ফটাঢোল

সলিউশন এক্স (একাংকিকা নাটক) (অন্তিম খণ্ড) – মূল: বাদল সৰকাৰ, অনুবাদ- ডঃ প্ৰণৱ ঢেকিয়াল ফুকন

অণিমাঃ  ইঃ বৰ হাউ গুডু দেখুৱাইছে। তুমি হাউগুডুৰ কি জানা? একেবাৰে মাৰি বহুৱাই দিম।

শম্ভুনাথঃ ইমান সহজ নহয়।

অণিমাঃ হৈ যাওঁক এবাৰ।

শম্ভুনাথঃ বেছ, হৈ যাওঁক। এই লাইন (ভৰিৰে লাইন টানে।) চু—উ–উ–

অণিমাঃ ৰ’বা,  ৰ’বা (কমৰত আঁচল বান্ধিলৈ )

শম্ভুনাথঃ চু — উ–উ–উ— (উশাহ লৈ) উ–উ–উ—

অণিমাঃ এই তুমি দুবাৰ উশাহ লৈছা, দুবাৰ উশাহ লৈছা —

শম্ভুনাথঃ কেতিয়াও নহয়।

অণিমাঃ আলবৎ লৈছা। নেখেলো, যোৱা।

শম্ভুনাথঃ আচ্ছা, আচ্ছা, আকৌ । চু–উ–উ (অণিমা প্ৰায় ধৰা পৰে)

অণিমাঃ এই বিৰাম বিৰাম

শম্ভুনাথঃ ( পিঠিত ঠাচকৈ প্ৰহাৰ কৰি) মৰি যোৱা।

অণিমাঃ কেতিয়াও নহ’ব। মই বিৰাম দিছো।

শম্ভুনাথঃ বিৰাম বিৰাম কিহৰ? ধৰা পৰি বিৰাম?

অণিমাঃ কদাপি মই ধৰা পৰা নাই। ভৰিত লাগিছে– বিৰাম নিদিম?

শম্ভুনাথঃ ওঃ ভৰিত লাগিছে! মিছলীয়া ক’ৰবাৰ·

অণিমাঃ খবৰদাৰ, মিছলীয়া বুলি নকবা কৈ দিছো।

শম্ভুনাথঃ মিছলীয়া । জুৱাচোৰ!

অণিমাঃ ৰ’বা। মজা দখুৱাম। (মেজৰ পৰা এটি পদাৰ্থ লৈ শম্ভুনাথৰ গালত সানি দিয়ে। শম্ভুনাথেও অণিমাৰ গাত ধৰি মুখত সানি দিয়ে।) মই নাথাকো ইয়াত । মই গুচি যাম- এতিয়াই, এতিয়াই। (কান্দি কান্দি প্ৰস্থান)

শম্ভুনাথঃ মোৰ কি হ’ল? (বুঢ়া আঙুলি দেখুৱায়। অসময়ত খেলা শেষ হাৱাৰ ক্ষুব্ধ হতাশাত অলপ ৰৈ যায়। তাৰ পিছত অণিমাৰ ফালে এটি বিকট ভেঙুচালি কৰি দেখুৱায়।) ওঃ মই যেন অকলে খেলিব নোৱাৰিমহে। চু–উ–উ–উ–(অকলে খেলিবলৈ ধৰে।)

 

 

চতুৰ্থ দৃশ্য

 

(একেই ঘৰ। এঘণ্টামান সময়ৰ পাছত। লিখা মেজৰ তলত অণিমাই কুণ্ডলী পকাই শুই আছে। হৰিয়ে সন্তৰ্পনে প্ৰৱেশ কৰে। পিছে পিছে গণেশ।)

হৰিঃ ক’তা গণেশ? ইয়াত দেখো কোনো নাই?

গণেশঃ তেনেহ’লে গ’ল ক’লৈ? সেইফালে কাকোতো নাপালো?

হৰিঃ যাব আৰু ক’ত? সেই যে কৈছিলো তোক — তহঁতৰ ঘৰৰ কোনোবা আহি লৈ গৈছে। মোক্ষদাদা নহ’লে টোক্ষদাদা কোনোবা আহিছিল হয়তো?

গণেশঃ মোক্ষদাদা আহিলে মোক একো নোকোৱাকৈ লৈ গ’লনে ?

হৰিঃ তোক হয়তো দেখা নাপালে? তইতো আমাৰ ঘৰতে আছিলি। খৰধৰকৈ লৈ গ’ল ছাগে!

গণেশঃ নাই অ’ মই কিন্তু ভাল দেখা নাই। যদি কিবা ঘটিছে — তেওঁলোকে মোক নাৰাখিব। তোৰ মালিকৰ ঘৰটো এবাৰ ভালকৈ চাচোন।

হৰিঃ হ’ব হ’ব। মই নোৱাৰিম । ছাৰ আৰু বাইদেউ দুয়োগৰাকীয়েই আজি খঙত আছে। আজি পাঁচ বছৰ ধৰি ইয়াত চাকৰি কৰিছোঁ ইমান খং কোনোদিনে দেখা নাই।

গণেশঃ সেইকাৰণেইতো, তেনেহ’লে কি কৰিবি?

হৰিঃ তই ঘৰলৈ যা, এবাৰ চাগৈ৷

গনেশঃ সেইটোকে কৰোগৈ। এবাৰমান বাটতো চাওগৈ — ওলাই গ’ল নে কি?

(গণেশৰ প্ৰস্থান। হৰিৱে টেবুলৰ পেপাৰৱেটটো তুলিবলৈ গৈ অণিমাক শুই থকা দেখে। ভুত দেখাৰ দৰে দুভৰি পিছলৈ আহে। তাৰ পিছত সাহস কৰি সপোন নে বাস্তৱ ধৰিব নোৱাৰি এবাৰ উকি মাৰি চাইছে। অণিমা ধৰমৰাই উঠে। হৰি দৌৰি আতৰি যায়। অণিমা মেজৰ তলৰ পৰা ওলাই আহে। চকুত টোপনিৰ ৰেখা৷)

অণিমাঃ হৰি ! হৰি!

(শঙ্কিত পদক্ষেপেৰে হৰিৰ প্ৰৱেশ।)

তোৰ ছাৰ ক’ত আছে?

হৰিঃ জানো, ছাৰ দেখোন বাথৰুমত আছিল। তাৰ পৰা ওলাইছিল বোধহয়, ঘৰতেইতো আছিল?

অণিমাঃ (ব্যস্ত হৈ) ওলাইছিলে? কোনফালে গ’ল?

হৰিঃ মইতো দেখা নাই।

অণিমাঃ যাচোন অলপ, ইফালে সিফালে চাই আহ।

হৰিঃ যাম বাৰু।

অণিমাঃ শুন, যদি ওচৰত নেদেখ। এবাৰ সোমেনবাবুৰ ঘৰত খবৰ কৰি আহিবি।

হৰিঃ হ’ব আই। (প্ৰস্থান)

অণিমাঃ এই অৱস্থাৎ পুনৰ ক’লৈ গ’ল (হঠাৎ মনত পৰে) ইছ্ ছি ছি ছি! কি কাণ্ড কৰিছো। হৰিয়েও বুজি পাইছে। এবাৰ ঘৰলৈ আহিছিল। (গালত হাত দি চাই। হাতত ৰং লাগি আহে।)

ইছ ৰাম হৰিয়ে কি ভাবিছে আৰু।

( খৰধৰকৈ প্ৰস্থান। অলপপৰ পাছতে ডঃ খাস্তগীৰ আৰু সোমেনৰ প্ৰৱেশ)

সোমেনঃ ছাৰ আপুনি বহক। বোধহয় ভিতৰত আছে, মই চাওচোন।

(অণিমাৰ প্ৰৱেশ। কোলাত এটি শিশু, টাৱেলেৰে সৰ্বশৰীৰ আবৃত।)

অণিমাঃ সোমেন বাবু — সৰ্বনাশ হ’ল।

সোমেনঃ কি কি হ’ল?

অণিমাঃ আপোনালোকে কি ভূতৰ ঔষধ উলিয়ালে — মই যে এতিয়া কি কৰিম–

সোমেনঃ হৈছে কি কওঁকনা? ডক্টৰ সেনগুপ্ত ক’ত?

অণিমাঃ (শিশুটিক দেখুৱাই হদয়বিদাৰক কণ্ঠেৰে) এইয়া — আপোনাৰ ডক্টৰ সেনগুপ্ত!

সোমেনঃ কি যা তা বকিছে? অকণমান শান্ত হৈ বহকচোন।

অণিমাঃ শান্ত হৈ বহিম? শান্তি জীৱনত যাতে নাপাওঁ তাৰেইতো ব্যৱস্থা কৰিছে। মোৰ সৰ্বনাশ কৰিলে।

সোমেনঃ (ডঃ খাস্তগীৰক) সলিউশনৰ এফেক্ট এতিয়াও শেষ হাৱা নাই, দেখিছেনে ছাৰ?

অণিমাঃ সোমেনবাবু, আপোনাৰেই শপত — মোক পাগল নকৰিব। সলিউশনৰ এফেক্ট  আৰু এক ফুটো মোৰ ওপৰত নাই। নাই বাবেই বাথৰুমলৈ গৈছিলো। আৰু বাথৰুমলৈ — বাথৰুমলৈ গৈ দেখো —

সোমেনঃ কি, কি দেখিলে?

অণিমাঃ দেখিলো ট্ৰাউজাৰ্স, এপ্ৰণসকলো একেলগে পৰি আছে — আৰু এওঁ — (শিশুটোক দেখুৱাই) এও বাথটাবটোৰ পিছফালে বহি খেলি আছে।

সোমেনঃ সেইটো কেনেকৈ হ’ল?

অণিমাঃ মইও প্ৰথমে বুজিব পৰা নাছিলো। কিন্তু হৰিয়ে কৈছিল তেওঁক বাথৰুমলৈ যোৱা দেখিছিল। তাৰপৰা কেতিয়া ওলাইছে, ক’লৈ গৈছে– কোনেও দেখা নাই।

খাস্তগীৰঃ কিন্তু এইয়া যে অসম্ভৱ।

অণিমাঃ আপুনি …

খাস্তগীৰঃ নমস্কাৰ

(অণিমাই প্ৰতি নমস্কাৰ নিদি এক কঠোৰ চাৱনিৰে ডঃ খাস্তগীৰলৈ চায়।)

অণিমাঃ আপোনাৰ ইন্সটিটিউটত কি মানুহৰ জীৱনক লৈ ল’ৰা-ধেমালি কৰিবলৈ গঢ়িছে? আপোনালোকে ৰিচাৰ্ছ কৰিব আৰু মানুহ হ’ব তাৰ গিনিপিগ!

(ডঃ খাস্তগীৰে অত্যন্ত অস্বস্তিবোধ কৰিবলৈ ধৰে।)

খাস্তগীৰঃ কিন্তু মিছেছ সেনগুপ্ত — মই –মইতো —

অণিমাঃ জানো-জানো -। কব আপোনালোকে মানুহৰ কল্যাণৰ কাৰণে গৱেষণা কৰিছে আৰু তাৰ বাবে দুই এজনে আত্মবলিদান দিবই লাগিব। কিন্তু ক’বনে –মই এতিয়া কি কৰিম? আমাৰ আঠবছৰীয়া টুটুৱে এতিয়া কি কৰিব?

খাস্তগীৰঃ কিন্তু – মানে এনেধৰণৰ — তেখেতেতো নিজেই —

অণিমাঃ হয় তেখেতে নিজেই ঔষধ খাইছে! তাত আপোনালোকেৰ দায়িত্ব থাকিব কিয়? এক্সপেৰিমেণ্ট সফল হ’লে ইন্সটিটিডটৰ নাম হ’ব, আপুনি প্ৰধানমন্ত্ৰীৰ লগত ডিনাৰ  খাব, আৰু যি বাহিৰ কৰিলে — তেওঁ তেওঁৰ পত্নীৰ , তেওঁৰ ল’ৰাৰ কোলাত উঠি ঘূৰি ফুৰিব, জুনুকা বজাব।

সোমেনঃ বৌ বৌ –শুনক । এনেদৰে মূৰ গৰম কৰি কিবা লাভ আছেনে? তাতকৈ চাওঁ কি উপায় কৰা যায়। চাওঁ, ইয়াত শুৱাই দিয়কচোন — ( ডাঙৰ চকীখন ঘূৰাই দিয়ে) অণিমাই শিশুটোক সাৱটি ধৰি এখোজ পিছুৱাই যায়। চকুত অবিশ্বাস।)

অণিমাঃ কি কৰিব·

সোমেনঃ বৌ, আপুনিতো জানেই — তেখেতৰ কোনো ক্ষতি আমি জানিশুনি নকৰো। (অণিমাই শিশুটিক সাৱধানে শুৱাই দিয়ে। গাৰুটো মূৰৰ তলত গুজি দিয়ে। অণিমা আৰু সোমেনে দুফালে হাত গুজি বহে। ডঃ খাস্তগীৰে কাষলৈ হাউলি চায়।)

অণিমাঃ দেখিছেনে সোমেন বাবু· ঠিক সেই নাক, সেই মুখ — মাত্ৰ গোঁফকোছা নাই। হেৰা শুনিছা· তুমি কিবা এটা কবলৈ চেষ্টা কৰাচোন? মোৰ কথা বুজিব পাৰিছানে?

সোমেনঃ ডঃ সেনগুপ্ত, ডঃ সেনগুপ্ত!

অণিমাঃ সেইয়া চাওক। আপুনি মতাৰ লগে লগে  আপোনাৰ ফালে চাইছে। নাম মনত আছে নিশ্চয়।

খাস্তগীৰঃ চাওক — হেৰি, ডঃ সেনগুপ্ত। মোক চিনিব পাৰিছেনে?

অণিমাঃ (ওঁঠত আঙুলি দি) উ স্ স্ স্ স্ । ( ডক্টৰ খাস্তগীৰ চমকি উঠে আৰু পিছলৈ যায়)

কিবা যেন ক’ব বিচাৰিছে। সেইয়া চাওঁক ওঁঠ লৰাইছে।

সোমেনঃ ডক্টৰ সেনগুপ্ত। আপোনাৰ কি একো মনত পৰা নাই। মই চ্যাটাৰ্জি — সোমেন চ্যাটাৰ্জি। কালি আপুনি আৰু মই এই ঘৰতে কাম কৰিছিলো।

খাস্তগীৰঃ চাওক  ডক্টৰ সেনগুপ্ত, আমি আপোনাক মানুহ কৰিবলৈ -মানে, এই — আপোনাক পুনৰ  আপুনি –অৰ্থাৎ  ডক্টৰ সেনগুপ্ত কৰিবলৈ চেষ্টা কৰিছো। কিন্তু আপুনিও আমাক সহায় কৰিব লাগিব।

অণিমাঃ সেইদৰে ভয় দেখুৱাইছে কিয়?

খাস্তগীৰঃ ভয় দেখুৱাম কিয়? বুজাবলৈ চেষ্টা কৰিছোঁ৷

অণিমাঃ আপোনাৰ মাত শুনি ভয় খাইছে।সেইয়া চাওক – চকু কিদৰে গোল হৈ পৰিছে। যেন কান্দি পেলাব। হেৰা শুনিছা· কিবা এটা ক’বলৈ চেষ্টা কৰা না! মোক চিনিব পৰিছা নে নাই? -সোমেনবাবুঃ কি যে নিস্তেজ দেখাইছে ! কি হৈছে বাৰু?

সোমেনঃ বোধহয় টোপনি আহিছে?

অণিমাঃ টোপনি ধৰিছে! টোপনি! (উঠি) ভাল হৈছে।

সোমেনঃ (উঠি আহে) কি হৈছে?

অণিমাঃ টোপনি গ’লে বোধহয় ভাল হৈ যাব। মোৰ তো তেনেকুৱাই হ’ল। কালি ৰাতি শোৱাৰ পাছতেই তো এফেক্ট  আঁতৰি গ’ল।

খাস্তগীৰঃ তেনেহ’লে এখেতক এটুকুৰা নিৰিবিলি ঠাইত শুওৱাৰ প্ৰয়োজন।

অণিমাঃ মই তেওঁক সিটো কোঠাত শুৱাই দিওগৈ।

(শিশুটিক লৈ দুৱাৰৰ  ফালে গৈ পুনৰ উভতি আহে)

নাই, নাই আপোনালোকো আহক। মই অকলে যাব নোৱাৰো। বাটত যদি কিবা হৈ যায়।

(অণিমা, সামেন, খাস্তগীৰৰ ভিতৰলৈ প্ৰস্থান। অলপ পিছত বেলা বাহিৰৰ পৰা সোমাই আহে।)

বেলাঃ ক’তা ইয়াত দেখো কোনো নাই! পুনৰ ক’লৈ গ’ল কোনে জানে! নাই ,নাই এইবাৰ পাগল হৈ যাম!

(ধপকৈ চকীত বহি পৰে। হৰিৰ প্ৰৱেশ)

হৰি – আই ছাৰকতো ক’তো নেদেখিলো — কোন, ঔহ, ভুল ভাবিলো, মই ভাবিছিলো আই বহি আছে।

বেলাঃ হৰি আমাৰ তেখেত ইয়ালৈ আহিছে নে কি?

হৰিঃ সেইটোতো কব নোৱাৰিম। মই ঘৰত নাছিলো। আপোনালোকৰ ঘৰলৈকে গৈছিলো। আইয়ে কৈছিল -হৰি এবাৰ যা আৰু খবৰ কৰি আহগৈ, আমাৰ ছাৰ তালৈ গৈছে নেকি?

বেলাঃ আমাৰ ঘৰলৈ? ক’তা নাইতো, হৰি তোমাৰ আই ক’ত চোৱাচোন এবাৰ।

হৰিঃ ভাল বাৰু। (হৰিৰ প্ৰস্থান। অলপ পিছত সোমেন আৰু ডঃ খাস্তগীৰৰ প্ৰৱেশ)

সোমেনঃ অ’ – বেলা, ডঃ খাস্তগীৰ এওঁ মোৰ পৰিবাৰ (নমস্কাৰ বিনিময়) তুমি পুনৰ আহিলা যে?

বেলাঃ অণিমা বাইদেউ, ডক্টৰ সেনগুপ্ত সকলো কেনে আছে চাবলৈ আহিলো। যতবোৰ আজগুৰি ৰিচাৰ্ছ তোমাৰ ! ওহো ছৰি ডঃ খাস্তগীৰ।

খাস্তগীৰঃ বিলক্ষণ। অন্যায় একো কোৱা নাই। বৰং এনে ৰিচাৰ্ছ চলোৱাৰ কাৰণে মোৰহে অনুতাপ হৈছে।

বেলাঃ তেখেতসকল ক’ত·

সোমেনঃ বৌৱে ডক্টৰ সেনগুপ্তক শুৱাইছে।

বলাঃ শুৱাইছে?

খাস্তগীৰঃ হ্যাঁ। থাপৰ মাৰি — মানে চাপৰ মাৰি –

সোমেনঃ নিচুকনি গীত গাই —

বেলাঃ থাপৰ মাৰি — গান গাই?

খাস্তগীৰঃ হ্যাঁ বিছনাত শুৱা নাই বাবে কোলাতে শুৱাইছে।

বেলাঃ কোলাত?

সোমেনঃ দোলনা হোৱা হ’লেই ভাল হলহেতেঁন, কিন্তু বৌৱে ক’লে  টুটুল ডাঙৰ হৈ জাহাজ জাহাজ খেলি দোলনাটো ভাঙি পেলালে।

(বেলাই সন্দিগ্ধ দৃষ্টিৰে দুয়োজনলৈ চাই চাই পিছলৈ যায়। এবাৰ পিছৰ টেবুলৰ বটলবোৰৰ ওপৰত চকু দিয়ে। )

আৰে, তুমি ভাবিছা মইও ঔষধ খাইছো? কি মুস্কিল, আমি সেই ঔষধৰ ওচৰলৈকে যোৱা নাই।

খাস্তগীৰঃ আমি খাম কিয়? ডক্টৰ সেনগুপ্তই খাইছে। সেই কাৰণেইতো এই সকলো বিপদ।

সোমেনঃ ডক্টৰ সেনগুপ্তৰ বয়স এতিয়া মাত্ৰ কেইবছৰমান।

বেলাঃ (অবিশ্বাসৰ চাৱনিৰে) যাঃ।

সোমেনঃ আমি নিজ চকুৰে দেখিছো।

খাস্তগীৰঃ বিশ্বাস নহয় – সেই কোঠাত চাই আহকগৈ। নিঃশব্দে যাব —

(খোজ টিপি টিপি শম্ভুনাথ ভিতৰৰ পৰা ওলাই আহে। পৰিধানত পায়জামা আৰু ড্ৰেছিং গাউন। চকুত চশমা নাই। প্ৰথমে বেলাই দেখে।)

বেলাঃ ডক্টৰ সেনগুপ্ত।

(শম্ভুনাথ ভীষণভাবে চমকি উঠে। সোমেন আৰু ডঃ খাস্তগীৰো চমকি উঠি ঘূৰি চাই।)

শম্ভুনাথঃ কোন ? অ’ — গুড মৰ্ণিং ডঃ খাস্তগীৰ, বহক, বহক।

(ডাঙৰ চকীখন ঘূৰাই দিয়ে।)

আপুনি ? -অ’ চ্যাটাৰ্জী। ইয়ে — আপোনাক তো ঠিক — মিছেছ চ্যাটাৰ্জী নহয় জানো।

বেলাঃ চিনিব  পাৰিছেনে ?

শম্ভুনাথঃ পাৰিছো পাৰিছো। ভালকৈ দেখা নাই। চশমাখন যে ক’ত থলো —

সোমেনঃ মই বিচাৰিছো ৰ’ব —

খাস্তগীৰঃ আপুনি কিয় বিচাৰিব —

বেলাঃ আপুনি বহক ডঃ সেনগুপ্ত —

(সোমেন আৰু ডঃ খাস্তগীৰে মহা ব্যস্ততাৰে চশমা বিচাৰিবলৈ ধৰে। বেলাই শম্ভুনাথক ডাঙৰ চকীখনত বহাই বিচিবলৈ ধৰে।)

শম্ভুনাথঃ (বিব্ৰত) আপোনালোকে কিয় — ছি ছি ছি – আপোনালোক বহক। অণিমা ক’ত, অণিমা? অণিমাই বৰং —

সোমেনঃ এইয়া পাইছো —

( এটি ডাঙৰ বিকাৰৰ পৰা চশমাখন উদ্ধাৰ কৰি শম্ভুনাথক দিয়ে।)

শম্ভুনাথঃ থ্যাঙ্কছ। (চশ্মা পিন্ধি) আপুনি বিচিছে কিয়? কি মস্কিল —

বেলাঃ (মৃদু হাঁহিৰে) তাতে কি হ’ল। আপুনি অলপ ৰেষ্ট লওক।

(সোমেনে ইতিমধ্যে নোটবুক আৰু পেন্সিল উঠাই লয়)

সোমেনঃ এতিয়া কেনেকুৱা লাগিছে ·

শম্ভুনাথঃ কি আঁচৰিত, মই তো , অণিমা ক’লৈ গ’ল·

সোমেনঃ বৌৱেতো আপোনাকে শুৱাইছিল·

শম্ভুনাথঃ মোক  — কি কৰিছিলে?

বেলাঃ শুৱাইছিলে —

সোমেনঃ কোলাত লৈ।

শম্ভুনাথঃ কোলাত লৈ – ছি ছি ছি কি যা তা কথা কৈছে।

সোমেনঃ সেইটো নো কি· আপোনাৰ একো মনত পৰা নাইনে? সেই যে বাথৰুমত — আপুনি খেলিছিলে? তাৰ পাছত বৌৱে গৈ আপোনাক কোলাত লৈ গায়ে মূৰে  টাৱেলেৰে —

খাস্তগীৰঃ আপুনি কথা ক’ব নোৱাৰিলে — টোপনি আহি গ’ল —

সোমেনঃ সেয়ে বৌৱে সেইটো কোঠালৈ নি চপৰিয়াই চপৰিয়াই — নিচুকনি গীত গাই গাই — আপোনাৰ মনত নাই?

খাস্তগীৰঃ সেই যে গানটো ( সুৰ দি)

“ আমাৰে মইনা শুব এ

বাৰীতে বগৰী ৰুব এ …

( হঠাৎ সচেতন হৈ ৰৈ যায়। শম্ভুনাথ বিভ্ৰান্ত  । অণিমাৰ প্ৰৱেশ।।)

অণিমাঃ সোমেনবাবু শুলে — আৰে এইয়া কি · তুমি·

শম্ভুনাথঃ অণিমা, এখেতসকলে কি কৈছে — একো বুজিব পৰা নাই।

অণিমাঃ তুমি –তুমি ইয়ালৈ কেনেকৈ আহিলা?

শম্ভুনাথ – কিয়, দুৱাৰেৰে, সেই দুৱাৰখন —

অণিমাঃ নাই নাই মানে ওলালা কেনেকৈ? মইতো তোমাক শুৱাই থৈ আহিছিলো –

শম্ভুনাথঃ ওলাম কিয়? নামিলোহে ।

অণিমাঃ নামিলা, ক’ৰ পৰা ?

শম্ভুনাথঃ ছাদৰ পৰা —

অণিমাঃ ছাদৰ পৰা ··

সোমেনঃ ছাদত কি কৰিছিলে·

শম্ভুনাথঃ শুইছিলো।

অণিমাঃ শুইছিলা !

খাস্তগীৰঃ ছাদত ?

শম্ভুনাথঃ (লগত) হয়। বাথৰুমত হাতমুখ ধুই খোজ কাঢ়িবলৈ মন গ’ল। বৰ টোপনি আহিল, ছাদতে শুই পৰিলো।

অণিমাঃ সেইবুলি ছাদতে শুলা?

শম্ভুনাথঃ মনে তেতিয়া কি যে ভাব হ’ল ছাদখন যেন এখন ভাল ঠাই — বেছ নিৰিবিলি —

(গীতাৰ প্ৰৱেশ)

গীতাঃ এইয়া, সকলোকে ইয়াতে পালো। মই ইঘৰ সিঘৰ বিচাৰি বিচাৰি ওলাইছোহি। এইয়া শম্ভুনাথ গোহাঁইদেউ — কালি কি হৈছিল আপোনাৰ ? আগডোম বাগডোম কিবোৰ যে ক’লে ফোনত — তেখেতে ক’লে বিচাৰ-খোচাৰ কৰি এবাৰ লগ কৰি যাবলৈ । তাৰ লগতে টুটুলক আৰু দুদিনমান ৰাখিম, সেইবাবেই ভাবিলো এবাৰ কৈ যাওঁ  — ও মা।

( ডঃ খাস্তগীৰক দেখি ওৰণী টানি লয়।)

অণিমাঃ এখেত ডঃ খাস্তগীৰ — এওৰ ইন্সটিটিউটৰ ডাইৰেক্টৰ। সোমেন বাবু আৰু বেলাকতো চিনি পায়েই । এও মোৰ বৌ।

গীতাঃ বোৱাৰী, সিটো কোঠাত শুই আছে সেইয়া কোন? বৰ জিলিকি আছে–

সোমেনঃ তেওঁ ডক্টৰ সেনগুপ্ত– অৰ্থাৎ (ৰৈ যায়)

অণিমাঃ এতিয়া অৱশ্যে নহয়। অলপ  আগতে আছিল।

খাস্তগীৰঃ তেতিয়াহ’লে এতিয়া কেনেকৈ আছে —

সোমেনঃ আপুনি সেইটো ঘৰত দেখি আহিলে! ইয়াত !

(হৰিৰ প্ৰৱেশ)

হৰিঃ আই, কথা এটা হ’ল —

অণিমাঃ এতিয়া যা। এতিয়া বিৰক্ত নকৰিবি।

হৰিঃ কেতিয়াও নকৰো । মাত্ৰ কবলৈ আহিলো– কেচুৱাটো লৈ যাওঁ ।

অণিমাঃ কেচুৱাটো লৈ যাৱ··

সোমেনঃ সেইটো কি ? কোন কেচুৱা··

হৰিঃ সেইযে সিটো কোঠাত শুই আছে। সি এই গলিৰ একেবাৰে শেষৰ উকিল বাবুৰ ল’ৰা।

সোমেন-অণিমা-বেলা- খাস্তগীৰঃ (একেলগে) –আ্যাঁ··

হৰিঃ হয় হয়। গণেশ মোৰ ঠাইৰ মানুহ, তেখেতৰ ঘৰতে কাম কৰে। তাক লৈ আহিছিল। কোন ফাঁকত যে সেই বিছনাত উঠিলগৈ। বৰ সাংঘাতিক ল’ৰা –

অণিমাঃ হেৰৌ হতভগীয়া, আগতে কোৱা নাই কিয়·

হৰিঃ মই এইমাত্ৰ দেখিলো। গণেশে ঘূৰি আহি কৈছে —

অণিমাঃ আচ্ছা আচ্ছা হ’ব বাৰু — তই এতিয়া যা।

(ডঃ খাস্তগীৰে ৰুমালেৰে মুখৰ ঘাম মচিছে। তাৰ পিছত ইফালে সিফালে পানীৰ টেপৰ পৰা এক গ্লাছ পানী খায় । তাকে দেখি বেলাইও খায়।)

গীতাঃ কথাটো কি কোৱাচোন, মইতো অকণো বুজিব পৰা নাই।

অণিমাঃ ( চিৎকাৰ কৰি) বৈজ্ঞানিক কাক কয় জানে বৌ! পাগলক! সেই যে বহি আছে। (শম্ভুনাথ কোঁচমোচ খায়) সেইয়া যাৰ লগত তোমাৰ শহুৰ শাহুৱে মোক বিয়া দিছে। ইয়াতকৈ হাতভৰি বান্ধি গঙ্গাত পেলাই দিব পাৰিলেহেঁতেন।

( ডঃ খাস্তগীৰে হাতৰ মাংস ফুলাই নৱলব্ধ যৌৱনৰ উপলব্ধি কৰিছে। তাৰ পাছত মেজৰ পৰা ৰূলাৰ লৈ তৰ্জনী আঙুলিৰ ওপৰত ৰখাৰ দুৰূহ প্ৰচেষ্টাত লিপ্ত হৈছে। বেলাই ৰূলাৰটো পেলাই দিবলৈ গৈ খেদা খাইছে। কোনেও এইবোৰ দেখা নাই।)

গীতাঃ তুমি কি যা তাখন বকিছা··

অণিমাঃ সোমেন বাবু, বেয়া নাপাব। ডক্টৰ খাস্তগীৰ , মই — (ৰৈ যায়। চকুত চকু পাৰি ডঃ খাস্তগীৰে আঙুলি দেখুৱাই জিভা উলিয়াই এটি বিকট ভেঙুচালি কৰি দেখুৱায়। বেলাই খাস্তগীৰৰ কোটৰ জেপৰ নিপুণ হাতেৰে ৰুমালখন উলিয়ায় আৰু খাস্তগীৰৰ পিছফালে চেফটি পিনেৰে গুজি নেগুৰ বনাব খুজিছে।)

গীতাঃ মোৰ মূৰটো ঘূৰাইছে। অলপ  পানী। (শম্ভুনাথে গীতাক বহুৱাই দিয়ে। সোমেনে পানী এগিলাছ আনে। গীতাই একে শাহাই পানীখিনি পি খায়। ডঃ খাস্তগীৰে নিজৰ খেলাক লৈ ব্যস্ত।)

সোমেনঃ এইয়া কি হ’ল। ডক্টৰ সেনগুপ্ত, কিবা বুজিব পাৰিছেনে?

শম্ভুনাথঃ সেইটোৱেইটো। এওলোকৰ কোনেওটো সলিউশন এক্স খোৱা নাই।

সোমেনঃ তেনেহ’লে —

শম্ভুনাথঃ কি?

সোমেনঃ হয়তো –হয়তো সলিউশন  এক্সৰ কোনো এফেক্ট নাই।

শম্ভুনাথঃ আপোনাৰ কি এতিয়াও বিশ্বাস হোৱা নাই চ্যাটাৰ্জি?

(সোমেনৰ অবিশ্বাসত শম্ভুনাথ ক্ষুব্ধ হয়। গীতাই নিজৰ ভেনিটি বেগ খুচৰিবলৈ আৰম্ভ কৰিছে। বেলাই ডঃ খাস্তগীৰৰ আঙুলি ধৰিবলৈ বিচাৰিছে আৰু খাস্তগীৰে বেলাক  চেপেটা কৰাৰ চেষ্টাত আছে। অণিমাই “ব”, “ডঙ্ম খাস্তগীৰ”, “বেলা” বুলি সকলোকে চম্ভালিবলৈ গৈ যাতনা ভোগ  কৰিছে।)

সোমেনঃ ভাবি চাওক। ইন্সটিটিউটত টেষ্ট কৰি একো পোৱা নহ’ল। মই নিজেওতো খাইছো।

শম্ভুনাথঃ আপুনি কি ক’ব খুজিছে ·

সোমেনঃ মই ক’ব বিচাৰো — এইবোৰ কিবা এটাৰ এফেক্ট, যিটো এইখন ঘৰত আছে, কিন্তু ইন্সটিটিউটত নাই।

শম্ভুনাথঃ সেইটোৱেইটো । এতিয়া মনত পৰিছে — কালি মইওতো সলিউশন খোৱা নাই ·

সোমেনঃ ( চিৎকাৰ কৰি ) কি আঁচৰিত! পানী।

(টেঙ্কীৰ ওচৰলৈ গ’ল। পানী লৈ মুখৰ ওচৰলৈ নিয়ে, কিন্তু বেলা, গীতা আৰু ডঃ খাস্তগীৰৰ কাৰ্যকলাপ দেখি ভৰসা নহ’ল। ঢাকনখন খুলি ভিতৰত হাত সোমোৱাই টুটুলে থোৱা বিকাৰটি উলিয়াই আনে। শম্ভুনাথ আৰু অণিমাও ওচৰলৈ আহে।  গীতা, বলা, ডঙ্ম খাস্তগীৰে ঘূৰণীয়া হৈ কি যেন পৰামৰ্শ কৰিছে।)

অণিমাঃ কি হ’ল সোমেনবাবু?

শম্ভুনাথঃ কি সেইটো?

সোমেনঃ এইটোৱেই সকলো অনৰ্থৰ মূল। কিন্তু এইটো কি আৰু এইটো কেনেকৈ ইয়ালৈ আহিল ?

(তিনিওজনে বিকাৰটি পৰীক্ষা কৰিছে – হঠাৎ চমকি উঠে আৰু আঁতৰি যায়। বেলা, গীতা আৰু ডঃ খাস্তগীৰে সমস্বৰে চিৎকাৰ কৰি সংগীত জুৰিছে– লগতে নাচে। নাচটো ব্ৰতচাৰী ন পোলকা, সুৰটো স্বৰত উঠা-নমা কৰিছে — এই সকলো তথ্য সেই তাণ্ডৱৰ পৰাও হয়তো বাহিৰ কৰিব পাৰিলেহেঁতেন, কিন্তু তাৰ পূৰ্বেই যৱনিকা নামি আহে।)

(সমাপ্ত)

 

Leave a Reply

Your email address will not be published. Required fields are marked *