ফটাঢোল

সম্পাদকীয়–হেমন্ত কুমাৰ কাকতি

চেন্স অৱ হিউমাৰ:

বহুদিন আগতে নানা পাটেকাৰৰ চিনেমা এখন চাইছিলোঁ৷ চুবুৰীয়া ঘৰৰ মানুহ এজনৰ ঘৈণীয়েকৰ জন্মদিন উদযাপন কৰি কিবা কিবি হৈ হাল্লা হৈ থাকোতে পাটেকাৰৰ টোপনি নোহোৱা হয়৷ শেষত বন্দুক এটা লৈ শূন্যতে দুবাৰমান ব্লেঙ্ক-ফায়াৰ কৰি তাহাতৰ ঘৰ গৈ ওলাই গৃহস্থক সোধে, “ইটনা সন্নাতা……না না…. ইটনা চৌৰ চাৰাবা কিউ হেই ভাই?”, লজ্জিত ভদ্ৰলোকে কয় বোলে তেওঁৰ আজি স্ত্ৰীৰ জন্মদিন৷ তাতে পাটেকাৰে পুনৰ সোধে- “তো কৌনচা তীৰ মাৰ লিয়া জনম লেকে? আঔৰ ইনমে তুমহাৰা কনট্ৰিবিউচন ক্যা হেই?”

আচলতে কথাটো হ’ল কিছুমান মানুহ আজন্ম ‘চিনিক’ (cynic)৷ আকাশত পূৰ্ণিমাৰ জোন ওলালেও তাৰ পোহৰত টোপনি নাহে, ওচৰৰ ঘৰত পায়স বনালেও তেওঁৰ ডায়েবেটিচ বাঢ়ি যায়, শচীন টেণ্ডুলকাৰে চেন্সুৰী মৰাত ঘৰৰ মানুহে ফূৰ্তি কৰিলেও তেওঁলোকে দেশৰ ভোকাতুৰ মানুহৰ চিন্তা কৰে,  তেওঁলোকৰ মতে বিয়া কৰা মানে খৰছ আৰু কাৰোবাৰ ল’ৰা ছোৱালী জন্ম হোৱা মানে দেশত জনসংখ্যা বৃদ্ধিৰ চিন্তা৷ মুঠতে সকলো কথাতে ঋণাত্মক কিবা এটা উলিয়াবই৷ কোনোবাই কোৱাৰ দৰে একো খুঁত নথকাকৈ বিয়া এখন হৈ গ’লেও “ইমান ভাল হোৱাও ভাল নহয়” জাতীয় দুখ এটাই অনবৰতে ক্ৰিয়া কৰি থাকে৷ আমাৰ অজানিতেই আমি সকলোৱেই কোনো কোনো সময়ত ঠিক তেনে এটা চৰিত্ৰলৈ ৰূপান্তৰিত হৈ যাওঁ।

হাঁহিবলৈ আৰু হঁহুৱাবলৈ বল প্ৰয়োগ কৰা বৃথা৷ কাকো জোৰ কৰি হঁহুৱাব নোৱাৰি৷ হাঁহিবলৈ বা হঁহুৱাবলৈ প্ৰয়োজন এটা মুক্ত নিৰোগী মন আৰু দৰকাৰ মাথোঁ অলপ “চেন্স অৱ হিউমাৰ”ৰ৷

জৰ্জ বাৰ্ণাড শ্ব’, চেমুৱেল জনচন, মাৰ্ক টোৱেইন, অস্কাৰ ৱাইল্ড, চাৰ্লি চেপলীন, আৰ কে নাৰায়ন, খুছৱন্ত সিং আদিৰ পৰা আমাৰ শ্ৰদ্ধাৰ লক্ষ্মীনাথ বেজবৰুৱা বা ভৱেন্দ্ৰনাথ শইকীয়া ছাৰলৈ বিখ্যাত হাস্য-ব্যংগ ৰসিকসকলে বহু অনবদ্য সাহিত্যকৰ্ম সৃষ্টিৰে বিশ্ব সাহিত্যৰ হাস্য ব্যংগৰ ভঁৰালটো চহকী কৰি থৈ গৈছে। তেওঁলোকৰ সৃষ্টিৰাজি সূক্ষ্মভাবে বিশ্লেষণ কৰিলে কিছু কথা চকুত ধৰা পৰে। সেয়া হ’ল তীক্ষ্ণতম অথচ তেনেই সাধাৰণ যেন লগা কিছু বিন্দু বা ক্ষণ বা ইংগিত য’ত লুকাই থাকে একো একোটা কাহিনীৰ চৰমতম আনন্দ আৰু মধুৰতা। সেইটো বুজিব নোৱাৰিলে কাহিনীৰ ৰস আস্বাদন কৰা বা অনুধাৱন কৰা সম্ভৱ হৈ নুঠেগৈ।

প্ৰথম ইংৰাজী অভিধানৰ জন্মদাতা ছেমুৱেল জনছনে এগৰাকী গাভৰুক প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ পিচত গাভৰুগৰাকীয়ে প্ৰেম প্ৰত্যাখ্যান কৰাৰ মনেৰে কৈছিল-“মই অতি দুখীয়া ঘৰৰ ছোৱালী, মোৰ কোনোৱেই নাই মোক সহায় কৰিবলৈ, যি দুই এজন মিতিৰ কুটুম আছিল, তাৰে এজনৰ ফাঁচিৰ হুকুম হৈছে, আৰু অন্য এজন বৰ্তমান জেইলত।” তাৰ উত্তৰত ছেমুৱেলে হাঁহি মাৰি কৈছিল-“ময়ো দুখীয়া। মোৰ জেইল আৰু ফাঁচি দিবলগীয়াহে মিটিৰ কুটুম এগালমান আছে।” ছেমুৱেলৰ কথাত যুৱতী আকৰ্ষিত হৈ বিবাহপাশত আৱদ্ধ হৈছিল। কিছুদিন পিচত অন্য এজন হাস্যৰসিক বন্ধুয়ে কৌতুক কৰি কৈছিল-“এজনী মহিলাৰ গালৰ ‘ডিম্পল’ৰ প্ৰেমত অন্ধ হৈ সম্পুৰ্ণ মহিলাজনীক কিয় বিয়া পাতিলে?

কাহিনীৰ বৰ্ণনা, উপস্থাপন শৈলী আৰু বাক-চাতুৰ্য্যই হাস্যৰস উৎপাদনত  মুখ্য সহায়ক হয়৷ এটা কাহিনীৰ উৎপত্তি আৰু অন্তইও এই ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰে৷ হাস্যৰস উপস্থাপনত ঘটনাৰ শেষলৈকে চাচপেন্স বৰ্তাই ৰাখি এটা আকস্মিক ‘টুইষ্ট’ অনাটো মহান হাস্যৰসিক সকলৰ অন্যতম গুণ৷ অৱশ্যে হাস্যৰস আস্বাদন বা উপভোগ কৰাৰ কাৰণে জৰুৰী “চেন্স অব হিউমাৰ” পাঠক বা দৰ্শকৰো থকাটো সমানেই আৱশ্যকীয়৷ মানুহৰ বুদ্ধিদীপ্ততা আৰু সূক্ষ্ম দৃষ্টিভংগীৰ বাহক এই ‘চেন্স অৱ হিউমাৰ’৷

খুছৱন্ত সিঙে  ফিল্ম অভিনেত্ৰী নাৰ্গিছৰ লগত হোৱা এটা ঘটনাৰ বৰ্ণনা এইদৰে কৰিছিল৷

এবাৰ নাৰ্গিছ এখন কথাছবিৰ শ্বুটিঙৰ তাগিদাত সিঙক ফোন কৰি তেওঁৰ পঞ্জাৱস্থিত ঘৰটো এদিনৰ বাবে বিছাৰিছিল৷ সিঙেও দিবলৈ সন্মত হৈছিল মাথোঁ এটা সৰু চৰ্ত আৰোপ কৰি৷ দিল্লীৰ পৰা তেওঁ ফোন কৰি কৈছিল যে এবাৰ তেওঁৰ বিছনাখনত শুই আহিব৷ নাৰ্গিছে মৃদু হাঁহিৰে উত্তৰ দিছিল হ’ব বুলি৷ বহু দশক পিচত নাৰ্গিছ আৰু খুছবন্ত সিং যেতিয়া দুয়ো এম পি আছিল, পাৰ্লিয়ামেন্টত সিঙৰ প্ৰশ্নৰ উত্তৰত নাৰ্গিছে তেওঁলৈ আঙুলিয়াই কৈছিল- আপোনাক মই ভালদৰেই চিনি পাওঁ, মই আপোনাৰ বিছনাত শুই আহিছোঁ৷ পাৰ্লিয়ামেন্ট ভৱনত হাঁহিৰ গিৰ্জনি উঠিছিল৷

মানুহৰ জীৱন বিপদাপন্ন কৰা অত্যাধিক অনাকাংক্ষিত সুখ আৰু ঘটনাপ্ৰবাহৰ আকস্মিকতাই কেনেকৈ মৌলিক হাস্যৰসৰো যোগান ধৰিব পাৰে তাৰেই সৰু উদাহৰণ এটা দিছোঁ৷ এবাৰ কোনো এখন টাউন কমিটিৰ ডাঙৰ লটাৰী খেল এখন হ’ল৷ লটাৰীত প্ৰথম পুৰস্কাৰ আছিল এক কোটি টকা৷ খেলৰ অন্তত কমিটিয়ে গম পালে যে, প্ৰথম পুৰস্কাৰটো পাইছে সেই অঞ্চলৰে হৃদৰোগী এজনে৷ এক কোটি টকা পোৱাৰ খবৰটো তেওঁক জনালে অধিক সুখ সহ্য কৰিব নোৱাৰি আবেগৰ আতিশয্যত হাৰ্ট ফেইল হ’ব বুলি জ্ঞানী সকলে শঙ্কা প্ৰকাশ কৰিলে৷ অৱশেষত সিদ্ধান্তটো হ’ল যে খবৰটো তেওঁক চিধাই নিদি কমিটিৰ চেয়াৰমেনজন নিজেই তেওঁৰ ঘৰলৈ গৈ লাহে ধীৰে বুজাই বঢ়াই পৰিস্থিতি নিয়ন্ত্ৰণ কৰি লৈহে দিব৷

যথা সময়ত চেয়াৰমেনজনে লটাৰী বিজেতাজনৰ ঘৰত উপস্থিত হৈ তেওঁক শৰীৰৰ বা-বাতৰি লৈ লাহেকৈ কথাটো উলিয়ালে৷
“আপুনি যদি লটাৰীত এক কোটি টকা পায়, কি কৰিব?”
মানুহজনে অলপ চিন্তা কৰি ক’লে -“চাওক, মই বেমাৰী মানুহ, মইনো কেইদিন বাচি থাকিম, পইচাখিনি মই নেৰাখো, চিধাই আপোনালোকৰ কমিটিৰ চেয়াৰমেনকে দান দি দিম আকৌ!”

অলপ পিচতে চেয়াৰমেনজন মাটিত ঢলি পৰি মৃত্যু ঘটিল৷ কাৰণ আছিল এটা প্ৰৱল ষ্ট্ৰোক!

মন কৰিব, অনাকাংক্ষিত ঘটনাটোৱে চেয়াৰমেনৰ মৃত্যুৰ কাৰণ হোৱাৰ দৰেই ঘটনাৰ অনাকাংক্ষিত ‘টুইষ্টে’ও দৰ্শক বা পাঠকৰ মনত হাস্যৰসৰ সঞ্চাৰ কৰিব পাৰে।

ব্যংগ-ছেটায়াৰ আৰু ছাৰ্কেজ’

দিনে দিনে সমাজত বাঢ়ি অহা কলুষ-কালিমা, জটিলতা, মানৱতাৰ অৱক্ষয়, যান্ত্ৰিক জীৱনৰ ব্যস্ততা, অত্যন্ত প্ৰতিযোগিতামুখী মানসিকতা – এইবোৰৰ ধামখুমীয়াত পৰি মানুহে যেন হাঁহিবলৈ বিচাৰিও হাঁহিবলৈ পাহৰিছে৷ সাম্প্ৰতিক সময়ত আমি এনে এটা যুগসন্ধিত আহি উপস্থিত হৈছো য’ত একে সময়তে দ্বৈত জীৱন যাপন কৰোঁ দুখন জগতত৷ ইন্টাৰনেটৰ বাহিৰ আৰু ভিতৰ৷ ইন্টাৰনেট বুলি কওঁতে ঘাইকৈ চ’চিয়েল মেডিয়া, মূলতঃ ফেচবুকৰ কথাই কৈছোঁ য’ত আমি ‘ইনষ্টেণ্ট গুগোল’ জ্ঞানেৰে নিজকে সজাই পৰাই গুণী জ্ঞানী, সুখী আৰু এক মধুৰ জীৱন কটোৱাৰ নাটক ৰচাত ব্যস্ত থাকো, এনে শ শ ‘বন্ধু’ কিম্বা ‘বান্ধবী’ৰ লগত যাক হয়তো বাস্তৱত লগ দিয়াৰ কোনো আশা নাই বা খুউব কম৷ চ’চিয়েল মেডিয়াই আমাৰ কাল্পনিক সত্বাটোক এখন নিখুঁত প্ৰতিচ্ছবি হিচাপে ফটোশ্বপ কৰি সজাই পৰাই লোকৰ আগত তুলি ধৰিবলৈ দিয়া সুযোগত আমি অত্যন্ত সুখী৷ ঘৰৰ চাৰিবেৰৰ মাজত যিমানেই হতাশা, নিৰাশা বা নিষ্ফল নিৰস জীৱন নকটাওঁ কিয় চ’চিয়েল মেডিয়াৰ জীৱন শৈলী অনন্য৷ আনন্দ, ফূৰ্তি, ৰং ৰহইচৰ পাৰাপাৰ নাই! কালি পৰহিলৈ মা-দেউতাই  চিঞৰি মৰিলেও মাত নোপোৱা জীয়ৰী, বোৱাৰী, ল’ৰা ছোৱালী সকলোৱে ফেচবুকত আহি “চুইটী”, “ডিয়েৰি” হৈ নিজৰ নিজৰ মধুৰ ক্ষণ আৰু সুস্বাদু খাদ্যবোৰৰ ছবিসমূহ আপলোড কৰি মন্তব্য বোটলাৰ সময় এয়া। এক কাল্পনিক ইউটপিয়ান জগতত বিচৰণ কৰি পাৰ্টি, ফূৰ্তি, বিভিন্ন ব্যঞ্জনৰে ভৰ্তি খাদ্য সম্ভাৰ, খোৱা মেজত হাঁহি ধেমালীৰে ফটো চেছনেৰে পৰিপূৰ্ণ এক ঈৰ্ষণীয় জীৱন সকলোৰে৷

এই চ’চিয়েল মিডিয়াতে কিছুমান ‘আদৰ্শবাদী’ মিলি আকৌ গঢ়ি তুলিছে এনে এখন দেশ য’ত “নেটিজেন” সকলৰ সকলোৰে নিখুঁত ভাবে দেশ এখন গঢ়ি তোলাৰ পৰিকল্পনাই নহয় এশ শতাংশ আইদিয়াও আছে কেনেকৈ চৰকাৰ চলিব লাগে, কোন কোন শিতানত কি ধনৰাশি ধাৰ্য্য কৰিব লাগে, অইন মানুহে কি পদ্ধতিত জীৱন যাপন কৰিব লাগে, সকলো দিশ তন্ন তন্নকৈ চালিজাৰি চাই দেশ প্ৰগতিৰ পথত কেনেকৈ দৌৰিব তাৰ ফুলপ্ৰুফ উপায়,  কেৱল কোনো ক্লু নাই নিজৰ ঘৰখন কেনেকৈ চলিছে অথবা নেজানে নিজৰ জমা খৰচৰ সঠিক হিচাব নিকাচ৷

ওপৰৰ কথাখিনি কোৱাৰ ধৰণটো যদি আপোনাৰ মনঃপূত হোৱা নাই বা আপোনাৰো গাত চিৰিংকৈ আঁচুৰি গৈছে তেনেহলে হয়তো আমি অলপ ব্যংগ কৰাত সফল হৈছোঁ। যুগ যুগ ধৰি এনে বহু হেজাৰ বিজাৰ কাৰণতেই ‘ছেটায়াৰ আৰু চাৰ্কেজ’মৰ জন্ম হৈ আহিছে। “যদা যদাহী ধৰ্মস্য গ্লানি ভৱতি ভাৰস্তে”ৰ পিচত এজন ত্ৰাণকৰ্তাৰ আগমন হোৱাৰ দৰে ‘ছেটায়াৰ বা চাৰ্কেজম’ বীৰ সকলো আবিৰ্ভাৱ হয় এই পৰিবেশত। ৰাজনৈতিক জগতখনতো তীক্ষ্ণ ব্যংগাত্মক বাক্যবাণেৰে সমাজ সংস্কাৰকৰ ভূমিকাতো অৱতীৰ্ণ হয় তেওঁলোক। “চাৰ্লি হেবেডো” কাণ্ড মনত আছে নহয়? নানান ৰোষৰ বলি হৈয়ো থমকি নৰয় তেওঁলোক।

হিউমাৰিষ্ট চাৰ্লচ্ গ্ৰানাৰে তেওঁৰ বিখ্যাত গ্ৰন্থ “The Game of Humour- A comprehensive theory of Why we laugh” ত উচাত্মীকাবোধ(superiority) বোলা থিয়’ৰী এটাৰ ওপৰত বহুল ভাবে চৰ্চা কৰি কৈছে যে হাস্য ব্যংগৰ উৎপত্তিৰ এক কাৰক হ’ল “চুপাৰিউৰিটি” বা উচাত্মীকাবোধ৷ তাক সমূলি  নস্যাৎ নকৰি অন্য এচামে গৱেষণা কৰি পাইছে যে হাস্য ব্যংগ হেনো এটা “বিসংগতি” বা “বিকৃতি”ৰ (Incongruity Theory) স্থিতিৰ পৰা উদ্ভৱ হয়৷ মনোবিজ্ঞানী চিগমাণ্ড ফ্ৰয়েদে হাঁহিৰ মূল কাৰক হিচাবে দাঙি ধৰিছে এক “ৰিলিজ”(Release) থিয়’ৰী৷ পিচে আমাৰ দৰে সাধাৰণ নৰমনিচৰ মুৰৰ ওপৰেদি যোৱা এই বিভিন্ন থিয়’ৰী মিলাই দাৰ্শনিক আৰু মনিষীসকল এটা কথাত প্ৰতীয়মান হৈছে যে হাস্য ব্যংগ এনে এবিধ মহৌষধ যাক প্ৰয়োগ কৰি বহু গভীৰ সমস্যাৰ পৰা সাময়িক সকাহ কিম্বা ফলপ্ৰসূ সমাধান আশা কৰিব পৰা যায়৷

হাস্য-ব্যংগ আৰু ফটাঢোল

সাহিত্যৰ এক বিশেষ ধাৰা ব্যংগ সাহিত্যই কালক্ৰমত বিশ্বৰ বিভিন্ন প্ৰান্তত এক আলোড়নৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে যদিও, সমালোচনা আৰু চৰ্চাৰ অভাৱে অসমীয়া ব্যংগ সাহিত্যৰ অগ্ৰগতিৰ দিশত ইমানো আগবাঢ়িব পৰা নাই। ব্যংগ সাহিত্যৰ স্থান অটুত ৰখাৰ ক্ষেত্ৰত ই-আলোচনী “ফটাঢোল” কিছু পৰিমাণে হ’লেও যে বৰঙনি আগবঢ়াব তাকে লৈ আমি আশাবাদী। আমাৰ আলোচনীখনৰ মূল উদ্দেশ্যই হৈছে নৱপ্ৰজন্মক ব্যংগ সাহিত্যৰ প্ৰতি আকৃষ্ট কৰা৷ ন-লিখাৰু সকল এই বিষয়ৰ প্ৰতি আকৃষ্ট হ’লে ব্যংগ সাহিত্যৰ ওপৰত চৰ্চা বাঢ়িব। চৰ্চাই উদ্গতিৰ মূল৷ আলোচনীখনৰ লগত জড়িত প্ৰতিজন ব্যক্তিয়েই আলোচনীখনৰ শিতানসমূহে যাতে বিভিন্ন দিশ সাঙুৰিব পাৰে তাৰ এক প্ৰয়াস কৰিছে৷

অসমীয়া হাস্য-ব্যংগাত্মক আলোচনীৰ ভেঁটিটো বহু বেছি পৰিমাণে টনকিয়াল নহয়। ইতিপূৰ্বে প্ৰকাশিত হাস্য-ব্যংগাত্মক আলোচনীৰ তালিকাখন চকুত লগাকৈ চুটি। বিহলঙনি, অবিকল, চিচিংফাক আদিকে ধৰি কেইখনমান আলোচনীয়েহে স্বতন্ত্ৰ হাস্য ব্যংগাত্মক আলোচনী ৰূপে ভুমুকি মাৰিছিল। অজ্ঞাত কাৰণবশতঃ এনে বহু আলোচনীৰ জীৱনকালো বৰ বেছি দীঘলীয়া হোৱা নাছিল। এনে এক সন্ধিক্ষণত ই-মাধ্যমৰ যোগেদি “ফটাঢোল” আলোচনী প্ৰকাশ হৈ ওলোৱাৰ বাবে বহু হাস্য ব্যংগ লেখকে এই আলোচনীৰ জৰিয়তে আত্মপ্ৰকাশৰ সুযোগ লাভ কৰিছে। অসমীয়া হাস্য ব্যংগাত্মক  সাহিত্য জগতখনৰ বাবে নিঃসন্দেহে এয়া গুৰুত্বপূৰ্ণ কথা বুলিয়েই ভাবিছোঁ।

আজি এই আলোচনীখন এবছৰীয়া হ’ল। চচিয়েল মেডিয়াৰ জৰিয়তে চিনাকী কিছুমান লোকৰ আশাশুধীয়া প্ৰচেষ্টা, নিস্বাৰ্থ আৰু নিৰ্লস কঠোৰ শ্ৰমে আজি এই আলোচনীখনক অসমীয়া ই-সাহিত্যৰ এক জাকত জিলিকা অংগৰূপে পৰিগণিত কৰিছে।  বৰ্তমান অসমৰ প্ৰায় সকলো প্ৰতিষ্ঠিত হাস্য-ব্যংগ সাহিত্যিকেও ‘ফটাঢোল’ক আশীৰ্বাদ দিছে। কেৱল হাস্যই নহয়, ভিন্নস্বাদৰ নানান লিখনি লৈ নতুন লেখক ওলাই আহিছে, পাঠক ৰাইজেও হিয়া উবুৰিয়াই মৰম দিছে। এটা আকাংক্ষাই সঠিক দিশত গতি লাভ কৰিছে। এয়াই ফটাঢোলৰ সৈতে জড়িত সকলোৰে প্ৰাপ্তি।

আমি বিশ্বাস কৰোঁ যে মাধ্যম যিয়েই নহওক, লেখকৰ উদ্দেশ্য হ’ল তেওঁৰ সৃষ্টিসমূহ পাঠকৰ সন্মুখত দাঙি ধৰা। ই-আলোচনীসমূহৰ যোগেদি মাতৃভাষাৰ চৰ্চা, ভাষা-সাহিত্যৰ বিকাশ আৰু দ্ৰুত প্ৰসাৰ ঘটাটো আমাৰ কাম্য।

শেষত আলোচনীখনৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰুসমূহ ৰাইজৰ সহযোগিতা কামনা কৰি “ফটাঢোল”ৰ বৰ্ষপূৰ্তি সংখ্যাটো আপোনাসৱলৈ সযতনে আগবঢ়ালোঁ৷

সম্পাদনা টীমৰ হৈ

ধন্যবাদেৰে,
হেমন্ত কুমাৰ কাকতি
মূ্খ্য সম্পাদক, বৰ্ষপূৰ্তি সংখ্যা, ‘ফটাঢোল’।
১ আগষ্ট, ২০১৮

☆★☆★☆

55 Comments

  • বৰ ভাল পালোঁ পঢ়ি দাদা৷

    Reply
    • হেমন্ত কাকতি

      ধন্যবাদ চবীনা

      Reply
  • অনুৰূপ মহন্ত

    বৰ সুন্দৰ কৈ লিখিছে দাদা, ভাল লাগিল। অভিনন্দন জনালোঁ।

    Reply
    • হেমন্ত কাকতি

      ধন্যবাদ অনুৰূপ৷

      Reply
  • ৰিণ্টু

    সুন্দৰ সম্পাদকীয়। সৰ্বাংগ-সুন্দৰ সংখ্যা এটা আমাক উপহাৰ দিয়াৰ বাবে আপোনাৰ লগতে গোটেই কেইজন সহ-সম্পাদকলৈ ধন্যবাদ জ্ঞাপন কৰিলো।

    ফটাঢোল ই-আলোচনীৰ এই জয়যাত্ৰা অব্যাহত থাকক। এই প্ৰচেষ্টাৰ সৰুকৈ হ’লেও অংশীদাৰ হ’বলৈ পাই গৌৰৱান্বিত

    Reply
    • হেমন্ত কাকতি

      তোমাৰ প্ৰচেষ্টাকো চেলিউট৷ সাহস পাইছোঁ৷

      Reply
  • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

    মনপৰশা সম্পাদকীয় দাদা,আপ্লুত হ’লো।

    Reply
    • হেমন্ত কাকতি

      ধন্যবাদ সঞ্জীৱ৷

      Reply
  • সুন্দৰ সম্পাদকীয়। ফটা ঢোলৰ এই যাত্ৰা অব্যাহত থাকক। মনে ভবাৰ দৰেই ফটা ঢোলে গতি কৰক। অসমীয়া সাহিত্য জগতত নিজৰ চিনাকীৰে প্ৰতিষ্ঠিত হৈ উঠক।

    Reply
    • হেমন্ত কাকতি

      ধন্যবাদ প্ৰনীতা৷ তোমাৰ দৰে পাঠক আৰু বাঢ়ক৷ উৎসাহ পাও৷

      Reply
  • parishmita

    বৰ সুন্দৰ সম্পাদকীয়। পঢ়ি আপ্লুত হ’লো।

    Reply
    • হেমন্ত কাকতি

      ধন্যবাদ পৰিস্মীতা৷

      Reply
  • Anjan Sadhanidar

    পঢ়ি লৈ ভাল হৈছে বুলি নিলিখিলে আধৰুৱা হব। বহুত উচ্চ মানদণ্ডৰ এটা সম্পাদকীয়।

    Reply
    • হেমন্ত কাকতি

      পঢ়ি ভাল লগা বুলি জানি সুখী হলোঁ৷ ধন্যবাদ৷

      Reply
  • তৃষ্ণা সো.

    সম্পাদকীয় পঢ়ি আপ্লুত হলো।

    Reply
    • হেমন্ত কাকতি

      ধন্যবাদ তৃষ্ণা৷ যাত্ৰাৰ সহযোগী হবা৷

      Reply
  • Bijoy Mahanta

    সুন্দৰ

    Reply
    • হেমন্ত কাকতি

      ধন্যবাদ বিজয়৷

      Reply
  • Asomi Gogoi

    ইমান ধুনীয়াকৈ লিখিলে! খুউব ভাল লাগিল পঢ়ি।

    Reply
    • হেমন্ত কাকতি

      ধন্যবাদ অসমী৷

      Reply
  • ৰামানুজ

    ভাল লাগিল হেমন্তদা…ৰিফাৰেন্সবোৰ সুন্দৰ. koi টানি আনিছে..

    Reply
    • হেমন্ত কাকতি

      ধন্যbad ৰামানুজ৷

      Reply
  • Krishna Kanta Das

    “সম্পাদকীয়” পঢ়ি বৰ ভাল পালোঁ।

    Reply
    • হেমন্ত কাকতি

      ধন্যবাদ৷ সুখী হলোঁ৷

      Reply
  • ববিতা বৰুৱা

    ভাল লাগিল দাদা

    Reply
    • হেমন্ত কাকতি

      ধন্যবাদ ববিতা

      Reply
  • Mitali saharia

    সম্পাদকীয় পঢ়ি ভাল লাগিল দাদা।

    Reply
    • হেমন্ত কাকতি

      ধন্যবাদ মিতালী৷

      Reply
  • খুবেই ভাল লাগিল সম্পাদকীয় পঢ়ি।

    Reply
    • হেমন্ত কাকতি

      ধন্যবাদ ৰিমঝিম৷

      Reply
  • Mukut bhattacharjya

    ভাল লাগিল সম্পাদকীয় পঢ়ি। উচ্চ মানদণ্ডৰ লিখনি।

    Reply
    • হেমন্ত কাকতি

      সুখী হলো মুকুট৷ বহুত ধন্যবাদ৷

      Reply
  • সুন্দৰ সম্পাদকীয় দাদা!

    Reply
    • হেমন্ত কাকতি

      ধন্যবাদ জীমনি৷

      Reply
  • অবিনাশ শৰ্মা

    সম্পাদকীয় পঢ়ি ভাল লাগিল ৷

    Reply
    • হেমন্ত কাকতি

      ধন্যবাদ অবিনাশ৷

      Reply
  • গীতিকা শইকীয়া

    উচ্চমানৰ সম্পাদকীয়। পঢ়ি বহুত ভাল লাগিল। এখন সৰ্বাংগ-সুন্দৰ আলোচনীৰ বাবে অভিনন্দন জনালোঁ।

    Reply
    • হেমন্ত কাকতি

      বহুত ধন্যবাদ গীতিকা৷ যাত্ৰাৰ সংগী হোৱা বাবে সুখী হৈছোঁ৷

      Reply
  • ৰাজু কুমাৰ নাথ

    বহু সুন্দৰ তথ্য সম্ভাৰেৰে ভৰপুৰ সম্পাদকীয়।
    🎉লগতে ফটাঢোলৰ আলোচনীখনলৈ ওপজাদিনৰ ওলগ ও দিৰ্ঘায়ু কামনা কৰি শুভেচ্ছা যাঁচিলো।

    Reply
  • ৰাজশ্ৰী শৰ্মা

    খুবেই ভাল লাগিল পঢ়ি। আপোনালোকৰ আশাসুধীয়া প্ৰচেষ্টা অব্যাহত থাকক।

    Reply
  • সুন্দৰ সম্পাদকীয় দাদা, বৰ ভাল লাগিল।

    Reply
  • দিম্পল

    ধুনীয়াকৈ বুজাই দিলে দাদা কথাবোৰ।
    আগুৱাই যাওঁক ফটাঢোল

    Reply
  • ভাস্কৰজ্যোতি দাস

    সুন্দৰ সম্পাদনা, সুন্দৰ সম্পাদকীয়৷ সংখ্যাটোৰ আঁৰৰ সকলোলৈকে শুভেচ্ছা আৰু অভিনন্দন৷

    Reply
  • Manash Saikia

    বৰ সুন্দৰকৈ লিখিলে,দাদা৷ ৰেফাৰেন্সবোৰ আৰু ধুনীয়া হৈছে৷ জয়তু ফটাঢোল৷

    Reply
  • গীতালি

    খুব ভাল লাগিল পঢ়ি দাদা। সমগ্ৰ আলোচনীখন সুন্দৰ হৈছে

    Reply
  • জিমী শ‌ইকীয়া

    কাকতি দা সঁচাকৈ মন চুই যোৱাকৈ লিখিছে।

    Reply
  • Anima das

    সম্পাদকীয় বৰ সুন্দৰকৈ লিখিছে।পঢ়ি ভাল লাগিল।

    Reply
  • হেমন্ত কাকতি

    পঢ়ি উৎসাহ জনোৱা বাবে সকলোকে ধন্যবাদ ৷

    Reply
  • ভাল লাগিল পঢ়ি ।

    Reply
  • দাদা আপ্লুত হ’লো

    Reply
  • দাদা আপ্লুত হ’লো

    Reply
  • সদানন্দ ভূঞা

    আপোনাৰ সম্পাদকীয়ৰ ওপৰত কি মন্তব্য দিম ? প্ৰত্যেকবাৰেই আপোনাৰ পৰা এটা সুন্দৰ সম্পাদকীয় উপহাৰ হিচাবে পঢ়াৰ সুযোগ পাই আহিছোঁ ।

    Reply

Leave a Reply

Your email address will not be published.