ফটাঢোল

সাক্ষাৎকাৰ – অভিনেত্ৰী গায়ত্ৰী মহন্তৰ সৈতে অন্তৰংগ আলাপ

অসমীয়া সাংস্কৃতিক জগতৰ এটি সুন্দৰ নক্ষত্ৰৰ নাম গায়ত্ৰী মহন্ত। নামেই যাৰ পৰিচয়, শদিয়াৰ পৰা ধুবুৰীলৈ কাকো বেলেগকৈ তেখেতক চিনাকি কৰাই দিয়াৰ প্ৰয়োজন নাই। ১৯৮২ চনৰ ১৪ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা গায়ত্ৰী মহন্তৰ নৃত্য আৰু অভিনয় প্ৰতিভাই সকলোকে যেনেকৈ আকৰ্ষিত কৰে, তেনেকৈয়ে তেওঁৰ মনোমোহা হাঁহিটিয়েও সকলোৰে অন্তৰত সাঁচ বহোৱাই যায়। ‘জোনবাই’ ভিচিডিৰ ‘জোনালী’ চৰিত্ৰৰ জৰিয়তে প্ৰতিজন অসমীয়াৰ হৃদয়ত ঠাই লোৱা গায়ত্ৰী মহন্ত সম্প্ৰতি ভ্ৰাম্যমাণ থিয়েটাৰ ‘বৰদৈচিলা’ৰ সৈতে জড়িত হৈ আছে।

‘প্ৰেম আৰু প্ৰেম’, ‘দীনবন্ধু’, ‘জীৱন তৃষ্ণা’, ‘দেউতা দিয়া বিদায়’, ‘পলে পলে উৰে মন’ আদি বোলছবিত নিজৰ অভিনয়েৰে সকলোকে মনোৰঞ্জনৰ খোৰাক যোগোৱা মোহময়ী অভিনেত্ৰী গায়ত্ৰী মহন্তই ‘জোনবাই’ আৰু ‘অঞ্জনা’ ভিচিডিত অভিনয় কৰি বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছে। বিহু নৃত্য, সত্ৰীয়া নৃত্য, ভাৰত নাট্যম আদিতো পাৰদৰ্শী গায়ত্ৰী মহন্তক আমি লগ কৰিছিলোঁ বৰদৈচিলা থিয়েটাৰৰ বাকৰিত। তেখেতৰ সৈতে দুৱাষাৰ মান অন্তৰংগ আলাপ কৰিবলৈ পাই আমি গৌৰৱান্বিত হৈছিলোঁ। আহকচোন তেওঁৰ বিষয়ে আৰু জানো তেওঁৰ মুখেৰেই-

ফটাঢোল : বাইদেউ, নমস্কাৰ। আপোনালৈ আগতীয়াকৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ।

গায়ত্ৰী মহন্ত : অশেষ ধন্যবাদ।

ফটাঢোল : আমি অসমীয়া হাস্য ব্যংগ ‘ই আলোচনী’ ফটাঢোলৰ পৰা আহিছোঁ। আমাৰ আলোচনীত প্ৰতি মাহতে একোজন বিশিষ্ট ব্যক্তিৰ সাক্ষাৎকাৰ প্ৰকাশ কৰা হয়। সেই উদ্দেশ্যেৰেই ৰঙালী বিহুৰ সংখ্যটোৰ বিশিষ্ট অতিথি ৰূপে আপোনাৰ লগত দুআষাৰ মান পাতিবলৈ মন কৰিছোঁ।

গায়ত্ৰী মহন্ত : বাৰু আকৌ এবাৰ ধন্যবাদ জনালোঁ দেই।

ফটাঢোল : তেন্তে আৰম্ভ কৰিছোঁ। বাইদেউ, আপোনাৰ শৈশৱ আৰু ঘৰ পৰিয়ালৰ বিষয়ে কওকচোন।

গায়ত্রী মহন্ত : পঢ়া শুনা মই প্ৰথমে আৰম্ভ কৰিছিলোঁ দেৰগাঁৱত। মোৰ দেউতাৰ ঘৰ যিহেতু দেৰগাঁৱতেই আছিল, গতিকে এল পি স্কুললৈকে পঢ়া শুনা মই দেৰগাঁৱতেই কৰিছিলোঁ। তাৰ পাছত পঞ্চম শ্ৰেণীৰপৰা মই তেজপুৰত পঢ়াশুনা কৰিলোঁ। গ্ৰেজুৱেচনো কৰিলোঁ তেজপুৰৰ জামুগুৰিহাটৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ পৰা। তাৰপাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা মই এম এ কৰিলোঁ আৰু বৰ্তমান মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰাই পি এইচ ডি কৰি আছোঁ, আৰু দুবছৰ মানৰ ভিতৰত সেইয়া সম্পূৰ্ণ হ’ব। গতিকে মোৰ পঢ়া শুনা এতিয়াও চলিয়েই আছে, শেষেই হোৱা নাই।

ঘৰ পৰিয়াল বুলি ক’বলৈ হ’লে মোৰ মাৰ ঘৰত বৰ্তমান মোৰ মা আৰু দাদা-বৌ আছে। মোৰ বাইদেউ এগৰাকীও আছিল, তেওঁৰো বিয়া হ’ল। ময়েই ঘৰৰ সকলোতকৈ সৰু আছিলোঁ। মই বিয়া হৈছোঁ মাৰ্ঘেৰিটালৈ। আমাৰ পৰিয়ালত আমি তিনিজন, মই, মোৰ স্বামী শ্ৰীযুত পবিত্র মাৰ্ঘেৰিটা আৰু আমাৰ একমাত্ৰ পুত্ৰ সন্তান সূৰ্যাঙ্গ জীউ। আমি বৰ্তমান গুৱাহাটীত থাকোঁ। মই বিয়া হোৱা ঘৰখনত শাহু শহুৰৰ মই ডাঙৰ বোৱাৰী। তাত মোৰ এজন দেওৰ আৰু তেওঁৰ পৰিয়াল আৰু দুগৰাকী ননদ আছে। মুঠতে শাহু শহুৰ, দেওৰ, ননদেৰে ভৰা এখন সুন্দৰ ঘৰ আছে আমাৰ মাৰ্ঘেৰিটাত।

 

ফটাঢোল : কেতিয়াৰপৰা আপুনি বিহু নাচিবলৈ আৰম্ভ কৰে আৰু আপোনাৰ গুৰুৰ বিষয়ে জনাব নেকি?

গায়ত্ৰী মহন্ত : বিহু মই সৰুৰেপৰাই নাচিছোঁ যদিও তেনেকৈ আনুষ্ঠানিক শিক্ষা কিন্তু লোৱা নাই। আনুষ্ঠানিক শিক্ষা হিচাপে মই কেৱল সত্ৰীয়া আৰু ভাৰত নাট্যমৰহে লৈছিলোঁ। সত্ৰীয়া নৃত্যৰ প্রথম গুৰু আছিল শ্ৰীযুত টিলেশ্বৰ তামুলী ছাৰ আৰু বৰ্তমান মোৰ সত্ৰীয়া নৃত্যৰ গুৰু নৃত্যাচাৰ্য পদ্মশ্ৰী শ্ৰীযুত যতীন গোস্বামী ছাৰ। ভাৰতনাট্যমৰ গুৰু শ্ৰীযুত গোপাল গোস্বামী ছাৰ। যদিও মই বিহুৰ আনুষ্ঠানিক শিক্ষা লোৱা নাই, তথাপি মোক সৰুৰে পৰা বিহু নাচিবলৈ শিকাইছে মোৰ ভিনদেউ শ্ৰীযুত নিৰঞ্জন গোস্বামীদেৱে। গতিকে মই বিহু নাচৰ গুৰু ৰূপে তেখেতকেই মানি আহিছোঁ।

ফটাঢোল : অভিনয়ৰ সমান্তৰালকৈ পৰিয়াল এটি চোৱা চিতা কৰাৰ যি গভীৰ দায়িত্ব, সেয়া আপুনি কেনেকৈ পালন কৰিছে?

গায়ত্ৰী মহন্ত : পৰিয়ালটো চোৱা চিতা কৰাৰ যি দায়িত্ব, সেয়া কিমান ভালকৈ পালন কৰিব পাৰিছোঁ ময়ো নাজানো। কিন্তু মই সদায় চেষ্টা কৰি আহিছোঁ আৰু আগলৈও চেষ্টা কৰিম যাতে মোৰ বাবে মোৰ পৰিয়ালৰ বা ঘৰৰ আন সদস্যসকলৰ কেতিয়াও অশান্তি নহওক, কেতিয়াও যাতে মোৰ বাবে কোনো সমস্যাৰ সন্মুখীন নহওক, কোনো বিপদৰ সন্মুখীন নহওক, তাৰ প্ৰতি মই সদায় সচেতন। মই যিমান পাৰোঁ সকলোকে সুখী কৰিবলৈ, সন্তুষ্ট কৰিবলৈ চেষ্টা কৰোঁ। মই বিচাৰোঁ যে মোৰ বংশ পৰিয়ালৰ লগতে মোৰ বন্ধু বৰ্গৰ সকলো সুখত থাকক, শান্তিত থাকক ইয়াকেই সদায় কামনা কৰোঁ। মই কিমান সফল হৈছোঁ এই বিষয়ে মই নোৱাৰিম ক’ব, কিন্তু চেষ্টা মই সদায় কৰি আহিছোঁ।

ফটাঢোল : অভিনেত্ৰী নহ’লে আমি গায়ত্ৰী মহন্তক কি হিচাপে পালোহেঁতেন বাৰু?

গায়ত্ৰী মহন্ত : অভিনেত্ৰী নোহোৱা হ’লে হয়তো মোক এগৰাকী শিক্ষয়িত্ৰী ৰূপে পালেহেঁতেন, কিয়নো মই সেইটো দিশতহে প্ৰথমে বেছিকৈ মনোযোগ দিছিলোঁ। মোৰ বহুত ইচ্ছা আছিল এখন স্কুলৰ এগৰাকী শিক্ষয়িত্ৰী হোৱাৰ। আৰু সেয়াও নোহোৱা হ’লে কিন্তু মোক এগৰাকী সু-গৃহিণী হিচাপেই পালেহেঁতেন, কিয়নো মই ঘৰত থাকি আৰু ঘৰৰ কাম কৰি খুব ভাল পাওঁ, সেয়ে সৰুৰে পৰাই মোৰ ইচ্ছা আছিল এগৰাকী সু-গৃহিণী হোৱাৰ।

ফটাঢোল : অভিনয়কে পেছা হিচাপে ল’ম বুলি কেতিয়াৰপৰা ভাবিলে?

গায়ত্ৰী মহন্ত : মোৰ জীৱনৰ প্রথমখন চিনেমাৰ শ্বুটিং হৈছিল ২০০০ চনত, চিনেমাখন আছিল ‘প্ৰেম আৰু প্ৰেম’। কিন্তু তেতিয়ালৈকে মই ভবা নাছিলোঁ মই অভিনেত্ৰীয়েই হ’ম আৰু অভিনয়কেই মোৰ পেছা হিচাপে ল’ম, কিয়নো তেতিয়াও মই পঢ়া শুনা কৰিয়েই আছিলোঁ। সেইখনৰ পাছত মই ‘জুমন সুমন’ নামৰ আন এখন চিনেমাও কৰিলোঁ। তাৰ পাছত এখন দুখন কৈ চিনেমাৰ অফাৰ আহিবলৈ ধৰিলে। লাহে লাহে মোৰো শ্বুটিং কৰি ভাল লাগিবলৈ ধৰিছিল। ইতিমধ্যে মই গুৱাহাটীৰ কটন কলেজতো এডমিচন লৈছিলোঁ। ৰাইজে মোৰ অভিনয় আদৰি লোৱা দেখিও মোৰ ভাল লাগি আহিছিল। ৰাইজে মোক অভিনেত্ৰী গায়ত্ৰী মহন্ত ৰূপে পাবলৈ বিচৰাটোও মোৰ অনুভৱ হৈছিল। তেতিয়াই মই ভাবিছিলোঁ মইচোন অভিনয়ৰ দিশতেই আগবাঢ়িব পাৰোঁ।

সেই সময়তেই মই মোৰ মামা প্ৰয়াত কামিনীকান্ত মহন্তৰ লগত এই বিষয়ে আলোচনা কৰিলোঁ। মই সৰুৰেপৰাই তেখেতৰ লগত আলোচনা কৰিহে সকলো সিদ্ধান্ত লৈছিলোঁ, তেখেতেও মোক সদায় সু-পৰামৰ্শ দিছিল। তেতিয়া মই মামাক কৈছিলোঁ, যে মই ইতিমধ্যে দুটামান পৰীক্ষাও দিব নোৱাৰিলোঁ অভিনয়ত লাগি থাকিব লগা হোৱাৰ বাবে। তেতিয়া মামাই কৈছিল যে, “যদি তুমি অভিনয়কে পেছা হিচাপে ল’বলৈ বিচাৰিছা, তেতিয়া হ’লে তুমি এতিয়াৰপৰাই অভিনয়তেই ভালকৈ গুৰুত্ব দিব লাগিব।” ময়ো ভাবিলোঁ, হয়। পেছা হিচাপে ল’লে এতিয়াৰপৰাই মই এই বিষয়ে চিন্তা কৰিব লাগিব। সেইবাবে সেইখিনি সময়তেই পঢ়া সামৰি অভিনয়ত বেছি গুৰুত্ব দিলোঁ আৰু সেইখিনি সময়তেই অসমীয়া ভিচিডিবোৰো বহুত ওলাইছিল। ময়ো সুবিধা পালোঁ ‘জোনবাই’ নামৰ ভিচিডিখনত অভিনয় কৰাৰ। ‘জোনবাই’খন আমি ভবাতকৈ বহুত বেছিকৈ দৰ্শকে আদৰি ল’লে। সেইটোৱেই মোৰ অভিনয় জীৱনৰ এটা টাৰ্ণিং পইণ্ট আছিল। ‘জোনবাই’ৰ ‘জোনালী’ চৰিত্ৰটো মোৰো বৰ ভাল লাগিছিল আৰু দৰ্শকেও বৰ ভাল পালে সেই চৰিত্ৰত মোৰ অভিনয়। এতিয়াও মোৰ মনত পৰে সেই চৰিত্ৰটো আৰু এতিয়াও বহুতেই মোক সেই চৰিত্ৰটোৰ বিষয়ে কৈ প্ৰশংসা কৰে। তেতিয়াৰপৰাই মই ভাবিলোঁ যে, অভিনয়কেই মই পেছা হিচাপে ল’ম।

ফটাঢোল : অভিনয় জীৱনৰ এনে কোনো হাস্যৰসেৰে ভৰা ঘটনা আছেনে যিটো আপুনি আমাৰ পাঠকসকলৰ লগত ভগাই হাঁহিব বিচাৰিব?

গায়ত্ৰী মহন্ত : অভিনয় জীৱনত হাঁহি উঠা ঘটনা বহুতেই থাকে। তাৰ মাজৰে এটা ঘটনাৰ বিষয়ে প্ৰায়েই মনত পৰে মোৰ। প্ৰথম ‘জোনবাই’খনৰ শ্বুটিং আমি শিৱসাগৰত কৰিছিলোঁ। ডিচেম্বৰ মাহ আছিল তেতিয়া। সেই সময়ত বৰ ঠাণ্ডাও পৰিছিল। মোৰ তেতিয়া নিজা গাড়ীও নাছিল, গতিকে পাব্লিক বাছতে মই আৰু মোৰ মা, আমি গুৱাহাটীৰপৰা শিৱসাগৰলৈ আহিছিলোঁ। মই লগত অলপ কষ্টিউমহে লৈ আহিছিলোঁ, গৰম কাপোৰ বুলিবলৈ অকল পিন্ধি অহাকেইটাহে আছিল। ৰাতি গাত লৈ শুব পৰাকৈ লেপ কম্বল বা তেনেকুৱা একো অনা নাছিলোঁ। আমাৰ থকাৰ ব্যৱস্থা কৰি দিছিল এখন হোটেলত। হোটেলত দিয়া পাতল কম্বলকেইখনে আমাৰ ঠাণ্ডা আঁতৰাব পৰা নাছিল। প্ৰথম ৰাতিটো বৰ ঠাণ্ডা পালোঁ, মা আৰু মোৰ ভালকৈ টোপনিও নাহিল।
সেইখন জোনবাইতে সেই সময়ত প্ৰতিষ্ঠিত আৰু এগৰাকী অভিনেত্ৰীও আছিল। নাম নক’লেও সকলোৱে জানেই আৰু জোনবাইৰ প্ৰযোজক আছিল মোৰ স্বামী শ্ৰীযুত পবিত্র মাৰ্ঘেৰিটা। আমাৰ পিছে বিয়া হোৱাই নাছিল তেতিয়া। তেখেতকে ধৰি গোটেই ইউনিটটো সেই অভিনেত্ৰীগৰাকীৰ লগতে ব্যস্ত আছিল, তেওঁ ক’ত থাকিব, কি খাব, ঠাণ্ডা নাপাবলৈ গৰম কাপোৰ কি কি দিব ইত্যাদি ইত্যাদি। মই পাছদিনা ইউনিটটোৰ লগতে প্ৰযোজক পবিত্ৰ মাৰ্ঘেৰিটাক ক’লোঁ, ৰাতি মা আৰু মই বৰ ঠাণ্ডা পালোঁ, গতিকে আজি ৰাতি গৰম কাপোৰ অলপমানৰ ব্যৱস্থা কৰি দিব আৰু। ভাবি আছোঁ, ৰাতিলৈ দিব চাগে বুলি, পিচে নাই। সেইদিনাও নিদিলে। তেনেকৈয়ে আমি প্ৰায় দহ দিনমান থাকিলোঁ। শেষলৈ আমি চুৱেটাৰ, মোজা, টুপী আদি পিন্ধিয়েই শুইছিলোঁ ৰাতি। তথাপি তেওঁলোকে গৰম কাপোৰৰ ব্যৱস্থা কৰি দিব নোৱাৰিলে। সেই কথাটো এতিয়াও মাজে মাজে মোৰ স্বামীক মনত পেলাই দিওঁ আৰু কওঁ যে, আমি দহ দিন বহুত ঠাণ্ডাত শুব লগা হৈছিল তেওঁৰ বাবেই। তেনেকুৱা আৰু বহুত হাঁহি উঠা ঘটনা আছে, বৰ্তমান মোৰ এইটোৱেই মনলৈ আহিছে।

ফটাঢোল : ভবিষ্যত পৰিকল্পনাৰ বিষয়ে কওকচোন? অসমতেই থাকিব নে বলিউদৰ ফালেও যোৱাৰ মন এটা আছে?

গায়ত্রী মহন্ত : ভবিষ্যত পৰিকল্পনা বুলি ক’বলৈ গ’লে বহুতেই আছে, কিমান কি কৰিব পাৰোঁ সেয়া সময়ে ক’ব। বলিউদলৈ যোৱাৰ পৰিকল্পনা নাই, মাত্ৰ কল্পনাহে আছে। কল্পনা কৰি, সপোন দেখি মই খুউব ভাল পাওঁ। বহুত অদ্ভুত অদ্ভুত কল্পনা কৰোঁ মই। সেই কল্পনাবোৰ যে কেতিয়াও পৰিকল্পনালৈ পৰিৱৰ্তন নহয় সেয়া মই ভালকৈয়ে জানো। গতিকে মোৰ বলিউদলৈ যোৱাৰ কোনো পৰিকল্পনা নাই। সপোন কিন্তু মই সদায় দেখোঁ।

ফটাঢোল : মানুহৰ জীৱনত হাস্য ব্যংগৰ স্থান অতি গুৰুত্বপূৰ্ণ। হাঁহি নাথাকিলে মানৱ জীৱন অসাৰ বুলি কয়। আপোনাৰ কৰ্মক্ষেত্ৰত হাঁহিৰ গুৰুত্ব কিমান? নে আপুনি কাম কৰাৰ সময়ত বেছি গহীন গম্ভীৰ পৰিবেশ এটাহে বেছি পচন্দ কৰে?

গায়ত্ৰী মহন্ত : মানুহৰ জীৱনত হাঁহিৰ স্থান অতি গুৰুত্বপূর্ণ। কিন্তু আমি কেতিয়াবা কেতিয়াবা এনেকুৱা পৰিবেশত কাম কৰিব লাগে, য’ত হাঁহি উঠিলেও হাঁহিব নোৱাৰি। বিশেষকৈ বৰ্তমান মই ভ্ৰাম্যমাণৰ লগত জড়িত হৈ আছোঁ আৰু বৰদৈচিলা থিয়েটাৰত অভিনয় কৰি আছোঁ। তাত কেতিয়াবা মঞ্চতেই এনেকুৱা কিছুমান ঘটনাৰ সন্মুখীন হওঁ বা এনেকুৱা কিছুমান পৰিবেশৰ সৃষ্টি হয় যে আমি তেতিয়া হাঁহিলেও বিপদ, নাহাঁহিলেও বিপদ। ধৰি লোৱা, আমি এটা চিৰিয়াছ চিন কৰি আছোঁ, তেনেতে মোৰ সহ অভিনেতাজনৰ কিবা এটা কথাত মোৰ হঠাৎ হাঁহি উঠি গ’ল, তেতিয়া মই হাঁহিবও নোৱাৰোঁ কাৰণ সন্মুখত হাজাৰ হাজাৰ দৰ্শক বহি আছে। সেয়ে কিবাকৈ হাঁহিটো টিপি ৰাখিবলৈ সেই সময়ত চেষ্টা কৰোঁ। তথাপিও তেনেকুৱা সময়ত বেছিকৈ হাঁহি উঠিলে কেতিয়াবা উপায় নাপাই দৰ্শকৰ ফালে পিঠি দি হ’লেও মই হাঁহি লওঁ। ভ্ৰাম্যমাণত দৰ্শকসকল অলপ দূৰত থাকে বাবে এইটো কিবাকৈ চম্ভালি ল’ব পৰা যায়, কিন্তু কেমেৰাৰ সন্মুখত সেইটো কেতিয়াও সম্ভৱেই নহয়, তাত শ্বটৰ ৰি টেক ল’ব লগা হয়। মই কৰ্ম ক্ষেত্ৰত বৰ বেছি গহীন নহয়, কিন্তু মোৰ যি অভিনয়ৰ সংলাপ সেইখিনি নিয়াৰিকৈ ক’বলৈ চেষ্টা কৰোঁ আৰু মোক যি চৰিত্ৰ দিয়া যায়, মই সেই চৰিত্ৰৰ মাজত সোমাই পৰিবলৈ যত্ন কৰোঁ। বেছিকৈ হাঁহি উঠিলে মনত পৰে হাঁহি গল্পত লক্ষ্মীনাথ বেজবৰুৱাই যে লিখিছিল “হাঁহিলে মানুহক চেলেপু বুলি কয়”। লগে লগে পিচে এইটোও মনলৈ নিজেই নিজে আহে যে নহঁহা মানুহ যে চয়তান। গতিকে কৰ্মক্ষেত্ৰত এনেকৈয়ে হাঁহিটো নিয়ন্ত্ৰণ কৰিব লগা হয় আৰু কেতিয়াবা কেতিয়াবা।

ফটাঢোল : গায়ত্ৰী মহন্ত বুলিলেই মৰমলগা হাঁহিৰে ধুনীয়া ছোৱালী এজনীৰ ছবি আমাৰ চকুৰ আগত ভাঁহি উঠে। আপোনাৰো কেতিয়াবা খং উঠে চাগৈ, বিৰক্ত হয়। কিন্তু তাৰ পাছতো ওঁঠত মিঠা হাঁহিটো কেনেকৈ বিৰিঙায় বাৰু?

গায়ত্ৰী মহন্ত : মানুহে প্ৰায়েই মোক এই কথাটো সোধে দেই। মোক দেখিলে বোলে একেবাৰে খং নাইকিয়াৰ দৰে লাগে। তেওঁলোকে কয় মোৰ বোলে মুখখনৰ লগত খং একেবাৰেই নিমিলে, কিন্তু একেবাৰে ঘনিষ্ঠসকলে জানে মোৰ কিমান খং। মোৰ এটা অঁকৰা খং আছে। কিন্তু এটা কথা, সেই খং অকণমান সময়ৰ বাবেহে। তাৰপাছত মই নিজেই ঠাণ্ডা হৈ যাওঁ। আৰু সেই বাবে মোৰ পৰিয়ালৰ মানুহখিনিয়েই হওক বা মোৰ ঘনিষ্ঠ বন্ধু বান্ধৱীখিনিয়েই হওক, তেওঁলোকে জানে যে মই বেছি সময় খং কৰি থাকিব নোৱাৰোঁ সেইবাবে তেওঁলোকে ইমান গুৰুত্বও নিদিয়ে মোৰ খং উঠা দেখিলে। খং উঠা সময়খিনিত কিন্তু মই কি কৰিছোঁ, কি কৈছোঁ একো গম নাপাওঁ। কিন্তু বহুত কম সময়ৰ বাবেহে খংটো থাকে আৰু নিজেই খং আঁতৰি হাঁহি ওলাই যায় মোৰ মুখত। কেতিয়াবা এনেকুৱাও হয়, মোৰ খং আৰু দুখ দুয়োটাই মিলি একাকাৰ হৈ যায়। তেতিয়া মই মনতে ভাবোঁ, মোৰ আচলতে খং উঠিছে নে দুখ লাগিছে বাৰু! কিন্তু খং আছে মোৰ, খং উঠিলেও কিন্তু অলপ পাছতে নিজেই হাঁহি ওলাই মুখত।

ফটাঢোল : চেতনা দাসৰ দৰে ধেমেলীয়া চৰিত্ৰত অভিনয় কৰিবৰ মন যায় নে?

গায়ত্রী মহন্ত : হয়, চেতনা দাস বাইদেউৰ দৰে ধেমেলীয়া চৰিত্ৰত অভিনয় কৰিবলৈ মন যায়। কিয়নো মই ভাবোঁ, তেওঁ যি ধৰণৰ অভিনয় কৰে তেনেকুৱা অভিনয় কৰাটো সঁচাই বৰ কঠিন। আজিৰ ব্যস্ততাপূৰ্ণ জীৱনত দৰ্শকক অকণমান হাঁহিৰ খোৰাক যোগাব পৰাটো আটাইতকৈ কঠিন কাম বুলিয়েই মই ভাবোঁ। কাৰণ মানুহক তেনেকুৱা এখন পৃথিৱীলৈ লৈ যোৱা য’ত মানুহে ব্যক্তিগত জীৱনৰ সকলো দুখ কষ্ট পাহৰি অকণমান হাঁহি ফূৰ্তিৰে ওপভোগ কৰিব পাৰে, তেনেকুৱা অভিনয় কৰাটো আজিৰ সময়ত আটাইতকৈ কঠিন কাম। গতিকে সেই ফালৰপৰা মোৰ তেনেকুৱা চৰিত্ৰত অভিনয় কৰাৰ খুব হেঁপাহ আছে। চেতনা বাইদেউৰ দৰে অভিনয় কৰিব পৰাৰ অভিজ্ঞতা কেতিয়া অৰ্জন কৰিব পাৰিম মই নাজানো, কিন্তু মোৰ তেখেতৰ দৰে চৰিত্ৰবোৰত অভিনয় কৰাৰ মন আছে।

ফটাঢোল : প্ৰেম সম্পৰ্কে দুআষাৰমান কওকচোন। প্ৰেমত প্ৰতাৰিত হৈ পাইছেনে? কিমান দিনীয়া প্ৰেমৰ পিছত আপোনালোকৰ বিয়াখন হ’ল গৈ?

গায়ত্ৰী মহন্ত : প্ৰেম সম্পৰ্কে দুআষাৰ মান ক’বলৈ যোৱাৰ আগতে এটা কথা কওঁ, প্ৰেম শব্দটোত আখৰ মাত্ৰ দুটা, কিন্তু সেই দুটা আখৰৰ শব্দটোৰ মাজত ইমান বিশালতা সোমাই আছে যে তাক মাত্ৰ দুআষাৰ মানত কৈ শেষ কৰিব নোৱাৰি। সকলোৰে প্ৰেমৰ প্ৰতি ধাৰণাও বেলেগ বেলেগ। কোনোবাই বাৰে বাৰে উজুটি খায়ো বাৰে বাৰে প্ৰেমত পৰে, আৰু বাৰে বাৰে উজুটি খাই খাই পৰি পৰিও কিন্তু বিয়া বাৰু নকৰোৱাকৈয়েই থাকে আৰু এনেকৈয়ে তেওঁলোকৰ জীৱনটোও শেষ হয়গৈ। আৰু কিছুমান আছে, বাৰে বাৰে প্ৰেমত পৰি পৰি বহুবাৰ বিবাহপাশত আবদ্ধ হয়। গতিকে বহুতৰ বাবেই প্ৰেমৰ ধাৰণাটোও বেলেগ বেলেগ। মোৰ কিন্তু প্ৰেমৰ প্ৰতি ধাৰণাটো খুব ভাল। মই ভাবোঁ প্ৰেম মানে হ’ল এটা যোগাত্মক চিন্তা, যি মানুহক ভাল কাম কৰিবলৈ আৰু ভাল দিশত আগুৱাই যোৱাত সহায় কৰে। প্ৰেমৰ লগত প্ৰতাৰণা শব্দটোও ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে। প্ৰেমৰ বোলে সাৰ্থকতাই নাথাকে যদি প্ৰতাৰণা নাথাকে। কিমানবাৰ মই প্ৰেমত পৰিলোঁ সেইটো ক’বলৈও বৰ দিগদাৰ, কিন্তু স্কুল কলেজত পঢ়াৰ দিনৰ পৰাই বহুবাৰ মই প্ৰেমত পৰিছিলোঁ। আচলতে পৰিছিলোঁ নে উঠিছিলোঁ সেয়াও মই ভালকৈ নাজানো। কিন্তু শেষত এবাৰ ভালকৈয়ে প্ৰেমত পৰিলোঁ আৰু তাৰ পৰিণতিতেই আমাৰ বিয়াখন হ’লগৈ। তাৰ পাছৰ কাহিনীখিনি সকলোৱে জানেই আৰু। তাৰ আগৰ কেইবাৰ হয়তো মই প্ৰেমত পৰা নাছিলোঁ চাগে, প্ৰেমত উঠিছিলোঁ হে!

ফটাঢোল : বিশ্বযোৰা সমীক্ষা মতে নাৰীৰ এটা ইউনিভাৰ্চেল সমস্যা হ’ল বিয়া বাৰু এখন ওলালেই পিন্ধিবলৈ কাপোৰ নাথাকে আৰু আনফালে আলমাৰিত থ’বলৈও ঠাই নাথাকে। এই জটিল সমস্যটো সম্পৰ্কে আপোনাৰ মতামত জানিব বিচাৰিম।

গায়ত্রী মহন্ত : এইটো সমস্যাৰ মই সদায় সন্মুখীন হওঁ। যেতিয়াই বিয়া এখন বা পাৰ্টি এটাত যাবলৈ ওলাওঁ আলমাৰিটো খুলি চাই থাকোঁ, কি পিন্ধিম কি পিন্ধিম বুলি। সাজি কাঁচি ওলাই যাবলৈ কাৰনো মন নাযায়, কিন্তু ভাল কাপোৰ এযোৰ পিন্ধিবলৈ সময়ত বিচাৰি নাপাওঁ। মই ভাবোঁ মোৰ দৰে সকলো মহিলাৰেই এইটো সমস্যা হয়, গতিকে কোনোবাই এই বিষয়ত গৱেষণা এটা কৰিলেও বেয়া নহয় আচলতে। তেতিয়া সকলোৱেই উপকৃত হ’ব।

ফটাঢোল : ফটাঢোল আলোচনীৰ পাঠকলৈ বুলি আপোনাৰ ফালৰপৰা দুআষাৰ কওকচোন।

গায়ত্রী মহন্ত : ফটাঢোল আলোচনীৰ পাঠকসকলক মই ক’ব বিচাৰিছোঁ যে, ঢোলটো ফটাই হওক বা চিতাই হওক ঢোল ঢোলেই। প্ৰথম কথাটো হ’ল ঢোলটো বজাব জনাটোৱেই বিশেষ এটা গুণ, তাতে আকৌ ফটাঢোল বজাব জনাটো আৰু এটা ডাঙৰ গুণ। কাৰণ ফটাঢোলৰ মাতটোৰ নিজৰ এটা বিশেষত্ব আছে। ফটাঢোলৰ সমূহ পাঠকক অনুৰোধ জনাইছোঁ যে যিমান পাৰে ফটাঢোল আলোচনীখন পঢ়ক আৰু আনক পঢ়ুৱাওক। আৰু ফটাঢোল পৰিয়ালৰ সমূহ সদস্যক মই ধন্যবাদ জনাইছোঁ। ফটাঢোল সদায় ফাটি থাকক আৰু তাৰ শব্দই গুম গুমাই থাকক তাকেই কামনা কৰিছোঁ।

ফটাঢোল : লাষ্ট বাট নট দি লিষ্ট – আপুনি “গায়ত্ৰী মহন্ত”, অসমৰ ইমূৰৰপৰা সিমূৰলৈ আপুনি জনপ্ৰিয়, ৰাইজৰ মৰমৰ ৰূপহী জোনালী। চিনেমা, ভিচিডি, থিয়েটাৰ, টিভি সকলোতে আপোনাৰ বলিষ্ঠ অভিনয়ৰ চাপ বিদ্যমান। প্ৰায় দশকযোৰা আপোনাৰ অভিনয় জীৱন। বঁটা বাহন, ৰাইজৰ মৰম, জনপ্ৰিয়তাৰ শিখৰ ইত্যাদি ইত্যাদি এক অৰ্থত সফলতাৰ এক ঈৰ্ষণীয় পৰিক্ৰমা। এই সকলোবোৰৰ ধামখুমীয়াত কেতিয়াবা আপুনি ভাবিছিল নে ফটাঢোল নামৰ আলোচনীখনত ইণ্টাৰভিউ দিবলৈ পাম বুলি?

গায়ত্ৰী মহন্ত : প্ৰায় ২০০২ চন মানৰপৰাই মই অভিনয় জগতখনৰ সৈতে জড়িত হৈ আছোঁ। তাৰো আগত স্কুলত পঢ়ি থকাৰপৰাই মই নাটক, নৃত্য, গীতৰ আদিৰ লগত জড়িত। বিভিন্ন সময়ত বিভিন্ন নিউজ চেনেল, টিভি চেনেল, বাতৰি কাকত, আলোচনী আদিৰ বাবে ইণ্টাৰভিউ দি পাইছোঁ। কিন্তু মই কেতিয়াও ভবা নাছিলো কেতিয়াবা এনেকৈ ফটাঢোলত ইণ্টাৰভিউ দিবলৈ পাম বুলি। ফটাঢোলৰ এই ইণ্টাৰভিউটো মোৰ বাবে সঁচাই খুব গুৰুত্বপূৰ্ণ। কিয়নো একেবাৰে সৰুৰে পৰাই বিহু নাচিছিলোঁ, যেতিয়া আনকি সেইটো বিহু নাচ বুলিও মই জনা নাছিলোঁ, গতিকে ঢোলৰ লগত মোৰ সম্পৰ্ক বহুতেই পুৰণি। সেয়ে ফটাঢোলৰ এই ইণ্টাৰভিউটো এনেকৈ দিবলৈ পাই মই অতি আনন্দিত। ফটাঢোলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আশা কৰিলোঁ ফটাঢোল ৰাইজৰ মাজত আৰু জনপ্ৰিয় হওক, আৰু বছৰ বছৰ ধৰি ৰাইজৰ মাজত প্ৰচলিত হৈ থাকক তাকেই আশা কৰিলোঁ। ধন্যবাদ।

ফটাঢোল : আপোনালৈও অশেষ ধন্যবাদ বাইদেউ, পুনৰ বাৰ বিহুৰ শুভেচ্ছা জনাই আজিলৈ সামৰিলোঁ।

☆★☆★☆

15 Comments

  • কাবেৰী মহন্ত

    ভাল লাগিল৷

    Reply
  • ৰাজশ্ৰী শৰ্মা

    খুব ভাল লাগিল।

    Reply
  • ভাল লাগিল অভিনেত্ৰী গায়ত্ৰী মহন্তৰ বিষয়ে জানিবলৈ পায়

    Reply
  • ৰিণ্টু

    খুব সুন্দৰ হৈছে সাক্ষাৎকাৰটো, প্ৰশ্নবোৰো সুন্দৰ, উত্তৰবোৰো সুন্দৰ।

    শেষৰ প্ৰশ্ন আৰু উত্তৰটোৱে “চুই গ’ল”

    অনুৰূপ, মনজিত আৰু সঞ্জীবলৈ ধন্যবাদ – মোহময়ী অভিনেত্ৰীগৰাকীৰ বিষয়ে জানিবলৈ আমাক সুবিধা দিয়াৰ বাবে।

    Reply
  • কুকী কল্পিতা মহন্ত

    ৱাহ, ভাল লাগিল দেই পঢ়ি

    Reply
  • হেমন্ত কাকতি

    বহুত ভাল লাগিল

    Reply
  • Gitashree Phukan

    ভাল লাগিল।

    Reply
  • ডলী তালুকদাৰ

    ভাল লাগিল মোৰ প্ৰিয় অভিনেত্ৰী জনীৰ সাক্ষাৎকাৰ।

    Reply
  • Anonymous

    ভাল লাগিল

    Reply
  • মানসী বুদ্ধ

    বহুত ভাল লাগিল ।

    Reply
  • মানসী বৰা

    সাক্ষাৎকাৰটিৰ দ্বাৰা প্রিয় অভিনেত্রীগৰাকীৰ বিষয়ে বহুখিনি কথাই জানিব পাৰিলো । ভাল লাগিল ।

    Reply
  • উষা মহন্ত

    বৰ ভাল লাগিল ।

    Reply
  • ববিতা বৰুৱা

    খুব ভাল লাগিল

    Reply
  • সৌৰভ বৰুৱা

    ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published.