ফটাঢোল

মোৰ ক্ষেত্ৰত এনে হৈছিল – নিপুল ভট্টাচাৰ্য্য

দুবছৰৰ আগৰ কথা৷ মই ৰৈ আছিলোঁ আৰ্য বিদ্যাপীঠ কলেজৰ সমুখত বন্ধু এজনৰ অপেক্ষাত৷ কলেজৰ ল’ৰা ছোৱালীৰে ভৰি আছিল ঠাই টুকুৰা৷ এনেতে তিনিজন কলেজীয়া ল’ৰা আহি মোক মাত লগালে,

: দাদা অলপ সহায় লাগিছিল আপোনাৰ পৰা৷

মই ল’ৰা তিনিজনৰ মুখলৈ চালোঁ, সৰু ল’ৰা৷ মুখ কেইখন চাই অমায়িক যেনেই লাগিল৷ মই সুুধিলোঁ,

: কি সহায় লাগে কোৱা পাৰিলে নিশ্চয় কৰিম৷

তেতিয়া এজনে ক’লে,

: দাদা আজি আমাৰ ফাইনেল পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ দিন, কিন্তু প্ৰব্লেম হৈছে ইয়াক লৈ৷

ওখ ল’ৰাজনলৈ দেখুৱাই এজনে ক’লে৷

: কি প্ৰব্লেম কোৱাচোন৷

মই ক’লোঁ৷

: মানে দাদা প্ৰ-পত্ৰ পূৰণৰ সময়ত আমাৰ অভিভাৱক এজনক আহিবলৈ কৈছিল, কিন্তু ইয়াৰ দেউতাক আহিব নোৱাৰিলে কোনোবা ওচৰৰে মানুহ এজন ঢুকোৱাৰ বাবে৷

: হয় দাদা, মোৰ ঘৰ হাজোত, দেউতাও আহিব নোৱাৰিলে হাজোৰ পৰা আন কোনোবা অহা মানুহো পোৱা নাই৷ প্লিজ দাদা এই খিনি সহায় কৰক৷

ওখ ল’ৰাজনে বৰ অনুনয়েৰে ক’লে৷ মই ক’লোঁ,

: বুজিলোঁ বাৰু৷ কিন্তু কথা হ’ল তোমালোকৰ কলেজৰ কাৰো স’তে মোৰ চিনাকি নাই৷

: চিনাকি নালাগে দাদা৷

এজনে ক’লে৷

: তেন্তে মই কেনেকৈ সহায় কৰিম?

: দাদা আপুনি অলপ সময়ৰ বাবে মোৰ খুড়া হ’লেই হৈ যাব৷

মই অলপ চিন্তা কৰিলোঁ, মোৰ সামান্য মিছা কথা এটাৰে যদি ল’ৰাজনৰ উপকাৰ হয় মোৰনো অলপ সময় খুড়া হ’লে কি প্ৰব্লেম হ’ব৷ (এই বয়সতে খুড়া বুলি মাতিলে খং নুঠা নহয় কিন্তু) মই ল’ৰাজনৰ পৰা প্ৰ-পত্ৰ আৰু মাচুল খিনি লৈ ক’লোঁ,

: ব’লা এতিয়া কোনফালে জমা দিব লাগিব৷

ল’ৰা তিনিজনে মোক কোঠা এটালৈ লৈ গ’ল য’ত ল’ৰা ছোৱালী অভিভাৱকেৰে ঠাহ খাই আছিল৷

: দাদা সেইফালে যে চাৰ বাইদেউ সকল আছে তাত জমা দিলেই হ’ল৷ আৰু দাদা মই অনুপম, আপুনি অনুপমৰ খুড়া বুলি ক’লেই হ’ল৷ আপুনি জমা দিয়ক আমি বাৰান্দাতে আছোঁ, আৰু আপোনাক বহুত ধন্যবাদ দাদা৷

মই ঠিক আছে বুলি কৈ শিক্ষক শিক্ষয়ত্ৰী কেইগৰাকীৰ ওচৰলৈ গৈ প্ৰ-পত্ৰ মাচুল জমা দিলোঁ৷ এগৰাকীয়ে ৰেজিষ্টাৰ এটাত চহী কৰিবলৈ দি সুধিলে অনুপমৰ কি হওঁ৷ মই যিমান পাৰোঁ গহীন হৈ ক’লোঁ খুড়াক হওঁ৷ লাষ্টৰ ফালে বহা শিক্ষক জনে ক’লে,

: এইফালে আহক, এইয়া চাওক অনুপমৰ এটেণ্ডেণ্ট ৰেজিষ্টাৰ৷ দেখিলে কিমান ক্লাচ কৰিছে? সপ্তাহত দুদিনো নাহে৷ আপোনালোক অভিভাৱকবোৰৰ একো দায়িত্ব নাথাকে নেকি? ল’ৰাজন কলেজ আহিছেনে নাই খবৰ ৰাখেনে? ৰিজাল্ট বেয়া হ’লে সমস্ত দোষ আমাক দিব৷ কি দৰকাৰ ল’ৰাক বাইক দিবলৈ?

আৰু কিমান যে কি কথা শুনালে মোক৷ বিনাকাৰণত গালি সোপা খালোঁ, ক’বও নোৱাৰোঁ তাৰ খুড়াক নহয় বুলি৷ মনে মনে ভাবি আছোঁ ওলাই গৈয়ে তিনিওটাকে ভাল পিটন দিম৷ কিবাকে কাণ মূৰ ৰঙা কৰি ওলাই আহিলোঁ৷ ইমানবোৰ মানুহৰ সমুখত কম কথা শুনালেনে! বাহিৰ ওলাই ইফালে সিফালে চাই এজনকো বিচাৰি নাপালোঁ৷ চাল্লা ধুৰন্ধৰ কেইটাই ভাল টুপি পিন্ধোৱা বুলি অনুভৱ হ’ল৷

এতিয়াও আৰ্য বিদ্যাপীঠৰ সন্মুখেৰে গ’লে চাই যাওঁ, কিজানিবা এজনক হ’লেও পাই যাওঁ৷ মা কচম লগ পালে এনেকুৱা পিটিম নহয়!

☆★☆★☆

5 Comments

Leave a Reply

Your email address will not be published.