ফটাঢোল

লিমাৰিক – ৰাজীৱ শৰ্মা


(১)

পঞ্চায়তে দেখুৱালে কোন কিমানৰ

ফল পালে প্ৰাৰ্থীয়ে যিজন যিমানৰ

বেলি ডুবিল অগপৰ

হেতু পালে পৰাজয়ৰ

ভোট নিদিলে দেখি নাটনি বিমানৰ

(২)

নমালে টিঙৰ পৰা ধৰি বিজেপিক

ওভট গোৰে নচাৰ গতি বেগতিক

পদুমক দলিয়াই

শাপ যেন ফলিয়াই

অশ্বমেধৰ দৌৰ ৰুদ্ধ হ’লে দাম্ভিক

(৩)

অগতিৰ গতি তুমি ৰাজনীতিকৰ ধন

দিনে ৰাতি তোমাত শৰণ তোমাতেহে মন

হ’লোঁ মই ৰাজ্যৰ ৰজা

হেৰুৱাব নোৱাৰোঁ মজা

ভোটৰ লোভত আদৰিছোঁ হে বিদেশী গণ

☆★☆★☆

Leave a Reply

Your email address will not be published.