ফটাঢোল

মৰম-চেনেহ – সৌমিত্ৰ যোগী

এতিয়া কেৱল যে আগৰ পাঁচশ আৰু হাজাৰটকীয়া নোটহে নচলে এনে নহয়, আগৰ নিয়ম-চিয়মবিলাকো আজিকালি নচলে। আৰু আইন-আদালত, অফিচ-কাছাৰী বুলিয়ে নহয়, সকলো ক্ষেত্ৰতে তেনেকুৱা, পুৰণি নিয়ম নচলে। ধৰি লওক যোগ সাধনা। আগতে মানুহে যোগ সাধনা কৰিছিল শৰীৰ-মন সুস্থ ৰাখিবলৈ। এতিয়া যোগ সাধনা কৰা হয় দুৰ্নীতি নিৰ্মূল কৰিবলৈ, সম্প্ৰীতি আৰু ভাতৃত্ববোধ বঢ়াবলৈ আদি। ঠিক তেনেকৈয়ে, সাহিত্যৰ মাজলৈ আহক। আগতে আছিল – কবিতা লিখাই কবিতা লিখে, উপন্যাস লিখাই উপন্যাস, গল্পকাৰে গল্প, তাৰ পাছত এই আটাইবোৰ প্ৰকাৰক সমালোচকে সমালোচনা কৰে। কিন্তু সম্প্ৰতি অসমীয়া সাহিত্যত এই নিয়ম অচল হৈ পৰিছে। এতিয়া সমালোচকে নিজে কবিতা নিলিখাকে কবিতাৰ সমালোচনা কৰিব নোৱাৰিব, গল্প নিলিখাকে গল্পৰ সমালোচনা কৰিব নোৱাৰিব, ইত্যাদি। মই দৈৱৰ দুৰ্বিপাকত কবিতাৰ কিবা কাম এটা হাতত লৈছিলোঁ। নতুন নিয়ম মতে কবিতা নিলিখাকে কবিতাৰ কাম কৰিবলৈ মোৰ কোনো নৈতিক অধিকাৰ নাই। এতেকে সেই নৈতিক অধিকাৰ অৰ্জনৰ নিমিত্তে কবিতা এটা লিখিছোঁ।
কবিতাটো অৱশ্যে কিছু পৰিমাণে পৰিৱেশ্য কলাৰ অন্তৰ্গত। এইটো হৈছে এতিয়াৰ, নতুন ট্ৰেণ্ড। ইয়াত কবিয়ে পৰিৱেশ্য কলা মানে ইয়াকে বুজাইছে যে আজিকালি হাতচাপৰি অবিহনে কবিতা অসম্পূৰ্ণ। আৰু যাৰ কবিতাই যিমান হাতচাপৰি পায়, সেইটোৱে সিমান সাৰ্থক কবিতা। আৰু যিসকল কবিয়ে উঠোঁতে-বহোঁতে সকলোতে হাতচাপৰি পায়, তেওঁলোকেই আচল তথা সাৰ্থক কবি।
মোৰ এই কবিতাটো মাতোঁতে পঢ়ুৱৈয়ে অলপ “ৰে’প মিউজিক”ৰ লয় তাল মানি চলিব লাগিব। ধৰি লওক আপুনিও য়ু য়ু হানী সিং। এয়া আপোনাৰ মুখত সুললিত ছন্দত বাজিবলৈ মোৰ শব্দখেতি। মাজে মাজে কেৱল সুবিধা বুজি – “তেন তেনা তেন তেন, তেনেনানা তেন তেন” স্বৰত “ভাল পাওঁ ভাল পাওঁ” বুলি দুবাৰ উচ্চাৰণ কৰিব লাগিব।

ফুল মোৰ মৰমৰ, পাহিকো ভাল পাওঁ
লতা মোৰ মৰমৰ, পাপৰিকো ভাল পাওঁ
কবিতা মোৰ মৰমৰ, নমিতাকো ভাল পাওঁ
ৰং অতি মৰমৰ, তুলিকাকো ভাল পাওঁ
মৌচুমী মৰমৰ, চুমীকো ভাল পাওঁ
কৰৱী মোৰ মৰমৰ, পূৰৱীকো ভাল পাওঁ
অৰ্চনা মৰমৰ, বন্দনাকো ভাল পাওঁ
অঞ্জলি মোৰ মৰমৰ, পূজাকো ভাল পাওঁ
নিৰ্মালী মোৰ মৰমৰ, উপলাকো ভাল পাওঁ
অপৰাজিতা মৰমৰ, মনজিতাকো ভাল পাওঁ

ধৰিত্ৰী মোৰ মৰমৰ, অদিতিকো ভাল পাওঁ
কুঁৱলী মোৰ মৰমৰ, ৰ’দালিকো ভাল পাওঁ
নীহাৰিকা মৰমৰ, পাহাৰীকো ভাল পাওঁ
তৰা মোৰ মৰমৰ, চন্দ্ৰমাকো ভাল পাওঁ
জোন মোৰ মৰমৰ, পূৰ্ণিমাকো ভাল পাওঁ
বৰ্ষা মোৰ মৰমৰ, আশ্বিনকো ভাল পাওঁ
কাকলি মোৰ মৰমৰ, প্ৰণামীকো ভাল পাওঁ
উৰ্মিলা মোৰ মৰমৰ, পমিলাকো ভাল পাওঁ
জেউতি মোৰ মৰমৰ, সেউতীকো ভাল পাওঁ
কল্পনা মোৰ মৰমৰ, আল্পনাকো ভাল পাওঁ
প্ৰতিভা মোৰ মৰমৰ, পল্লৱীকো ভাল পাওঁ
মনিষা মোৰ মৰমৰ, বিদিশাকো ভাল পাওঁ
ৰেখা মোৰ মৰমৰ, বিপাশাকো ভাল পাওঁ
একতা মোৰ মৰমৰ, নন্দিতাকো ভাল পাওঁ
ফুল মোৰ মৰমৰ, পাহিকো ভাল পাওঁ
জ্যোস্না মোৰ মৰমৰ, প্ৰীতিষ্ণাকো ভাল পাওঁ
গংগা মোৰ মৰমৰ, পদ্মাকো ভাল পাওঁ
গোদাৱৰী মৰমৰ, ঈশিতাকো ভাল পাওঁ
গহনা মোৰ মৰমৰ, সোণালীকো ভাল পাওঁ
অজন্তা মোৰ মৰমৰ, সম্প্ৰীতিকো ভাল পাওঁ
ইলোৰা মোৰ মৰমৰ, জিণ্টীকো ভাল পাওঁ
জিৰণী মোৰ মৰমৰ, নৱমীকো ভাল পাওঁ
গৌৰী মোৰ মৰমৰ, জুবলীকো ভাল পাওঁ
ৰাধা মোৰ মৰমৰ, পৰিধিকো ভাল পাওঁ
সুৰভি মোৰ মৰমৰ, লভিতাকো ভাল পাওঁ
দীপশিখা মৰমৰ, সমীক্ষাকো ভাল পাওঁ
বন্তি মোৰ মৰমৰ, ৰিম্পীকো ভাল পাওঁ
উপাসনা মৰমৰ, মাধুৰীকো ভাল পাওঁ
পৰ্ণা মোৰ মৰমৰ, লতিকাকো ভাল পাওঁ
জান মোৰ মৰমৰ, দেহাকো ভাল পাওঁ
জুৰি মোৰ মৰমৰ, পৰীকো ভাল পাওঁ
ঝৰ্ণা মোৰ মৰমৰ, জয়িতাকো ভাল পাওঁ
দীপ্তি মোৰ মৰমৰ, তৃপ্তিকো ভাল পাওঁ
ৰশ্মি মোৰ মৰমৰ, কৰিশ্মাকো ভাল পাওঁ
কমলা মোৰ মৰমৰ, বিমলাকো ভাল পাওঁ
কাঞ্চন মোৰ মৰমৰ, লিপিকাকো ভাল পাওঁ
হাচনাহানা মৰমৰ, আহানাকো ভাল পাওঁ
মমতা মোৰ মৰমৰ, ছুইটীকো ভাল পাওঁ
দূবৰি মোৰ মৰমৰ, বাবৰিকো ভাল পাওঁ।

এতিয়া কবিতাটোৰ সমালোচনা হ’লে হ’ব এনেধৰণৰ – কবিতাটোৰ মাজেৰে কবিয়ে ইয়াকে ক’বলৈ গৈছে যে তেওঁৰ অন্তৰখন মৰম-চেনেহেৰে ঠাহ খাই আছে। ৰ’দ লাগিলে যিমানেই প্ৰখৰ নহওক কিয়, সাগৰৰ পানী যিদৰে কমি নাযায়, কবিৰ অন্তৰৰ মৰম-চেনেহো দি থাকিলেও শেষ হোৱা বিধৰ নহয়।

■■

10 Comments

  • দা আপোনাৰ লেখাটিয়ে বৰ্তমানৰ কবি আৰু সমালোচক উভয় মহলকে সচেতন কৰিব৷ কৃতজ্ঞতা জনালো৷

    Reply
  • Bijoy Mahanta

    সুন্দৰ

    Reply
  • গীতালি

    খুব ভাল লাগিল পঢ়ি

    Reply
  • ৰিণ্টু

    সুন্দৰ লেখনী, পঢ়ি আপ্লুত হ’লো দাদা

    Reply
  • আপোনাৰ লেখাটোৱে আমাৰ গোটৰ সৌষ্ঠৱ বঢ়ালে ৷ বহুত ধন্যবাদ ৷

    Reply
  • অভিজিত

    দাদা, আগলৈয়ো আমাক উৎসাহ দি যাব।

    লেখাটো বঢ়িয়া লাগিল, বিশেষকৈ লাষ্টৰ দুটা লাইন।

    Reply
  • মজা লাগিল

    Reply
  • লিপিকা

    বৰ ভাল লাগিল পঢ়ি…

    Reply
  • সুন্দৰ ।কবি আৰু সমালোচক দুয়োকে চুলে।

    Reply
  • Nibhakakati

    ব্যঙ্গ আৰু হাস্য দুয়োটাৰ সোৱাদ একেলগে দিলে। খুব ভাল লাগিল সৌমিত্ৰ দা।

    Reply

Leave a Reply

Your email address will not be published.