ফটাঢোল

মূৰত হেলিকপ্টাৰ উঠাৰ চমু কাহিনী – দেৱাংগ পল্লৱ শইকীয়া

পতকে মনত পৰিল। ভাবিলো আপোনাকো কওঁ।
বহুতেই মোৰ এই ঘটনাটো জানে।

তৃতীয় নে চতুৰ্থমানত দে’তাই হেলিকপ্তাৰ এখন আনি দিছিল। সৰু। চাবি পকোৱা। অনাৰ দিনাই ৰাতি সেইখন মাটিত চলাই মেলি এবাৰত চাবিটো পকাই মূৰত লগাই দিলোঁ। মোৰ চুলিবোৰ ভালুকৰ দৰে আছিল। জপৰা। হেলিকপ্তাৰৰ ইঞ্জিনে পলকতে গোটেই চুলিসোপা সামৰি ধৰিলে। প্ৰপেলাৰ ৰৈ গ’ল। হেলিকপ্তাৰখন মূৰতে হেলিপেডত ৰোৱা নিচিনাকৈ ৰৈ থাকিল।

মায়ে কেঁচি লগালে। নোৱাৰিলে। দে’তাই সৰু কেঁচি লগালে নোৱাৰিলে। তালুখনৰ গোটেই চুলি ইঞ্জিনে সামৰি লৈছিল।

ৰাতি মূৰত হেলিকপ্তাৰ লৈয়েই ভাত খালো। হেলিকপ্তাৰ আনিবলৈ মোৰ হৈ মাত মতাৰ বাবে মায়ে গালি খালে।
মূৰত হেলিকপ্তাৰ লৈয়ে ৰাতি শুলোঁ। প্ৰপেলাৰ আঁঠুৱাত লাগিল। মায়ে মোৰ মূৰটো আঁঠুৱাৰ পৰা বাহিৰলৈ উলিয়াই থ’লে। ওৰে ৰাতি হেলিকপ্তাৰ মোৰ মূৰত থাকিল। ৰাতি মায়ে মূৰত হাত ফুৰাওতে সেই ৰাতি প্ৰপেলাৰত হাত ফুৰালে। ৰাতি টোপনিতে মূৰ খজুৱাওঁতে প্ৰপেলাৰক খজুৱালোঁ।

সমস্যা আহিল। এনেকৈ মূৰত হেলিকপ্টাৰ লৈ থাকিব নোৱাৰি। মূৰৰ পৰা নমাব লাগিব।

ৰাতিপুৱাই দে’তাই চাইকেলত বহাই মোক চেলুনলৈ নিলে। বাটত বহুতে সুধিলে। বহুতে হাঁহিলে। মই আমোদ পালোঁ। সেই অঞ্চল বা জিলাত মূৰত হেলিকপ্তাৰ উঠা প্ৰথম মানুহটো হোৱাৰ গৌৰৱত।

চুলি কটা মিস্ত্ৰীয়ে মোক দেখি দে’তাক সোধা প্ৰথম প্ৰশ্নটো আছিল – এই জিনিছটো মাথাত কোনে লগালে মাষ্টৰ বাবু ??

☆★☆★☆

Leave a Reply

Your email address will not be published.