ফটাঢোল

শিক্ষক, ছাত্ৰ, সমাজ ইত্যাদি – অত্ৰেয়ী গোস্বামী

“গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু দেৱ মহেশ্বৰ
গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্মৈশ্ৰী গুৰুৱে নমঃ।”

ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ অৰ্থাৎ সৃষ্টিকৰ্তা, পালনকৰ্তা আৰু সংহাৰকৰ্তা গুৰুজন। গুৰু পৰম ব্ৰহ্ম। তেওঁৰ চৰণত শতকৌটি প্ৰণাম।

তেওঁ ঈশ্বৰ সদৃশ। তেওঁ সৰ্বজ্ঞ। ঈশ্বৰ এনে এক সত্তা যাৰ মাজত চৰাচৰ জগতৰ সৰ্বকালৰ অনন্ত বিষয় ৰাজিৰ শুদ্ধ আৰু বিশ্লেষিত ৰূপ অন্তনিৰ্হিত থকাৰ এক সামাজিক ধাৰণা প্ৰোথিত হৈছে যুগ যুগ ধৰি। ঈশ্বৰে সকলো জানে, সকলো দেখে। মানুহৰ মনৰ অভ্যন্তৰীণ খোকোজাবোৰো ঈশ্বৰৰ নখ দৰ্পনত বুলি আমাৰ বিশ্বাস।

শিক্ষকসকলক ঈশ্বৰৰ লগত তুলনা কৰা হয়। তেওঁলোকে সকলো কথা জানে বুলিয়েই ছাত্ৰসকলৰ এক স্থিৰ ধাৰণা থাকে। উদাহৰণ স্বৰূপে, এজন ছাত্ৰৰ বহীত এজন শিক্ষকে ভুলতে ভুল উত্তৰ এটাত শুদ্ধ চিন দিলে, সেয়া লাগিলে একে একে দুই নহৈ তিনিয়েই হওক। ছাত্ৰজনৰ ঘৰত অভিভাৱকে অনেক বুজোৱাৰ পিছতো তেওঁ মান্তি নহয়। ‘চাৰৰ ভুল হ’ব নোৱাৰে’, এনে এক ধাৰণা সকলোৰে থাকে সৰুৰে পৰাই। ছাত্ৰসকল যদি সমাজৰ মেৰুদণ্ড, তেন্তে শিক্ষকসকল সেই সমাজৰ বাটকটীয়া। শিক্ষক আৰু ছাত্ৰৰ
সমাহাৰত সমাজ এখনে পূৰ্ণতা লাভ কৰে। এই যুটিৰ সামান্য হেৰফেৰ হ’লেই অনেক বেমেজালিৰ সৃষ্টি হ’ব পাৰে। তেনে অৱস্থাৰ বাবে কেৱল সময় অথবা সমাজক দোষাৰোপ কৰিব নোৱাৰি। সময়ৰ সোঁতৰ দিশ নিৰ্ণয় কৰিবলৈও শিক্ষকসকলেই শিকাব লাগে। সেই সোঁত নিজৰ অধিনলৈ অনাৰ কৌশল ছাত্ৰসকলে শিক্ষকৰ পৰাই শিকে। মুঠতে ছাত্ৰ আৰু শিক্ষক একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। ইটোক বাদ দি সিটোৰ অস্তিত্ব শূণ্য।

প্ৰত্যেকৰে জীৱনৰ প্ৰথম গুৰু পিতৃ-মাতৃ। আচলতে মাতৃ গৰ্ভতে এটি মানৱ ভ্ৰুণে জীৱনৰ আদিপাঠ শিকি পেলায়। নহ’লেনো অভিমন্যুৱে বেহুৰ পৰা ওলোৱাৰ বাট বিচাৰি নাপায়নে? গৰ্ভাৱস্থাত মাতৃ এগৰাকীৰ চাল-চলন, আচাৰ-আচৰণ, মানসিক চিন্তা-চৰ্চা এই সকলোবোৰেই পৰবৰ্তী সময়ত সন্তানৰ মাজেৰে প্ৰতিফলিত হয়। কন্দা, হঁহা, দুগ্ধপান কৰা আদি কামবোৰ শিশু এটাই আপোনা-আপুনি শিকে। গৰু-ছাগলীৰ পোৱালিয়ে জন্মৰ কিছুসময়ৰ পিছতে থিয়দঙা দিয়ে আৰু দৌৰিবলৈ শিকে। জেঠীৰ পোৱালিয়ে আকৌ উপজিয়েই লৰ মাৰে। এইবোৰ ইহঁতৰ সহজাত প্ৰবৃত্তি।

মাক-দেউতাক সকলোৰে জীৱনৰ প্ৰথম শিক্ষক। হাতৰ আঙুলিত ধৰি খোজ কাঢ়িবলৈ শিকোৱাৰ পৰাই আৰম্ভ হয় মানুহৰ জীৱনৰ শিক্ষা নামৰ এবিধ প্ৰধান আৰু এৰাব নোৱাৰা পদ্ধতিৰ। শুদ্ধ সংস্কাৰেৰে জীৱনৰ কঠিন বাট অতিক্ৰম কৰি মৃসন দলিছা পৰাৰ কৌশল শিকোৱাটো পিতৃ-মাতৃৰ কৰ্তব্য আৰু দায়বদ্ধতা।

“ছাত্ৰানং অধ্যয়নং তপঃ”, অৰ্থাৎ ছাত্ৰৰ অধ্যয়নেই তপস্যা। ছাত্ৰাৱস্থা জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্তৰ। যদিও শিকনৰ কোনো নিৰ্ধাৰিত সময় নাই, তথাপি আনুস্থানিক শিক্ষাৰ বাবে থাকে নিৰ্দিষ্ট সময়সীমা। এইছোৱা সময়তেই জীৱনৰ ভেঁটি নিকপকপীয়াকৈ বান্ধি লোৱা ভাল। ভেঁটি মজবুত হ’লে, খোপনি ভালকৈ পুতিলে জীৱনৰ জটিলতা হ্ৰাস পায়। নম্বৰ কেন্দ্ৰীক শিক্ষাই কু-প্ৰভাৱ পেলায়। নম্বৰ কেতিয়াও জ্ঞানৰ মাপকাঠি হ’ব নোৱাৰে। কম নম্বৰ পোৱাজনে বেছি নম্বৰ পোৱা জনতকৈ দুটা কথা বেছিকৈ জানিব পাৰে। বেছি নম্বৰ পোৱা বাবেই জ্ঞানৰ পৰিসৰ বৃদ্ধি হোৱা নুবুজায়। সেইবুলি সকলো অধিক নম্বৰ পোৱা ছাত্ৰ জ্ঞানশূণ্যও নহয়।

অধ্যয়নে জ্ঞান অৰ্জনৰ পথ প্ৰশস্ত কৰে। অনুসন্ধিৎসু মনত জ্ঞানৰ পোহৰ বিলায়। নজনা কথা জনাৰ আগ্ৰহ বৃদ্ধি পায়। অধ্যয়ন ছাত্ৰ জীৱনৰ আটাইতকৈ প্ৰয়োজনীয় অংগ।

এতিয়া প্ৰশ্ন হয়, ভাল শিক্ষক কোনজন? ভাল ছাত্ৰ কোনজন? কেৱল স্কুল-কলেজত চাকৰি কৰা সকলেই শিক্ষকনে? সত্যবাদিতা, যোগ্যতা, আকৰ্ষণীয় ব্যক্তিত্ব, পিতৃ-মাতৃৰ দৰে যত্নপৰ, প্ৰতিটো খোজতে সহায় কৰোঁতা, বিষয়ৰ দক্ষতা, বাকপটুতা, দায়বদ্ধতা আদি এজন শিক্ষকৰ সাধাৰণতে থাকিবলগীয়া গুণ বুলি ধৰা হয়। শিক্ষকৰ গুণাগুণ নিৰ্ধাৰণ কৰে ছাত্ৰই। শিক্ষানুষ্ঠানৰ চাকৰিয়াল সকলেই যে শিক্ষক সেই ধাৰণাও সমিচীন নহয়। উদাহৰণ স্বৰূপে, নাতিনীয়েকে যদি আইতাকতকৈয়ো সোৱাদ লগাকৈ মাটিমাহৰ খাৰখন ৰান্ধিব জানে, তেন্তে সেয়া আইতাকৰ সফলতা। মাকতকৈও ধুনীয়াকৈ চুৱেটাৰ গুঠিব জনা ছোৱালীজনীৰ বাবে মাকেই ভাল শিক্ষক। আনহাতে এজন ভাল ছাত্ৰও সদায় অনুসন্ধিৎসু, সজাগ, প্ৰয়োজন সাপেক্ষে ভাবুক, বোধশক্তি জাগি থকা, যৎপৰোনাস্তি চেষ্টাৰ ত্ৰুটী নকৰা,সকলো সময়তে কিবা এটা জনাৰ বাবে আগ্ৰহী, নিয়মানুবৰ্তিতা মানি চলা, সঁচাৰ আশ্ৰয়ক গুৰুত্ব দিয়া ধৰণৰ হ’ব লাগে। এইসমূহ গুণে এজন ছাত্ৰক শিক্ষকৰ কাষ চপাই নিয়ে।

সামাজিক প্ৰমূল্যবোধৰ ধাৰণা সমাজৰ প্ৰতিজন সদস্যৰে থকা প্ৰয়োজন। আমি সামাজিক প্ৰাণী। সমাজৰ হিত সাধন আমাৰ প্ৰাথমিক চৰ্ত হ’ব লাগে। এইখিনিতে উজুটি খাই কথাবোৰ ছিটিকি পৰে। একক পৰিয়াল, আত্মকেন্দ্ৰীক মনোভাৱ আদিয়ে সামূহিক চেতনাত প্ৰভাব পেলায়। যাৰ ফলত অৱক্ষয়ৰ ছবি এখন স্পষ্ট হৈ ধৰা দিয়ে। নগৰমুখী ৰাইজৰ ‘গাঁৱলীয়া’ ধাৰণাবোৰেও ইন্ধন যোগায়। গাওঁবোৰ একে নাই যদিও গুৰিধৰোঁতা একোজন এতিয়াও আছে। বোকাৰ ফাললৈ হাউলি যোৱা বাঁহৰ লেকেচিডাল পোন কৰি বান্ধ এটা দিব পৰা নিয়ম-নীতিবোৰ এতিয়াও আছে। এই সামাজিক নিয়মবোৰেও আওবাটবোৰ পোনোৱাত সহায় কৰে। চহৰীয়া জীৱনৰ ব্যস্ততাক নিয়মৰ জৰীৰে বান্ধিব নোৱাৰি। ক’ৰবাত বান্ধবোৰ ঢিলা হৈছে, মুঠি টান কৰিলে হাতৰ বালি নোহোৱা হোৱাৰ ভয়। বিজ্ঞানৰ অত্যাধিক ব্যৱহাৰেও সমাজৰ পৰিবৰ্তনত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছে। মোবাইল ফোন, সামাজিক মাধ্যমসমূহ, হাতৰ মুঠিতে পৃথিবীখন পাব পৰা এই অভিনৱ যুগত নেতিবাচক দিশসমূহ ভয়াবহ যদিও ইতিবাচক কাৰকসমূহো অত্যন্ত শক্তিশালী। কিছুমান ক্ষেত্ৰত শিক্ষক অথবা অভিভাৱক সকলোৱেই নিৰুপায়। হয়তো এয়াই সময়ৰ আহ্বান।

এই কঠিন সময়টো শিক্ষকসকলে তপস্যাৰ জৰিয়তে লক্ষ্যস্থানলৈ গতি কৰাৰ পথ দেখুৱাই দিব পাৰে। জ্ঞানৰ জৰিয়তে সেই পথৰ উত্তৰণ ঘটে। উল্লেখযোগ্য যে, কেৱল শ্ৰেণীকোঠাৰ পাঠ্যক্ৰমত সেই জ্ঞান উপলব্ধ নহয়। জীৱনৰ বাটত অগ্ৰসৰ হ’বলৈ যি জ্ঞানৰ বিকাশে সহায় কৰে সেয়া সহজলভ্য নহয়। সেয়া সাধনাৰ উৎকৃষ্ট ফল। এইখিনিতে ক’ব পাৰি, প্ৰত্যেক শিক্ষিত মানুহেই জ্ঞানী নহ’বও পাৰে, অথবা প্ৰতিজন জ্ঞানীলোক উচ্চশিক্ষিত নহ’বও পাৰে। নিৰক্ষৰ জনেও জ্ঞানৰ পোহৰেৰে জীৱন উদ্ভাসিত কৰা অনেক উদাহৰণ এই সমাজত বিদ্যমান। সমাজত জ্ঞানীলোকৰ সমাদৰ সদায় অপৰিবৰ্তনীয়।

☆★☆★☆

9 Comments

Leave a Reply

Your email address will not be published.