ফটাঢোল

লভ এট ফাৰ্ষ্ট চাইট – ৰক্তাভ কুমাৰ

প্ৰেমৰ কিবা সাংবিধানিকভাৱে গৃহীত বয়স আছেনে নাই মই নাজানোঁ আৰু যদি আছে তেতিয়াহলে মোৰ জীৱনলৈ প্ৰথম প্ৰেম নামি অহা বয়সটো আইনমতে গ্রহণযোগ্য হয়নে নহয় সন্দেহ আছে। যদি সেইটো বয়সত প্ৰেমত পৰাটো ভাৰতীয় আইনমতে দণ্ডনীয় তেন্তে ইমান মুকলিমূৰীয়াকৈ কথাখিনি উল্লেখ কৰি নিজেই নিজৰ বিপদ চপাই অনা যেন মোৰ অনুভৱ। অৱশ্যে প্ৰেমত পৰা যিকোনো বয়সেই যে মা-দেউতাহঁতৰ বিশ্বাসৰ পৰিপন্থী সেইটো হ’লে নুই কৰিব নোৱাৰি। পঢ়ি থকা কালত ল’ৰা প্ৰেমত পৰিছে মানে সি ৰসাতলে গৈছে আৰু যদি কেনেবাকৈ কোনোবা চুবুৰীয়া বা আত্মীয়ৰ চকুত আপোনাৰ আৰু কোনো ছোৱালীৰ গাত একে সময়তে একেলগে প্ৰতিফলিত হোৱা ৰশ্মিয়ে গঠন কৰা প্ৰতিবিম্ব নিবদ্ধ হৈছে তেতিয়াহ’লে আৰু নিস্তাৰ নাই। প্ৰেম নিবেদনৰ পুৰস্কাৰ হিচাপে মাৰ ককৰ্থনা আৰু প্ৰয়োজনত দেউতাৰ চৰ-কিল-ভুকু খোৱাটো এটা সুলভ দৃশ্যৰূপে পৰিগণিত হোৱা দেখা যায়, লগতে সাময়িক নজৰবন্দীৰ চিকাৰ হোৱাটো বোনাচত লাভ কৰা যায়।
যি কি নহওক, প্ৰেমৰ ফালৰ পৰা মোৰ মনটো পূৰঠ হৈ উঠিছিল যেতিয়া মই তৃতীয় শ্ৰেণীত পঢ়ি আছিলোঁ, মানে মোৰ সাত বছৰ বয়সত। তৃতীয় শ্ৰেণীত পঢ়ি থাকোতে মোৰ হৃদয়ৰ বন্ধ কোঠালিত টোকৰ মৰা সেই সুখানুভূতিটো দৰাচলতে প্ৰেম নে কি আছিল মই নাজানোঁ কিন্তু হিন্দী চিনেমাত দেখুওৱাৰ নিচিনা ময়ো নিজকে এজন বাস্তৱৰ নায়কৰূপে কল্পনা কৰি তাৰ আদৱ-কায়দা সমূহ আয়ত্ত কৰি লৈ নিজকে এজন দুৰ্দান্ত প্ৰেমিক হিচাপে গঢ়ি তোলাৰ সপোন দেখিছিলোঁ। প্ৰতি দেওবাৰে ‘ৰংগোলী’ অনুষ্ঠানত যেতিয়া সেই সময়ৰ সুদৰ্শন অভিনেতা গোবিন্দ, ছলমান খান, শ্বাহৰুখ খানহঁতৰ বোলছবিৰ গীতৰ দৃশ্যাংশ দেখুওৱা হৈছিল তেতিয়া মই সেইবোৰত ইমানেই মচগুল হৈ পৰিছিলোঁ যে প্ৰায় প্ৰতিদিনে ৰাতি সপোনত মই বেলেগ বেলেগ ৰোমান্টিক গীতৰ হিৰো-হিৰোইনৰ ঠাইত নিজকে আৰু মোৰ তথাকথিত প্ৰেমাস্পদ, মোৰ সহপাঠী ছোৱালীজনীক দেখা পাইছিলোঁ। মোৰ কাল্পনিক প্ৰেমৰ প্ৰাবল্য ইমানেই বাঢ়ি গৈছিল যে এবাৰতো মই টিভিৰ আগত বহি মায়ে যতনাই দিয়া ৰুটি ভাজি খাই থাকিয়েই ” ঘুঙ্গট কে আৰ পে দিলবৰ কা শৃংগাৰ অধুৰা…” শীৰ্ষক গীতটোত জুহি চাওলাই ওৰণি দাঙি দিওঁতে মোৰ প্ৰেমাস্পদজনীক দেখা যেন অনুভৱ কৰি একেজাপে গৈ টিভি স্ক্ৰীনত চুমা এটা আঁকি দিছিলোঁ। অৱশ্যে মায়ে চুমা যঁচা দেখা নাপালে যদিও ওঁঠত লাগি থকা আলুভাজিৰ তেলে মাৰ বিবাহসূত্ৰে লাভ কৰা বেলটেকৰ ব্লেক এণ্ড হোৱাইত টিভিৰ পৰ্দাত দাগ পেলাই দিয়া কাৰণে দগৰা পিটন খোৱাৰ পৰা বাদ পৰা নাছিলোঁ। দুখৰ কথা এটাই যে মোৰ সেই প্ৰেম একপক্ষীয় হৈয়েই ৰৈ গৈছিল কিয়নো মোৰ নাটকীয় প্ৰেমৰ নায়িকাগৰাকীক প্ৰেম নিবেদন কৰাৰ সাহসকণ গোটাব নোৱাৰিলোঁ আৰু তাই তাৰ পিছৰ বছৰেই দেউতাকৰ চাকৰিসূত্ৰে বেলেগ ঠাইলৈ গুচি গৈছিল। কিন্তু তাতকৈও দুখৰ কথা এইটোহে যে যাৰ প্ৰেমত পৰি মই গোবিন্দ, ছলমান খানৰ দেহত নিজৰ মূৰটো লগাই থৈ সপোন ৰাজ্যত বিচৰণ কৰি আছিলোঁ সেই ছোৱালীজনী মোৰ এজনী সম্পৰ্কীয় মাহীৰ ছোৱালী আছিল যিটো কথা মই প্ৰায় দহ বছৰমানৰ পিছত বিয়া এখনত সাক্ষাৎ হোৱাৰ সময়তহে গম পাইছিলোঁ। এনেদৰে মোৰ ” লভ এট ফাৰ্ষ্ট টাইম ” শীৰ্ষক প্ৰেম কাহিনীটোৰ গঁজালিয়ে পোখা নেমেলোঁতেই মৰি থাকিল।

তাৰ পিছত ক্লাছ নাইনলৈ তিনি চাৰিবাৰ প্ৰেম হৈছিল যদিও কোনো এজনীকে মাত লগাই নাপালোঁ। অৱশেষত ক্লাছ নাইনত থাকোঁতে মোৰ জীৱনলৈও “লাভ এট ফাৰ্ষ্ট চাইট” নামি আহিল! এইবাৰৰ প্ৰেমবিধক পিছে পূৰ্ণ পৰ্য্যায়ৰ এটা প্ৰকৃত প্ৰেম বুলি নাম দিব পৰা ধৰণৰ  প্ৰেম আছিল য’ত এহাল প্ৰেমিক-প্ৰেমিকাৰ মাজত থকা সকলো আৱেগ-অনুভূতি সংমিশ্ৰিত হৈ আছিল।
স্পষ্টৰূপে ক’বলৈ গ’লে সেই সাত বছৰীয়া শিশুজনৰ পৰা এই একুৰি পাঁচ বছৰ বয়সৰ যুৱকজন হোৱালৈকে মোৰ জীৱনত বহুতো ছোৱালীৰ আগমন তথা প্ৰত্যাগমন ঘটিছে, কিন্তু সেই আটাইবোৰ ছোৱালীৰ মাজৰ এজনী বিশেষ ছোৱালীহে মোৰ ফটাপ্ৰেমৰ গল্প তথা মোৰ জীৱনৰ নায়িকা। বহুতো ছোৱালী বুলি কওঁতে এটা কথা ইয়াতেই স্পষ্টকৈ উল্লেখ কৰি থোৱা ভাল হ’ব যে ‘বহুতো’ শব্দটোৰে মই শত-সহস্ৰ ছোৱালীক বুজোৱা নাই, এই গণনাটো আঙুলিৰ মূৰত কৰিব পৰা লেখীয়াকৈ সহজ। মানে পাঠকসকললৈ অনুৰোধ তেওঁলোকে যাতে মোৰ চৰিত্ৰৰ ওপৰত সন্দেহ নকৰে। সেই সুন্দৰী কিশোৰীকেইগৰাকীৰ গৰিষ্ঠসংখ্যকেই মোৰ প্ৰেমৰ প্ৰস্তাৱক আঁকোৱালি লৈছিল আৰু বাকী কেইজনীয়ে ভিন্ন অজুহাত দেখুৱাই মোৰ কামোৰণিৰ পৰা হাত সাৰিছিল। কিন্তু সেই কৈশোৰ অৱস্থাত মোৰ হৃদয়ত গভীৰভাৱে চাপ পেলাই যোৱা সেই বিশেষ ছোৱালীজনীৰ বাহিৰে বাকীকেইজনীৰ প্ৰতি থকা মোৰ অনুভূতিবোৰ আছিল ক্ষণস্থায়ী।

তেতিয়া মই নৱম শ্ৰেণীৰ ছাত্ৰ। সাধাৰণতে বিদ্যালয়ৰ প্ৰতিটো কালাংশ শেষ হোৱাৰ পিছত দুটা কালাংশৰ মাজৰ সেই চাৰি-পাঁচ মিনিট সময়ৰ ব্যৱধানটোত শ্ৰেণীৰ প্ৰায়বোৰ ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণীকোঠাৰ দুৱাৰমুখত পাইচাৰি কৰি থকাটো এটা পৰিচিত দৃশ্য। মই বা মোৰ লগৰ বন্ধু-বান্ধৱীখিনিও এই ক্ষেত্ৰত ব্যতিক্ৰম নাছিলোঁ। সেইদিনাও সদায় কৰি অহাৰ লেখীয়া স্কুলৰ প্ৰথম কালাংশটো শেষ হোৱাৰ পিছত আমি কোঠাটোৰ দুৱাৰমুখত আড্ডা মাৰি থিয় দি আছিলোঁ। হঠাৎ মোৰ এজনী বান্ধৱীয়ে আমাৰ কোঠাৰ গাতে লাগি থকা ষষ্ঠ শ্ৰেণীৰ এজনী ছোৱালীৰ পিনে আঙুলিয়াই মোক ক’লে, ” ঐ ৰক্তাভ, সেই ছোৱালীজনীলৈ চাচোন! ইমান ধুনীয়া,ইমান মৰমলগা…..!” লগতে কিবাকিবি আৰু কৈ আছিল যদিও মই ইমান গুৰুত্ব দিয়া নাছিলোঁ কাৰণ ইতিমধ্যে মোৰ চকু দুটা ছোৱালীজনীৰ মুখখন বিচাৰি ষষ্ঠ শ্ৰেণীৰ ভিতৰলৈ সোমাই গৈছিল।

‘ধুনীয়া’ শব্দটোৰ প্ৰতি মোৰ এক বিশেষ দুৰ্বলতা থকা হেতু বান্ধৱীজনীৰ কথাখিনি শেষ নোহোৱাৰ পূৰ্বেই তাই আঙুলিয়াই দিয়া নিৰ্দিষ্ট ঠাইটুকুৰালৈ যান্ত্ৰিকভাৱেই মোৰ চকু দুটা লৰ মাৰিলে আৰু তাত গৈ ৰৈ গ’ল য’ত সেই চুটি-চাপৰ কিন্তু ভীষণ ধুনীয়া ছোৱালীজনী বহি আছিল। নিজৰ বাবে নিৰ্ধাৰিত বেঞ্চখনত বহি লগৰ ছোৱালীৰ লগত কথা পাতি থকা সেই নিপোটল শাৰীৰিক গঠন,ধকধকীয়া বগা চেহেৰা, লাটুমৰ নিচিনাকৈ গোল মুখ, সুগঢ়ী নাক তথা ধুনীয়া চকুযুৰিৰ গৰাকী ছোৱালীজনীক দেখাৰ লগে লগেই মুহূৰ্তৰ ভিতৰতেই মই তাইৰ প্ৰেমত পৰি গৈছিলোঁ। কিন্তু মোৰ বান্ধৱীজনীৰ সন্মুখত সেইটো দেখাব পৰা নাছিলোঁ আৰু তাৰ কাৰণ হ’ল কান্ধলৈ পৰি থকাকৈ চুটিকৈ কাটি ৰখা তাইৰ ‘বয়জ কাট’ চুলিকোছা, যিটোৰ প্ৰতি ক’ব নোৱাৰাকৈ মোৰ মনত এটি বিতৃষ্ণাৰ ভাৱ আগৰ পৰাই আছিল আৰু সেই কথাটো মোৰ বান্ধৱীজনীয়ে খুব ভালদৰেই জানিছিল কিয়নো সেই দিনটোৰ পৰা প্ৰায় দুই বছৰমান আগত মোৰ সহপাঠী বান্ধৱীজনীৰ লগতো প্ৰেমাস্পদৰ এক সম্পৰ্ক গঢ়ি উঠিছিল যিটোৰ যৱনিকা পৰিছিল তাইৰ দীঘল চুলিকোছাই পাৰ্লাৰত গৈ চুটি হৈ অহাৰ পিছদিনাখনেই। বাৰু সেয়া বহুত পুৰণি কথা যদিও তাইৰ আগত অসহজ হৈ পৰাৰ কথাটো লক্ষ্য ৰাখি মই বৰ বিশেষ এটা প্ৰতিক্ৰিয়া নেদেখুওৱাকৈ পুনৰ আমাৰ পূৰ্বৰ আড্ডাৰ ৰসাস্বাদন কৰিবলৈ উভতি গৈছিলোঁ। কিন্তু মই সহজ হ’ব পৰা নাছিলোঁ, মোৰ চকু দুটা বাৰে বাৰে সেই ধুনীয়া ছোৱালীজনী বহি থকা নিৰ্দিষ্ট ঠাইটুকুৰালৈ ঢাপলি মেলিছিল, তাইক অবিৰতভাৱে চাই থকাৰ হেঁপাহে মোক ধীৰে ধীৰে ব্যাকুল কৰি তুলিছিল। নিজৰ স্বাৰ্থক দমাব নোৱাৰি অৱশেষত মই সেই সমস্যাৰো সমাধান উলিয়াই ল’লোঁ। সেইসময়ত মই আমাৰ বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি হোৱাৰ উপৰি শ্ৰেণী-প্ৰমুখ হৈ আছিলোঁ, বন্ধুবৰ্গই যিমানেই উৎপাত নকৰক কিয় শাস্তি পোৱাৰ পৰা কেনেবাকৈ হ’লেও বচাইছিলোঁ গতিকে সকলোৰে লগত সম্পৰ্কটো মধুৰ আছিল। কাষৰ শ্ৰেণীৰ ছোৱালী এজনীৰ প্ৰেমত পৰা কথাটো দুজনমান বিশ্বাসী বন্ধু-বান্ধৱীক জনোৱাৰ পিছত তেওঁলোকৰ সহযোগত শ্ৰেণী শিক্ষকক পাকে-প্ৰকাৰন্তে বুজাই মেলি ল’ৰা আৰু ছোৱালী বহা ঠাইখিনি সলনি কৰাই ল’লোঁ। আমাৰ বিদ্যালয়ত দুটা শ্ৰেণী তৰ্জাৰ বেৰাৰে ভাগ কৰি দিয়া আছিল আৰু ষষ্ঠ শ্ৰেণীৰ ফালে ছোৱালীখিনি বহিছিল, ঠাই সলোৱাৰ ফলত সেইটো ফাল ল’ৰাখিনিয়ে দখল কৰিলে। এই কামটোৰ ফলত মোৰ লগতে দুয়োপক্ষৰে ভিন্নজনৰ মনত আনন্দৰ সৃষ্টি হৈছিল কিয়নো ছোৱালীখিনিৰ মাজত এনেকুৱা ভালেকেইজনী আছিল যাৰ যাৰ প্ৰেমিকসকল তেতিয়া দশম শ্ৰেণীত পঢ়ি আছিল যিটো সিহঁত বহা ফালে আছিল আৰু ল’ৰাবোৰেও ধুনীয়া ছোৱালী দেখিবলৈ পোৱাৰ আশাত বিনা প্ৰতিবাদে বহা ঠাইসমূহ সলনি কৰাই লৈছিল। ময়ো সদায় তাইক দেখা পোৱাৰ স্বাৰ্থত পাৰ্যমানে সোনকালে স্কুললৈ আহিছিলোঁ আৰু প্ৰত্যেকদিনে একেখন বেঞ্চৰ বেৰৰ একেবাৰে লাগি থকা অংশত বহিছিলোঁ য’ত মই সৰুকৈ এটা ফুটা বনাই লৈছিলোঁ তাইক মন গ’লেই চাব পৰাকৈ। কেতিয়াবা কেনেবাকৈ যদি স্কুল গৈ পোৱাত অলপ দেৰিও হৈছিল মোৰ বিশ্বাসী বন্ধুকেইগৰাকীয়ে মোৰ কাৰণে সেই ঠাইটুকুৰা সুৰক্ষিত কৰি ৰাখি থৈছিল আৰু এনেকৈ পিছলৈ মোৰ আটাইতকৈ ভাল বন্ধুজনে মই বহা ঠাইটুকুৰাত ডেস্কখনৰ ওপৰত মোৰ আৰু ছোৱালীজনীৰ ( পোহৰ ) নাম দুটা খোদন কৰাই সেই নিৰ্দিষ্ট ঠাইটুকুৰাত মোৰ মালিকীস্বত্বৰ মোহৰ লগাইছিল।

তাইক মই ‘পোহৰ’ বুলি মাতিছিলোঁ। ‘পোহৰ’ নামটোৰ আঁৰতো এটা কাহিনী আছে। এদিনাখন গধূলি সময়ত মই আৰু মোৰ আটাইতকৈ ভাল বন্ধুজনে সিহঁতৰ ঘৰৰ আগফালে থিয় হৈ কথা পাতি থকা সময়ত ক’ৰবাৰ পৰা এটা জোনাকী পৰুৱা আহি মোৰ হাতত পৰিল। মোৰ বন্ধুজনৰ দেহৰ বৰণ হ’ল বগা আৰু মোৰ বৰণ ক’লা! তাকে লৈ এনেই সি মোক জোকাই থাকে। মোৰ হাতত জোনাকী পৰুৱাটো আহি পৰাৰ লগে লগে সি ক’বলৈ ধৰিলে, ” বাপ! জ্বলটি থাকা বস্তুটু আহি তোৰ হাতত পৰাৰ লগে লগে তোক মই আন্ধাৰত দেখা পালু, এনেই তই ক’ত আছা এই ঘিটমিটা আন্ধাৰত মই ধৰবাএ পাৰা নাছিলু! তোৰ লাইফত পোহৰে পোহৰ হ’বা ধচ্ছে এ, আপীটুও চাইছা একদম পোহৰ হেন বগা!” এইবুলি কৈ দুয়োটাই হাঁহিব ধৰিলোঁ। তেতিয়াৰ পৰা মোৰ বন্ধুবৰ্গৰ আগত তাইৰ প্ৰকৃত নামটোৰ সলনি মই ‘পোহৰ’ বুলিহে মাতিছিলো। তাই কিন্তু তাইৰ প্ৰেমিকে তাইক দিয়া এই নামটো বহুত পিছতহে গম পাইছিল।

আমি দুয়োজন যদিও একেখন স্কুলতে পঢ়িছিলোঁ আৰু প্ৰায়েই আমাৰ দেখা-দেখও হৈছিল তথাপি তাইক মই ভালদৰে কেতিয়াও লগ পোৱা নাছিলোঁ। স্কুলৰ বাকৰিত যেতিয়াই দুয়োৱে দুয়োকে পাৰ কৰি খোজ কাঢ়ি গৈছিলোঁ তাই অকল কেতিয়াবাহে মোৰ পিনে চাইছিল। পিছলৈ কিন্তু যেতিয়াই দেখা পাইছিলোঁ ভদ্ৰতাৰে খাতিৰতেই হওক বা কিবা অদৃশ্য আকৰ্ষণৰ মূৰ্ত প্ৰকাশ হিচাপেই হওক তাই মোৰ পিনে চাই মিচিকিয়াই হাঁহিছিল। তাইৰ সেই মন গলোৱা হাঁহিটোৰ বাবেই সময় যোৱাৰ লগে লগে তাইৰ প্ৰতি মোৰ আকৰ্ষণ বৃদ্ধি পাব ধৰিলে আৰু এই আকৰ্ষণে তাৰ চূড়ান্ত সীমা স্পৰ্শ কৰিলে এটা বিশেষ দিনত। সেইদিনাখন পাঠ্যক্ৰমৰ বাহিৰৰ এটা বিষয়ৰ পৰীক্ষাত তাইক মই প্ৰথমবাৰৰ কাৰণে একদম ওচৰৰ পৰা ভালকৈ লগ পাইছিলোঁ। স্বভাৱসুলভ ধুনীয়া হাঁহিটোৰে তাই মোক সম্ভাষণ জনাইছিল যদিও তাইৰ লগত মোৰ প্ৰত্যক্ষভাৱে মত বিনিময় তেতিয়াও হৈ উঠা নাছিল। মোৰ সহজাত প্ৰতিক্ৰিয়াৰেই মোৰ পৰিচিত দ্বিতীয় এগৰাকী ছোৱালীৰ মাধ্যমেৰে পৰোক্ষভাৱে মই তাইৰ সৈতে কথা পাতিছিলোঁ। তাইৰ সৈতে হোৱা মোৰ সেই প্ৰথম অথচ পৰোক্ষ কথোপকথনৰ অনুৰাগ ইমানেই তীব্ৰ আছিল যে মোৰ মনৰ নিভৃত কোণত ইমানদিনে অতি সন্তৰ্পণে সাঁচি ৰখা সমস্ত অনুভূতিবোৰ একেকোবে বাহিৰ ওলাই অহাৰ উপক্ৰম হৈছিল কিয়নো সেইদিনাখন প্ৰথমবাৰৰ কাৰণে মই তাইৰ মাতটো শুনিবলৈ পাইছিলোঁ। তাইৰ মুখৰ পৰা ওলোৱা প্ৰতিটো শব্দই মোৰ মনৰ ভিতৰত ঘটি থকা প্ৰেমৰ বিক্ৰিয়াটোত যেন অনুঘটকৰহে কাম কৰি আছিল। শৰৎকালৰ সন্ধিয়াৰ সেই শীতল বতাহজাকে ক্লান্তজনৰ মনত নতুন উদ্যমৰ সঞ্চাৰ কৰা লেখীয়া সেই স্বৰ্গীয় অনুভূতিটোৱে মোৰ মনতো যেন এক নতুনত্বৰ সংযোজন ঘটাইছিল! এনেকুৱা লাগিছিল যেন সেই মুহূৰ্ততেই তাইৰ হাতত ধৰি মনৰ শত-সহস্ৰ আবেগৰ অপূৰ্ব মূৰ্ছনাৰ ঝংকাৰেৰে তাইক আবৃত কৰি ৰাখোঁ, উন্মাদপ্ৰায় অনুভূতিৰ বৰ্ষণেৰে তাইক জনাই দিওঁ যে তুমিয়েই সেইগৰাকী যাৰ কাৰণে প্ৰতি মুহূর্তে মই চঞ্চল হৈ আছোঁ। কিন্তু মোৰ নিচিনা ভয়াতুৰ কলিজাৰ গৰাকী এজনৰ পক্ষে এইটো কোনোকালে সম্ভৱ নাছিল। সেয়েহে পৰীক্ষাৰ অন্তত মনৰ আটাইবোৰ আলোড়নক অৱদমিত কৰি ঠাইৰ উত্তেজনাক ঠাইতেই শান্ত কৰাই এক আৱেগবিহ্বল চিত্তেৰে ঘৰলৈ উভতিলোঁ। কিন্তু ঘৰলৈ উভতি অহাৰ পিছত মই মোৰ স্বভাৱগত অৱস্থালৈ উভতি আহিব পৰা নাছিলোঁ, কিয়নো মোৰ দেহৰ সিৰা-উপসিৰাই তাইক ওচৰত পোৱাৰ দুৰ্বাৰ হেঁপাহ এনেদৰে সিঁচৰতি হৈ পৰিছিল যাক উপেক্ষা কৰি মই স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাটো মোৰ পক্ষে কঠিন হৈ পৰিছিল। মোৰ মনৰ অৱস্থা বায়ুশূন্য বাকচটোৰ ভিতৰত নিৰলসভাৱে দুলি থকা সেই দোলকটোৰ নিচিনা হৈছিল যাক এবাৰ আঘাত কৰাৰ পিছত অনিৰ্দিষ্টকাললৈ তাৰ প্ৰভাৱ ৰৈ যায়। প্ৰতি মুহূর্তে তাইৰ অদৃশ্য উপস্থিতিয়ে মোক উত্ৰাৱল কৰি তুলিছিল। অতুলনীয় সৌন্দৰ্য্য সুষমাৰ অধিকাৰিণী সেই ছোৱালীজনীৰ কোমল মাত আৰু মিচিকিয়া হাঁহিটোৱে প্ৰতিপলে মোৰ মনোজগতত এক প্ৰৱল প্ৰতিক্ৰিয়াৰ সূত্ৰপাত ঘটাইছিল যিটোৱে মোৰ নিষ্পাপ মনটোক লালায়িত কৰিছিল তাইৰ আকুণ্ঠ প্ৰেমৰ সুঘ্ৰাণৰ আভাস ল’বলৈ। মোৰ মনৰ ভিতৰত লাহে লাহে প্ৰেম আৰু সৌন্দৰ্যস্পৃহাৰ এক নিবিড় সম্পৰ্ক স্থাপন হ’বলৈ ধৰিলে; হয়, মই প্ৰেমত পৰিছিলো। শীতৰ ডাঠ কুঁৱলী ফালি অহা একাজলি ৰ’দৰ মাদকতা ভৰা উম ল’বলৈ ঢাপলি অহা ব্যক্তিজনৰ নিচিনাকৈ ময়ো প্ৰেমৰ কাল্পনিক পুষ্পৰ সৌৰভৰ মাজত নিজকে বিলীন কৰি দিবলৈ উদ্বাউল হৈ পৰিছিলোঁ।

এইজনী ছোৱালীৰ পূৰ্বেও মোৰ বেলেগ ছোৱালীৰ লগত প্ৰেমাস্পদৰ সম্পৰ্ক আছিল যদিও সিহঁতৰ তুলনাত এইজনীৰ প্ৰতি থকা মোৰ প্ৰেমৰ অনুভৱটো আছিল কিছু সংবেদনশীল কিয়নো তেতিয়ালৈকে মই মোৰ কৈশোৰ অৱস্থাৰ পূৰ্ণাংগ ৰূপত আহি উপনীত হৈছিলোঁ, অন্য এক অৰ্থত মই ‘মেচিয়ৰড’ হৈছিলোঁ। সেই হেতুকে মই তাইৰ প্ৰতি প্ৰেমৰ প্ৰস্তাৱটো আগবঢ়োৱাৰ ক্ষেত্ৰত তৎপৰ হ’ব পৰা নাছিলোঁ। বাৰে বাৰে এনেকুৱা এটা ভাবে মোক বাধা দি আছিল জানোচা তাই মোৰ প্ৰেমক প্ৰত্যাখ্যান কৰে! কিন্তু বিবেক আৰু মনৰ সংঘৰ্ষত সদায় মনৰেই জয় হয় যিহেতু মই মোৰ মনৰ অৱস্থাক প্ৰাধান্য দি কিছু সাহস গোটাই তাইক মোৰ প্ৰেমৰ প্ৰস্তাৱটো আগবঢ়োৱাটোকেই ঠিক বুলি ভাবিলোঁ। এতিয়া প্ৰধান সমস্যাটো হ’ল প্ৰস্তাৱটো দিওঁ কেনেকৈ! কিয়নো তাইৰ মুখামুখিকৈ থিয় হৈ তাইৰ চকুত চকু থৈ ‘মই তোমাক ভাল পাওঁ’ বুলি কোৱাৰ সাহস মোৰ তেতিয়াও নাছিল আৰু এতিয়াও নাই। অকল মোৰ মনত বুলি নহয় মোৰ সমবয়সীয়া বেছিভাগ কিশোৰৰ মনতেই সেইখিনি সাহসৰ অভাৱ আছিল। সেয়েহে মই চিৰাচৰিতভাৱে চলি অহা আমাৰ পুৰণিকলীয়া দস্তুৰটোকেই আদৰি লৈ মধ্যস্থতাকাৰী এজনৰ সহায়েৰে কামফেৰা কৰি অহাৰ কথা ভাবিলোঁ আৰু এইটো কামৰ কাৰণে নিশ্চয়কৈ বেলেগ এজনী ছোৱালীৰ বাহিৰে উপযুক্ত ঘটক আৰু কোনো হ’বই নোৱাৰে। শেষত গৈ মই পাতি লোৱা ভন্টি এজনীৰ হতুৱাই এখিলা গছৰ পাতত চাৰিটামান কবিতাৰ শাৰীৰ নিচিনাকৈ প্ৰেমৰ প্ৰস্তাৱটো লিখি তাইলৈ বুলি আগবঢ়ালোঁ।

তায়ো কিন্তু কমবিধৰ বস্তু নাছিল! তাইও আগৰপৰাই জানিছিল যে মই মোৰ মানসপটত তাইৰ চিত্ৰ লৈ ঘূৰি ফুৰিছো। সেয়েহে মোক অকণমান উত্তেজিত কৰি তুলিবলৈ তাই উত্তৰটো দিয়াত অলপ পলম কৰিলে। প্ৰস্তাৱটো দিয়াৰ পৰা তাইৰ উত্তৰটো পোৱালৈকে মাজৰ সেই দুই ঘণ্টা সময় মোৰ দুটা অধিবৰ্ষৰ মাজৰ সময়তকৈ কম যেন নালাগিল। অস্থিৰতাই মোক এনেদৰে জোকাৰি পেলাইছিল যাৰ কৱলত পৰি সেইদিনা শ্ৰেণীকোঠাত মনোযোগৰ অভাৱৰ কাৰণে শাস্তিৰো সন্মুখীন হৈছিলোঁ। কিন্তু কলীয়া ডাৱৰৰ কালিমা আঁতৰাই নীল বৰণীয়া চাদৰেৰে আকাশ চানি ধৰাৰ নিচিনাকৈ মোৰ হৃদয়খনকো সেইদিনা প্ৰেমৰ সাতোৰঙী ৰামধেনুৱে আৱৰি ধৰিছিল, কিয়নো সেই বিশেষ ছোৱালীজনীয়ে মোৰ ভালপোৱাক আন্তৰিকতাৰে আদৰি লৈছিল। এনেকুৱা লাগিছিল যেন ধৰাৰ গোটেই সুখ আহি মোৰ হৃদয়ৰ জোলোঙা ভৰাই পেলাইছিল! এক অজান আকাংক্ষাৰ পৰিপূৰ্ণতাৰে মোৰ আত্মাই পৰম তৃপ্তি লাভ কৰিছিল। সেইদিনাখন মোৰ হৃদস্পন্দনে তাৰ স্বাভাৱিক গতিতকৈ কিছু তৰান্বিত গতিৰে স্পন্দিত হোৱাৰ দৰে মোৰ অনুভৱ হৈছিল। মোৰ হৃদয়ৰ ভিতৰত ইমানদিনে সযতনে সাঁচি থোৱা সেই আটাইবোৰ মিঠা অনুভৱে যেন সমস্বৰে চিঞৰি উঠি মোৰ মনৰ ভিতৰত তোলপাৰ লগাইছিল।

সেইদিনা স্কুলৰ পৰা ঘৰলৈ উভতি অহাৰ পৰতো মোৰ অনুভৱটো আছিল সুকীয়া। মোৰ সৰ্বত্ৰে যেন এক নতুনত্বই বিৰাজ কৰিছিল, এক নতুন দিগন্তই যেন পৰম আকুলতাৰে মোৰ কাৰণে বাট চাই আছিল! প্ৰেমৰ সুবিশাল সাগৰৰ অতল গৰ্ভত মই সোমাই পৰিছিলোঁ য’ৰ পৰা ওলাই অহাৰ লেশমানো ইচ্ছা মোৰ জাগি উঠা নাছিল। ছোৱালীজনীৰ মনতো তেনেকুৱাই কিবা এটা অনুভৱ জাগি উঠা বুলি মই অনুমান কৰিছিলোঁ কিয়নো সেইদিনাখন স্কুল ছুটীৰ পিছত প্ৰথমবাৰৰ কাৰণে তাই মোৰ লগত প্ৰত্যক্ষভাৱে কথা পাতিছিল। কিন্তু সেইখিনি সময়ত মই অনুমাত্ৰও এইটো ভাবিব পৰা নাছিলোঁ যে কিমান নিভাঁজ আছিল তাইৰ মোৰ প্ৰতি থকা সেই ভালপোৱা!

মোৰ ভালপোৱাত আধুনিকতাৰ সিমান এটা প্ৰভাৱ পৰা নাছিল যাৰ কাৰণে কোনো কোনো সময়ত মই নৈৰাশ্যতো নোভোগা নহয়। ‘৮০-‘৯০ৰ দশকৰ মোবাইল ফোনবিহীন সময়ৰ প্ৰেমৰ নিচিনাকৈয়ে মোৰ জীৱনতো প্ৰেমৰ সূত্ৰপাত মোবাইল ফোনৰ অনুপস্থিতিতেই হৈছিল, মনৰ গোপন কথাবোৰ চিঠিৰ আকাৰে তাইলৈ বুলি পঠাইছিলোঁ। এই ক্ষেত্ৰতো মই বেলেগ ছোৱালীৰ সহায়েই লৈছিলোঁ, পোনপটীয়াকৈ তাইৰ হাতত চিঠি এখন গুজি থৈ অহা সাহস মোৰ নাছিল। যি কি নহওক, এটা শব্দত ক’বলৈ গ’লে সেই সময়ৰ আন আন প্ৰেমিক যুগলৰ তথাকথিত প্ৰেমৰ তুলনাত মোৰ প্ৰেম আছিল ‘আউটডেটেড’। আমাৰ মাজত প্ৰেমাস্পদৰ সম্পৰ্ক স্থাপন হোৱাৰ ছয় মাহ মান পিছৰ পৰাহে মই আধুনিকতাৰ আহ্বানক আঁকোৱালি লৈ নতুন প্ৰজন্মৰ প্ৰেমিক হিচাপে মোৰ পৰিচয় স্থাপন কৰিবলৈ সক্ষম হৈছিলোঁ, অৰ্থাৎ মই মোবাইল ফোনৰ দ্বাৰা মোৰ প্ৰেমিকাৰ সৈতে মনৰ গোপন কথাবোৰ বিনিময় কৰিব লৈছিলো। মোৰ প্ৰেমিকাজনী অভিজাত পৰিয়ালৰ আছিল কাৰণে সেইসময়তেই তাইৰ নিজাকৈ এটা মোবাইল ফোন আছিল যিটোৰ কাৰণে মই নিজে নজনাকৈ হ’লেও কেতিয়াবা হীনমন্যতাত ভূগিছিলো। যিয়েই নহওক, ঘৰত মোবাইল ফোনটো অহাৰ পিছৰ পৰা সেইবোৰ চিন্তা মূৰৰ পৰা গুচি গ’ল। সদায় ৰাতি পঢ়া শেষ হোৱাৰ পিছত যেতিয়া ঘৰৰ একমাত্ৰ ফোনটো মোৰ হাতত আহি পৰিছিল সেইখিনি সময়ৰ নিচিনা সুখৰ মুহূৰ্ত মোৰ বাবে আন একোৱেই নাছিল। নানানটা চালে-বেৰে কোবোৱা কাৰণ দেখুৱাই হ’লেও মই কোনো কাৰণতেই সেই ‘যাদুকৰী যন্ত্ৰ’টোক নিজৰ পৰা আঁতৰ হ’বলৈ নিদিছিলোঁ। মই স্বাৰ্থপৰ হৈ পৰিছিলোঁ আৰু তাৰ একমাত্ৰ কাৰণ আছিল নিজৰ প্ৰেমিকাৰ সৈতে কিছু একান্ত সময় অতিবাহিত কৰাৰ পূৰ্ণ হাবিয়াস। প্ৰেমৰ সেই উষ্ম আলিংগনত প্ৰভাৱান্বিত হৈ প্ৰতিদিনে তাইক দেখা পোৱাৰ অদম্য হেঁপাহেৰে যেতিয়া মই ঘৰৰ পৰা স্কুললৈ বুলি যেতিয়া ৰাওনা হৈছিলোঁ, এক অপ্ৰাচীন আত্মতুষ্টিয়ে মোৰ মন ভৰাই পেলাইছিল। এনেকুৱা লাগিছিল যেন মোৰ লগতে মোৰ চৌদিশৰ পৰিবেশটোও প্ৰেমৰ স্বৰ্গীয় পৰশ পাই ঠন ধৰি উঠিছে, গছ-গছনিবোৰেও যেন মোৰ অন্তৰৰ গোপন প্ৰতিক্ৰিয়াৰ উমান পাই খুব উদাৰতাৰে পাতবোৰ কঁপাই মোৰ প্ৰতি অভিবাদন জনাইছে! নিশ্চয়কৈ এয়া মোৰ কল্পনাৰ বাহিৰে একো নাছিল, তথাপি মোৰ সৰল হৃদয় এই আটাইবোৰ উপাদানৰ প্ৰেমময় আতিথ্যৰ আল্পনাৰে মহীয়ান হৈ বিমুগ্ধ হৈছিল।

আমাৰ সম্পৰ্কটো চলি থকাৰ সময়ত এহাল স্বাভাৱিক প্ৰেমিক যুগলে কৰাৰ লেখীয়া আমিও লোকচক্ষুৰ আঁৰত কেতিয়াবা লগ কৰিছিলোঁ, স্কুলৰ পৰা ঘৰলৈ উভতি অহা পথত চাইকেলখন হাতেৰে ঠেলি তাইৰ সৈতে একেলগে খোজৰ লগত খোজ মিলাই কথাপাতি এটা নিৰ্দিষ্ট চ’কলৈকে তাইক আগবঢ়াই থৈছিলোঁ। আনৰ নিচিনা আমিও হকে-বিহকে স্নেহমিশ্রিত কাজিয়াত লিপ্ত হৈছিলোঁ আৰু দুদিনমানৰ পিছত পুনৰ এষাৰ মৰম সনা মাতেৰে দুয়ো দুয়োকে আঁকোৱালি লৈছিলোঁ। কেতিয়াবাতো আমাৰ মাজৰ সেই কাজিয়াই ইমান ডাঙৰ ৰূপ লৈছিল যে তৃতীয় এজন ব্যক্তিৰ সহায় নোলোৱাকৈ তাক মীমাংসা কৰাটো অসম্ভৱ হৈ পৰিছিল। যিহেতু আমাৰ সমাজে স্কুলীয়া দিনত এই স্বতঃস্ফূৰ্ত অনুভৱ শক্তিটোৰ বাহ্যিক প্ৰকাশৰ অনুমতি প্ৰদান নকৰে সেয়েহে বিভিন্ন সময়ত স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে মা-দেউতা প্ৰমুখ্যে ঘৰৰ আন আন সদস্যৰ আগত আমি তিৰস্কাৰৰো সন্মুখীন হৈছিলোঁ। কিন্তু তাৰ মাজতো কিছুমান ঘটনা ওৰে জীৱনৰ কাৰণে স্মৃতিৰ মণিকোঠাত সজীৱ হৈ ৰৈ যায়।

তেনেকুৱা এটা উল্লেখনীয় ঘটনা আছিল এনেকুৱা। এবাৰ কোনো এটা কথাত দুয়োৰে মাজত দুৰ্বাদল কাজিয়া হৈছিল। বহুদিনলৈকে আমাৰ মাজত কোনো ধৰণৰ সম্পৰ্ক নোহোৱাৰ দৰেই হৈ আছিল। সেইসময়তে পাঠ্যক্ৰমৰ বাহিৰৰ অনুষ্ঠান এটাৰ আখৰা কৰি থকা সময়ত দুৰ্ঘটনাক্ৰমে পুৰণি টিনপাত এখনত লাগি মোৰ হাতৰ তলুৱাখন দ’কৈ কটা গৈছিল।পিছদিনাখন যেতিয়া মই কটা ঠাইটুকুৰাত বেণ্ডেজ মাৰি স্কুললৈ গৈছিলোঁ তেতিয়া তাইৰ লগৰ এজনীয়ে দেখা পাই তাইৰ কাৰণে মই নিজৰ হাতখন কাটি পেলোৱা বুলি উৰাবাতৰি এটা উলিয়াই দিলে। কিন্তু সেই উৰাবাতৰিটোৱে পুনৰাই তাইক মোৰ ওচৰত লৈ অনাত সহায়হে কৰিলে। তাই অলপো সময় নষ্ট নকৰি মোৰ পিনে লৰি আহি মোক একো কোৱাৰ সুযোগ নিদিয়াকৈ খুব গালি পাৰিলে আৰু গুচি গ’ল। মই ক্ষন্তেকৰ কাৰণে কি হ’ল ধৰিবই নোৱাৰিলোঁ। পিছদিনাখন তাই নিজেই তাইৰ হাতখন কাটি আনি মোক দেখুৱালে আৰু মোক ইমানদিনে আওকাণ কৰি চলি থকা কাৰণে ক্ষমাও খুজিলে। তাই নিজে নিজৰ হাতখন তেনেদৰে কাটি অনা কাৰণে মোৰ বেয়া লাগিছিল আৰু সঁচা কথাটো ক’বৰ কাৰণে ইচ্ছা গৈছিল যদিও তাইক আকৌ হেৰুওৱাৰ ভয়ত মোৰ মুখৰ পৰা প্ৰকৃত ঘটনাটো নোলাল, আনকি আজি পৰ্যন্ত তাই মোৰ হাতখনত বেণ্ডেজ লগোৱাৰ আঁৰৰ সত্যটো গমেই নাপালে। যি কি নহওক, অনিচ্ছাকৃত মিশ্ৰ আধাৰতেই হওক বা ভুল বুজা-বুজিৰ কাৰণেই হওক তাই পুনৰাই মোৰ ওচৰলৈ ঘূৰি আহিছিল। এনেদৰে প্ৰেম, খং, অভিমান, গোপন সাক্ষাৎ, সামাজিক প্ৰতিবন্ধকতা তথা সাময়িক বিচ্ছেদেৰে ভৰা আছিল মোৰ ভালপোৱা। কিন্তু বাস্তৱ খুব নিষ্ঠুৰ, মই যিটোক প্ৰকৃতাৰ্থত প্ৰেম বুলি ভাবি লৈছিলোঁ আচলতে সেয়া আছিল এখন অপৈণত হৃদয়ৰ এক সাময়িক আপোচ।

কৈশোৰকালৰ প্ৰেম-উন্মাদনাৰ ক্ষন্তেকীয়া মিঠা আমেজ লৈ থকাৰ সময়ত মই পাহৰি গৈছিলোঁ নিজস্ব সত্বাক, পাহৰি পেলাইছিলোঁ মোৰ দৈহিক আসোঁৱাহ তথা মানসিক চিন্তাধাৰাৰ সীমিত পৰিধিটোক। নিশ্চয়কৈ সেই সময়ত মোৰ তাত লেখত ল’বলগাকৈ কোনো ধৰণৰ দৃশ্যমান বিশেষত্ব নাছিল, আনকি এতিয়াও নাই। মই কোনো ধৰণৰ সাংঘাটিক চকুতলগা দৈহিক গঠনৰ গৰাকী কিম্বা কোনো অভিজাত পৰিয়ালৰ সন্তানো নাছিলোঁ। মোৰ মানসিক চিন্তাধাৰাৰ দিশটোও ৰক্ষণশীল আছিল। সেয়েহে হয়তো তাইৰ মনত মোৰ প্ৰতি থকা আকৰ্ষণ লাহে লাহে কমি আহিব ধৰিছিল। তাইক হেৰুওৱাৰ ভয়ত তাইৰ ওপৰত মোৰ অধিকাৰ দেখুৱাবলৈ গৈ শেষত মই খুবেই সন্দেহবাদী হৈ পৰিছিলো যাৰ শেষ পৰিণতি আছিল বিচ্ছেদ। তাইৰ কুমলীয়া মনটোৱে মোৰ ভালপোৱাক গ্ৰহণ কৰি মোৰ অন্তৰত প্ৰৱেশ কৰাৰ সময়ত কি মনোভাৱ পোষণ কৰি আছিল সেইটো মই কেতিয়াও বুজিব নোৱাৰিলোঁ আৰু এইটো কথাও ঠিক যে প্ৰতিশ্ৰুতিবিহীন সেই প্ৰেমৰ কোনো বাস্তৱ আধাৰো নাছিল। তাইক চাগে প্ৰয়োজনতকৈ অধিক ভালপোৱা হেতুকে মোৰ মনত তাইক হেৰুৱাই পেলোৱাৰ শংকা এটা সোমাই গৈছিল যিয়ে মোৰ মনটোক অধিক সন্দেহপ্ৰৱণ কৰি তুলিছিল আৰু অৱশেষত তাইক মই সঁচাকৈয়ে হেৰুৱাই পেলাইছিলোঁ। কিন্তু তাইক মই নিজৰ পৰা কেতিয়াও আঁতৰ কৰিব বিচৰা নাছিলোঁ, দুখৰ কথা এইটো যে তাই সেইটো দেখিও নেদেখাৰ ভাও জুৰি মোৰ পৰা আঁতৰি গৈছিল।

যিদিনাখন তাই মোৰ ভালপোৱাক সম্পূৰ্ণ উপেক্ষা কৰি বেলেগ এজন ল’ৰাৰ লগত নিজৰ প্ৰেমৰ সম্পৰ্ক থকা কথাটো মোৰ আগত প্ৰকাশ কৰিছিল সেইদিনাখন মই বিনা প্ৰতিবাদে তাইৰ কথা শুনি সেই ঠাই ত্যাগ কৰিছিলোঁ। দুখ লাগিছিল বহুত বেছি, কিন্তু মই মোৰ বাহ্যিক অভিব্যক্তিত সেইটো ফুটি উঠিব দিয়া নাছিলোঁ। মোৰ মনৰ ভিতৰত এক গভীৰ শূন্যতাই বিৰাজ কৰিছিল, তথাপি মই ধৈৰ্য হেৰুওৱা নাছিলোঁ বা তাইক ভাল পাবলৈ এৰি দিয়া নাছিলোঁ কিন্তু বলপূৰ্বক তাইৰ ওচৰ চপাৰো চেষ্টা চলোৱা নাছিলোঁ। মাজে মাজে মোৰ খা-খবৰ ল’বলৈ কেতিয়াবা মোক মেছেজ পঠাইছিল বা ফোন কৰিছিল আৰু যেতিয়াই তাইৰ মাত শুনিছিলোঁ সেই মুহূৰ্তত মোৰ অন্তৰত গাপ দি ধৰি ৰখা তাইক পায়ো হেৰুওৱাৰ শোকে সাগৰৰ অশান্ত ঢৌবোৰে পাৰৰ শিলবোৰত সজোৰে খুন্দা মৰাৰ লেখীয়াকৈ পুনৰবাৰ মোৰ হৃদয়ত খুন্দা মাৰি উঠিছিল আৰু মোক অস্থিৰ কৰি তুলিছিল। কিন্তু পিছমুহূৰ্ততে মই নিজকে চম্ভালি লৈছিলোঁ। এনেকৈয়ে গৈ আছিল মোৰ দিনবোৰ। তথাপি মনত এটা বিশ্বাস ৰাখিছিলোঁ যে এদিন হ’লেও তাই হয়তো মোৰ সেই অকৃত্ৰিম ভালপোৱাক উপলব্ধি কৰিব আৰু মোৰ ওচৰলৈ পুনৰাই ঘূৰি আহিব। প্ৰায় দুই বছৰৰ  পিছত মোৰ বিশ্বাসক সত্য প্ৰমাণিত কৰি সেই কাহানিবাই শেষ হৈ যোৱা আমাৰ মাজৰ সম্পৰ্কটি পুনৰাই ঠন ধৰি উঠিছিল। দ্বিতীয়বাৰৰ কাৰণে মোৰ প্ৰেমিকা হিচাপে তাই মোৰ ওচৰলৈ ঘূৰি অহা সেই দিনটোত মোৰ ফূৰ্তিৰ সীমা নোহোৱা  হৈছিল হৈ গৈছিল। সিদিনাখন মোক নিজকে পৃথিৱীৰ আটাইতকৈ সুখী মানুহজন যেন অনুভৱ হৈছিল। ফাগুনৰ বলিয়া বতাহজাকে ৰুক্ষ কৰি থৈ যোৱা গছ-গছনিবোৰক বসন্তৰ আগমনে জীপাল কৰি তোলাৰ নিচিনা মোৰ মনটোতো তাইৰ পুনৰাগমনে আগৰ সতেজতা ঘূৰাই আনিছিল। কিন্তু মোৰ সেই সুখৰ মুহূৰ্তবোৰ খুবেই ক্ষন্তেকীয়া আছিল কিয়নো আগৰবাৰৰ নিচিনা সেইবাৰো তাই মোৰ অনুভৱক সন্মান জনাবলৈ নাজানিলে আৰু পূৰ্বৰ ঘটনাৰ পুনৰাবৃত্তি ঘটাই মোৰ পৰা দূৰলৈ গুচি গ’ল। মই ভাবি পোৱা নাছিলোঁ প্ৰকৃততে ভুলটো ক’ত হৈ আছিল। মোৰ তাত এনেকুৱা কি নাছিল যাৰ বাবে তাই মোক বাৰে বাৰে প্ৰতাৰণা কৰি আনৰ ওপৰত সেই নিৰ্দিষ্ট যোগ্যতাৰ সন্ধান কৰিব গৈছিল। মই সম্পূৰ্ণৰূপে ভাগি পৰিছিলোঁ। তাইক পুনৰবাৰ হেৰুওৱাৰ বেদনাই মোৰ সৰ্বশৰীৰত বনজুইৰ নিচিনা বিয়পি পৰি মোৰ অন্তৰখন দহাই পেলাইছিল। কিন্তু এইবাৰ মই নিজকে বেছি দুৰ্বল হৈ পৰিব নিদিলোঁ, মই ভালদৰেই বুজি উঠিছিলোঁ যে তাইৰ নিচিনা এজনী অবুজন তথা অকৃতজ্ঞ ছোৱালীৰ নামত মোৰ নিঃস্বাৰ্থ ভালপোৱাক ব্যয় কৰি খুব ডাঙৰ ভুল এটা কৰি আছিলোঁ। তথাপি হেজাৰ চেষ্টাৰ অন্ততো মই তাইক মোৰ হৃদয়ৰ সেই গোপন কোঠাৰ পৰা বাহিৰ কৰিব নোৱাৰিলোঁ।

শেষবাৰৰ কাৰণে তাইৰ সৈতে ফোনত কটোৱা কিছু সময়ৰ পিছত পলমকৈ হ’লেও এইটো উপলব্ধি কৰিব পাৰিলোঁ যে ইমানদিনে মই যিটো বস্তুক প্ৰেম বুলি ভাবি আহিছিলোঁ সেইটো প্ৰকৃততে মোৰ মনৰ ভিতৰত সৃষ্টি হোৱা এটা মৰিচিকাৰ বাহিৰে আন একো নাছিল, যাক মই মাত্ৰ থকা বুলি অনুভৱহে কৰিছিলোঁ কিন্তু কেতিয়াও বিচাৰি উলিয়াব নোৱাৰিলোঁ। দৰাচলতে প্ৰথমৰ পৰাই মোৰ এই তথাকথিত ‘প্ৰেম’ নামৰ অপাৰ্থিৱ বস্তুটো এফলীয়া হিচাপেই চলি আহিছিল কিন্তু ময়ে তাক ভুলৰূপে ব্যাখ্যা কৰি সেইটোক লাভ কৰিবলৈ অনাহক তাৰ পিছতেই দৌৰি থাকিলোঁ। একে আষাৰে ক’বলৈ গ’লে প্ৰায় ছয়বছৰ ধৰি অন্তৰৰ নিভৃত কোণত সাঁচি ৰখা তাইৰ প্ৰতি থকা মোৰ এই সৰল তথা স্বাৰ্থবিহীন ভালপোৱাৰ চূড়ান্ত ফলাফলটো হ’ল শূন্যতা, যাক মই মোৰ প্ৰেমৰ বিফলতা বুলি নকৈ আত্মাৰ ব্যৰ্থতা বুলি ক’বলৈহে ভাল পাম। কিয়নো এয়া যদি মোৰ প্ৰেমৰ বিফলতা হ’লহেঁতেন তেন্তে দ্বিতীয়বাৰৰ কাৰণে তাই মোৰ ওচৰত কেতিয়াও ঘূৰি নাহিলহেঁতেন আৰু যদি এয়া মোৰ আত্মাৰ ব্যৰ্থতা নহ’লহেঁতেন তেন্তে তাই মোৰ ভালপোৱাক পেলনীয়া বস্তুৰ দৰে গণ্য কৰি দ্বিতীয়বাৰৰ বাবে তাক উপেক্ষা কৰি বেলেগ এজনৰ ওচৰলৈ কেতিয়াও যাব নোৱাৰিলেহেঁতেন।

ইয়াৰ পিছতো মোৰ জীৱনলৈ ছোৱালীৰ আগমন নোহোৱা নহয়, কিন্তু বিশেষ কিছুমানৰ কাৰণেহে শব্দবোৰ গল্পৰ আকাৰ লয়। মূলতঃ এয়াই মোৰ ফটাপ্ৰেম।

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published.