ফটাঢোল

যথা কন্যা তথা বিবাহ – ধ্ৰুৱজ্যোতি অৰ্জুন

তেতিয়া তাইৰ আৰু মোৰ দুৰ্ঘোৰ প্ৰেম । ভোডাফোনৰ ওৰে নিশা ফ্ৰী টকটাইমৰ মই দামী গ্ৰাহক । বাৰিষাৰ বাঢ়নী পানীৰ দৰে কথা উলাই । সাধাৰণতে বাহিৰত ৰাজনীতি , কুটনীতি, সমাজ সংস্কাৰৰ দৰে কথাহে পতা মইটোৰ বুকুত ৰাতি বাহ লয় কোনো প্ৰেমিক চৰাই ।

বিয়াৰ দিনা মোৰ টেনচন । এনেয়ে প্ৰত্যেকটো ডেকালৰাৰ বিয়া বুলিলে মনটো ৰোমাঞ্চিত হৈ থাকে যদিও সেই বিশেষ দিনটোত কিন্তু ক’ৰপৰা অনামী ভয় এসোপাই বুকুত ভিৰ কৰেহি । “মই”বোৰ যে” আমি” হৈ যায় সিদিনাৰে পৰা । উৰুলিপুঙা হৈ থকা দিনবোৰ টুটি দায়িত্বশীল স্বামীলৈ ৰূপান্তৰ হয় । নিজাকৈ এটা পৰিয়াল হয় । গছ এজোপাৰ নতুন পোখা মেলাৰ দৰে ।
কিছুদিনৰ আগতে ভণ্টীক বিয়া দিয়া হেতু বিয়াৰ আয়োজন অনুষ্টুপীয়া কৰিছিলো । কিন্তু আবেলিলৈ ৰন্ধা বঢ়াৰ দায়িত্বত থকা সম্বন্ধীয় ককাইদেৱে মাতি নি গালি দিবলৈ আৰম্ভ কৰিলে । বোলে মানুহৰ হিচাপ দিছিলি দুশৰ । এতিয়া এইগাল মানুহক কি খুৱাওঁ । উমনি কুকুৰাৰ দৰে জুপুকা মাৰি থকা মই বাহিৰলৈ আহি দেখো সৰ্বনাশ । চেঙেলীয়া , ডেকা, আদহীয়া মিলাই দেখুন চাৰে তিনিশমান মানুহ । কি কৰা যায় । ৰাইজখন আহিছে এনে দিনত । সাউতকৈ পান তামোলৰ বটাটো লৈ তেওলোকৰ আগত গলাবস্ত্ৰ লৈ পৰিলো ” ৰাইজ সকল অপৰাধ , বিনাশন । অনুষ্টুপীয়াকৈ আয়োজন কৰিৱলৈ লোৱা বিয়াখনত আপোনাসৱ দামোদৰ হৈ পদধুলা দিলেহি । খোৱা লোৱাত ক্ৰুতি হলে নিজগুণে মাৰ্জনা কৰিব । ৰাইজেও বুলে হব । চিনাকী গেলামালৰ দোকানীলৈ ফোন লগালো । দোকানীয়েও পৰিস্থিতিৰ গুৰুত্ব বুজি চাউল , তেল , দাইল সকলো আনি নিজেই ঘৰত জমা দি গ’লহি । সৰু ভনীজোঁৱাইটোৰ নেতৃত্বত মাছ , মঙহ আৰু বহুত দৰকাৰী ফূৰ্তিপানী বিধৰ যোগাৰ হ’ল । ৰাইজেও নিজে ৰান্ধি বাঢ়ি খাই উঠিল ।
এইবাৰ লাগিল নতুন লেঠা । আগতে যোগাৰ কৰা দৰাধৰা ফূৰ্তিপানীৰ দয়াত উঠিৱ নোৱাৰা হ’ল । লগৰ বন্ধু বিষ্ণুক সুধিলো দৰা ধৰা হ’ব পাৰিবিনে । সিও একে আষাৰে মান্তি হ’ল ।
কইনা ঘৰ পাই মোৰ পুনৰ অৱাক হোৱাৰ পাল । গাড়ীৰ পৰা নামি দেখো লগত বৰযাত্ৰীৰ ৰূপত এইমখা দেখোন সোপাকে দৰাঘৰত বিয়াখাৱলৈ অহা সোপা । কইনাৰ ঘৰৰ পৰা মোৰ ঘৰলৈ এক কিলোমিটাৰৰ বাট । গতিকে যেয়ে যি পাৰে তাতে উঠি বৰযাত্ৰী হৈ ওলালেহি । দুজনমানেটো চাইকেল লৈও ওলালহি । আচলতে এইখন মৰান টাউনত প্ৰথম বাৰৰ বাৱে অসমীয়া ল’ৰাই সামাজিক ভাৱে এগৰাকী বিহাৰী ছোৱালীৰ পাণিগ্ৰহন কৰিছিল ।

কইনা ঘৰৰ গে’টৰ মুখত ফোনটো ৰিঙ হোৱা দেখি চাই দেখো এওঁৰ ফোন ।বেহিচাপত বৰযাত্ৰী যোৱা দেখি এওঁৰ মোক মৃদু ধমক । বিয়াৰ দিনা ভাৱীপত্নীৰ ঘৰৰ গে’টৰ মুখত থিয় হৈ ভাৱীপত্নীৰ পৰা গালি খোৱাটো এতিয়ালৈকে বিশ্ব ইতিহাসত এইটোৱেই সৰ্বপ্ৰথম ঘটনা । “ধুৰৰ ,ভগৱানে এইটো পিচ মোলৈহে জুটিব লাগেনে ” নিজকে সান্ত্বনা দিলো । তাতে চকুৰ সন্মুখত ৰঙীন সাজেৰে অলেখ প্ৰজাপতি । ” ভিনদেউ” “ভিনদেউ” সম্বোধনেৰে তেওলোকে মোৰ বুকুৰ মাজত শোক সাগৰখন আহ্বান কৰিছিল যেন । ইমানদিনে ইমান ধুনীয়া পখিলা কেইজনী ক’ত লুকুৱাই থৈছিল । প্ৰথম বাৰৰ বাৱে ভগৱানৰ ছলনাময় ৰূপটো ধৰা দিছিল । সিফালে বুকুৰ মাজত এসোপা ঘোঁৰাৰ অগাদেৱা । কইনাৰ গে’টৰ মুখত এজন দৰাই বৰন সলাই । দায়িত্বহীনতাৰ পৰা দায়িত্বপুৰ্ণতালৈ । সুখৰ দুখৰ নাড়ী দাল সলনি কৰিৱলৈ জীৱনলৈ আগমনি ঘটাই লগৰীৰ । সকলোতকৈ ডাঙৰ কথা, জীৱনৰ সকলোবোৰ কথা হস্তান্তৰ হয় পত্নী নামৰ আমোঘ শক্তিটোলৈ । অসমীয়া নিয়মেৰে দৰা আদৰাৰ সময়ত দৰা ভৰি ধুউৱা পৰম্পৰাটোত পইছা দিয়াৰ সময়ত অনুভৱ কৰিলো মোৰ হাতত দেখোম তীৰকঁপে জ্বৰ । মোৰ বাৰু ভয় লাগিছে নেকি ? ধেত ! নিজকে বুজালো মই সাহসী ল’ৰা ।
ৰভাতলত বহি পিলাই চমকি গ’ল । আৰে কেইবাশ চকুৱে মোকেই চাই আছে । কি বিপদ । তাত উপস্থিত বিবাহিত পুৰুষ সকলৰ মোৰ প্ৰতি সমবেদনা স্পষ্ট ভাৱেই চকুত জিলিকিছিল ।কেমেৰা আৰু ম’বাইলৰ ফ্লাছৰ উৎপাতত মোৰ মেকুৰীৰ আগত নিগনিৰ দৰে অৱস্থা । কাষতে থকা এজনক ক’লো টেঁটু শুকাইছে ।পানী এঢোক মান পোৱা হ’লে । সিও আথেবেথে লগতে থকা মিনাৰেল ৱাটাৰৰ বটলটো আগবঢ়াই দিলে । বহুদিন তৃষ্ণাত থকা মানুহৰ দৰে বটলটো লৈ কোঁট কোঁটকৈ পানী গিলি ৰৈ গ’লো । পানী নহয় , নেলুৱেদি একুৰা জুইহে যেন নামি গ’ল । মিনাৰেল ৱাটাৰৰ বটল ভেজাল হৈ ফূৰ্তিপানী যুক্ত মিনাৰাম হ’ল । ভালেই পালো । আধা খালি কৰি দিলো বটলৰ ।
এইবেলি নিগনিয়ে বৰণ সলাই সিংহ হ’ল । আজি মোৰ শ্বহীদ দিৱস । শ্বহীদ হোৱাৰ আগমুহুৰ্ত কেইটাত সৰ্বশ্ৰেষ্ঠ উজাৰি শেষ সমৰ খন দি যাম । “ভিনী” “ভিনী” বুলি আব্দাৰ দিয়া ৰঙীন পখিলা কেইজনীক কাষলৈ মাতিলো । লাহে লাহে দৰাৰ পাটিত আৰু পখিলা বহিবলৈ ঠায়ে নোজোৰা হ’ল । দৰাধৰাক চকুৰে পাছলৈ যাবলৈ ইংগিত দিলো । প্ৰচণ্ড জিংঘাষো চাৱনি এটা দি সি পিছফালে বহিলেগৈ । মই সেই সময়ৰ বাৱে সেইখন ৰাজ্যৰ একছত্ৰী সম্ৰাট ।

মিনাৰামে লাহে লাহে ভমক দেখুৱাব ধৰিলে । চাৰিওকাষে উৰি ফুৰা পখিলাবোৰ দেখোন লাহে লাহে ধুনীয়া হৈ গৈ থাকিল । তেনেকুৱাতে ভাইটি মোৰ ওচৰলৈ আহিল । লগত ভনীজোঁৱাই । মোৰ ওচৰত বহি কথা দুটামান পাতি তাঁহাত গ’লগৈ । দুয়োটাৰে মুখত জান নাজান হাঁহিৰ আভাস । জীৱটো ঢপংকৈ মাৰিলে । কাৰণ এই হাঁহিৰ পাছত আহিব লগীয়া বিপদ কি হ’ব সেয়া মোৰ জনা আছে ।
অলপ দেৰিৰ পাছতে হাতত থকা ম’বাইলটোত তেওঁৰ ফটো লগা নম্বৰটোৱে কলকলাৱ লাগিল । গম পালো মোৰ বিভীষণ দুটাই নিজৰ কাম সুচাৰুভাৱে কৰিলে ।
: কি চলি আছে ৰভাতলীত ? এওঁৰ চেপা খঙাল মাত । হে ভগৱান কি জিনিচ এটা স্ৰজন কৰিলা মোৰ ভাগত । কইনাৰ সাজত থাকিও গালি দিব এৰা নাই । যোৱা জনমত চাগৈ কপালখন গাখীৰেৰে ধুইছিলো ।
তেওঁৰ ভয়ত মোৰ পুনৰ টেটুঁ শুকালে । লগৰটোক কৈ পুনৰ “মিনাৰাম” এবটল যোগাৰ কৰিলো ।
বুকুত অহা ভয়খিনি আকৌ উঠি লৰ দিলে কোনোবা এফালে ।
ৰভাতলিত কইনা আহিবৰ সময় হ’ল । তাই কইনাবুলীয়া খোজেৰে আহি ৰভাতলত প্ৰৱেশ কৰিলে । ট্ৰেডিচনেল বিহাৰী কইনাৰ সাজেৰে তাই । ৰঙা ঘুংঘটেৰে মুখ ঢাকি তাই নেপুৰৰ লহৰ তুলি আহিছিল । আস্ , বুকুৰ কোনোবা কোণত কোনোবাই যেন ভৈৰৱ ৰাগ জুৰিলে । তেতিয়াৰ পৰাই মই পায়েলৰ প্ৰেমিক হলো । মেহেন্দীৰে ৰঙেৰে ৰঙীণ তাইৰ লনী দুহাতত মোলৈ লৈ আহিছে তৰা দেশৰ সাধুকথা ।
ধেত চাল্লা , মিনাৰামে সেই সময়তে খেল দেখুৱাব লাগেনে ? দিল আৰু দিমাগ দুটা শিবিৰত বিভক্ত হৈ পৰিল । দিলটো সুখী নিজৰ প্ৰেমৰ প্ৰথমটো চুড়ান্ত সফলতাত । দিমাগ আকৌ মিনাৰামৰ কব্জাত । সি হিন্দী চিনেমাৰ ভয় লগা কথাবোৰ হে মোক সোঁৱৰাৱলৈ লাগিল । সেই যে হিৰ’ইনক কোনো আন্ধাৰ কোঠালি এটাত বান্ধি পেলাই থয় । আৰু হিৰ’ইনৰ ঠাইত অন্য কোনো আহি ঘুংঘটেৰে মুখ ঢাকি ঠাই লই । হ’বওটো পাৰে । কাকো বিশ্বাস কৰিব নোৱাৰি । সেয়ে নিজৰজনী হয় নাই ভালকৈ চকুকেইটা মেলি তাইক খুটিয়াই খুটিয়াই চাব ধৰিলো । পাছত তাই এইদৰে চাই থকাৰ কৈফিয়ৎ লৈছিল ।
যথাৰীতি তেওলোকৰ নিয়মত “জয়মালা” হৈ গ’ল । ৰজনীগন্ধাৰে সজ্জিত জয়মালাৰ গোন্ধ চিৰদিনৰ বাৱে বুকুৰ মাজত সজীৱ হৈ ৰ’ল । “সেন্দুৰ ” হ’ব আমাৰ নিয়মত । “দিমাগ” আকৌ সক্ৰিয় হৈ পৰিল । অসমীয়া কইনাৰ সাজেৰে সজাবলৈ ভণ্টীয়ে তাইক লৈ পুনৰ সোমাই গ’ল । তাইক অসমীয়া কইনাৰ সাজেৰে আনি মোৰ কাষত ঠিয় কৰাওঁতে ভণ্টীক মনে মনে শুধিলো ” মোৰজনী হয়তো । চিওৰ নে ? “

মোৰজনী হয় নাই বুলি কওঁতে যিটোহে বাঘৰ দৰে চাৱনি দিলে, আইজ্জৌ! সেইফালেই তাপ মাৰিলো ।ইফালে ভৰিত প্ৰচণ্ড বিষ এটা অনুভৱ কৰিলো । হ’বলগীয়া মানুহজনীৰ চেণ্ডেলৰ হিলৰ গছকত ভৰিৰ আঙুলিয়ে জুইফুল দেখি আছে। দৰাৰ ৰুমালখন মুখলৈ ক’ব নোৱাৰাকৈ উঠি আহিল । মানুহকতো আৰু বিষত বেঁকা হোৱা মুখখন দেখাব নোৱাৰি । বুজিলো এয়া প্ৰশ্ন সোধাৰ পোতক । ভৰিৰ আঙুলিৰ বিষত মিনাৰামৰ ভমক উলাই দৌৰ মাৰিলে ।
তাইৰ শিৰৰ বঙিয়াত ৰঙা সপোন সানিবলৈ গৈহে মনটো ভাল লাগিল । যিয়ে নহওক পাঁচ বছৰীয়া প্ৰেমৰ অন্তত আমি অৱশেষত সফল হলো । তাকো সমাজখনক আগত লৈ । সকলোতকৈ ডাঙৰ কথা ওৰনিৰ আঁৰত থকা গৰাকী মোৰ গৰাকীয়ে হয় । লগতে সৰুকৈ বেজাৰ অকণো লাগিছিল । চাৰিওপিনে পখিলা অথচ মোৰ নাকী লাগিল আজিৰে পৰা ।
যথাৰীতি কইনাঘৰৰ নিয়মসমূহ কৰি বিদায় ল’বৰ হ’ল । কইনাৰ উচুপনিত মোৰো চকু চলচলীয়া । দেহি ঔ , আজিৰে পৰা এক দেৱ এক সেৱ হলো । পুৰণিকেইজনীৰ মুখকেইখন চকুৰ আগত অগাডেৱা কৰিব ধৰিলে । ইফালে দিনটো অন্ন এটাও পেটলৈ যোৱা নাই । পেটৰ কেঁচু কুমটিয়েও মাত দিব ধৰিলে ।
ঘৰলৈ ছোৱালী আনি পোৱাত আই পিতায়ে যথাবিহীত নিয়মেৰে কইনা আদৰিলে । তেতিয়াও দৰাঘৰীয়া মোৰ ঘৰত মানুহৰ দলদোপ হেন্দোলদোপ । নকইনাক তাতে এৰি উলাই আহিলো বাহিৰলৈ । ঘৰৰ গাড়ীখনত লগৰ কেইটাই আগতীয়াকৈ ইঙ্গিত দিয়াৰ ধৰণেৰে সকলো যোগাৰ কৰি থোৱা আছিল । বিয়া পাতিলো ভাই, কম ডাঙৰ কথা নেকি । কোনোদিনে নকৰা কাম এটা সুকলমে সামাধা কৰিলো । সংসাৰৰ ভাগৰে আৱৰি ধৰিলে । প্ৰিয় বন্ধু মিনাৰামক আঁকোৱালি ল’লো ।
“ঐ জহনীত যোৱা , নছোৱালীজনী আনি সেইসোপা গিলি ৰাতিটো ইয়াত পৰি আছহি”, মাৰ কুকুৰে কাঁইট নোখোৱা গালিত সাৰ পালো । বহ্মপুৱা তেতিয়া । চকুকেইটা কোনোমতে মেলি চিন্তা কৰিব ধৰিলো মায়ে কিয় গালি দিছে । হাৰে মই দেখোন গাড়ীতে শুই গ’লো । ভগৱান , কালি মই বিয়া পাতিলো নহয় । তাৰ মানে এতিয়া নছোৱালীয়ে চোতাল সৰা পৰ্ব । মাৰ হাতত উদ্যত অস্ত্ৰ ৰূপত ফলাখৰি । গাড়ীৰ পৰা নামিব লওতে আকৌ মাৰ গালি “নানামিবি বুলি কৈছো নহয় । ”
তেওঁ বাহি চোতাল সাৰি শেষ হোৱাতহে চুচুক চামাককৈ নামি আহিলো । কইনা বুলীয়া খোজ মোৰ । মনত শংকা , কাৰণ মাৰ ভৰষা নাই কেতিয়া ধাই ধুই দি দিয়ে ঠিক নাই । তেওঁলৈ চালো বহুত ধুনীয়া লাগিছিল তাইক ।

“তোমাক সদায়ে মই উৎপতীয়া ৰূপতে চাব বিছাৰো”, পত্নী হিছাবে তেওঁ ৰূমত আহি কোৱা প্ৰথম কথা সেইদিনা পুৱা । মৰমী পত্নীৰ আদৰুৱা দাবী । সেয়ে আজিও একেই আছো ।

(সমাপ্ত)

☆★☆★☆

One comment

  • মনিৰাজ বড়ো..

    ধুনীয়া লাগিল… মিনাৰেল ওৱাটাৰক মিনাৰাম কৰাজন মইয়ে আছিলো….

    Reply

Leave a Reply

Your email address will not be published.