ফটাঢোল

শ্বাদী ডট কম: নিৰ্মালী বৰমুদৈ

নাই নহ’ব আৰু৷ শান্তি নাই ক’তো। নিজৰ মতে থাকিবলৈ নিদিব যেন পাইছোঁ। এইবুলি স্কুলৰ পৰা আহি মোবাইলটো খুচৰি চালোঁ। কিন্তু এয়া কি? বহুত চেষ্টা কৰিও মনত পেলাব পৰা নাই। কনটেক্ট লিষ্টখন চালোঁ, তাতো নাই। কি হ’ব বাৰু এতিয়া! ধেৎতেৰি মাথাটো মোৰ ইমান বেয়া নে? সাধাৰণ কথা এটা মনত নাথাকে। কেনেকৈ স্কুলত পঢ়াই আছোঁ নিজৰ ওপৰতে সন্দেহ হৈছে। ঘৰত কৰবাত মই নজনাকৈ আছে নেকি বাৰু? ঠিকেই ঘৰতে আছে চাগে? মনতে ভাবিলোঁ, কালিলৈ দেওবাৰ। স্কুল বন্ধ। ভবাৰ লগে লগে এখন ভৰি গাড়ীত উঠিলেই।

লেপটপটো কান্ধতে লৈ ঘৰলৈ ৰাওনা হ’লোঁ। হাইৱেৰ পৰা ঘৰলৈকে ১কি:মি: সোমাব লাগে। মই মহাৰাণীয়ে আকৌ সেইকণ খোজ কাঢ়িবলৈও অসুবিধা পাওঁ। ঘৰৰ পৰা কোনোবা নহয় কোনোবা নিবলৈ আহে। নাহিলেও কাৰোবাৰ বাইক থাপ মৰাত মোৰ ভাল নাম আছে। পিচে আজি মোৰ ফুটা কপাল। বাইকো নাপালোঁ, ঘৰৰ পৰাও কোনো আহিব নোৱাৰিলে। হেদফোনডাল কাণতে লগাই আহি আছোঁ। উস্‌ সেই একেই কাহিনী! কি যে কৰোঁ নহয়। ঘৰ পামগৈ নে চাগে! কিমান আৰু একেটা কথাৰে উত্তৰ দিম? নাই নহ’ব, আজি কিবা এটা ফাইনেল হ’বই লাগিব। হয় ৰঙামাটি নহয় গুৱাহাটী।

ফোঁ ফোঁৱাই ঘৰলৈ আহি কাকো নমতাকে মোৰ টেবুলখনত ভালকৈ চালোঁ। নাই দেখোন ইয়াতো। তাৰ পিছত আকৌ বুক চেল্ফটো খুচৰি চালোঁ। তাতো নাপালোঁ। ক’ত থাকিব পাৰে? হঠাৎ মনত পৰিল মইচোন লেপটপত চোৱাই নাই। ইমান গুৰুত্বপূৰ্ণ বস্তুটো মই নিশ্চয় লেপটপত থৈ দিছোঁ। গোটেই লেপটপটো চলাথ কৰিলোঁ, চিক্ৰেট ফাইল কেইটাও বাদ নিদিয়াকৈ আটাইবোৰ ডকুমেণ্টছ খুলি চালোঁ। বুকুখন বিষাই আহিলেই দেখোন। কি হ’ল কেচটো? ক’তো নাই যে? একো পাত্তা পোৱা নাই। মোৰ লগতহে এনেকুৱা হ’ব লাগেনে বাৰু?

মায়ে হাততে চাহ কাপ লৈ মোৰ ওচৰলৈ আহিল। মইতো দেখি অবাক। মায়ে মই অহা গম পাই মানে!

: কি হ’ল, তই দেখোন আহি কাকো মাত দিয়া নাই? আহিয়েই কিবা কিবি খুচৰি আছহি? খঙতো আহিছ, কাৰোবাৰ লগত কিবা লাগি আহিছ নেকি?

মায়ে কথাষাৰ সুধি যেন কোদো বাহত জুইহে দিলে। মই আৰম্ভ কৰিলোৱেই নহয়,

: ঘৰলৈ আহিব নোৱাৰোঁ, চাকৰি জেগাত থাকিব নোৱাৰোঁ। সবৰে খালি এটাই কথা বোলে তোৰ লগৰ অমুকৰ জীয়েক ক্লাচ থ্ৰি পালেগৈ। অমুকৰ জীয়েকৰ তোলনি হ’ল। অমুকৰ বিয়াত তমুকে গিৰীয়েকক চিনাকি কৰাই দিলে। অয়লৰ ইঞ্জিনীয়াৰ। অমুকে বোলে আমেৰিকাতে বিয়া পাতি তাৰে চিটিজেনশ্বিপ ল’লে। তোৰ বিয়াখনহে আৰু কেতিয়া খাবলৈ পাওঁ ঠিক নাই। কিমানক আৰু উত্তৰ দিম? শান্তি নাই মানুহবোৰৰ পৰা। তহঁতে জীয়েৰৰ কথা অলপো চিন্তা নকৰ। মই নিজেই কিবা এটা কৰিব লাগিব। মানুহবোৰৰ মুখ বন্ধ কৰিবলৈকে কিবা এটা ষ্টেপ ল’ব লাগিব।

চকুকেইটা ডাঙৰকৈ মেলি মায়ে সুধিলে,

: সেইবোৰ বুজিলোঁ বাৰু, পিচে তই অহাৰ পৰা কিতাপ বহীবোৰ মেলি কি বিছাৰি আছিলি?

: তহঁতে জীয়েৰৰ কথাতো অলপো চিন্তা নকৰ। সেইকাৰণে নিজেই নিজৰ কথা চিন্তা কৰিব লগা হৈছে। মই shaadi.com ৰ পাছৱৰ্ডটো পাহৰি থাকিলোঁ। কৰবাত লিখি থৈছিলোঁ। তাকে বিছাৰি আছোঁ।

: সেইটো কি বস্তু?

বৰ বেছিকৈ মাক বুজাই নিদিলোঁ। বুজায়ো লাভ নাই। একোডাল বুজি নাপাব। মাথো কৈ থ’লোঁ,

: অনলাইনত দৰা বিছাৰিম।

☆★☆★☆

8 Comments

Leave a Reply

Your email address will not be published.