ফটাঢোল

সম্পাদকীয়- নয়নমনি হালৈ

যোৱা সপ্তাহৰ এটা অলস দুপৰীয়া৷ মায়ে আহি ক’লে “মামনি মাহীয়েৰহঁতৰ ছোৱালী ৰিণীৰ আজি বিয়া৷” উচপ খাই উঠিলোঁ: “কি ৰিণীৰ বিয়াৰ কথা ক’বলৈ আহিছ অ’, তাই ক্লাছ ছিক্স নে ছেভেনতহে পঢ়ে।” মায়ে পোন্দোৱাকৈ চাই একো উত্তৰ নিদিয়াকৈ গুছি গ’ল৷ কেইটামান মুহূৰ্ত পিছতে মোৰ ভুল ভাগিল৷ এৰা, এইখনো অসমীয়া সমাজৰ এখন এৰাব নোৱাৰা বিয়া৷ ‘কইনা’ ক্লাছ ছিক্স বা ছেভেনত পঢ়ি থাকোঁতেই হোৱা বিয়া৷ আজিৰ পৰা দুটা দশক আগতে আমাৰ চুবুৰিটোত এনে বিয়াৰ একোটা খবৰে অলস দুপৰীয়াবোৰ হঠাত্‍ চঞ্চল কৰি তুলিছিল৷ আমাৰ লগতে দৌৰি-ঢাপলি ফুৰা, কু-কু-ভা-ভা খেলৰ লগৰীয়া একোজনী হঠাত্‍ যেন ‘ডাঙৰ’ হৈছিল৷ এই ‘ডাঙৰ’ হোৱা বিয়াখন পিচে বৰ সাংঘাতিক বিয়া আছিল৷

‘ডাঙৰ হোৱা’ খবৰটো জনা মাত্ৰকে মাক বা চুবুৰীয়া বুঢ়ী আইতাকে ছোৱালীজনীক আছুতীয়া কোঠা এটাত বন্ধ কৰি থয়, যাতে ছোৱালীজনীয়ে সূৰ্য-চন্দ্ৰ, গৰু-ছাগলী আৰু পুৰুষ মানুহ চাব নোৱাৰে৷ তাৰপিছত যেন নিয়মৰ নামত ছোৱালীজনীৰ ওপৰত আৰম্ভ হৈ যায় ‘অত্যাচাৰ’৷ পাঁচদিন বা এসপ্তাহলৈ ছোৱালীজনীৰ ‘লঘোন’ (ব্ৰত!)৷ এই সময়ৰ আহাৰ কেৱল ফলমূল৷ ছোৱালীজনীয়ে লগত লৈ থাকিব লাগিব এটা ‘কনাই’ । এই ‘কনাই’টো এটা ডালিম বা ডিমৰু আৰু তামোল তিনিটাৰ লগত ছিগা চুলি, এৱাঁসূতা, খৰিকা পাঁচডাল আৰু এখন গামোছাৰে তৈয়াৰ কৰা হয়৷ যাতে অপ-দেৱতাই চুব নোৱাৰে তাৰবাবে লগত এখন দা বা কটাৰী ৰখা হয়৷ এনে সময়তে এবেলাৰ বাবে আগমন ঘটে ‘দৈবজ্ঞ’ বা ‘গণক’ৰ৷ ‘ডাঙৰ হোৱা’ৰ সময়টো জানি লৈ (অদ্ভূত!) তেওঁ গণনা কৰিব ছোৱালীজনীয়ে কি যোগ পালে, সধবা যোগ পালে নে বিধবা যোগ পালে .. ইত্যাদি৷ যদি সধবা যোগ পাইছেতো ভালেই, কিন্তু যদি বিধবা যোগ পাইছে তেতিয়া সেই যোগ নাশ কৰাৰ বাবে (দুষ্ট গ্ৰহ আঁতৰ কৰাৰ বাবে) পদুমৰ পাতত ভাত খোৱা, উপবাস খটা, সন্ধ্যা নিমখেৰে আলুসিদ্ধ ভাত খোৱা আদি কিমান যে নিয়ম! এনে নিয়ম কেতিয়াবা এমাহ পৰ্যন্ত ধৰি চলে৷ এইফালে ঘৰৰ আন আন সদস্যৰ উলাহে নধৰে হিয়া৷ ছোৱালীৰ বাপেক যদি জমাজৰি থকা মানুহ হয়, তেন্তে চিন্তাৰ কাৰণ নাই৷ কিন্তু যদি জমাজৰি নথকা উদাসীন ভকত হয়, তেন্তে মুক্তিৰ পথ এটাই- বন্ধন বেংকৰ লোণ, সুতত ধাৰ৷

চাৰিদিনৰ দিনা বা এসপ্তাহৰ দিনা ছোৱালীজনীক মানে কইনাজনীক ‘ধুওৱা’ হয়৷ সেইদিনা নিয়মৰ প্ৰকোপ আৰু বেছি৷ দৰা নোহোৱা সেইদিনাৰ বিয়াখনত ‘প্ৰতীকী দৰা’ হিচাপে এটা কলপুলি পোতা হয়৷ এই কলপুলি মৰি যোৱা মানে হেনো খুব অমঙ্গল, সেয়ে এইটোক বৰ যত্নেৰে ৰখা হয়৷ তিৰোতাবোৰে ছোৱালীজনীক নি কলৰ গুৰিত সাতকলহ পানীৰে ধুৱায়, জাত-জাত বিয়ানাম গায়, কনাই, দুণৰি আদি সজায়৷ আকৌ ‘প্ৰতীকী দৰা’ কলপুলিটোকো কইনাৰ দৰেই ধুওৱা হয়, মাহ-হালধী ঘঁহা হয় আৰু কইনাৰ হতুৱাই মালা পিন্ধোৱা হয়৷ সেইদিনাই সমাজক মাতি আনি ভোজ-ভাত খুওৱাটোও নিয়ম৷

যোৱা বছৰ মই আৰু মোৰ এজন সাংবাদিক বন্ধুৱে গুৱাহাটীৰ সমীপৱৰ্তী এঠাইত ‘ভেকুলী বিয়া’ চাবলৈ গৈছিলোঁ৷ তাত ধৰি-বান্ধি থোৱা দুটা ভেকুলীক ধুৱাবলৈ পানী তুলিবলৈ যোৱা, বিয়ানাম গোৱা, ভেকুলী দুটাক ‘লগুণ-গাঁথনি’ দিয়া.., এইবোৰ দেখি হাঁহিত ৰ’ব পৰা নাছিলোঁ৷ ‘ভেকুলী বিয়া’ পতা মুনিহ-তিৰোতাবোৰক মোৰ ভেকুলীতকৈ অবোধ আৰু নিৰ্বোধ যেন ভাব হৈছিল৷

বয়ঃসন্ধিৰ কালছোৱাত নাৰীৰ শৰীৰলৈ অহা এটা প্ৰাকৃতিক পৰিৱৰ্তনক আমি যে ‘উত্‍সৱ’ৰ ৰূপ দিওঁ, সেই উত্‍সৱো জানো আন এখন ভেকুলী বিয়া নহয়! ভেকুলীৰ লগুণ-গাঁথনি দিয়া আৰু কলপুলিক ‘দৰা’ পতাৰ মাজত জানো কিবা পাৰ্থক্য আছে! এনে ‘তোলনি বিয়া’ একোখন জানো ভেকুলী বিয়াৰ দৰেই অৰ্থহীন আৰু ল’ৰামতীয়া কাৰবাৰ নহয়! কিন্তু আচৰিত কথা এনে বিয়াৰ নামতো দেখোন এতিয়া একাংশ অভিভাৱকে নিৰ্লজ্জভাবে ‘ধন’ৰ প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰিছে৷ এনে ‘ভেকুলী বিয়া’ একোখনতো দেখোন বহু মানুহক নিমন্ত্ৰণ কৰি ‘চাহাবী খানা’ পাতি নিজৰ প্ৰতিপত্তি অহংকাৰ কৰাত মত্ত হৈছে৷ আৰু দুখীয়া মানুহবোৰ? এনে ‘ভেকুলী বিয়া’ৰ নামত তেওঁলোকৰ মূৰত জানো চিন্তাৰ পাহাৰ এখন খহি নপৰে! পইছা সুতত ধাৰলৈ আনি ধুম-ধামকৈ ছোৱালীৰ তোলনি বিয়া পতা অভিভাৱকসকলক সমাজেই জানো ‘ভেকুলী’ সজোৱা নাই!

এই যে কণমানি ছোৱালী এজনী ডাঙৰ হ’ল, সেই খবৰটো ৰাইজক ঢোলপিটি জনোৱাটো জানো এটা লজ্জাৰ কথা নহয়! অথচ এই লজ্জাৰ কথাটোক উত্‍সৱৰ ৰূপ দিয়াৰ নিচিনা হাস্যকৰ কথা আৰু নাই৷ অথচ আচৰিত কথা, পৰিৱৰ্তনৰ চাকনৈয়াত এনে বহু হাস্যকৰ কথা আজি ৰঙে-ৰূপে জাতিষ্কাৰ হৈ আমাৰ চকুত ধৰা দিছে৷ যিবোৰ আছিল পৰিয়ালৰ একান্তই ভিতৰুৱা অনুষ্ঠান, সিয়ে আজি মহা আড়ম্বৰত পৰিণত হৈছে৷ ছোৱালী ডাঙৰ হ’লে ভোজভাত, বিয়াত ভোজভাত, মাক হ’বলৈ ওলাব, তাতো ভোজভাত, মানুহজন সিপুৰীলৈ গ’ল, তাতো ভোজভাত৷ মুঠতে আমোদ-প্ৰমোদত মত্ত উত্‍সৱপ্ৰিয় জাতি হোৱাৰ দিশত অসমীয়া মানুহ দ্ৰুতগতিত আগলৈ ঢাপলি মেলিছে৷

আৰু ৰজাঘৰে কৰিছে কি! আজি বোলে অমুক নমামি, কালি তমুক পূজন, পৰহিলৈ এশ পুৰোহিতক মাতি যজ্ঞ, তাৰপিছৰ দিনা মহা-মেলা, মুঠতে উত্‍সৱেই উত্‍সৱ৷ অসমীয়া জন-জীৱনৰ লগত কোনোকালে সম্পৰ্ক নথকা এই পূজন, নমামি, যজ্ঞ, মেলা পাতিবলৈ ৰজাঘৰ উত্ৰাৱল হৈ উঠিছে৷ গতিকে প্ৰজাগণেও ৰজাক দেখি ‘উত্‍সৱ’ৰ ৰঙ-ৰহইছতে মত্ত হৈ পৰিছে৷ নিজৰ থলুৱা উত্‍সৱনো কেইটা আছে, যিকেইটা আছে তাতো সাংঘাতিক গ্লেমাৰ নাই৷ বাহিৰৰ মানুহে আমাৰ উত্‍সৱবোৰ চিনিয়েই নাপায়৷ গতিকে ফুল-তুলসী দি কাষৰ-পাজৰৰ ৰাজ্যকেইখনৰ পৰা আদৰি আনিব লগা হৈছে ‘কৰৱা চৌথ’, ‘চড়ক পূজা’, ‘গো-মাতা পূজন’, ‘ভাতৃ পূজন’, ‘ধনতেৰচ’, ‘বোল বোম’, ‘হনুমান জয়ন্তী’, ‘নাৰদ জয়ন্তী’, ‘মহা মৃত্যুঞ্জয় যজ্ঞ’ আৰু যে ক’ত কি! আমাৰ বোপা-ককাহঁতে এই উত্‍সৱবোৰৰ নামেই শুনা নাছিল৷ বহিৰাগত এই উত্‍সৱবোৰৰ ভৰত থলুৱা উত্‍সৱকেইটাৰ পেটতে হাত-ভৰি লুকুওৱা অৱস্থা৷

অত্যাধিক উত্‍সৱ আৰু আমোদ-প্ৰমোদত মত্ত হোৱাটোৱে হেনো যদু বংশ ধ্বংস হোৱাৰ এটা প্ৰধান কাৰণ আছিল৷ অসমীয়া জাতিয়ে আজি যিমানবোৰ উত্‍সৱক আকোৱালি ল’বলৈ গৈছে তালৈ চাই এয়া ধ্বংসৰ আগজাননী যেনহে আমাৰ অনুমান হয়৷ গঠনমূলক চিন্তা, সৃষ্টিশীলতা আৰু কৰ্ম-সংস্কৃতিৰ পৰা আঁতৰাই ৰাখি এটা জাতিয়ে কেৱল উত্‍সৱত মত্ত হোৱাটোৱে কি সূচায়! অতি উত্‍সৱপ্ৰিয় জাতিৰ ভৱিষ্যত্‍ উন্নয়ন যে খুবেই মন্থৰ, সেয়া ভাবি দুজনমানৰ পেটতে হাত-ভৰি লুকালেও উপায় নাই৷ কাৰণ তেৰাসৱৰ বিৰক্তিৰ চিঞৰ নুশুনিবলৈ সৰহভাগ প্ৰজাকে ‘বোলবোম’ৰ প্ৰসাদ খুওৱাই ৰখা হৈছে৷ এই প্ৰসাদৰ নিচা যিমান সোনকালে ফাটে সিমান জাতিটোলৈ ভাল৷ নহ’লে এদিন কানিয়ে সৰ্বনাশী ৰূপ লৈ আমাক গ্ৰাস কৰাৰ দৰে এদিন উত্‍সৱেই আমাক হয়তো বোৱতী পানীৰ পুণীমেটেকাৰ দৰে থাউনি নোহোৱা জাতি কৰি তুলিব৷

তুমুল হাস্যৰসেৰে ভৰা এই উত্‍সৱবোৰক ব্যংগ কৰাৰ সময় সমাগত৷ সেয়া লাগিলে জকাইচুকৰ ‘তোলনি বিয়া’ই হওক অথবা মহানগৰীৰ হিপ্পৱালা ‘বোলবোম’৷

☆★☆★☆

47 Comments

  • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

    মনপৰশা সম্পাদকীয়।বিষয়টোও চিন্তনীয়।

    Reply
  • parishmita

    সময়োপযোগী সম্পাদকীয়। তোলনি বিয়াৰ বিৰোধিতা অৱশ্যেই আমাৰ পৰাই আৰম্ভ কৰিব লাগিব।

    Reply
  • Mitali saharia

    ভাল লাগিল। সচাঁকৈ অত্যাধিক উৎসৱ আৰু আমোদ প্ৰমোদে আমাক কৰ্ম বিমুখ কৰিছে । অতিকৈ চিন্তনীয়।

    Reply
  • Asomi Gogoi

    অতি সময়োপযোগী বিষয়। ভাল লাগিল পঢ়ি।

    Reply
  • অলকেশ ভাগৱতী

    সুন্দৰ সম্পাদকীয় আৰু সুন্দৰ আলোচনী এখন উপহাৰ পালো৷ সম্পাদক আৰু সম্পাদকীয় মণ্ডলীলৈ অশেষ ধন্যবাদ৷

    Reply
  • Mridula

    সম্পাদকীয় পঢ়ি ভাল লাগিল

    Reply
  • সৌৰভ শৰ্মা

    ফটাঢোল আলোচনীৰ প্ৰতিটো সম্পাদকীয় মধুৰ আৰু গধুৰ হিচাপে পাই আহিছো। কিন্ত নয়নমনিৰ সম্পাদকীয়টো আসমীয়া জাতিৰ বাবে অতি গধুৰ বাৰ্তা কঢ়িয়াইছে। বৰ্তমান আমাৰ স্বকীয়তা ধামখুমিয়া হৈছে পৰৰ প্ৰভাৱত, আৰু ইয়াত হাত উজান দিছে এচাম অসমীয়াই। সুন্দৰ সম্পাদকীয় এটা পঢ়িলোঁ, ধন্যবাদ নয়নমনি হালৈ

    Reply
  • Anjan Sadhanidar

    পঢ়িলো দেই৷ ভাল লাগিল

    Reply
  • hkkakati

    সময়োপযোগী আৰু ব্যতিক্ৰমী সম্পাদকীয়। বৰ ভাল লাগিল নয়ন।

    Reply
  • প্ৰাসংগিক সম্পাদকীয়।

    Reply
  • প্ৰাসংগিক সম্পাদকীয়

    Reply
  • Bikash

    সম্পাদকীয় পঢ়ি ভাল লাগিল

    Reply
  • ৰামানুজ

    নয়ন ভাল লাগিল….যুক্তিগত চিন্তাধাৰাৰে সমৃদ্ধ তোমাৰ সম্পাদকীয় । শুভেচ্ছাসহ ধন্যবাদ

    Reply
  • Anonymous

    বহুত ভাল লাগিল

    Reply
  • Dimpal

    “উত্‍সৱবোৰক ব্যংগ কৰাৰ সময় সমাগত” ভাল লাগিল দাদা

    Reply
  • সুন্দৰ সম্পাদকীয়l বিষয়বস্তু সময়োপযোগী আৰু চিন্তনীয়l ভাল লাগিলl

    Reply
  • Jayshrer sharma

    ভাল লাগিল

    Reply
  • তৃষ্ণা

    আপোনাৰ সম্পাদকীয়ৰ বিষয়টো মানে তোলনী বিয়া আৰু অসমীয়া সমাজৰ নানা ৰীতি নীতি মোৰ পিএইচডি ৰিচাৰ্চৰ বিষয়বস্তু৷ ইমান নিখুতকৈ মনোভাৱ প্ৰকাশ কৰিলে৷ আগতে জানিলে আপোনাৰ পৰা বহু কথা আৰু জানিব পাৰিলোহেতেন৷ সঁচাকৈ অতিকৈ আপ্লুত হলো৷

    Reply
  • বিজু গগৈ৷

    বৰ ভাল পালো৷

    Reply
  • Anonymous

    চিন্তনীয় বিষয়

    Reply
  • কমলা দাস

    খুব ভাল লাগিল নয়নমনি । এই বিলাকৰ বিষয়ে চিন্তা কৰিবৰ হ’ল । ইতিমধ্যে দেৰি য়ে হৈছে ।

    Reply
  • সুখপাঠ্য এখন আলোচনী আগবঢ়োৱা সম্পাদকৰ সম্পাদকীয়ও যথেষ্ট অৰ্থবহ । ভাল লাগিল ।

    Reply
  • খুউব সুন্দৰ সম্পাদকীয়। ভাল লাগিল।

    Reply
  • ঋতুপৰ্ণা মহন্ত

    সময়োপযোগী লেখা

    Reply
  • কাবেৰী মহন্ত

    ভাল লাগিল ৷ আমি অসমীয়াইহে তোলনি বিয়া লৈ হুলস্থূল কৰোঁ..বাহিৰত দেখা নাই ৷বাকী টি ভি টো খুলিলে বছৰটো নাচ গানেই দেখি থাকো ..বেলেগ কাম নায়েই নেকী আমাৰ! ধন্যবাদ সুন্দৰ আৰু দৰকাৰী উপস্থাপনৰ বাবে

    Reply
  • জিতু শৰ্মা

    সম্পাদকীয় এনেকুৱাই হব লাগে। কিন্ত বহু দেৰি হৈ গল।

    Reply
  • সুন্দৰ, ব্যতিক্ৰমী সম্পাদিকা, লাগিল।

    Reply
  • Anjali

    সম্পাদকীয় বৰ ভাল লাগিল |

    Reply
  • অভিজিৎ কলিতা

    ব্যতিক্ৰমী আৰু গুৰুত্বপূৰ্ণ

    Reply
  • ৰিণ্টু

    ব্যতিক্ৰমী বিষয়বস্তু, সাৱলীল উপস্থাপন। ভাল লাগিল নয়নমনি

    Reply
  • Sahin jafri

    সুন্দৰ সম্পাদকীয়…👌 আৰু অসমীয়া জাতিৰ বাবে খুবেই চিন্তনীয় বিষয় এটা উত্থাপন কৰিলে..!!

    Reply
  • স্বপ্না

    ভাল লাগিল পঢ়ি। যুক্তিবাদী চিন্তা আৰু সজাগতা নহলে সচাকৈ সমাজৰ তথাকথিত এই প্ৰৱণতাই বিপদ ঘটাব।

    Reply
  • ৰূপম বৰা

    আজি কালি আকৌ বৰ বিয়া দিবলৈ ছোৱালী থাকে নে আগতে ই পলাই যায় গেৰান্টী নাথাকে যে সেয়ে আৰু।। লিখনি টো সচাকৈ সময়োপযোগী হৈছে।। (মই লিখা আগৰ খিনি আকৌ ধেমালি হে দেই

    Reply
  • Nipul bhattacharyya

    সুন্দৰ সম্পাদকীয়৷ভাল লাগিল

    Reply
  • তৃষ্ণা সো.

    সম্পাদকীয় পঢ়ি আপ্লুত হলো।

    Reply
  • Manash Saikia

    সময়োপযোগী চিন্তা৷ ভাল লাগিল৷

    Reply
  • Anonymous

    উৎকৃষ্ট সম্পাদকীয়।আমাৰ চকুৰ আগতে ঘটি থকা অৰ্থহীন পৰম্পৰা কিছুমান বৰ সুন্দৰ ভাবে উপস্থাপন কৰি সমাজখনক সচেতন কৰাত অকণমান হ’লেও সহায় কৰিব।

    Reply
  • ৰাস্না বৰা

    সমাজ খনক এনেবোৰ অপসংস্কৃতিৰ পৰা ৰক্ষা কৰাৰ সময় আহি পৰিছে।সুন্দৰ সম্পাদকীয়।

    Reply
  • Sankar Jyoti Bora

    কাকতালীয় ভাবে আজিৰ দিনটোতে ষ্টাফৰ বাইদেউ এগৰাকীৰ জীয়েকৰ তোলনি বিয়া খালো৷জাকজমকতা দেখি এনেকুৱা ধৰণৰ চিন্তাই মনলৈ আহিছিল৷যিকি নহওক ফটাঢোলত এটা ব্যতিক্ৰমী সম্পাদকীয় পঢ়িলো৷সুন্দৰ আলোছনীখনৰ বাবে শুভেচ্ছা জনালো৷

    Reply
  • সংস্কৃতিৰ নামত এইবোৰ অপসংস্কৃতি।সুন্দৰকৈ লিখিলে কথাখিনি আপুনি সম্পাদকীয়টোত।ভাল লাগিল।

    Reply
  • সদানন্দ ভূঞা

    সময়োপযোগী সুন্দৰ সম্পাদকীয় । ভাল লাগিল ।

    Reply
  • উৎপল বৰা

    অভিনন্দন ।
    সম্পাদকীয়ৰ আৰম্ভণী, বৰ্ণনা আৰু ইতি অতিকে উচ্চ মানৰ লগতে সময় উপযোগী হৈছে ।

    Reply
  • শংকৰ শৰ্মা

    অনুুপম

    Reply
  • Mukut bhattacharjya

    আমাৰ গতিও চিৰদিনৰ বাবে স্বাধীনতা হেৰুৱাই গোলামৰ জীৱন কটোৱা তিব্বতীসকলৰ দৰেই হবলৈ গৈ আছে উৎসৱৰ প্ৰকোপত কৰ্মবিমুখ হৈ। তোলনি বিয়াৰ বিষয়টো সচাকৈ খং উঠা পৰ্যায় পাইছেগৈ। ভাল লাগিল সম্পাদকীয়।

    Reply
  • জয়ন্ত দাস

    সুন্দৰ বিষয়বস্তু এটা তুলি ধৰিলে৷ সময়োপযোগী৷

    Reply
  • সম্পাদকীয় বিষয়বস্তু সুকীয়া৷ বৰ ভাল লাগিল৷ এনে ব্যতিক্ৰমী সম্পাদকীয়ৰ বাবে সম্পাদকলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ৷

    Reply
  • deepjyoti handique

    বৰ ভাল লাগিল । এটা ভাল বিষয়ৰ ওপৰত কোৱা কথাকেইটাই মন ভৰাই তুলিলে ।

    Reply

Leave a Reply

Your email address will not be published.