ফটাঢোল

সংৰক্ষণ – সোণটো ৰঞ্জন বৰুৱা

“আজিকালি তোমাৰেই দিন আৰু৷ মানুহে আজিকালি তোমাৰ বাবে মানুহ মাৰি দিবলৈও কুণ্ঠাবোধ নকৰে”

বাছৰ বাবে ৰৈ থকা ছোৱালীজনীয়ে পথাচাৰীয়ে তাইৰ শৰীৰত দিয়া লোলুপ দৃষ্টিৰ অস্বস্তিক আঁতৰাবলৈ কাষৰ ডাষ্টবিনত জাবৰ খুচৰি থকা গাইজনীৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিলে।

“তাতে নো কি হ’ল? তোমালোক ছোৱালীবোৰৰ আমাৰ গাইবোৰৰ ওপৰত ইমান জ্বলন কিয় হৈছে? সকলোৰে ভাল দিন আহে বুজিছা। জন্তু হ’ব পাৰোঁ, পলমকৈ হ’লেও আহিছে ভাল দিন।”

সেই গাইজনীয়ে নিজৰ তথাকথিত বৰ্তমানক লৈ গৰ্বৰে উত্তৰ দিলে।

“জ্বলন কিয় হ’ব, এনেয়ে সুধিলোঁ আৰু। কেতিয়াবা কেতিয়াবাতো ভাব হয় আমি ছোৱালীবোৰ নামতহে মানুহ।”

চেপা চিৎকাৰ এটাৰে নিজৰ বাপেকৰ বয়সৰ মানুহ এজনৰ মাৰো বুলি মৰা খুণ্ডা সহ্য কৰি ছোৱালীজনীয়ে উত্তৰ দিলে।

‘‘দূখ পালা নেকি? এটা কথা কোৱাচোন, তোমালোক ছোৱালীবোৰকো দেখোন দেৱী জ্ঞান কৰা হয়, সেইয়া কি পিচে? গাইজনীয়ে এইবাৰ ছোৱালীজনীক ওলোটাই প্ৰশ্ন কৰিলে, যিজনী ছোৱালীয়ে তাইৰ তথাকথিত গৌৰৱশালী বৰ্তমানৰ ওপৰত চকু দিছে।

“হাঃ হাঃ হাঃ…… দেৱী?? হয়তো তুমি আজিকালি দেশৰ খবৰ নাৰাখা!”

‘’ঠিকেই কৈছা ভনী, আজিকালি সঁচাকৈয়ে একো খবৰ নাপাওঁ। সময়েই বা পাওঁ ক’ত? দিনটো খাদ্যৰ যোগাৰত ডাষ্টবিনে ডাষ্টবিনে দৌৰি থাকোঁতেই যায়। “এইবুলি গাইজনীয়ে ডাষ্টবিনৰ পৰা পলিথিনৰ বেগ এটা টানি মুখত ভৰাই চোবাবলৈ ল’লে।

“কি যে ধেমালি কৰিছা নহয়? তোমাক মাতৃৰ সম জ্ঞান কৰে, অথচ তুমি খাবলৈ ডাষ্টবিনে ডাষ্টবিনে ঘূৰিব লাগে?”

ছোৱালীজনীৰ বিশ্বাসেই হোৱা নাছিল যে গো-প্ৰেম ইমান ছদ্ম হ’ব পাৰে।

“যি দেখিছোঁ, তুমিও চকু মুদি আছা। মোক বচাবলৈ যিমান মানুহ ওলাই, আহাৰ যোগানৰ নামত তাৰ এজনো নোলাই।”

সেমেকা হাঁহিৰে উত্তৰ দি গাইজনীয়ে ছোৱালীজনীৰ চকুত বান্ধ খাই থকা কাপোৰখন খুলি প্ৰশ্ন কৰিলে

“পিছে মানুহ হোৱাৰ বাবে তোমাৰনো কি সমস্যা হ’ল?”

” মানুহ হৈ জন্ম লোৱাৰ বাবে ইমান কষ্ট পোৱা নাই, যিমান ছোৱালী ৰূপ লৈ পাইছোঁ। তাতোতকৈ কষ্ট পাইছোঁ মানুহে মানবীয়তা পাহৰি যোৱাত। তোমাকোতো কিছু মানুহে মনে মনে খাবলৈ বিচাৰে ন?”

“অহ…….. আইন কানুন নাই জানো? জংঘলৰাজতো চলি থকা নাই দেশত।”

গাইজনীয়ে হয়তো ভাবিলে যি দেশত তাইৰ দৰে জন্তুৰ বাবেই মানুহে আনৰ জীৱন ল’বলৈও কুণ্ঠাবোধ নকৰে সেই দেশত জংঘলৰাজ ভুলতো নচলে।

“সমস্যা তাতেই, আইন অন্ধ আৰু ব্যৱস্থা কিছু লোকৰ মুঠিত। যাৰ লাঠি তাৰ গাই, যাৰ ওচৰত বল তাৰ ওচৰত সকলো সেও। “

” তেন্তে তোমালোকৰ সমাজে কি কৰি আছে? মোৰ ৰক্ষাৰ বাবেচোন সকলোৱেই আজিকালি লাঠি লৈ ওলাই আহে।”

“লাঠি ছোৱালীৰ সুৰক্ষাৰ বাবে নুঠে, কিয়নো ছোৱালী ভোটবেংক বনাবলৈ কামত নাহে যে। “

” অহ, কথা সেইটোহে, পিচে মহিলা আৰু শিশু বিকাশ আছে ছোন? মহিলা আয়োগো আছে দেখোন?”

“তুমিও বৰ আকৰী হৈ আছা গোমাতা। তুমি হয়তো নাজানা এইবোৰত নিজে বিচৰা মানুহক বহোৱা হয়। টোপোলাৰ আদান-প্ৰদান হয়”।

“হয় কথাটো। ময়ো ভাবোঁ, এতিয়াও আমি কিয় ৰাষ্টাতে থাকিব লগা হৈছে? কিয় কোনেও আমাৰ বাবে গো-শালাৰ ব্যৱস্থা কৰা নাই?”

“বুজি পালা কিয়? ইয়াত মানুহে পুৰুষত্ব দুজন মানুহৰ ওপৰতেই দেখোৱাই, হয় নিৰ্দোষ নতুবা নিৰীহ ছোৱালীৰ ওপৰত। “

“তাৰমানে তোমাৰ মতে এই দেশত না কোনোৱে গাইৰ সুৰক্ষা বাবে চিন্তা কৰে না কোনো ছোৱালীৰ বাবে চিন্তা কৰে?”

“তোমাক গো-শালাত ৰাখিলে তুমি সুৰক্ষিত হ’বাই কিন্তু আমি…… সংৰক্ষণ গৃহতো সুৰক্ষিত নহয়। তাতো ৰক্ষকেই ভক্ষ্যক হৈ পৰে।”

“সেইয়া ভ্ৰম তোমাৰ। আমিও তাত অসুৰক্ষিত। খাদ্যৰ অভাৱত তিল তিলকৈ মৰিব লগা হয় আমি। আৰু তাৰ পৰিবেশৰ কথা কিনো কম। “

” তাৰমানে তুমি ইমান হৈ হাল্লা কৰি থকাৰ পিছতো নিজকে অসুৰক্ষিত বুলি ভাবা? “

“সুৰক্ষিত…… হাঃ হাঃ হাঃ বহু দূৰৈৰ কথা….. কিমানৰ মৃত্যুৰ পাপৰ বোজা মোৰ মূৰত পৰিছে তাৰ ভয়ে খুলি খুলি খাই মোক। “

“কিন্তু তুমি কি বুজিবা এজনী ছোৱালী হৈ মই কিমান অসুৰক্ষিত অনুভৱ কৰোঁ? মোৰ বাবে আজি প্ৰতিজন পুৰুষেই দানৱ হৈ গৈ আছে। “

“যিয়েই নহওক, তুমিতো নিজৰ পীড়া কাৰোবাক ক’ব পাৰা। কাৰোবাৰ আগত চিঞৰি চিঞৰি ক’ব পাৰা। মোলৈ চোৱা, মইতো কাকো ক’বও নোৱাৰোঁ। যাৰ যিধৰণে ইচ্ছা মোক তেনেদৰেই ব্যৱহাৰ কৰিলেও নিমাতে সহ্য কৰি যাওঁ।”

“কিনো কম? তুমি জানাই দেখোন, মানুহৰ চিঞৰৰ মূল্য তাতহে হয় য’ত মানবীয়তা জীয়াই থাকে। ইয়াততো সকলোৱেই নিজৰ মানবীয়তা হত্যা কৰি বহি আছে। কোনে কাৰ চিঞৰ শুনে? “

“ঠিকেই কৈছা। ময়ো ভাবোঁ, যাক মাতৃ বুলি কয় তায়েই পলিথিন খাব লগা হৈছে। ৰাষ্টাত ৰ’দে বৰষুণে থাকিব লগা হৈছে।”

“মোৰো একেই অৱস্থা, যাক দেৱী বুলি কুমাৰী পুজা কৰা হয় তাকেই সমাজৰ কিছুমান কুকুৰনেছীয়াই ফালি আজুৰি খাই হজম কৰিবলৈ বিচাৰে। “

“বুজি নাপাওঁ, আমাৰ দুখ কোনেও বুজি নাপায় কিয়? কিয় আমাৰ সংৰক্ষণ আৰু সুৰক্ষাৰ মিছা দম্ভ মাৰে?”

“ভুল ভাবিছা, সংৰক্ষণৰ আৱশ্যক আছে। কিয়নো এই সংৰক্ষণেও চৰকাৰ আৰু শাসনৰ বাঘজৰী পোৱাত সহায় কৰে।”

☆★☆★☆

19 Comments

Leave a Reply

Your email address will not be published.