ফটাঢোল

শৈশৱ সোঁৱৰণ – দেৱাংগ পল্লৱ শইকীয়া

(১)
শৈশৱৰ কিছুমান ঘটনাই আজিও নি:সংগ সময়ত হঁহুৱাই। তাৰে গোটাছেৰেক মগজুৰ পৰা বাহিৰলৈ আনি লিপিবদ্ধ কৰিবলৈ আমাৰ এক হাবিয়াস বহুদিনৰ। তাৰেই প্ৰথম প্ৰচেষ্টা হিচাবে এইবেলি সেই দিনৰ দুটা ঘটনা আগবঢ়ালো। ৰাইজে আদৰিলে ভৱিষ্যতে আৰু আগবঢ়াবলৈ উৎসাহ পাম। শৈশৱ সোঁৱৰণ মানে আচলতে নিঃসংগ সময়ৰ আটাইতকৈ শ্ৰেষ্ঠ সংগী। বাৰু, পঢ়কচোন!

বহুতেই মোৰ এই ঘটনাটো জানে। তৃতীয় নে চতুৰ্থমানত দে’তাই হেলিকপ্তাৰ এখন আনি দিছিল। সৰু। চাবি পকোৱা। অনাৰ দিনাই ৰাতি সেইখন মাটিত চলাই মেলি এবাৰত চাবিটো পকাই মূৰত লগাই দিলো। মোৰ চুলিবোৰ ভালুকৰ দৰে আছিল। জপৰা। হেলিকপ্তাৰৰ ইঞ্জিনে পলকতে গোটেই চুলিসোপা সামৰি ধৰিলে। প্ৰপেলাৰ ৰৈ গ’ল। হেলিকপ্তাৰখন মূৰতে হেলিপেডত ৰোৱা নিচিনাকৈ ৰৈ থাকিল। মায়ে কেঁচি লগালে। নোৱাৰিলে। দে’তাই সৰু কেঁচি লগালে, নোৱাৰিলে। তালুখনৰ গোটেই চুলি হেলিকপ্তাৰৰ ইঞ্জিনে সামৰি লৈছিল। ৰাতি মূৰত হেলিকপ্তাৰ লৈয়েই ভাত খালো। হেলিকপ্তাৰ আনিবলৈ মোৰ হৈ মাত মতাৰ বাবে মায়ে গালি খালে। মূৰত হেলিকপ্তাৰ লৈয়ে ৰাতি শুলোঁ। প্ৰপেলাৰ আঁঠুৱাত লাগিল। মায়ে মোৰ মূৰটো আঁঠুৱাৰ পৰা বাহিৰলৈ উলিয়াই থ’লে। ওৰে ৰাতি হেলিকপ্তাৰ মোৰ মূৰত থাকিল। ৰাতি মায়ে মূৰত হাত ফুৰাওঁতে সেই ৰাতি প্ৰপেলাৰত হাত ফুৰালে।

ৰাতিপুৱাই দে’তাই চাইকেলত বহাই মোক চেলুনলৈ নিলে। বাটত বহুতে সুধিলে। বহুতে হাঁহিলে। মই আমোদ পালো। সেই অঞ্চল বা জিলাত মূৰত হেলিকপ্তাৰ উঠা প্ৰথম মানুহটো হোৱাৰ গৌৰৱত। চুলি কটা মিস্ত্ৰীয়ে মোক দেখি দে’তাক সোধা প্ৰথম প্ৰশ্নটো আছিল – এই জিনিছটো মাথাত কোনে লগালে মাষ্টৰ বাবু?

(২)
এনেকুৱা গৰমৰ দিনতে সৰুতে এবাৰ চাইকেলৰ পৰা পৰি দাদাৰ হাত ভাগিছিল। টাউনত প্লাষ্টাৰ কৰি অনাৰ পিছত সি আহি মোক ক’লে দেউতাই তাক প্লাষ্টাৰ কৰি হোৱাৰ পিছত “গ’ল্ডস্পট” (এতিয়াৰ ফেণ্টাৰ দৰে) খুৱাইছিল। কথাটোৱে মোক দুখ দিলে। মই ঘৰত নেমু চৰবত আৰু হাত ভগাৰ সুবিধা লৈ সি গ’ল্ডস্পট!

তাৰ পিছত তাক খবৰ ল’বলৈ অহা মানুহে তালৈ “মেংগফুৰ্টি”, কিছমি, চকলেট আনে। মই ঠোঁট, মুখ চেলেকি থাকো। সি খোৱাৰ পিছতহে ভাগত পাওঁ। তাৰোপৰি ঘৰৰ মানুহৰ পেম্পাৰৰ কথা নক’লোৱেই! এই কথাই কথা নহয়। এদিন চেগ বুজি মই দুপৰীয়া ৰ’দত চোতালত নিজেই পৰি “মোৰ হাত ভাগিল…হাত ভাগিল” বুলি চিয়ঁৰত গগন ফালিবলৈ ধৰিলো। মানুহ গোট খালে। হাত ভগাৰ লক্ষণ নেদেখি ঘৰাঘৰি গ’ল। মই নিজৰ মতত অটল। হাত ভাগিছেই। বিষত প্ৰাণ গৈছে। মোক লৈ যা প্লাষ্টাৰ কৰি দে। দেউতাই শেষত এই ৰ’দত মোৰ চিয়ঁৰত অতীষ্ঠ হৈ আবেলি মোক তেতিয়াৰ জাজৰিৰ ডাক্টৰ যদুমণি কটকীৰ ওচৰলৈ লৈ গ’ল। কটকীয়েও চাই মেলি দেখিলে হাত ভগাটো দূৰৰে কথা সামান্য জখমো নাই! দেউতাই তেখেতক কাবৌ কৰিলে – কিবা বেণ্ডেজেৰে মেৰিয়াই হ’লেও হাতখন বান্ধি তাক ডিঙিত ওলমাই দিয়ক। ককায়েকক দেখি এতিয়া তাৰ প্লাষ্টাৰ লাগেই। নহ’লে মোক আৰু মাকক সুদাই নেৰিব।

ডাক্টৰ কটকীয়ে তেতিয়া আচল ঘটনাৰ ওৰ জানি ড্ৰেছিং কৰা কটনেৰে মোৰ হাতখন মেৰিয়াই মোৰ ডিঙিত ওলমাই দিলে। “হ’লনে এতিয়া ?” বুলি তেখেতে মোৰ “ভগা” হাততে চাপৰ এটা মাৰিলে। মই বৰ আনন্দ পালো আৰু ঘূৰি আহোতে প্লাষ্টাৰ লগোৱা “ভগা” হাতখনেৰে চাইকেলৰ বেলটো ওৰেটো বাট বজাই আহিলো। পূৰ্ব চৰ্তমতে দেউতাই মোক জাজৰিত “মেংগফুৰতি” এটা খুৱালে। ঘৰলৈ আহি দাদাক দেখুৱালো। চা মই প্লাষ্টাৰ কৰা হাতখন ঘুৰাবও পাৰো। তই পাৰিবি? -বুলি মই তাৰ ভগা হাতখন ঘুৰাবলৈ লওঁতেই সি বিষত চিয়ঁৰ লয়। “চা মই ভগা হাতখন ডিঙিৰ পৰা খুলি দিওঁ, তই পাৰিবি?”

পিচে মোৰ ভগা হাতৰ খবৰ ল’বলৈ কোনো নাহিল। কোনোবা সেইদিনা দাদাৰ খবৰ ল’বলৈ আহি মোক দেখি মোৰ ঘটনা শুনি মোক ‘বাঘৰ আগতেল খোৱা’ জাতীয় কথা শুনাইহে গ’ল। ঘৰৰ পৰা পেম্পাৰো নাপালো। গতিকেই পিছদিনাই কটাৰিৰে মোৰ হাতৰ কাপোৰৰ প্লাষ্টাৰ সোপা কাটি সেইখিনি গোল কৰি পলিথিন এটাত ভৰাই ক্ৰিকেটৰ বল বনাই বহুদিনলৈ সেই বলেৰে ক্ৰিকেট খেলিলো।

★★★★

3 Comments

Leave a Reply

Your email address will not be published.