ফটাঢোল

শৰ্মা-পুৰাণ – নয়নমণি হালৈ

শৰ্মাদা তেতিয়া বেকাৰ৷ বেকাৰ মানে একেবাৰে লাওলোৱা অৱস্থা৷ তামোল এখন খাবলৈও বাপেকৰ লেপ, তুলি, গাৰু ডাঙি ডাঙি দুটকা পইছা বিচাৰি ফুৰা দিনৰ কথা৷ এনেকৈ এদিনাখন লেপখন ডাঙি দিওঁতে লেপখনৰ লগতে বাপেকৰ লুঙিখনো হাতত গুচি আহিল৷ শৰ্মাদাই ঘূণাক্ষৰেও ভবা নাছিল যে ভৰ দুপৰ বেলাও বাপেকে এনেকৈ কাণে-মূৰে লেপ লৈ শুই থাকিব পাৰে৷ লগে-লগে ঠাঁচ-ঠাঁচ, শৰ্মাদাৰ কাণৰ তলত যেন বাপেকে দুটা আলুবোমাহে লগাই দিলে৷ শৰ্মাদাই চকুৰে আবতৰীয়া দেৱালী দেখি গ’ল৷ কিন্তু শৰ্মাদা সেইদিনা ৰৈ নাথাকিল৷ বাপেকৰ আগত ‘ৰজনী-চিখৰ দূৰৰ কথা, তামোল এখন খাবলৈও যে নয়া পইছা এটাও নাই, তলৰ বস্ত্ৰবিধো যে বস্ত্ৰৰ নামত ইলাষ্টিক এডালহে পিন্ধি আছে.. মনৰ দুখত সকলো কথা উজাৰি দিলে৷ পুত্ৰৰ দুখৰ কথা শুনিও সহি থাকিব পাৰে, এনে কোনো বাপেক জানো আছে! বাপেকে সেইদিনা শৰ্মাদাক কাষত বহুৱাই লৈ সেই চিৰন্তন সমাধানৰ পথটো দেখুৱাই দিলে৷ লগে-লগে শৰ্মাদাৰ যেন সেইদিনাই মোক্ষ প্ৰাপ্তি ঘটিল৷ হয়, সেইদিনাই শৰ্মাদাই সিদ্ধান্ত ল’লে যে তেওঁ ‘যজমানি’ কৰিব৷ এই পৃথিৱীত মনুষ্যকূল থাকে মানে দুখ-যাতনা থাকিব, দুখ-যাতনা থাকে মানে মানুহে তাৰ পৰিত্ৰাণৰ পথ বিচাৰিব, পৰিত্ৰাণৰ পথ মানেই পূজাপাতল, পূজাপাতল মানেই বামুণ আৰু বামুণ মানেই আমাৰ শৰ্মাদা৷ কিন্তু শৰ্মাদাৰ কাৰণে এই পথ ইমান মসৃণ নাছিল৷ উপাৰ্জনৰ পথত আৰম্ভণিতেই যে শৰ্মাদাই ইমান বৃহত্‍ প্ৰত্যাহ্বানৰ মুখামুখি হ’ব লাগিব, সেয়া শৰ্মাদাই সপোনতো ভবা নাছিল৷ যিয়ে নহওক, মূল কথালৈ আহোঁ৷

মানুহঘৰ আছিল নেপালী সম্প্ৰদায়ৰ৷ প্ৰথমবাৰৰ বাবে ঘৰত সত্য-নাৰায়ণ পূজা এভাগ পাতিব খুজিছে৷ বামুণ বিচাৰি আহি পালে আমাৰ শৰ্মাদাক৷ শৰ্মাদাই পূজাত কি কি যা-যোগাৰ লাগিব, তাৰ এখন দিঘলীয়া লিষ্ট দি পঠিয়ালে৷ তলত বিঃদ্ৰঃ বুলি লিখি পূজাৰ ফিজটো আৰু শৰ্মাদাই যে পাৰৰ মাংসৰ বাহিৰে আন মাংস নাখায়, সেইটোও লিখি দি পঠিয়ালে৷ পিছদিনা ৰাতিপুৱাই শৰ্মাদা গৈ গৃহস্থৰ ঘৰ উঠিল৷ কিন্তু গৃহস্থ পূজাৰ যা-যোগাৰ লৈ তেতিয়াও আহি পোৱাহি নাই৷ শৰ্মাদাই একাপ একাপকৈ চাৰিকাপ চাহ গিলিলে, কিন্তু মানুহজনৰ দেখাদেখি নাই৷ অৱশেষত বেলি প্ৰায় মূৰৰ ওপৰত উঠা পৰত গৃহস্থ আহি ওলাল৷ ততাতৈয়াকৈ গৃহস্থই শৰ্মাদাৰ হাতত মোনাখন তুলি দিলে আৰু ক’লে,

“দেউ, আপুনি লিখি দিয়া মতে সকলো বয়-বস্তু পালোঁ৷ কেৱল শগুণ এটাহে নাপালোঁ৷ চিন্তা নকৰিব, মই দুজন মানুহক ইতিমধ্যেই বিচাৰিবলৈ লগাই দিছোঁ৷”

শুনি শৰ্মাদাৰ তালুৱে-জিভাই কামোৰ খালে৷

“কি ক’লে কি ক’লে? শগুণ? শগুণ আকৌ পূজাত কিয়? শৰ্মাদাই পৰম আচৰ্য্যৰে সুধিলে৷”

“নাই নাই দেউ, আপুনি চিন্তা নকৰিব৷ শগুণ আহি পাবই৷ মই মানুহ লগাই দিছোঁতো৷”

“হে ৰবাহে, নাৰায়ণৰ পূজাত শগুণ কিয়?”

“আপুনি দেখোন লিষ্টত লিখি দিছে৷

“মই লিখিছোঁ৷ ক’তহে? শৰ্মাদা চিঞৰি উঠিল৷”

লগে-লগে গৃহস্থই পিছ-পকেটৰ পৰা খুচৰি খুচৰি শৰ্মাদাই লিখা শ্লিপখন শৰ্মাদাৰ হাতত তুলি দিলে৷ দেখি শৰ্মাদাৰ চকু কপালত উঠিল-

“হে হৰি নাৰায়ণ, এইটো মই লগুণ লিখিছিলোঁ৷ ই শগুণ কেনেকৈ হ’ল!

“চালা কুক্কুৰ, এইটো তই লগুণ লিখিছনে শগুণ লিখিছ!”

গৃহস্থ এইবাৰ আপুনিৰ পৰা চিধাই তইলৈ আহিল, লগতে দেউৰ পৰা সম্বোধন কুক্কুৰলৈ নামি আহিল৷ গৃহস্থৰ ৰূপ দেখি শৰ্মাদাই চুপচাপ পূজাৰ স্থলিত বহিল৷ এইবাৰ লাহে-লাহে মোনাৰ পৰা চন্দন, তুলসী, ফুল, বেলপাত আদি উলিয়াবলৈ ধৰিলে৷ কিন্তু মোনাখনৰ তলত কিবা এটাই লৰচৰ কৰি উঠা দেখি শৰ্মাদা এইবাৰ জাপ মাৰি উঠিল৷ সাপ-চাপ নহয়তো!

ভয়ে-ভয়ে শৰ্মাদাই দেখে যে মোনাখনত এটা মস্ত ভোবোলা এন্দুৰ সোমাই আছে৷ এইবাৰ শৰ্মাদাৰ খঙে চুলিৰ আগ পালে৷ এন্দুৰটোৰ নেজত ধৰি শৰ্মাদা এইবাৰ গৃহস্থৰ সন্মুখ পালে৷

“আপুনি কি মানুহহে, পূজাৰ সামগ্ৰীৰ লগত এই এন্দুৰটো আকৌ কিয় লৈ আহিছে?”

“সেইটোৰ বাবেইতো পলম হ’ল৷ গোটেই বজাৰ ঘূৰিলোঁ, এন্দুৰ নাপাওঁহে নাপাওঁ৷ অৱশেষত যেনিবা চাউলৰ গুদাম এটাত পালোঁ৷”

“ৰ’ব ৰ’ব, আপোনাক কোনে এন্দুৰ আনিব দিছে? নাৰায়নৰ পূজাত এন্দুৰৰ কি কাম?”

“চাল্লা কুক্কুৰ, এইটো তই কি লিখিছ?”

গৃহস্থ এইবাৰ আকৌ আগৰ ৰূপলৈ ঘূৰি আহিল৷

শৰ্মাদাই এইবাৰ মূৰে-কপালে হাত দিলে,

“অ এইটো মই ‘সেন্দুৰ’হে লিখিছিলোঁ৷”

ঠিকেই, শৰ্মাদাই লিখিব খুজিছিল ‘সেন্দুৰ’, কিন্তু সেইটো হৈ আছে ‘এন্দুৰ’৷ গৃহস্থৰ গাত কি দোষ! শৰ্মাদাই বোলে,

“আজি মোৰ কপালেই বেয়া”৷

শৰ্মাদাই কিবাকৈ পূজাখন আৰম্ভ কৰি দিলে৷ এফাকি নে দুফাকি মন্ত্ৰ পাঠ কৰিছিলহে মাত্ৰ৷ এনেতে দুজন মানুহে কান্ধত দুটা বাহ লৈ সোমাই আহিল৷

“দেউ, বাহদুটা ক’ত থওঁ?”

শৰ্মাদা একেচাতে উঠি বহিল৷

“বাহ! বাহ আকৌ মই কেতিয়া লিখিলোঁ?”

অগ্নিশৰ্মা গৃহস্থই এইবাৰ পুৰোহিত শৰ্মাৰ হাতত ধৰি শ্লিপখন চকুৰ আগত দাঙি ধৰিলে,

“এইটো তই বাহ লিখা নাই?”

শৰ্মাদাই দেখিলে তাত লিখা আছে, পদুম বা অপৰাজিতা৷

“ঠিকেইতো লিখিছোঁ, পদুম ফুল বা অপৰাজিতা ফুল৷ এই দুবিধ ফুলৰ যিকিনো এবিধ আনিলেই হ’ল৷ গৃহস্থই যেন এইবাৰ শৰ্মাদাক মাৰিবহে,

“চাল্লা কুক্কুৰ এইটো তই লিখা নাই নে পদুম বাহ অপৰাজিতা? মই পদুম পালোঁ, অপৰাজিতা পালোঁ আৰু বাহ দুটা ঠেলা এখনত পঠিয়াই দিছোঁ৷ এতিয়া তই লিখা নাই বুলি ক’লেই হ’বনে?”

শৰ্মাদাই দেখিলে ঠিকেই, ‘বা’টোৰ কাষত ‘হ’ এটা লাগি আছে৷

গৃহস্থৰ খঙে ইতিমধ্যে চুড়ান্ত ৰূপ পাইছে৷ শৰ্মাদাই ভাবিলে কিবাকৈ পূজাখন শেষ কৰি ঘৰলৈ যোৱাই মংগল৷ আৰু দুফাকিমান মন্ত্ৰ আওৰাই শৰ্মাদাই মাত লগালে,

“বোলো যি হ’ল হ’ল, এতিয়া মধুপৰ্কৰ বাবে ফিটা গাখীৰ আৰু দৈ গাখীৰ অকণ আনক৷”

গৃহস্থই বোলে,

“কিহৰ দৈ গাখীৰ আৰু ফিটা গাখীৰ, আপোনাৰ কাষতেই থৈ দিছোঁ নহয়৷”

“গাখীৰখিনি আপুনি পূজাৰ কাৰণে দিছিল নেকি?”

শৰ্মাদাই উচপ খাই উঠি সুধিলে৷

“তেনেহলে কাৰ মূৰটো কৰিবলৈ দিছিলোঁ!”

শৰ্মাদাই এইবাৰ কিবাকৈ মাতটো উলিয়ালে,

“মই মোক দিয়া বুলি ভাবি খাই পেলালোঁ নহয়৷”

“আৰু দৈ খিনি?”

গৃহস্থই সুধিলে৷

“সেইখিনিও খালোঁ৷”

“চালা কুক্কুৰ!”

গৃহস্থই হাত দুখন কোচাই এইবাৰ বাহিৰলৈ ওলাই গ’ল আৰু শৰ্মাদাই দেখিলে প্ৰকাণ্ড ঢেকীথোৰা এডাল লৈ গৃহস্থ শৰ্মাদাৰ ফালে চো মাৰি আগুৱাই আহিছে৷ স্বয়ং মৃত্যুদূতৰ ৰূপত গৃহস্থক দেখি শৰ্মাদাই বোলে,

“আজি মোক স্বয়ং নাৰায়নেও ৰক্ষা কৰিব নোৱাৰে৷”

শৰ্মাদাই আৰু একছেকেণ্ডো পলম নকৰিলে৷ নাৰায়নক অকলে এৰি হনুমন্তই জাঁপ মাৰি সাগৰ পাৰ হোৱাদি শৰ্মাদাই একেজাঁপে চোতাল পালে, ষ্টেণ্ড কৰি থোৱা চাইকেলখন এটা পাকতে ঘূৰাই লাফ মাৰি উঠিল৷ সেই যে চাইকেলৰ পেদেলত শৰ্মাদাৰ ভৰি পৰিল, শৰ্মাদাই আৰু পিছফালে ঘূৰি চোৱা নাই৷ আগে-আগে শৰ্মাদা, পিছে-পিছে ঢেকীথোৰা লৈ গৃহস্থ৷ গৃহস্থই চিঞৰি থাকিল,

“চাল্লা কুক্কুৰ, তই মোক লগুণৰ ঠাইত শগুণ বিচৰাই মাৰিলি, সেন্দুৰৰ ঠাইত এন্দুৰ অনালি, আৰু শেষত নাৰায়নৰ ভাগৰ গাখীৰখিনিও খাই গ’লি, তোক আজি মই সুদাই নেৰোঁ৷”

সাপৰ মুখৰ পৰা ভেকুলী ওলাই অহাদি সেই যে শৰ্মাদা পলাই আহিল, আজিলৈ হেনো সেই দিশে মুখ কৰা নাই৷

☆★☆★☆

3 Comments

  • হাঃ হাঃ পুৰোহিতৰ বিলৈ, তামাম।

    Reply
  • সদানন্দ ভূঞা

    আগতেও পঢ়িছিলোঁ, এতিয়াও পঢ়িলো । বহুত ভাল লাগিল ।

    Reply
  • সদানন্দ ভূঞা

    শৰ্মা পুৰাণ পঢ়ি বহুত ভাল লাগিল ।

    Reply

Leave a Reply

Your email address will not be published.