ফটাঢোল

সংগ্ৰাম – সোণটো ৰঞ্জন বৰুৱা

প্ৰত্যেক মানুহেই জীৱনত প্ৰত্যাহ্বানৰ সন্মুখীন হয়। প্ৰত্যাহ্বান, সংগ্ৰাম মানুহৰ জীৱনৰ এৰাব নোৱাৰা অংগ। কিন্তু কিছুলোকৰ জীৱনৰ সংগ্ৰামসমূহ অতি বিৰল ধৰণৰ। অতিশয় প্ৰত্যহ্বানযুক্ত, কঠিনতকৈয়ো কঠিনতম।

বিগত কিছুদিন ধৰি পেপাৰে-পত্ৰই, টিভি, মবাইল আদিত অনেকলোকৰ সাক্ষাৎকাৰ, জীৱনবৃত্তান্ত পঢ়ি এটা কথা বুজিলোঁ যে এক দীৰ্ঘ সময় ধৰি আমি যাক সংগ্ৰাম বুলি ভাবি আহিছোঁ সেইবোৰক আচলতে কোনো জীৱন সংগ্ৰাম বুলিব নোৱাৰি। বাস্তবিক সংগ্রাম আচলতে বেলেগ। কঠোৰতম সংগ্ৰাম আচলতে অতি কম সংখ্যকলোকৰ কপালতহে লিখা থাকে।

এজন বিবাহিত পুৰুষ, ধৰিলওক তেখেতৰ ঘৰত কিবা আঞ্জা বনাইছে। বিবাহিত পুৰুষৰ বাবে আঞ্জা সদায় সুস্বাদুৱেই হয় বাৰু। সেই সুস্বাদু আঞ্জাত নিমখ মিহলি কৰিবলৈ যেই নিমখদানীটো ওলোটাই দিলে, গোটেই নিমখ আঞ্জাৰ বাতিত হুৰুস্ কৈ পৰিল। ততাতৈয়াকৈ তেওঁ যিমান পাৰে চামুচেৰে সেই নিমখ পুনৰ টেমাত ভৰাই বাকী নিমখ আঞ্জাত মিলাই ল’ব। এই কাৰ্য যদি মাকে দেখে সুধিব- “এইসোপা এতিয়া তই খাব পাৰিবিনে?” আৰু পত্নীয়ে যদি দেখে সুধিব -“এতিয়া এইসোপা কোনে খাব?”

প্ৰথম প্ৰশ্নৰ উত্তৰ কুকুৰে খাব, দ্বিতীয়ৰ উত্তৰ তেখেতে খাব৷ এইবোৰ বিবাহিত পুৰুষৰ সংগ্ৰাম। পিচে এইবোৰ তেনেই সামান্য সংগ্ৰাম, ইয়াতকৈও কত ডাঙৰ ডাঙৰ সংগ্ৰাম জীৱনলৈ আহে।

আপুনি গা ধুবলৈ গ’ল। লাহেকৈ দৰ্জা বন্ধ কৰিলে। পিন্ধনৰ ক্ৰম অনুসৰি কাপোৰ হাঁকোটাত আঁৰি দিলে। শেষৰটো প্ৰথমে। প্ৰথমে চাৰ্ট, তাৰ পাছত পেণ্ট। তাৰ পাছত বনিয়ন। শেষত অন্তৰ্বাস। হাঁকোটাটো সৰু। অন্তৰ্বাস তললৈ সৰি পৰিল আৰু ভিজি পিন্ধিব নোৱাৰা হ’ল। আহি গ’ল সমস্যা। পিছে ইমানতে শেষ হোৱা হ’লে কথাই নাছিল৷

মন দি পঢ়া হ’লে আপুনি সুধিলেহেঁতেন, “ভাই কাপোৰ চব আনিলি, কিন্ত গা মুচিবলৈ টাৱেল?” কিন্তু আপুনিও এই বিবাহিতজনৰ দৰেই লাপৰোৱাহ, এলাইবাদু, টাৱেল পাহৰি গ’ল।

গাধোৱা ঘৰৰ পৰা পত্নীক টাৱেল বিচৰা কিমান ডাঙৰ সংগ্ৰামক আদৰণি জনোৱা সেয়া অকল এজন বিবাহিত পুৰুষেহে জানে। গোটেই কেচটো ভাৰতে বিশ্ব বেংকৰ ওচৰত ধাৰ বিচৰা নিচিনা কথা হৈ পৰে।

টাৱেল বাহিৰত পাহৰি গা ধুবলৈ যোৱা পুৰুষে, যেতিয়া পত্নীক টাৱেল বিচাৰে তেতিয়া টাৱেলৰ লগতে জীৱনত অনুশাসনৰ গুৰুত্ব সম্পৰ্কীয় ভাষণ বিনামূল্যে শুনিবলৈ পায়।

এইবোৰ সকলো জীৱন সংগ্ৰামেই বাৰু, কিন্তু সৰুসুৰা। ডাঙৰ সংগ্রামবোৰ ভিন্ন ধৰণৰ হয়। হয়তো মোৰ দৰে আপুনিও জীৱনৰ কি কি কামক জীৱন সংগ্রাম বুলি ভাবি আছে ঠিকনা নাই!

দুদিনমান আগতে কোনোৱে কৃষকৰ জীৱন সংগ্রামৰ বিষয়ে কৈছিল। আপুনি কওকচোন, কৃষকৰ জীৱনত কিদাল সংগ্রাম কৰিব লগা আছে? কেতিয়াবা কৃষকক কোৱা শুনিছেনে? “সাৰৰ দাম বহুত বাঢ়ি গ’ল”, “কাবুলিয়ে বৰ জুলুম কৰিছে”, “খৰাঙে শেষ কৰিলে সব”, “শস্যৰ মূল্য কম”, “খেতি ভাল নহ’ল” কৃষকৰ মুখত এইবোৰ শুনিবলৈ পাব। ইয়াত বাহিৰে কিবা শুনে জানো? এইবোৰতো কৃষকৰ দৈনন্দিন জীৱনৰ অংগস্বৰূপ। যুগ যুগ ধৰি এইবোৰেই হৈ আহিছে আৰু চলি থাকিব৷ আচলতে গম্ভীৰ সংগ্রাম অলপ বেলেগ ধৰণৰ হয়।

দিল্লীত থকা মোৰ বন্ধু এজনে তেখেতৰ সংগ্রামৰ এনেকুৱা কাহিনী শুনালে, শুনিলে আপোনাৰো চকুপানী ওলাব। সি কৈছিল “ইউ ড’ণ্ট বিলিভ ইট, মই যেতিয়া দিল্লী আহিছিলোঁ, প্ৰথম আঠমাহ, পুৰা আঠমাহ কুলাৰ চলাই পাৰ কৰিছিলোঁ। এচি এটা কিনিবলৈ শক্তি নাছিল।”

এৰা এইবোৰহে জীৱনৰ সংঘর্ষ। প্ৰকৃত সংগ্রাম সেইবোৰহে যেতিয়া ট্ৰেইনৰ এয়াৰকণ্ডিচনৰ প্ৰথম শ্ৰেণীৰ পৰা গৈ দ্বিতীয় শ্ৰেণীত যাত্ৰা কৰে। কিছুদিন আগতে এজন মন্ত্ৰীৰ বিষয়ে বাতৰিত পঢ়িবলৈ পাইছিলোঁ, তেওঁ বোলে উৰাজাহাজত বিজনেচ ক্লাছৰ সলনি ইকনমি ক্লাছত যাত্ৰা কৰিবলৈ লৈছে। মোৰ অন্তৰ তেখেতৰ প্ৰতি শ্ৰদ্ধাৰে ভৰি গ’ল। সৰলতাৰ এনে উদাহৰণ অতি বিৰল। মই বাতৰিটো গাঁঁৱৰ বন্ধু এজনক দেখুৱাই ক’লোঁ, “এইবোৰৰ পৰা কিবা শিক্ষা ল, আমি এনেয়ে কান্দি মৰোঁ। সি উত্তৰ দিলে “ঠিক আছে, আজিৰ পৰা আমিও ইকনমি ক্লাছত ফুৰিমগৈ তেন্তে।” এনে সংগ্রামৰ বিষয়ে জানিলেই মানুহৰ সংগ্রাম কৰিবলৈ মন যায়। এইবোৰেই বাস্তৱিক সংগ্রাম।

কোনোৱে ক’ব পাৰে, কাকতত শ্ৰমিকৰ সংগ্রামৰ বিষয়ে বাতৰি প্ৰকাশ নহয়। এইবোৰ মিছামিছি অপবাদ আচলতে। শ্ৰমিকৰ কামেই শ্ৰম কৰা। জুপুৰিত বাস কৰা। শৰীৰত বেমাৰ কঢ়িয়াই ফুৰা। কৃষকৰ দৰে যদি শ্ৰমিকক সোধে, সিহঁতে ক’ব, ৰেচন পোৱা নাই, ফ্রি দৰব পোৱা নাই, হাজিৰা কম, এইবোৰেই ক’ব। আপুনি কেতিয়াবা এজন শ্ৰমিকৰ মুখত শুনিছেনে “মোৰ জীৱনটো সংগ্রামেৰে ভৰা” বুলি কোৱা?

কালি কাকত এখনত উদীয়মান নায়িকা এগৰাকী সাক্ষাৎকাৰ এটা পঢ়িছিলোঁ। নিজৰ জীৱন সংগ্রামৰ বিষয়ে অভিনেত্রী গৰাকীয়ে কৈছিল “আৰম্ভণিতে বলিউডত বহুত ষ্ট্ৰাগল কৰিলোঁ। নিজৰ পৰ্টফোলিঅ লৈ এটাৰ পিছত এটা ষ্টুডিঅ টাকুৰী ঘূৰাদি ঘূৰিছিলোঁ৷ প্ৰথমতে মইতো লোকেল ট্ৰেইনত ধাক্কা খাই ফুৰিছিলোঁ।”

পঢ়িয়েই মোৰ চকু পানী বৈ গ’ল। মুম্বাইৰ ট্ৰেইনত হেঁচাঠেলাত পিষ্ট এগৰাকী কোমলাংগী…উদীয়মান অভিনেত্রীৰ জীৱন সংগ্রামৰ মহত্ব কাকতখনে বিচাৰি পাই প্ৰকাশ কৰিলে। আমিও মহত্ব বুজি পাই পঢ়িলোঁ।

এতিয়া বহুত যুৱক যুৱতী, যি প্রতিযোগিতামূলক পৰীক্ষালৈ প্ৰস্তুতি কৰিছে, তেওঁলোকে জীৱনৰ সৈতে সংঘৰ্ষ কৰিছোঁ বুলি মিছা ভ্ৰম পালি আছে। টাউনৰ বাথৰূমৰ সমান ৰূমত দহজনমান সংকুচিত হৈ থাকি, ট্ৰেইনৰ, বাছৰ পদদানীত ওলমি যাত্ৰা কৰাকে সিহঁতে জীৱন সংঘৰ্ষ বুলি আত্মমুগ্ধ হৈ আছে। কিন্তু এইবোৰ জানো সংঘৰ্ষ বুলি ক’ব পাৰি। দেশৰ প্ৰতিজন যুৱকৰ জীৱনতে এই পৰিস্থিতিৰ মুখামুখি হয়েই ।

জীৱনৰ সৈতে সংঘৰ্ষ কৰে ৰাজনৈতিক নেতাৰ সেই ভাবী সাংসদ পুত্ৰই, যাৰ “কলেজত পঢ়োঁতে পাপাই মোৰ পকেটমানি বন্ধ কৰি দিছিল।” বা সেই উদ্যোগপতিৰ পুত্ৰ, যি অতি কম সময়ৰ ভিতৰতে নিজৰ ডেৰশ কিলো ওজন কমাই এশ বিছ কেজি কৰে।

দৰাচলতে সংগ্রামত ত্যাগৰ ভাব অন্তৰ্নিহিত হৈ থাকে। যেতিয়া আপুনি নিজৰ স্তৰ, পদ, সুখ, সুবিধা সকলো ত্যাগ কৰে তেতিয়াহে আপুনি সংগ্রাম কৰা বুলি ক’ব পাৰি। অপ্ৰাপ্য, অযুক্তিকৰ অপ্ৰয়োজনীয় কিবা এটা পাবলৈ চেষ্টা কৰাক জানো সংঘৰ্ষ বুলি ক’ব পাৰি?

লগৰ এজনে কবি এজনৰ কথা কোৱা মনত পৰিছে, কবিজনে জীৱন অতি দুৰ্বিষহ ভাবে পাৰ কৰিছিল। বৰ সংঘাতময় জীৱন কটাইছিল। হাঃ হাঃ, এইটো বাৰু কথা হ’ল নে? মই লগৰজনক কবিজনে জীৱনত কি কি ত্যাগ কৰিলে সোধিবলৈ মন গৈছিল যদিও নুসুধিলোঁ। কবিৰ কামেই কবিতা লিখা আৰু দৰিদ্ৰতা ধৰ্ম। ইয়াত নো কি বৰ কথাটো হ’ল।

অ, যদি তেখেতে কবিতা লিখি তাক ছপা কৰি, নিজে কবিসমাৰোহলৈ গৈ অন্য কবিৰ নাম কাটিব পৰা হ’লে বেলেগ কথা আছিল। কবিতাৰ জোৰত দৰিদ্ৰতাৰ পৰা বাহিৰ হ’ব পৰা হ’লে, মন্ত্রী বিধায়কৰ হাতেৰে কবিতাৰ কিতাপ উন্মোচন কৰাই, চৰকাৰৰ পৰা পুৰস্কাৰ লৈ শেষত উপযুক্ত সময়ত পুৰস্কাৰৰ মানপত্র ঘূৰাই দিয়া হ’লে বেলেগ কথা আছিল। মানি ল’লোঁ হয়, তেখেতে জীৱনৰ সৈতে সংঘৰ্ষ কৰিছিল বুলি।

কিছু বছৰৰ আগতে Howard Zinn ৰ এখন নাটক পঢ়িছিলোঁ, নাটকখনৰ বিষয়বস্তু মাৰ্ক্সৰ জীৱন সংগ্রাম। এতিয়া ভাবোঁ Howard Zinnৰো জীৱন সংগ্রামৰ সঠিক ধাৰণা নাছিল। আচলতে মাৰ্ক্সে জানো সংঘৰ্ষ কৰিছিল?

মাৰ্ক্সে দহ বাৰখন কাহিনী সংগ্ৰহ ছপা কৰিব লাগিছিল, দুই তিনিটা এন জি অ’ বনাব লাগিছিল, তিনি চাৰিখন কবিতা সংগ্ৰহ প্ৰকাশ কৰিব লাগছিল, দুই এখন ইতিহাসৰ কিতাপ লিখিব লাগিছিল। দহ পোন্ধৰ বাৰ বিদেশ ভ্রমণ কৰি সেই দেশবোৰৰ কবিবোৰৰ এশমান কবিতা অনুবাদ কৰিব লাগিছিল। তাৰে কিছুসংখ্যক নিজৰ নামতো প্ৰকাশ কৰিব লাগিছিল। তেতিয়া কলোহেঁতেন, হয় মাৰ্ক্সে সংঘৰ্ষ কৰিছিল।

কিন্তু ফ্ৰান্স চৰকাৰে খেদিবলৈ পালেহে, ভৰুংকৈ ইংলেণ্ড পালেগৈ। এইটো বাৰু সংঘৰ্ষ হ’লনে? চৰম সুবিধাবাদীয়েহে এনে কাম কৰে। ফ্ৰান্সতে খোপনি পুতি চৰকাৰৰ লগত তলে তলে লেটিপেটি কৰি থাকিব পৰিব লাগিছিল, সেইটোহে আচল সংঘৰ্ষ। ফ্ৰান্স সাহিত্য একাডেমীৰ অধক্ষ্য হ’ব লাগিছিল। জাৰক ধৰ্মনিৰপেক্ষ তথা লোকতান্ত্ৰীক বুলি তেল তোল দি এটা চৰকাৰী আবাস ল’ব পাৰিব লাগিছিল। ফ্ৰান্স ৰুছ মৈত্রী সংঘ খোলাত ভাগ ল’ব লাগিছিল।

ইমানো যদি নোৱাৰে, Howard য়ে মাৰ্ক্স নাম্বুদৰী নে আন কি শ্ৰেণীৰ ব্ৰাহ্মণ আছিল উল্লেখ কৰি দিয়া হ’লেই হ’লহেঁতেন। মানি ল’লোহেঁতেন, হয় মাৰ্ক্সে সংঘর্ষ কৰিছিল।

যুৱ কালত নাম্বুদীপাদ সৰ্বোচ্চ ব্ৰাহ্মণ জাতিৰ বুলি এখন কিতাপত পঢ়ি বৰ খং উঠিছিল। যিবোৰ কথা পৰিহাৰ কৰি আমি আগবাঢ়ি যাব খুজিছোঁ, সেই কথাবোৰ লিখাৰ যুক্তি নেদেখিছিলোঁ। কিন্তু সেই খং যে অহেতুক আছিল এতিয়া নিজৰ ভুল বুজিব পাৰিছোঁ, আচলতে সেই সময়ত সংঘৰ্ষৰ সম্পর্কে মোৰ ধাৰণা ভুল আছিল।

বাস্তৱত ভাৰতৰ বামপন্থাৰ শোভা ব্ৰাহ্মণেহে ধৰি ৰাখিছে বুলিব পাৰি। বামপন্থী হোৱাৰ আছল swag দ্বিবেদী, ত্ৰিবেদী, চতুৰ্বেদী, আয়াৰ, চেতাৰ্জী, বেনাৰ্জী, মুখাৰ্জী, ভট্টাচার্য আদি হ’লেহে আহে। এইবোৰ হ’লেহে সংগ্ৰামী ভাৱধাৰাত সেই ফেণ্টাচীৰ টাচ পৰে, যি টাচ চিন্দ্ৰৰেলা, আলিবাবা আদি কাহিনীবোৰত বিচাৰি পোৱা যায়।

আজি আমি নম্বুদৰীপদে দেশৰ বাবে কি কৰিলে নাজানিব পাৰোঁ, কিন্তু তেওঁ যে এজন উৎকৃষ্ট ব্ৰাহ্মণ আছিল সকলোৱে জানো। কদাচিৎ এইটোৱেই তেওঁৰ আটাইতকৈ ডাঙৰ জীৱন সংগ্ৰাম আছিল। অৱশ্যে এনে সংগ্ৰামত ব্ৰাহ্মণ সমাজৰ মাজতো কিছু বিপ্ৰৰহে বিশেষ স্থান আছে।

বৰ্তমান সময়ত বামপন্থী সংগ্রামৰ সৰ্বাধিকলোক ভৰদ্বাজ গোত্ৰৰ। যেতিয়াই জড়বাদৰ বাবে সংঘৰ্ষ কৰাসকলৰ নাম-তালিকা ইতিহাসৰ পাতত লিপিবদ্ধ হ’ব, দেখিব প্ৰথমেই ভৰদ্বাজ বংশধৰসকলৰ নামেই আহিব। এতিয়ালৈকে এই দিশটো অৱশ্যে কাৰো চকুত পৰা নাই সেইয়া বাৰু বেলেগ কথা, এদিন নিশ্চয় পৰিব।

নিজ নিজ বিচাৰধাৰাক অতি প্ৰাচীন দেখুওৱাৰ প্ৰৱণতা সকলোৰে আছে, এই জড়বাদী সকলো এইক্ষেত্ৰত পিছ পৰি থকা নাই। কবীৰক প্ৰথম বামপন্থী ঘোষণা কৰাৰ এই শৃঙ্খলা চাবাৰ্কলৈকে বৈ গৈছে যদিও বাস্তবিকত অন্য কোনোহে প্ৰথম বুলিব পাৰি।

বাস্তৱত আচলতে প্ৰথম বামপন্থী ভৰদ্বাজ ঋষিকহে ক’ব পাৰি। আপুনি যদি জেনেটিক্সত বিশ্বাস কৰে, এই কথাষাৰ অস্বীকাৰ নকৰিব। ভৰদ্বাজ গোত্ৰত প্ৰজাবাদী প্ৰগতিশীল ধাৰাৰ প্ৰতি বিশেষ আকৰ্ষণ দেখা যায়। বাও দলসমূহে যদি গম্ভীৰতাৰে সংস্কাৰ বিচাৰে তৎকালেই পলিট ব্যুৰোত ভৰদ্বাজ গোত্ৰৰ ব্ৰাহ্মণক ওপচাই দিয়া উচ্চিত।

ইমানখিনি যদি পঢ়িলে, তেন্তে আপুনি নিজৰ আত্মমুগ্ধতাৰ স্থিতিৰ পৰা আঁতৰি আহিব লাগে। স্বনিৰ্ধাৰিত পৰিভাষাত নিজকে সংঘৰ্ষকাৰী বুলি মানি একো লাভ নাই। চৌদিশে সাধাৰণ জনতাৰ প্ৰলাপ বকা শুনো, আমাৰ জীৱনত কিমান সমস্যা আমিহে জানো৷ ৰাষ্টাৰ কি গতি, স্কুলৰ ফিজ ইমান বাঢ়িছে, বস্তু বাহানিৰ দাম, এইবোৰ সাধাৰণ কথা৷ শুনোতা কোনো নাই।

যেতিয়া ডাঙৰ মানুহ হ’ব, উৰাজাহাজত উঠিবলৈ ল’ব, ঘৰত এচি লাগিব, নিৰ্বাচনত জয়ী হ’ব, সাংগো-পাংগে অহৰহ আপোনাক বেঢ়ি থাকিব, তেতিয়াহে আপোনাৰ জীৱন সংঘৰ্ষই গুৰুত্ব পাব, অন্যথা……

☆★☆★☆

8 Comments

  • Gitashree Phukan

    কৃষ্ণ।

    Reply
  • Rintumoni Dutta

    তামাম গৱেষণা, অভিজ্ঞতা নোহোৱাকৈ কেনেকৈ লিখিব পাৰা হে এইবোৰ।

    যি কি নহওক, বঢ়িয়া লাগিল পঢ়ি

    Reply
  • MITALI Saharia

    সাংঘাটিক দাদা।

    Reply
  • ৰাজশ্ৰী

    আপোনাৰ ব্যংগৰ ফেন মই দাদা।

    Reply
  • মানসী বুদ্ধ

    বঢ়িয়া …

    Reply
  • সৌৰভ শৰ্মা

    ভাই তুমাৰ দাস হৈ গলো। এনে লিখা আৰু আশা কৰিলোঁ।

    Reply
  • Anjan sadhanidar

    এৰা অভিজ্ঞতা নোহোৱাকৈ ইমানবোৰ অভিজ্ঞতা যেতিয়া হলে কবই নালাগে আও পাই৷ বঢ়িয়া লাগিল

    Reply
  • অনামিকা

    ভাল লাগিল ককাই

    Reply

Leave a Reply

Your email address will not be published.