ফটাঢোল

যযাতি আৰু দেৱযানী: এক অসমাপ্ত প্ৰেমৰ আখ্যান – সঞ্জীৱ মজুমদাৰ

“যাক তুমি ভালপোৱা, তেওঁ যদি তোমাৰ মহা অন্যায়ো কৰে আৰু তুমি যদি তেওঁক ক্ষমাই কৰি দিব নোৱাৰা, তেন্তে তুমি তেওঁক কিয় ভালপোৱা?” কবি গুৰুৰ কথাৰ খেও ধৰি পৌৰাণিক কালৰ এক প্ৰেম কাহিনীৰ কথা আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। যি প্ৰেম কাহিনীৰ গতি অকণ সলনি হোৱা হ’লেই দেৱতা আৰু দৈত্যসকলৰ মাজত চিৰদিনীয়া শত্ৰুতাৰ অন্ত পৰি আন এখন মহাকাব্যৰ সৃষ্টি হোৱাৰ থল আছিল।

সপ্তৰ্ষিৰ অন্যতম মহৰ্ষি ভৃগু আৰু বিদূষী তথা তেজস্বিনী মাতৃ কাব্যমাতাৰ সন্তান আছিল শুক্ৰ। ভৃগুমুনিৰ পূত্ৰ বাবে শুক্ৰৰ আন এটা নাম ভাৰ্গৱ আছিল। আনহাতে দেৱতা সকলৰ গুৰু বৃহস্পতিৰ পিতৃ আছিল অঙ্গিৰস। কৈশোৰ কালত শুক্ৰ‌ই বৃহস্পতিৰ সহপাঠীৰূপে ঋষি অঙ্গিৰসৰ আশ্ৰমত অধ্যয়ন কৰিছিল। ছাত্ৰ হিচাবে শুক্ৰ, বৃহস্পতিতকৈ বেছি মেধাবী আছিল। কিন্তু গুৰু হিচাবে ঋষি অঙ্গিৰসে পুত্ৰ বৃহস্পতিকহে সদায় আগস্থান দিছিল আৰু শুক্ৰৰ ক্ষেত্ৰত সদায় পক্ষপাতিত্বমূলক আচৰণ কৰিছিল। সকলো কথাতে গুৰু অঙ্গিৰসে পুতেক বৃহস্পতিৰ স্বাৰ্থকহে গুৰুত্ব দিছিল। কিছুদিনৰ ভিতৰতেই এই পক্ষপাতিত্বমূলক আচৰণৰ বিৰোধিতা কৰি স্বাভিমানী শুক্ৰ‌ই অঙ্গিৰসৰ আশ্ৰম ত্যাগ কৰে আৰু ঋষি গৌতমৰ টোলত ভৰ্ত্তি হয়গৈ। পিছলৈ মেধাবী শুক্ৰ‌ই সদাশিৱৰ আৰাধনা কৰি তপোবলেৰে মৃত-সঞ্জিৱনী বিদ্যা আয়ত্ব কৰি তেওঁৰ অসাধাৰণ মেধাৰ পৰিচয় দিছিল।

শুক্ৰাচাৰ্য্য‌ই মৃত-সঞ্জিৱনী বিদ্যা আয়ত্ব কৰিবলৈ হিমালয় পৰ্বতলৈ গৈছিল। মৃত-সঞ্জিৱনী বিদ্যা আয়ত্ত কৰাৰ নিমিত্তে শিৱক আৰাধনা কৰি থকা সময়তেই দেৱতা আৰু দৈত্যৰ মাজত এখন যুদ্ধ হৈছিল। উক্ত যুদ্ধত পৰাজিত হৈ কিছুমান দৈত্য‌ই দেৱতাসকলৰ আক্ৰমণৰ পৰা পৰিত্ৰান পাবলৈ, পলায়ন কৰি মহৰ্ষি ভৃগুৰ আশ্ৰমত আশ্ৰয় গ্ৰহণ কৰে। সেইসময়ত আশ্ৰমত কেৱল শুক্ৰৰ মাতৃ কাব্যমাতাহে উপস্থিত আছিল। দেৱতা সকলে আশ্ৰমৰ ভিতৰতো মৃত্যুভয়ত তটস্থ আৰু ভীতিগ্ৰস্ত দৈত্য সকলক আক্ৰমণ কৰিবলৈ এৰা নাছিল। শুক্ৰৰ মাক কাব্যমাতাই নিজৰ অলৌকিক আৰু তেজস্বী শক্তিৰ দ্বাৰা আশ্ৰিত দৈত্য সকলৰ ৰক্ষাৰ দায়িত্ব পালন কৰি দেৱতাসকলক বৰ বেয়াকৈ পৰাস্ত কৰি খেদি পঠিয়ায়। এই ঘটনাৰ পিছত দেৱতাসকলে ভগৱান বিষ্ণুক প্ৰৰোচিত কৰি উত্তেজিত কৰি তোলে। বিষ্ণুৱে কাব্যমাতাৰ সতে যুদ্ধ ঘোষণা কৰে আৰু পিছলৈ সাধাৰণ অস্ত্ৰেৰে পৰাজিত কৰিব নোৱাৰি, সুদৰ্শন চক্ৰৰ জৰিয়তে কাব্যমাতাৰ শিৰচ্ছেদ কৰে।

ঘটনাৰ উমান পাই মহৰ্ষি ভৃগু আশ্ৰমলৈ লৱৰি আহে আৰু নিজৰ আধ্যাত্মিক আৰু তপোবলেৰে কাব্যমাতাৰ শিৰসংযোগ কৰি পুনৰ্জীৱন দান কৰে। মহৰ্ষি ভৃগুৱে ভগবান বিষ্ণুক, স্ত্ৰী-বধজনিত পাপ কৰাৰ পৰিণাম স্বৰূপে মুঠ সাতবাৰ মৰ্ত্তলোকলৈ আহি মনুষ্যযোণীত জন্মগ্ৰহণ কৰি, প্ৰায়চিত্ত কৰিব লাগিব বুলি অভিশাপ দিয়ে।

কিছুদিনৰ পিছত মৃত-সঞ্জিৱনী বিদ্যাৰে সমৃদ্ধ হৈ শুক্ৰ পিতৃগৃহলৈ উভতি আহি, ঘটনাৰ সবিশেষ জানিব পাৰি, দেবতাকূল সমন্বিতে ভগবান বিষ্ণুৰ আচৰণত কিছু পৰিমানে ক্ষুব্ধ হৈ পৰিল যদিও তেওঁ মনে মনে আছিল। সেই সময়তেই দেৱতা সকলে কূল-গুৰু নিৰ্বাচনৰ প্ৰক্ৰিয়া চলালে। শুক্ৰাচাৰ্য্য আছিল শ্বেত বস্ত্ৰধাৰী আৰু সৰ্ব্ব শাস্ত্ৰৰ প্ৰবক্তা। দেৱতাসকলৰ গুৰু হ’ব পৰাকৈ জ্ঞান, বিদ্যা, বুদ্ধি আদি সকলো দিশৰ পৰা শুক্ৰৰ বাহিৰে দ্বিতীয়জন কোনো নাছিল। কিন্তু অঙ্গিৰসৰ সম্পৰ্ক দেবতাসকলৰ স’তে মধুৰ আছিল আৰু এইবাবেই যোগ্যতাৰ মাপদণ্ড পৰিহাৰ কৰি স্বজন-তোষণৰ ফলশ্ৰুতিৰূপে শুক্ৰতকৈ কম যোগ্যতাৰ অধিকাৰী বৃহস্পতিক দেৱগুৰু ৰূপে নিয়োজিত কৰা হয়। এই ঘটনাই শুক্ৰক বৰ আঘাত দিয়ে, শৈশৱ তথা কৈশোৰ কালৰ পৰা বৃহস্পতিয়ে কৰি অহা বঞ্চনাই শুক্ৰক প্ৰতিশোধ পৰায়ণ কৰি তুলিলে। দেৱতাসকলৰ লগতে বিষ্ণুক নিজৰ শত্ৰু বুলি ধৰি প্ৰতিশোধৰ ভাৱনাৰে, তেও‍ঁ নিজকে দৈত্যসকলৰ গুৰু হিচাবে নিয়োজন কৰিলে। দৈত্যৰাজ প্ৰহ্লাদ, বলিকে আদি কৰি কেবাগৰাকী দৈত্য ৰজাৰ তেওঁ ৰাজ পূৰোহিত তথা কূলগুৰু আছিল।

শুক্ৰাচাৰ্য্যৰ মৃত-সঞ্জিৱনী বিদ্যাৰ প্ৰভাৱত অসুৰ বা দৈত্যসকল ক্ৰমাৎ শক্তিশালী হৈ উঠিল আৰু দেৱতাসকল উদ্বিগ্ন হৈ পৰিল। অৱশেষত শুক্ৰাচাৰ্য্যৰ পৰা যিকোনো প্ৰকাৰে মৃত সঞ্জিৱনী বিদ্যা আয়ত্ব কৰিবলৈ দেৱতাসকলে বৃহস্পতিৰ সতে এক পৰিকল্পনা কৰিলে। এই পৰিকল্পনা অনুযায়ী বৃহস্পতিৰ পুত্ৰ কচক শুক্ৰাচাৰ্য্যৰ ওচৰলৈ শিক্ষালাভৰ বাবে পঠোৱাৰ সিদ্ধান্ত লয়। এই সময়ছোৱাত কচে সাধাৰণ শিক্ষাৰ্থী হিচাবে শুক্ৰৰ সান্নিধ্যত থাকি মৃত-সঞ্জিৱনী বিদ্যা আয়ত্ব কৰিব।

একমাত্ৰ সুন্দৰী কন্যা সন্তান দেৱযানী, শুক্ৰাচাৰ্য্যৰ বৰ মৰমৰ আছিল। গতিকে দেবযানীৰ মন জয় কৰিব পাৰিলে শুক্ৰাচাৰ্য্যৰ মন জিনিবলৈ সম্ভৱ হ’ব। এই দৰেই পৰিকল্পনা কৰি কচক শুক্ৰাচাৰ্য্যৰ আশ্ৰমলৈ শিক্ষাৰ্থী হিচাবে পঠিয়াই দিয়ে। ন্যায় পৰায়ণ দৈত্যগুৰু শুক্ৰাচাৰ্য্য‌ই কচক বৃহস্পতিৰ পুত্ৰ অৰ্থাৎ প্ৰতিপক্ষৰ সন্তান বুলি জনাৰ পিছতো শিষ্য হিচাবে গ্ৰহণ কৰিলে। কচক নিজ আশ্ৰমতে ৰাখি শিক্ষাদান দিবলৈ আৰম্ভ কৰিলে।

বৃহস্পতি পুত্ৰ কচ অতি সুদৰ্শন হোৱাৰ লগতে আছিল অতি অমায়িক স্বভাৱৰ। ফলত কথা কামেৰে অলপ দিনতে গুৰুৰ লগতে সকলোৰে মন জিনিবলৈ সক্ষম হ’ল। লগতে প্ৰথম যৌৱনত ভৰি দিয়া গুৰু কন্যা দেৱযানীৰ হৃদয়ত কচে এক সুকীয়া ঝংকাৰ তুলিবলৈ সক্ষম হ’ল। এক কথাত ক’বলৈ গ’লে প্ৰথম দৃষ্টিতেই দেৱযানী কচৰ প্ৰেমত পৰিছিল। আশ্ৰমৰ অন্যান্য কামৰ মাজতো দেৱযানীয়ে কচক বিশেষ গুৰুত্ব দিবলৈ ধৰিলে। কাৰণ ইতিমধ্যেই দেৱযানী কচৰ বাবে ব্যাকুল হৈ পৰিছিল। কচৰ সৈতে ভবিষ্যতৰ মধুৰ সপোনত বিভোৰ হৈ দিন কটাবলৈ ধৰিলে দেৱযানীয়ে। তাইৰ প্ৰতিটো কথা কাম কচক কেন্দ্ৰ কৰি ঘূৰিবলৈ ধৰিলে। আনহাতে কচেও দেৱযানীৰ সতে মধুৰ ব্যৱহাৰ কৰিছিল যদিও প্ৰতি মুুুহূৰ্ততে কচ আছিল গাণ্ডীবধাৰী অৰ্জুনৰ দৰে, মাছৰ চকু সদৃশ সঞ্জিৱনী বিদ্যাৰ বাহিৰে আন একোতে চকুত নিদিছিল। তাৰ মাজতো মাজে সময়ে দেৱযানীৰ ৰূপ গুণে কচক বিচলিত নকৰাকৈও থকা নাছিল। কিন্তু দেৱকুলত কথা দি অহাৰ বাবেই কচে দেৱযানীৰ নিষ্পাপ প্ৰেমত সঁহাৰি জনাব পৰা নাছিল।

ইফালে দৈত্য সকলে ৰাজগুৰু শুক্ৰাচাৰ্য্যৰ আশ্ৰমলৈ অহা কচৰ উপস্থিতিক লৈ সন্দিহান হৈ পৰিছিল। দৈত্যসকলে কচক শিষ্য হিচাবে গ্ৰহণ কৰা কথাটোক লৈ শুক্ৰাচাৰ্য্যক আপত্তি দৰ্শালে। কিন্তু এগৰাকী ন্যায়পৰায়ণ আৰু নিষ্ঠাবান শিক্ষকৰ দৰেই তেওঁ কচক শিক্ষাদান কৰাৰ সপক্ষে অবিচল হৈ থাকিল। বৰং গুৰু আৰু শিষ্যৰ সম্পৰ্কৰ মাজত নোসোমাবলৈ দৈত্যসকলক সকিয়াই দি ক’লে, “দৈত্যকূলৰ স্বাৰ্থৰ পৰিপন্থী কোনো কাম ম‌ই নকৰোঁ, নিচিন্ত থাকক।”

এনেয়ো শুক্ৰাচাৰ্য্য এক প্ৰৱল প্ৰতাপী ব্যক্তিত্বৰ গৰাকী আছিল। আনহাতে মৃত-সঞ্জিৱনী বিদ্যাৰ অধিকাৰী হোৱাৰ বাবেই দৈত্য সমাজত শুক্ৰাচাৰ্য্যৰ স্থিতি ৰজাৰ সমপৰ্য্যায়ৰ আছিল। আনকি স্বয়ং দৈত্যৰাজ বৃষপৰ্ব্ব‌য়ো শুক্ৰাচাৰ্য্যক সমীহ কৰি চলিছিল।

শুক্ৰাচাৰ্য্য‌ই কথা দিয়াৰ পিছতো এদল দৈত্য‌ই কচৰ গতিবিধিৰ ওপৰত নজৰ ৰাখিবলৈ এৰা নাছিল। এদিন দৈত্যসকলে আশ্ৰমৰ বাহিৰত কচক পাই অপহৰণ কৰি নিলে। দেৱতাসকলৰ প্ৰতি থকা জন্মজাত ঘৃণাৰ বাবে জিঘাংসু দৈত্যসকলে কচক হত্যা কৰি মৃতদেহটো সুদূৰ পাহাৰৰ দাঁতিত পেলাই থৈ আহে।

ইতিমধ্যেই কচৰ প্ৰেমত হাবুডুবু খাই থকা দেৱযানীয়ে কচক আশ্ৰমৰ চৌহদত নেদেখি অস্থিৰ হৈ পৰিল। বেলি লহিয়াই সন্ধ্যা লগাৰ পিছতো, কচ উভতি নহা দেখি কথাটো পিতৃ শুক্ৰাচাৰ্য্যৰ দৃষ্টিগোচৰ কৰে। প্ৰথমতে শুক্ৰাচাৰ্য্য‌ই কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি, “আহিব, সোনকালে। তুমি চিন্তা নকৰিবা।” বুলি পুত্ৰী দেৱযানীক আশ্বস্ত কৰিলে যদিও আন্ধাৰ নামি অহাৰ পিছতো কচ উভতি নহা দেখি আৰু দেৱযানীৰ উৎকণ্ঠা, অস্থিৰতা দেখি নিজেও কিছু উদগ্ৰীৱ হৈ পৰিল।

বাৰে বাৰে সকিয়াই থোৱাৰ পিছত, দৈত্যসকলে শিষ্য কচৰ অপকাৰ কৰিবলৈ সাহস নকৰিব বুলিয়েই শুক্ৰাচাৰ্য্যৰ দৃঢ় বিশ্বাস আছিল। “এই আন্ধাৰ ৰাতিখন কলৈ বিচাৰি যাওঁ এতিয়া” বুলি অৱশেষত ধ্যান মগ্ন হৈ কচৰ বৰ্তমান অৱস্থিতিৰ উমান তপোবলেৰে উদ্ধাৰ কৰিলে। পাহাৰৰ দাঁতিত কচৰ মৃতদেহটো পৰি থকা দেখি তেওঁ বুজি ল’লে এইয়া দৈত্যসকলৰ কাম বুলি।
ধ্যানভঙ্গ কৰি চকু মেলি জীয়েক দেৱযানীৰ মুখমণ্ডলত আকুল বিহ্বলতা দেখি খন্তেকো নৰৈ মৃত-সঞ্জিৱনী মন্ত্ৰ জপ কৰি ঈশ্বৰৰ প্ৰতি প্ৰণাম জনাই ক’লে, “কচ, তুমি ক’ত আছা। এই মুহূৰ্তত মোৰ ওচৰলৈ আহা!”

মন্ত্ৰ শক্তিৰ প্ৰভাৱত দেহত থকা কচৰ জখমবোৰ ভৰি সুস্থ হৈ উঠিল আৰু গভীৰ নিদ্ৰাৰ পৰা হঠাৎ সাৰ পাই উঠাৰ দৰে উঠি, লৱৰি আহি আশ্ৰম পাই গুৰু শুক্ৰাচাৰ্য্যৰ ওচৰ পালেহি।

“গুৰুদেৱ, ক্ষমা কৰিব, কেনেকৈ জানো টোপনি আহিল, মই কব‌ই নোৱাৰিলোঁ।”

এই ঘটনাৰ পিছৰ পৰা কচৰ প্ৰতি দেৱযানীৰ মৰম আৰু ভালপোৱা দুগুণে উথলি উঠিল। ক্ষন্তেকৰ কাৰণেও কচক চকুৰ আঁতৰ হ’বলৈ নিদিব যেন হৈছিল দেৱযানীৰ।

পিছদিনা শুক্ৰাচাৰ্য্য‌ই কচৰ কথাটো দৈত্যৰাজ বৃষপৰ্ব্বৰ কৰ্ণগোচৰ কৰিলে। ৰজা বৃষপৰ্ব্ব‌ই আগলৈ এনে নহয় আৰু দোষী দৈত্যসকলক চিনাক্ত কৰি শাস্তি প্ৰদান কৰা হ’ব বুলি দৈত্যগুৰুক আশ্বস্ত কৰিলে।

কিছুদিনৰ পিছত সকলো সাধাৰণ ভাবে চলি থকাৰ মাজতেই, দৈত্যসকলৰ সেই গোটটোৱে কচক পুনৰ অপহৰণ কৰে। এইবাৰ দৈত্যসকলে কচক হত্যা কৰি মৃতদেহটো কাটি-বাছি মাংসৰ দৰে ৰান্ধি বাঢ়ি মদিৰাপানৰ লগত ভক্ষণ কৰি, কোনো ধৰণৰ শুংসূত্ৰ নাইকিয়া কৰি পেলালে।

ইফালে কচক এক মুহূৰ্তৰ বাবে চকুৰ আগৰ পৰা আঁতৰ হ’বলৈ দিব নিবিচৰা দেৱযানীয়ে কচক পুনৰ আশ্ৰমৰ চৌহদত নেদেখি অজান আশংকাত উদগ্ৰীৱ হৈ পৰিল। দেৱযানীয়ে পিতৃ শুক্ৰাচাৰ্য্য‌ক কাকূতি মিনতি কৰিব ধৰিলে। অতি মৰমৰ একমাত্ৰ জীয়েকৰ খাটনি শুক্ৰাচাৰ্য্য‌ই উলাই কৰাৰ প্ৰশ্ন‌ই নুঠে।

শুক্ৰাচাৰ্য্য‌ই দৈত্য ৰজাক সকলো অৱগত কৰাৰ পিছত, শিষ্য কচৰ অপকাৰ কৰিবলৈ সাহস নকৰিব বুলি ভাবি লৈছিল। তথাপি ৰাতি হৈ যোৱাৰ পিছতো কচক নহা দেখি, সন্দেহবশতঃ কচৰ অৱস্থিতিৰ লগতে সবিশেষ জানিবলৈ ধ্যান মগ্ন হ’ল।

তপোবলৰ মাধ্যমেৰে সকলো জনাৰ পিছত, দৈত্যসকলৰ ধৃষ্টতা আৰু অভব্য আচৰণৰ কথা ভাবি দৈত্যগুৰু ক্ষুব্ধ হৈ পৰিল। মৰমৰ জীয়েক দেৱযানীৰ মুখমণ্ডলত কচৰ প্ৰতি আকুলতা দেখি খন্তেকো নৰৈ পুনৰবাৰ মৃত-সঞ্জিৱনী মন্ত্ৰ জপ কৰি ঈশ্বৰৰ প্ৰতি প্ৰণাম জনাই ক’লে, “কচ, তুমি ক’ত আছা। এই মুহূৰ্তত মোৰ ওচৰলৈ আহা!”

এইবেলি কচৰ অৱশেষ আছিল কেবাজনো দৈত্যৰ উদৰৰ ভিতৰত। কিন্তু মৃত-সঞ্জিৱনী বিদ্যাৰ প্ৰভাৱত আটাইকেইগৰাকী দৈত্যৰ পেট ফালি-চিৰি, কচৰ অৱশেষ ওলাই আহিল। অলৌকিক মন্ত্ৰ শক্তিৰ বলত পুনৰ কচৰ ৰূপ ধাৰণ কৰি শুক্ৰাচাৰ্য্যৰ ওচৰলৈ আহিল। কচক পুনৰ জীৱিত অৱস্থাত দেখি দেৱযানীয়ে হেৰুৱা ৰত্ন ঘূৰাই পোৱাৰ আনন্দত আত্মহাৰা হৈ পৰিল।

এইদৰে আৰু কিছুদিন অতিবাহিত হ’ল। কচ আৰু দেৱযানীৰ মাজৰ সম্পৰ্ক মধুৰৰ পৰা মধুৰতম হৈ গৈ থাকিল। দেৱযানীৰ ভালপোৱাই পাখি মেলিবলৈ ধৰিলে। কচৰ নিৰাপত্তাৰ প্ৰতি দেৱযানী অধিক সতৰ্ক হৈ পৰিল। শুক্ৰাচাৰ্য্য‌য়ো কচৰ দৰে নিষ্ঠাবান, পৰিশ্ৰমী তথা অধ্যাৱসায়ী শিষ্যক মৰমৰ চকুৰে চাবলৈ ল’লে, যদিও মৃত-সঞ্জিৱনী বিদ্যাৰ পৰা সদায় কচক আঁতৰাই ৰাখিছিল। আনহাতে কচেও শুক্ৰাচাৰ্য্যৰ পৰা মৃত-সঞ্জিৱনী বিদ্যা লাভৰ বাবে মনে মনে বহুতো চেষ্টা কৰি আছিল যদিও এই ক্ষেত্ৰত সফল হ’ব পৰা নাছিল।
কিছুদিন পিছত দেৱযানীৰ পূজাৰ বাবে এবিধ বিশেষ বনৰীয়া ফুলৰ প্ৰয়োজন আছিল। অনিচ্ছাস্বত্বেও দেৱযানীয়ে সেই ফুল আনিবলৈ কচক পাচিলে। কচৰো যেন বহুদিনৰ পৰা আশ্ৰমৰ বাহিৰ ওলোৱাৰ মন আছিল, দেৱযানীৰ অনুৰোধ শুনাৰ লগে লগে ফুল অনাৰ উদ্দেশ্যে আশ্ৰমৰ বাহিৰ হ’ল। কচ বাহিৰ হোৱাৰ লগে লগে আগৰে পৰা খাপ পিটি ৰৈ থকা দৈত্যসকলৰ দৃষ্টিগোচৰ হ’ল আৰু আকৌ এবাৰ কচক অপহৰণ কৰি লৈ গ’ল। দৈত্যসকলে বাৰে বাৰে হত্যা কৰি কচক নিশেষঃ কৰিব নোৱাৰি এক সুকীয়া পৰিকল্পনা তৈয়াৰ কৰিলে। কচক হত্যা কৰি মৃতদেহটো জ্বলাই ছাই কৰি পেলালে। মৃতদেহৰ ভস্মাৱশেষখিনি মদিৰাৰ লগত মিহলাই ল’লে। দৈত্যগুৰু শুক্ৰাচাৰ্য্য মদিৰা পানৰ প্ৰতি আসক্ত আছিল। এই কথা দৈত্য সকলে জানিছিল। সেয়ে দৈত্যসকলে এক মহাভোজৰ আয়োজন কৰি শুক্ৰাচাৰ্য্যক আমণন্ত্ৰণ জনালে। ভোজস্থলীত দৈত্যসকলে অতি চতুৰতাৰে কচৰ ভস্মাৱশেষ মিশ্ৰিত সম্পূৰ্ণ মদিৰাখিনি শুক্ৰাচাৰ্য্যক খুৱাই দিলে।

বনৰীয়া ফুল আনিবলৈ গৈ কচ আশ্ৰমৰ চৌহদলৈ উভতি নহা দেখি দেৱযানী পুনৰ শঙ্কিত হৈ পৰিল আৰু নিজকে দোষাৰোপ কৰি আত্মগ্লানিত ভুগিলে। পিতৃ শুক্ৰাচাৰ্য্য মহাভোজৰ পৰা উভতি অহালৈ অস্থিৰতাৰে বাট চালে।। কিছু দেৰিকৈ ঘৰলৈ অহা দেউতাকক কাবৌ কৰি “কচ, কিয় অহা নাই” অনুসন্ধান কৰিবলৈ কাকূতি মিনতি কৰিবলৈ ধৰিলে।

মৰমৰ জীয়েক দেৱযানীৰ মুখমণ্ডলত কচৰ প্ৰতি আকূলতা আৰু এক বুজাব নোৱাৰা শঙ্কা দেখি খন্তেকো নৰৈ মৃত-সঞ্জিৱনী মন্ত্ৰ পাঠ কৰিলে। মন্ত্ৰ জপ কৰি উঠি ঈশ্বৰৰ প্ৰতি প্ৰণাম জনাই ক’লে, “কচ, তুমি ক’ত আছা। এই মুহূৰ্তত মোৰ ওচৰলৈ আহা!”

এইবেলি কচ আছিল স্বয়ং শুক্ৰাচাৰ্য্যৰ উদৰত আৰু উদৰৰ ভিতৰৰ পৰা মাত লগালে। শুক্ৰাচাৰ্য্য‌ই দৈত্যসকলৰ কপটতা বুজিব পাৰিলে আৰু জীৱনত প্ৰথমবাৰৰ বাবে জপ তপ কৰা ধৰ্মীয় আচৰণৰ সতে জড়িত মানুহে কেতিয়াও মদ্যপান কৰাটো উচিত নহয় বুলি অনুভৱ কৰিলে।

ইফালে পুত্ৰী দেৱযানীৰ আব্দাৰ তথা নিজৰ শিষ্য কচৰ জীৱনদান, লগতে কচক বচাবলৈ গ’লে নিজৰ আসন্ন মৃত্যু, এই সকলোবোৰ ভাবি শুক্ৰাচাৰ্য্য এক ধৰ্ম্মসংকটত পৰিল। কচক আগতীয়াকৈ মৃত-সঞ্জিৱনী বিদ্যা প্ৰদান কৰিলে সমস্যাৰ সমাধান হ’ব বুলি জানিছিল। তাৰ পিছতো দৈত্যগুৰু হিচাবে, তেওঁৰ চিৰবৈৰী দেৱতাৰ গুৰু বৃহষ্পতিৰ পূত্ৰ কচক, মৃত-সঞ্জিৱনী বিদ্যাৰ অধিকাৰী হ’বলৈ দিবলৈ, তেওঁ মানসিক ভাবে প্ৰস্তুত নাছিল।

ইফালে দেৱযানীয়ে পিতৃ শুক্ৰাচাৰ্য্য আৰু প্ৰণয় প্ৰাৰ্থী কচক সমানেই ভাল পাইছিল। দেৱযানীয়ে দুয়োগৰাকীৰ মাজত এজনকো হেৰুৱাবলৈ সন্মত নাছিল। গতিকে অৱশেষত সন্তান স্নেহৰ ওচৰত হাৰ মানি শুক্ৰাচাৰ্য্য‌ই নিজৰ উদৰৰ ভিতৰত থকা কচক মৃত-সঞ্জিৱনী মন্ত্ৰ আৰু বিধি অৱগত কৰে। তাৰ পিছত শুক্ৰাচাৰ্য্য‌ই মন্ত্ৰবলেৰে কচক জীয়াই তোলে আৰু নিজৰ উদৰ ফালি মৃত্যুবৰণ কৰি কচক বাহিৰলৈ আনে।

এই ক্ষেত্ৰত মন কৰিবলগীয়া কথাটো হ’ল শুক্ৰাচাৰ্য্য‌ই এক প্ৰকাৰ নিজক অনিশ্চয়তাৰ মাজলৈ ঠেলি দিছিল, কাৰণ কচ আছিল দেৱতাসকলৰ গুৰু পুত্ৰ আৰু এজন শত্ৰু হিচাবে শুক্ৰাচাৰ্য্য‌ৰ মৃত্যু কামনা কৰাটো কচৰ বাবে স্বাভাৱিক আছিল। শুক্ৰাচাৰ্য্য পুনৰ জীৱিত নহ’লে দৈত্যসকল মৃত-সঞ্জিৱনী বিদ্যাৰ পৰা বঞ্চিত হ’ব আৰু দেৱতা সকলৰ বিজয় চিৰস্থায়ী হ’ব। গতিকে এনে এক দোদুল্যমান পৰিস্থিতিত শুক্ৰাচাৰ্য্যই কচক ভৰসা কৰাটো এক প্ৰকাৰ বিশাল জুৱাৰ দৰে আছিল।
কিন্তু পুনৰ্জীৱন পোৱা কচৰ ভূমিকাও আছিল প্ৰশংসনীয় কাৰণ, তেওঁ দেৱতাসকলৰ হিতাৰ্থে এটা লক্ষ্য লৈ গুৰু শুক্ৰাচাৰ্য্যৰ ওচৰলৈ আহিছিল। কিন্তু গুৰু ভক্তিৰ নিদৰ্শন হিচাবে কোনো ধৰণৰ দ্বিতীয় চিন্তাৰ অৱকাশ নাৰাখি, মৃত-সঞ্জিৱনী বিদ্যা প্ৰয়োগ কৰি মৃত গুৰু শুক্ৰাচাৰ্য্যক পুনৰ জীৱিত কৰিবলৈ কালবিলম্ব নকৰিলে।

এনেদৰেই অতি নাটকীয় পৰিস্থিতিৰ মাজেৰে, মৃত-সঞ্জিৱনী বিদ্যা আয়ত্ত কৰি, কচে এক গধুৰ দায়িত্বৰ লগতে নিজৰ লগতে দেৱতাসকলৰ হৈ এক দীৰ্ঘকালীন লক্ষ্য পূৰণ কৰিলে। আশ্ৰমত আৰু কিছুদিন থাকি সম্পূৰ্ণৰূপে শিক্ষা সাং কৰি এদিন তেওঁ টালি টোপোলা বান্ধি আশ্ৰমৰ পৰা গৃহাভিমুখে যাবলৈ সাজু হ’ল। গুৰু শুক্ৰাচাৰ্য্য‌ই কচ আৰু দেৱযানীৰ মাজত গঢ়ি উঠা সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্কৰ বিষয়ে কিছু অনুমান কৰিব পাৰিছিল যদিও, কচে বিদায় সম্ভাষণ জনাবলৈ আহোঁতে কোনোধৰণৰ প্ৰশ্নৰ অৱতাৰণা নকৰিলে। আনকি গুৰু দক্ষিণাৰ প্ৰসঙ্গ‌ও এৰাই চলিলে।

ইফালে আশ্ৰম এৰি কচ স্বগৃহলৈ উভতি যোৱাৰ বাতৰি পাই দেৱযানী বাউলী হৈ পৰিল। নিজৰ প্ৰাণতকৈয়ো অধিক ভালপোৱাজনক হেৰোৱাৰ আশংকাত বিতত হৈ কচক বাট ভেটি ধৰিলে।

প্ৰথম বাৰৰ বাবে দেৱযানীয়ে প্ৰত্যক্ষভাবে, মনৰ কথা খুলি ক’লে আৰু কচৰ সতে আজীৱন সঙ্গিনী হৈ থকাৰ ইচ্ছাও প্ৰকট কৰিলে। কিন্তু আশ্চৰ্য্যজনক ভাবে মনত দেৱযানীৰ প্ৰতি সমানেই আকুলতা থকাৰ পাছতো কচে দেৱযানীৰ প্ৰেম প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিলে।

“ম‌ই কোনোদিনেই তোমাক প্ৰেমিকাৰ দৃষ্টিৰে চোৱা নাছিলোঁ, দেৱযানী।”

এইবুলি কৈ দেৱযানীৰ মনৰ গহনত গঢ় লৈ উঠা প্ৰেমৰ ৰাজপ্ৰাসাদ নিমিষতে ভাঙি চূড়মাৰ কৰি দিলে।

“কিন্তু, ম‌ই তোমাক দেখাৰ দিনৰে পৰা তোমাৰ নামৰ মালা জপিবলৈ লৈছিলোঁ। তুমিও মোক সঁহাৰি দিছিলা, এতিয়া তোমাৰ লক্ষ্য পূৰণ হোৱাৰ বাবে, এইদৰে মোক অৱজ্ঞা কৰাৰ কাৰণ কি হ’ব পাৰে, কচ ?”

এই বুলি কৈ দেৱযানী উচুপি উঠিল।

“চোৱা দেৱযানী, ম‌ই সদায় তোমাক এগৰাকী গুৰু পুত্ৰী হিচাবে বন্ধুৰ দৰে বিবেচনা কৰি আহিছোঁ। তাৰোপৰি ম‌‌ই যিহেতু তোমাৰ পিতৃদেৱৰ উদৰৰ পৰা পুনৰ্জন্ম পাইছোঁ, গতিকে গুৰু শুক্ৰাচাৰ্য্য মোৰ পিতৃস্বৰূপ আৰু সেই সূত্ৰে তুমি মোৰ ভগ্নীসমা। গতিকে এইবোৰ উৎকট চিন্তা পৰিহাৰ কৰি মোক তুমি প্ৰসন্নচিত্তে বিদায় দিয়া।”

এইবুলি নিৰ্বিকাৰভাবে কচ যাবলৈ ওলোৱাত দেৱযানীৰ মনটো বিদ্ৰোহী হৈ উঠিল। নাৰীৰ বাবে প্ৰত্যাখ্যানতকৈ ডাঙৰ অপমান একোৱেই হ’ব নোৱাৰে। এক লহমাৰ ভিতৰত বুকুৰ মাজত একুৰা জুই দপদপকৈ জ্বলি উঠিল। নাৰী সত্তা উজাগৰ হৈ উঠিল আৰু কম্পিত কণ্ঠৰে ক’লে,

“বৃহস্পতি পুত্ৰ কচ, তুমি স্বাৰ্থপৰৰ দৰে মাথো মৃত-সঞ্জিৱনী বিদ্যা আয়ত্ত কৰিবলৈ মোৰ প্ৰেম, নাৰীত্বৰ দুৰ্বলতম অংশটোক ব্যৱহাৰ কৰি মোৰ সঁচা প্ৰেমক অপমান কৰিছা। মোৰ সঁচা মৰমক চলনা কৰি, মোক উপহাস কৰি, নিজ স্বাৰ্থ সিদ্ধি কৰি, মোক হাঁহিয়াতৰ পাত্ৰী কৰি, কাপুৰুষৰ দৰে তুমি পলায়ন কৰিবলৈ লৈছা। মোৰ মন, মোৰ আবেগ-অনুভূতিৰ সতে হেতালি খেলি তুমি মৃত-সঞ্জিৱনী বিদ্যা আয়ত্ব কৰাৰ গৌৰৱ বোধ কৰিছা! ম‌ই শুক্ৰাচাৰ্য্য পুত্ৰী দেৱযানীয়ে, আজি এই পৃথিৱী, বায়ু, পানী, অগ্নিক সাক্ষী কৰি, তোমাক অভিশাপ দিলোঁ যে, এই সঞ্জিৱনী বিদ্যা তুমি কেতিয়াও ব্যাৱহাৰ কৰিব নোৱাৰিবা আৰু কৰিলেও সফল হ’ব নোৱাৰিবা।”

দেৱযানীৰ অভিশাপ শুনি কচ একমুহূৰ্তৰ বাবে থৰ হৈ পৰিল আৰু ইমান দিনৰ তপস্যাৰ ফল নিমিষতে ধূলিসাৎ হৈ যোৱাৰ অনুভৱৰ ফলত, খং আৰু আক্ৰোশে মন ভৰি পৰিল। হিতাহিত বিচাৰ নকৰি কচেও দেৱযানীক অভিশাপ দিলে,

“ম‌য়ো বৃহস্পতি পুত্ৰ কচে, আজি এই পৃথিৱী, বায়ু, পানী, অগ্নিক সাক্ষী কৰি, তোমাক অভিশাপ দিলোঁ যে তোমাৰ অসবৰ্ণ বিবাহ হ’ব অৰ্থাৎ তোমাৰ পতি ব্ৰাহ্মণ কূলৰ নহ’ব আৰু বিবাহৰ পৰৱৰ্তী জীৱনত তুমি কেতিয়াও সুখী হ’ব নোৱাৰিবা।”

এইদৰে দুয়ো দুয়োকে অভিশাপ দি এক সম্ভাৱনাপূৰ্ণ প্ৰেম কাহিনীৰ ইতিৰেখা টানিলে। এনে সমাপ্তি নহ’লে হয়তো এই প্ৰেমে ইতিহাসত এখন সুকীয়া মহাকাব্যৰ পাতনি তৰিলেহেঁতেন। এক বৃহৎ সম্ভাৱনাপূৰ্ণ প্ৰেমৰ মহাকাব্যৰ এনেকৈয়ে সমাপ্তি ঘটিল।

☆★☆★☆

6 Comments

  • ৱাহ..খুব ভাল লাগিল । 💚💚

    Reply
  • অবিনাশ শৰ্মা

    বাঃ সুন্দৰ দাদা

    Reply
  • হেমন্ত কাকতি

    তামাম ভাল লাগিল সঞ্জীৱ!

    Reply
  • ৰাজীৱ

    আগৰেপৰা কচ আৰু দেবযানীৰ বিষয়ে জানিছিলো যদিও আজি খোকোজা নলগাকৈ কথাবোৰ বুজি পালো।

    Reply
  • ৰিণ্টু

    এটা সুন্দৰ কাহিনীৰ সুন্দৰ উপস্থাপন, খুব ভাল লাগিল দাদা

    Reply
  • জয়ন্ত দাস

    বৰ ধুনীয়া লাগিল৷

    Reply

Leave a Reply

Your email address will not be published.