ফটাঢোল

লটিঘটি – উৎপলা শইকীয়া

আজি সন্ধিয়ালৈ কাষৰে বয়জ হোষ্টলত এটা সৰু গেট টুগেদাৰ পাতিছে বুলি জনাৰ পিছৰ পৰাই সিহঁতৰ অসম আৰ্হিৰ সৰু হোষ্টলখনত এক উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰিছে৷ কোনে কি পিন্ধিব, কোন কেইটাত যাব, কোনে কাৰ লগত চিনিয়ৰে নেদেখাকৈ দুআষাৰ পাতিব- এইবোৰ লৈ চবৰে মাজত আলোচনা হৈ থাকিল৷ কালিলৈ চাবমিট কৰিব লগা প্ৰেক্টিকেলৰ শ্বিটবোৰ চিজিল কৰি থকাৰ মাজে মাজে নীলাঞ্জনাইয়ো তাইৰ বাবে কোনসাজ কাপোৰ উলিয়াব কোনসাজৰ লগত কোনটো ব্লাউজ মেটচিং কৰি পিন্ধিব তাকে লৈ মনতে গুণাগঁঠা কৰাত লাগিল৷ তেনেতে ৱালমেট ৰিণিকি তাইৰ ৰূমলৈ হুৰমুৰকৈ সোমাই আহিল।

:ঐ তই এনেকৈ সদায় মোক কিয় জ্বলাই মাৰ অ’?

ৰিণিকিৰ কথাত তাই আচৰিত হ’ল৷ এইজনীক আকৌ আজি কিহে পালে!

: মই আকৌ কি জ্বলালোঁ‌ তোক?

: হুহ, হ’ব হ’ব এতিয়া নুবুজাৰ ভাও জুৰিব নালাগে৷ মোৰ দুৱাৰত কিয় নক কৰিছিলগৈ? মই তই বুলি দুৱাৰখন খোলোতেই দুটা মলুৱা সোমাই মোৰ সকলো বস্তু তহিলং কৰিলেহি৷ আৰু যে মোৰ বিস্কুটৰ টেমাটোও লৈ গ’ল জান?

নীলাৰ হাঁহি উঠিল৷ এইজনীৰ মগজুৰ সঁচাকে কিবা এটা গণ্ডগোল আছে৷ সদায় বান্দৰৰ দোষ মোৰ ওপৰত জাপেহি৷

: যা যা নিলে যদি ভালেই হ’ল৷ তোৰ সেই টেষ্টলেচ বিস্কুটকেইটা খাই বান্দৰীয়েও বান্দৰক দুপাতমান সোধাবহে৷ দিনৰ দিনটো ছোৱালীহঁতক ভয় খুৱাই এইটোকে ইনকাম কৰিলি বুলি৷

এই ৰিণিকিজনীও যে আৰু। ইমান বুৰ্বক টাইপ৷ এনেই বৰষুণৰ বতৰ তাতে এতিয়া এইজনীয়ে মাৰ্কেটলৈ বিস্কুট আনিবলৈ লগ ধৰিলে হ’লেই আৰু৷

: ঐ ব’লনা মাৰ্কেটৰ পৰা আহোঁ‌৷ সন্ধিয়া চাহ খাবলৈ মোৰ তাত এতিয়া একো বিস্কুটেই নাই৷ আৰু যে মাজে মাজে বিস্কুট খাই নাথাকিলে মোৰ কিবা পঢ়াবোৰ হজমেই নহয়৷ কথাষাৰ শুনি নীলাৰ মূৰটো গৰম হ’ল যদিও তাই একো নকৈ যাবলৈ ওলাল৷ নীলাই সাধাৰণতে ক্লাচলৈ মাৰ্কেটহৈ যোৱাৰ বাহিৰে এনেয়ে মাৰ্কেটলৈ যাবলৈ বৰ বিৰক্তি পায়৷ একমাত্ৰ বয়জ হোষ্টলখনৰ আগেদি যাব লাগে বাবেই৷ হ’লে কি হ’ব! বন্ধুত্বৰ টান৷

: হ’ব ব’ল৷ সেই বান্দৰসোপাৰ হোষ্টলৰ আগেদি যোৱাতো মই বৰ টান পাওঁ অ’৷ সিহঁতে কি কিযে কৈ নমৰে নহয়৷

: হ’ব হ’ব ইমান বাহাদুৰি মাৰিব নালাগে৷ তোৰ বিপদত মই তোৰ লগত নদৌৰিলে তোৰ বাবে দৌৰা কোনো নোলাব৷ ব’ল এতিয়া ফুটেজ খাব নালাগে৷

সিহঁত হোষ্টেলত থকা সাজেৰেই মাৰ্কেটলৈ আগবাঢ়িল। ইফালে বয়জ হোষ্টেলখনত পাৰ্টিৰ বাবে একেবাৰে উখল-মাখল পৰিবেশ৷ সিহঁত দুয়ো হোষ্টলখনৰ ওচৰ পাওঁতে অলপ লাজ লাজকৈ আগবাঢ়িল৷ আহোঁ‌তে সিহঁতৰ চিনিয়’ৰ দৰ্শনা বায়েকৰ সাৱধানবানী

: ঐ পোৱালীহঁত! ল’ৰা হোষ্টেলৰ আগত অলপ সাৱধানে যাবি৷ সিহঁতে চিনিয়’ৰ জুনিয়’ৰ চবকে চিনি পায়৷

নীলাঞ্জনাই কথাটো মনত পেলাই উঠিছিলহে মাত্ৰ৷ এটা বিকট চিঞৰত তাই সস্তম হ’ল৷

: পেৰেদ চাৱধান!

: চামনেচে দৌ নঞে আতংকবাদী হামাৰে ইলাকে মে ঘুচ গয়ে হে৷ ফায়াৰিং কে লিয়ে পজিচন লে লৌ৷

সিহঁত দুজনী কিংকৰ্তব্যত বিমোৰ হ’ল৷ হে প্ৰভু এইয়া কি? সিহঁতৰ লগৰে ৰজনীশে মইনা পেন্ট পিন্ধি হাতত এটা পূজাৰ বন্দুক লৈ সিহঁতক গুলিওৱাৰ প’জত সিহঁতৰ আগত আঠু লৈছে৷ তাৰ বেশভূষা দেখি সিহঁতে হাঁহিবই নে কান্দিবই একো ঠিৰাং কৰিব পৰা নাই৷ শৰীৰত বস্ত্ৰ বুলিবলৈ কেৱল মইনা পেন্টটো আৰু উদলেণ্ডৰ জোতা৷ ৰিণিকিয়েতো প্ৰথমৰ চিঞৰটোতে হোষ্টেললৈ ভিৰাই লৰ মাৰিবলৈ লৈছিলেই ৷তাইহে কিবাকে চিকুটি ফুচফুচাই তাইক চুপচাপ আগবাঢ়িবলৈ কৈ লৈ গৈ আছিল৷ ফুচফুচকৈ নীলাৰ গালি

: হুহ আৰু খা বিস্কুট৷ বিস্কুট নহ’লে তোৰ পঢ়া মগজুত নোসোমাই নহয়। এতিয়া খা বিস্কুট বান্দৰী৷ তোক আচলতে এইটো হোষ্টেলতে চিট এলট কৰিব লাগিছিল৷ বান্দৰবোৰৰ লগত তই বান্দৰী মিলিলি হয়

ৰিণিকি নিমাত। হাতখন এৰি দিলে নীলাৰ৷ হয়তো খং উঠিল তাইৰ৷ লাজ আৰু নাৰ্ভাচনেচত নীলাৰো কাণ মূৰ গৰম হৈ গ’ল৷ তাইৰো বৰ হাঁহি উঠিছিল৷ উঠি অহা হাঁহিটো কন্ট্ৰ’ল কৰি ইফালে সিফালে নোচোৱাকে কেৱল আগলৈ চাই আগবাঢ়িল৷ ৰিণিকিক কিবা এটা কৈ হাঁহিটো পাতলাবলে তাইৰ ফালে মূৰটো দাঙোতেই নীলা অবাক হৈ পৰিল৷ এইয়া কি এই বান্দৰীজনী দেখোন লগত নাই৷ হাৰে এইজনী ক’ত গ’ল। তাই লাহেকৈ ঘুৰি চাই যি দেখিলে, সেইয়া দেখি তাইৰ অৱস্থা “ফাট মেলা বসুমতী পাতালে লুকাও” টাইপ হ’ল৷

ৰিণিকিয়ে হোষ্টলৰ ফালে উভতি দৌৰি তাইৰ পৰা প্ৰায় আশী মিটাৰমান দূৰ পালেগৈ আৰু তাইৰ পিছফালে দুটা নতুন মইনা পেন্ট-জোতা পৰিহিত জোৱানে বন্দুকেৰে পিছফালে তাইৰ মূৰলৈ টোৱাই আছে। সন্মুখত তাইৰ লগৰে ৰজনীশে আঠুকাঢ়ি ফায়াৰিং কৰিবলৈ লোৱা প’জত৷ নীলাই লাজে দুখে খঙে অপমানে কি কৰিব একো উৱাদিহ পোৱা নাছিল৷ তেনেতে ৱালৰ আঁৰৰ পৰা আকৌ চিঞৰ আহিল-

: পেৰেড দুচমন অৱ পুৰী তৰহচে হামাৰে কব্জে মে হেই। অৱ ফায়াৰিং চুৰু কৰৌ…

কি কৰিম কি নকৰিমকে কেইছেকেণ্ডমান ভাবি নীলাইও ল’ৰাকেইটাক “চাওঁ গুচ” বুলি কৈ ৰিণিকিৰ পিছে পিছে হোষ্টেললৈ প্ৰাণটাকি দৌৰা আৰম্ভ কৰি দিলে৷ মনে মনে ভাবি গ’ল আজি ৰিণিকিৰ ভালকে ক্লাছ ল’ব লাগিব!

মৰেল: হৰ এক দৌস্ত কমিনা হ’টা হেই অ’ঔৰ লড়কে লৌগ এহ নকওঁ থাকক৷

☆★☆★☆

3 Comments

  • ৰাজীৱ

    হাঃ হাঃ

    Reply
  • জয়ন্ত দাস

    কি উৎপতীয়া লৰা ৰে ৷

    Reply
  • ৰিণ্টু

    ভাল লাগিল পঢ়ি উৎপলা, আগলৈও পঢ়িবলৈ পাম বুলি আশা ৰাখিলো

    Reply

Leave a Reply

Your email address will not be published.