ফটাঢোল

সাধনাৰ বিকল্প নাই – ডা° অঞ্জনজ্যোতি চৌধুৰী

সপোনত কাহানিও ভবা নাছিলোঁ যে মোৰ গান শুনি মহাবিদ্যালয় এখনৰ কেইবাশও ছাত্ৰ ছাত্ৰীয়ে বহা আসনৰ পৰা উঠি মোৰ সৈতে একেলগে গান গাবলৈ ল’ব। নগাঁও পুৰণিগুদামৰ ড° বিৰিঞ্চি কুমাৰ মহাবিদ্যালয়ৰ নবাগত আদৰণী সভালৈ বিশিষ্ট অতিথিৰূপে গৈছিলোঁ। ভাষণৰ মাজতে এটা ভূপেন্দ্ৰ সংগীত গালোঁ। ছাত্ৰ ছাত্ৰী আৰু অধ্যাপক অধ্যাপিকা সকলৰ অনুৰোধত এটাৰ পিছত এটাকৈ পাঁচটা গান গাব লগা হ’ল। ছাত্ৰ ছাত্ৰী, শিক্ষাগুৰুসকলেও গান গাওঁতে মোৰ লগত সহযোগ কৰা বাবে উলাহে হিয়া নধৰা অৱস্থা হ’ল। মন প্ৰাণ শাত পৰি গ’ল। সেইদিনা সভাৰ শেষত এটা ফৰকাল মন লৈ গুৱাহাটীলৈ উভতিলোঁ। গোটেই বাটছোৱাতে মোৰ সেইদিনাৰ সভাখন আৰু লৰালি কালৰ কিছুমান কথাই বাৰে বাৰে ভুমুকি মাৰিবলৈ ধৰিলে। মই সভাখনত ভাষণ প্ৰসংগত কৈছিলোঁ যে যিকোনো লক্ষ্যত উপনীত হ’বলৈ ছাত্ৰ ছাত্ৰীসকলে কঠোৰ সাধনা কৰিব লাগিব। মোৰ নিজৰেই উদাহৰণ দাঙি ধৰি কৈছিলোঁ যে সৰুতেই মোৰ গানৰ প্ৰতি থকা আগ্ৰহ দেখি মোক মা -দেউতাই গান শিকিবলৈ বহু জনপ্ৰিয় শাস্ত্ৰীয় সংগীতৰ গুৰুৰ ওচৰলৈ লৈ গৈছিল। তাহানিতেই শাস্ত্ৰীয় সংগীত শিকিবলৈ সোণালী সুযোগ পাইছিলোঁ। কিন্তু মোৰ ধৈৰ্য্যৰ অভাৱৰ বাবে সাধনা কৰিবলৈ মন নগৈছিল। শাস্ত্ৰীয় সংগীতৰ স্বৰ সাধনা কৰিবলৈ একেবাৰে ধৈৰ্য্য নাছিল। সেয়ে দুদিনমান শিকিয়েই মই গান শিকিবলৈ এৰি দিলোঁ।

মই যেতিয়া নৱমমান শ্ৰেণীত পঢ়িছিলোঁ সেই সময়ৰ কথা এটা মনত পৰিল। সেই সময়ত মোৰ লগত প্ৰায় সকলো সময়তে খালেক থাকে। খালেক মানে এতিয়াৰ ডা° খালেকুজ জামান। আমাৰ দুয়োৰে তেতিয়া জনপ্ৰিয় গায়ক হ’বলৈ বৰ হেঁপাহ। এদিন প্ৰখ্যাত ফটোগ্ৰাফাৰ মনোজ দত্তই আমাক ক’লে ‘তহঁতেতো শাস্ত্ৰীয় সংগীত নিশিকিলি। কিন্তু গান বাজানৰ প্ৰতি তহঁতৰ বৰ ৰাপ। তহঁতে এটা কাম কৰ। খুব পুৱাই উঠি নিয়ৰ পৰি থকা বননিত খালী ভৰিৰে থাকি হাৰমনিয়াম এটা লৈ গান গোৱাৰ অভ্যাস কৰ। তহঁতৰ মাত ভাল হৈ যাব। বহু ওপৰৰ স্কেলত গান গাব পাৰিবি। গধূলি সময়ত পুখুৰীৰ পানীত গাটো ডিঙিলৈকে ডুব যোৱাকৈ থৈ কেৱল মূৰটো পানীৰ ওপৰত উলিয়াই থৈ সা, ৰে, গা, মা, পা, ধা, নি, সা বুলি গাই গাই ৰেৱাজ কৰি থাকিবি। তেনেকৈ এমাহমান চিঞৰি চিঞৰি গাই থাকিলে তহঁতৰ মাত বহুত মিঠা হৈ যাব। গান গাই জনপ্ৰিয় হ’ব পাৰিবি। তেখেতৰ কথামতে পিছদিনাৰ পৰাই আমি হাফপেণ্ট পিন্ধি খালী গা আৰু খালী ভৰিৰে গুৱাহাটীৰ লতাশিল খেলপথাৰৰ এচুকত বহি লৈ চিঞৰি চিঞৰি গান গাবলৈ ধৰিলোঁ। ৰাতিপুৱা পোহৰ হওঁ হওঁ হৈছে। অলপ সময় গোৱাৰ পিছত কোনোবা এজনে আমাৰ হাৰমনিয়ামটোৰ ওপৰত আঠ অনা পইচা এটা দলিয়াই দি গ’ল। পইচাটো কিয় দিলে বুজিব নোৱাৰিলোঁ। অলপ পিছত দুগৰাকী আদবয়সীয়া মহিলাই আমাৰ ফালে চাই বৰ দুখ কৰিলে দুয়োৰে মাজৰ কথোপকথন আমাৰ কাণত পৰিল “বেচেৰা ল’ৰা দুটা চাগে সঁচাকৈয়ে বৰ অভাৱত পৰিছে। নহ’লে ইমান পুৱাতে গান গাই গাই কিয় ভিক্ষা খুজিব? মাক দেউতাক নাই চাগে ভগৱান ইমান নিষ্ঠুৰ হ’ব লাগেনে?” এইবুলি কৈ দুয়োজনে ৰুমালৰ গাঁঠি খুলি দিওঁ নিদিওঁ কৰি চাৰিঅনা চাৰিঅনা পইচা হাৰমনিয়ামটোৰ ওপৰত থ’লে। মোৰ বৰ খং উঠিল। খালেকে ক’লে “খং কৰি লাভ নাই। মুঠতে এটকা পালোঁ। ভালেই হৈছে। ৰামস্বৰূপ মিঠাইৰ দোকানখন খুলিবৰ সময় হৈছে। তালৈকে গৈ পুৰি তৰকাৰী খাই লওঁ ব’ল।” খালেকৰ কথামতে মিঠাইৰ দোকানত পুৰি তৰকাৰী খালোঁগৈ। সেইদিনাই আমি গধূলি হোৱাৰ আগতে যোৰপুখুৰীলৈ গৈ পানীত নামি ডিঙিলৈকে ডুব গৈ কেৱল মূৰটো পানীৰ ওপৰত উলিয়াই সা ৰে গা মা পা ধা নি সা কৈ চিঞৰি থাকিলোঁ। দহ মিনিট মান ৰেৱাজ কৰাৰ পিছত খালেকৰ ছাগে ভোক লাগিল। সি সা-ৰে-গা-মা এৰি ৰসগোল্লা, লালমোহন, চিংৰা আদি খোৱাবস্তুৰ নাম কৈ চিঞৰিবলৈ ধৰিলে এনেকৈ তিনিদিনমান যোৱাৰ পিছত খালেকৰ জ্বৰ হ’ল। ডাক্টৰে পুখুৰীৰ পানীত থকা বাবে ঠাণ্ডা লাগি ‘নিউমনিয়া’ হোৱা বুলি ক’লে। দুদিন চিকিৎসালয়ত থাকিব লগাও হ’ল। আমাৰ গানৰ চর্চা আমি সিমানতে সামৰিলোঁ।

১৯৭২ চন। প্ৰি-মেডিকেল শ্ৰেণীৰ সহপাঠী আৰু শুভাকাংক্ষী বন্ধু বান্ধৱীসকলৰ মৰমৰ দাবীত মই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আন্তঃশ্ৰেণী সংগীত প্ৰতিযোগিতাৰ দুই শাখাত যোগ দিলোঁ। এটা অসমীয়া আধুনিক গীত আৰু আনটো জ্যোতি সংগীত। লগৰ সকলোৱে মই আখৰা কৰোঁতে দিহা পৰামৰ্শ দি আছে৷ ডা° প্ৰফুল্ল ডেকা আৰু ডা° নীতিন বৰুৱা কাষলৈ আহি ক’লে “তুমি দিলীপ শৰ্মাদেৱৰ ওচৰলৈ গৈ জ্যোতি সংগীতটো ভালকৈ শিকি অহা। তেওঁ প্ৰায়েই আবেলি জিলা পুথিভঁৰালৰ সন্মুখৰ বাটেৰে পানবজাৰলৈ যায়৷” কথা মতে কাম। পিছদিনা আবেলি তিনিও গৈ জিলা পুথিভঁৰালৰ সন্মুখত ৰৈ আছোঁ। তেনেতে পাইজামা পাঞ্জাবী পৰিহিত শৰ্মা দেৱ আহি ওলাল। কান্ধত এখন কাপোৰৰ মোনা। লগত আছিল কুইন (সুদক্ষিণা শৰ্মা) বাইদেউ। মই আগুৱাই গৈ বাটেতে তেওঁলোকক মাত দিলোঁ। মই গাবলৈ ওলোৱা জ্যোতি সংগীতটোৰ সুৰটো শুদ্ধ আছেনে নে নাই তেখেতক সুধিলোঁ আৰু মই যে চিকিৎসা বিজ্ঞানৰ ছাত্ৰ সেইটোও জনালোঁ। তেওঁ মোৰ গায়ে মূৰে হাত বুলাই বাটতে গীতটো গাই শুনালে আৰু ক’লে, “তোমাৰ জ্যোতিসংগীতৰ প্ৰতি থকা ৰাপ দেখি মই কিমান যে আনন্দ পাইছোঁ বুজাব নোৱাৰোঁ। মোৰ আৰু ভাল লাগিছে এই কাৰণেই যে তুমি চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ হৈয়ো নিজৰ মাটিৰ গোন্ধ থকা গান শিকিবলৈ লৈছা। মাটিৰ গোন্ধ থকা গান গালে ৰাইজে তোমাক সদায় আদৰি ল’ব। তুমি মোৰ ঘৰলৈ আহিবা, মই তোমাক শুদ্ধ স্বৰলিপিৰে জ্যোতি সংগীত শিকাই দিম।” মোৰ নিজকে দোষী দোষী যেন লাগিল। মই যে কেৱল প্ৰতিযোগিতাত যোগ দিবলৈহে গীতটো শিকিছোঁ, সেইটো কৈ তেওঁলোকৰ মনত দুখ নিদিলোঁ। প্ৰতিযোগিতা হৈ গ’ল। মই অসমীয়া আধুনিক গীত আৰু জ্যোতিসংগীত দুয়োটা শাখাতে প্ৰথম হ’লোঁ। হঠাৎ গায়ক হৈ গ’লোঁ। সভাই সমিতিয়ে, বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত গান গাবলৈ আৰম্ভ কৰিলোঁ। কিন্তু কোনোদিনে ক’তো শ্ৰোতা দৰ্শকে নিজৰ মাজতে কথা বতৰা পাতি হা-হুমুনিয়াহ বাঢ়ি থকাহে দেখা পাওঁ।

দিলীপ শৰ্মাদেৱে কোৱা কথাষাৰ মনত পৰিল -“নিজৰ মাটিৰ গোন্ধ থকা গান সদায় আদৰি লবই।” কিন্তু মাটিৰ গোন্ধ থকা গান কেনেকুৱা হ’ব পাৰে তাৰ কোনো সম্যক ধাৰণা মোৰ আৰু মোৰ বন্ধু বান্ধবীবোৰৰ নাছিল। ডা° প্ৰেমানন্দ শৰ্মাই ক’লে “যিটো মাইক্ৰফোন লৈ গান গাবি, তাত অলপ মাটি সানি দিবিচোন। তেতিয়া তই গান গাই থাকোঁতে তোৰ মুখৰ বতাহ লাগি মাটিৰ গোন্ধ নিশ্চয় বিয়পি যাব।” কথামতে কাম। গান গোৱাৰ আগতে মাইক্ৰফোনত মাটি লগাই লগাই চালোঁ। কিন্তু তথাপিও ৰাইজৰ কোনো ভাল সঁহাৰি নোপোৱা দেখি ডা° চিত্ৰলেখা দাসে ক’লে, “অলপ গোবৰ মিহলি থকা মাটি সানি চাবিচোন। তেতিয়াহে গোন্ধ ভালকৈ ওলাব। তেতিয়াহে চাগে তোৰ গান ভাল হ’ব।” এদিন বিখ্যাত শব্দযন্ত্ৰী অচ্যুত বিষয়াই মোক আহি সুধিলে, “ভাইটি তুমি গান গোৱাৰ পিছত মাইক্ৰফোনটো গোবৰ গোবৰ গোন্ধাই। কিয় এনে হয় মই বুজিবই পৰা নাই।” ময়ো ভয়তে একো নজনাৰ ভাও ধৰি মায়ক্ৰফোনত আৰু কেতিয়াও মাটি নলগাওঁ বুলি শপত খালোঁ। ঘৰলৈ গৈ দেউতাক (লক্ষ্যধৰ চৌধুৰী) মাটিৰ গোন্ধ থকা গান মানেনো কি সুধিলোঁ। তেতিয়া দেউতাই কোৱা মনত পৰে, “এই যে আমাৰ অসমৰ বৰগীত, বনগীত, লোকগীত, জ্যোতিসংগীত এনেধৰণৰ গান বোৰেই নিজৰ মাটিৰ গোন্ধ থকা গান। যি সকলে নিজৰ মাটিৰ গোন্ধ থকা সাহিত্য সংস্কৃতিৰ সাধনা কৰে তেওঁলোক হ’ল খেতিয়ক শিল্পী আৰু যি সকলে আনৰ সাহিত্য সংস্কৃতিৰ সাধনা কৰে তেওঁলোক হ’ল অধিয়াৰ শিল্পী। মঞ্চত গান গাই ৰাইজৰ বাঃ বাঃ পাবলৈ মোৰ সৰুৰে পৰা হেঁপাহ। সময়ত শাস্ত্ৰীয় সংগীত নিশিকি যি ভুল কৰিছিলোঁ তাৰ ফল মই হাতে হাতে পালোঁ। গান গাই জনপ্ৰিয় হ’ব নোৱাৰিলোঁ।

সেইবাবে যোৱা কেইবছৰমান পৰা মই শাস্ত্ৰীয় সংগীত শিকিবলৈ লৈছোঁ। শাস্ত্ৰীয় সংগীতত দখল থাকিলে উচ্চস্বৰত গান গাবলৈ সুবিধা হয়। যোৱা কেইবছৰমানৰ পৰা মই শাস্ত্ৰীয় সংগীতৰ গুৰুৰ ওচৰত স্বৰসাধনা কৰিবলৈ লৈছোঁ। সাধনাৰ ফল কিছু হ’লেও পাইছোঁ। যোৱা কেইবছৰমানৰ ভিতৰতে ভূপেন্দ্ৰ সঙ্গীত পৰিবেশন কৰিবলৈ কলকাতাৰ “অসমীয়া সাংস্কৃতিক সংস্থাই” কলকাতালৈ মাতিলে। লণ্ডনৰ “শ্ৰীমন্ত শংকৰদেৱ ইণ্টাৰনেছনেল কালচাৰেল চেণ্টাৰে” লণ্ডনলৈ ড° ভূপেন্দ্ৰ হাজৰিকাদেৱৰ গীত পৰিবেশন কৰিবলৈ মাতিলে। স্বৰ সাধনা কৰি থকাৰ বাবে দুয়ো ঠাইতে শ্ৰোতা দৰ্শকৰ মৰম বুটলিবলৈ সক্ষম হ’লোঁ। এই কথাবোৰ মই আজিকালি বিদ্যালয়, মহাবিদ্যালয়ৰ সভালৈ মাতিলেই ছাত্ৰ-ছাত্ৰীসকলে ক’বলৈ লৈছোঁ যাতে নতুন প্ৰজন্মৰ শিল্পীসকলে মই অতদিনে কৰি অহা ভুলটো নকৰে। সময়ৰ কাম যাতে তেওঁলোকে সময়তেই কৰে। পলমকৈ হ’লেও মই বুজি পাইছোঁ যে সাধনাৰ বিকল্প নাই।

☆★☆★☆

4 Comments

  • ৰাস্না বৰা

    বৰ ভাল লাগে আপোনাৰ নিভাঁজ কথা বতৰা বোৰ।

    Reply
  • ৰাজশ্ৰী শৰ্মা

    বহুত ভাল লাগিল চাৰ আপোনাৰ কথাখিনি।

    Reply
  • Anonymous

    ভাল লাগিল ছাৰ৷৷৷

    Reply
  • জয়ন্ত দাস

    বৰ ভাল লাগিল৷ আপ্লুত হলো

    Reply

Leave a Reply

Your email address will not be published.