ফটাঢোল

সন্ধিয়াৰ দুঃচিন্তা – অভিজিত মেধি

ফুট-গধূলি হোৱাতহে বাৰাণ্ডাত চাহকাপ আৰু দুখন বিস্কুট লৈ আপোনমনে বহিবলৈ সাহস কৰিছোঁ। এনেয়ে আবেলিহে বাৰাণ্ডাত বহি চাহ-বিস্কুট খোৱা মোৰ পুৰণি অভ্যাস। কিন্তু এই বিহুৰ দিনকেইটাত পোহৰ থাকোতেই, বাটৰ মানুহৰ চকুত পৰাকৈ বাৰাণ্ডাত বহিব নোৱাৰি। গাঁৱৰ ডেকা-চেঙেলীয়াই চিকাৰী চকু লৈ ঘূৰি আছে। ঘৰত থকাৰ উমান পালেই চান্দা খুজিবলৈ আহি যাব। যোৱা দুটা বছৰে মানুহজনীয়ে “এওঁ এতিয়া ঘৰত নাই নহয়, হাতত যি আছিল তাকে দিলোঁ” বুলি কম পইচাতে লেঠাবোৰ মাৰি আহিছে। বিহুৰ দিনকেইটাত মই ঘৰত নাই। মানে আছোঁ, কিন্তু নাই। শ্ৰীমতীক এশ দুশ টকাতে চান্দা বাহিনীক মেনেজ কৰিবলৈ পুৰা ট্ৰেইনিং দি থৈছোঁ। মই পৰ্দা ফাঁকেৰে এওঁ ট্ৰেইনিং মতে কামবোৰ কৰিছে নে নাই লক্ষ্য কৰি থাকোঁ।

বিহুটি কাষ চপাৰ লগে লগে আবেলি বাৰাণ্ডাত বহি চাহৰ আমেজ লোৱাৰ মুধাও মৰে মোৰ। সেয়ে সাজ লগাত হ’লেও বহি নিজকে নিচুকাইছোঁ। অৱশ্যে সময় বাগৰাৰ অজুহাতত এন্ধাৰে পোখা মেলা পৰিঘটনাও নান্দনিক, বেয়া লগা নাই। অদূৰৰ পৰা শিয়ালে হোৱা দিয়াৰ দৰে শব্দ ভাঁহি আহিছে। নিশ্চয় বৰুৱাহঁতৰ কুকুৰটো। শিয়ালৰূপী বৰুৱাৰ কুকুৰটোৰ পৰা বেছি আশাও কৰিব নোৱাৰি। এই বৰুৱা এসময়ত আমাৰ অফিচত কেৰাণী আছিল। টকাৰ ইফাল-সিফাল কৰি চাকৰি গ’ল। এতিয়া তেওঁ এজন বিখ্যাত ঠিকাদাৰ, চাৰি মহলীয়া দালানত থাকে। ইপিনে মই পুৰণি টিং কেইখনকে সলাবলৈ পৰা নাই। পেটৰ ভাত আৰু দুটাকৈ ল’ৰা-ছোৱালীক পঢ়ুৱাৰ নামতেই দৰমহাটোৰ কঁকাল বেঁকা হৈ যায়। তাৰ ওপৰঞ্চি খৰচ আমাৰ বাবে অসম্ভৱ। শ্ৰীমতীৰ মুখ ফুলে, অফিচাৰ হৈও মইনো জীৱনটোত কিডাল কৰিলোঁ বুলি প্ৰশ্ন কৰে। কৰক প্ৰশ্ন, ফুলক মুখ। সেইবুলি কেলেংকাৰীত সোমাবলৈ যোৱা মানুহ মই নহয়! মানুহজনীয়ে সকলো বুজে। কেতিয়াবা বুজিও নুবুজে।

তেনেতে গে’টত কোনোবাই খুটুং খাটাং কৰা শব্দ ভাঁহি আহিল। বুকুখন চিৰিংকৈ উঠিল। চান্দা বিচৰা ডেকাজাক নহয়তো! কিন্তু চান্দা বিচৰা মানুহে চোৰৰ দৰেতো নাহে, গে’ট খুলি ডকাইতৰ নিচিনা গুমগুমাইহে সোমাই আহে। মনত অলপ সাহস আহিল, ডিঙি মেলি মাত দিলোঁ

: কোন অ’ সেইজন?

: দাদা মইহে…

সিমূৰৰ পৰা এটা মিহি মাত। চান্দা খোজা মানুহ নহয় চাগে, চান্দা খোজা মানুহৰ মাত গলগলীয়াহে হয়। এইবাৰ অলপ কঠিন সুৰতেই সুধিলোঁ

: কোন মই?

: দাদা মই, ভোলা।

মাত আৰু নাম দুয়োটাই অচিনাকি। চকা-মকা এন্ধাৰত গে’টৰ সিমূৰে কোন থিয় হৈ আছে চকুতো নপৰে। আগন্তুকে সম্ভৱ আওপুৰণি লোহাৰ গে’টখন খোলাৰ কিটিপটো নাপায় যুঁজি আছে। উঠি যাব খোজোতেই গে’টখন খোল খোৱা যেন লাগিল। খোলা গে’টেৰে এটা পখৰা ধেকুৰা কুকুৰ নেজ জোকাৰি সোমাই আহিল, মানুহৰ কিন্তু চিন-মোকাম নাই। কুকুৰটো চিধাই বাৰাণ্ডালৈ উঠি আহিবলৈ ধৰাত ছেই ছেইকৈ উঠিলোঁ।

: দাদা, আপুনিও আমাক ছেই ছেই কৰিলে কথাটো অলপ বেয়া দেখি!

কৃষ্ণ কৃষ্ণ….এই ধেকুৰাটোৱে দেখোন কথাও ক’ব পাৰে। ই কি নাভূত-নাশ্ৰুত কথা, কুকুৰে কেতিয়াৰ পৰা মানুহৰ ভাষা ক’ব পৰা হ’ল! মূৰটো আচন্দ্ৰাই কৰা যেন লাগিল।

: তই…তই কথা কেনেকৈ ক’ব পৰিছ?

: দাদা মই আপোনাৰ ভাষা কৈ থকা নাই, আপুনিহে আমাৰ ভাষা বুজিব পৰা হৈ উঠিছে।

কুকুৰটোৰ কথাত চিন্তাত পৰিলোঁ। মই জন্তুৰ ভাষা বুজিবলৈ টাৰ্জান নতুবা মোগলী নেকি বাৰু? বিশ্বাস-অবিশ্বাসৰ চাকনৈয়াত বন্দী মোলৈকে বুলি কুকুৰটোৱে পুনৰ মাত লগালে

: দাদা, সৰ্বহাৰাই সৰ্বহাৰাৰ ভাষা বুজি নাপালে কোনে পাব? মানে সৰল ভাষাত আপোনাৰ বৰ্তমান দশা আমাৰ নিচিনা কুকুৰৰ ইমান সমান্তৰাল যে ভাষাৰ পৰিধি চুৰ-মাৰ হৈ গৈছে।

কথাষাৰ কৈ কৈয়ে সি বাৰাণ্ডাত লেপেটা কাঢ়ি বহি ল’লে। মোৰ ঘৰত, মোৰ বাৰাণ্ডাত এটা ছাল-বাকলি নোহোৱা ধেকুৰাই প্ৰাকাৰন্তে মোক কুকুৰৰ শাৰীলৈ টানি নিয়া কথাটোত গা বেজবেজাই গ’ল।

: ধুই, তই হ’লি এটা খাবলৈ নোপোৱা ৰাস্তাৰ কুকুৰ, ভাগ্যত মিলিলে খাইছ, নিমিলিলে ভোকত পৰি থাক। কাম নাইকিয়াৰ দৰে তহঁতে দিনটো গাড়ীবোৰক ভুকি থাক। কি সাহসত তই মোক নিজৰ লগত ৰিজাইছ?

: চাওক দাদা, আপুনিও ভাগ্যৰ জোৰতহে দৰমহাৰ পইচাৰে খাই আছে। ৰজাঘৰত হাতীটো থকাহেঁতেন চাগে দৰমহাও নাপালেহেঁতেন। আৰু আপোনাৰ নিচিনা মানুহে যে ইটো নাই, সিটো নাই, ৰাস্তা-ঘাট লাগে, শিক্ষা লাগে, সংস্থাপন লাগে বুলি চিঞৰি থাকে সেইবোৰো জানো ভুক-ভুকনি নহয়? গাড়ী ৰ’ল জানো কেতিয়াবা, মানে কিবা পালে জানো?

হওঁতে হয় কথাষাৰ, যোৱা দুটা দশকত কংগ্ৰেছ, এজিপিৰ পৰা বিজেপি, চৰকাৰৰ দুৰ্নীতিক তোষামোদ কৰি অনেক লেখা কাকতলৈ পঠিয়ালোঁ। এটা-দুটা লেখা প্ৰকাশ পালে, সৰহভাগ চাগে সম্পাদকে জাৰত জুই পুৱাবলৈ বুলি ৰাখিলে। আমাৰ দৰে নিচলীয়া মধ্যবিত্তৰ কথাত কাণ দিওতা নোলাল। কথাষাৰ ভাবি ভাবি চকীত বহি পৰিলোঁ। ইতিমধ্যে কুকুৰটোৱেও বাৰাণ্ডাৰ চুকত আৰামকৈ বহি ঠেং চেলেকিবলৈ লৈছে। ঠাণ্ডা হৈ যোৱা চাহৰ কাপটোত শোহা এটা মাৰিলোঁ।

: দাদা চাহ খাইছে?

ই দেখোন মানুহৰ নিচিনা কুকুৰ, জলজল-পটপটকো প্ৰশ্ন কৰে। তাক আওকাণ কৰি প্লেটৰ বিস্কুট এখন মুখত দিলোঁ।

: দাদা বিস্কুট খাইছে?

: ধেই…কি লাগে তোক ইয়াতে?

বিৰক্ত হ’লোঁ, তাৰ গাৰ পৰা ভাঁহি অহা দুৰ্গন্ধৰ লগতে তাৰ কথাতো।

: দাদা আপোনাৰ সহায় এটা লাগে। আপুনিহে পাৰিব, যিহেতু আপুনি আমাৰ ভাষা বুজি পায়।

: কিনো সহায় লাগে তোক?

: দাদা মই আমাৰ পীড়িত কুকুৰ সমাজৰ সুৰক্ষাৰ হেতু সৰ্বহাৰা মুক্তি সংগ্ৰাম সমিতি এখন খুলিম, পীড়িতসকলক লৈ আন্দোলনত বহিম। ৰাজপথত ধৰ্ণা দিম। ডিঙিৰ সিৰা ফুলাই আমাক খুন্দিয়াই কোঙা কৰা গাড়ীবোৰক গৰিহণা দিম। আপুনি মোক সুন্দৰকৈ গৰমা-গৰম ভাষণ এটা বনাই দিয়ক। আপোনাৰ লিখা-মেলাত হাত থকা মানুহ, পাৰিব আপুনি।

জীৱনত প্ৰথমবাৰ কোনোবাই মোৰ সাহিত্যিক প্ৰতিভাক অলপ স্বীকৃতি দিয়াত সন্তুষ্ট অনুভৱ নকৰা নহয়। তথাপিও গহীন ভাৱটো এৰি নিদিলোঁ।

: মই বাৰু দিলোঁৱেই যেনিবা তোক ভাষণ এটা বনাই, কিন্তু বাকী খাবলৈ নোপোৱা কুকুৰবোৰে তোক সিহঁতৰ লীডাৰ বুলি কেলেই মানি ল’ব?

: কেলেই নামানিব? মোলৈ চাওক এবাৰ, ফটা-ছিটা ছাল, খাবলৈ নোপোৱা চেহেৰা। সৰ্বহাৰাৰ মই পাৰফেক্ট প্ৰতিনিধি। তাতেই মই লাগ বুলিলেই ভুকিব পাৰোঁ‌। সৰ্বহাৰাই মোকেই লীডাৰ মানিব।

তালৈ এন্ধাৰৰ মাজতো এবাৰ চকু দিলোঁ। হয়ো কথাটো, একেবাৰে শ্ৰীহীন চেহেৰা।

: আচ্ছা, তই আন্দোলন কৰিলিয়েই যেনিবা, আন্দোলন কৰি কিডাল হ’বগৈ? আমাকে চা। ভাষা, জাতি, দেশী, বিদেশী কত কিমান আন্দোলন কৰিলোঁ, কি পালোঁ আমি?

: ধেই দাদা, পোৱাই পাইছেতো। সকলোৱে পাব লাগিব বুলি কি কথা আছে, মূলকেইজনে পালেই হ’ল। আপোনালোকৰ মহন্ত আৰু গগৈদাহঁতে পোৱা নাই নেকি? পাইছে দেখোন, তেনেকৈ ময়ো পাম!

: আৰে মূৰ্খ, তই পালে তোৰ জাতিৰ কি লাভ হ’ব?

: মই পালে অন্তত মোৰ লাভ হ’ব বুলি খাটাং, কিন্তু জাতিৰ লাভ হ’লে মোৰ লাভ হ’ব বুলি খাটাং নহয়। গতিকে মই মোৰ লাভৰ কথা ভাবিম নে জাতিৰ? আপুনিয়েই ল’জিকেলি ভাবক। আপোনালোকৰ পৰাই শিকিছোঁ এইবোৰ কথা। মহন্তদা আৰু গগৈদাক আদৰ্শ ৰাখি আগবাঢ়িব ওলাইছোঁ মই।

: চাল্লা কুকুৰ….তই শিকিবলৈ এইবোৰহে পালি!!

কুকুৰটোৰ কথাত খং উঠিল, খঙৰ কোবত কথাখিনি গালি হৈ ওলাল। সিও গেঙেৰি মাৰি উঠিল।

: বহি থাকক ভালে ভালে, এক কামোৰত হস্পিটেল পহুচাই দিম নহ’লে!

থতমত খাই গলোঁ তাৰ ধমকত। এপলক চিন্তা কৰি ভাবিলোঁ ইয়াৰ লগত মিছামিছি লাগি লৈ লাভ নাই, ক্ষতি মোৰেই। গতিকে কেনেবাকৈ ইয়াক বিদায় দিয়াহে কথা।

: আচ্ছা শুন, মোৰ মাথা খাই নাথাক। মই তোক আজি ভাষণ-ছাষণ লিখি দিব নোৱাৰো। যাহ তই এতিয়া ইয়াৰ পৰা।

: আজি তেন্তে ভাতকে খুৱাওক এসাজ, ভাষণটো কাইলৈ নিম।

: বলিয়া হ’লি নেকি তই? কি দৰকাৰত মই তোৰ কথা শুনি থাকিম?

: চাই লওক দাদা, কামুৰিবলৈ আপোনাৰ ঘৰত চাৰিখন ভৰি আছে কিন্তু…

মোৰ ঘৰতে মোক আৰু পৰিবাৰক ভাবুকি দিয়ে…খঙে এইবাৰ একদম চুলিৰ আগ পালে। মুখেৰে অবাইচ মাত ওলাল। চাহৰ কাপটো তুলি কুকুৰটোৰ গালৈ বুলি মাৰি দিলোঁ।

: হেৰি উঠকচোন উঠক, হেৰি উঠক…

কান্ধত ধৰি পত্নীয়ে মোক জোকাৰি আছে। তেওঁৰ মুখত উদ্বিগ্ন চাৱনি।

: গধূলি গধূলি বাৰাণ্ডাত টোপনি মাৰা কি নতুন স্বভাৱ হৈছে এইডাল আপোনাৰ? শুইছে শোৱক, টোপনিতে আকৌ আবোল-তাবোলখন কি বকি আছে? হৈছে কি আপোনাৰ?

: নহয়হে, এইমাত্ৰ সৌ কুকুৰটোৱে মোক….

কুকুৰটো বহি থকা বাৰাণ্ডাৰ চুকটোলৈ পত্নীক আঙুলিয়াই দি কোৱা কথাষাৰ আধৰুৱা হৈয়ে ৰ’ল। তাত কুকুৰটো নাই, টুকুৰা-টুকুৰ হৈ চাহৰ কাপটোহে পৰি আছিল।

☆★☆★☆

One comment

  • ৰিণ্টু

    আকৌ এবাৰ পঢ়িলো অভিজিত, বঢ়িয়া

    Reply

Leave a Reply

Your email address will not be published.