ফটাঢোল

শাৰদী ৰাণী, তুমি কিয় আহিলা : সদানন্দ ভূঞা

আহিন মাহ সোমাল। আহিন মাহ মানে শাৰদীয় বতৰ। আহিন মাহ মানে তলসৰা শেৱালিৰ সুবাস বিলোৱাৰ বতৰ। পদুম পুখুৰী বিলত পদুম ফুলাৰ বতৰ, ভেটফুল ফুলাৰ বতৰ। শাৰদীয় বতৰতেই শাৰদী ৰাণীৰ আগমন। শাৰদী ৰাণীৰ আগমনৰ লগে লগে আগমন হয় পূজা, পূজা আৰু পূজা। দেৱাদিদেৱ গনেশ পূজা আৰু বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা ইতিমধ্যে পাৰ হৈ গ’ল। আহি আছে দূৰ্গা পূজা, লক্ষী পূজা, কালী পূজা আৰু ছঠ পূজা।

পূজা, পূজা, পূজা। পূজা বুলিলেই প্ৰতিজন হিন্দু মানুহৰ উলাহে নধৰে। অসমতো ইয়াৰ ব্যতিক্ৰম নহয়। বৰ্তমান সময়ৰ গতিত পূজাৰ আধ্যাত্মিকতা থাককেই বা নাথাকক আমি পূজা পাতিবই লাগিব। পিচে আজিকালি পূজা বুলিলেচোন মোৰ দৰে অলপ-ধতুৱাৰ কল খোৱা ধাতু বাজ হৈ যাই যেন লাগে। কেলেই নালাগিব কওঁকচোন? আজিকালি পূজাৰ নামত যিহে প্ৰতাপ অমুকাৰ দৰে ভয় পাদুৰাটোৱে কিয় ভয় নাখাম বাৰু? মোৰ দৰে ভয়াতুৰ এটাৰ পূজা আহিলে কিয় ভয় লাগে শুনকচোন।

পূজা অহাৰ মৃদু বতাহচাতি পোৱাৰ লগে লগে এমাহমান আগৰ পৰা পূজা পাতিম বুলি আশা পালি থকা সকলৰ গাত তৰণি নোহোৱা হয়। আৰম্ভণিতে এখন সবল কমিটি গঠন কৰি লয়। লিডাৰ দেখনিয়াৰ, কেইজনমান সভাপতি, সাধাৰণ সম্পাদক, উপ-সভাপতি, সহ সম্পাদক, বিত্ত সম্পাদক আদি লোভনীয় পদত কমিটিখনত মূৰটো গুজি লয়। তাৰপিছত চক্ৰ বিষয়া, মহকুমাধিপতি, আৰক্ষী বিষয়া, পঞ্চায়ত সভাপতি, গাঁওবুঢ়া, সমাজৰ কেইজনমান মুধাফুটা লোকক কমিটিখনৰ উপদেষ্টা হিচাবে ৰাখি কমিটিখন গজগজীয়া কৰি কেইজনমান পিলিঙা ডেকাক সদস্য হিচাবে ৰাখি পূজাৰ আয়োজনৰ বাবে দ্ৰুত গতিত হাতে-কামে লাগি যায়। অৱশ্যে কমিটিখনত মহিলা আৰু গাভৰু কেইজনীমানক বিষয়বাব আৰু সদস্যা পদত অধিস্থিত কৰাৰ পৰা বঞ্চিত নকৰে। প্ৰথমতে তেওঁলোকে এখন বাজেট প্ৰস্তুত কৰে। যিহেতু একেখন ঠাইতে কেইবাখনো পূজা পতাৰ আয়োজন কৰে গতিকে কোনে কাক কিমান চেৰ পেলাব পাৰিব তাৰ ওপৰত নিৰ্ভৰ কৰি বাজেটখন প্ৰস্তুত কৰে। প্ৰথমতে তেওঁলোকে মৰমেৰে হওক বা ডকাহকা দি হওক কিমান চান্দা বৰঙনি উঠাব পাৰিব তাৰ ওপৰত নিৰ্ভৰ কৰি বাজেটখন বনায়। বাজেটখনত পেণ্ডেলটো যিহেতু উচ্চ মানদণ্ডৰ বনাব লাগিব গতিকে পেণ্ডেলৰ বাবে এটা মোটা অংকৰ খৰচ বাজেটখনত সুমুৱাই লয়। তাৰপিছত জাকত-জিলিকাকৈ আনিবলগীয়া মূৰ্তিটোৰ বাবেও এটা মোটা অংক ধৰি লয়। পূজাৰী, ঢোলবাদক আদি অন্যান্য খৰচ সমূহত লাম-চাম খৰচ এটা ধৰি ৰাখে। সৰ্বপ্ৰথমে কমিটিখনে চান্দা-বৰঙনি উঠাবৰ বাবে ৰচিদ বহী আৰু কাৰ্য্যসূচীৰে ভৰপূৰ এখনি গোহাৰি পত্ৰ ছপা কৰি লয়। তাৰপিছত চান্দা-বৰঙনি উঠোৱাত হাতে-কামে লাগি যায়৷ মূল মূল বিষয়াসকলে মহিলা আৰু গাভৰু বিষয়া, সদস্যাসকলক লগত লৈ ডাঙৰ ডাঙৰ দোকান, ব্যৱসায় প্ৰতিষ্ঠান, ডাঙৰ ডাঙৰ চৰকাৰী বিষয়া সকলৰ পৰা বৰঙনি উঠাবলৈ আৰম্ভ কৰি দিয়ে। পিলিঙা ডেকাবোৰক বাছ, ট্ৰাক, সৰুসুৰা গাড়ীবোৰৰ পৰা চান্দা উঠাবলৈ লগাই দিয়ে। মূল মূল বিষয়াসকলে মহিলা আৰু গাভৰুসকলক বৰঙনি উঠাবলৈ লগত লৈ ফুৰাৰ কাৰণটো হ’ল তেওঁলোকে য’ত বৰঙনি উঠাবলৈ যায় বৰঙনি দিবলগীয়া সকলে মহিলা, গাভৰু সকলৰ মিঠা হাঁহিৰ মিঠা মাতত পমি যায়। গতিকে পাবলগীয়া বৰঙনিটোও গধুৰ হয়। ইফালে পিলিঙাহঁতে যেনেকৈ গাড়ীবোৰক আগভেটি চান্দা উঠাই দেখিলে ভয়তে পেটতে হাত ভৰি লুকাবলগীয়া অৱস্থা হয়।

সেই দিনবোৰত মই যদি জাগুনৰ পৰা তিনিচুকীয়ালৈ যাওঁ অতি কমেও বিছবাৰ মান গাড়ী ৰখাই ৰখাই চান্দা উঠোৱাৰ বাবে তিনিঘণ্টাৰ ৰাস্তা অতিক্ৰম কৰিবলৈ চাৰিঘণ্টা লাগে। বাপৰে বাপ, বৰঙনিও বৰঙনি একেবাৰে এশ টকাৰ পৰা পাঁচ শ টকালৈকে বৰঙনি বিচাৰে। আপত্তি কৰিলে আই ঐ, যিহে শুৱলা মাত। সেইবোৰ শব্দচোন মই কোনো এখন অভিধানতে বিচাৰি নাপাওঁ। মই ভাবি ভাবি উলিয়াব নোৱাৰোঁ সেই দিন কেইটাত বাছৰ মালিকবোৰে নিশা টোপনি যাব পাৰে নে? সৰু সৰু গাড়ীবোৰৰ পৰা পঞ্চাছৰ পৰা দুই/তিনি শ টকালৈকে দাবী। আনকি বাইক, স্কুটি আৰু এম্বুলেঞ্চো ইহঁতৰ পৰা সাৰি নাযায়। এম্বুলেঞ্চত থকা বেমাৰিৰ পৰিয়ালৰ মানুহৰ পৰাও যে চান্দা ল’ব পাৰে আচৰিত কথা নহয় নে? সঁচাকৈয়ে চান্দা উঠোৱা পিলিঙাবোৰ বৰ হৃদয়বান হ’ব লাগিব। কোনোবা গৰ্ভৱতী মহিলা যদি এম্বুলেঞ্চত গৈ থকা অৱস্থাত এনে পৰিৱেশৰ মুখামুখি হয় কি অৱস্থা হয় এবাৰ ভাবকচোন। যদি কেতিয়াবা এনে পৰিবেশত পৰা গৰ্ভৱতী মহিলাৰ পেটৰ সন্তানে পিলিঙাহঁতৰ শুৱলা মাত শুনি ভয়তে গৰ্ভৰ পৰা বাহিৰলৈ বাজ হ’ব বিচাৰে তেন্তে নিশ্চয় মাকে পেটটো মোহাৰি মোহাৰি ক’বলৈ বাধ্য হ’ব… হেই এতিয়াই বাজলৈ নোলাবি, মনে মনে সোমাই থাক৷ তই এতিয়াই বাজলৈ ওলালে এইমখাই আকৌ তোৰ ওপৰতো সুযোগ ল’ব৷

পূজা বুলি ক’লে এখন আটকধুনীয়া পেণ্ডেলৰ কথা মনত পৰে। পূজাত যদি এটা চালে চকুৰোৱা পেণ্ডেলেই বনাব নোৱাৰে তেন্তে পূজা কমিটিৰ নাক-কাণ কটা নাযাব নে? আজিকালি বহুতেই নিজৰ পূজাথলীৰ সৌন্দৰ্য্য দেখুৱাবলৈ বহিৰাজ্যৰ পৰা পেণ্ডেল পাৰ্টী আমন্ত্ৰণ কৰি আনে। পেণ্ডেলবোৰৰ জাকজমক কি চাবা। পূজাৰ কেইদিন পূজা মণ্ডপলৈ গ’লে সৰগৰ অময়াপুৰীত আছোঁ যেন লাগে। বিজুলীৰ চমকেই চাবা নে মণ্ডপৰ কাৰুকাৰ্য্যই চাবা। চালে চকু চাত মাৰি ধৰা।

কেৱল মণ্ডপ হ’লেইতো পূজা নহয়, লাগিব অপূৰ্ব, অনুপম, অতি সুন্দৰ এটি প্ৰতিমা। দেৱ-দেৱীসকলৰ যদি প্ৰতিমাই চমক আনিবই নোৱাৰে তেন্তে পূজা পতাৰ সাৰ্থকতাই বা ক’ত থাকিল। মৃন্ময় মূৰ্তি সজাসকলে দিন-ৰাতি একাকাৰ কৰি প্ৰতিমা নিৰ্মাণত ব্যস্ত হৈ পৰে। আজিকালি কিছুমান পূজা কমিটিয়ে নিজৰ পূজা মণ্ডপতে প্ৰতিমা সজোৱাৰ ব্যৱস্থা কৰি লয়। কিছুমান পূজা কমিটিয়ে কলিকতাৰ পৰা আমন্ত্ৰণ কৰি অনা নিপুণ শিল্পীৰ দ্বাৰা প্ৰতিমা নিৰ্মাণ কৰি লয়। কলিকতাৰ পৰা আমদানিকৃত শিল্পীসকলৰ হাতৰ পৰশত মাটি, ব্লেদ, বুটাম, বাঁহ আদিৰ দ্বাৰা সুন্দৰ সুন্দৰ প্ৰতিমা নিৰ্মাণ হয়। অসমৰ থলুৱা মৃন্ময়ী শিল্পীসকলেই হওক বা কলিকতাৰ পৰা আমদানিকৃত শিল্পীসকলেই হওক সকলোৰে হাতৰ পৰশত হাস্যবদনী, লাস্যবদনী অনুপম অতি সুন্দৰ দেৱী প্ৰতিমাৰ সৃষ্টি হয়। এই শিল্পীসকলৰ কিছুমানে দেৱীৰ চকু, মুখ আৰু ওঁঠত হাঁহিৰ আভা প্ৰস্ফুটিত কৰি দূৰ্গা দেৱীৰ প্ৰতিমা নিৰ্মাণ কৰা দেখা যায়। আনহাতে কিছুমানে দূৰ্গা দেৱীৰ চকুৱে মুখে উগ্ৰৰূপ ধাৰণৰ দ্বাৰা অসুৰ বধৰ সময়ত উঠা ৰূদ্ৰৰূপ প্ৰস্ফুটিত কৰি দেৱী প্ৰতিমা নিৰ্মাণ কৰে। একে সময়তে একে পৰিস্থিতিত দেৱী দুৰ্গাৰ মহিষাসুৰ বধ কৰোঁতে দুটা ৰূপ। কাৰোবাৰ হাতৰ পৰশত যদি শান্ত-সমাহিত ৰূপ আৰু আন কাৰোবাৰ হাতত দেৱী দুৰ্গাৰ ৰুদ্ৰ ৰূপ। এইবোৰ দেখি মনত প্ৰশ্ন জাগে দেৱীয়ে বাৰু কোনটো ৰূপ লৈ মহিষাসুৰক বধ কৰিছিল?

পূজা, পূজা, পূজা। পূজা মানেই নতুন কাপোৰ। নতুন কাপোৰ মানেই কাপোৰ বেপাৰী হাঁহ ধৰিবলৈ চোপ লৈ থকা শিয়াল। কাপোৰ বেপাৰীৰ মুখত কাপোৰৰ দাম শুনিলে মোৰ জ্বৰে ঘামে জুৰুলা হোৱা অৱস্থা হয়। তথাপিও পূজা বুলি নিজৰ কাৰণে ঘৰৰ সকলোৰে কাৰণে কাপোৰ এসাজ নিকিনিম নে? কিনিবতো লাগিবই। পকেটত ধন অলপমান সুমুৱাই কাপোৰ কিনিম বুলি কাপোৰৰ বজাৰলৈ সোমাই গ’লোঁ। লগত গৃহিণী । বাপৰে বাপ, কি সাংঘাটিক ভীৰ। সোমাবও নোৱাৰি, ওলাবও নোৱাৰি। তথাপিও ভীৰ ফালি সোমাই গ’লোঁ। চিনাকি কাপোৰ দোকানীবোৰৰ ব্যস্ততাৰ অন্ত নাই, মূৰ ডাঙি চাবলৈও সময় নাই। বহু দেৰিৰ মোৰত চিনাকি মালিকজনে মূৰ ডাঙি আমালৈ চাই কি কি লাগিব সুধিলে৷ দেখিলোঁ পুৰণি ষ্টকৰ লগত নতুন ষ্টকৰ সানমিহলি। পুৰণি ষ্টকত নতুন লেবেল নতুন দাম। এঘণ্টমান চাই চাই ঘৰৰ সকলোৰে বাবে একোযোৰকৈ কাপোৰ পচন্দ কৰিলোঁ। দাম সুধিলোঁ, যি দাম ক’লে মূৰে-কপালে হাত দিবলগীয়া অৱস্থা। মোৰ মাহিলী দৰ্মহাৰ আধা অংশ ইয়েই খাবলৈ বিচাৰিছে। আপত্তি কৰিলোঁ, জি এচ টি’ৰ দোহাই দিলে। ময়ো ছপা ৰচিদ বিচাৰিলোঁ। মোক মালিকে ভিতৰলৈ মাতি নি যিমান দাম কৈছিল তাৰ চাৰি ভাগৰ তিনিগুণ দাম কমাই কাপোৰখিনি দিলে। এনেদৰে জোতা চেণ্ডেল, গহণা-গাঁঠৰি কিনাৰ নামত মোৰ এমাহৰ দৰ্মহাৰ দহ ভাগৰ ছয় ভাগ খৰচ কৰি ঘৰলৈ উভটি আহিলোঁ।

দূৰ্গাপূজা আৰম্ভ হ’ল। ষষ্ঠীৰ পৰা দশমীলৈ পূজা আৰু পূজা। সপ্তমীৰ পৰা নৱমীলৈ ৰাতিপুৱা আৰু গধূলি আৰতি। আৰতিৰ সময়ত আৰতি নৃত্য। আৰতি নৃত্য মানে কিছুমানৰ সুৰাৰ নৃত্য। ডাঙৰ ডাঙৰ ধূনাদানিত নাৰিকলৰ শুকান বাকলিত জুই জ্বলাই ধূনা ঢালি বৰঢোলৰ তালে তালে কৰা নৃত্য। সুৰানৃত্য কৰা সকলৰ নৃত্যত নিজৰ গায়ে-মূৰে জুইৰ অঙঠা পৰিলেও গম নোপোৱা আৰু দৰ্শকসকলে ফৰিং চিটিকা দিবলগীয়া নৃত্যকে আজিকালি আৰতি নৃত্য বোলে নেকি বাৰু? কোনোবা কোনোবা পূজা মণ্ডপত সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰাটো আজিকালি এটা আধুনিক পৰম্পৰা হিচাবেও দেখিবলৈ পোৱা যায়। অখ্যাত বিখ্যাত গায়ক-গায়িকাৰো ভাও বাঢ়ি যায়। কৰবাত যদি গায়ক-গায়িকাই গমেই নাপাই তেওঁ সেইখন পূজা মণ্ডপত গীত গাব আৰু কৰবাত যদি গায়ক-গায়িকাক মঞ্চত উঠোৱাত উদ্যোক্তাসকলে পলম কৰে তেন্তে সেই মঞ্চত কি তাণ্ডৱ হয় সেয়া বহলাই নক’লেও হ’ব। দশমী মানে দেৱী বিসৰ্জন। দেৱী বিসৰ্জন মানে দেৱী কঢ়িয়াই নিয়া গাড়ীৰ আগে আগে ভক্তসকলৰ তাণ্ডৱ নৃত্য, সুৰা নৃত্য। ডেকা-গাভৰু, পুৰুষ-মহিলা, পিলিঙাৰ বিকট চিঞৰ বিকট কিৰিলি। নৃত্য বিশাৰদ সকলৰ মাজে মাজে কিম্ভুত-কিমাকাৰ নৰ-নাৰী, মনুষ্য নহয় যেন অসুৰ।

দূৰ্গা পূজাৰ অন্তত লক্ষী পূজা আৰু কালী পূজা। প্ৰায়ে একেটা মণ্ডপতে একেটা চান্দা-বৰঙনি উঠোৱা পদ্ধতিৰে লক্ষী পূজা আৰু কালী পূজাৰ আয়োজন। একেটা পদ্ধতিৰে বিসৰ্জন।

একেবাৰে শেষত ছঠ পূজা। ছঠ পূজা বিহাৰি সম্প্ৰদায়ৰ লোকৰ মাজত প্ৰচলিত যদিও আদাক দেখি উঠিল গা, কেতুৰিয়েও বোলে মোকো খা অৱস্থাৰ দৰে বেলেগ হিন্দু সম্প্ৰদায়ৰ লোকেও হাত উজান দিবলৈ আৰম্ভ কৰিছে। ইয়াৰ লগতে আজিকালি ষঠ পূজাতো চান্দা-বৰঙনি উঠোৱা প্ৰথা প্ৰচলিত হ’বলৈ আৰম্ভ কৰিছে।

আগতে দেৱগণ আৰু মনুষ্যগণক দেৱ-দেৱীয়ে সংকটকালত অসুৰবোৰ নিধন কৰি ৰক্ষা কৰিছিল বাবে মনুষ্যগণে যুগে যুগে আধ্যাত্মিক আৰু ধাৰ্মিক মনোভাবেৰে দেৱ-দেৱী সকলক পূজা আৰাধনা কৰিছিল। কিন্তু বৰ্তমানৰ বাস্তৱ ছবিত মনুষ্যগণে নে অসুৰগণে দেৱ-দেৱীৰ পূজা আৰাধনা কৰে সেই কথা ভাবি ভাবিহে দোমোজাত পৰোঁ৷

শ্ৰদ্ধাৰ পাঠকবৃন্দ, মই এই লিখনিটো ধৰ্মীয় অনুভূতিক আঘাট সনাৰ উদ্দেশ্যৰে লিখা লিখনি নহয়। আমি লাখ লাখ টকা খৰচ কৰি ইমান জাকজমকতাৰে পূজাবোৰ পাতোঁ। বানত বিধ্বস্ত অন্নহীন, গৃহহীন, বস্ত্ৰহীন সেই অসহায় দুৰ্ভগীয়া আমাৰেই অসমৰ আপোন লোকসকলৰ কথা এবাৰো ভাবি চাওঁ নে? অনাহাৰে অনিদ্ৰাই দিন-ৰাতি কটোৱা অসহায় ডাল-দৰিদ্ৰ সকলৰ কথা এবাৰো আমাৰ মনলৈ আহে নে? আমি লাখ লাখ টকা খৰচ কৰি পূজা পাতি আনন্দ কৰিছোঁ, ফূৰ্তি কৰিছোঁ। ইফালে দুৰ্ভগীয়া সকলে হা-হুমুনিয়াহ কাঢ়ি চকুপানী টুকি আছে। তেনেহ’লে আমিবোৰ সঁচাকৈয়ে মানুহ নে? নে আমিবোৰ লাহে লাহে অসুৰ হ’বলৈ গৈ আছোঁ। সদৌশেষত মোৰ লিখনিটোৱে যদি কাৰোবাৰ অন্তৰত আঘাট দিয়ে সেয়া মোৰ অনিচ্ছাকৃত ভুল আৰু সেই ভুলৰ মই ক্ষমাপ্ৰাৰ্থী।

আগন্তুক পূজাসমূহলৈ মোৰ হিয়াভৰা ওলগ, শুভেচ্ছা আৰু শুভকামনা যাচি আজিলৈ বিদায় মাগিলোঁ।

☆★☆★☆

5 Comments

  • ৰূপাঞ্জলী

    বৰ সুন্দৰকৈ লিখিলে। ভাল লাগিল

    Reply
    • সদানন্দ ভূঞা

      ধন্যবাদ জনালোঁ ।

      Reply
  • ৰাস্তাত গাড়ী আগচি ধৰি চান্দা লোৱা কাৰবাৰটো একেবাৰে বেয়া পাওঁ। বাস্তৱ।

    Reply
  • গীতিকা শইকীয়া

    ভাল লাগিল পঢ়ি। শেষৰ দফাটোৱেই লিখনিটোক অন্যন্য মাত্ৰা প্ৰদান কৰিছে।

    Reply
  • কমল নেওগ

    পূজা, বিহু আহিলে কিছুমানৰ ধন উপাৰ্জনৰ বাটটো মুকলি হয়। সাধাৰণ মানুহৰ ধন আৰু সময় যথেষ্ট নষ্ট হয়।

    Reply

Leave a Reply

Your email address will not be published.