ফটাঢোল

যাত্ৰাৰ শেষত – হিমাদ্ৰী গোহাঁই বৰুৱা

সিদিনা হঠাৎ প্লাৱিতাই ময়ূৰক দেখিলে। তাই কি কৰোঁ কি নকৰোঁ বুলি ভাবি মুখখন ইফালে ঘূৰাই দিলে। সেই যে নাহো আৰু বুলি উলটি নোচোৱাকৈ গুচি গৈছিল সেই দিনৰে তাই তাক দেখা নাছিল। কিন্তু সিদিনা ইমান বছৰৰ পাছত তাক দেখি প্লাবিতাৰ মুখৰ মাত হেৰাল। হয়তো তেওঁৰো! তেওঁ হয়তো ভাবিছিল এসময়ত অনৰ্গল কথা কৈ থকা প্লাৱিতা আজি দেখোন চকুলৈও চোৱা নাই! হয়তো নাভাবিব ও পাৰে।
অকস্মাত সেইদিনা ময়ূৰে কৈছিল,

:আজিৰ পৰা তোমালোকৰ ঘৰলৈ নাহো।

তাই হতবাক। কিয় বুলি প্ৰশ্ন কৰা নাছিল। হয়তো অভিমান আৰু জেদী মনটোৱে বাধা দিছিল। বুকুত অযুত ধুমুহা বলিছিল যদিও তাই দেখুৱাই দিয়া নাছিল। তাই মাথোঁ মৌন হৈ আছিল। সি গুচি গৈছিল আৰু তাই বহি ৰৈছিল চোফা খনৰ এচুকত বহু পৰ। বুকুত কিবা এটাই সোপা মাৰি ধৰিছিল যদিও কান্দিব পৰা নাছিল।

নাহো বুলিলেই জানো এটা সমন্ধ শেষ হ’ব পাৰে। তাই ভাবি থাকে আহিব, এদিন সি আকৌ আহিব। হয়তো কিবা খং উঠিল। খঙতে তেনেকৈ কৈছিল। তাই নিজকে সান্তনা দিয়ে। তাই অপেক্ষাত দিনৰ পাছত দিন। লাহে লাহে তাই জেদী হৈ পৰিছিল। তাই জেদী হৈ পৰিছিল জানিবলৈ, কিয় ইমান দিনৰ এটা সমন্ধ ইমান সহজতে শেষ কৰিব পাৰিলে? তাই জনাৰ অধিকাৰ আছে।

তাই এদিন ময়ূৰক মাতিলে আৰু সুধিলে বিচ্ছেদৰ কাৰণ? তাই চঞ্চল আছিল হয় কিন্তু স্পষ্টবাদী আছিল। আছিল সাহসীও। সেয়ে তাই স্পষ্ট ভাবে সুধিলে,

:ইমান সহজ নে এটা সমন্ধ গঢ়া আৰু ভঙা? তাই ময়ূৰক অকল ভাল পোৱাই নহয় সন্মানো কৰিছিল বহুত ।

: কোৱা কিয় মাতিছিলা?

: জানিব বিচাৰো মোৰ কি এনে ভুল হৈছিল যাৰ বাবে আমাৰ সমন্ধ শেষ হ’ল ।

: বাদ দিয়া।

: নহ’ব। মোৰ অধিকাৰ আছে জনাৰ।

: তেনে শুনা….

সি কৈ গৈছিল। তাই কাণেৰে একো নুশুনা হৈ পৰিছিল। ভৰিদুটা কঁপিব লৈছিল। তাই একো মাত নামাতি তাৰ পৰা গুচি আহিছিল উলটি নোচোৱাকৈ। আহোঁতে এটা কথাই ভাবি আহিছিল কিয় সুধিলে বাৰু তাই বিচ্ছেদৰ কাৰণবোৰ? নজনা হ’লেই ভাল আছিল অন্তত তেওঁৰ প্ৰতি থকা সন্মানখিনিৰ শ্ৰদ্ধাখিনি থাকিলেহেঁতেন। তেওঁ কোৱাৰ দৰে তাই সঁচাই বহু কথাই নাজানে।

: বাইদেউ নামিবৰ হ’ল।

অ’টোখন ৰখাই ড্ৰাইভাৰজনে মাত লগালে। ড্ৰাইভাৰৰ মাতত তাই চক খাই উঠিল। তাই মূৰটো লৰালে। একেথৰে একেফালে চাই অহাৰ বাবে বিষ এটা অনুভৱ কৰিলে ডিঙিত, সমান্তৰাল ভাৱে মনটোতো।

☆★☆★☆

Leave a Reply

Your email address will not be published.