ফটাঢোল

সাক্ষাৎকাৰ- 'ৰহস্য সম্ৰাট' ৰঞ্জু হাজৰিকা

ফ্ৰেব্ৰুৱাৰী মাহৰ এটি সন্ধিয়াত মই আৰু ফটাঢোলৰ অন্যতম সক্ৰিয় সদস্য দিম্পল কলিতাৰ সৈতে গুৱাহাটীস্থিত ৰঞ্জু হাজৰিকাদেৱৰ ঘৰত হৈ উপস্থিত হ’লোগৈ। ক’ৰবাত পঢ়িছিলোঁ, তেওঁ সময় দি সময় নৰখা মানুহক বেয়া পায়। সেয়ে যিমান পাৰো গুৱাহাটীৰ যান জঁ‌ট নেওচি আমি তেওঁ দি থোৱা সঠিক সময়তে গৈ উপস্থিত হৈছিলোঁগৈ। বুকুখন কঁ‌পিছিল, কৈশোৰৰে পৰা প্ৰিয় সাহিত্যকগৰাকীক লগ পোৱাৰ আনন্দত। আমি গৈ পোৱাত তেওঁ নিজেই ঘৰৰ ভিতৰৰ পৰা ওলাই আহি আমাক আথে বেথে ভিতৰলৈ লৈ গ’ল।

ৰঞ্জু হাজৰিকা। নামটোতে ৰহস্য সোমাই আছে । যিজন সাহিত্যিকক আমি এই নামেৰেই চিনি পাই আহিছো, তেওঁৰ এই নামৰ আঁ‌ৰত আছে আন এক প্ৰকৃত নাম। তেওঁৰ প্ৰকৃত নাম কুমুদ হাজৰিকা। তেওঁ আমাক কিয়, কেনেকৈ কুমুদ হাজৰিকাৰ পৰা ৰঞ্জু হাজৰিকা হ’ল সেয়া কৈ গৈছিল। ইয়াৰ উপৰিও, বহুতো নজনা কথা, তেওঁৰ ব্যক্তিগত জীৱনৰ কথা আৰু কিতাপবোৰৰ ৰসাল কথা আমি জানিবলৈ সক্ষম হৈছিলোঁ।

থোৰতে তেওঁৰ বিষয়ে যদি কওঁ, ৰহস্য সম্ৰাটে কেৱল ৰহস্য উপন্যাসেই নহয়, বহুতো সামাজিক উপন্যাস, শিশু গ্ৰন্থৰ লগতে জ্যোতিষ সাহিত্যও ৰচনা কৰিছে।
ইং ১৯৫২ চনৰ ২৪ জুলাইত জন্মগ্ৰহণ কৰা ৰঞ্জু হাজৰিকাদেৱে একাধিক গ্ৰন্থ ৰচনা কৰি এক অভিলেখ সৃষ্টি কৰাৰ লগতে ২০০৮ চনত ‘ৰহস্য সম্ৰাট’ উপাধি লাভ কৰে। তেওঁৰ কেইবাখনো উপন্যাসৰ পৰা কথাছবি, দূৰদৰ্শনৰ ধাৰাবাহিক নিৰ্মাণ হৈছে। থোৰতে তেওঁৰ কেইখনমান কিতাপৰ নাম হ’ল, বিভৎস শিহৰণ, তেজত আচ্ছন্ন অন্ধকাৰ, জান্তৱ, আহত সৰ্পৰ দংশন, স্বৰ্ণ শিহৰণ, নগ্ন প্ৰহৰ, মৰণ জয়ী, দুহাতত তেজৰ চেঁ‌কুৰা, ভৌতিক, নন্দেশ্বৰ সংবাদ, পলাতক পখীৰ সন্ধানত, এটা দ্বীপ সাতটা কবৰ, সেই প্ৰেম আস্বাদন,কুঁ‌ৱলীৰ আঁ‌ৰত সোণালী কাঁ‌ড় আদি।

আহকচোন, তেখেতৰ জীৱনৰ ৰসাল কথাবোৰ তেখেতৰ মুখেৰেই শুনো ।

 

ফটাঢোলঃ প্ৰথমতেই আপোনাক ফটাঢোলৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।

ৰঞ্জু হাজৰিকাঃ মোৰো আন্তৰিক শুভকামনা থাকিলে ।

ফটাঢোলঃ ধন্যবাদ, কথাবোৰ আপোনাৰ ল’ৰালি কালৰ পৰাই জানিব বিচাৰিম, ল’ৰালিকালৰ কথাবোৰ কওঁকচোন ।

ৰঞ্জু হাজৰিকাঃ ল’ৰালি মানে মোৰ জন্ম চাহবাগানত। মোনাবাৰী চাহবাগান নাম বোধকৰো শুনিছে। এচিয়াৰ আটাইতকৈ ডাঙৰ চাহবাগান। তাত মোৰ দেউতাই চাকৰি কৰিছিল। তাতেই মোৰ জন্ম হৈছিল। তাৰে এটা শাখাত আৰু তাতেই দেউতাই মানে ঘৰবাৰীও কৰিলে। সেইকাৰণে মই মোনাবাৰী চাহবাগিছাত মোৰ ঘৰ বুলিও কওঁ। আৰু তাতেই মই প্ৰথম পঢ়া-শুনা আৰম্ভ কৰিছিলো। যদিও বাগিছাৰ অসুবিধা আৰু আমাৰ স্কুলখন আৰম্ভ হৈছিল দিনৰ এক বজাৰ পৰা।
মানে শিক্ষকজনে দুখন স্কুল এঠাইত কৰি আহি আকৌ আমাৰ ইয়াত কৰিছিলহি। বাগানৰ স্কুল ইমান ভাল নাছিলে তথাপিও তেতিয়া ক মান আৰু খ মান তেনেকুৱা আছিল। ক মান পঢ়িয়েই দেউতাই গাঁৱৰ ঘৰলৈ পঠাই দিলে। কলিয়াবৰ সোনাৰী গাঁও। আৰু মই তাতে ককাদেউতাৰ লগত থাকি দৰং কলেজত পঢ়িলোঁ।

ফটাঢোলঃ আপোনাৰ ৰঞ্জু হাজৰিকা নামটো ছদ্মনাম বুলি শুনিছিলো?

ৰঞ্জু হাজৰিকাঃ ছদ্মনাম নহয়, নিকনেম বুলি যে মানুহৰ দুটা নাম থাকে সেইটো । এতিয়া মানে এইটো নামেৰেই মই বেছিকৈ পৰিচিত৷

ফটাঢোলঃ আপুনি সেইটো নামেৰে কিয় লিখামেলা কৰে ?

ৰঞ্জু হাজৰিকাঃ কুমুদ হাজৰিকা, এইটো মোৰ অৰিজিনেল নাম৷ প্ৰথমে কুমুদ হাজৰিকাতে লিখামেলা কৰিছিলোঁ। নাজানো নিয়মাৱলীত কিবা ভুল আছিল নেকি নামটো যলৈকে পঠাও কোনেও কিতাপ নপঢ়ে৷ কিতাপবোৰ ঘুৰি ঘুৰি আহে৷ মানে নামটোৰ কিবা বৈষম্য আছিল নেকি নাজানো। তাৰ পাছত মোৰ দাদা এজনে ক’লে – ‘ইমান ভাল কিতাপবোৰ তুমি এইটো নামেৰে কিয় লিখি আছা? ৰঞ্জু হাজৰিকাৰ নামটো চলাবাচোন।’ ৰঞ্জু হাজৰিকাৰ নামটো দিয়াৰ লগে লগে মানে যিবিলাক প্ৰকাশকে কিতাপ ঘুৰাই পঠাইছিল তেওঁলোকে আকৌ আহি কয় –  ‘আপুনি লগ ধৰিবছোন৷ কিতাপখন পঢ়ি ভাল লাগিছে!’ সেই তেতিয়াৰ পৰাই ৰঞ্জু হাজৰিকাৰ নামটো থাকি গ’ল ।

ফটাঢোলঃ ক’ৰবাত বোধহয় পঢ়া মনত আছে আপুনি লিখি শেষ হোৱা কলমবোৰ কেতিয়াও পেলাই নিদিয়ে!

ৰঞ্জু হাজৰিকাঃ ঠিকেই শুনিছা৷ মই থৈ দিও৷ সেই বাকচবোৰত কলমবোৰ পৰি আছে৷  এতিয়াও আৰু দুটা বাকচ ভিতৰত আছে।

ফটাঢোলঃ ইয়াৰ কাৰণটো কি ?

ৰঞ্জু হাজৰিকাঃ এইটো মোৰ হ’বি৷ মই কলম পেলাই নিদিও, ৰাখি দিওঁ। এটা কলম শেষ হ’ল তাতেই থৈ দিওঁ। এনেকেই …. প্ৰথম অৱস্থাত ৰখা নাছিলো হয়তো ৰখা হ’লে আৰু পোন্ধৰ-বিছহেজাৰ মান কলম হ’লহেঁ‌তেন ।

ফটাঢোলঃ  কথা এটা সোধো৷ আন সাহিত্যিকৰ দৰে আপোনাক সাহিত্যৰ অনুষ্ঠানবোৰত দেখা পোৱা নাযায়৷ ইয়াৰ কাৰণ কি?

ৰঞ্জু হাজৰিকাঃ ইয়াৰ কাৰণ মই পৰাপক্ষত এইবোৰৰ পৰা আতৰি থাকো। বহু তিক্ত অভিজ্ঞতাও আছে। কিবা মিটিং এখনলৈ যাওঁতেই  সময় নষ্ট হয়। বক্তৃতা দি অৱশ্যে বেয়া নাপাও, ভালেই পাওঁ৷ কিন্তু বহুতেই যি আগ্ৰহেৰে লৈ লৈ যায় আহিবৰ সময়ত সেইটো দেখিবলৈ নাপাওঁ। মই নিজৰ গাড়ী লৈ গ’লে কথাটো সুকীয়া। আগতে তেনেকুৱা কথা নাছিল। মোক ‘ৰহস্য সম্ৰাট’ উপাধি দিছে বিহালী আঞ্চলিক সাহিত্য সভাই। আৰু কিবাকিবি এইবিলাক। মই সেইবিলাক সেইবিলাক সম্বৰ্দ্ধনা ল’বলৈ বা আহিবলৈ এতিয়াও সময় আছে বুলিয়েই ভাবো। সেইকাৰণে মই পৰাপক্ষত অনুষ্ঠানবোৰলৈ নাযাওঁ‌৷ মই তেতিয়াৰে পৰা ভাবিলো এইবিলাক প্ৰায় বাদ দিয়াৰ দৰে হ’ল। এবাৰ ছাত্ৰসন্থাই এটা অনুষ্ঠানলৈ মোক মাতিছিল, মাতিছিল মানে মোক সম্বৰ্দ্ধনা জনাব আৰু লগতে আঠজনমান সাহিত্যিক আছিল। কাক কাক মাতিছে সুধিলো। মই ক’লো কেইটা বজাত তাত গৈ উপস্থিত হ’ব লাগিব। …ক’লে যে সন্ধ্যা ছয়বজাৰ পৰা অনুষ্ঠান আছে। আমি সন্ধ্যা ছয় বজাত মুকলি সভা আৰম্ভ কৰিম । মই ৫:৪৫ মানত তাত উপস্থিত হ’লো। সভাৰ কাম আৰম্ভ ছয় বজাত হ’ব বুলি ক’লে। মানুহ এটাও নাই, ভগা সভা।তাৰ পাছত বেজ লগোৱা মানুহ এজনক লগ পাই সুধিলোঁ যে ‘সভা ক’ত’? কৈছে সাংস্কৃতিক অনুষ্ঠান এই শেষ হৈছেহে । মই ক’লো আমাক নিমন্ত্ৰণ কৰিছিল। মোক সুধিলে -‘আপুনি ৰঞ্জু হাজৰিকা নহয় জানো।’ মই ক’লো – ‘হয়’৷ তাৰ পাছত তেওঁ ক’লে-  ‘আপোনালোকৰ কাৰনে গেষ্ট হাউছ ঠিক কৰা আছে৷’ মই কলো – ‘গেষ্ট হাউছ নালাগে, মই ইয়াতে বহিম।’ ক’লে, ‘নহয় সভাৰ কাম আৰম্ভ আঠবজাৰ পৰা আৰম্ভ হ’বহে।’ মই নিমন্ত্ৰণী পত্ৰখন দেখুৱালো, ‘এয়া ছয়বজাত মাতিছে’। ক’লে – চ’ৰি বেয়া নাপাব। এই সাংস্কৃতিক অনুষ্ঠানতেই ইমান দেৰি হৈ গ’ল। মই কলো – ‘তেতিয়া হ’লে ঠিকেই আছে। কেইটাত হ’ব খাটাংকৈ ক’ওক৷’  ‘পুৰা আঠটাত আহিব।’ মই বোলো – ‘গেষ্ট হাউচলৈ নাযাও, মোৰ ইয়াতে ভনী এজনী থাকে, মই তাতেই অলপ ৰেষ্ট ল’ম। আঠবজাত আহি যাম।’ আঠবজাত আহি দেখিছো সেই একেই অৱস্থা। মই তেতিয়া ড্ৰাইভাৰক তেজপুৰলৈ গাড়ী ঘুৰাবলৈ কলো৷ তিক্ত অভিজ্ঞতা, মই সময় মানি চলো  আৰু সকলোৱে জানে। প্ৰকাশকসকলেও ভয় কৰে। যিটো টাইম দিও সেইটো টাইম পৰাপক্ষত নিজে ৰক্ষা কৰো। আৰু লিখামেলাতো বহুত ক্ষতি হয় এইবোৰ, যিহেতু মই লিখি ভাল পাওঁ ।

সিদিনা এজন পাব্লিছাৰে কৈছে যে অতি সোনকালে বাৰখন শিশু সাহিত্যৰ কিতাপ লিখি দিয়ক। ময়ো সুধিলোঁ কিহৰ ভিত্তিত বুলি। তেওঁ ক’লে যে শিশুৱে কি কৰিব লাগে, নালাগে তেনে ধৰণৰ। কাৰণ মাক-দেউতাকে তেনে কিতাপ বিচাৰে। মোক তেনেকৈয়ে বিচাৰে আৰু ময়ো দিওঁ তেনেকৈয়ে সময়মতে  লিখি দিওঁ।
মোৰ সামাজিক উপন্যাস দুখনৰ ওপৰতো চিনেমা হৈ গৈছে- ‘আছেনে কোনোবা হিয়াতে’ (উত্তৰ ফাল্গুনীৰ পৰা) আৰু ‘মায়া'(নৰকৰ ফুলৰ পৰা)। মোৰ সমান বোধ হয় দূৰদৰ্শনত আন কাৰো চিৰিয়েল হোৱা নাই। কিন্তু এতিয়ালৈ লুকাই থকাৰ দৰেই আছো! অৱশ্যে তাত মোৰ কোনো আক্ষেপ নাই। সৰুৰ পৰা মোৰ যিটো লক্ষ্য বা কৰ্তব্য সেইটো ম‌ই কৰি আহিছোঁ।

কিছুমান কথা বা বিষয় ম‌ই বেয়া পাওঁ।এই সময়ত অসম উপত্যকা বঁটা লৈ কিমান কি যে হুলস্থূল হৈ আছে! আজিকালি বঁটা কিনিবলৈ পোৱাৰ দৰে হ’ল। কোনো-কোনোৱে  মাহটোতে দুটাকৈও বঁটা পায়।

ফটাঢোলঃ সেইটোৰ ওপৰতে সোধো। অসমত কিয় এনে হৈ আছে? আপুনিওতো বহুত লিখিছে। কিবা ক’ব নেকি এই সন্দৰ্ভত?

ৰঞ্জু হাজৰিকাঃ ক’বলৈ বেয়া লাগে। ইয়াত এটা লবীৰ সৃষ্টি হয়। কিন্তু অসম সাহিত্য সভাৰ অৱস্থাটো দেখিছাই। ম‌ই সাহিত্য সভাৰ মেম্বাৰো নহয় দেই আৰু মোক আজিলৈকে কোনেও কোৱাও নাই যে আপুনি সাহিত্যিক হিচাপে ইয়ালৈ আহক বুলি। মেদিনী চৌধুৰী, মামনি ৰয়চম গোস্বামী, ভবেন্দ্ৰনাথ শ‌ইকীয়াৰ দৰে সাহিত্যিকৰ তুলনাত তথাকথিত কিছুমানক তেনেকৈ ক’ব পাৰি নেকি? তেওঁলোকৰ দৰে সাহিত্যিকে কিয় নোৱাৰিলে। ইয়াত ৰহস্য আছে। ম‌ই এই লবীকেন্দ্ৰিক নহয় আৰু কিনা-বেচাৰ মাজতো নাই।

সিদিনা এজন আহিছিল।তেওঁৰ পেটলৈকে উপাধি।ম‌ই বোলো মোৰ এটা উপাধি ল‌ওঁতেই ‌ইমান বছৰ লাগিল। আপুনিতো মূহুৰ্তে মূহুৰ্তে উপাধি লয়।আপুনিতো মহামানৱ। তেওঁ অলপ লাজো পাইছিল তেতিয়া। সেয়া আজিকালি এইবোৰ কিনিব পাৰি। মোৰ ওচৰলৈও আহে। ম‌ই সেইবোৰত নাই। গৌৰৱ কৰা বুলি নহয় দেই এই উপাধিবোৰ নাই যদিও মোৰ কিতাপতো পৰি থকা নাই।

ফটাঢোলঃ হয়, আমি বহুত সৰুৰ পৰাই আপোনাৰ কিতাপ পঢ়িছোঁ‌।

ৰঞ্জু হাজৰিকাঃ মোৰ ফেচবুক নাই। হোৱাটছ‌আপ আছে বাৰু। সিদিনা এজনে ক’লে যে আপুনি লিখা নেৰিব।লিখক। আচলতে ম‌ই লিখা এৰাও নাই। খবৰ আৰু জনমভূমিত নিয়মীয়াকৈ প্ৰকাশ হৈ আছে। ২০০৩ৰ পৰা এতিয়ালৈকে ধাৰাবাহিক ভাবে চলি আছে।

ফটাঢোলঃ আপুনি কিয় প্ৰচাৰ বিমূখ। সকলোৱেইতো আপোনাৰ কিতাপ পঢ়ে। আপুনি কিয় আমাৰ মাজলৈ ওলাই অহা নাই?

ৰঞ্জু হাজৰিকাঃ হয় বহুতেই কয় মোৰ লেখা আঠৰ পৰা আঠাশীলৈ সকলোৱে পঢ়ে বুলি। কিন্তু বহুতেই মোক হয়তো এতিয়াও ছোৱালী বুলিয়েই ভাবে।

ফটাঢোলঃ আপোনাৰ নামটোক লৈও হয়তো বহু ৰসাল কথা আছে।

ফটাঢোলঃ এৰা। এই বিষয়ে ম‌ই আগতেও কৈছো।মোক বহুতেই নামটোৰ বাবে ছোৱালী বুলিয়েই ভাবিছিল। এজন প্ৰফেচৰে মোৰ লিখা পঢ়ি ভাল পাইছিল আৰু কেনেবাকৈ মোৰ এড্ৰেছটোও বিচাৰি লৈছিল। তেতিয়া এইবোৰ নাছিল। সাতাশী চনমানৰ কথা। সেয়ে চিঠিকে দিছিল। ময়ো তেওঁলৈ ছোৱালীৰ দৰেই চিঠি লিখিছিলোঁ‌। তেওঁ সেইবোৰ পঢ়ি প্ৰেমতেই পৰিছিল। তেওঁ এদিন মোক ক’লে যে যদি আমাৰ মা-দেউতাই সন্মতি দিয়ে তেওঁ মোক নেদেখাকৈয়ে আঙুঠি পিন্ধাবলৈ আহিব। ময়ো ক’লো আঙুঠি পিন্ধোৱাৰ আগতে অন্ততঃ এবাৰ আহি মোক চাই ল‌ওক। এদিন সঁচাকৈয়ে তিনিজন বন্ধুৰ সৈতে গাড়ী লৈ তেওঁ আমাৰ ঘৰ ওলালহি। ম‌ইতো তেওঁ আহিব বুলি ভবাই নাছিলো।সেই সময়ত ম‌ই অফিচত আছিলো। চকীদাৰে আহি ক’লে যে মোক লগ পাবলৈ মংগলদৈৰ পৰা মানুহ আহিছে। মোৰ বুকুখন একেবাৰে ধমহকৈ মাৰিলে। ম‌ই যেতিয়া যাওঁ তেওঁলোকে নমস্কাৰ দিলে। হয়তো মোক ৰঞ্জু হাজৰিকাৰ ককায়েক বুলি ভাবিছিল।
… বহুত অপমানিতবোধ কৰিলে৷ পিছত গৈ বহুত বেয়াকৈ চিঠি এখন দিছিল মই উত্তৰ দিয়া নাছিলো৷ আৰু এবাৰ শিৱসাগৰৰ পৰা এজনে শাৰী এখন মোলৈ পঠাই দিছিল৷ আৰু কি কবিতা লিখিছে! ৰঙা চিঞাহীৰে লিখিছে আৰু কৈছে তেজেৰে লিখা বুলি৷

ফটাঢোলঃ মানে আপোনাৰ নামটো লৈ সঁচাকৈ বিপাঙত পৰিছে বহুত মানুহ৷

ৰঞ্জু হাজৰিকাঃ বহুত মানুহ তেতিয়া পাগল আছিল৷ বহুত মানুহ৷

ফটাঢোলঃ আছিল হয়৷ আমি যেতিয়া স্কুলত আছিলো, সঁচা কৈছো ময়ো আপোনাক ছোৱালী বুলি ভাবিছিলো৷ আৰু…

ৰঞ্জু হাজৰিকাঃ আৰু ল’ৰা বুলি ভাবিও কিন্তু বহুতে মোলৈ প্ৰেমৰ চিঠি বহুতো দিছে৷

ফটাঢোলঃ  আপোনাৰ প্ৰেম বিবাহ হ’লনে…

ৰঞ্জু হাজৰিকাঃ প্ৰেম বিবাহ৷

ফটাঢোলঃ  আপোনাৰ প্ৰেমৰ জীৱনৰ বিষয়ে অলপ কিবা কওঁকচোন৷ মানে প্ৰথম প্ৰেম কেতিয়া হৈছিল, কৈশোৰত নে…

ৰঞ্জু হাজৰিকাঃ এতিয়া ক’বতো নাপায়৷ কৈশোৰত বহুত প্ৰেমেই আছিল…

ফটাঢোলঃ তথাপিতো …

ৰঞ্জু হাজৰিকাঃ প্ৰেমে মোক লগেই নেৰে দেখোন৷ বাৰু প্ৰথমতে মোৰ পত্নীৰ লগত হোৱাটোকেই কওঁ৷ যেতিয়া মই চপাই বাগানত চাকৰি কৰোঁ তেওঁ মোৰ ঘৰৰ সন্মুখৰ ঘৰখনেই তেওঁৰ ঘৰ৷ অহা যোৱা কৰোঁ, চাহ তাহ খাওঁ, এনেকৈয়ে চলি আছো৷ প্ৰেম বুলি তেতিয়া একো নাছিল৷ কিন্তু হঠাৎ মোৰ টাইফইড হ’ল৷ টাইফইড হওঁতে তাততো মই অকলে, বেচেলৰ৷ তেতিয়া সেই তেওঁ আহি মোৰ খুব শুশ্ৰূষা কৰিলে৷

ফটাঢোলঃ কিমানমান বয়সৰ কথা এইটো বাৰু?

ফটাঢোলঃ তেতিয়া মোৰ ভৰযৌৱন৷

সঃ বিশ বাইছ বছৰ মানৰ?

ৰঞ্জু হাজৰিকাঃ বেছি হ’ব৷ আৰু সেইসময়ত বহুত চিঠিও পাইছিলো মই বহুত দূৰৰ দূৰৰ৷ বিচাৰিছিলে মোক৷ কিন্তু সেই ছোৱালীজনীক দেউতাক মাকে পঠাই দিয়ে৷ দৰৱ পাতি কৰিবলৈ৷ তাই আহি সাধাৰণ.. মানে ঠিক সাধাৰণ নহয়; ধৰক মূৰত পানী ঢলা, জলপটি সলনি কৰা৷ মই বেছিকৈ বিচৰা হ’লো৷ আৰু অলপ সময় থাকক৷ সেইটোৱেই প্ৰেমলৈ ৰূপান্তৰ হ’ল৷ ভাল হোৱাৰ পিছতো মই তেওঁলোকৰ ঘৰত ভাত পানী খোৱা বোৱা আৰম্ভ কৰিলোঁ৷ মাক দেউতাকেও সেইটো বিচাৰিছিল৷

ফটাঢোলঃ তাৰমানে সফল প্ৰেম?

ৰঞ্জু হাজৰিকাঃ কিন্তু তেওঁলোক অসমীয়া নাছিল৷ তেওঁলোক বেংগলী আছিল৷ অৰিজিন কলকাতাৰ৷ ভুপেন হাজৰিকাৰ যিটো বাসগৃহ, তাৰ তলৰ ফ্লেটটোতে তেওঁলোক আছিল৷

ফটাঢোলঃ  আপোনাৰ প্ৰিয় সাহিত্যিক কোন?

ৰঞ্জু হাজৰিকাঃ অসমীয়া প্ৰিয় সাহিত্যিক বুলি ক’লে মই কুমাৰ কিশোৰ, কাঞ্চন বৰুৱা বুলিয়েই ক’ম৷ তেওঁলোকৰ কিতাপেই মই প্ৰথম পঢ়িছো আৰু তাতকৈ প্ৰেৰণাই নাছিল৷ ভাল পাওঁ, বহুতকে ভাল পাওঁ কিন্তু প্ৰিয় বুলি ক’লে কথাটো বেলেগ হৈ পৰে৷ ড° ভবেন্দ্ৰনাথ শইকীয়াৰ গহ্বৰ পঢ়িছিলো, কিমান ভাল লাগিছিল বা বৰ্ণবোধ গল্পটো, ‘ক’ আখৰটোক লৈ৷ খুবেই প্ৰিয় আছিল৷ তাৰপিছত ফণীন্দ্ৰকুমাৰ দেৱচৌধুৰীৰ লেখা মোৰ অতি প্ৰিয়৷ আৰু ভাৰতীয় সাহিত্যৰ কথা হ’লে মই সুনীল গংগোপাধ্যায়ৰ নামটো প্ৰথমেই ক’ম৷ তেওঁৰ মই প্ৰতিখন কিতাপেই পঢ়াৰ নিচিনা৷ নিহাৰ ৰঞ্জন গুপ্তাৰ কিতাপ পঢ়িছোঁ‌৷ সুনীল গংগোপাধ্যায়ে সকলোধৰণৰ কিতাপ লিখিছে৷ নিহাৰ ৰঞ্জন গুপ্তায়েও সকলোধৰণৰ কিতাপ লিখিছে৷ শিশুৰ কাৰণে লিখিছে, ৰহস্য সাহিত্যও লিখিছে, ঐতিহাসিক কিতাপো লিখিছে৷ মুঠতে কোনো ধাৰা বাদ পৰি যোৱা নাই ৷ তেওঁলোকৰ সকলো কিতাপ নপঢ়িলেও মই বহুখিনি কিতাপ পঢ়িছো৷ আৰু ইংৰাজী সাহিত্যতো ক’বলৈ গ’লে ৰুডিয়াৰ্ড কিপলিং, ছাৰ আৰ্থাৰ কনান ডয়ালৰ প্ৰায়বোৰ কিতাপ পঢ়িছো৷

ফটাঢোলঃ  ৰহস্য উপন্যাস লিখিবৰ কাৰণে আপুনি কোনজন সাহিত্যিকৰ লেখা পঢ়ি আকৃষ্ট হ’ল৷

ৰঞ্জু হাজৰিকাঃ তেনেক্ষেত্ৰত মই প্ৰেমনাৰায়ণৰ কথাই ক’ব লাগিব৷ নৱম দশম শ্ৰেণীত মই প্ৰেমনাৰায়ণৰ কিতাপ পঢ়ি ইমানেই আপ্লুত হৈছিলো যে এখন কিতাপেই মই পাঁ‌চ ছয়বাৰ পঢ়ি মুখস্থ কৰি পেলাইছিলোঁ‌৷ প্ৰেমনাৰায়নৰ দিনডকাইত, প্ৰহেলীকা, বিভিষীকা, নাৰী দস্যু আদি প্ৰতিখন কিতাপৰ নামেই এতিয়াও মোৰ জিভাৰ আগত৷

ফটাঢোলঃ ৰহস্য আৰু ব্যঙ্গ যদিও সাহিত্যৰ দুটা সম্পূৰ্ণ বিপৰীত ধাৰা। তথাপি দুইটাৰে চৰ্চা অসমীয়া সাহিত্যত বহুত কম৷ ইয়াৰ কাৰণ কি বুলি ভাবে?

ৰঞ্জু হাজৰিকাঃ ইয়াৰ আগতে ক’ম, ব্যঙ্গ সাহিত্যও মই লিখিছো৷ যেনে বাঘ বন্দীৰ খেলা, নাৰী তুমি অনন্যা আৰু দুই এখন৷ ৰহস্য সাহিত্য আৰু ব্যঙ্গ সাহিত্যক তথাকথিত সাহিত্যিকসকলে অপসাহিত্য বুলি ভাবে চাগে৷ চুলেই জাত যাব৷ পাঠকৰ মন পায়, মান নাপায়। সেইকাৰণে মই নিজকে কওঁ আমি হৰিজন সাহিত্যিক৷

ফটাঢোলঃ আৰু এটা কথা শুনিছিলো সেইটো কিমান সত্য মই নাজানোঁ, আপুনি বোলে একেলগে তিনি চাৰিখন উপন্যাস চলাই লৈ যাব পাৰে।

ৰঞ্জু হাজৰিকাঃ এতিয়া আজিকালি সিমানখিনি নাই।উৎপল দত্ত, এতিয়া আকাশবাণীৰ ডাইৰেক্টৰ, তেওঁ নিজে আহি সেই সময়ত চাই গৈছিলে। মই এখন লিখি আছোঁ, তোমাক ক’লো এখন দেশত এজন ৰজা আছিল, তেওঁক ক’লো**** পিষ্টলটো হাতত তুলি ল’লে। তোমাক ক’লো ভাত খাই উঠি হাতত বন্দুকটো লৈ বাঘ চিকাৰ কৰিবলৈ গ’লো। মই আকৌ লাইনটো লিখি তোমাক ক’লো ৰজাৰ তিনিজনী পত্নী আছিল । আৰু তাত তেওঁ পিষ্টলটো লৈ দেখে তাত এটাও গুলি নাই। বাঘ চিকাৰলৈ গৈ তেও একো নাপায় ঘুৰি আহিল। মোৰ এনেকৈ একেলগে গোটেইখিনি মনত থাকে।

ফটাঢোলঃ  আমি জনাত আপুনি জ্যোতিষ শাস্ত্ৰৰো চৰ্চা কৰে। ইয়াৰ প্ৰতি কেতিয়া,কিয় আৰু কেনেদৰে আকৃষ্ট হ’ল ক’বনেকি?

ৰঞ্জু হাজৰিকাঃ এইটো এটা ৰহস্য। বিয়াৰ আগৰ কথা।ম‌ই প্ৰথম যেতিয়া চাহ বাগিচাত চাকৰি কৰি আছিলোঁ।ম‌ই তেতিয়া এই বিষয়ৰ সম্পূৰ্ণ বিপক্ষত আছিলোঁ। ম‌ই ভাবিছিলোঁ এইবিলাকৰ দ্বাৰা একো নহয়। কিন্তু আজিকালি বহুতেই যিদৰে বিপক্ষে লিখিবলৈ গ’লে লিখিয়েই দিয়ে ভৰভৰকৈ; ম‌ই তেনে কৰা নাছিলোঁ। এজন মানুহ বা কিবা এটা নজনা-নুশুনাকৈ বদনাম গোৱাটো ঠিক নহয়। Study কৰিব লাগিব বস্তুটো কি? ময়ো জ্যোতিষ শাস্ত্ৰৰ ওপৰত Study কৰিলোঁ। Study কৰি ভাবি আচৰিত হ’লো যে সেইসময়ৰ ইমান লব্ধপ্ৰতিষ্ঠ বিখ্যাত প্ৰতিথযশা ঋষি-মুনি সকলৰ সত্য সাধনাৰ ওপৰত এইবোৰ প্ৰতিষ্ঠিত, সেইখিনি ম‌ই এক টিলিকিতে কেনেকৈ উৰাই দিব পাৰোঁ! অসম্ভৱ কথা এইটো! (তেওঁলোকেনো সেই সময়ত গ্ৰহ নক্ষত্ৰ ক’ত,ৰোহিনী ক’ত,কেনেকৈ জানিলে ?Without any scientific instrument. সেইসময়ত আছিল যদিও নাজানো বাৰু! এতিয়াতো বহু শক্তিশালী টেলিস্কোপ ওলাইছে আৰু তাৰ ওপৰত ভিত্তি কৰিহে বিজ্ঞানীসকলে গৱেষণা কৰি ক’ব পাৰিছে। কিন্তু তেতিয়াৰ দিনতে তেওঁলোকে গ্ৰহৰ অৱস্থানো গম পাইছিল।)

মানুহৰ চাৰিশ বত্ৰিছ লাখ বছৰ ব্ৰহ্মাৰ এদিন এৰাতি। সেই নক্ষত্ৰটো যিটো ব্ৰহ্ম সেইটোৰ পৰা পৰা পোহৰ আহি পৃথিৱীত পৰোঁ‌তে চাৰিশ বত্ৰিশ লাখ বছৰ লাগে। আইনষ্টাইনৰ টাইম কালৰ যিটো theory, সেইটোৰ মতে পোহৰৰ গতি বেগতকৈ আগত যদি কিবা এটা প্ৰাণী তালৈ পঠাই দিয়া যা‌য় তেন্তে তাৰ এদিন এৰাতি আমাৰ চাৰিশ বত্ৰিশ লাখ বছৰ পাৰ হৈ যাব। গতিকে অকল গ্ৰহ-নক্ষত্ৰ বুলিয়েই নহয়, এনে বহু কথাই জ্যোতিষ শাস্ত্ৰৰ পৰা জানিব লগা আছে। সেয়ে মোৰো ধাউতি বাঢ়িল আৰু বিভিন্ন শাস্ত্ৰ পঢ়িবলৈ ধৰিলোঁ।অকল হিন্দুৰ ধৰ্মশাস্ত্ৰখিনিয়েই নহয়। ম‌ই আন আন শাস্ত্ৰ‌ও পঢ়িলোঁ। ইংৰাজ সকলৰো(তেওঁলোকে আনৰ পৰা ধাৰ কৰাই হ‌ওঁক লাগে) আছে। মিছৰীয় সভ্যতাৰো আছে।

মুঠতে বহু কথাই জানিব লগা আছে জ্যোতিষ শাস্ত্ৰৰ ওপৰত; উপৰা-উপৰিকৈ চাই লিখাটো ইমান সহজ কথা নহয়। বিপক্ষে লিখিবলৈ যোৱা বিষয়টো এনেদৰে অধ্যয়ন কৰোঁতে কৰোঁতেই তাৰ প্ৰতি আকৃষ্ট হ’লো। ভূত বোলা বস্তুটো অকল অসমীয়া সমাজতে নাইতো। পৃথিৱীত এনেকুৱা এটা জাতি নাই য’ত ভূত শব্দটো নাই।

ফটাঢোলঃ আপুনি বোলে ভূত দেখিছিলে ,হয়নে?

ৰঞ্জু হাজৰিকাঃ সেইটো হয় বাৰু। কিন্তু প্ৰমাণ দিব নোৱাৰো। মানুহে মোক পাগলহে বুলিব। কাহিনীবিলাক মনে সজা বুলি ক’ব।

ফটাঢোলঃ  অলপ ক‌ওঁকচোন।

ৰঞ্জু হাজৰিকাঃ ম‌ই যেতিয়া প্ৰথম ভূত দেখিছিলোঁ; তেতিয়া ম‌ই ইমান কিতাপ -পত্ৰ লিখা নাছিলো।লিখিছিলো আৰু কেইখনমান‌। বাগানতে চাকৰি কৰি আছো। বিশাল ঘৰ এটাত অকলে থাকো। লগত চাৰ্ভেন্ট আছে। ম‌ই যিখন ওৱালৰ কাষত শুও, তাৰ এফালে এখন খিৰিকি আছে, যিখনেদি বাহিৰলৈ চাব পাৰি। বাহিৰত জামু গছ এজোপা আছে আৰু চেগুন গছো আছে। এখন দুৱাৰেদি লেট্ৰিন-বাথৰূমলৈ যাওঁ।এখনেৰে বাহিৰলৈ যাব পাৰি আৰু এখন আছে যিখনেৰে বনকৰা মানুহজন মোৰ ৰূমলৈ আহে আৰু সেইখন প্ৰায়ে বন্ধ হৈয়ে থাকে।

সেইদিনা ৰাতি ঠিক দুই বাজিছে। মোৰ আকৌ এটা মুৰ্গী আছিল। সেই সময়ত ম‌ই বেলেগ চৰাইয়ো পুহিছিলো। সেই মুৰ্গীটো আকৌ গঁ‌ৰালত নাথাকে সেই জামুগছ ডালত থাকে। সি কক কক কক কৈ মাতি আছে। ঠিক তেনেতেই বাহিৰৰ দৰ্জা খোলাৰ শব্দ হ’ল। দৰ্জাখন খোল খাওঁতে কেৰ কেৰ কৈ শব্দ হয়। ম‌ই প্ৰথমতে চিত্ৰ নামৰ মোৰ বনকৰা মানুহজন বাহিৰলৈ প্ৰস্ৰাৱ কৰিবলৈ উঠি যোৱা বুলি ভাবিছিলোঁ। মনতে ভাবিলোঁ এই ৰাতিখন সিনো কিয় বাহিৰলৈ প্ৰস্ৰাৱ কৰিবলৈ যাব লাগে। সি হয়তো ফুলনিতে প্ৰস্ৰাৱ কৰিব। গতিকে মই তাক পুৱা ধমক দিব লাগিব। এনেকৈ ভাবি আছোঁ আৰু ঠিক তেনেতে দেখিছোঁ‌ মোৰ ৰূমৰ দৰ্জাখন অলপ অলপকৈ খোল খাইছে। তেনেতে হাত এখনে দৰ্জাখন খামুচি ধৰা দেখিলোঁ। হাতখনৰ আঙুলিত আঙুঠি পিন্ধা আছিল। নীলা লাইটৰ পোহৰত সেই হাতখন গাখীৰৰ দৰে বগা দেখিছিলোঁ। মোৰ আকৌ ভয় লাগিছিল কোনোবা ছোৱালীয়ে মোক ব্লেকমেইল কৰিবলৈ এইবোৰ কৰিছে বুলিহে।এবাৰ ভাবো কোনোবা লেবাৰৰ বদমাছি নেকি বুলি। কত ধৰণৰ চিন্তাযে সেই মূহুৰ্তত মনলৈ আহিছিল।ম‌ই বহি কম্বলখন হাতত লৈ আছোঁ। মোৰ বুকুখন ঢিপঢিপকৈ কঁপিছিল তেতিয়া। তাৰ পিছত হাতখন সোমাই আহিছিল আৰু খাৰু পিন্ধা হাতখনৰ বাহিৰে ম‌ই বেলেগ দেখা নাছিলোঁ। আঠুৱাও তৰা আছিল। হাতখন আহি মোৰ বুকুতে লাগিছিল, মোক যেন কোনোবাই কিবা এটা কৈছে তেনে যেনো শুনিলোঁ। তাৰ পিছত ভয়ত ম‌ই চিত্ৰ বুলি চিঞৰি দিলোঁ। মোৰ চিঞৰত চিত্ৰ উঠি আহিল। চিত্ৰৰ সাহসতে ম‌ই উঠিলোঁ আৰু তাক পানী খাওঁ বুলি ক’লো। ম‌ই কিন্তু তাক ঘটনাটো নক’লো সি ভয় খা‌ই গুচি যা‌ই বুলি লগতে আন বনকৰা মানুহকো পলুৱাই বুলি। তাৰ সাহতেই ম‌ই বাহিৰলৈ আহিলোঁ আৰু দেখিলোঁ বাহিৰৰ লগতে পাকঘৰৰ দৰ্জাও খোল খাই আছে। ম‌ই চিত্ৰক সুধিছিলো কিয় দৰ্জা নাই মৰা বুলি। সি ক’লে যে সি দৰ্জা ভালকৈ মাৰিয়েই শুইছিল। পিছে দৰ্জাখনৰ কথাটো সি ইমান গুৰুত্ব নিদিলে‌।
পিছদিনাখন ম‌ই ওচৰৰ ঘৰত কথাটো কৈছিলোঁ‌। তেওঁলোকে হাঁহিছিল‌।

ফটাঢোলঃ  তেওঁলোকে বিশ্বাস কৰা নাছিল নেকি?

ৰঞ্জু হাজৰিকাঃ নহয় নহয়, তেওঁলোকে বিশ্বাস কৰিছিল। মানুহগৰাকীয়ে কৈছিল,”তোমাকো পাইছে তেতিয়াহ’লে?”

ফটাঢোলঃ  অ’ মানে অকল উপন‍্যাসতেই নহয়,আপোনাৰ জীৱনতো বহুত এডভেঞ্চাৰ ঘটিছে?

ৰঞ্জু হাজৰিকাঃ .. বহুত ঘটিছে।

ফটাঢোলঃ  ছাৰ, যিবিলাক উপন‍্যাসৰ চৰিত্ৰ যেনে ধৰক দেৱজিত হওক বা পবিত্ৰ, এইবিলাকে মানুহৰ মনত কিন্তু ৰৈ গৈছে। আমিও আজিলৈকে নামবোৰ পাহৰিব পৰা নাই। ছাৰ চৰিত্ৰবোৰৰ সমল বাস্তৱভিত্তিক নে সম্পূণ কাল্পনিক?

ৰঞ্জু হাজৰিকাঃ নাই, সম্পূণ কাল্পনিক। কল্পনাৰ চৰিত্ৰ এইবিলাক। বহুতে কয় যে, আছে নেকি তেনেকুৱা। বহুতে ভাবে। যেনেকৈ এতিয়া ‘জেচন’,’পৱন’ মানুহৰ, বহুতৰ মুখে মুখে। সিদিনা ফিনলেন্ডৰ পৰা মানুহ এজন আহিছিল। মোৰ পৰা কিতাপ দুখন লৈ গৈছে, তেওঁ কিবা কৰিব বোলে। ইংলিছত অনুবাদ হোৱা কিতাপ। তেওঁ কৈছে, আপুনি (তেওঁ ইয়াৰে গোলাঘাটৰ,এতিয়া ফিনলেন্ডত থাকে) নাজানে, আমি ইয়াত ঢকোৱা বান্ধি উৰিবলৈ চেষ্টা কৰিছিলো, ‘জেচনৰ’ দৰে(হাঃহাঃহা), পথাৰত গৈ…. এইবিলাক। মনটো মোৰ ভাল লাগে আৰু….। আৰু এবাৰ ইয়াতে মানে, এজন মানুহৰ লগত ফুৰিবলৈ যাওঁতে, শিৱসাগৰত দেখিলো ‘জেচন ক্লাৱ’ খুলিছে।

ফটাঢোলঃ  ব‍্যক্তিগত কথা আগতেও সুধিলোঁ‌ । আৰু এটা সোধো, আপোনাৰ প্ৰেৰণাৰ উৎস কি? কোৱা হয় যে প্ৰতিজন সফল ব‍্যক্তিৰ আৰঁত এগৰাকী নাৰী থাকে।

ৰঞ্জু হাজৰিকাঃ এইটো সঁচা কথা অৱশ‍্যে। একেবাৰে সঁচা কথা। হা‍ঁহি উঠা কথাও থাকে যে, প্ৰতিগৰাকী সফল ব‍্যক্তিৰ আৰঁত সেই নাৰীগৰাকী থিয় হৈ দিয়েহি।( হাঃহাঃহাঃ)।

ফটাঢোলঃ  বৰ্তমান বহুতে ফেচবুকৰ জৰিয়তে সাহিত্য চৰ্চা কৰা দেখিবলৈ পোৱা যায়। বহুতে ইতিবাচক দৃষ্টিভঙ্গীৰে চায়, কিছুসংখ্যকে নেতিবাচক দৃষ্টিভঙ্গীৰেও চায়, আনকি পেপাৰে পত্ৰয়ো আমি এই বিষয়কলৈ সমালোচনা পঢ়িছো। এই সম্পৰ্কে আপুনি কি ক’ব?

ৰঞ্জু হাজৰিকাঃ এতিয়া যুগ সাপেক্ষে সকলো সলনি হয়। সময়ে বহুতকে সলনি কৰে আৰু ফেচবুকতেই তেওঁলোকে বহুত সময় কটাই দিয়ে৷ যিহেতু হাতত কাগজ কলম লোৱাৰ সময় নাথাকে । মোৰ বোধেৰে এটা কথা আমি কাগজ কলমৰ জৰিয়তে যিমানখিনি প্ৰকাশ কৰিব পাৰো, সেইটো ফেচবুকত সম্ভৱ নহবও পাৰে। মই এটা গল্প এইখিনিত এটা ভুল হ’ল, মই কাটি নতুনকৈ সেইখিনি কৰি ল’লো, তাৰ পাছতহে পাঠকৰ মাজলৈ গুচি যায়। কেতিয়াবা সেইটো নহয়তো, লিখি গ’ল আৰু তাক উলিয়াই দিলে, তাক আৰু দ্বিতীয়বাৰ চাবলৈ সময়ো নাথাকে, সুযোগো নাথাকে আৰু ইয়াৰ ভিতৰত কিছুমান ..মই নাজানো চাইন্সে কি কয়, ভবিষ্যতে মানৱজাতিৰ অলপ সমস্যাৰ সৃষ্টি কৰিব নেকি! মানসিক দিশত। স্বাভাৱিকতে অসমৰ বাহিৰত কিমান জনপ্ৰিয় হৈছে নাজানো …কিন্তু ইংৰাজী সাহিত্য,  বেঙ্গলৰ সাহিত্যতো এতিয়াও ছপা মাধ্যমতে ভালেসংখ্যক কিতাপ প্ৰকাশ কৰি আছে৷ এইটো কেৱল অসমীয়া সাহিত্যতহে বেছি নেকি ?

ফটাঢোলঃ অসমীয়া সাহিত্যত হোৱাৰ কাৰণটো কি বুলি ভাবে বাৰু ? বহুতো লেখক বা নৱপ্ৰজন্মই লেখা মেলা কৰিবৰ বাবে ফেচবুকেই বাছি লৈছে, তাৰ কাৰণটো কি হ’ব পাৰে?

ৰঞ্জু হাজৰিকাঃ অনলাইনত প্ৰত্যক্ষভাৱে কিছুমান পাঠক পায়, লগে লগে লাইক কৰা আনলাইক কৰা মানুহখিনি পায়। সেইটো সকলোৱেই বিচাৰে। এই ধৰা, মই এখন কিতাপ লিখিলো, কিমানে পঢ়ি ভাল পালে বা নাপালে মই গম নাপালো।

ফটাঢোলঃ আৰু এটা কথা, বৰ্তমান দেখিবলৈ পোৱা যায় নৱপ্ৰজন্মই হওঁক বা বয়োজ্যেষ্ঠসকলেও ফেচবুক, ৱাটচ এপ বা ইন্টাৰনেটত  বেছি সময় পাৰ কৰে। আপুনি ভাবে নেকি সেই কাৰণে অসমীয়া সাহিত্য পঢ়া বা অসমীয়া কিতাপ পঢ়া মানুহ কমি গৈছে?

ৰঞ্জু হাজৰিকাঃ বহুত, আমাৰ প্ৰশাসক সকলেই কয়৷  এতিয়া ল’ৰা-ছোৱালীবিলাকেই আনকি ম’বাইল হাতত লৈ বেছি সময় কটাই দিয়ে৷ সিহঁতে পঢ়িব কোন সময়ত? আমি এতিয়া অসমীয়া সাহিত্য, শিশুসাহিত্য লিখিবলৈ ভয়েই লগা হৈছে। লাহে লাহে এইটো বস্তুত, বেছিভাগ ল’ৰা ছোৱালীয়েই  ইংৰাজীৰ প্ৰতি ঢাল খাইছে, মানে ইংলিছ মিডিয়ামতহে পঢ়ে। সেইফালৰ পৰাও কমি গৈছে, যিখিনিয়ে অসমীয়া মিডিয়ামত পঢ়ে সেইখিনিয়েও ম’বাইল লৈয়েই দিনটো ব্যস্ত হৈ থাকে।

ফটাঢোলঃ আপোনাৰ বহুত সময় ল’লো। সদৌ শেষত আপোনালৈ ধন্যবাদ জনালোঁ‌ আমাক এনেদৰে আপোনাৰ বহুমূলীয়া সময় দিয়াৰ বাবে।

ৰঞ্জু হাজৰিকাঃ মোৰো ভাল লাগিল। ধন্যবাদ।

 

☆★☆

10 Comments

  • ভাল লাগিল প্ৰিয় সাহিত্যিকজনৰ কথাখিনি

    Reply
  • উত্তৰা

    ভাল লাগিল, যিজন ব্যক্তিৰ কিতাপ পঢ়ি সৰুৰে পৰা কল্পনাৰ সাগৰত উটি ফুৰো, বিছা পঢ়ি আজিও বিছা দেখিলে ত্ৰাহি-মধুসুধন সোঁৱৰো তেওঁৰ বিষয়ে ইমাধখিনি জানি।

    Reply
  • Krishnaa

    আগতে ঢেকীয়া খোৱা নামঘৰলৈ যাওঁ কেৱল ৰঞ্জু হাজৰিকাৰ ৰহস্য উপন্যাস কিনিব পোৱাৰ আশাত। কাৰণ আমাৰ তাত দোকান নাছিল আৰু যি এখন দুখন আছিল, কেবল কৰ্চৰ কিতাপহে কিনিব পাইছিলো।

    মই ছোৱালী বুলি ভবা নাছিলো যদিও ৰিজু হাজৰিকা দেবৰ কোনোবা হয় বুলি ভাবি আছিলো।

    খুউব ভাল লাগিল প্ৰিয় লেখক জনৰ বিষয়ে জানিব পাই।

    Reply
  • ব্যংগই পাঠকৰ মন পায়, মান নাপায়! কথাষাৰে ভবাই তুলিলে৷ সাক্ষাৎকাৰটো পঢ়ি মন ভৰি গ’ল৷ প্ৰিয় লেখক জনক ওচৰৰ পৰা চিনাকী কৰি দিয়া বাবে বহুত ধন্যবাদ৷

    Reply
  • সাহিত্যিক গৰাকীৰ বিষয়ে জানিব পায় ভাল লাগিল।

    Reply
  • Rupam Nath

    এখেতৰ বিষয়ে মই ইয়াৰ আগতে অলপ অচৰপ জনাৰ সুযোগ এটা পাইছিলো৷ মোৰ মনটো চিত্তাকৰ্ষক কৰি তোলা এজন ব্যক্তি৷ বহুতে ভবাৰ দৰেই মইও এখেতক ছোৱালী বুলিয়েই ভাবিছিলো৷ ফটা-ঢোলৰ প্ৰশাষকলৈ এটি অনুৰোধ, সাক্ষাৎকাৰৰ অডিঅ ভাৰ্চনবোৰ আপলোড কৰাৰ ব্যৱস্থা কৰিব নোৱাৰেণে৷ বিষয়টো আপোনালোকে বিবেচনা কৰি চাবচোন৷ জয়তু ফটা-ঢোল৷

    Reply
  • Rintumoni Dutta

    ব্যংগই পাঠকৰ মন পায়, মান নাপায়! কথাষাৰে ভবাই তুলিলে৷

    খুউব ভাল লাগিল প্ৰিয় লেখক জনৰ বিষয়ে জানিব পাই।

    Reply
  • Rajib Anand Bhattacharyya.

    ভাল লাগিল | ৰঞ্জু হাজৰিকাৰ প্রতি আমাৰো বৰ প্রিয় | প্রেম নাৰায়নৰ বহু কেইখন কিতাপ পঢ়িছিলো , লগতে হাজৰিকা দেৱৰ লিখনি বেছিভাগ বিস্ময়ৰ পাতত পঢ়িছিলো |

    Reply
  • শঙ্কৰ জ্যোতি বৰা

    সুন্দৰ৷মই পবিত্ৰ বা দেৱজিতীৎতকৈ অমলকৃষ্ণ হোৱাৰ সপোন দেখিচিলো শৈশৱত৷চাৰৰ কথাবোৰ জানি বৰ ভাল লাগিল৷

    Reply
  • অমৰ জো্‌তি তালুকদাৰ

    পি্‌য় সাহিত্যিক জনৰ বহুত নজনা কথা জানিব পাৰি সচাঁকৈয়ে বহুত ভাল লাগিল ।‌

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *