ফটাঢোল

মেংগ’ ডেফিচিয়েনচি ডিজিজ্ – অশোক কুমাৰ নাথ

(১)

“অ’ কাইটি, ক’ত গৈছিলা ?”

“এ নকবি দে ৰূপম, আমাৰ এই হৰেণক ঠগেন্দ্ৰ ডাক্তৰৰ ওচৰলৈ লৈ গৈছিলোঁ। বিয়া পতা এবছৰেই হোৱা নাই, কিবা জলকা মাৰি থকা হৈছে। তাকে দেখালোঁগৈ ডাক্তৰক।”

“হেই কাইটি! সেইটো ডাক্তৰ নহয়তো৷ সেইটো বেজহে৷ আজিৰ দিনত বেজৰ ওচৰলৈ যায় নেকি! তোমালোকো যে আৰু দেই৷

“ইহ! টিথেচকোপ লৈ চাইছে আক’!”

“ইহ! থোৱা থোৱা৷ ষ্টেটচকোপ্ (Statoscope) লৈ চালেই ডাক্তৰ হৈ যাব নেকি কাইটি? বাৰু, কি হৈছে বুলি কৈছেনো?”

“কেইবাটাও পৰীক্ষা কৰিলে। তাৰ পিছত ক’লে, হৰেণৰ মেংগ’ ডেফিচিচি ৰোগ হৈছে বোলে!”

“মেংগ’ ডেফিচিচি? কি বস্তু এইটো? চাওঁ কিবা কাগজত লিখি দিছে নেকি বেমাৰটো?

“অঁ, মই কাগজ এখনত লিখি দিবলৈ কৈছিলোঁ ডাক্তৰক। ডাক্তৰে লিখি দিছে৷ চাচোন চা এই কাগজখন।”

“মেংগ’ ডেফিচিয়েনচি ডিজিজ্ (Mango Deficiency Disease)! কি বেমাৰ এইটো?”

“এ নকবি বোপাই! এইটো বেমাৰ হ’লে মানুহবোৰৰ হেনো ৰাক্ষসৰ দৰে আম খাবলৈ মন যায়। চাচোন, এই ফুলকুমলীয়া ল’ৰাটোক কি বেমাৰখন দিলে বিধাতাই! হায় হায়! চাচোন, সি কেনেকৈ আম গছডাললৈ থৰ লাগি চাই আছে!”

ৰূপম দেখি আচৰিত হ’ল! সঁচাকৈয়ে হৰেণে আমগছডাললৈ ৰ লাগি চাই আছে। সি একো বুজিব নোৱাৰিলে।

“জাননে ৰূপম, ডাক্তৰে কৈছে — আমাৰ, মানে আজিকালিৰ মানুহৰ সকলোৰে কম-বেছি পৰিমাণে মেংগ’ ডেফিচিয়েনচি ৰোগ আছে বোলে! মোৰো আছে, আনকি তোৰো আছে। গতিকে আমি সকলোৱেই সাৱধান হ’ব লাগিব। পকা মিঠা আমবোৰ বেছিকৈ খোৱাৰপৰাই হেনো এই ৰোগৰ উৎপত্তি। এই ৰোগৰ হেনো লক্ষণ — অনবৰতে আম খাওঁ আম খাওঁ লাগি থাকে। বাৰু দে, এতিয়া বেছি দেৰি নকৰোঁ। এৰিছোঁ তোক।”

ৰূপমৰ মাত হৰিল। তাৰ চকু দুটাক বাৰে বাৰে আমগছডালে টানি নিবলৈ ধৰিলে। এইবাৰ সঁচাকৈয়ে সি আমগছডাললৈ চাবলৈ বাধ্য হ’ল। হাৰে! তাৰচোন আম খাবলৈ বৰ মন গৈছে। মেংগ’ জু’চ্ (Juice) এগিলাচ খাবলৈ তীব্ৰ বাসনা জাগিছে! আৰু বাসনাটো লাহে লাহে বাঢ়ি যাবলৈ ধৰিছে! কি হৈছে এইবোৰ? সি বৰ ভয় খালে! বেগাই খোজ ল’লে সি ঘৰলৈ বুলি! হঠাতে পিছফালৰ আমগছডাললৈ চাই সি এইবাৰ দৌৰিবলৈ ধৰিলে!!

হৰেণৰ “মেংগ’ ডেফিচিয়েনচি” ৰোগ হৈছে– কথাটো গোটেই গাঁৱতেই বিয়পি পৰিল। লাহে লাহে আশে-পাশে থকা গাঁওবোৰলৈকো এই ৰোগ বিয়পিল। ঠগেন্দ্ৰ ডাক্তৰৰ গাত তৰণিয়েই নোহোৱা হ’ল ৰোগী চাই চাই!!

আবেলিৰ সময়। হৰেণৰ ঘৈণীয়েক মিনতিয়ে পদূলিফালৰ পৰা দৌৰি চিঞৰি চিঞৰি চোতাল পালেহি –“অ’ ককাইদেউ, আহকচোন, আমাৰ এওঁ পদূলিমূৰৰ আমগছডাল সাৱট মাৰি ধৰি ৰৈ আছে! মই বহুতবাৰ এৰুৱাব খুজিও এৰুৱাব নোৱাৰিলোঁ। অ’ ককাইদেউ আহকচোন! অ’ বাইদেউ আহকচোন! মানুহটোৰ কি হৈছে এইবোৰ?” — মিনতিয়ে ছটফটাবলৈ ধৰিলে।

ঘৰৰ আটাইবোৰ মানুহ দৌৰি-ঢাপৰি গৈ পদূলি পালেগৈ। কিন্তু হৰেণ নাই!

“ক’তা? নাইচোন? নাইচোন?”

সকলোৱে হৰেণক বিচাৰিবলৈ ধৰিলে।

হৰেনৰ ভতিজাকৰ হঠাতে চকুত পৰিল! সি চিঞৰি উঠিল– ‘সৌৱা খুৰা, আমগছৰ একেবাৰে ওপৰত!!’

(২)

কাষ্টমাৰ : দাদা, মোৰ বিলটো কিমান হ’ল পটাপট ক‌ওকচোন।

হোটেলৰ মালিক : কি কি খালে আপুনি ?

কাষ্টমাৰ : গজা ৫টা, খুৰ্মা ৭টা, চিংৰা ৪টা, ৰসগোল্লা ৯টা, লালমোহন ১০টা, খাজা ৪টা, আনাৰকলি ৬টা, পেৰা ৮টা, বৰফি ৫টা, ৰসমলাই ১০টা, মলাই চমচম ১১টা, কালাগান ৮টা, জেলেপি ২০খন আৰু চিকেন ২ প্লেটৰ লগত পৰঠা ৩টা।

হোটেলৰ মালিক : আপুনি আধা-আধি মোৰ হোটেলখনেই খাই দিলেচোন!

কাষ্টমাৰ : নাই নাই! কিয় তেনেকৈ কৈছে হোটেল দা! হাতত সময়ো বেছি নাই! বৰ ব্যস্ত জানেনে! ২ ঘণ্টাত যিমান পাৰিছোঁ খাইছোঁ আৰু! বাৰু বিলটো ক‌ওকচোন।

হোটেলৰ মালিক : আপোনাৰ এহেজাৰ ১৯ টকা ২৩ প‌ইচা হৈছে বিল।

কাষ্টমাৰ : বাপৰে! ইমান হৈছেনে বিল ?

হোটেলৰ মালিক : কি কৰিব! পেট্ৰ’ল-ডিজেলৰ দাম যিহে বাঢ়িছে, দেখিছেই নিশ্চয়। গতিকে ১ প‌ইচাকৈ আমিও বঢ়াইছোঁ বস্তুবোৰৰ দাম। চিংৰাৰ দাম আগতে আছিল ১০ টকা; এতিয়া ১০ টকা ১ প‌ইচা। তেনেকৈ গজা, খুৰ্মা, ৰসগোল্লাৰ দাম এতিয়া ক্ৰমে ৮.০১ টকা, ৯.০১ টকা আৰু ২০.০১ টকা।

কাষ্টমাৰ : বাৰু হোটেল দা, আপোনাক বিশ্বাস কৰিছোঁ দিয়ক। আচ্ছা, মিছা কথা নক‌ওঁ৷ মিছা কথা কৈ এনেও মই বেয়া পাওঁ৷ মোৰ হাতত এতিয়া বাৰু প‌ইচা নাই। আপুনি এটা কাম কৰক৷ মোৰ নামত মিশ্ৰ সুতত আপুনি বাকী লিখি থৈ দিয়ক। মিশ্ৰ সুত মানেতো আপোনাৰ লাভেই লাভ! মোৰহে লোকচান হ’ব আৰু। বাৰু দিয়ক, একো কথা নাই! জীৱনটো এনেকুৱাই! সহ্য কৰিব‌ই লাগিব। এতিয়া আহিছোঁ হোটেল দা!

হোটেলৰ মালিক : কি?

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published.