ঘটা এনে ধৰণৰ অলৌকিক ঘটনাৰ অভিজ্ঞতাবোৰ৷ আমি প্ৰতিজনেই নিজ নিজ জীৱনত ঘটা এনে ধৰণৰ আচৰিত অভিজ্ঞতাবোৰ এফালৰ পৰা বৰ্ণনা কৰি গৈছিলোঁ৷ এক সুন্দৰ বিষয়বস্তু পাই আমাৰ আড্ডাও উমাল হৈ উঠিছিল৷ ভৌতিক বা অলৌকিক ক্ষেত্ৰখনত প্ৰতিজনৰেই অভিজ্ঞতাবোৰ একক৷ প্ৰতিটো ঘটনাই আচৰিত৷  

কথাৰ মহলাৰ মাজতে মই বাৰে বাৰে এজন চুটি চাপৰ লোকক লক্ষ্য কৰি আছিলোঁ৷ অতি ৰহস্যময়ী মুখাবয়বৰ এই লোকজন কোন মই চিনি নাপাওঁ৷ কিন্তু তেওঁ আমাৰ মাজতে বহি অতি উৎসুকতাৰে প্ৰতিজন বক্তাৰ কথাবোৰ গভীৰ মনযোগেৰে শুনি আছিল৷ প্ৰতিজনৰেই মুখমণ্ডল গভীৰ আগ্ৰহেৰে নিৰীক্ষণ কৰি থকা এই লোকজনে তেতিয়ালৈ নিজে কিন্তু এটাও শব্দ উচ্চাৰণ কৰা নাছিল৷ যেন এখন কলেজত শিক্ষকৰ কথাবোৰ অতি মনযোগেৰে শুনি বহি থকা এক মেধাবী ছাত্ৰহে তেওঁ৷ তেওঁৰ কবলৈ একো নাই, তেওঁ মাথো সকলোৰে অভিজ্ঞতাবোৰ অতি মনযোগেৰে শুনি জ্ঞানবোৰ গোগ্ৰাসে গিলি গৈছে৷  

ভালেকেইজন বন্ধুৱে এনেকৈ নিজৰ আচৰিত অভিজ্ঞতা কোৱাৰ পিছত এইবাৰ ডেবনি হঠাতে লোকজনৰ পিনে ঘূৰি বহিল৷ ইমান সময়ে মনে মনে থকা লোকজনকো আড্ডাত চামিল কৰি ল’বলৈ আগভাগ লৈ ডেবনিয়ে তেওঁক সুধিলে “আপোনাৰো বাৰু কেতিয়াবা তেনে কিবা আচৰিত অভিজ্ঞতা হৈছে নেকি? নাইবা আপুনি জনা কোনো ৰসাল ভৌতিক কাহিনী? ”  

ডেবনিৰ কথা শুনি ক্ষীণকায় লোকজনে অতি গহীন অথচ নম্ৰভাৱে লাহেকৈ মাত দিলে-  

      : কাহিনী বুলি বিশেষ একো নাই৷ আপোনালোকে যিবোৰ অভিজ্ঞতা কৈছে তাৰ তুলনাত হয়তো এইটো কোনো বিশেষ কথাও নহয়৷ কিন্তু তথাপিও মই বিশ্বাস কৰোঁ যে বাস্তৱ সদায় কল্পকাহিনীতকৈ বেছি আচৰিত আৰু আকৰ্ষনীয়৷ আপোনালোকে বিচাৰিলে মই আপোনালোকক মোৰ জীৱনত ঘটা এনে এটা অভিজ্ঞতাৰ কথা ক’ব পাৰোঁ৷ আৰু একদম আচৰিত আৰু কাকতালীয় ভাৱে এই দীঘলীয়া ঘটনাটো আজি কেইঘণ্টামান পূৰ্বেহে মাথো সামৰণি পৰিছে৷

নাটকীয় ভংগীত কোৱা মানুহজনৰ কথাখিনি শুনি আমাৰো তেওঁৰ অভিজ্ঞতাটোৰ বিষয়ে জানিবলৈ কিছু আগ্ৰহ হ’ল৷ সেয়ে আমি সকলোৱে তেওঁক সেই বিষয়ে কবলৈ অনুৰোধ জনালোঁ৷  

সকলোৰে অনুৰোধ শুনি এইবাৰ চকীখনত কিছু পোন হৈ বহি লৈ লোকজন সাজু হ’ল৷ আমাৰ প্ৰতিজনৰেই চকুত এবাৰকৈ চকু থৈ শেষত চিলিঙৰ পিনে দৃষ্টি নিবদ্ধ কৰি তেওঁ লাহেকৈ আৰম্ভ কৰিলে –

: আজিৰ পৰা প্ৰায় ডেৰ দুবছৰমান আগতে মই লণ্ডনৰ ‘গ্ৰেট ওৰমণ্ড ষ্ট্ৰীট’ ত থকা এক ভাড়াঘৰত থাকিবলৈ আৰম্ভ কৰিছিলোঁ৷ ঘৰটো পুৰণি যদিও আৰামদায়কেই আছিল৷ কোঠাৰ বেৰবোৰো মোৰ আগৰ ভাড়াতীয়াজনে কেইমাহমান আগতেহে নতুনকৈ ৰং কৰি লৈছিল৷ গতিকে দেৱালৰ ৰংবোৰ তেতিয়ালৈও প্ৰায় নতুন হৈয়েই আছিল৷ কিন্তু তাৰ পিছতো ঘৰটোত এটা সমস্যা আছিল৷ ৰ’দৰ পোহৰ সঠিকভাৱে নপৰাৰ বাবে ঘৰটো জেকা আছিল৷ ফলত দেৱালৰ ৰংবোৰ নতুন হ’লেও সেমেকি যোৱাৰ বাবে দেৱালবোৰ ঠায়ে ঠায়ে উখহি উঠিছিল আৰু তাত চমকা-চমক দাগৰ সৃষ্টি হৈছিল৷ মোৰ শোৱনিকোঠাৰ বিচনাৰ সন্মুখৰ দেৱালখনো ইয়াৰ ব্যতিক্ৰম নাছিল৷ তাতো প্ৰায় গোটেই দোৱালখনতেই চমকা-চমকে নানা দাগ পৰিছিল৷ সচৰাচৰ এনে দাগ বা ডাৱৰৰ মাজত আমি বহুতেই কিছুমান অবয়ব বা কোনো বস্তুৰ আকৃতি আৱিষ্কাৰ কৰোঁ৷ আপোনালোকৰো নিশ্চয় তেনে অভিজ্ঞতা অজস্ৰবাৰ হৈছে৷

ইমান পৰে ভাৱলেশহীনভাৱে কথাবোৰ কৈ এইবাৰ তেওঁ চিলিঙৰ পৰা দৃষ্টি নমাই আনি আকৌ এবাৰ আমাৰ পিনে চালে৷ আমি মৌনভাৱেই তেওঁৰ কথাত চকুৰ ইংগিতেৰেই সমৰ্থন জনালোঁ৷ তাৰ পিছত সেই একেই স্বৰেৰে তেওঁ আকৌ আৰম্ভ কৰিলে-

: মোৰ বিচনাৰ সন্মুখৰ দেৱালখনৰ দাগবোৰৰ মাজতো মই এক অবয়ব আবিষ্কাৰ কৰিছিলোঁ৷ এয়া কোনো এজন অচিনাকি লোকৰ মুখাবয়ব৷ প্ৰতিদিনে ৰাতিপুৱা টোপনিৰ পৰা চকু মেলিয়েই সন্মুখৰ দেৱালত মই সেই চেহেৰাটো দেখা পাওঁ৷ সাৰ পোৱাৰ পিছতো ভালেখিনি সময় বিচনাত এনেই পৰি থকাটো মোৰ অভ্যাস৷ এনেদৰে বিচনাত অলসভাৱে পৰি থকা সময়খিনিত মই সদায় সন্মুখৰ চেহেৰাটোকেই নিৰীক্ষণ কৰিবলৈ ধৰিলোঁ৷ কেইমাহমান এনেদৰে যোৱাৰ পিছত চেহেৰাটোৱে মোৰ মনত এনেকৈ সাঁচ বহুৱালে যে  মোৰ লাহে লাহে লাগিবলৈ ধৰিলে যেন ওৰমণ্ড ষ্ট্ৰীটৰ এই ঘৰটোৰ আমি দুয়ো বাসিন্দা৷ আৰু আচৰিত কথাটো কি জানে? সময় বাগৰাৰ লগে লগে দেৱালবোৰত থকা প্ৰতিটো দাগেই ডাঙৰ হৈ গৈ থাকিল আৰু আকৃতিবোৰো সলনি হ’ল যদিও কেবলমাত্ৰ এই লোকজনৰ মুখখনহে দেৱালত কোনো ধৰণৰ সালসলনি নোহোৱাকৈ হুবহু থাকি গ’ল৷

এনেকৈ কেইমাহমান যোৱাৰ পিছত এবাৰ মোৰ ইনফ্লেুৱেঞ্জা হ’ল৷ সেই কেইদিন নৰিয়া গাৰে বিচনাত শুই কিতাপ পঢ়ি নাইবা ভাৱসাগৰত ডুব গৈ থকাৰ বাহিৰে মোৰ কৰিবলৈ কোনো বিশেষ কাম নাছিল৷ ইনফ্লুৱেঞ্জাত ভুগি বিচনাত পৰি থকা সময়ত দিনটোৰ বেছিভাগ সময়েই মই সন্মুখৰ দেৱালখনলৈ চায়েই কটালোঁ৷ সেই সময়তেই দেৱালৰ মুখখনে মোক আগকৈও বহু বেছিকৈ প্ৰভাৱিত কৰিবলৈ আৰম্ভ কৰিলে৷ সেই মুখখন যেন মোৰ অন্তৰত দকৈ সাঁচ কাটি বহি গ’ল৷ লাহে লাহে মুখখনে মোৰ চকুৰ সন্মুুুখত দেৱালখনত প্ৰাণ পাই উঠিল৷ এয়া যেন এক অতি অসাধৰণ চেহেৰা! মানুহজনৰ নাকটোত এক আচৰিত ভাঁজ আছে৷ তেওঁৰ কপালখনো আন সাধাৰণ লোকতকৈ পৃথক৷ মুঠতে এক আচৰিত বৈশিষ্ট্যতাৰে তেওঁ এক অসাধাৰণ চেহেৰাৰ লোক৷ হয়তো বহু লক্ষজনৰ মাজতো তেনে সাদৃশ্যৰ লোক এজনহে ওলাব৷

লাহে লাহে তেওঁ মোৰ সমগ্ৰ সত্বা গ্ৰাস কৰিবলৈ আৰম্ভ কৰিলে৷ মোৰ মগজুত সকলো সময়তে কেবল মাত্ৰ তেওঁৰেই কথা আহিবলৈ ধৰিলে৷ আনকি গোটেই দিনটো তেওঁৰ কথা ভাৱি থকাৰ পিছত ৰাতি সপোনতো মই তেওঁকেই দেখিবলৈ ল’লোঁঁ৷

এনেদৰে বহুদিন বিচনাত পৰি থকাৰ পিছত এদিন মোৰ বেমাৰ ভাল হ’ল৷ কিন্তু ইনফ্লুৱেঞ্জাৰ পৰা মুক্তি পালোঁ যদিও এই লোকজন মোৰ মনৰ পৰা নগ’ল৷ লাহে লাহে মই লোকজনৰ চিন্তাত প্ৰায় বলিয়া হোৱাৰ উপক্ৰম হ’লোঁ৷ তেওঁ যেন লাহে লাহে মোৰ সমস্ত জীৱন পৰিচালিত কৰিবলৈ আৰম্ভ কৰিছে৷ মোৰ জীৱনত যেন কেবল এটাই সত্য আছে আৰু সেইটো হ’ল বেঁকা নাকেৰে বহল কপালৰ এই আচৰিত লোকজন৷ মোৰ প্ৰত্যয় জন্মিবলৈ আৰম্ভ হ’ল যে পৃথিৱীৰ কোনোবা নহয় কোনোবা ঠাইত এই লোকজন প্ৰকৃততেই আছে আৰু মই তেওঁক যিকোনো প্ৰকাৰে বিচাৰি উলিয়াবই লাগিব৷ তেনে এজন লোক যদি সঁচাকৈয়ে আছেও, তথাপি তেওঁক লগ ধৰিনো মোৰ কি লাভ হ’ব সেয়াও মই নাজানো৷ মই মাথো এই কথা মনে প্ৰাণে বিশ্বাস কৰিবলৈ আৰম্ভ কৰিলোঁ যে মোৰ ভাগ্য কিবা নহয় কিবা প্ৰকাৰে এই মানুহজনৰ লগত জড়িত হৈ আছে৷

ইয়াৰ পিছত মই তেওঁক বিচাৰিবলৈ আৰম্ভ কৰিলোঁ৷ সদায় ৰাতিপুৱা শুই উঠিয়েই মই এনে এক ঠাইলৈ ওলাই যাওঁ য’ত যথেষ্ট সংখ্যক লোকৰ সমাগম হয়৷ আৰু তাত মই অতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰি তেওঁক বিচাৰি ফুৰোঁ৷ ৰাজনৈতিক সভা, ফুটবল খেল, ৰেল ষ্টেচন একোৱেই বাদ নিদিয়াকৈ সকলোতে মই তেওঁক বিচাৰি ফুৰিলোঁ৷ কিন্তু তেওঁ কতোৱেই নাই! সহস্ৰজনৰ মাজত ঘূৰি ফুৰি সকলোৰে মুখবোৰ মনযোগেৰে চাই মই আগতে কোনোদিনে অনুভৱ নকৰা কথা এটা আৱিষ্কাৰ কৰিলোঁ৷ এই বিশ্বৰ প্ৰতিখন মুখেই কিমান বেলেগ৷ লক্ষ লক্ষ লোক অথচ প্ৰতিখন মুখেই আন সকলতকৈ বেলেগ৷ ইয়াৰ লগতে মই এই কথাও আৱিষ্কাৰ কৰিলোঁ যে প্ৰতিখন মুখ বেলেগ হ’লেও অতি আচৰিতভাৱে সকলোবোৰ মুখমণ্ডলকেই মাত্ৰ কেইটামান শ্ৰেণীত বিভক্ত কৰি সাঙুৰি ল’ব পাৰি৷ এয়া মোৰ বাবে কোনোকালেই নোহোৱা এক নতুন অভিজ্ঞতা৷

লাহে লাহে মোৰ অণ্বেষণ বলিয়ালিৰ পৰ্য্যায়লৈ গুছি গ’ল৷ মই জীৱনৰ বাকী সকলো কাম বাদ দি কেবল মাত্ৰ এটা কামতেই সমৰ্পিত হৈ গ’লোঁ৷ দিনটো ৰাস্তাত চুকত থিয় হৈ মই মানুহ চাই থাকোঁ৷ এজনৰ পিছত আনজন..  

মানুহে মোক পাগল বুলি ভাৱিবলৈ আৰম্ভ কৰিলে৷ লাহেকৈ মই পুলিছৰ নজৰতো পৰি গ’লোঁ৷ কিবা এক সন্দেহত তেওঁলোকে মোৰ ওপৰত অহৰ্নিশে চকু দিয়া আৰম্ভ কৰিলে৷ মই কোনো মহিলাৰ পিনে কোনোদিনে নজৰেই নিদিলোঁ৷ মোৰ লক্ষ্য কেবল পুৰুষসকল৷ এজন দুজন নহয়, হাজাৰ হাজাৰ লাখ লাখ প্ৰতিজন পুৰুষ…

কথাখিনি লাহে লাহে কৈ তেওঁ হাতেৰে কপালখন মচিবলৈ আৰম্ভ কৰিলে৷ তেওঁৰ মাতটোও সৰু হৈ গৈছে৷ যেন তেওঁ যথেষ্ট ভাগৰুৱা৷ আমাৰ কোঠাটো তেতিয়া নিশব্দ৷ আমি সকলোৱে নীৰৱে অথচ অত্যন্ত আগ্ৰহেৰে ভেৱা লাগি লোকজনৰ মুখলৈ চাই আছোঁ৷ চকুদুটা মুদি অৱশভাৱে কপালখন মোহাৰি থাকি হঠাতে তেওঁ যেন হেৰোৱা শক্তিবোৰ আকৌ ঘূৰাই পালে৷ অতি উৎসুকতাৰে পোন হৈ লৈ আমাৰ ফালে চাই খৰকৈ তেওঁ কৈ উঠিল –

: আৰু অৱশেষত মই তেওঁক বিচাৰি পালোঁ৷ পিকাডেলিত থিয় হৈ মানুহ চাই থাকোঁতে হঠাতে এদিন এখন টেক্সীৰ ভিতৰত তেওঁক চকামকাকৈ দেখা পাই গ’লোঁ৷ মুহূৰ্তৰ ভিতৰতেই যেন মোৰ সমস্ত জীৱন সলনি হৈ গ’ল৷ অতদিনে অনাই বনাই ঘূৰি বিচাৰি ফুৰা অচিনাকি অথচ মোৰ আটাইতকৈ চিনাকি লোকজনে টেক্সীত বহি পিকাডেলীৰ পূৱদিশলৈ গৈ আছে৷ এক মুহূৰ্তও বিলম্ব নকৰি মই বলিয়াৰ দৰে টেক্সীখনৰ পিছে পিছে দৌৰিবলৈ আৰম্ভ কৰিলোঁ৷ কিন্তু ভিৰৰ মাজেৰে চলন্ত গাড়ীখনৰ লগত ফেৰ মাৰি দৌৰাটো মোৰ পক্ষে সম্ভৱপৰ নাছিল৷ লাহে লাহে টেক্সীখন আৰু মোৰ মাজৰ ব্যৱধান বাঢ়িবলৈ আৰম্ভ কৰিলে৷ হতাশাত মই পাগলৰ দৰে চিঞৰি চিঞৰি দৌৰিবলৈ আৰম্ভ কৰিলোঁ৷ তেওঁক মই এনেকৈ নোহোৱা হৈ যাব দিব নোৱাৰোঁ৷ মোৰ জীৱনৰ ভাগ্য জড়িত হৈ আছে সেই টেক্সীখনৰ লগত৷ মই বাটৰুৱা যাকে তাকে খুন্দিয়াই উৰ্ধশ্বাসে দৌৰিছোঁ মাথো….

এনেতে মই দেখিলোঁ যে মোৰ পিছে পিছে এখন খালী টেক্সী আহি আছে৷ কোনো কথাৰ অৱতাৰণা নকৰি একে জাঁপেই চলি থকা টেক্সীখনত উঠি ড্ৰাইভাৰক ক’লোঁ “সেই সন্মুখৰ টেক্সীখন যলৈকে যায় তলৈকে তেওঁলোকৰ পিছে পিছে গৈ থাকা৷”

তেওঁলোকৰ পিছে পিছে গৈ মই ‘ছাৰিং ক্ৰছ’ ৰেল ষ্টেচন পালোঁ৷ তাত টেক্সীৰ পৰা নামি লোকজন ষ্টেচনৰ ভিতৰলৈ সোমাই গ’ল৷ ময়ো লগে লগে টেক্সীৰ পৰা নামি প্লেটফৰ্মলৈ দৌৰ দিলোঁ৷ প্লেটফৰ্মৰ ভিতৰত দেখিলোঁ তেওঁৰ লগত দুগৰাকী মহিলা আৰু এজনী সৰু ছোৱালীও আছে৷ তেওঁলোক ফ্ৰান্সলৈ যাব৷ ভিৰৰ মাজত তেওঁৰ লগত কথা পতাৰ বহুত চেষ্টা কৰিলোঁ যদিও সফল নহ’লোঁ৷ অলপ পিছতে তেওঁলোকৰ লগত আন কেইজনমান বন্ধু বান্ধৱী আহি লগ লাগিল আৰু গোটেই দলটো ৰেলত উঠিল৷ কাল বিলম্ব নকৰি ময়ো দৌৰ মাৰি গৈ টিকট এটা কাটি ট্ৰেইনৰ ডবা এটাত উঠি দিলোঁ৷ মোৰ মনত এটাই আশা যে ফকষ্ট’নত তেওঁলোক জাহাজত উঠাৰ আগতে মই তেওঁক লগ ধৰি কথা পাতিব পাৰিম৷

কিন্তু মোৰ সেই আশাও পূৰ্ণ নহ’ল৷ ফকষ্ট’নতো তেওঁলোকৰ দলটো মোতকৈ আগতেই ট্ৰেইনৰ পৰা নামিল আৰু মই ভিৰ ফালি তেওঁলোকৰ ওচৰ পোৱাৰ আগতেই তেওঁলোক গৈ এখন জাহাজত উঠিল৷ দূৰৰ পৰাই মই দেখিলোঁ যে তেওঁলোক জাহাজৰ ভিতৰৰ এটা বিশাল ‘প্ৰাইভেট কেবিন’ লৈ সোমাই গৈছে৷ প্ৰথমবাৰৰ কাৰণে মনলৈ আহিল যে জাহাজৰ ভিতৰত এনে কেবিন বুক কৰিব পৰা লোকজন নিশ্চয় অতি ধনী মানুহ হ’ব লাগিব৷ গতিকে ইমান ধনী লোকজনক মই মনৰ ইচ্ছামতেই যেতিয়াই তেতিয়াই লগ ধৰাটো মোৰ পক্ষে অসম্ভৱ কথা৷ কিন্তু লগতে মোৰ মনলৈ এইটোও আহিল যে যাত্ৰাকালত এই লোকজনে নিশ্চয়কৈ এবাৰ হ’লেও অকলে কেবিনৰ বাহিৰলৈ ওলাই আহিব৷ জাহাজৰ ডেকত ঘূৰি ফুৰাৰ সময়ত তেওঁ হয়তো সচৰাচৰ থকাৰ দৰে ব্যস্ত হৈও নাথাকিব৷ তেতিয়া মই তেওঁক লগ ধৰাৰ এক সম্ভাৱনা নিশ্চয় আছে৷

পকেটত হাত দি চালোঁ, মোৰ হাতত মাত্ৰ কেইটামান টকাহে বাকী আছে৷ তেন্তে মই এতিয়া কৰোঁ কি?  ইমানদিনে বলিয়াৰ দৰে বিচাৰি ফুৰা লোকজনক বিচাৰি পায়ো চকুৰ সন্মুখতে হেৰুৱাব নোৱাৰোঁ৷ এয়া মোৰ শেষ ভৰসা৷ যদিহে মই এইবাৰ তেওঁৰ লগত কথা নাপাতোঁ, তেন্তে ফ্ৰান্সলৈ গুছি যোৱাৰ পিছত মই তেওঁক হয়তো কোনোকালেই লগ নাপাম৷ মই কৰোঁ কি? একো ভৱা চিন্তা নকৰাকৈ মই জাহাজৰ টিকট কাউণ্টাৰলৈ দৌৰ মাৰিলোঁ আৰু জেপৰ সমস্ত পইছা জাৰি জোকাৰি উলিয়াই দি বৌলন বন্দৰলৈ এটা টিকট কাটিলোঁ৷ ইয়াৰ পিছত মোৰ হাতত এটকাও নাই৷ তাৰ পৰা মই কেনেকৈ ঘূৰি আহিম, সেয়াও মই নাজানো৷ মই এই মুহূৰ্তত মাথো এটা কথাই জানো যে জাহাজৰ ভিতৰত থকা লোকজনৰ লগত মোৰ জীৱনৰ সমস্ত ভাগ্য সংযুক্ত হৈ আছে আৰু পৃথিৱীৰ যিকোনো কামতকৈ মই এখেতক লগ কৰাটোহে বহুত বেছি জৰুৰী৷ টিকট কাটিয়েই মই দৌৰ মাৰি জাহাজলৈ উঠি গ’লোঁ আৰু সেই লোকজন সোমাই যোৱা কেবিনটোৰ দুৱাৰখনৰ বিপৰীত দিশে থিয় হৈ লৈ লোকজন বাহিৰলৈ ওলাই অহালৈ অপেক্ষা কৰিলোঁ৷

জাহাজত মই বেছি সময় ৰৈ থাকিব লগীয়া নহ’লেই৷ জাহাজ চলাৰ প্ৰায় আধা ঘণ্টামান পিছতেই মোৰ সন্মুখৰ কেবিনৰ দুৱাৰখন খোল খালে আৰু সেই দুৱাৰেদি ওলাই আহিল মই অতদিনে লণ্ডনৰ অলিয়ে গলিয়ে বিচাৰি ফুৰা সেই বিশেষ মানুহজন৷ তেওঁৰ লগত এজনী সৰু ছোৱালী৷ মোৰ বুকুখনে ধান বনাদি শব্দ কৰিবলৈ ধৰিলে৷ শুকাই যোৱা ডিঙিটোৰে মই তেওঁৰ পিনে ৰ লাগি চাই থাকিলোঁ৷ কি অকল্পনীয় সাদৃশ্য!  মোৰ দেৱালত থকা মুখনৰ লগত এয়া হুবহু মুখ৷ আনকি মুখখনৰ প্ৰত্যেকডাল ৰেখাই দেৱালৰ মুখখনৰ লগত একেবাৰে একে৷ পৃথিৱীত ইমান আচৰিত ঘটনা কেনেকৈ ঘটিব পাৰে? বিস্ময়ত মই প্ৰায় জথৰ হৈ পৰিলোঁ৷ মোলৈ সামান্যভাৱে চাই কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ তেওঁ জাহাজৰ ওপৰ ডেকৰ পিনে যাবলৈ আৰম্ভ কৰিলে৷

এয়াই মোৰ শেষ সুযোগ৷ এতিয়া যদি নোৱাৰোঁ তেন্তে আৰু কেতিয়াও নোৱাৰিম৷ কথাষাৰ মনলৈ অহাৰ লগে লগেই মোৰ গাটো জিকাৰ খাই উঠিল৷ মন্ত্ৰমুগ্ধৰ দৰে মই বেগাই তেওঁৰ ওচৰলৈ গ’লোঁ আৰু কঁপা কঁপা মাতটোৰে কিবাকৈ তেওঁক ক’লোঁ “ছাৰ নমস্কাৰ৷ ছাৰ, মই আপোনাৰ ভিজিটিং কাৰ্ড এখন পাম নেকি? মোৰ আপোনাৰ লগত এক অত্যন্ত দৰকাৰী কথা পাতিবলগীয়া আছে৷

মোৰ কথা শুনি তেওঁ আচৰিত হ’ল৷ হ’বৰ কথাই৷ জাহাজৰ কেবিনৰ বাহিৰত কোনো কাৰণ নথকাকৈ এজন অচিনাকি লোকে আপোনাৰ কাৰ্ড খুজিলে আপোনালোকো নিশ্চয় আচৰিতেই হ’ব৷ কিন্তু তাৰ পিছতো তেওঁ মোৰ অনুৰোধ প্ৰত্যাখ্যান নকৰিলে৷ অলপ সময় কোনো কথা নোকোৱাকৈ মোৰ পিনে চাই থাকি তেওঁ পকেটৰ পৰা ভিজিটিং কাৰ্ড এখন উলিয়াই মোৰ হাতত গুজি দিলে আৰু তাৰ পিছত খৰখেদাকৈ সৰু ছোৱালীজনীৰ লগত জাহাজৰ ডেকলৈ গুছি গ’ল৷ তেওঁৰ ব্যৱহাৰত মই নিশ্চিত হ’লোঁ যে তেওঁ নিশ্চয়কৈ মোক কোনো বলিয়া লোক বুলি ভাবিছে আৰু সেয়ে এনে লোকৰ লগত কথা পাতি সময় নষ্ট কৰাতকৈ কাৰ্ডখন দি তাৰপৰা আঁতৰি যোৱাটোৱেই ভাল বুলি বিবেচনা কৰিছে৷

কিন্তু সেই মুহূৰ্তত মোৰ এইবোৰ কথা ভাৱি থাকিবলৈ ধৈৰ্য্য আৰু সময় দুয়োটাই নাই৷ কাৰ্ডখন জোৰেৰে মুঠি মাৰি লৈ মই জাহাজৰ এক অকলশৰীয়া কোণলৈ লৰালৰিকৈ গ’লোঁ আৰু কাৰ্ডখন পঢ়িবলৈ আৰম্ভ কৰিলোঁ৷ কাৰ্ডখন পঢ়ি মোৰ সৰ্বশৰীৰেৰে এক শিহৰণ বৈ গ’ল৷ থৰ হৈ পৰা চকুৰে মই কাৰ্ডখনলৈ চাই থাকিলো-

Mr. Ormond Wall Pittsburgh, U.S.A.

কাৰ্ডখনত লিখা থকা বাকী কথাবোৰ পঢ়িবলৈ মোৰ ধৈৰ্য্য নাথাকিল৷ মোৰ মূৰটো আচন্দ্ৰাই কৰিবলৈ ধৰিলে৷ জাহাজখনৰ লগতে যেন গোটেই পৃথিৱীখন তীব্ৰবেগত চক্ৰাকাৰে ঘূৰিবলৈ আৰম্ভ কৰিছে৷ চকুৰে মই সকলো ধুঁৱলি-কুঁৱলি দেখিবলৈ আৰম্ভ কৰিলোঁ …….

    আৰু তাৰ পিছত মোৰ আৰু একোৱেই মনত নাই!!

মোৰ যেতিয়া সজ্ঞা ঘূৰি আহিল তেতিয়া মই নিজকে বৌলনৰ এখন চিকিৎসালয়ৰ বিচনাত আৱিষ্কাৰ কৰিলোঁ৷ অতি দুৰ্বল আৰু ৰুগীয়া দেহেৰে সেই চিকিৎসালয়ত মই কেইবা সপ্তাহো চিকিৎসাধীন হৈ থাকিলোঁ৷ যোৱা মাহতহে মই তাৰ পৰা ঘূৰি আহি লণ্ডন পাইছোঁ৷    

অতি আৱেগেৰে এই কথাখিনি কৈ তেওঁ কিছুসময়ৰ বাবে একেবাৰে নিশ্চুপ হৈ গ’ল৷ তেওঁৰ দৃষ্টি এতিয়াও সন্মুখৰ দেৱালখনত নিবদ্ধ৷ যেন ডেবনিৰ পানশালাৰ সেই দেৱালখনতো তেওঁ ওৰমণ্ড ৱালক আকৌ এবাৰ বিচাৰি পাইছে!

আমাৰ কোঠাটোত তেতিয়া নীৰৱতা৷ আমি সকলোৱে অধীৰ আগ্ৰহেৰে আমাৰ সন্মুখত বহি থকা এই অচিন ব্যক্তিজনলৈ চাই আছোঁ৷ তাৰ পিছত সকলোৱে ইজনে সিজনক এক অবাক দৃষ্টিৰে চাইছোঁ৷ অদ্ভূত অকল্পনীয় কথা! আজি সন্ধিয়াটো আমি আড্ডাত যিবোৰ অভিজ্ঞতাৰ কথা ক’লোঁ সেইবোৰ এই আজব ঘটনাটোৰ তুলনাত একোৱেই নহয়৷ এয়া যে এক অবিশ্বাস্য ঘটনা !

কিন্তু এই আচৰিত লোকজনৰ অভিজ্ঞতাৰ ইয়াতেই শেষ নহ’ল৷ দেৱালৰ পৰা লাহেকৈ দৃষ্টি আঁতৰাই আনি তেওঁ আকৌ আৰম্ভ কৰিলে-

: লণ্ডনলৈ ঘূৰি আহি মই গ্ৰেট ওৰমণ্ড ষ্ট্ৰীটত থকা মোৰ ভাড়াঘৰলৈ আকৌ ঘূৰি গ’লোঁ৷ ইয়াৰ পিছত মোৰ জীৱনৰ লক্ষ্য আকৌ এবাৰ সলনি হৈ গ’ল৷ আগতে মোৰ লক্ষ্য আছিল কোঠাৰ দেৱালত দেখা অবয়বটোক বিচাৰি উলিওৱা৷ এতিয়া যিহেতু মই তেওঁক বিচাৰি পালোঁ, এইবাৰ মোৰ পৰবৰ্তী লক্ষ্য হ’ল এই আমেৰিকান লোকজনৰ বিষয়ে পাৰ্য্যমানে তথ্য যোগাৰ কৰা৷ মই দিনে ৰাতিয়ে নিজকে সেই কামতেই উৎসৰ্গিত কৰি দিলোঁ৷ মই পিটছবাৰ্গৰ বহু ঠাইলৈ চিঠি লিখিলোঁ, আমেৰিকাৰ বিভিন্ন বাতৰি কাকতৰ সম্পাদক সকললৈ চিঠি লিখি তেওঁৰ বিষয়ে বিস্তৃত তথ্য বিচাৰিলোঁ, লণ্ডনত থকা বহু আমেৰিকানৰ লগতো মই যোগাযোগ স্থাপন কৰিলোঁ৷ কিন্তু প্ৰায় এমাহ ধৰি কৰা অক্লান্ত পৰিশ্ৰমৰ অন্ততো মই তেওঁৰ বিষয়ে বিশেষ একো তথ্য গোটাব নোৱাৰিলোঁ৷ মই মাথো এই কথা গম পালোঁ যে তেওঁ আমেৰিকাৰ এজন কোটিপতি লোক আৰু তেওঁৰ পিতৃ-মাতৃ আগতে লণ্ডনৰ বাসিন্দা আছিল৷ কিন্তু তেওঁলোক লণ্ডনৰ ক’ত থাকিছিল আনকি সেই তথ্যও মই বহু চেষ্টা কৰিও উলিয়াব নোৱাৰিলোঁ৷

ইমানৰ পিছতো মই তেওঁৰ বিচাৰ-খোচাৰৰ চেষ্টা অব্যহত ৰাখিছিলোঁ৷ কিন্তু কালি হঠাতে মোৰ জীৱনত আৰু এটা আচৰ্য্যকৰ ঘটনা ঘটি গ’ল৷ কোনো এক অজ্ঞাত কাৰণত কালি মই সচৰাচৰ হোৱাতকৈ বহু বেছি ভাগৰুৱা হৈ বিচনাত পৰিলোঁ৷ এক দিঘলীয়া নিদ্ৰাৰ অন্তত মই ৰাতিপুৱা পলমকৈ টোপনিৰ পৰা সাৰ পালোঁ৷ তেতিয়ালৈ বাহিৰত পোহৰ হোৱা বহু সময় হৈ গৈছে৷ মোৰ শোৱনি কোঠাটোৰ খিৰিকীৰেও ৰ’দ সোমাই কোঠাটো উজ্জ্বল কৰি তুলিছে৷ টোপনিৰ পৰা উঠিয়েই মই মোৰ চিৰাচৰিত অভ্যাসেৰে মোৰ সন্মুখৰ দেৱালখনলৈ চালোঁ৷ দেৱাললৈ চকু যোৱাৰ লগে লগেই মই বিচনাৰ ওপৰত জাঁপ মাৰি বহি পৰিলোঁ৷ দুহাতেৰে চকুহাল ভালকৈ মোহাৰি মই আকৌ এবাৰ চালোঁ৷ এয়া কি! কালি ৰাতিলৈ দেৱালত একদম জীৱন্ত লোকৰ দৰে স্পষ্টকৈ জিলিকি থকা সেই মুখখন আজি প্ৰায় অদৃশ্য হৈ পৰিছে৷ অতি মনযোগেৰে চালেহে দেৱালত তাৰ অৱস্থিতি গম পোৱা যায়৷ অথচ, কালি ৰাতি শুবলৈ যাওঁতেও এই মুখখন ইমানেই প্ৰাণৱন্ত আছিল যেন সেই মুহূৰ্ততে তেওঁ মোৰ লগত আলাপতহে ব্যস্ত হব! দুবছৰে মোৰ চকুৰ সন্মুখত স্পষ্টকৈ জিলিকি থকা মুখখন এনেকৈ এটা ৰাতিৰ ভিতৰতেই শেতা পৰি যোৱা দেখি মই হতবাক হৈ গ’লোঁ৷

মোৰ এনে লাগিল যেন মোৰ অতিকে আপোন লোক এজন মোৰ কাষৰ পৰা লাহে লাহে আঁতৰি যাবলৈ ওলাইছে৷ হতবাক আৰু কিংকৰ্তব্যবিমূঢ় হৈ অতি বিষণ্ণ মনেৰে মই বিচনাৰ পৰা উঠি বাহিৰলৈ ওলাই গ’লোঁ৷    

বাহিৰলৈ ওলায়েই দোকানত ওলোমাই থোৱা বাতৰি কাকতবোৰৰ শিৰোনাম দেখি মই হতচকিত হৈ পৰিলোঁ! ‘আমেৰিকাৰ কোটিপটি ব্যৱসায়ীৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত’৷ আপোনালোক সকলোৱে হয়তো বাতৰিটো পঢ়িছে৷ ততাতৈয়াকৈ কাকত এখন কিনি লৈ মই বাতৰিটোত চকু ফুৰালোঁ৷ “আমেৰিকাৰ পিটছবাৰ্গৰ কোটিপতি ব্যৱসায়ী ওৰমণ্ড ৱালৰ গাড়ী ইটালিত দূৰ্ঘটনাত পতিত ৷ এখন তীব্ৰবেগী ট্ৰাকে খুন্দা মৰাৰ ফলত ওৰমণ্ড ৱালৰ গাড়ীখন পথৰ দাঁতিত লুটি খাই পৰে৷ তেখেতক অতি সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে৷”

বাতৰিটো পঢ়ি ইমান ঠাণ্ডাতো মোৰ সৰ্বশৰীৰ ঘামেৰে তিতি গ’ল৷ মোৰ মূৰটো পাতল পাতল লাগিবলৈ ধৰিলে৷ থৰক বৰক খোজেৰে মই আকৌ মোৰ কোঠালৈ ঘূৰি আহিলোঁ৷ বিচনাত বহি লৈ সন্মুখত প্ৰায় ধূসৰ হৈ পৰা প্ৰতিমূৰ্তিটো একেথৰে চাবলৈ আৰম্ভ কৰিলোঁ৷ এনেকৈ মই কিমান সময় বহি থাকিলোঁ ক’ব নোৱাৰোঁ৷ কিন্তু এটা সময়ত মই দেখিলোঁ যে সেই ধূসৰ অবয়বটো এক মুহূৰ্তৰ ভিতৰতেই দেৱালৰ পৰা একেবাৰে সম্পূৰ্ণকৈ অদৃশ্য হৈ গ’ল৷ এতিয়া মোৰ দেৱালৰ সেই ঠাইখিনি সম্পূৰ্ণ উকা৷ পিছত মই খবৰ লৈ গম পালোঁ যে যি মুহূৰ্তত মোৰ দেৱালৰ পৰা প্ৰতিচ্ছবিটো সম্পূৰ্ণি অদৃশ্য হৈ গৈছিল, একেবাৰে সঠিককৈ সেই সময়তেই ইটালীৰ এখন চিকিৎসালয়ত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈ থকা ওৰমণ্ড ৱালৰ মৃত্যু হৈছিল৷    

কথাখিনি কৈ উঠিয়েই অচিনাক লোকজন একেবাৰে নিশ্চুপ হৈ ৰ’ল৷ আমাৰ আড্ডাৰ সকলোৱে তেতিয়া অবাক হৈ তেওঁৰ পিনে চাই আছে৷ যেন কাৰো একো কবলৈ ভাষাই নাই৷ এইমাত্ৰ শুনা অভিজ্ঞতাটোৰ পিছত সকলো থৰ পৰা কপৌৰ দৰে বহু সময় ৰৈ থকাৰ পিছত প্ৰতিজনৰ মুখৰ ভিতৰতেই লাহে লাহে কৈ উঠিল “অদ্ভূত, অকল্পনীয়, অবিশ্বাস্য! এনে অলৌকিক ঘটনা হয়তো পৃথিৱীৰ অতি কম লোকৰ ক্ষেত্ৰতহে হয়৷ আমাৰ অভিজ্ঞতাবোৰ এই বিৰল অভিজ্ঞতাৰ তুলনাত একোৱেই নহয়৷ ফেণ্টাছটিক!”

তেওঁ ক’লে – হয়৷ মোৰ এই অবিশ্বাস্য অভিজ্ঞতাত তিনিটা অকল্পনীয় কথা আছে যাৰ বাবে এই অলৌকিক ঘটনা একক আৰু অনন্য৷    

প্ৰথম আচৰিত কথাটো হ’ল – আমেৰিকাত বসবাস কৰা এক ভদ্ৰলোকৰ হুবহু প্ৰতিচ্ছবি লণ্ডনৰ ওৰমণ্ড ষ্ট্ৰীটৰ এক উৱলি যোৱা দেৱালত নিজে নিজে অংকিত হৈ পৰাটো কিমান এক অসাধাৰণ ঘটনা!  তাতকৈও ডাঙৰ কথাটো হ’ল সেই প্ৰতিচ্ছবি খনৰ লগত মানুহজনৰ আয়ুসৰ এক আচৰিত যোগসূত্ৰ থকাটো৷ আধুনিক বিজ্ঞানৰ কোনো সূত্ৰই এই বিৰল যোগসূত্ৰৰ বাখ্যা কৰিব নোৱাৰিব৷

 ( আমি সকলোৱে একমুখে স্বীকাৰ কৰিলোঁ যে সঁচাকৈয়ে এই ঘটনা অকল্পনীয় ভাৱে আচৰিত৷ কথাৰ আৰম্ভণিতে এই অচিনাকি লোকজনে ঠিকেই কৈছিল যে বাস্তৱ সদায় কল্পকাহিনীতকৈ বহু বেছি আচৰিত আৰু ৰোমাঞ্চকৰ ৷)    

তেখেতে কৈ গ’ল – এই অভিজ্ঞতাৰ দ্বিতীয়টো আচৰিত কথা হ’ল এই লোকজনৰ নামটোৰ লগত তেওঁৰ প্ৰতিচ্ছবি অংকিত হোৱা ঠাইটুকুৰাৰ আজব সাদৃশ্য৷ তেওঁৰ নাম আছিল ওৰমণ্ড ৱাল আৰু তেওঁৰ প্ৰতিচ্ছবি আৱিৰ্ভাৱ হৈছিল মোৰ ওৰমণ্ড ষ্ট্ৰীটত থকা ভাড়াঘৰৰ দেৱালত৷ এই ঘটনাৰেই বা কি ব্যাখ্যা বিজ্ঞানৰ হাতত থাকিব পাৰে? আছে জানো?

“নাই নাই৷ এই ঘটনাৰ কোনো ব্যাখ্যা থাকিবই নোৱাৰে৷ এয়া অলৌকিক ঘটনা৷” আমি সকলোৱে একমুখে স্বীকাৰ কৰিলোঁ৷    

এই অসাধাৰণ ঘটনাটো শুনাৰ পিছত আমাৰ আড্ডা একেবাৰে জমি উঠিল৷ আমি সকলোৱে নতুন উৎসাহেৰে অলৌকিক ঘটনা আৰু তাৰ ব্যাখ্যাত বিজ্ঞানৰ ব্যৰ্থতা সম্পৰ্কে নিজ নিজ দৃষ্টিকোণৰ পৰা বিভিন্ন কথা দাঙি ধৰিলোঁ৷ সঁচাকৈয়ে এই বিশ্বত কিছুমান এনে অদ্ভূত ঘটনা ঘটে যাৰ ব্যাখ্যা কাৰোঁ হাততেই নাথাকে৷ এইমাত্ৰ শুনা এই ঘটনাটোৰ কথাকেই ধৰক৷ এনে অদ্ভূত অবিষ্মৰণীয় অভিজ্ঞতাৰ বিষয়ে বিজ্ঞানে কি ব্যাখ্যা দিব পাৰিব? একো নোৱাৰে৷ অথচ এনে অভিজ্ঞতা আমাৰ মাজতেই বহি থকা এজন ভদ্ৰলোকৰ জীৱনত হৈ গৈছে৷ পৃথিৱীত সকলো ঘটনাৰে ব্যাখ্যা নাথাকে৷

বাস্তৱ কল্পকাহিনীতকৈও বহু বেছি জটিল আৰু ৰোমাঞ্চকৰ৷ উত্তেজনাত আমাৰ মাতবোৰ লাহে লাহে ডাঙৰ হৈ আহিল৷ এনেকৈ নিজৰ মাজতে কথা বতৰা পাতি থাকোঁতেই ইমানপৰে আকৌ নিশ্চুপ হৈ বহি থকা লোকজন হঠাতে থিয় দিলে আৰু সকলোকে সম্ভাষণ জনাই তেওঁ আড্ডাৰ পৰা বিদায় মাগিলে৷ এক অনন্য সুন্দৰ আৰু অবিষ্মৰণীয় অভিজ্ঞতাৰ অংশীদাৰ কৰি আমাৰ সন্ধিয়াটো জীপাল কৰি তোলা কাৰণে মনে প্ৰাণে কৃতজ্ঞ হৈ আমি সকলোৱে তেওঁক আকোৱালি লৈ ধন্যবাদ জনাই বিদায় জনালোঁ৷ আস! এয়া এক অনুপম সন্ধিয়া!    

ক্ষীণকায় অচিনাকি লোকজন আমাৰ পৰা বিদায় মাগি উঠি গৈ পাবৰ দুৱাৰৰ হেণ্ডেলত হাত দিয়াৰ লগে লগে আমাৰ মাজৰ এজনে কিবা এটা কথা মনত পৰাত চিঞৰি উঠিল৷

: মহাশয়, এক চেকেণ্ড ৰ’ব৷ আপুনি এটা কথা ক’বলৈ পাহৰি গ’ল৷ আপুনি কৈছিল যে আপোনাৰ এই অবিশ্বাস্য অভিজ্ঞতাত তিনিটা অকল্পনীয় কথা আছে যাৰ বাবে এই অলৌকিক ঘটনা একক আৰু অনন্য৷ আপুনি ইয়াৰে দুটা কথা ক’লে যি দুটা কোনো সন্দেহ নোহোৱাকৈ আচৰিত৷ পিছে আপুনি তৃতীয় কথাটো নক’লে৷    

আধামেলা দুৱাৰখনৰ মাজতে থিয় দি তেওঁ ৰৈ দিলে আৰু আমালৈ বেঁকাকৈ ঘূৰি চালে৷  

: আস! তৃতীয় অদ্ভূত কথাটো মই আপোনালোকক ক’বলৈ পাহৰিয়েই গৈছিলোঁ৷ এই ঘটনাৰ তৃতীয় আচৰিত কথাটো হ’ল যে আপোনালোকৰ কথা বতৰা শুনি থাকি এই কাহিনীটো মই মাত্ৰ আধা ঘণ্টা আগতেহে সাজি উলিয়াইছোঁ৷    

শুভৰাত্ৰি বন্ধু সকল….  

☆★☆★☆  

 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 

28 Comments

  • বঢ়িয়া …..
    ভাগৱতীদা ৰকছ…
    অনুবাদৰ যোগেদি পাঠকে মূল কাহিনীটোৰ সোৱাদ পাবলৈ সক্ষম হৈছে । পৰৱৰ্তী প্ৰতিটো খণ্ডতে যাতে নিৰৱিচ্ছিন্নভাৱে আপোনাৰ লেখাৰ পাই থাকো তাৰেই কামনাৰে নৱবৰষৰ শুভেচ্ছা ।

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ প্ৰীতম ৷ নৱবৰ্ষৰ শুভেচ্ছা থাকিল ৷

      Reply
  • Sankar Jyoti Bora

    শেষৰ টুইষ্টটো বঢ়িয়া লাগিল৷ভাগৱতীয় পৰশে কাহিনীটো মোহনীয় কৰি তুলিছে৷

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ 😊

      Reply
  • কমল তালুকদাৰ

    ইংৰাজীত কৈ নিজৰ ভাষাত পঢ়াৰ মজাই বেলেগ , ধন্যবাদ অলকেশ ভাগৱতী দা এটি সুন্দৰ গল্প অনুবাদ কৰি আমাৰ নিচিনা বোৰক পঢ়া সুযোগ দিয়া বাবে ।

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ 😊

      Reply
  • Madhurjya Goswami

    কিমান দিনৰ মূৰত যে এনেকুৱা এটা গল্প পঢ়িলোঁ অলকেশ দা। ধন্যবাদ।

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ😊

      Reply
  • অলকেশ ভাগৱতী

    অশেষ ধন্যবাদ 😊

    Reply
  • বহুত ভাল লাগিল অলকেশ দা। নৱবৰ্ষৰ শুভকামনা জনালোঁ।

    Reply
    • অলকেশ ভাগৱতী

      ধন্যবাদ ৷ আপোনালৈও নৱবৰ্ষৰ শুভেচ্ছা থাকিল ৷

      Reply
  • বৰ সাৱলীল অনুবাদ।

    নৱবৰ্ষৰ শুভেচ্ছা জনালো

    Reply
    • অলকেশ ভাগৱতী

      ধন্যবাদ ৷ তোমালৈও নৱবৰ্ষৰ শুভেচ্ছা থাকিল ৷

      Reply
  • Dolly Talukdar

    বৰ ভাল লাগিল পঢ়ি । সুন্দৰ ।

    Reply
  • হেমন্ত কাকতি

    তামাম অলকেশ! শেষত তামাম হাঁহিলো৷ সেইজনো তোমাৰ দৰে জেং মানুহ হব৷ মোৰ আকৌ সব বাদ দি তাক বিছাৰি যাব মন গৈছে৷

    Reply
    • অলকেশ ভাগৱতী

      ধন্যবাদ দাদা 😊

      Reply
  • শেষত মানুহটোৰ বেঁকা হাঁহিটোৰ কথা পঢ়ি চক্‌খাই উঠিলোঁ৷ তেতিয়াও টুইষ্টটো গম পোৱা নাই৷ হেটছ অফ্‌৷ শেষলৈকে চাচপেন্স৷

    Reply
  • Mitali Saharia

    বৰ ধুনীয়া লাগিল দাদা।

    Reply
  • বিৰাট ভাল লাগিল৷মানুহজনৰ আপোনাৰ লগত মিল আছে৷ধন্যবাদ

    Reply
  • মনিকা হাজৰিকা

    কাহিনীটোৰ মানুহজন আপোনাৰ দৰে লাগিল, যিদৰে আপুনি ৰাখে আপোনাৰ লিখনিত চাচপেঞ্চ। বৰ ভাল লাগিল, এটা সুন্দৰ কাহিনীৰ সোৱাদ ললোঁ আপোনাৰ জৰিয়তে।

    শুভ নৱবৰ্ষ…

    Reply
    • অলকেশ ভাগৱতী

      ধন্যবাদ৷ নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা থাকিল ৷

      Reply
  • ভাল লাগিল দেই ৷

    Reply
  • ৰিণ্টু

    সেইকাৰণেই মোৰ কামোৰ খোৱা তুমি। অৰিজিনেলতকৈও ভাল হৈছে বুলি ক’লেও বেছি কোৱা নহ’ব।

    লাভ ইউ ব্ৰাডাৰ

    Reply

Leave a Reply

Your email address will not be published.